অসমীয়া জন-জীৱনত ৰাখী বন্ধন (ময়ুৰী শৰ্মা)

অসমীয়া জন-জীৱনত ৰাখী বন্ধন

 

ময়ুৰী শৰ্মা

 

 

যোৱা পৰহি ভাইটিসম এজনলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনাওঁতে তেওঁ পোনছাটে এই পৰম্পৰাৰ বিৰোধীতা কৰিলে এটি প্রশ্ন উত্থাপন কৰি – ‘আমি যে অসমীয়া বোৰে বাহিৰৰ সংস্কৃতিক আদৰি থাকো , তেওঁলোকে বাৰু আমাৰ বহাগৰ বিহুটোকে চিনি পাইনে ? বহুতে অসমখনকে চোন চিনি নাপায় ৷ সাংসদ অথবা কেন্দ্ৰীয় মন্ত্ৰী কেইজনেও আনকি তেওঁলোকৰ ভাষণত অসমৰ কথা ক’বলৈ হ’লে ‘নৰ্থ-ইষ্ট’ বুলিহে উল্লেখ কৰে ৷ গতিকে আমি কিয় ৰাখী বন্ধন পালন কৰিব লাগে ?’

কিন্তু আমি ভাবি চাইছোঁনে যে অসমৰ সংস্কৃতিক বাহিৰলৈ(বিশ্বদৰবাৰলৈ)উলিয়াই নিবলৈ আমি অসমীয়া খিনিয়েনো কিমান চেষ্টা কৰিছোঁ ৷ আমাৰ মাজত সঁচা কথা ক’বলৈ গ’লে খোৱা কামোৰাৰ মানসিকতাহে বেছি ৷ সোণৰ অসম/স্বাধীন অসম গঢ়ি তোলাৰ উদ্দেশ্য আগত লৈ গঠিত হোৱা ‘চ’ কল্ড’ উগ্ৰপন্থীৰ দলটোৱে পাৰিলে জানো সোণৰ অসম গঢ়িব ? অসমী আইৰ বক্ষ তেজেৰে তুমৰলি কৰাৰ বাহিৰে সকলো ফুটুকাৰ ফেন হ’ল ৷ নিজ ৰাজ্যত বাস কৰি অহা বাসিন্দা সকলক দাবী-হুমকি দিয়া , কটা –মৰা কাৰ্যত লিপ্ত হৈ থাকোঁতে সময়েই নহ’ল দেখোন অসমৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ৷ বৰ অসম এতিয়া বিভাজনৰ পথত ৷ বাহিৰৰ মানুহখিনিৰ অসম বুলিলে ধাৰণা মাথো দুটাই – ‘জংগল’ আৰু ‘উলফা’ ৷ অসমত থকা অনা অসমীয়া সকলে দেখোন উগ্ৰপন্থীৰ ভয়ত সন্ত্ৰস্ত হৈ থাকোঁতেই যায় ৷ সেই স্থলত তেওঁলোকে নো আমাৰ সংস্কৃতিক নিজৰ কৰে কি দৰে ?

আমি অসমীয়া হোৱাৰ লগতে ‘ভাৰতীয় নাগৰিক’ ৷ গতিকে ভাৰতীয় নাগৰিক হিচাপে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতিক আদৰি লোৱাটো একো বেয়া কাম হ’ব নোৱাৰে বুলি মই ভাবো , বিশেষকৈ ৰাখী বন্ধনৰ দৰে এটি পবিত্র উৎসৱক ৷ভাৰতীয় জনজীৱনত ৰাখী বন্ধনৰ প্ৰচলন আৰ্য্য সকলৰ দিনৰে পৰা বুলি বহুতো বুৰঞ্জীবিদে ক’ব খোজে ৷ চীত্তোৰৰ ৰাণী কৰ্ণাৱতীয়েও বাহাদুৰশ্বাহৰ পৰা ৰাজপুতসকলক বচাবলৈ মোগল সম্ৰাট হুমায়ুনৰ সহায় লাভ কৰিছিল তেওঁলৈ ৰাখী প্ৰেৰণৰ জৰিয়তে ৷ হিন্দু ধৰ্মৰ পৌৰাণিক শাস্ত্ৰ বোৰতো ‘ৰক্ষা বন্ধন’ সম্পৰ্কীয় বহুতো কাহিনীৰ উল্লেখ আছে ৷ ভাৰতবৰ্ষৰ আৱাসী আমিবোৰে যদি ‘মই অসমীয়া’ ‘মই বঙালী’ ‘মই উড়িয়া’ , মই বিহাৰী’- এইদৰে নাভাবি নিজকে একোজন ভাৰতীয় বুলি ভাবিব পাৰোঁ , তেতিয়া বহুতো সমস্যা হয়তো সমাধান হ’ব ৷ হিংসা, বিদ্বেষ, দ্বন্দ, খৰিয়াল এইবোৰ কিছু পৰিমাণে হ’লেও লাঘৱ হ’ব ৷

আমি অসমবাসীয়ে ঘৰৰ মানুহকে বা কিমান আদৰ কৰিব জানো ! শ্রদ্ধাৰ ভূপেনদা তাৰ এক জ্বলন্ত উদাহৰণ ৷ ‘লুইতৰ বালিতেই দেহাৰ হ’লে অৱসান , শীতলিব মোৰ আকুল পৰাণ’ বুলি গীত গোৱা সেইজন মহান শিল্পীয়ে কিয় এটি যাযাবৰী জীৱন কটাবলগীয়া হ’ল ? এটা সময়ত নিজৰ মুলুকৰ ৰাইজে তেওঁৰ প্রতি প্রদর্শন কৰা অনাদৰ আৰু অনাস্থাই হয়তো তেওঁক অসমৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰিলে ৷

ভাইটিজনে ক’লে , ‘ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যৰ ভিতৰুৱা কিছুমান গাঁৱত এতিয়াও নাৰীক পণ্য হিচাপে গণ্য কৰি সিহঁতৰ কিনা-বেচা হয় ৷ এনেবোৰ ঠাইত নাৰীৰ সুৰক্ষাৰ প্রয়োজনীয়তা উপলব্ধি কৰি ৰাখী বন্ধন প্রথাৰ প্রচলন আৰম্ভ হয় ৷ অসমত ইয়াৰ কি প্রয়োজন ?’- কিন্তু আমি প্রত্যেকজন অসমীয়াই বুকুত হাত থৈ ডাঠি ক’ব পাৰিমনে অসমত নাৰী সুৰক্ষিত বুলি ?

মই ভাবো , কিছুমান সংস্কৃতি আনৰ হ’লেও যি বোৰৰ পৰা কিছু নীতি বা আদৰ্শ আহৰণ কৰিব পাৰি তেনেবোৰ সংস্কৃতিক নিজৰ বুলি ভাবিলে আমি আনৰ আগত কেতিয়াও হেয় হৈ নাযাওঁ ৷ শেষত ইয়াকে গুণ-গুণাই সামৰিলোঁ – “ হিন্দ্ দেচ কে নিৱাচী , চভী জন এক হেই ; ৰংগ্, ৰূপ. ৱেচ-ভূচা, চাহে অনেক হেই ৷”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments