অসমীয়া লিপিৰ এটি চমু বুৰঞ্জী

অসমীয়া লিপিৰ এটি চমু বুৰঞ্জী –  সত্যকাম দত্ত / মৃণাল জ্যেতি গোস্বামী

অসমীয়া ভাষা অসমীয়া লিপিত লিখা হয় ৷ লিপিবিদসকলে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কে দুই ধৰণৰ মত পোষণ কৰে৷ সেই দুটা হ’ল—

১) প্ৰথম মত অনুসৰিঃ  ব্ৰাহ্মী লিপি > গুপ্ত লিপি > কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপি > পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ অসমীয়া লিপি(সৰ্বেশ্বৰ কটকী, ড° মহেশ্বৰ নেওগ, ড° সুনীতি কুমাৰ চেটাৰ্জী, টি পি বাৰ্মা)

২) দ্বিতীয় মত অনুসৰিঃ   ব্ৰাহ্মী লিপি >  প্ৰাচীন কামৰূপীয় লিপি (নগাজৰী-খনিকৰ গাঁওৰ শিলালিপিৰ ভিত্তিত)> পুৰণি অসমীয়া লিপি হৈ (এই মতপোষণ কৰিছে ডিম্বেশ্বৰ নেওগ, ড° উপেন্দ্ৰনাথ গোস্বামী, নাৰায়ণ দাস ইত্যাদিয়ে)

উপৰ্যুক্ত দুই মতকে একত্ৰিত কৰি ড° মহেন্দ্ৰ বৰাই কৈছে – “Assamese script is a direct descendant of the Brahmi, branching itself off from the so called Gupta alphabet or the Northern Indian Script, which progressed on its way by acquiring for itself certain basic traits of the Kutila Style of writing in course of its journey through the long corridors of history”

ভাৰতীয় লিপিৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে প্ৰাচীন ভাৰতীয় লিপিমালাই প্ৰধানত দুটা শাখাৰ মাজেদি বিকাশ লাভ কৰিছিল, যথা – খৰোষ্ঠী লিপি আৰু  ব্ৰাহ্মী লিপি৷ খৰোষ্ঠী লিপি প্ৰথমতে সোঁফালৰ পৰা বাঁও ফাললৈ লিখাৰ নিয়ম আছিল যদিও পৰৱৰ্তীকালত বাঁওফালৰ পৰা সোঁফালৈ লিখাৰ নিয়ম চলিল৷ উল্লেখ্য যে এই লিপি অত্যন্ত ঘঁহাই লিখা হৈছিল আৰু ইয়াক পূৰ্ণলিপি বুলি বিবেচনা কৰা নহয়৷ ব্ৰাহ্মী লিপি বাঁওফালৰ পৰা সোঁফাললৈ লিখা হয় আৰু সকলো আধুনিক ভাৰতীয় লিপি ব্ৰাহ্মী লিপিৰ পৰাই বিকাশ ঘটিছে বুলি লিপিবিদসকল একমত৷

অসমীয়া লিপিৰ ৫ম খৃষ্টাব্দৰ পৰাই নিজ স্বকীয়তা প্ৰতিপন্ন হৈছে নগাজৰী-খনিকৰ গাঁওৰ প্ৰস্তৰখণ্ডৰ লিপিৰ মধ্যমেৰে৷ আমাৰ ভাষাও বহু পুৰণি বুলি বিখ্যাত চীনা-ভ্ৰমনকাৰি হুয়েন ছাঙে (হিউৱেন চাং?)বহু আগেয়েই কৈ গৈছে ৷ তেঁও নিজৰ ভ্ৰমণ বৃত্তান্তত লিখিছে যে কামৰূপৰ ভাষা উত্তৰ-মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ৷ ৫ম খৃষ্টাব্দৰ নগাজৰী-খনিকৰ গাঁওৰ প্ৰস্তৰখণ্ডৰ লিপিয়ে ইয়াকো প্ৰতিপন্ন কৰে যে অসমীয়া লিপি কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপিৰ মধ্যমেৰে বিকশিত হৈ অহা নাই ৷ বৰঞ্চ ই ব্ৰাহ্মী লিপিৰ পৰাই, হয়টো কিঞ্চিতমান গুপ্ত লিপিৰ অৱদান সাঙুৰি প্ৰাচীন কামৰূপীয় লিপিৰ মাজেৰে বিকাশ লাভ কৰিছে৷ উল্লেখ্য যে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰাটোৰ মূলতঃ তিনিটা ভাগত ভাগ কৰা হয়৷

ক)খ্ৰীষ্টীয় চতুৰ্থ-পঞ্চম শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ পুৰণি অসমীয়া লিপি বা কামৰূপী লিপি

খ) খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পাছৰ পৰা ঊনিবংশ শতিকাৰ মাজভাগলৈ(অৰুণোদয় কাকতৰ জন্মকাললৈ)মধ্যযুগীয় অসমীয়া লিপি, আৰু

গ) ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানৰ আধুনিক অসমীয়া লিপি৷

খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্ধত খোদিত উত্তৰ গুৱাহাটীৰ ‘কানাই বৰশীবোৱা তুৰুষ্ক-ক্ষয়ৰ শিলৰ ফলি’ত আখৰেই হ’ল মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদৰ্শন৷ মন কৰিব যে— খ্ৰীষ্টীয় ষোড়শ-অষ্টাদশ শতিকাত অসমত বহুলভাৱে দুবিধ লিপিৰ প্ৰচলন আছিল— প্ৰথম বিধ আহোম বা টাই লিপি বা অসমাক্ষৰ আৰু আনবিধ পুৰণি অসমীয়া, ইয়াক ‘হেন্দুৱান’ বা ‘হিন্দু অক্ষৰ’ ৰূপেও জনাজাত৷ মধ্যযুগৰ অসমীয়া লিপিক থোৰতে তিনি ভাগ কৰা হয়৷ প্ৰকৃততে এই তিনিটা ভাগ হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা প্ৰধান ৰীতি বা শৈলী, সেই কোইটা হ’ল– কাইথেলী/লহকৰি লিপি (কায়স্থসকলৰ দ্বাৰা পুথি ৰচনা, নকল কৰাৰ বাবে ব্যৱহৃত লিপি৷ কাইথেলী/লহকৰি লিপি কিন্তু সাম্প্ৰদায়িক নামাকৰণ হে), গড়গঞা লিপি (আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হৈছিল আৰু পৰৱৰ্তীকালত পদ পুথি আৰু অভিলেখলৈও ই সম্প্ৰসাৰিত হয়৷ এই নামাকৰণটি পিছে ভৌগোলিক নামাকৰণহে৷) আৰু বামুণীয়া লিপি (সংস্কৃত ভাষা-সাহিত্য চৰ্চা চলা টোলবোৰক কেন্দ্ৰ কৰি পুথি-পাঁজি নকল কৰাৰ বাবে গা কৰি উঠা এক শৈলী) ৷কিন্তু এই তিনিটি লিপিৰ মাজত বেছি গাঁথনিক ব্যৱধান নাছিল৷মাধৱ কন্দলি, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি, ভট্টদেৱ, শ্ৰীধৰ কন্দলি আদি পিছত (অৰ্থাৎ শংকৰোত্তৰ যুগৰ শেষৰ ফালে) মানৰ আক্ৰমনৰ বাবেই অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত এক স্থবিৰতা আহি পৰে৷ সেই সময়তে অসমলৈ ব্ৰিটিছসকলৰ আগমন ঘটে৷

যি সময়ত অসমলৈ ব্ৰিটিছসকল আহে, সেই সময়ত অসমৰ সমাজ জীৱনত বিৰাজ কৰিছিল এক শূন্যতাই৷য’ত মানুহ জীয়াই থকোটোৱেই প্ৰধান সমস্যা হৈ পৰিছিল সেই সময়ত কাৰোঁৰে সময় নাছিল অসমৰ ভাষা-সাহিত্যৰ প্ৰতি দৃষ্টি দিবলৈ৷ অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত বিৰাজ কৰা এই শূন্যতাই ব্ৰিটিছসকলক অসমীয়া ভাষাৰ স্বকীয়তাৰ আভাস দিবলৈ ব্যৰ্থ হয় আৰু বঙালী বাবুসকলৰ(বিভিন্ন কাৰ্যালয়ত মকৰল হোৱা) প্ৰৰোচনাত পৰি ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমীয়া ভাষা ঘৰতে এলাগি হয়৷ সেই সময়তে হাতত ধৰ্মৰ বন্তি লৈ ১৮৩৬-৩৭ চনত কেইবাগৰাকীও আমেৰিকান বেপ্টিষ্ট মিছনেৰী অসমত উপস্থিত হয়হি৷ তেখেতসকলে ‘অৰুণোদয়’ (১৮৪৬ চনত) কাকত প্ৰকাশ কৰাৰ লগতে বিভিন্ন পুথি ৰচনা কৰি অসমীয়া ভাষাক পাহৰণিৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল অসমত উপস্থিত হোৱাৰ আগতেই  ১৮১৩ চনত শ্ৰীৰামপুৰত প্ৰতিষ্ঠিত ব্ৰিটিছ মিছনেৰীসকলে তেখেতসকলৰ প্ৰেছৰ পৰা বাইবেলখন অসমীয়া ভাষাত প্ৰকাশ কৰে৷ উইলিয়াম কেৰী চাহাবৰ তত্ত্বাৱধানত নগাঁওৰ আত্মাৰাম শৰ্মাই বাইবেলৰ ‘নতুন নিয়ম’(New Testament)খন ‘ধৰ্মপুস্তক’ নামেৰে অনুবাদ কৰি প্ৰকাশ কৰিছিল৷ সেই সময়ৰ কিছু আগেয়ে তেখেতলোকে পঞ্চানন কৰ্মকাৰ নামৰ এজন লোকক ছপাশালত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে এক বৃহৎ ভৌগোলিক পৰিসীমা (বঙ্গদেশ, বৃহত্তৰ অসম আদি) সাঙুৰি, উমৈহতীয়া ব্যৱহাৰ বাবে আখৰসমূহ সাঁজিবলৈ নিৰ্দেশ দিয়ে৷পঞ্চানন কৰ্মকাৰে বঙ্গ, অসম আৰু আন দাঁতিকাষৰীয়া অঞ্চল ভ্ৰমণ কৰি শ্ৰীৰামপুৰৰ ছপাশালত তেঁও ভ্ৰমন কৰা সকলো ঠাইতে ব্যৱহাৰৰ উপযোগী আখৰ সাঁজি উলিয়ায়৷ এই আখৰসমূহত বঙ্গদেশৰ আখৰৰ প্ৰভাৱ বেছি আছিল বুলি নিশ্চিতভাৱে ঠাঁৱৰ কৰিব পাৰি৷কিন্তু প্ৰথম অসমীয়া বাইবেল প্ৰকাশ হোৱাৰ আগেয়ে কৰ্মকাৰৰ মৃত্যু ঘটে ৷আত্মাৰাম শৰ্মাই বাইবেলখনৰ বাবে পঞ্চানন কৰ্মকাৰে সঁজা আখৰ ব্যৱহাৰ কৰাত পুৰণি অসমীয়া লিপিৰ ব্যৱহাৰ সিমানতে অন্ত পৰে ৷ অবশ্যে পঞ্চানন কৰ্মকাৰে সঁজা আখৰ আৰু পুৰণি অসমীয়া লিপিৰ মাজত বেছি ব্যৱধান নাছিল যদিও সেই ব্যৱধানখিনিৰ বাবেই অসমীয়া লিপিৰ এক স্বকীয় ইতিহাস আছিল বুলি লিপিবিদসকলে মন্তব্য কৰে ৷



চিত্ৰ ১— ‘কানাই বৰশীবোৱা তুৰুষ্ক-ক্ষয়ৰ শিলৰ ফলি’

নগাজৰী খনিকৰ গাঁৱৰ শিলালিপি

বামুণীয়া লিপিত লিখা এখিলা পাত(সংস্কৃত গীতাৰ পৰা)

কাইথেলী লিপি (নামঘোষাৰ পৰা)

গড়গঞা লিপি (বুৰঞ্জীৰ পৰা)