অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান

(অসমীয়া ভাষাৰ প্ৰসাৰ, প্ৰচলন আদিৰ ক্ষেত্ৰত ‘অসমীয়াত কথা-বতৰা’ সদায়েই ইতিবাচক ভূমিকা গ্ৰহণ কৰি আহিছে। বৈদ্যুতিন মাধ্যমত অসমীয়া লিপিৰে অসমীয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গোটটোৰ সংগ্ৰাম, অৱদান প্ৰাতঃস্মৰণীয়। এইবাৰ অ ক পৰ মঞ্চত চৰ্চিত হৈছিল বহিঃৰাজ্যত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ প্ৰসংগ। তেলুগু, বাঙালী ভাষীৰ দৰে বহিঃৰাজ্যত বসবাস কৰা অসমীয়াসকলেও যদি তেওঁলোকৰ সতি-সন্ততিক অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱাৰ দিহা কৰিলেহেঁতেন! এয়াই আছিল হিমজ্যোতি তালুকদাৰ স্বপ্ন। তেওঁৰ স্বপ্নৰ আঁত ধৰি বিভিন্নজনে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উন্মোচিত কৰিছে। এইখিনিতে কৈ থওঁ, প্ৰকাশিত নিৰ্বাচিত মন্তব্যবোৰৰ সংশ্লিষ্ট ব্যক্তিৰ ব্যক্তিগত মন্তব্য। মন্তব্যবোৰৰ বাবে কোনো ক্ষেত্ৰতে সম্পাদক দায়ী নহ’ব।)

হিমজ্যোতি তালুকদাৰঃ দিল্লীত মোৰ বাসস্থানৰ নাতিদূৰত এখন বিদ্যালয় আছে। বিদ্যালয়খন আন্ধ্ৰা এডুকেচন ছ’চাইটিৰ অন্তৰ্গত। আন্ধ্ৰা এডুকেচন ছ’চাইটিৰ অন্তৰ্গত তেলুগু মাধ্যমৰ বিদ্যালয়সমূহৰ মূল উদ্দেশ্য হ’ল দিল্লীবাসী তেলুগুভাষী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মাতৃভাষাৰ প্ৰসাৰ ঘটোৱা। আজিৰ পৰা প্ৰায় ষাঠি বছৰ পূৰ্বে মাথোঁ এগৰাকী শিক্ষক আৰু বিশগৰাকী ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ হোৱা আন্ধ্ৰা এডুকেচন ছ’চাইটিৰ তেলুগু ভাষাৰ এখন বিদ্যালয় পাছলৈ দিল্লীৰ বিভিন্ন অঞ্চললৈ প্ৰসাৰিত হৈ পৰে। বৰ্তমান এই ছ’চাইটিৰ উদ্যোগত দিল্লীৰ কেইবাঠাইত সুদৃশ্য অট্টালিকাৰে তেলুগু মাধ্যমৰ বিদ্যালয় আছে, য’ত মাতৃভাষাত বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। তেলুগুৰ লগতে বাঙালী ভাষাতো ভালেকেইখন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় দিল্লীত আছে।

এইবোৰ দেখি শুনি কেতিয়াবা এটা সপোন দেখোঁ, তেলুগু আৰু বাংলা ভাষাৰ লগতে যদি ওচৰতে আন এখন বিদ্যালয়ো থাকিলহেঁতেন, য’ৰ মুখ্যদ্বাৰত অসমীয়াত লিখা থাকিব “নতুন দিল্লী উচ্চতৰ মাধ্যমিক বিদ্যালয়, লাজপট নগৰ”।

কিন্তু অলপ পাছতে স্বপ্নভংগ হৈ যায়। অসমতে মাতৃভাষাৰ পাঠ্যক্ৰমৰ ইমান অনাদৰ! নতুন দিল্লীত অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া মাধ্যমত পঢ়িব? যেন কল্পলোকৰ কাহিনীহে!

বৰা নিতুলঃ এটা হুমুনিয়াহ ওলাই আহে ক’ব নোৱাৰাকৈয়ে, এইয়া আমাৰ চাগৈ কল্পনাৰো অগোচৰ যেন হ’ব।

দেৱ প্ৰতিমঃ আজিকালিৰ মাক দেউতাকৰ ফেচন—মোৰ ল’ৰাই বা  ছোৱালীয়ে অসমীয়া পঢ়িব নাজানে। এনেকে ক’ব পাৰিলেহে যেন তেওঁলোক সমাজৰ ডাঙৰ মানুহ হৈ পৰে।

সত্যকাম দত্তঃ দিল্লীৰ অসমীয়া সমাজে নিজৰ ল’ৰা-ছোৱালীক হিন্দী শিকাইহে গৌৰৱ অনুভৱ কৰে । তেওঁলোকৰ  ল’ৰা-ছোৱালীৰ মুখত হিন্দী-ইংৰাজী আখৈ ফুটাদি ফুটে । “আমাৰ ল’ৰাই হলে অচমীয়া নাজানে বুলি গৌৰৱ কৰে।

হিমজ্যোতি তালুকদাৰঃ মাধ্যম প্ৰকৃততে কোনো কাৰণতে অন্তৰায় নহয়। হিন্দী, ইংৰাজী সকলো শিকক। কিন্তু অসমীয়া ভাষা, নিজৰ মাতৃভাষাটোক লৈ ইমান অৱহেলা কিয় অসমীয়া লোকসকলৰ?

নীলাঞ্জনা মহন্তঃ এইটো সচাঁকৈয়ে ভাবিবলগীয়া আন ভাৰতীয় ভাষীৰ মাজত ভাষা-সংস্কৃতিৰ প্ৰতি সজাগতা আমাতকৈ বহ বেচি…কিন্তু হয়তো দুজনমান অসমীয়াই হ’লেও আৰম্ভণিতো কৰি দিব লাগে সৰু বিদ্যালয়খনিৰ কাম যদি সম্ভৱ হয়, এজন বা দুজন ছাত্ৰ-ছাত্ৰীক লৈয়ে, কাইলৈ তিনিজন হ’ব, পৰহিলৈ চাৰিজন, এনেকৈয়ে আৰু দহ’বছৰৰ পিছত হয়তো সপোনটো ফলিয়াবগৈ।

শান্তিছায়া শইকীয়াঃ সপোনটো সাকাৰ কৰিবলৈ হ’লে অসমীয়াসকলক কিছুদিনৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকলৈ গৈ সেই ৰাজ্যসমূহে নিজৰ ভাষাৰ বিকাশ, প্ৰসাৰৰ বাবে তেওঁলোকে কিদৰে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ উদাহৰণবোৰ প্ৰত্যক্ষ কৰিবলৈ দিব লাগিব। প্ৰত্যেক অচমীয়াই (?) আচামিজ নজনা শিশুক সাহিত্য-সংস্কৃতিৰ প্ৰতি ধাউতি বঢ়োৱাৰ কাৰ্যব্যৱস্থা ল’ব লাগিব।

হিমজ্যোতি তালুকদাৰঃ এইবোৰ অলীক সপোন। লেখা-মেলা, কথা-বতৰাৰ মাজত সীমাৱদ্ধ সকলো। এখন বিদ্যালয় খোলা হ’লেই যেনিবা, কিন্তু কোন আহিব পঢ়িবলৈ তালৈ? কোনো নাহে!

মাধুৰীমা ঘৰফলীয়াঃ সঁচায়ে অলীক সপোন!

অনুপমা বৰগোহাঞিঃ এনে এটা চিন্তা ময়ো বহুত দিনৰ পৰা কৰি আছিলো । অন্ধ্রপ্রদেশৰ ৰাজামুন্দ্রিত ২০০৩ চনত আমাৰ কিছু অসমীয়া গৃহিনীয়ে এনে প্রচেষ্টা হাতত লৈছিল, পিচে সেই প্ৰচেষ্টা অব্যাহত আছেনে নাজানো। হিমজ্যোতি, তোমাৰ এই সপোন কাৰ্যকৰী কৰিবলৈ মোৰ ফালৰ পৰা সম্পূৰ্ণ সহায় পাবা আৰু অহা ৬ জানুৱাৰীৰ অ ক বৰ দিল্লীৰ আড্ডাত এই বিষয় লৈ আলোচনা কৰিব পৰা যাব । ধন্যবাদ এনে এটা চিন্তা, এনে এটা সপোন দেখাৰ বাবে।

মাধুৰীমা ঘৰফলীয়াঃ বঢ়িয়া । ময়ো আপোনালোকৰ সৈতে আছো দেই । পিছে আশা কম যেন লাগিছে। অসমীয়া অসমীয়া বুলি জহাই ফুৰাসকলৰ ঘৰতে দেখোন অসমীয়া নচলে! মাতৃভাষা শিকিবলৈ বাৰু বেলেগকৈ প্ৰশিক্ষণ ল’ব লাগে নেকি? নাজানো দেই । নিজৰ ঘৰত যদি অসমীয়াত কথা-বতৰা পাতে ল’ৰা-ছোৱালীয়ে সহজেই সেই ভাষা শিকিব।

অভিজিৎ কলিতাঃ মূল কথাটো হ’ল আমাৰ অসমীয়া ভাষাটোক লৈ গৌৰৱবোধ আছে নে নাই? এই গৌৰৱবোধ আহিলেই দ্বায়িত্বৰ কথা আহিব, দ্বায়িত্ববোধ আহিলেই এই সপোনো পূৰা হ’ব। মোৰ সপোনটো হ’ল কিছুদিনৰ পাছত লৰা-ছোৱালীয়ে কেৱল মাতৃভাষা শিকিব আৰু কিবা কিবা অনুবাদক, স্পীচ্ছ ৰিকগনিচন, টেক্সট টু স্পীচ্ছ মেকাৰ আদি যন্ত্ৰৰ সহায়ত পৃথি্ৱীৰ যিকোনো লোকৰ লগতে ভাব বিনিময় কৰিব। প্ৰযুক্তি ইতিমধ্যে বিকশিত হৈছে, এতিয়া তাৰ সুবিধা লোৱাৰহে কথা।

হিমজ্যোতি তালুকদাৰঃ গৌৰৱবোধ আছে, দায়িত্ববোধহে নাই। এতিয়া দিল্লীত অসমীয়া মাধ্যমৰ বিদ্যালয় খোলাটো এক প্ৰত্যাহ্বান। এই কামটো আজিৰ পৰা ত্ৰিশ চল্লিশ বছৰ আগতেই অসম এছ’চিয়েছন আদিৰ দৰে সংগঠনসমূহে আৰম্ভ কৰিব পাৰিলেহেঁতেন। কিন্তু এতিয়া ই অতি জটিল বিষয়। তদুপৰি আমাৰ অসমীয়া সমাজৰ মনোভাৱবোৰো বুজিবলৈ অতি কঠিন । অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে বক্তৃতা দিয়া বেছিভাগেই আকৌ নিজৰ সন্তানক অসমীয়া নিশিকায়। সৰু সৰু ল’ৰা-ছোৱালীকেইটাই যে শিকিবলৈ খুব আগ্ৰহী সেইটোও ভালদৰে জানো। কিন্তু অভিভাৱকসকল সচেতন নহয়।

দেৱব্ৰত গগৈঃ দিল্লী বহুদূৰ, অসমতে অসমীয়া বিদ্যলয় এখন ভালদৰে আৰম্ভ কৰাটো এতিয়া এক প্ৰত্যাহবান হৈ উঠিছে।

দেৱাশিস শৰ্মাঃ অসমত থকা কিছুমান অসমীয়াই অসমীয়া ভাষাটোক অৱহেলা কৰা দেখিলে বৰ দুখ লাগে। কিন্তু ব্যস্ততাৰ মাজতো প্ৰবাসী অসমীয়াই অসমীয়া ভাষা চৰ্চা কৰা দেখিলে ম’নটো কিমান যে ভাল লাগে তাক আখৰৰে প্ৰকাশ কৰিব নোৱাৰি।

মনোহৰ দত্তঃ নিজৰ ঘৰতে যেতিয়া মাতৃভাষাৰ আদৰ কমিছে, বাহিৰত সেই কাম হোৱাটো সহজ নহয় যদিও উপযুক্ত লোকে বিষয়টোত মনোযোগ দিলে কামটো হৈ উঠাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

নীলাঞ্জনা মহন্তঃ যিয়েই নহওক সপোনটো কিন্তু ধুনীয়া৷ শুভেচ্ছা থাকিল যাতে সোনকালেই গজালি মেলি সি এজোপা পৈণত বৃক্ষৰ ৰূপ ধাৰণ কৰে, যাৰ ছাঁয়াত দুৰ্ভগীয়া ভাষাটোৱে কেতিয়াবা এখন্তেক জিৰাব পাৰিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments