'অসমীয়া' গঢ়া আৰু মাধ্যম (অৰুণজ্যোতি দাস)

Non-formal-education-centreএই গোটত কি হৈ আছে এইবোৰ ? কোনোজনে যদি বিষ্ণু ৰাভাৰ গীত সংগ্ৰহ কৰাত লাগিছে,আন কোনোজনে আকৌ অসমীয়া ভাষাৰ ঐতিহ্য আৰু বৰ্তমানক লৈ চিন্তিত হৈছে ।কোনোজনে যদি লিপিৰ বাবে যুঁজিছে,আনজনে আকৌ সাহিত্যক বিশ্বজনীন কৰাৰ প্ৰয়াস কৰিছে ।এইবোৰ কিয় কৰিব লাগে ?নকৰিলে নহয় নে?

এইবোৰ এইবাবেই কৰা হৈছে, কিয়নো অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এনে পয়ালগা দিন আৰম্ভ হৈছে যে তাৰ সংৰক্ষণ,প্ৰসাৰণ আৰু জনপ্ৰিয়কৰণৰ সময় আহি পৰিছে বুলি আমি আটাইয়ে বুজি পাইছোহঁক ।আৰু এই কামৰ সফল ৰূপায়নৰ বাবেই আমি লাহে লাহে সকলো মানুহকে ইয়াৰ বিষয়ে অৱগত কৰি হাতে-কামে আগবাঢ়ি যাবলৈ পৰিকল্পনা কৰিছোহঁক ।ইতিমধ্যেই সৰু-ডাঙৰ পদক্ষেপেৰে বহু ক্ষেত্ৰত আমি সফলো হৈছোঁ ।
মই ক’ব খুজিছোঁ, কিয়নো আমি এনে প্ৰচেষ্টা তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ নকৰোহঁক? আৰু কিমান মানুহক বুজাব?মানুহবোৰক নিজে নিজে বুজি পো‌ৱা কৰি নোতোলো কিয়?
হয়।মই বিদ্যালয় স্তৰৰপৰা এজন ‘অসমীয়া’ গঢ় দিয়াৰ কথা কৈছোঁ।সন্তানৰ সু-শিক্ষাৰ বাবে পিতৃ-মাতৃ সচেতন হো‌ৱাটো অতিকেই জৰুৰী কথা। আৰু সমানেই জৰুৰী তেওঁলোকে সন্তানক মাতৃভাষাটোক ভালপাবলৈ শিকো‌ৱাটো, এই দেশৰ সাহিত্য-সংস্কৃতিৰ লগত পৰিচয় কৰো‌ৱাটো তথা বিভিন্ন সামাজিক ৰীতি-নীতি,পৰম্পৰা,উৎস‌ৱত জড়িত কৰো‌ৱাটো ।
এনে প্ৰেক্ষাপটত সন্তানক কি মাধ্যমত পঢ়ু‌ৱাব,সেয়া এটা জটিল প্ৰশ্ন- আজিৰ যুগৰ প্ৰতিজন সচেতন অসমীয়া অভিভা‌ৱকৰ বাবে। অসমীয়া মাধ্যমত পঢ়িলে বাহিৰত গৈ ল’ৰা-ছো‌ৱালীয়ে চাকৰি কৰিব নো‌ৱাৰিব,’স্মাৰ্ট’ হ’বলৈ নিশিকিব,ইংৰাজী ক’ব নো‌ৱাৰিব ।হাজাৰ অভিযোগ! কথাবোৰ সিমান মিছাও নহয় । কিন্তু আমাৰ ব্যক্তিগত অনুভ‌ৱ, অসমীয়া মাধ্যমত পঢ়িলে মূল অসুবিধা হয় ইংৰাজী কো‌ৱাতহে(লিখা-পঢ়াত নহয়) , আৰু তাৰ বাহিৰে অন্য যিবোৰ অতিৰিক্ত গুণ বা প্ৰতিভা বা ব্যক্তিত্ত্ব বিকাশৰ কথা কো‌ৱা হয়,সেয়া অসমীয়া মাধ্যমত পঢ়া ল’ৰা বা ছো‌ৱালী এজনীয়েও অনায়াসে আয়ত্ত্ব কৰি ল’ব পাৰে-যদিহে নিজাববীয়া কিছু প্ৰচেষ্টা লয় তথা অভিভা‌ৱকে মনোযোগ দিয়ে ।এইটো অনস্বীকাৰ্য যে অসমীয়া মাধ্যমৰ যিকোনো বিদ্যালয়তে ইংৰাজী শিক্ষাৰ মান অতিকৈ শোচনীয় আৰু যাৰ ফলস্বৰূপেই অসমীয়া মাধ্যমত খুব সুন্দৰ ফলাফল কৰা ছাত্ৰজনেই উচ্চ-শিক্ষা লাভ কৰিবলৈ গৈ উজুতি খাব লগা হয়,যিয়ে হয়তো কেতিয়াবা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জী‌ৱনত সফলতাৰ এটা অন্তৰায় হিচাপে থিয় দিয়ে ।গতিকে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী শিক্ষাৰ বাবে গুণগতভা‌ৱে পাৰ্গত ইংৰাজী শিক্ষক নিযুক্তি তথা শিকণ-প্ৰণালীৰ সাল-সলনিৰ সময় আহি পৰিছে।
কিন্তু আজিকালি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি অসমৰ চুকে-কোণে পাবত-গজা কিছুমান ইংৰাজী মাধ্যমৰ বিদ্যালয় গঢ়ি উঠা দেখা গৈছে ।ব্য‌ৱসায়িক লাভালাভৰ উদ্দেশ্যেৰে স্থাপন কৰা এনে শিক্ষানুস্থান সমূহে কেনে মানৰ শিক্ষা প্ৰদান কৰিব,সেয়াও এক সন্দেহৰ বিষয় ।অভিভা‌ৱকে ভ‌ৱাৰ দৰেই যে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰিলেই নিজৰ সন্তানে চমকপ্ৰদ ফলাফলেৰে পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব,তেনেও নহয় । অসমৰ বহুতো গাঁও অঞ্চলত আজিকালি এটা এনে প্ৰৱণতা দেখা যায় যে একে গাঁৱৰ আন বহুতৰ দৰে অসমীয়া মাধ্যমত নিজৰ সন্তানক নামভৰ্তি নকৰি চহৰৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰো‌ৱাটো এটা গৌৰ‌ৱৰ বিষয় বুলি চিহ্নিত কৰে ,উচ্চ হাৰৰ মাচুল দিবলৈ লাগিলে তেৰাস‌ৱে দুসাজ লঘোনে থাকিবলৈও সাজু।
এই কথা মই ডাঠি ক’ম যে, অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে চৌপাশৰ পৰি‌ৱেশ বা অইন যি কাৰকৰ বলতেই নহওক কিয়,এনে কিছুমান অনা-বিদ্যায়তনিক শিক্ষা লাভ কৰে,যিবোৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীয়ে কাহানিও লাভ নকৰে । তেওঁলোকে অন্ত:ত চিনি পায়-বিষ্ণুৰাভা সংগীত,বৰগীত,লোকগীত কি বস্তু ।শঙ্কৰদে‌ৱ,মাধ‌ৱদে‌ৱ,জ্যোতি-বি​ষ্ণু,অম্বিকাগিৰি কোন আছিল ।সাহিত্য-জগতৰ কোন কোন তাৰকা অসমীয়াৰ গৌৰ‌ৱ সেয়া অন্ত:ত ক’ব পাৰে ।কীৰ্তন-ঘোষা,নাম-ঘোষা নপঢ়িলেও জানে সেয়া খায় নে পিন্ধে ।
আজি বিদ্যালয়ত পঢ়ি থকা ল’ৰা-ছো‌ৱালীমখাই এদিন আমাৰ সমাজৰ গুৰিধৰোঁতা হ’ব । এইসকলক পোনাই থৈ গ’লেহে আমি দেখা গৌৰ‌ৱময় অসমীয়া ভাষা,সাহিত্য,পৰম্পৰা আৰু সংস্কৃতি জীয়াই থাকি জগতত জ্যোতি বিলাব পাৰিব। অসমীয়া মাধ্যমত পঢ়া বহু ছাত্ৰই খ্যাতি আৰু মেধা অৰ্জন কৰি অসমীয়াৰ নাম উজ্জ্বল কৰিছে ।তেনেস্থলত যদি ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰাৰ প্ৰয়োজনীয়তা সঁচাকেই আছে, তেন্তে সেইবোৰ ৰাজহু‌ৱা হোৱা উচিত । আপুনি যদি আপোনাৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ু‌ৱাই গুণী-জ্ঞানী কৰিব বিচাৰিছে, তেন্তে কিয় বিচাৰে সেয়া জনাওঁক । আমাৰ নদাই-ভদাই সকলো‌কে তেনে সুবিধা লো‌ৱাৰ পৰা বঞ্চিত নকৰিব ,সকলোৱে পঢ়ু‌ৱাওক ।আৰু যদি সঁচাই ইংৰাজী মাধ্যমত পাঠগ্ৰহণ কৰাৰ বাদে আমাৰ গত্যন্তৰ নাই,তেন্তে সেয়াও হৈ উঠক । প্ৰয়োজনসাপেক্ষে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বিধিগত ভা‌ৱে বন্ধ হওক।
কৰ্ণাটক,তামিলনাডুৰ দৰে উন্নত ৰাজ্যত কিন্তু স্থানীয় ভাষাৰহে ব্য‌ৱহাৰ বেছি ।তেওঁলোকে ইংৰাজী নজনাকৈও থকা নাই ।
আমি বিচাৰিছো,এই বিষয়ে বহুল-আলোচনা হওক,বিতৰ্ক হওক আৰু সকলো মাধ্যমৰে যোগেদি এনে আলোচনা সৰ্বসাধাৰণ অসমীয়া মানুহৰ কাণত পৰক।তেওঁলোকে অন্ত:ত বিবেচনা কৰিবলৈ শিকক । যিবোৰ কাৰণত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে সচেতন মহলৰ আস্থা হেৰু‌ৱাইছে,সেয়া পুনৰুদ্ধাৰৰ বাবে আলোচনা হওক আৰু সুস্থ কৰ্মপন্থাৰ সূচনা কৰক । চৰকাৰে কি পদক্ষেপ ল’ব পাৰে,তাৰো আলোচনা হোৱা উচিত ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments