অসমীয়া সংগীতজগতঃ নিচাৰ পৰা পেচালৈ : টুৱাৰাম দত্ত

 

বৰ্তমানৰ অসমীয়া সংগীতজগতলৈ মন কৰিলে দেখা যায় যে সৰ্বভাৰতীয় প্রেক্ষাপটত আমাৰ সংগীতক্ষেত্রখন যথেষ্ট সন্মানজনক স্থানতেই অৱস্থান কৰি আছে। নতুন নতুন বহুত গায়ক-গায়িকাৰ আগমন ঘটিছে। জুবিন, অংগৰাগ ইত্যাদি ভালেকেইজনে সৰ্বভাৰতীয় ভিত্তিতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। সুখৰ কথাটো হ’ল- মই ভৱিষ্যতে গান গায়েই খাম বুলি ভাবিব পৰা পৰিৱেশ এটা আহিল। আজিৰ পৰা বিশ-পঁচিশ বছৰৰ আগতে গান গোৱাটো আছিল এটা নিচা, আজৰি সময়ৰ চৰ্চা। পেছাদাৰী গায়ক হ’ম বুলি ভৱাটো কল্পনাৰ অতীত। চৰকাৰী চাকৰি বা বেলেগ কিবা ব্যৱসায় নহ’লে গায়কৰ সংসাৰ নচলে। আকাশবাণী ডিব্ৰুগড় বা গুৱাহাটী কেন্দ্র দুটাই আছিল গান গাই দুটা পইচা পোৱাৰ উৎস। সেই সময়ৰ আকাশবাণী যোগেদি পৰিচিতি পোৱা চাৰু গোহাঁই, ৰিদিপ দত্ত, মধুমতী গোস্বামী, সমৰ হাজৰিকা, ঋতুপৰ্ণ শৰ্মা আদি আমাৰ বাবে আছিল একো একোজন হিৰো। কথাছবিত গীত গাই জনপ্রিয় হোৱা সকলৰ ভিতৰত আছিল দ্বিপেন বৰুৱা, নমিতা ভট্ট, পাহাৰী দাস ইত্যাদি। অৱশ্যে সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাদেৱ আছিল সকলোতকৈ সন্মানীয় আৰু জনপ্রিয়। তেনেকৈ বিহুগীতত ৰজা আছিল খগেন মহন্ত ডাঙৰীয়া। কিন্তু ডঃ ভুপেন হাজৰিকাদেৱক বাদ দি বাকী কোনেও কেৱল গান গায়েই সংসাৰ চলোৱাৰ সাহস কৰা নাছিল।

এইখিনিতে আমি অলপ ব্যক্তিগত কথাৰ পাতনি মেলাৰ লোভ সামৰিব নোৱাৰিলোঁ। ১৯৮৮ চনত প্ৰৱেশিকা পাছ কৰি আমি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰো। নতুন নতুন চিনাকী, নতুন নতুন বন্ধু। এক আনন্দময় পৰিৱেশ। সকলোৰে ভৱিষ্যতে চিকিৎসক নাইবা অভিযন্তা হোৱাৰ লক্ষ্য। কিন্তু তাৰ মাজতে এজন ন-চিনাকী বন্ধু কিছু যেন ব্যতিক্রম। তেওঁ কেৱল গান গোৱা, সুৰ কৰাৰ কথা কয়। নিজাকৈ কেছেট এটা বনোৱাৰ কথাও কয়। বন্ধুসকলৰ আড্ডাত তেওঁ কথাৰ সুঁতিটো সংগীত বা গানৰ ফাললৈ টানি নিবই। তেওঁ বোলে ভৱিষ্যতে পেছাদাৰী গায়ক হ’ব। আমি মনে মনে ভাবো ই উন্মাদ হ’ল নেকি? গান গাই ভাত-কাপোৰৰ জোৰা মৰা, অন্ততঃ আমাৰ অসমত অসম্ভৱ! আমি সকলোৱে তেওঁক আমনি পোৱা হ’লো। তেওঁৰ মুখা-মুখি হলেই কিবাকৈ বুধি কৰি এৰাই চলোঁ। ইফালে বিজ্ঞান শাখাৰ পঢ়াৰ ব্যস্ততা। উচ্চতৰ মাধ্যমিকৰ সেই দুটা বছৰ বন্ধুৰ পৰা এক প্রকাৰ পলাই পলায়ে কটালোঁ। আমাৰ দুচকুত চিকিৎসক নাইবা অভিযন্তাৰ ৰঙীন সপোন। গায়ক হোৱাৰ পাগলামি অন্ততঃ আমাৰ দৰে নিম্নবিত্তৰ লৰাই কৰাটো অবাস্তৱ।

এতিয়া সময় সলনি হ’ল। আজিকালি বিভিন্ন বিনোদনৰ মাধ্যম ওলাল। ইলেক্ট্ৰনিক চেনেল, মঞ্চ,ভি চি ডি, ধাৰাবাহিক,কথাছবি,ভ্ৰাম্যমাণ ইত্যাদিবোৰৰ আশীৰ্বাদত এতিয়া পেছাদাৰী গায়ক হৈ চলিব পৰাটো সহজ হৈ পৰিল। বৰঞ্চ, গায়কৰ পেছাটো প্রয়োজনতকৈ বেছি পইচা উপাৰ্জনৰ আহিলাহে হৈ পৰিছে। ধন, টকাৰ লগে লগে সন্মান, গ্লেমাৰৰো আগমন ঘটিল। নামী গায়ক এজনৰ অবিহনে বিভিন্ন বিহু মঞ্চ, সাংস্কৃতিক কাৰ্যসূচী আজিৰ সময়ত অচল। গোলকীকৰণৰ বসুধৈৱ কুটুম্বকণৰ যুগত, বহুজাতিক কোম্পানীৰ আশীৰ্বাদত (আগ্ৰাসনত?),ইণ্টাৰনেটৰ যুগত আজি ৰাতিটোৰ ভিতৰতে এজন গায়ক কোটিপটি হোৱাটোও সাধাৰণ কথা হৈ পৰিল।

এক অৰ্থত এয়া সুখবৰ। ই অসমৰ সংগীত জগতৰ সুস্বাস্থ্যৰ কথাকে প্রতিপন্ন কৰে। কিন্তু ক’ৰবাত যেন কিবা এটা আধৰুৱা আধৰুৱা ভাৱ। যিসকল গায়ক-গায়িকাই আজি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে তেওঁলোকে গীত-বাদ্যৰ আধুনিক ধাৰাটো বাছি লৈছে বাবেহে যেন সফল। লোকসংগীতৰ ধ্বজাবাহক চহা শিল্পী সকল ক’ৰবাত যেন অৱহেলিত, অনাদৃত। কিন্তু লোকসংগীতক বাদ দি সংগীতৰ পৃথিৱীখনে জানো সম্পূৰ্ণতা পায়? আজি এনেকুৱা ভাৱ হয় ফুটপাথ বা ৰে’লৰ ডবাৰ ভিতৰতহে যেন লোকসংগীত বাছি থাকিব। বিহু মঞ্চতো কোনোবাই লোকগীত গালে হুলস্থূল লাগে। লোকসংগীত যেন ক’ৰবাত দুখলগাকৈ এলাগী।

আৰু এটা কথা। অসমত পেছাদাৰী গায়কৰ আজিৰ জয়জয় ময়ময় দিনত গায়ক-গায়িকা সকল নিজৰ পেছাটোৰ প্রতি অধিক দায়ৱদ্ধ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিল। তেওঁলোক নৱ-প্ৰজন্মৰ বাবে হৈ পৰিছে ৰোল মডেল। তেওঁলোকৰ ৰাজহুৱা মঞ্চত ব্যৱহাৰ, আচৰণ, কথাবাৰ্তা ইত্যাদিবোৰ সংযমী আৰু সাৱধানী হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিল। অযথা, অনাহক বিতৰ্কই ক্ষন্তেকীয়া জনপ্রিয়তা হয়তো আনি দিব পাৰে, কিন্তু কালজয়ী, যুগজয়ী মৰ্যাদা ভাল কৰ্মৰ জৰিয়তেহে পাব পাৰি।

সংগীত মধুময়! জ্ঞানীজনৰ মতে সংগীতত ৰুচিবিহীন মানুহ মানে নেজ নাইকিয়া পশুৰ তুল্য। মনপৰশা সংগীত বা একোটা গীতে মানুহক বাস্তৱৰ ৰূঢ় পৃথিৱীৰ পৰা এক অনন্য, অনিৰ্বচনীয়, আনন্দময় পৃথিৱীলৈ পৰিভ্ৰমণ কৰায়। আৰু এনেহেন সংগীতৰ পৃথিৱীত সু-সভ্য, সু-সংস্কৃত আচৰণেহে পেছাদাৰী শিল্পীক স্থায়িত্ব দিব।

(-ই-মেইলঃ [email protected])

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments