অসমীয়া ভাষা আৰু বিজ্ঞানাচার্য প্রফুল্ল চন্দ্র ৰায় (ৰঞ্জিত কুমাৰ বৰা)

অসমীয়া ভাষা আৰু বিজ্ঞানাচার্য প্রফুল্ল চন্দ্র ৰায় (ৰঞ্জিত কুমাৰ বৰা)

‘অসমীয়াৰ ভাষাৰ স্বকীয়তাক লৈ এচাম বঙালী বুদ্ধিজীৱীয়ে দীর্ঘদিন ধৰি নানা অবান্তৰ, পক্ষপাতদুষ্ট প্রশ্নৰ অৱতাড়ণা কৰি অহাৰ লগতে নানান ধৰণৰ ষড়যন্ত্রতো লিপ্ত হৈ আহিছে। সন্দেহ নাই এনে ষড়যন্ত্রমূলক আচৰণৰ কাৰণে প্রতিবেশী জাতি দুটাৰ মাজত সামগ্রিকভাৱে আজিও সম্পর্ক মধুৰ হোৱা নাই। বিষয়টোক লৈ ৰাজ্যখনৰ আগশাৰীৰ সাহিত্য আলোচনী ‘সাতসৰী’ত এটা বিশেষ সংখ্যাই প্রকাশ হৈছিল। অৱশ্যে এই লিখাৰ উদ্দেশ্য সাতসৰীৰ প্রসংগ নহয়। দুই-এজন বিদ্বান বঙালীৰ নির্মোহ বিশ্লেষণত সুন্দৰকৈ প্রকাশ পাইছে অসমীয়া ভাষাৰ শ্রেষ্ঠত্ব। বিজ্ঞনাচার্য প্রফুল্ল চন্দ্র ৰায়ে তাহানিতেই কৈছিল—‘আপোনালোকৰ বৰ গৌৰৱৰ বিষয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বংগদেশৰ চৈতন্যৰ পূর্বেই অসমত বৈষ্ণৱ ধর্ম প্রচাৰ কৰে আৰু কৃতিবাস, কাশীৰাম দাশৰ পূর্বেই গদ্য-পদ্যত পুথি ৰচনা কৰে। ভট্টদেৱৰ ষোল্ল শতিকাত লিখা কথা-গীতাৰ গদ্য বাস্তৱতে অতুলনীয়। স্বভাৱতেই আাপোনালোকৰ হিয়া অহংকাৰৰ ভাবত কঁপি উঠে যে যি সময়ত বংগদেশে কৃতিবাস বা কাশীৰামক জন্ম দিয়া নাছিল আৰু যি সময়ত গদ্য নামৰ উপযুক্ত সাহিত্য ওপজাই নাছিল সেই সময়ত অসমত বৈষ্ণৱ ধর্ম প্রচাৰক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তেৰাৰ উপযুক্ত শিষ্য মাধৱদেৱ-দুয়োজনেই কায়স্থ-চৈতন্যৰ পূর্বেই গদ্যত পুথি লিখে। যি সময়ত ইংলেণ্ডৰ হুকাৰ, লাটিমাৰৰ ৰচনাৰ বাহিৰে জগতত আন কোনো সাহিত্যই উন্নতি লাভ কৰিব পৰা নাছিল, সেই সময়ত ষোল্ল শতিকাত অসমীয়া গদ্য-সাহিত্যই উন্নত অৱস্থাত ভৰি দিছিল। অসমীয়া ভাষাৰ স্বাতন্ত্র্য আৰু বিশিষ্টতাক লৈ বহু দিন বিৰোধ চলি আহিছে। এইবোৰ মূর্খামীৰ চিনহে মাথোন। অসমীয়া সাহিত্যই ষোল্ল শতিকাতে যি উন্নত অৱস্থা পাইছিল, বঙালী সাহিত্যই তেনে অৱস্থা ঈশ্বৰ চন্দ্র আৰু বংকিমচন্দ্রৰ দিনতহে মাথোন পাইছে।’

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক