অসমীয়া সাহিত্যৰ ই—সঁফুৰা আৰু জিলমিল অনুভৱৰ টুকুৰা…(অনুপমা বৰগোহাঁই)

মাধুৰীমাই খবৰ দিলে, ‘বিদ্যা বা আহিছে, আমালৈ তেওঁৰ চেনেহৰ সঁফুৰাৰ লগতে সাহিত্য ডট অৰ্গৰ ‘ই-সঁফুৰা’ও লৈ আনিছে।’ লৰালৰিকৈ ঘৰ-সংসাৰৰ যাৱতীয় সকলো কাম সামৰি মোৰ চাৰিচকীয়া বাহনখন, মেট্র’, ৰিক্সা, অটোৰিক্সা, পদব্রজে, সকলোতে পৰিভ্রমণ কৰি দিনৰ ২ বজাত আৰম্ভ কৰা যাত্রা সন্ধিয়া প্ৰায় ৮.৩০ বজাত শেষ কৰি মৰমৰ বিদ্যা আৰু ভিনদেউক লগ পালোঁ । তেওঁলোকৰ মৰমখিনি ভালদৰে ভোগ কৰিবলৈয়ে নাপালোঁ,‘ৰাতিৰ ৰামধেনু’ আৰু ‘ই-সঁফুৰা’ৰ টোপোলা দুটা লৈ অপৰিতৃপ্ত হৃদয়েৰে দুয়োজনীয়ে নিজ নিজ গৃহাভিমুখী হ’বলগীয়া হ’ল।

ৰাতিৰ সাঁজ খোৱাৰ পিছতে ‘ই-সঁফুৰা’খন গোগ্রাসে গিলিবলৈ ল’লোঁ। ক’ৰ পৰা আৰম্ভ কৰিম! অ ক বৰ মোৰ এক প্রিয় ব্যক্তিত্ব উদ্দীপ তালুকদাৰৰ গেংটকত অনুষ্ঠিত 3rd NE Award Summit & 4th SIKITEX 2012ত আগবঢ়োৱা বক্তব্যৰ পৰা নে মাধুৰীমাৰ ‘আঁহত তলৰ ভূতজনী’ৰ পৰা!—এই সকলোবোৰৰ পৰা ‘পলায়ন’ (উচ্চজিত কলিতা) কৰি ‘চিনাকি-অচিনাকি’(অনামিকা বৰুৱা ), ‘মই সাগৰিকা’ (চন্দ্রমা কলিতা)ই ‘বৈ যোৱা স্মৃতি’ ( বিভা বড়ো)ত ‘ৰাতি দিন জীৱন ৰঙীন’ (অজয়লাল দত্ত) কৰা ‘চিঠি’(সুব্রত গগৈ)খন পঢ়িলোঁ।

এতিয়া মই মোৰ ‘ভাৰ্চুৱেল পৃথিৱীৰ তিক্ত ৰিয়েলিটী আৰু কিছুমান ষ্টুপিড ইমচন’ (পংকজ বৰা)ৰ কথা ক’ম নে ‘মানৱতাৰ ধৰ্মনিৰপেক্ষতা’ (সুৰজিৎ নেওগ) আৰু ‘ ভূত সোপাধৰা আৰু মোৰ শৈশৱ’ (দিগন্ত যাদৱ শৰ্মা)ৰ ‘আধৰুৱা স্মৃতি’ (ঋতুমণি কাকতি)ৰ কথা ক’ম?  ‘জীৱনৰ এই অপৰাহ্ণ’ (ধনজিৎ কলিতা)ত ‘অসমীয়া কোন?’ (দেৱব্রত গগৈ) ‘খেল’ (প্রদ্যুতজ্যোতি শইকীয়া) খেলি ‘পৰিচয়বিহীন’ (উজ্জ্বল ফুকন) হ’লোঁ।

‘অপ্রাপ্তিৰ স্বৰলিপি’ (সুস্মিতা বৰা)ত মই নিলিখোঁ, কাৰণ আজি ‘ব’হাগ বিহু-ফাগুনীহঁতৰ উলাহে নধৰে হিয়া’ (অংশুমান বৰা),‘থকনা মাৰ দিম এ’ (মনোৰঞ্জন মজুমদাৰ)…কাৰোবাৰ মাতত ৰৈ গলোঁ । হয়, এতিয়া ব’হাগ বিহু নহয় মাঘ বিহুৰ বতৰ! চাৰিওফালে ‘উৎসৱ ‘The Pursuit of Performance’ (সমুদ্র কাজল শইকীয়া )।

‘বিয়াঘৰ’ (প্রতিম প্রতাপ বৰুৱা)ৰ কাৰণে ‘লোকেল মাছ’ (ডাঃ হেমন্ত কুমাৰ গগৈ) কিনি ‘ৰাহিৰ আঠ টকা’  (দীপচান চাংমাই) মিতালী বৰ্মনৰ ‘অ’ডিট’ ত মিলাব নোৱাৰি ‘হাতকেৰেয়া’ ( স্যামন্ত কুমাৰ গোস্বামী) পিন্ধাৰ কাহিনী ‘যাযাবৰৰ দিনলিপি’’ (ৰক্তিম গোস্বামী)ত পঢ়িলোঁ। এতিয়া মই ‘পেট্র’ল, আই টুৱেন্টি আৰু ‘হামাৰা বাজাজ’ (দিগন্ত কুমাৰ ভট্টাচাৰ্য)ত উঠি ‘মহৰ জিন’ ( অভিজিৎ কলিতা) বিচাৰি ওলালোঁ!

অতিথি সম্পাদক দিগন্ত ওজাদেৱে কোৱাৰ দৰে ময়ো কওঁ—‘এটা ভাত পিটিকি চাউল সিজাৰ কথা ক’ব পৰাৰ দৰে এটা গল্প কিম্বা ৰচনা পঢ়ি একোগৰাকী লেখকৰ সম্ভাৱনা বা দুৰ্ভাৱনাৰ বিষয়ে ভৱিষ্যতবাণী কৰাটো সম্ভৱ নহয়, তথাপি এই সংকলনটিৰ মাজেৰে গল্পকাৰ হিচাবে দিগন্ত কুমাৰ ভট্টাচাৰ্য, মাধুৰীমা ঘৰফলীয়া আৰু আন দুগৰাকীমানৰ মাজত ৰসগ্রাহী পঢ়ুৱৈয়ে যে বিপুল সম্ভাৱনা দেখিবলৈ পাব, সেয়া ধুৰূপ। অৱশ্যে পঢ়ুৱৈৰ আশাক বাস্তৱায়িত কৰাৰ দায়িত্বও তেওঁলোকে কান্ধ পাতি ল’ব লাগিব।’

অ ক বৰ লগত তথা সাহিত্য ডট অৰ্গৰ লগত ছেগা-চোৰোকাকৈ যোৱা বছৰৰ মে’ মাহৰ পৰা মই জড়িত হৈ আছোঁ, কিন্তু সাহিত্যৰ জগতখনৰ লগত পাঠিকা হিচাবে আখৰ চিনি পোৱা দিনৰ পৰাই জড়িত আছোঁ । মা-দেউতাই আমাৰ ঘৰৰ গোটেইকেইটা লৰা-ছোৱালীক কিতাপৰ লগত বন্ধুত্ব কৰিবলৈ সৰুৰেই পৰা শিক্ষা দিছিল । তেতিয়াৰ পৰা এতিয়ালৈকে, হয়তো আমৰণ কিতাপ, কাগজ আৰু কলম মোৰ দুখ-সুখ, আশা- নিৰাশাৰ সংগী হৈ থাকিব! কিতাপে মোৰ লগত কথা পাতে, সাহস দিয়ে, হঁহুৱায়, কেতিয়াবা কন্দুৱায়ো। আৰু কাগজ-কলমে ধৈৰ্যশীল বন্ধুৰ দৰে মোৰ সকলো আবোল-তাবোল ভাৱৰ কথা শুনি যায়। অ ক বই মোৰ আবোল-তাবোল ভাৱবোৰ মোৰ দৰেই ভাৱবিলাসী, আখৰৰ মুকুতা ভালপোৱা কিছু ব্যক্তিৰ ওচৰত মেলি দিবলৈ সাহস দিলে !!!

‘অসমীয়া সাহিত্যৰ ই—সঁফুৰাত প্ৰকাশিত প্রতিটো লেখাই মোক, সংশ্লিষ্ট লেখকজনক দিয়াৰ সমানেই আনন্দ আৰু প্রেৰণা দিছে। মই আমাৰ অ ক ব গোটৰ সকলো সদস্যকে ই—সঁফুৰা পঢ়িবলৈ আৰু পঢ়ুৱাবলৈ অনুৰোধ জনালোঁ । ‘ভাষা সাহিত্য সন্মিলনী, অসম’ৰ সকলো সদস্যক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই নতুন বৌদ্ধিক আন্দোলনে অসমীয়া সাহিত্যক বিশ্বৰ অন্যতম সাহিত্যৰূপে স্বীকৃতি দিয়াত সহায় কৰক !! জয়তু অ ক ব, জয়তু ভাষা সাহিত্য সন্মিলনী, অসম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments