অসমীয়া জাতি গঠনত বিহু পৰম্পৰা (কুশল হালৈ)

অসমীয়া জাতি গঠনত বিহু পৰম্পৰা
কুশল হালৈ
অসমীয়া জাতিৰ গঠন প্রক্রিয়াটো বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা ঘাত-প্রতিঘাত, নিশ্চয়তা-অনিশ্চয়তা, শঙ্কা-সংশয় আদি বাৰেকুৰি উঠা-নমাৰ মাজেৰে বর্তি আহি বর্তমানৰ ৰূপ পাইছে। বৃহত্তৰ অসমীয়া জাতি গঠন সম্পর্কে বিভিন্নজনে বিভিন্ন ঠাইত বহুতবোৰ মন্তব্য প্রকাশ কৰিছে আৰু তেনেবোৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি নিঃসন্দেহে অসমীয়া জাতিটো অষ্ট্রিয়, মংগোলীয় আৰু আর্য্যৰ বিভিন্ন গোষ্ঠী আৰু ফৈদৰ সংমিশ্রণৰ ফলত জাতিষ্কাৰ হোৱা এটা জাতি হিচাপে পৰিগণিত। আহোম স্বর্গদেউসকলৰ পুৰুষার্থ আৰু শ্রীমন্ত শঙ্কৰদেৱৰ অমৃত বাণীৰ প্রভাৱত বিভিন্ন গোষ্ঠী ফৈদৰ মাজত যি এক ৰাজনৈতিক আৰু সামাজিক সমন্বয়ৰ ধাৰা প্রবাহিত হৈছিল আৰু ক্ষেত্র বিস্তাৰিত হৈছিল, তাৰ ফলত অসমীয়া জাতিটোৰ গঠন প্রক্রিয়াই পোখা মেলিছিল। সেই বুলিয়েই আহোম স্বর্গদেউ আৰু শ্রীমন্ত শঙ্কৰদেৱকেই অসমীয়া জাতিটোৰ স্রষ্টা বুলিব নোৱাৰি, তেঁওলোকৰ দিনত জাতিটোৱে পোখাহে মেলিছিল, প্রকৃততে জাতি গঠন প্রক্রিয়াৰ বীজ বহু বছৰ আগতেই অর্থাৎ কৃষি সভ্যতাৰ সৃষ্টিৰ যুগতেই ৰোপিত হৈছিল।
অসমীয়া জাতি গঠনৰ ক্ষেত্রত আটাইতকৈ গুৰুত্বপূর্ণ ক্ষেত্র হ’ল সংস্কৃতি। অসমৰ বুকুৱেদি যুগে যুগে নতুনৰ আগমন হৈছে, নতুন পুৰণি হৈছে আৰু সংস্কৃতিয়ে সমন্বয়ৰ পোহাৰ মেলিছে। বিভিন্ন মানৱগোষ্ঠীৰ বিভিন্ন ফৈদৰ লোকৰ সংমিশ্রণ আৰু সমন্বয়ৰ ফলত বৃহত্তৰ অসমীয়া জাতি গঢ়ি উঠিছে। বিহুৰ অতীত বা ইতিহাস বুলিলে বহুতে ত্রয়োদশ শতিকালৈ আঙুলিয়াই দিয়ে আৰু স্বর্গদেউ সকলোকে বিহুৰ জন্মদাতা হিচাপে কব খোজে। নিঃসন্দেহে স্বর্গদেউ সকলৰ অৱদান স্বীকাৰ কৰিব লাগিব যে তেওঁলোকৰ দিনতেই বিহুৰ চৰিত্র আৰু নান্দনিক দিশ পৰিবর্ধিত হয়। বিহুৰ ক্ষেত্রত এইটো দ্বিতীয় পৰিবর্ধন প্রক্রিয়া। প্রথমটো আছিল আর্য্য সকলে এই ভূমিখণ্ডত প্রতিপত্তি চলোৱাৰ সময়ত।
বিহুক অসমীয়া লোক সংস্কৃতিৰ আদি বুলি ক’ব পাৰি। অতীতৰ কৃষি সভ্যতা বা কৃষি ভিত্তিক সভ্যতাই হ’ল বিহুৰ মূল ভেটি আৰু সেই ভেটিৰ ওপৰত থিয় হৈ থাকিহে বিহুৱে অসমীয়াৰ জাতীয় জীৱনৰ অন্যতম এক প্রধান কাৰক হিচাপে জাতীয় উৎসৱৰ ৰূপত চিহ্নিত হ’ব পাৰিছে। অসমৰ ব্রহ্মপুত্র উপত্যকাৰ আটাইবোৰ জনজাতি অসমীয়া জনকৃষ্টিৰ বাহক আৰু বিহু একাধিক সৰু-সুৰা উৎসৱৰ সমষ্টি। ই ঋতুকালীন। এই বিহু তিনি প্রকাৰৰ। বহাগ বিহু বা ৰঙালী বিহু বসন্ত কালত উদ্‌যাপিত, বীজ ৰোপনৰ আগে আগে আৰু নতুন বছৰক আদৰণী জনোুৱাৰ উৎসৱ। এই উৎসৱ বিশেষকে ৰ-ৰহইছৰে ভৰা। মাঘবিহু শীতকালত উদ্‌যাপিত কৃষি কর্ম সমাপনৰ লগত জড়িত। এই উৎসৱত অগ্নি দেৱতাক পূজা অর্চনা কৰাৰ লগতে সমূহীয়া ভোজ-ভাত খোৱা হয়। সেয়ে ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। কাতি বিহু আহিন মাহৰ সংক্রান্তিৰ দিনা তুলসীৰ তলত বন্তি প্রজ্বলন তথা পথাৰত আকাশ বন্তি জ্বলাই খেতি পথাৰৰ শস্যৰ মঙ্গল কামনা কৰা হয়। তুলনামূলকভাবে কাতি বিহুৰ আড়ম্বৰ কম সেয়েহে ইয়াক কঙালী বিহু বুলিও কোৱা হয়।
বিহুৰ অতীত সম্বন্ধে বড়ো সকলৰ বৈছাগু আৰু বিহৌ, ৰাভাসকলৰ বায়খু, দেউৰীসকলৰ বিসু, টাংছা সকলৰ বিহউচি, ডিমাছাসকলৰ বুসু নামৰ কৃষি উৎসৱবোৰৰ কথাহে আমি কব পাৰো। এই বায়খু, বিহৌ, বুসু, বিসু বা বিহুউচি প্রত্যেকটোৱেই “বিহু” শব্দটিৰ উৎস হ’ব পাৰে। এই আটাইবোৰই আৰু বহুতবোৰ এনে মংগোলীয় জাতিৰ মানুহৰ বসতি এই অসমতে আছে। যেনে- লালুং, মৰাণ, মিৰি, মিচিমি, চুটীয়া, বৰাহী আদি। মাথোঁ বিভিন্ন সময়ত এই ঠাইত প্রবেশ কৰি ভিন্ন ক্ষেত্রত বসবাস কৰাৰ ফলত সিহঁতৰ ভাষা কালক্রমত সলনি হৈ থাকিল আৰু এইদৰে তেওঁলোকে পালন কৰা কৃষি উৎসৱটিৰ নামটিয়েও পৰিবর্তিত ৰূপ লৈ থাকি ভিন ভিন নামেৰে বর্ত্তমান পৰিচিত হৈছে আৰু সেই আটাইবোৰ নামৰ মাজৰ পৰাই আৰু এটা নাম “বিহু”ৰ উৎপত্তি হৈছে। বর্তমান এই নামেৰেই সমগ্র অসমতে পালিত হৈ আহিছে।
বিহুৰ সময়ত যিখিনি নীতি-নিয়ম পালন কৰা হয় সেইবোৰতো বিভিন্ন গোষ্ঠীৰ প্রধানত মংগোলীয় পৰম্পৰাকেই পালন কৰি আহিছোঁ। গৰু বিহু, মানুহ বিহু, হুচৰি, শ্রদ্বা-ভক্তি জনোৱা, কুশল মংগল কামনা কৰা, বিহুৱান যঁচা, কণী যুজঁ, ম’হ যুজঁ, কড়ি খেলা, ভেলাঘৰ জ্বলোৱা, পথাৰত চাকি জ্বলোৱা, কঙালী বিহু আদি সকলোবোৰ আচাৰ আমি পৰম্পৰাগত ভাবেই পালন কৰি আহিছোঁ। “লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা”, এইটো বড়ো নিয়ম, হুচৰি গোৱাটো মৰাণৰ নিয়ম, ব্রাক্ষণৰ নিয়ম, কাতিবিহুটো টাইসকলৰ নিয়ম বুলি কোনোদিনেই পালন কৰা নাই। বিহুৰ নামত যিবোৰ আচাৰ অনুষ্ঠান আদি পালন কৰা হয় সেই সকলোবোৰৰে মূল উৎস পৰম্পৰাগত ভাৱে চলি অহা কিছুমান নিয়ম তাত কোনো জাতিগত বা গোষ্ঠীগত ভেদভাৱ বা সংকীৰ্ণতা নাই।
কথা হ’ল বিহুৱে অসমীয়া জাতি গঠন প্রক্রিয়াটোক কেনে ৰকমে গুৰুত্ব প্রদান কৰিব পাৰে। আহোম সকলৰ ৰাজত্বৰ সময়ত তেওঁলোকৰ প্রভাৱ নামনিৰ তুলনাত উজনি অসমতহে বেছি আছিল। এই কৃষি উৎসৱটিয়ে আহোম সকলৰ ৰাজ পৃষ্ঠপোষকতা লাভ কৰি এক পৰিবর্দ্ধিত ৰূপ লৈ অসমীয়াৰ জাতীয় উৎসৱ হিচাপে পৰিগণিত হ’বলৈ ধৰিছিল। কিন্তু নামনি অসমত সেই সময়ত ই তেনে এক পৰিবর্দ্ধিত ৰূপ লোৱা নাছিল। সেই কাৰণে আজিও নামনি অসমৰ তুলনাত উজনিৰ বিহুৰ প্রকৃতিগত দিশত কিছুমান পৃথক আছে। কিন্তু সামুহিক অর্থত সমগ্র অসমতে বিহুৰ চৰিত্র একেটাই। বিহু নাচৰ সময়ত অপৰিহার্য্য বাদ্য হিচাপে ব্যৱহাৰ হোৱা ট’কা, গগনা আদি বাদ্যবোৰ বড়োসকলৰ আৰু অন্য সমফৈদীয় গোষ্ঠীৰ অৱদান। বড়োৰ থৰকাই হ’ল ট’কা, গংগনা হ’ল গগনা। তদুপৰি পেম্পাৰ পৰা হোৱা পেঁপা মিছিং সকলৰ অৱদান, এইবোৰৰ লগতে বিহান বা বিহুৱানখনিয়ে আহোমসকলৰ দিনত কৱচ কাপোৰেই মর্য্যদা লাভ কৰিছিল। এই বিহুৱান যঁচা প্রথাটোও বড়োসকলৰ পৰা অহা বুলিয়েই জনা যায়।
মুঠতে অসমীয়া জাতি গঠনৰ ক্ষেত্রত বিহুৱে এক অগ্রণী ভূমিকা গ্রহণ কৰিব পাৰে। এটা বৃহত্তৰ জাতি গঠনৰ ক্ষেত্রত সাংস্কৃতিক সু-সম্পর্ক সবাৰো ওপৰত। আৰু এই সম্পর্কৰ বাহিৰে আন একোৱেই জাতিটোৰ গঠনৰ ক্ষেত্রত বর্ত্তমানৰ সন্ধিক্ষণত ফলপ্রসূ হ’ব নোৱাৰে। বিহু পৰম্পৰা অসমীয়াৰ অন্তৰত বস্তু, অসমীয়াৰ হাড়ে হিমুজুৱে সোমাই আছে এই যর্থাথতা আৰু সকলো ভেদাভেদ পৰিহাৰ কৰি আনি এই যর্থাথতাৰ মর্ম উপলদ্ধি কৰিলেহে অসমীয়া এটা জাতি হিচাপে জীয়াই থাকিব।
বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্রক্রিয়াত জাতীয় উৎসৱ ৰূপে পৰিগণিত বিহুৰ সমন্বয়ী ৰূপটোৰ প্রভাৱো কম নহয়। বিভিন্ন জাতি-উপজাতিৰ সমন্বয়ত আৰু সংমিশ্রণত অসমীয়া জাতিটো গঠিত হোৱাৰ দৰে অসমৰ জাতীয় উৎসৱ বিহুটিৰো আজিৰ ৰূপটি এই জাতি সত্বাসমূহৰ সুকীয়া সুকীয়া বিহুৰ এক সমন্বয়ী ৰূপ। অসমৰ গাঁৱলীয়া সমাজখনত এনেদৰেই বিভিন্ন জাতি-উপজাতি মিলি এক উমৈহতীয়া অসমীয়া সংস্কৃতি গঢ়ি তুলিছিল। এয়া হ’ল বৃহত্তৰ অসমীয়া জাতিৰ এক নিজস্ব পৰিচয়। অসমীয়া সংস্কৃতিৰ এই সমন্বয়ী ৰূপটোৱেই জাতিটোৰ আয়ুস ৰেখা। সম্প্রতি এই সমন্বয়ী সত্ত্বাটোৰ পৰা ফালৰি কাটি বিহুটোৰ গাত যি বাণিজ্যকৰণৰ বোল সানি দিয়া হৈছে, সিহে চিন্তনীয় হৈ পৰিছে। সময়ৰ প্রয়োজনীয়তাৰ সৈতে তাল মিলাব গৈ পৰিবর্ত্তনৰ অৱশ্যম্ভাবী যদিও সেই পৰিবর্ত্তনে যাতে সংস্কৃতিটোক ছিন্নমূল কৰিব নোৱাৰে এতিয়া তাৰ প্রতিহে নজৰ ৰখা প্রয়োজন। অন্যথা নিজৰ সংস্কৃতিবিহীন জাতিৰ অস্বিত্বই বা ক’ত?
বিহু অসমীয়াৰ জাতীয় উৎসৱ। ই কেতিয়া আৰু কেনেকৈ অসমৰ জাতীয় জীৱনলৈ ৰূপান্তৰিত হ’ল তাক হঠাতে কৈ দিব পৰা নাযায়। বিভিন্ন জাতি উপজাতিৰ সংমিশ্রণত যেনেকৈ বৃহৎ অসমীয়া জাতি গঠন হ’ল ঠিক তেনেদৰেই এই বিভিন্ন জাতিৰ সংমিশ্রণতেই বাৰে ৰহনীয়া অসমীয়া সংস্কৃতিৰো জন্ম হ’ল। এই সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। ইয়াত বিভিন্ন আর্য্য-অনার্য্য, অষ্ট্রিক মঙ্গোলীয়া আদি জনগোষ্ঠীৰ বর্ণময় উপাদানেৰে বৃহৎ অসমীয়া সংস্কৃতিৰ গঢ় লৈ উঠিছে। বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন নামকৰণেৰে পালন কৰি অহা অনুষ্ঠান বিলাকেই সময়ৰ সোঁতত বিহু নামেৰে জনাজাত হ’ল। নকলেও হ’ব যে এই বিহু প্রকৃততে অসমৰ কৃষি কার্য্যৰ লগত জড়িত। শস্য উৎপাদনত কৌশল যেতিয়াৰ পৰাই আয়ত্ব কৰিছে তেতিয়াৰ পৰাই মানুহে উৎসৱ পার্বনো পালন কৰি আহিছে। সেয়েহে এই উৎসৱ প্রকৃতিৰ লগত নিবিড় সম্পর্ক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments