অসমীয়া এটা স্বয়ংসম্পূর্ণ জাতি (-জ্যোতি প্ৰকাশ নাথ )

প্ৰায় পোন্ধৰশ দর্শকেৰে ভৰি পৰা এটা পেক্ষাগৃহ। কহিনুৰ থিয়েটৰৰ মঞ্চত মঞ্চস্থ হ’ব নাট্যকাৰ অভিজিৎ ভট্টাচার্য্যৰ এখনি সামাজিক নাট “হিয়াত এপাহি ফুল”! মূল আকর্ষণ আভিনেতা তপন দাস আৰু মোহময়ী অভিনেত্ৰী আঙুৰলতা। জ্যোতিনগৰ স্প’ৰ্ট ক্লাবৰ উদ্যোগত ছেপ্তেম্বৰ মাহৰ ২২, ২৩ আৰু ২৪ তাৰিখত গুৱাহাটীৰ চান্দমাৰীত চলি থকা কহিনুৰ থিয়েটাৰৰ দুটা দর্শনি উপভোগ কৰাৰ আমাৰ সৌভাগ্য হৈছিল শ্ৰদ্ধাৰ উত্তম দাদাৰ কৃপাত। কাকতে-পত্ৰই ইতিমধ্যেই এখনি মঞ্চসফল সামাজিক নাট বুলি প্ৰতিষ্ঠা হোৱা “হিয়াত এপাহি ফুল” নাটখনেই আমাৰ মূল লক্ষ্য আছিল যদিও তলে তলে তপন দাসৰ অভিনয়েহে যে পেক্ষাগৃহলৈ আকর্ষণ কৰিছিল তাক আমি কোনোপধ্যেই নুই কৰিব নোৱাৰো। সেয়ে প্ৰথম দর্শনিৰ “জেদ” নাটকখনো উপভোগ কৰাত কোনো কার্পণ্য কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিলো ব্যক্তিগত অসুবিধাকো নেওচি।

সমাজৰ চলিত সমস্যাৰ আঁত ধৰি বিনোদনধর্মী কাহিনী এটাক সুন্দৰ পৰিচালনাৰে উপস্থাপন কৰিব পৰাটো নাট্যকাৰ অভিজিৎ ভট্টাচার্য্যৰ অনন্য কৃতিত্ব বুলিয়েই ক’ব লাগিব। নিজৰ পুতেকৰ স্কুল ফিজেৰে যিজন মানুহে মদ খাব পাৰে আৰু বুঢ়া বাপেকৰ সন্মুখত মদ খইছো বুলি স্বীকাৰ কৰি আৰু কেতিয়াও নোখোৱাৰ মিছা প্ৰতিশ্ৰুতি দি পিছত আকৌ নিজকে উপলুঙা কৰিব পাৰে, সেইজন মানু্হেই যে বিপদত পৰা ছোৱালী এজনীক ন্যায় দিবলৈ সমাজৰ আটাইতকৈ ভয়ংকৰ মানুহজনৰ বিৰুদ্ধে মাত মাতিবলৈও সাহস কৰিব পাৰে এনেকুৱা কাহিনী এটাকে দেখুওৱা হৈছে “জেদ” নাটক খনিত। আশী-নব্বৈ দশকৰ হিন্দী চিনেমাবোৰৰ কাহিনীৰ দৰে কাহিনী কিয় এতিয়াও আমাৰ থিয়েটাৰবোৰে দেখুৱাই আছে তাকেই ভাবি ভাবি নাটক চাবলৈ আৰম্ভ কৰি অলপ অলপ বিৰক্তি অনুভৱ কৰিবলৈ আৰম্ভ কৰোতেই মঞ্চত তপন দাসৰ আভিনয় দেখি তেনেকুৱা চিন্তা মনতেই দমাই ৰাখি ঘটনাপ্ৰবাহত মন দিবলৈ আৰম্ভ কৰিছিলো। এইখিনিতে পাঠকক এটা কথা স্পষ্ট কৰি দিব বিছাৰিছো যে এই লিখাত আমি কহিনুৰ থিয়েটাৰৰ নাটকৰ সমালোচনা আগবঢ়োৱাৰ অকণো প্ৰয়াস নাই কৰা বা তেনে ধৃষ্টতাও আমাৰ নাই। আমি মাত্ৰ দহ বছৰকালৰ পিছত আকৌ এবাৰ ভ্ৰাম্যমানৰ পেক্ষাগৃ্হত বহি হোৱা আনুভৱহে ব্যক্ত কৰিবলৈ বিছাৰিছো। লিখাৰ উদ্দেশ্য লিখাৰ শিৰোনামাই আংশিকভাৱে প্ৰকাশ কৰিবলৈ যত্ন কৰিছে।

স্বনামধন্য আভিনেতা তপন দাসৰ অভিনয়ৰ ক্ষেত্ৰত অসমীয়া নাটক আৰু চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ সততে এটা অভিযোগ শুনা যায়- সেয়া হ’ল তেওঁ সদায় কিয় ইমান ক্ষিপ্ৰতাৰে সংলাপ প্ৰক্ষেপ কৰে! আৰু তাৰ একো ব্যতিক্ৰম নেদেখিলো আজি ইমান বছৰ পিছতো। একেই বলিষ্ঠ অভিনয়, অভিযোজন আৰু শৰীৰৰ ভাষা কিন্তু সংলাপ প্ৰক্ষেপনত অতিৰঞ্জিত ক্ষীপ্ৰতাৰ ফলত অহা জড়তাই কিবা এটা ভাল নলগা পৰিবেশৰ সৃষ্টি কৰিব বিচাৰে। আনকি কেইটামান সংলাপত দুই তিনিটা শব্দ দৃষ্টিকটূভাবে তেওঁ দুবাৰকৈ উচ্চাৰন কৰিবলগীয়া হৈছিল। আৰু সেই একেই ঘটনাৰ পুনৰাবৃত্তি হৈছিল দ্বিতীয় দিনা, আবেগসর্বস্ব বলিষ্ঠ অভিনয়েৰে দর্শকক আপ্লুত কৰা নাটক “হিয়াত এপাহি ফুল” ৰ ক্ষেত্ৰতো। তথাপিও প্ৰতিটো নাট্যমূহুর্তৰ পিছত পৰা দর্শকৰ হাতচাপৰিয়ে এটা কথাই বোধহয় কৈছিল যে- “তপন দাস, আমি আপোনাৰ অভিনয় চাবলৈয়ে আহিছো আজি”। হাঁহি উঠিছিল এটা বিশেষ দৃশ্যত। “হিয়াত এপাহি ফুল” নাটকৰ তৃতীয় নে চতুর্থ অংকত, অভিনেত্ৰী আঙুৰলতাক ফুলশয্যাৰ নিশা মৰম কৰিবলৈ আহোতে নায়িকাই প্ৰত্যাখ্যান কৰাত প্ৰত্যুত্তৰ দি তেওঁ কৰা সংলাপত যেতিয়া জাউৰিয়ে জাউৰিয়ে হাতচাপৰি আৰু সুহুৰিৰ প্ৰকোপত ডয়ল’গ শুনিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছিল, তপন দাসে তেতিয়া হাতেৰে ‘ইচাৰা‘ কৰি দর্শকক অলপ ৰ’বলৈ ইংগিত দিছিল।

এটা পাগলৰো হৃদয়ত মৰম জাগিব পাৰে আৰু সামাজিক বান্ধোন আৰু আত্মস্বার্থপৰতাৰ ফলত মানুহে অসহায় হৈ নিজৰ অতিকে আপোনজনকো কিদৰে আঁতৰাই দিব পাৰে তাৰেই কাহিনী-“হিয়াত এপাহি ফুল”। কোনো মানুহেই নিজৰ নিকটআত্মীয়জন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিও পাগল বুলি ক’ব নিবিচাৰে আৰু যেনেকৈ পাৰে সমাজত এজন সুষ্ঠ মানুহ বুলি দেখুৱাব বিচাৰে-এয়া নির্মম সত্য কথা। হয়তো দুই-এটা ব্যতিক্রম থাকিব পাৰে কিন্তু এনেকুৱা উদাহৰণ সমাজত বিচাৰিলে অলেখ পোৱা যায়। তেনে মানসিক ৰোগী এজনৰ জীৱনৰ লগত সুস্থ-সবল ছোৱালী এজনীৰ জীৱন জোৰ কৰি সাঙুৰি পেলাবলৈ যত্ন কৰিলে সেই ছোৱালীজনীৰ লগতে তাইক সচাকৈয়ে ভাল পোৱা আন কাৰোবাৰ জীৱন ধ্বংস হোৱাটো নিশ্চিত। কাৰোবাক সুখী কৰিবলৈ যাওতে আন কাৰোবাকো যে দুখী কৰিবলগীয়া হ’ব পাৰে কিন্তু সমাজৰ, ঘৰখনৰ বা আপোনজনৰ হিতৰ বাবে কৰা এনেকুৱা কামত সকলোৰে স্বার্থক প্ৰাধান্য দিবলৈ গ’লে যে বিশৃংখলতাৰ সৃষ্টি হয় তাকেই দেখুৱাবলৈ পৰিচালকে যত্ন কৰা যেন লাগিল নাটখনত।

বাৰু যি কি নহওক আমাৰ লিখাৰ উদ্দেশ্য কদাপিও নাটকৰ সমালোচনা নহয় আৰু সেইবাবেই আমি কোনো এখন নাটকৰ কাহিনীৰ উপস্থাপন বা তেনেকুৱা ধৰণৰ আন একো কথা পাঠকক প্ৰত্যক্ষভাৱে জনাবলৈ প্ৰয়াস কৰা নাই। আমাৰ বিনম্ৰ অনুৰোধ, আপোনাৰ হৃদয়ে কলে আৰু সময় সুবিধা পালে নাটক কেইখনি নিশ্চয় উপভোগ কৰিব, কাৰণ আমাৰ মানুহেই অসাধাৰণ কলা-কুশীলতাৰে আমাকেই বিনোদন দিবৰ চেষ্টা কৰিছে আৰু আমিয়ে যদি তাৰ মুল্য নিদিও তেন্তে আন কোনোবাই দিব নেকি! এই কথাখিনি কোৱাৰ মূল উদ্দেশ্য হ’ল নাটকৰ নবীন অসমীয়া অভিনেতা অভিনেত্ৰী সকলৰ সুন্দৰ অভিনয় আৰু নৃত্য পাৰদর্শিতাৰ লগতে ভ্ৰাম্যমানৰ মঞ্চত দেখুওৱা চমৎকাৰ কাৰুকার্য্যতাৰ সলাগ লোৱা আৰু ৰাইজক এই বিষয়ে অৱগত কৰোৱা। আপোনালোকে হয়তো লক্ষ্য কৰিছে, লেখাৰ শিৰোনামা আছিল কিবা বেলেগ কিন্তু ভিতৰত আন কিবা বেলেগহে ওলাইছে দেখোন। আমি কবলৈ বিচাৰিছিলো অসমীয়া এটা স্বয়ংসম্পূর্ণ জাতি। চৌদিশৰ হত্যা,ৱহিংসা আৰু তাতোকৈ ভয়ংকৰ ৰঘুমলাসদৃশ দুৰ্নীতি দেখিলে আমাৰ সমাজখন কেনেকৈ বর্ত্তী থাকিব তাকে ভাবি বৰ অশন্তি অনুভৱ হয়। তাৰ মাজতে আনৰটো বেছি ভাল লগা আৰু আমি তাতেই অভ্যস্ত বুলি জহাই ফুৰা, আচলতে গৌৰৱ কৰাবোৰৰ আশে পাশে সতকাই ঘুৰি ফুৰিবলগীয়া হোৱা বাবে নিজৰ বুলি অৱশেষত একো যে বাচি নাথাকে তাৰ এটা অহেতুক ভয়ে আমাক অনবৰতে খেদি ফুৰে। তেনেস্থলত গুৱাহাটী চহৰৰ মাজমজিয়াত, তাকো চান্দমাৰীৰ নিচিনা মহানগৰীৰ “ম’স্ট হ’ট এণ্ড হেপেনিং” জেগা এখনত এখন অসমীয়া নাটক উপভোগ কৰিবলৈ সহশ্ৰাধিক মানুহ গোট খোৱা দেখি আমাৰ আনন্দে নধৰে হিয়া হ’ল। ইমান বছৰে কথাষাৰ মানে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি অসমীয়া দর্শকৰ আগ্ৰহৰ কথা শুনি আছিলো যদিও নিজ চকুৰে দেখিহে বুজি পালো। লগতে ইয়াকো বুজি পালো যে খাদ্য, বস্ত্ৰ, বাসস্থানৰ বাহিৰেও বিনোদনৰ দৰে আমাৰ আন আন লাগতিয়াল যিকোনো সামগ্ৰীৰেই যোগান ধৰিবলৈ আমাক আন কাৰোৰে আৱশ্যক নাই। আমাৰ প্ৰতিটো প্ৰয়োজনৰে উত্তৰ আমাৰ নিজৰ মাজতেই আছে; আমি একো বিচাৰি ক’লৈকো যোৱাৰ প্ৰয়োজন নাই। আমি অসমীয়া…..আৰু আমি এটা স্বয়ংসম্পূর্ণ জাতি!

 

জ্যোতি প্ৰকাশ নাথ

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments