অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ (কেইটিমান লোকগীত) : ত্রিদিৱ ত্রিকেণ গগৈ

 

*অসমীয়া লোক-সাহিত্যৰ অমূল্য সম্পদ :-কেইটিমান লোকগীত*

 

 
 

লোক সাহিত্য সংস্কৃতিৰে আমাৰ ৰাজ্যখনৰ ভঁৰাল অতি সমৃদ্ধ । লোকসাহিত্যৰ বৰভেটি লোক বিশ্বাস আৰু লোক সাহিত্যৰ দৰে লোক গীততো লোক সমাজৰ অনুপম সৃষ্টি । “লোকগীত”- লোকসাহিত্যৰ অন্যতম বিশিষ্ট অংগ । ভেকুলী বিয়াৰ গীত, জাপা থোৰা গীত, বিয়ানাম, বিহুনাম, মহোহো গীত, কুঁহিয়াৰ পেৰা গীত, নাওখেলৰ গীত আদিবোৰ লোক সাহিত্যৰ এক অমূল্য সম্পদ । লোকগীত সমূহৰ ৰচক, ৰচনা কাল ইত্যাদি সম্পৰ্কেসঠিককৈ জনা নাযায় ; অনুমানহে কৰিব পাৰি । লোক সংস্কৃতিবিদসকলৰ মতে ই মানুহৰ মুখে মুখে ৰচনা হৈ বাগৰি ফুৰিছে । জনসমাজত প্ৰচলিত হৈ থকা এই গীতসমূহৰ মূল গীতটো প্ৰায় একেই যদিও অঞ্চলভেদে মূল গীতটোৰ দুই এটা শাৰী বা দুই এটা শব্দ ইফাল-সিফাল হোৱা দেখা যায় । অৱশ্যে এই লোকগীতসমূহৰ ক্ষেত্ৰত ঠাইভেদে শব্দ বা বাক্য গাঁথনিত কিছু বিচ্যুতি এক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপেই গণ্য কৰা যায় । আমাৰ অসমীয়া লোকগীতসমূহে সাহিত্যিক সৌন্দৰ্য আৰু আনন্দ বিনোদন প্ৰদান কৰাৰ লগতে লোক সমাজৰ আচাৰ-ব্যৱহাৰ, অতীত-ঐতিহ্য, ৰীতি-নীতি,বিৰহ-বিননি,প্ৰেম-ভক্তি ইত্যাদি চহাজীৱনৰ মানৱীয় আৱেগ-অনুভূতিৰ লগত জীৱন্তভাৱে সম্পৃক্ত হৈ আহিছে । তেনে কেইটিমান লোকগীতৰ বিষয়ে যিবোৰ গীত ইতিমধ্যে মৌলিকত্ব হেৰুৱাবলৈ উপক্ৰম হোৱাই নহয় ,লুপ্তপ্ৰায় হ’বলৈও ধৰিছে তাৰে এটি চমু আলোকপাত কৰিবলৈ প্ৰয়াস কৰিছোঁ ।

“বৰশী বোৱা গীত”-

বাৰিষা যেতিয়া নদীৰ ধল নামে তেতিয়া সেই সমযতে মাছৰো উজান উঠে । বাৰিষাৰ বানে খাল-বিল, পথাৰ-সমাৰ আদি পানীৰে পূৰাই পেলাই তেতিয়া সকলোতে মাছ-কাছৰে উভৈনদী হৈ পৰে । বৰশী বাবলৈ সুবিধাজনক ছাঁ থকা তথা সৰহকৈ মাছ থকা নিৰ্দিষ্ট ঠাইত লৰা ছোৱালী বিলাকে একলগ হৈ কেঁচু বৰলৰ পলু আদিৰ উপৰি ফৰিং আদি বিবিধ পতংগ বৰশীৰ টোপ হিচাপে লৈ বৰশী বাবলৈ যায় ।

সাধাৰণতে ল’ৰা-ছোৱালীবোৰে খাল,বিল, পুখুৰীত বৰশী বাই মাছ মাৰোঁতে তেওঁলোকে কিছুমান গীত গায় । মাছ বেছিকৈ অহাজনে আনন্দ পায় আৰু মুঠেও নোপোৱা জনে দুখ বেজাৰে কাৰোবাৰ মুখ লগা বুলি ভাবিবলৈ ধৰে ।তেতিয়া পোৱা -নোপোৱা আটাইবিলাকে কিছুমান গীত গাবলৈ ধৰে । এই গীতবোৰকে বৰশী বোৱা গীত বোলা হয় । বিশ্বাস কৰা হয় যে বৰশী বোৱা ঠাইত এই বিধ গীত গালে মাছ বেছিকৈ আহে আৰু মুখ লগা উঠি যায় লগতে এটাও মাছ নোপোৱা সকলৰো বৰশীত মাছ আহে বুলি গভীৰ বিশ্বাস কৰে । তেনে এটি বৰশী বোৱা গীত হ’ল–

শিংৰা কাকা লৰি আহ ।

মোৰ বৰাহত বৰশীত ধৰি আহ ।।

টুপুতকৈ মাৰি দিওঁ

তৰতে পৰি আহ ।

হাড়া লাগে হাড়া দিম ।

মূৰা লগে মূৰা দিম ।।

অন্যৰ বৰাহ তিতা ।

মোৰ বৰাহত মিঠা ।।

 

মাছক নিমন্ত্ৰণ জনাই গোৱা আন এটি গীত হ’ল এনেধৰণৰ-

ধৰ মাছ ধৰ,

একে টুপে তল কৰ,

মই মাৰি দিওঁ

তই আহি বামতে পৰ ।

 

“নাওখেলৰ গীত”-

অসমৰ পুৰণি খেলসমূহৰ ভিতৰত নাওখেল অন্যতম ।নাও খেল সাধাৰণতে মহা পুৰুষৰ তিথি ,দুর্গাপূজা,শ্ৰীকৃষ্ণাষ্টমী, স্বাধীনতা দিৱস ইত্যাদি উত্সৱ-পাৰ্বণ উপলক্ষে আয়োজিত হয় । এই বিধ জনপ্ৰিয় খেলৰ স’তে সংশ্লিষ্ট কিছুমান গীত আছে । সেই গীতসমূহকে নাও খেলৰ গীত বোলা হয় । নাও খেল অতি কষ্টকৰ খেল । নাৱৰীয়াসকলে অসীম কষ্টেৰে বঠা বাই বাই প্ৰতিযোগিতাত উত্তীৰ্ণ হ’ব লাগে । সেয়ে বাইচাসকলে শ্ৰম লাঘৱ কৰিবৰ বাবে বঠাৰছেৱেছেৱে গীত জুৰে । সংগ্ৰহীত তেনে এটি গীত হ’ল-

দিহা : হৰি বোল

হৰি বোল এহে ।

অ হৰিৰ নামতে

হৰি বোল এহে ।।

পদ: অ শুনিয়া মহিমা

হৰি বোল এ হে ।

অ’ সাৱধান কৰা চিত

অ’ ৰাম বোল কানাই হে ।।

অ’ ভায়াৰ মাৰা

হৰি বোল এ হে ।

অ’ মাৰি থাকা

হৰি বোল এ হে

অ’ ৰাম বোল কানাই হে ।

 

 

“মহোহো গীত বা মহ খেদা গীত”-

বহুভাষিক, বহুজাতিক ৰাজ্যৰ দৰে অসমৰ বহু উত্সৱৰো ৰাজ্য ।আমাৰ আলোচিত তেনে এক কৃষ্টি সম্পৃক্ত লোকানুষ্ঠান হ’ল মহোহো উত্সৱ বা মহৌখুন্দা উত্সৱ বা মহ খেদা উত্সৱ । মূলতঃ আঘোণ মাহৰ পূর্ণিমা তিথিত স্নিগ্ধ জোনাকৰ পোহৰত সন্ধিয়া গৰখীয়া ডেকা লৰাবোৰে দল বান্ধি ঠাই বিশেষে হাতে হাতেটোকান বা টাঙোন লৈ মানুহৰ ঘৰে ঘৰে এক প্ৰকাৰৰ প্ৰর্তীকধর্মীআশীর্বাদসূচক আৰু ধেমেলীয়া প্ৰকৃতিৰ গীত পৰিৱেশন কৰে । অনুষ্ঠানটো পৰিবেশিত গীতবোৰৰ কোনো লিখিত ৰূপ পোৱা নাযায় যদিও মানুহৰ মুখে মুখেমৌলিকভাৱেই ই চলি আহিছে । বাৰিষা ঋতুত মহ-ডাঁহ-মাখি আদিবোৰে মানুহৰ লগতে অন্য পোহনীয়া জীৱ-জন্তুৰো তেজ শুহি এক অস্বাস্থ্যকৰ পৰিবেশৰ সূচনা কৰে । বিশেষতঃ মহবোৰে তেজ শুহি কষ্ট দিয়াৰ পৰিপ্ৰেক্ষিতত গৰখীয়া ডেকাবোৰ ক্ষুদ্ধ হৈ পৰে আৰু মহবোৰ খেদি পঠিওৱাৰ উদ্দেশ্যে প্ৰতীক ৰুপে মাটিত টাঙোনেৰে খট খট শব্দ কৰি খেদি দিয়ে ।

গ্ৰাম্য লোককেন্দ্ৰিকমহ খেদা গীত ডেকাহঁতে গৃহস্থৰ পদূলিমুখৰ পৰাই প্ৰায় আৰম্ভ কৰে । দলটোৰ এজনে গীত লগায় দিয়ে আৰু আনকেইজনে দোহাৰে । অৱশ্যে ঠাইভেদে এইবিধ গীতসমূহৰ ভিন্নতা দেখা পোৱা যায় যদিও মহোহো উত্সৱত গোৱা এটি মহখেদা গীত হ’ল-

অ’ হৰি মহো হো ।

মহ খেইদবা টাঙোন ল ।।

মহে বলে মইল্লুদে ।

টেপৰ পুৰা খালুদে ।।

টেপৰত নহললুন ।

চাউল লাগে দোনদোন ।।

চাউল নেদি দিলাক কড়ি ।

এনথোৰ ঘৰ লৰি চৰি ।।

 

লৰিচৰি যাংতে ।

সণাৰনাঙালবাংতে ।।

সণাৰনাঙালৰুপাৰ ফাল ।

এনথোৰ ঘৰ দেইখবা ভাল ।।

হাল দিলুসীৰালে ।

মৈ দিলু পাটে ।।

মহোৰ মাকোক পাৰ কইল্লু ।

বুঢ়া দিয়াৰ ঘাটে ।।

 

এনে অনেক লোক গীতে আমাৰ লোকসাহিত্যৰ ভঁৰাল চহকী কৰিছে । কিন্তু চিন্তাৰ বিষয় এইয়ে যে অতি সাম্প্ৰতিক জাতীয় চেতনাসম্পন্ন এই গীত সমূহৰ আদৰ আমাৰ তথাকথিত আধুনিক সমাজখনত কমি আহিছে । এই লেখাত উল্লিখিত গীত সমূহ কেইটিমান অঞ্চলত প্ৰচলিত হৈ থকাৰ বিষয়েহে চমু আলোকপাত কৰা হৈছে যদিও অসমৰ আন কোনো অঞ্চলত যদি এনেকুৱা ধৰণৰ কোনো গীত প্ৰচলিত হৈ আছে সেই বিষয়েও চৰ্চা হোৱাৰ প্ৰয়োজন আছে । লক্ষণীয়ভাৱে পৰিবৰ্তিত পৰিবেশ পৰিস্থিতি আৰু আধুনিকতাৰ প্ৰভাৱত এই গীতসমূহ ক্ৰমাত বিলুপ্তিৰ দিশলৈ গতি কৰিছে ।সাংস্কৃতিক সাম্ৰাজ্যবাদক ৰঙা দলিচা পাৰি আদৰি অনাৰ পৰিণাম সময়ত লোকসমাজৰ বাবেই ভয়াৱহ হৈ উঠিব ।

 

****

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক