অসমীয়া সাহিত্যৰ বুৰঞ্জী — ড° মৃণাল জ্যোতি গোস্বামী


ষষ্ঠ অধ্যায় : অৰুণোদয় যুগৰ অসমীয়া সাহিত্য

৬.১ আৰম্ভণি

  কোনো এটা জাতিৰ জাতীয় চৈতন্যৰ উদয় হয় প্ৰধানতঃ মধ্যবিত্ত শ্ৰেণীৰ মাজেৰে৷ আমি আলোচনা কৰি থকা কালছোৱাতে, ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ ছাঁত অতি দুৰ্বলভাৱে অসমীয়া মধ্যশ্ৰেণী এটাৰ বিকাশ হৈছিল৷ এই বিষয়ে ইতিমধ্যে পঞ্চম অধ্যায়ত আলোচনা কৰি অহা হৈছে বাবে ইয়াত সকলো কথা পুনৰুক্তি কৰাৰ পৰা বিৰত থাকি কেইটামান বিশেষ দিশহে উনুকীয়াব বিচৰা হৈছে৷ 

সেই সময়ত আৰম্ভ হোৱা ব্ৰিটিছৰ শিক্ষানীতিৰ প্ৰধান লক্ষ্য আছিল চৰকাৰ আৰু জনতাৰ মাজত সম্পৰ্ক ৰক্ষাকাৰী এনে এটা শ্ৰেণী সৃষ্টি কৰা যি ‘‘Indian in blood in colour, but English in taste in opinions, in morals and in intellect.’’ (মেকলেৰ স্বীকাৰোক্তি)৷ সেইবাবেই শোষণৰ ভৰত কোঙা হৈ পৰা প্ৰজাৰ ক্ষোভৰ বহিপ্ৰৰ্কাশ ঘটাৰ সময়তো এই মধ্যশ্ৰেণীটো নিমাতে আছিল৷ ১৮৩৬ চনত ইংৰাজসকলে অসমৰ চৰকাৰী কাৰ্যালয়, কাছাৰী, বিদ্যালয়ত বাংলা ভাষাৰ প্ৰচলন কৰে৷ এনে ব্যৱস্থা প্ৰচলন হোৱাৰ পৰা ভালে কেইবছৰলৈ ইয়াৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়াই হোৱা নাছিল৷ কাৰণ, তেতিয়ালৈকে অসমীয়া ভাষা-সাহিত্য সম্পকয় জাতীয় চেতনাৰ বিকাশেই হোৱা নাছিল৷ প্ৰসংগক্ৰমে উল্লেখ্যযোগ্য যে অসমত বাংলা ভাষা প্ৰচলনৰ বাবে আমাৰ বহুকেইজন সাহিত্যৰ ইতিহাসকাৰে মূলতঃ বঙালীসকলক হে জগৰীয়া কৰি আহিছে; কিন্তু সেই সময়ৰ অসমীয়া ভাষা প্ৰতিষ্ঠাৰ মূল নেতা আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ লিখনিত তেনে ধৰণৰ কোনো দৃষ্টিভংগীৰ প্ৰকাশ হোৱা দেখা নাযায়৷ আনকি অসমৰ সকলো চৰকাৰী কাম কাজত বাংলা ভাষা প্ৰচলন হোৱাৰ কিছু দিন পিছতে ১৮৩৯ চনত যদুৰাম ডেকা বৰুৱাই অসমীয়া বাংলা অভিধান ৰচনা কৰে৷ তাৰ আগতেওঁ হলিৰাম ঢেকিয়াল ফুকনে বাংলা ভাষাতে আসাম বুৰঞ্জী (১৮২৯) ৰচনা কৰিছিল৷ হেমচন্দ্ৰ বৰুৱাইও তেওঁৰ লিখনিত অসমীয়া মানুহৰ বাংলা ভাষা প্ৰীতি সম্পৰ্কে উল্লেখ কৰিছে– ‘‘সকলোৱেই ৰঙ্গিনী ৰঙ্গীয়াক সঙ্গিনী কৰি লৈছিল, অৱশ্যে ময়ো এই নিয়মৰ বাহিৰ নাছিলো, বঙ্গ ভাষা মোৰ বুকুৰ কুটুম আছিল৷’’ এনেদৰেই ব্ৰিটিছসকলে নিজৰ সুবিধাৰ বাবে অসমত বাংলা ভাষাৰে প্ৰশাসনিক কাম-কাজ চলাবলৈ দি অসমীয়া ভাষাক ঘৰতে এলাগি কৰে৷ এই ক্ষেত্ৰত ব্ৰিটিছৰ সহায় কৰিছিল তৎকালীন অসমীয়া সমাজৰ অভিজাত শ্ৰেণীটোৰ ৰাজভক্তি তথা তেওঁলোকৰ মাজত থকা বাংলা ভাষাপ্ৰীতি আৰু সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি থকা নিচাত্মিকাবোধে৷ এই বাস্তৱিকতাই ইংৰাজসকলক তেওঁলোকৰ সাম্ৰাজ্যবাদৰ মূলমন্ত্ৰ ‘বিভেদ কৰি শাসন কৰা’ৰ নীতি প্ৰৱৰ্তন কৰাত সহায় কৰে৷ এই ক্ষেত্ৰত হীৰেন গোহাঁইৰ এষাৰ মন্তব্য উল্লেখযোগ্য– ‘‘অসমীয়া মধ্যবিত্তৰ দুৰ্বলতাৰ বাবেই ব্ৰিটিছে তেওঁলোকৰ ওপৰত বাংলা ভাষা জাপি দিব পাৰিছিল৷’’

এই সময়ছোৱাতে ব্ৰিটিছসকলে অসমত ইংৰাজী শিক্ষাৰ শিক্ষানুষ্ঠান আৰম্ভ কৰে৷ ব্ৰিটিছসকলে অসমত ইংৰাজী শিক্ষাৰ শিক্ষানুষ্ঠান প্ৰৱৰ্তন কৰাৰ মূল কাৰণ আছিল তেওঁলোকৰ প্ৰশাসনিক কাম-কাজত সহায় কৰিবৰ বাবে যাতে এই খণ্ডৰ মানুহ সক্ষম হৈ উঠে৷ ১৮৩৫ চনত গুৱাহাটীত ‘ইংলিছ চেমিনাৰী’ নামেৰে এখন ইংৰাজী স্কুল প্ৰতিষ্ঠা কৰা হয়৷ এই স্কুলখনত পাঠদান কৰা হৈছিল বাংলা আৰু ইংৰাজী ভাষাত৷ এইখনেই অসমত প্ৰতিষ্ঠা কৰা প্ৰথম ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান৷ পৰৱৰ্তী সময়ত ১৯৪১ চনত দ্বিতীয়খন ইংৰাজী স্কুল স্থাপন কৰা হয় শিৱসাগৰত৷ অসমত ইংৰাজী শিক্ষা আৰম্ভ হোৱাৰ পাছতে অসমৰ শিক্ষা জীৱনলৈ আমূল পৰিৱৰ্তন আহে৷ সহজেই অনুমেয় যে এই দুখন ইংৰাজী মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰাৰ আঁৰত ইংৰাজসকলৰ সাম্ৰাজ্যবাদী চিন্তাই প্ৰভাৱিত কৰিছিল আৰু সেই দুখন স্কুলত ভিৰ কৰিছিলহি সেই সময়ৰ অসমৰ উচ্চ-বংশজাত শিক্ষাৰ্থীয়েহে৷ কাৰণ ‘‘গুৱাহাটীত ১৮৩৫ চনত ‘ইংলিছ চেমিনাৰী’ স্থাপন হোৱাৰ পিছত, যি চাম মধ্যবিত্তৰ উদ্ভৱ হৈছিল, তেওঁলোকেই কলিকতাত উচ্চ শিক্ষালৈ ঘূৰি আহোঁতে, আধুনিক জগতৰ বাতৰি অসমলৈ বহন কৰি আহিছিল৷’’ আনন্দৰাম ঢেকিয়াল ফুকন আছিল এই ক্ষেত্ৰত অগ্ৰগণ্য৷ তেওঁৰ পথ অনুসৰণ কৰি গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰে৷ অৱশ্যে এটা কথা ঠিক যে এই নব্য শিক্ষিত চামটোৱে ব্ৰিটিছৰ প্ৰতি গভীৰ আনুগত্য প্ৰকাশ কৰিয়েই অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক উন্নতি বিচাৰিছিল৷ প্ৰসংগক্ৰমে স্মৰণযোগ্য যে ১৮৭৪ চনলৈ অসমত হাইস্কুলৰ সংখ্যা আছিল মাত্ৰ ৬ খন, মধ্য ইংৰাজী বিদ্যালয় আছিল মাত্ৰ ১১ খন৷ ১৮৫৪ চনলৈ এজনো ছাত্ৰই উচ্চ ইংৰাজী স্কুল আৰু কলেজত পঢ়িবলৈ যোগ্যতা অৰ্জন কৰিব পৰা নাছিল৷ 

এই সময়ৰ আন এটা উল্লেখযোগ্য ঘটনা হ’ল– অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে মিছনেৰীসকলৰ প্ৰৱেশ৷ তেওঁলোকে অনুভৱ কৰিলে– “অসমীয়া ভাষাৰ নুমাওঁ নুমাওঁ হোৱা চাকিটিত তেল নিদিলে খ্ৰীষ্ট ধৰ্মৰ আলোকেৰে মানুহৰ মন পোহৰ কৰা টান হ’ব৷ কাজেই অসমীয়া ভাষাৰ শলিতা গছিৰ গুৰিত তেল ঢালিবলৈ, তেওঁবিলাক সাজু হ’ল৷’’ এক কথাত ক’ব পাৰি অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে মিছনেৰীসকল যত্নপৰ হ’ল৷ লগতে এই কালছোৱাতে, কলিকতাত পঢ়িবলৈ যোৱা মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰতিভূসকলে তাত সৰ্বভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটৰ লগত পৰিচিত হৈ অসমক বাংলা ভাষাৰ পৰা মুক্ত কৰাৰ যুক্তি বিচাৰি পায়৷ লগতে নব্য সভ্যতা-সংস্কৃতিৰ আলোকেৰে জীৱনটি ন-ৰূপেৰে চাবলৈ শিকিলে৷ তেতিয়া তেওঁলোকে অনুভৱ কৰিলে যে জাতিৰ এই বিকাশৰ ক্ষেত্ৰত বাধা হিচাপে দেখা দিছে বাংলা ভাষা৷ সেয়ে তেওঁলোকে ব্ৰিটিছৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিও ভাষিক আত্মপ্ৰতিষ্ঠাৰ বাবে যত্নপৰ হ’ল৷ তেওঁলোকে অনুধাৱন কৰিছিল যে ভাষাৰ জৰিয়তেহে শাসক আৰু শাসিতৰ মাজৰ ব্যৱধান হ্ৰাস কৰিব পৰা যাব৷ আনন্দৰাম ঢেকিয়াল ফুকনে অকলশৰীয়াকৈ অসমৰ পঢ়াশালি আৰু কাছাৰীত বাংলা ভাষা প্ৰৱৰ্তনৰ বাবে প্ৰথমবাৰৰ বাবে অনুৰোধ জনালে৷ এই কথাও পূৰ্ৱবৰ্তী অধ্যায়ত আলোচনা কৰি অহা হৈছে৷ 

তদানীন্তন সময়ছোৱাতে ব্ৰিটিছে অসমত চাহ উদ্যোগ স্থাপন কৰে আৰু খাৰুৱা তেল তথা কয়লা নিষ্কাষণ কৰি নিজৰ পুঁজি টনকিয়াল কৰিবলৈ ধৰে৷ এই উদ্যোগসমূহে কিন্তু অসমৰ থলুৱা ৰাইজৰ অৰ্থনীতিত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিল৷ অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱেও এনেবোৰ ব্যৱসায়ত হাত দিছিল যদিও তেতিয়ালৈকে অসমীয়া মধ্যবিত্তই বংগৰ দৰে এক সুসংহত শ্ৰেণী হিচাপে চিহ্নিত নোহোৱাত ব্ৰিটিছসকলৰ অনুগ্ৰহতে পালিত হৈছিল৷ ব্ৰিটিছ পুঁজিৰ লগত লগা সংঘাতৰ পৰিণতিতে মণিৰাম দেৱানক ফাঁচী দিয়া ঘটনাটিয়ে অসমীয়া নব্য মধ্যবিত্ত শ্ৰেণীটোক কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰিলে৷ ব্ৰিটিছৰ প্ৰতি সম্পূৰ্ণ আনুগত্য প্ৰকাশ কৰি ১৮৭২ চনত কলিকতাৰ অধ্যয়নৰত ছাত্ৰসকলৰ উদ্যোগত গঠিত হোৱা ‘অসমীয়া সাহিত্য সভা’ৰ হৈ জগন্নাথ বৰুৱা, মাণিক চন্দ্ৰ বৰুৱা আদিয়ে ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল নৰ্থ ব্ৰুকক আদৰণি জনাই অভিনন্দন পত্ৰ প্ৰদান কৰিছিল৷ লগতে¸ নিজৰ শ্ৰেণী স্বাৰ্থ ৰক্ষাৰ বাবে অসমলৈ ৰেল লাইন সম্প্ৰসাৰণৰ বাবে আৱেদন জনাইছিল৷ পৰৱৰ্তী সময়ত, ১৯৭৪ চনতো নৰ্থ ব্ৰুক গুৱাহাটীলৈ আহোঁতে তেওঁলোকেই অভিনন্দন পত্ৰ দি নিজৰ ৰাজভক্তি জ্ঞাপন কৰিছিল৷ মন কৰিবলগীয়া যে এই সময়ছোৱাত কিন্তু অসমৰ সৰ্বসাধাৰণ প্ৰজা ব্যস্ত আছিল ব্ৰিটিছৰ খাজানা বৃদ্ধি, শোষণ-নিপীড়ণৰ বিৰুদ্ধে বিদ্ৰোহত৷ সেইবাবে তেওঁলোকে ব্ৰিটিছৰ প্ৰতি দেখুওৱা আনুগত্য অসমীয়া সৰ্বসাধাৰণ ৰাইজৰ বুলি ভাবিলে ভুল হ’ব৷ ১৮৬১ চনৰ পৰা ১৮৯৪ চনলৈ অসমৰ সৰ্বসাধাৰণ কৃষকে কেইবাটাও বিদ্ৰোহ সংঘটিত কৰে৷ ইয়াৰে ভিতৰত পথৰুঘাট, সৰ্থেবাৰী, ৰঙিয়া আদিত সংঘটিত বিদ্ৰোহসমূহ উল্লেখযোগ্য৷ ১৮৯২ চনত ব্ৰিটিছ চৰকাৰে খাজানা বৃদ্ধিৰ কথা ঘোষণা কৰাৰ লগে লগে ৰাইজৰ মাজত বিক্ষোভৰ জন্ম হয় আৰু বিভিন্ন ৰাইজমেল পাতি চৰকাৰৰ এই নীতি পৰিৱৰ্তন কৰিবলৈ বিদ্ৰোহ আৰম্ভ কৰে৷ এই বিদ্ৰোহত বহুতো কৃষক আহত হোৱাৰ লগতে নিহতও হয়৷ এই বিদ্ৰোহসমূহত অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱে পিছে বৰ সবল ভূমিকা পালন কৰা নাছিল৷ দুই-এঠাইত সামান্য সংখ্যক সম্ভ্ৰান্ত শ্ৰেণীৰ লোকে সহযোগ কৰাৰ পৰিৱৰ্তে এই বিদ্ৰোহসমূহত সৰ্বসাধাৰণ প্ৰজাসকলেই অংশগ্ৰহণ কৰিছিল৷ অধিকাংশ মধ্যবিত্তই এই বিদ্ৰোহ দমন কৰাতহে সহায়ৰ হাত হে আগবঢ়াইছিল৷ এই ক্ষেত্ৰত হীৰেন গোহাঁইৰ এষাৰ মন্তব্য উল্লেখযোগ্য– ‘‘…চাকৰিজীৱী আৰু মৌজাদাৰ মানুহখিনিয়ে নতুন অসমীয়া মধ্যবিত্তৰ প্ৰতিনিধি আছিল আৰু এওঁলোকে ‘ৰাইজমেল’ৰ বিৰুদ্ধে গৈছিল আৰু তাক দমন কৰাত সহায় কৰিছিল৷’’ অৱশ্যে পৰৱৰ্তী সময়ত মধ্যবিত্তসকলে কৃষক বিদ্ৰোহ আৰু ৰাইজমেলৰ কৰ্মকাণ্ডখিনি অনুধাৱন কৰি অনুভৱ কৰিবলৈ ধৰিলে যে, – ৰাইজৰ অভাৱ অভিযোগসমূহ যদি আৱেদন-নিৱেদনৰ দ্বাৰা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পৰা যায় তেন্তে ৰাইজ কিছু শান্ত হ’ব৷ সেইবাবে উজনি অসমৰ মধ্যবিত্তসকলে গোটখাই ১৯৮৪ চনত ‘সাৰ্বজনিক সভা’ প্ৰতিষ্ঠা কৰে আৰু নামনি অসমত ভূস্বামীসকলে প্ৰতিষ্ঠা কৰে ‘ৰায়ত সভা’৷ তেওঁলোকে খাজানা বৃদ্ধিৰ বাবে মৃদুভাৱে চৰকাৰৰ ওচৰত আবেদন জনাইছিল যদিও কৃষকৰ সমানে সমানে থাকি বিক্ষোভ-বিদ্ৰোহত ভাগ লোৱা নাছিল৷ 

অৱশ্যে এই মধ্যশ্ৰেণীটোৱেই আছিল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি চৰ্চা আৰু বিকাশৰো প্ৰধান চালিকা শক্তি৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি মধ্যশ্ৰেণীৰ দুই এজন ব্যতিক্ৰম বাদ দিলে সকলোৰে আছিল নিভাঁজ আন্তৰিকতা আৰু বিকাশৰ সদিচ্চা৷ কিন্তু ঔপনিৱেশিক আমোলৰ মধ্যশ্ৰেণীয়ে পৰাধীনতাৰ শিকলিৰে বান্ধ খাই থাকিয়েই জাতীয় আত্মপ্ৰকাশৰ পথৰ সন্ধান কৰিছিল বাবে অসমীয়া সাহিত্যৰ গৌৰৱপূৰ্ণ সময় হৈও এই সময়ৰ সাহিত্যৰাজিত জনগণৰ প্ৰাণৰ স্পন্দন ধ্বনিত নহ’ল৷ 

ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে, মূলতঃ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য আগত ৰাখিয়েই খ্ৰীষ্টান মিছনেৰীসকলে অসমত পঢ়াশালি আৰু ছপাশাল স্থাপন কৰিছিল৷ এইদৰে অসমত ছপাশাল প্ৰতিষ্ঠা হোৱাৰ ফলত পাঠ্যপুথি আৰু খ্ৰীষ্টধৰ্ম প্ৰচাৰমূলক অনেক পুথি ৰচনা আৰু ছপা হ’বলৈ ধৰে৷ ফলত অসমত এক শৈক্ষিক পৰিৱেশে গঢ় লৈ উঠে৷ আনহাতে তেওঁলোকে প্ৰকাশ কৰা অৰুনোদই কাকতে দীৰ্ঘদিন ধৰি চৰ্চাহীন হৈ থকা অসমীয়া ভাষা-চৰ্চাৰ ক্ষেত্ৰত এক ভিত্তিভূমি তৈয়াৰ কৰি দিলে৷ মিছনেৰীসকলৰ সহযোগত অসমৰ বিভিন্ন ঠাইত গঢ়ি উঠা পঢ়াশালিবোৰে অসমৰ শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গতিকে দেখা যায় যে আধুনিক অসমীয়া ভাষা সাহিত্যৰ বিকাশত মিছনেৰীসকলে আগবঢ়োৱা অৱদানৰ ভিতৰত পঢ়াশালি স্থাপন প্ৰথম আৰু গুৰুত্বপূৰ্ণ অৱদান৷ 

ইংৰাজসকলে অসম অধিকাৰ কৰাৰ পৰা অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হোৱালৈকে প্ৰায় পঞ্চাশ বছৰকালৰ ভিতৰত সাহিত্যৰ যিখিনি চৰ্চা হ’ল– সেইখিনিয়েই অসমীয়া সাহিত্যৰ আধুনিকতাৰ ভেটি স্থাপন কৰিলে৷ 

৬.২ অৰুনোদইঃ অসমীয়া ভাষাৰ পুনঃ প্ৰতিষ্ঠাৰ সময় (১৮৪৬-১৮৭৩)

অসমলৈ মূলতঃ ধৰ্ম প্ৰচাৰৰ বাবে অহা আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলৰ পৃষ্ঠপোষকতাতে ১৮৪৬ চনত শিৱসাগৰৰ পৰা অৰুনোদই নামৰে প্ৰথমখন অসমীয়া আলোচনী তথা সংবাদ-পত্ৰ প্ৰকাশ পায়৷ অৰুনোদই কাকতখনেকে আধাৰ হিচাপে লৈ আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম-হেমচন্দ্ৰৰ লগতে কেইবাজনো অসমপ্ৰেমী মিছনেৰীয়ে আধুনিক অসমীয়া সাহিত্যৰ ভেটি স্থাপন কৰিলে৷ মন কৰিবলগীয়া যে এই সময়ৰে পৰাই অসমীয়া সাহিত্যই আলোচনীক সাৰথি কৰি চলিবলৈ ধৰে৷ অৰুনোদই কাকতখনৰ যোগেদিয়েই অসমীয়া আধুনিক গদ্যশৈলীয়ে প্ৰতিষ্ঠা লাভ কৰে৷ অৰুনোদই কাকতখন প্ৰকাশ হোৱাৰ পূৰ্বেও বাইবেলকে ধৰি কেইবাখনো অসমীয়া গদ্য পুথি ৰচিত হৈছিল যদিও সেই পুথিসমূহৰ ব্যৱহৃত অসমীয়া গদ্যৰ মাজত আধুনিক অসমীয়া গদ্যশৈলীৰ উক্মুকনিহে উপলব্ধি হয়, প্ৰকৃত প্ৰতিষ্ঠা লাভ কৰে অৰুনোদই কাকতখনৰ মাজেদিহে৷ সেইবাবেই মহেশ্বৰ নেওগে মন্তব্য কৰিছে– ‘‘…আধুনিক অসমীয়া গদ্য আৰু পদ্য ৰচনাৰ বাহনৰ বাবে আধুনিক অসমীয়া ভাষাৰ অভূ্যদয়ত অৰুনোদইৰ লেখকসকলে যেন এটা স্থায়ী সিদ্ধান্ত দি গ’ল৷’’ এই কাকতখনত প্ৰকাশ হোৱা প্ৰবন্ধই অসমীয়া গদ্যক ঐহিক, পাৰত্ৰিক, বিজ্ঞান-দৰ্শনৰ স্বাভাৱিক বাহন হিচাপে প্ৰতিষ্ঠিত কৰিলে৷ মিছনেৰীসকলে শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা অৰুনোদই কাকত প্ৰকাশ কৰাৰ লগতে বুৰঞ্জী, ভূগোল, প্ৰাকৃতিক বিজ্ঞান, সাধুকথা, নীতিকথা আৰু খ্ৰীষ্ট ধৰ্ম প্ৰচাৰমূলক বিভিন্ন পুথিও প্ৰকাশ কৰিছিল৷ 

মিছনেৰীসকলৰ গদ্যৰীতি আছিল সৰল আৰু উচ্চাৰণ অনুগামী৷ বৰ্ণ বিন্যাস প্ৰণালীও উচ্চাৰণ অনুগত, সেয়ে শ, ষ, স-ৰ ঠাইত কেৱল ‘স’, চ আৰু ছ-ৰ ঠাইত ‘চ’ ব্যৱহাৰ কৰিছিল৷ লগতে দীৰ্ঘ-ঈ আৰু দীৰ্ঘ-ঊ-ৰ ব্যৱহাৰ প্ৰায় বৰ্জন কৰিছিল৷ যুক্ত ব্যঞ্জনৰ পৰিৱৰ্তে দুটা ব্যঞ্জন বৰ্ণৰ মাজত এটা স্বৰবৰ্ণ যোগ দি শব্দ গঠন কৰিছিল৷ অসমীয়া ভাষাৰ কালিকা তেওঁলোকৰ ভাষাত অনুভূত নহয়৷ তেওঁলোকে অসমীয়া ভাষাৰ বাহ্যিক ৰূপটোহে আয়ত্ত কৰিছিল; অসমীয়া ভাষাৰ জতুৱা প্ৰয়োগ সম্পৰ্কে সচেতন নাছিল৷ সেয়ে মিছনেৰীসকলৰ ভাষাত বাক্য গঠন প্ৰণালীও ইংৰাজীৰ অনুগত আছিল৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনাৰ মাজতো মাজে মাজে ইংৰাজী গদ্যৰ ঠাঁচ অনুভৱ কৰা যায়, বিশেষকৈ যৌগিক বাক্য গঠন প্ৰণালীত৷ অৱশ্যে এওঁৰ ৰচনাৰ শব্দৰ প্ৰয়োগত আমি মিছনেৰীসকলৰ প্ৰভাৱ দেখিবলৈ নাপাওঁ৷ অসমীয়া ভাষাৰ ওজস্বিতা আৰু শক্তিমত্ত্বা ৰূপৰ প্ৰতিফলত আছে ঢেকিয়াল ফুকনৰ ৰচনাত৷ অৰুনোদই কাকতকে আধাৰ হিচাপে লৈ হেমচন্দ্ৰ বৰুৱাই অসমীয়া গদ্যক এটা স্থিৰ ৰূপ প্ৰদান কৰিলে৷ তেওঁ সংস্কৃত ব্যাকৰণৰ আৰ্হিৰে ব্যাকৰণ ৰচনা কৰি অসমীয়া গদ্যৰ বৈজ্ঞানিক ভেটি স্থাপন কৰিলে৷ 

অৰুনোদই কাকতৰ বেছি সংখ্যক ৰচনা গদ্যত ৰচিত যদিও এই সময়ছোৱাত কিছু সংখ্যক কবিতাও ৰচিত হৈছিল৷ এই কবিতাবোৰ আছিল মূলতঃ বৈষ্ণৱ ৰীতি আৰু পাশ্চাত্য ৰীতিৰ দোমোজাত ৰচিত৷ বৈষ্ণৱ যুগৰ ছন্দৰীতি, ভাব, ভাষাৰ আক্ষৰিক অনুগামী এই কবিতাৰজিৰ মাজত ঠাই, তীৰ্থৰ বিৱৰণেই প্ৰধান বিষয়বস্তু ৰূপে চিহ্নিত হৈছিল৷ আনহাতে বহু সংখ্যক কবিতা আছিল খ্ৰীষ্ট ধৰ্মৰ আদৰ্শৰ প্ৰকাশক৷ বিশেষকৈ নিধিৰাম ফাৰৱেলৰ কবিতাবোৰৰ মাজত তেনে মনোভংগী প্ৰকাশ হৈছিল৷  প্ৰসংগক্ৰমে উল্লেখযোগ্য যে নিধিৰামেই অৰুনোদই কাকতত অধিকাংশ কবিতা লিখিছিল, যেনে– ‘নিস্তাৰৰ উপাই’, ‘ইশ্বৰৰ দশম আখ্যা’, ‘প্ৰভু যিচুখ্ৰিষ্টৰ অৱতাৰ বিৱৰণ’, ‘নৰকৰ বিৱৰণ’, ‘স্বৰ্গৰ বিৱৰণ’, ‘বিনই বচন’, ‘কামাখ্যাৰ বিৱৰণ’ ইত্যাদি৷ ইয়াৰ উপৰি কিনাৰাম সত্ৰিয়াৰ ‘কলিকতাৰ সুখিয়াতি’, দয়াৰাম চেটিয়াৰ ‘চপাখানাৰ বিৱৰণ’, পূৰ্ণানন্দ গোহাঁইৰ ‘বিবেচনাৰ গুণ’, মুনশী কেফায়াৎ উল্লাৰ ‘জ্ঞানী-অজ্ঞানীৰ চৰিত্ৰ বৰ্ণনা’ আদি কবিতা অৰুনোদই কাকতত প্ৰকাশিত হৈছিল৷ 

অৰুনোদই কাকতত প্ৰকাশিত কবিতাৰাজিয়ে বাস্তৱ জীৱনৰ বিশেষ চিত্ৰ প্ৰতিফলিত কৰিব পৰা নাছিল, তদুপৰি বিষয়বস্তুৰ তৰলতা, ভাবৰ অগভীৰতা, আংগিকৰ দুৰ্বলতা, অপৰিপক্ব অভিজ্ঞতাৰ চানেকী প্ৰায়বোৰ কবিতাতে অনুভূত হয়৷ তথাপিতো এই কবিতাৰাজিয়েই পৰৱৰ্তী সময়ৰ অসমীয়া কবিতা সৃষ্টিৰ বাবে ভিত্তিভূমি নিৰ্মাণ কৰি দিলে৷ সেই বাবে মহেশ্বৰ নেওগে অৰুনোদইৰ ধলফাট নামৰ কিতাপখনৰ পাতনিত উল্লেখ কৰিছে– ‘‘অৰুনোদইৰ ফেহুজালিৰ সময়ত আধুনিক অসমীয়া কবিতাই চেৰা-শালিত কিদৰে কান্দিছিল, তাৰ আভাস বৰ কৌতূহলৰ বিষয়৷’’ 

  এই কাকতখনে অসমীয়া মানুহৰ মনৰ দিগন্ত বহল কৰি তুলিছিল৷ বিভিন্ন দেশৰ বুৰঞ্জী (অসমৰ বুৰঞ্জীকে ধৰি), ভূগোলৰ বিৱৰণ, সমসাময়িক ৰাজনৈতিক ঘটনাৱলী, বিজ্ঞানৰ বিভিন্ন দিশ, জীৱনী, ভ্ৰমণ বৃত্তান্তৰ লগতে অসমীয়া উপন্যাস আৰু নাটকৰ আৰম্ভ হয় অৰুনোদইৰ পাততে৷ 

এইখিনিতে উল্লেখযোগ্য যে অৰুনোদই কাকতত প্ৰকাশিত অধিকাংশ প্ৰবন্ধৰে লিখকৰ নাম পোৱা নাযায়৷ কোনো কোনো ক্ষেত্ৰত ‘৷৷’, ‘§’, ‘*’ ব্যৱহাৰ কৰা দেখা যায়৷ তাৰে ভিতৰত ‘৷৷’ চিহ্নটোৰ প্ৰয়োগ অধিক বাবে ইয়াক সম্পাদকীয় ৰচনাৰ ইংগিত বুলি মহেশ্বৰ নেওগে ধাৰণা কৰে৷ তদুপৰি ‘ন. ল.’ বা ‘ন.ল.ফ.’ সংকেত-ৰূপেৰে নিধিৰাম ফাৰৱেলে বহু প্ৰবন্ধ লিখিছিল বুলিও তেওঁ ধাৰণা কৰিছে৷ 

মিছনেৰীসকলৰ লগতে তেওঁলোকে প্ৰকাশ কৰা অৰুনোদই কাকতখনে অসমীয়া সাহিত্যলৈ অৱদান আগ বঢ়োৱাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভালেখিনি উন্নতি সাধন কৰিলে৷ থাওকতে সেই অৱদানসমূহ এনেদৰে লিপিবদ্ধ কৰিব পাৰি—

  মিছনেৰীসকলে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে যুঁজ দি অসমীয়া ভাষাক পঢ়াশালি আৰু আদালতত পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিলে৷ অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰমাণ কৰাৰ লগতে মাতৃভাষাৰ যোগেদি লাভ কৰা শিক্ষাৰ পৰাহে অসমীয়া জনসাধাৰণৰ উন্নতি যে সম্ভৱ এই কথা প্ৰমাণসহ ব্যাখ্যা কৰাৰ ক্ষেত্ৰত মিছনেৰীসকলে যি অহোপুৰুষাৰ্থ কৰিলে তাৰ বাবে অসমীয়া ভাষা-ভাষী তেওঁলোকৰ ওচৰত চিৰদিনৰ বাবে ঋণী৷ 

  অভিধান, ব্যাকৰণ আৰু পাঠ্যপুথি নহ’লে যে কোনো ভাষা আয়ত্ত কৰা আৰু সাহিত্য ৰচনা কৰা সম্ভৱ নহয় সেই কথা অনুধাৱন কৰি তেওঁলোকে অসমীয়া ব্যাকৰণ, অভিধান আৰু পাঠ্যপুথি প্ৰস্তুত কৰি অসমীয়া সাহিত্যৰ বৰভেটি বান্ধিলে৷ অৱশ্যে এইবোৰ তেওঁলোকে নিজৰ সুবিধাৰ বাবেই প্ৰণয়ন কৰিছিল৷ 

  এওঁলোকেই অসমীয়া ভাষাত প্ৰথমে আলোচনী-বাতৰি কাকত উলিয়াই অসমীয়া মানুহক পাশ্চাত্য জগতৰ সন্ধান দিছিল৷ 

  মিছনেৰীসকলে পুৰণি জ্ঞান-বিজ্ঞান আৰু বুৰঞ্জীৰ পুথি সংগ্ৰহ কৰি তেওঁলোকৰ প্ৰেছৰ পৰা প্ৰকাশ কৰিছিল৷ এয়াই আছিল পুৰণি পুথি সংগ্ৰহ আৰু সংৰক্ষণৰ প্ৰথম প্ৰচেষ্টা৷ ইয়াৰ জৰিয়তে তেওঁলোকে মূল্যবান তথা দুষ্প্ৰাপ্য বস্তু কেনেদৰে আৰু কিয় সংগ্ৰহ কৰি ৰাখিব লাগে সেই কথাও অসমীয়া জাতিক শিকাই থৈ গ’ল৷ নহ’লে বহুতো প্ৰাচীন অসমীয়া পুথি হয়তো কালৰ সোঁতত কেতিয়াবাই বিলুপ্ত হ’লহেঁতেন৷ 

  মিছনেৰীসকলে ইংৰাজী শব্দৰ ভাব লৈ বহুত নতুন শব্দ সৃষ্টি কৰিলে, যেনে– ice-ৰ বাবে ‘শিলপানী’ বা ‘পানীশিল’; grape-ৰ বাবে ‘লতা-পনীয়ল’ ইত্যাদি৷ অৱশ্যে এনে আচহুৱা শব্দবোৰ সৰ্বসাধাৰণ ৰাইজে গ্ৰহণ নকৰিলে৷ 

  মিছনেৰীসকলে আমাৰ ভাষাক এটা নতুন সুৰ শিকাই থৈ গ’ল৷ সেই সুৰটি অসমীয়া ভাষাই আগতে নাজানিছিল৷ ভাৰতবৰ্ষৰ কোনো ভাষাই নাজানিছিল৷ ই পাশ্চাত্য সাহিত্যৰ নিজা সৃষ্টি আৰু মিছনেৰীসকলে সাত সাগৰ তেৰ নৈ পাৰ হৈ আহি ভাৰতবৰ্ষৰ ভাষাবোৰক শিকাই দিলেহি৷ বৰ্তমান যুগৰ ভাৰতবৰ্ষৰ আন আন সাহিত্যৰ দৰে অসমীয়া সাহিত্যৰো য’তে টোকাৰ মৰা যায় ত’তেই এই বিলাতী সুৰটোৰ গুণগুণনি শুনিবলৈ পোৱা যায়৷ সেই বাবেই হেমচন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে– “তুমি সেই সুৰটিৰ স্বভাৱ নুবুজিব পাৰা, কিন্তু শংকৰদেৱক মাতা, মাধৱদেৱক মাতি অনা তেওঁলোকে ততালিকে বুজাই দিব যে এইটো ভাৰতবৰ্ষীয় সুৰ নহয়, বিলাতী সুৰ৷” আন কথাত ক’বলৈ হ’লে মিছনেৰীসকলৰ লেখনিৰ যোগেদিয়েই পাশ্চাত্য ভাবধাৰাই অসমীয়া ভাষাত প্ৰৱেশ কৰে৷  

  মিছনেৰীসকল তথা অৰুনোদই কাকতখনকেই আধাৰ হিচাপে লৈ আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিৰ দৰে এদল অসমীয়া ভাষা-সাহিত্যৰ সেৱকৰ সৃষ্টি হ’ল৷ 

  অৰুনোদই কাকতখনৰ যোগেদিয়েই অসমীয়া জনসাধাৰণে এখন বহল জগতৰ সন্ধান পালে৷ দেশ-বিদেশৰ বতৰা, জ্ঞান-বিজ্ঞান, ইতিহাস, বিজ্ঞানৰ আৱিষ্কাৰ আদিৰ বতৰা এই কাকতৰ জৰিয়তেই অসমীয়া মানুহে লাভ কৰে৷ সেই বাবেই মহেশ্বৰ নেওগে মন্তব্য দিছে– ‘‘ৰাজভগনৰ পৰা বাদুলিয়ে কলঠোক খোৱালৈকে’’ সকলো কথা অৰুনোদইত প্ৰকাশ পাইছিল৷ 

  মিছনেৰীসকলৰ স্থাপন কৰা ইংৰাজী শিক্ষাৰ অনুষ্ঠানসমূহৰ পৰাই অসমত ইংৰাজী শিক্ষাৰ শিক্ষানুস্থানৰ আৰম্ভ হয়৷ ইয়াৰ ফলত কেইবাজনো অসমীয়া ব্যক্তি ইংৰাজী শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে আধুনিক সাহিত্যৰাজি ৰচনা কৰিবলৈ এক ভেটি লাভ কৰিলে৷ 

মিছনেৰীসকলে অৰুনোদই কাকত প্ৰকাশ কৰি অসমীয়া ভাষা-সাহিত্য তথা সমাজ জীৱনলৈ এক অভূতপূৰ্ব অৱদান আগ বঢ়াই থৈ গৈছে৷ এই কাকতখনে অসমীয়া মানুহৰ মনত গভীৰ আত্মপ্ৰত্যয়, জাতীয় চেতনা আৰু ঐতিহ্যপ্ৰীতিও সৃষ্টি কৰি আধুনিক অসমীয়া সাহিত্যৰ বিকাশত প্ৰভুত প্ৰেৰণা প্ৰদান কৰিছিল৷ সেইবাবে অৰুনোদই কাকতখনত বা সমসাময়িক সময়ত ৰচিত অসমীয়া সাহিত্যৰ গুণগত মূল্য যিয়েই নহওক লাগিলে, অসমীয়া মানুহ আৰু অসমীয়া সাহিত্যক স্থবিৰতাৰ পৰা গতিশীলতালৈ, প্ৰাচীনৰ পৰা আধুনিকলৈ, পূৰ্বৰ সীমাবদ্ধতাৰ পৰা বিশালতৰ জগত এখনলৈ লৈ যোৱাত এই যুগৰ বৰঙনি অসমীয়া জীৱনৰ বাবে চিৰস্মৰণীয়৷ 

প্ৰসংগক্ৰমে স্মৰণযোগ্য যে অৰুনোদই কাকতখনকে আধাৰ হিচাপে লৈ সাহিত্য ৰচনাত ব্ৰতী হোৱা লেখকসকলক সাহিত্যৰ ইতিহাসকাৰসকলে দুটা ভাগত ভাগ কৰি আলোচনা কৰিছে, যথা– খ্ৰীষ্টিয়ান লেখক আৰু অখ্ৰীষ্টিয়ান বা অসমীয়া লেখক৷ ইয়াৰে খ্ৰীষ্টিয়ান লেখকসকলে মূলতঃ অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ বাবে ধৰ্মমূলক গ্ৰন্থ ৰচনা কৰিছিল৷ অৱশ্যে তাৰ লগতে অভিধান, ব্যাকৰণ, পঢ়াশলীয়া পুথি আদিও ৰচনা কৰিছিল৷ আনহাতে অসমীয়া ভাষী-সাহিত্যৰ উন্নতিৰ হকে সেইসময়ত কলম ধৰিছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাই৷ তেওঁলোক অখ্ৰীষ্টিয়ান বা অসমীয়া লেখকৰ অন্তৰ্গত৷ 

৬.২.১ খ্ৰীষ্টিয়ান লেখকসকল

অসমীয়া ভাষাৰ পুনঃ প্ৰতিষ্ঠাৰ সময়ৰ খ্ৰীষ্টিয়ান লেখকসকলৰ ভিতৰত নাথান ব্ৰাউন, তেওঁৰ পৰিবাৰ এলিজা ব্ৰাউন, মাইলচ্ ব্ৰন্সন, এ. কে. গাৰ্ণী, নিধিৰাম ফাৰৱেলৰ নাম উল্লেখযোগ্য৷ তেওঁলোকৰ উপৰি আৰু কেইবাগৰাকী খ্ৰীষ্টিয়ান লেখকে এই কালছোৱাত বিভিন্ন সাহিত্য ৰচনা কৰি অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল৷ 

• নাথান ব্ৰাউন : আমেৰিকান বেপ্তিষ্ট মিছনেৰী নাথান ব্ৰাউন ১৮৩৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰপৰা মিছনেৰীৰ কামত সপৰিয়ালে অসমলৈ আহে৷ তেওঁলোকে পোন প্ৰথমে শদিয়ালৈ যায় আৰু তাতে থাকি খাম্তি আৰু অসমীয়া ভাষা শিকে৷ এই সময়ছোৱতে তেওঁ নতুনকৈ পতা পঢ়াশালিত পাঠদান কৰিবৰ বাবে বিভিন্ন পাঠ্যপুথি ৰচনা কৰে আৰু বাইবেলৰ নিউ টেষ্টামেণ্টৰ ভাঙনিও আৰম্ভ কৰে৷ ১৮৩৯ চনত চিংফৌ আৰু খাম্তিসকলে অত্যাচাৰত থাকিব নোৱাৰি ব্ৰাউনে শদিয়াৰ পৰা জয়পুৰলৈ গুচি যায়৷ এই সময়ছোৱাতে ব্ৰাউনৰ গাভৰু জীয়ৰী ডৰথি ছফিয়াৰ মৃত্যু হয় আৰু পত্নী এলিজা ব্ৰাউনো সঘনে অসুখত ভুগিবলৈ ধৰে৷ অৱশেষত তেওঁ ১৮৪৩ চনত জয়পুৰৰপৰা শিৱসাগৰলৈ উঠি আহে আৰু শিৱসাগৰতে থিতাপি লৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ লগতে অসমীয়া ভাষা আৰু সাহিত্যচৰ্চাত মনোনিবেশ কৰে৷ 

নাথান ব্ৰাউনে বাইবেলৰ নিউ টেষ্টামেনৰ অসমীয়া ভাঙনি আমাৰ ত্ৰাণকৰ্তা য়িচুখ্ৰীষ্টৰ নতুন নিয়ম (প্ৰথম প্ৰকাশ ১৮৪৯ চন); বাইবেলৰে ‘মেথিউ’, ‘লিউক’, ‘মাৰ্ক’, ‘য়হান’– এই চাৰিটা খণ্ড অসমীয়ালৈ অনুবাদ কৰি খ্ৰীষ্টৰ বিৱৰণ আৰু শুভ বাত্ৰা নামৰে পুথিৰ আকাৰে প্ৰকাশ কৰে৷ ইয়াৰ লগতে তেওঁ কেইবাটাও স্তুতিগীত অসমীয়ালৈ অনুবাদ কৰিছিল৷ নাথান ব্ৰাউনৰ অসমীয়া ভাষালৈ প্ৰধান অৱদান আছিল তেওঁ ৰচনা কৰা এখন অসমীয়া ব্যাকৰণ৷ ১৮৪৮ চনত ৰচনা কৰা এই ব্যাকৰণখনৰ নাম আছিল Grammatical Notices of the Assamese Language৷ উল্লেখযোগ্য যে এইখন অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ৷ অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন হৈছে Grammar of the Asamese Language৷ ইংৰাজ মিছনেৰী উইলিয়াম ৰবিন্সনে ১৮৩৯ চনত এইখন ব্যাকৰণখন ৰচনা কৰিছিল৷ ব্ৰাউন চাহাবৰ ব্যাকৰণ পুথিথনৰ প্ৰথম সংস্কৰণটো ইমান সহজলভ্য নহয়৷ এই পুথিখন ১৮৯৩ চনত P.H. Moore চাহাবে সম্পাদনা কৰি প্ৰকাশ কৰা তৃতীয় সংস্কৰণটিত নামটো সলাই Grammatical Notes on the Assamese Language কৰা হয়৷ পুথিখনৰ দ্বিতীয় সংস্কৰণ কেতিয়া, ক’ৰ পৰা প্ৰকাশ পাইছিল সেই সম্পৰ্কে কোনো তথ্য পোৱা নাযায়৷ এই ব্যাকৰণখনৰ প্ৰথম সংস্কৰণত ভাষাটো যেনেদৰে উচ্চাৰিত হয় তেনেদৰেই লিখিত ৰূপো দিয়া হৈছিল৷ অৱশ্যে এইখন এখন পূৰ্ণাঙ্গ ব্যাকৰণ নহয়৷ কিন্তু অসমীয়া ভাষা শিকিবৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ ইয়াত চমু আৰু শুদ্ধ ৰূপত প্ৰকাশ পাইছে৷ 

ইয়াৰ লগতে তেওঁ যোচেফৰ কাহিনী আৰু যীশু খ্ৰীষ্টৰ জীৱনীও ব্ৰাউনে ৰচনা কৰিছিল৷ ব্ৰাউনে প্ৰথমখন অসমীয়া উপন্যাসধৰ্মী ৰচনা যাত্ৰিকৰ যাত্ৰা ৰচনা কৰিছিল৷ এই উপন্যাসধৰ্মী ৰচনাখনজন বনিয়ানৰ Pilgrim’s Progress অসমীয়া অনুবাদ৷ নাথান ব্ৰাউনে আন এগৰাকী খ্ৰীষ্টান মিছনেৰী ও. টি. কট্টাৰৰ লগ লাগি ১৮৪৬ চনত প্ৰথমখন অসমীয়া সংবাদপত্ৰ অৰুনোদই শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ কৰিছিল৷ ইয়াৰ উপৰি ১৮৪৪ চনত কাশীনাথ তামোলী ফুকনৰ আসাম বুৰঞ্জী পুথি, ১৮৪৫ চনত বকুল কায়স্থৰ গণিতৰ পুথি আৰু ১৮৫০ চনত চুতীয়া বুৰঞ্জী ছপা কৰি উলিয়াইছিল৷ ব্ৰাউন আছিল একাধাৰে অনুবাদক, গ্ৰন্থকাৰ, প্ৰকাশক, সম্পাদক, শিক্ষক আৰু ধৰ্মপ্ৰচাৰক৷ ব্ৰাউনৰ অসমীয়া সাহিত্যলৈ অৱদান সম্পৰ্কে মহেশ্বৰ নেওগে প্ৰদান কৰা– ‘‘…ব্ৰাউনে অসমক যি দান দি গ’ল সি যেনে বহুমুখী, তেনে স্থায়ীও’’ –এই মন্তব্যটোৰেই তেওঁৰ অৱদান সম্পৰ্কে আমি বিস্তৃত ধাৰণা লাভ কৰিব পাৰোঁ৷ আমেৰিকান বেপ্তিষ্ট মিছনৰ লগত মতবিৰোধ হোৱাত এইজনা অসমপ্ৰেমী ব্যক্তি ১৮৫৫ চনত আমেৰিকালৈ উভতি যায়৷ 

• এলিজা ব্ৰাউন : নাথান ব্ৰাউনৰ সৈতে তেওঁৰ পত্নীও অসমলৈ অহাৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ৷ এওঁৰ নাম আছিল এলিজা ব্ৰাউন৷ ব্ৰাউনৰ সুযোগ্যা পত্নী হিচাপে এলিজাইও অসমীয়া ভাষা-সাহিত্যৰ সংকটকালত যথাসাধ্যে অৱদান অৱদান আগবঢ়াই থৈ গৈছে৷ তেওঁ ব্ৰাউনৰ সহযোগী হিচাপে কেইবাখনো পঢ়াশালীয়া পুথি ৰচনা কৰিছিল৷ ইয়াৰ উপৰি ল’ৰা-ছোৱালীৰ উপযোগীকৈ সাধুকথাৰ পুথি, গণনাৰ পুথি আৰু ভূগোলৰ বিৱৰণ নামেৰে তিনিখন পঢ়াশালীয়া পুথি ৰচনা কৰিছিল৷ 

• মাইলচ্ ব্ৰন্সন : নিউয়ৰ্কৰ মাইলচ্ ব্ৰন্সনে মাত্ৰ ২৪ বছৰ বয়সতে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসম অভিমুখে ৰাওনা হয়৷ তেওঁ ১৮৩৬ চনত যাত্ৰা আৰম্ভ কৰি ১৮৩৭ চনত অসমত ভৰি দিয়েহি৷ তেওঁ পোনপ্ৰথমে অসমলৈ আহি শদিয়া, জয়পুৰ আৰু নামচাঙত ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰে৷ ইয়াত থাকোঁতেওঁ ব্ৰন্সনে পূব নগাসকলৰ শব্দাৱলী এখন প্ৰস্তুত কৰে৷ কিছুদিনৰ পাছত শাৰীৰিক অসুস্থতাৰ হেতু নামচাঙৰ নগাসকলৰ মাজৰ পৰা আঁতৰি আহি শিৱসাগৰ হৈ নগাঁৱত উপস্থিত হয়হি৷ ইয়াৰ মাজতে ১৮৪০ চনত জয়পুৰতো তেওঁ কিছুদিন আছিল৷ ১৮৪১ চনত নগাঁৱলৈ আহি তাতে এখন বিদ্যালয় আৰু এখন অনাথ আশ্ৰম প্ৰতিষ্ঠা কৰি ধৰ্মপ্ৰচাৰত মনোনিৱেশ কৰে৷ পৰৱৰ্তী সময়ত, ১৮৪৮ চনত তেওঁ স্বাস্থ্যজনিত কাৰণত আমেৰিকালৈ উভতি গৈছিল যদিও তাৰে তিনি বছৰৰ পিছত, ১৮৫১ চনত পুনৰ অসমলৈ উভতি আহে৷ ইয়াৰ পাছতো তেওঁ ১৮৬৮ চনত চিকিৎসাৰ বাবে দ্বিতীয়বাৰৰ বাবে অমেৰিকালৈ যায় আৰু ১৮৭১ চনত পুনৰ ঘূৰি আহে৷ এই কালছোৱাতে, অৰ্থাৎ আমেৰিকাত থকা কালছোৱতে তেওঁৰ প্ৰথমা পত্নীৰ মৃত্যু ঘটে৷ অসমলৈ উভতি আহি তেওঁ ইয়াতে ডেনফোৰ্থৰ বিধবা পত্নীক বিয়া কৰায়; কিন্তু দুবছৰ মান পাছতে তেওঁৰ এইগৰাকী পত্নীৰ লগতে জীয়েক মেৰিয়াৰো মৃত্যু হয়৷ এনেদৰে ব্ৰন্সনে চিৰদিনৰ বাবে আত্মীয়ক হেৰুৱাই যদিও বিয়োগজনিত দুখৰ মাজতো ধৰ্ম প্ৰচাৰ আৰু সাহিত্য ৰচনাৰ কাম কৰি যায়৷ এইগৰাকী অসমপ্ৰেমী ব্যক্তিয়ে ১৮৭৮ চনত একেবাৰে আমেৰিকালৈ উভতি যায় আৰু তাতে ১৮৮৩ চনত নশ্বৰ দেহা ত্যাগ কৰে৷ 

অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা কৰা আন্দোলন এগৰাকী অন্যতম হোতা মাইলচ্ ব্ৰন্সনে বাইবেলৰ কিছু অংশ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে একুৰিমান স্তুতিগীতো অসমীয়ালৈ অনুবাদ কৰিছিল৷ অসমীয়া ভাষা-সাহিত্যলৈ ব্ৰন্সন চাহাবৰ যুগান্তৰকাৰী অৱদান হ’ল তেওঁ প্ৰণয়ন কৰা অসমিয়া আৰু ইংৰাজি অভিধান৷ সৰ্বমুঠ ১৪, ০০০ অসমীয়া শব্দৰে এই অভিধানখন ১৮৬৭ চনত শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা ছপা হৈ ওলাইছিল৷ এই অভিধানখনত সংগ্ৰহিত শব্দভাণ্ডাৰৰ ক্ষেত্ৰত নিভাঁজ অসমীয়া শব্দৰ সংখ্যা বেছি, সংস্কৃত বা তৎসম শব্দৰ সংখ্যা কম৷ মূলতঃ উচ্চাৰণ ৰীতি অনুসৰিয়েই এই অভিধানখনৰ আখৰ জোঁটনি বা বানান প্ৰণালী প্ৰয়োগ কৰা হৈছে৷ এই ক্ষেত্ৰত তেওঁ যদুৰাম ডেকাবৰুৱাৰ অভিধানখনত ব্যৱহৃত বৰ্ণ-বিন্যাসৰ ৰীতিকে আধাৰ হিচাপে গ্ৰহণ কৰিছিল৷ অসমীয়া ভাষাৰ উচ্চাৰণ অনুসৰি তেওঁ মুৰ্ধণ্য বৰ্ণসমূহ, দীৰ্ঘস্বৰ, অন্তঃস্থ য – আদি ব্যৱহাৰ কৰা নাছিল৷ ব্ৰন্সনে অভিধানখনিৰ পাতনিত লিখিছে– “সকলো পুথিৰ মাজত অভিধান অতি প্ৰয়োজনিয়৷ অনেক ইংৰাজি লোকে অচমিয়া ভাসা সিকিবলৈ ইচা কৰে, আৰু অনেক অচমিয়া লোকেওঁ ইংৰাজি ভাসা সিকিবলৈ স্ৰম কৰি আচে৷ সকলোৰে উপকাৰৰ নিমিতে অচমিয়া ভাসাৰে এই প্ৰথম অভিধান সমাপ্ত কৰিলোঁ৷ ইয়াত ১৪০০০ চৈধ্য হেজাৰ মান সব্দ আচে, তাৰ অৰ্থ অচমিয়া আৰু ইংৰাজি, এই দুই ভাসাৰে দিয়া হ’ল৷” 

ব্ৰন্সনৰ এই অভিধানখন প্ৰণয়ন কৰিবৰ বাবে প্ৰায় চাৰি বছৰ শ্ৰম কৰিবলগীয়া হৈছিল৷ হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশৰ আগলৈকে (১৯০০) এই অভিধানখনেই আছিল অসমীয়া সাহিত্যসেৱীসকলৰ প্ৰধান সাৰথি৷ অৱশ্যে পৰৱৰ্তী কালত ইয়াৰ প্ৰভাৱ কমি যায়৷ এই অভিধানখনৰ পাতনিত– ‘‘…অসমিয়া ভাসা ব্ৰহ্মপুত্ৰ নদিৰ সোঁতৰ নিচিনাকৈ ৰাজ্যৰ মাজত একে দৰে চলি আচে আৰু আগলৈকো চলিব৷’’ – এনেদৰে উল্লেখ কৰি অসমীয়া ভাষাৰ স্বকীয়ত্ব সম্পৰ্কে নিজৰ মত দাঙি ধৰি অসমত অসমীয়া ভাষাৰ সলনি বঙলা ভাষা প্ৰচলন কৰাৰ কাৰণে যুক্তিসহ প্ৰতিবাদ কৰিছিল৷ 

• এ. কে. গাৰ্নি : অৰুণোদয় যুগৰ আন এগৰাকী উল্লেখযোগ্য মিছনেৰী লেখক হ’ল এ. কে. গাৰ্নি৷ তেওঁ ১৮৭৪ চনত আমেৰিকাৰ পৰা আহি অসমৰ শিৱসাগৰত উপস্থিত হয়হি আৰু ধৰ্মযাজকৰ পদ গ্ৰহণ কৰে৷ তেতিয়াৰ পৰা ১৯০৭ চনলৈকে তেওঁ উক্ত পদেত থাকি অসমত খ্ৰীষ্ট ধৰ্মপ্ৰচাৰৰ কামত নিয়োজিত হৈ আছিল৷ তেওঁ ধৰ্মপ্ৰচাৰৰ উদ্দেশ্যে পূৰাণাৰ্থে কেইবাখনো পুথি প্ৰণয়ন কৰাৰ লগতে কেইবাবছৰো অৰুনোদই কাকতখনৰ সম্পাদনাৰ দায়িত্বভাৰো গ্ৰহণ কৰিছিল৷ তেওঁ ১৮৮০ চনত হিব্ৰু ভাষাৰপৰা অ’ল্ড টেষ্টামেণ্টখন অসমীয়া ভাষালৈ প্ৰাচীন নিয়ম নামেৰে অনুবাদ কৰিছিল৷ গাৰ্ণীয়ে ৰচনা কৰা কেইবাখনো উল্লেখযোগ্য পুথি হ’ল–ৰুথ আৰু যোচেফৰ কাহিনী (১৮৮১), কানি বেহেৰুৱাৰ কথা (১৮৭৮), এলোকেশী বেশ্যাৰ কথা (১৮৭৭) আৰু কামিনীকান্তৰ চৰিত্ৰ (১৮৭৭) আদি৷ ইয়াৰে শেষৰ দুখন উপন্যাসধৰ্মী ৰচনা আছিল৷ অৱশ্যে খ্ৰীষ্ট ধৰ্ম সম্পৰ্কীয় প্ৰচাৰধৰ্মী মনোভাবৰ বাবে এই দুখন পুথি প্ৰকৃত উপন্যাসৰ শাৰীলৈ উঠিব নোৱাৰিলে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গাৰ্নিৰ সম্পাদনাৰে ১৯০৫ চনত দীপ্তি নামেৰে আন এখন মাহেকীয়া আলোচনীৰো ৬টা সংখ্যা প্ৰকাশ হৈছিল৷ 

• মিছেছ গাৰ্নি : নাথান ব্ৰাউনৰ পৰিবাৰ এলিজা ব্ৰাউনৰ দৰে এ. কে. গাৰ্নিৰ পত্নী মিছেছ গাৰ্নিয়েও কেইবাখনো অসমীয়া পুথি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে৷ তেওঁ ফুলমণি আৰু¸ কৰুণাৰ কাহিনী নামৰ এখন উপন্যাসধৰ্মী সাহিত্য ৰচনা কৰিছিল৷ এইখন মিচেছ মুলেনৰ ‘ফুলমণি ও কৰুণা’ নামৰ বঙালী উপন্যাসৰ অসমীয়া অনুবাদ৷ 

• নিধিৰাম ফাৰৱেল : ১৮৪১ চনত নিধিৰাম কেওট নামৰ ব্যক্তি এজনে খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিছিল৷ মাইলচ্ ব্ৰন্সনে জয়পুৰত থাকোঁতে তেওঁ নিধিৰামক খ্ৰীষ্ট ধৰ্মত শৰণ দিয়ে৷ খ্ৰীষ্ট ধৰ্মত বুৰ লোৱাৰ পাছত তেওঁক নতুন নাম প্ৰদান কৰা হয়– নিধি লিবাই ফাৰৱেল৷ তেজপুৰৰ কলংপুৰ মৌজাৰ সূতাৰ গাঁৱত জন্ম গ্ৰহণ কৰা নিধিৰামে শিৱসাগৰলৈ পঢ়িবলৈ গৈ সেই ঠাইত থকা মিছনেৰীসকলৰ সৈতে চিনাকি হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁ খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰক হৈ পৰে৷ নিধিৰামে মিছনেৰীসকলৰ সহায়তে শিক্ষা লাভ কৰাৰ লগতে শদিয়া আৰু জয়পুৰত থাকোঁতেও খ্ৰীষ্ট ধৰ্ম প্ৰচাৰত সহায় কৰিছিল৷ 

অসমীয়া ভাষা-সাহিত্যৰ বিপদ কালত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰা নিধিৰামে আনন্দৰাম-গুণাভিৰাম-হেমচন্দ্ৰৰ লগতে মিছনেৰীসকলক অসমীয়া ভাষা উদ্ধাৰ আৰু উন্নতিৰ প্ৰচেষ্টাত পাৰ্যমানে সহায়ৰ হাত আগ বঢ়াইছিল৷ তেওঁ অৰুনোদই কাকতখনৰ এগৰাকী নিয়মীয়া লেখক আছিল৷ আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে অৰুনোদই কাকতত তেওঁৰ বহু কবিতা প্ৰকাশ হৈছিল৷ সেই কবিতাৰ শিৰোনামসমূহো ইতিপূৰ্বে উল্লেখ কৰা হৈছে৷ ইয়াৰ উপৰি ন.ল.ফ. নামেৰে এওঁ ৰচনা কৰা বিভিন্ন প্ৰবন্ধ, বুৰঞ্জী বিষয়ক লিখনি অৰুনোদই কাকতত প্ৰকাশ পাইছিল৷ উল্লেখযোগ্য যে, ১৮৫৫ চনত নিধিৰামে পদাৰ্থ-বিদ্যাৰ সাৰ নামৰ পুথি এখন ৰচনা কৰি প্ৰকাশ কৰিছিল৷ লগতে ১৮৬৫ চনত তেওঁ অনুবাদ কৰা ভাৰতীয় দণ্ডবিধি আইন কিতাপখন শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিল৷ ইয়াৰ উপৰি খ্ৰীষ্ট ধৰ্ম সম্পৰ্কীয় ভালেমান পুস্তিকা ৰচনা কৰি তেওঁ প্ৰকাশ কৰিছিল৷ নাথান ব্ৰাউন আৰু মাইলচ্ ব্ৰন্সনৰ সোঁহাতস্বৰূপ নিধিৰাম ফাৰৱেলে ব্ৰন্সনক তেওঁৰ অভিধানখন প্ৰণয়ন কৰা কামতো সহায় কৰিছিল৷ 

• আন আন খ্ৰীষ্টিয়ান লেখক : ইতিমধ্যে উল্লেখ কৰা লেখকসকলৰ উপৰি আৰু ভালেমান মিছনেৰীয়ে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত হাত আগবঢ়াইছিল৷ এই সময়ছোৱাত শ্ৰীমতী এচ. আৰ. ৱাৰ্ডে ৰচনা কৰা ইংৰাজী অসমীয়া শব্দকোষ (১৮৬৪), শ্ৰীমতী কট্টাৰে ৰচনা কৰা ইংৰাজী অসমীয়া খণ্ডবাক্য-কোষ (১৮৪৮) দুখন উল্লেখনীয় গ্ৰন্থ৷ আনহাতে ও. টি. কট্টাৰ, ডেনফোৰ্থ, ক্লাৰ্ক, ৱাৰ্ড আদিয়ে অৰুনোদই কাকতখনৰ সম্পাদনাৰ ভাৰ গ্ৰহণ কৰি অসমীয়া সাহিত্যলৈ বৰঙনি যোগাই গৈছে৷ ইয়াৰ বাহিৰেও হেনৰি আৰু তেওঁৰ লগুৱা, অপৰিমিতাচাৰৰ পৰিণাম, জোচেফৰ কাহিনী, আমেৰিকা আৱিষ্কাৰ, পণ্ডিত আৰু ধৰ্ম প্ৰচাৰ, ১১০টা স্তুতিগীত, বাইবেলৰ সাধু, ৰামগতিৰ কাহিনী, ধাৰ্মিক চহা, মাউৰী ছোৱালী, আফ্ৰিকাৰ কোঁৱৰ, কৃষ্ণ আৰু খ্ৰীষ্টৰ তুলনা, আপত্তিনাশক, স্বৰূপ আশ্ৰয়, সুবৰ্ণৰ তুল, নিস্তাৰৰ উপায়, সৃষ্টি আৰু প্ৰলয়, গুৰু আহিল আৰু তোমাক মাতিছে, পাপ খেমা পোৱা ছোৱালী, পৱিত্ৰ অৱতাৰ, ধৰম পুথিৰ বিৱৰণ আদি বিভিন্ন বিষয়ৰ পুথি বিভিন্নজনে এই সময়ছোৱাতে ৰচনা কৰিছিল৷ এই পুথিসমূহো খ্ৰীষ্টিয়ান মিছনেৰীসকলৰে সৃষ্টি৷ 

এই কালছোৱাত ভালেমান খ্ৰীষ্টিয়ান লেখকৰ আবিৰ্ভাৱ হৈছিল৷ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁলোকে বিভিন্ন বিষয়ৰ পুথি ৰচনা কৰিছিল যদিও সেইবোৰে অসমীয়া সাহিত্যৰ ভঁৰালো চহকী কৰি তুলিলে৷ 

৬.২.২ অখ্ৰীষ্টিয়ান লেখকসকল 

আমাৰ আলোচ্য এই সময়ছোৱাত কেইবাজনো অখ্ৰীষ্টিয়ান বা অসমীয়া সাহিত্যিকেও সাহিত্য ৰচনাত হাত দিছিল৷ তেওঁলোক আছিল আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি৷ ইয়াৰে গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাই অসমীয়া সাহিত্যত মিছনেৰী স্তৰৰ অৱসান ঘটাই নতুন এটা স্তৰৰ অৱতাৰণা কৰিলে বুলিও ইতিপূৰ্বে উল্লেখ কৰি অহা হৈছে৷ সেয়ে তেওঁলোকৰ বিষয়ে বেলেগে আলোচনা কৰি ইয়াত কেৱল আনন্দৰাম ঢেকিয়াল ফুকনৰ সাহিত্যকৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল৷ লগতে অৰুনোদই কাকতৰ প্ৰভাৱৰ বাহিৰত থাকি সাহিত্য ৰচনাত ব্ৰতী হোৱা সাহিত্যিকসকলৰ বিষয়েও চমুকৈ উল্লেখ কৰি যোৱা হ’ব৷

• আনন্দৰাম ঢেকিয়াল ফুকন : অসমীয়া ভাষা-সাহিত্যৰ পুনৰ প্ৰতিষ্ঠাৰ অগ্ৰগণ্য ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হৈছিল ১৮২৯ চনত৷ তেওঁৰ পিতৃ আছিল হলিৰাম ঢেকিয়াল ফুকন৷ আনন্দৰামে গুৱাহাটীত প্ৰতিষ্ঠা হোৱা (১৮৩৫ চনত) ইংৰাজী মাধ্যমৰ স্কুলত নামভৰ্তি কৰাৰ পাছত তেওঁৰ ব্যুপত্তি দেখি ১৮৪১ চনত কমিচনাৰ জেনকিন্স আৰু মেথি চাহাবে উদ্যোগ লৈ তেওঁক কলিকতাৰ হিন্দু কলেজত পঢ়িবলৈ পঠিয়ায়৷ তেওঁ কলিকতাত তিনিবছৰ অধ্যয়ন কৰি আহি পুনৰ গুৱাহাটীত ব্লেণ্ড চাহাবৰ ওচৰত আকৌ ইংৰাজী পঢ়ে৷ এই সময়তেই এজন মুনছিৰ সহায়ত ফাৰ্চী-উৰ্দু ভাষাও শিকিছিল৷ ১৮৪৬ চনত তেওঁ বিবাহ পাশত আবদ্ধ হয় আৰু তাৰে পিছৰ বছৰতে চৰকাৰী চাকৰিত যোগদান কৰে৷ আনন্দৰামে বিজনি ৰজাৰ দেৱান, মুন্সিফ আৰু জুনিয়ৰ এছিষ্টেণ্ট কমিচনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ এইজনা অসমপ্ৰেমী ব্যক্তিৰ ১৮৫৯ চনত, ত্ৰিশ বছৰ পুৰ নহৌতেই অকালমৃত্যু ঘটে৷ সময়ৰ লেখেৰে কেৱল ঊনত্ৰিশটা বছৰ তেওঁ জীয়াই আছিল; কিন্তু এই কম সময়ছোৱাতে তেওঁ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে যিখিনি কাম কৰিলে সেয়া সঁচাকৈয়ে বিৰল দৃষ্টান্তৰ পৰিচায়ক৷ 

মিছনেৰীসকলে প্ৰকাশ কৰা অৰুনোদই কাকতখনত ১৮৪৭ চনত তেওঁ লিখা ইংলণ্ডৰ বিৱৰণ প্ৰকাশ হয়৷ প্ৰায় চাৰিশ পৃষ্ঠাজোৰা অসমীয়া ল’ৰাৰ মিত্ৰ দুটা খণ্ডত প্ৰকাশ হয় ১৮৪৯ চনত৷ নীতি-শিক্ষা, ভূগোল, বিজ্ঞান, ইতিহাস আদি বিভিন্ন জ্ঞানমূলক তথ্য আৰু বিৱৰণৰে সজোৱা হৈছে অসমীয়া ল’ৰাৰ মিত্ৰ পুথিখন৷ ১৮৫৩ চনত অসমৰ প্ৰশাসন সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা মোফাত মিলচ্ (Moffat Mills)ৰ আগত আনন্দৰাম ঢেকিয়াল ফুকনে এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছিল৷ এই স্মাৰকপত্ৰখনত সমসাময়িক সময়ৰ অসমৰ অৰ্থনৈতিক, ৰাজনৈতিক, প্ৰশাসনীয় সমস্যাৰ গভীৰ উপলব্ধি আৰু সমালোচনা, অসমৰ ভাষা আৰু শিক্ষা সমস্যাৰ বিশ্লেষণ, অসমীয়া মানুহৰ অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণ নিৰ্ণয় আৰু তাৰ প্ৰতিকাৰৰ উপায়, অসমৰ নিজস্ব উৎপন্ন বস্তু আৰু তাৰ উন্নতিৰ বিশ্লেষণ– এই সকলোবোৰ নিখুঁত ইংৰাজীত উপস্থাপিত হৈছিল৷ এইখনেই আছিল অসমত অসমীয়া ভাষা পুনৰ প্ৰচলনৰ বাবে কৰা প্ৰথম আৰ্জি৷ অসমৰ ৰাজহ, উৎপন্ন বস্তু আৰু মানুহৰ অৱস্থা সম্পৰ্কে দিয়া এই বিবৃতিয়ে ফুকনৰ বিচক্ষণ বুদ্ধি আৰু জ্ঞানৰ পৰিচয় দিয়ে৷ পৰৱৰ্তী সময়ত, ১৮৫৫ চনত তেওঁ ইংৰাজীতে লিখা A Few Ramarks on Assamese Language and on Vernacular Education in Assam নামৰ এখন পুস্তিকা শিৱসাগৰৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ পায়৷ এইখন পুস্তিকাই অসমীয়া ভাষা পুনঃ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ কাৰণ এই পুস্তিকাত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা, বঙলা ভাষা জাপি দিয়াৰ বিষময় ফল আদিৰ বিষয়ে তথ্যপূৰ্ণভাৱে আলোচনা কৰা হৈছে৷ আনন্দৰাম ঢেকিয়াল ফুকনে ইয়াৰ বাহিৰেও ইংৰাজী-অসমীয়া আৰু অসমীয়া-ইংৰাজী অভিধান দুখন প্ৰণয়নৰ কাম হাতত লৈছিল যদিও সেই কাৰ্য সম্পূৰ্ণ হ’লনে নাই সেয়া জনা নাযায়৷ আনন্দৰাম ঢেকিয়াল ফুকন সম্পৰ্কে কৰ্ণেল হপ্কিন্স চাহাবে কৰা মন্তব্যটো উল্লেখযোগ্য – ‘‘বঙ্গ দেশত ৰাজা ৰামমোহন ৰায় যেনে, অসমত আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল; কিন্তু অল্পায়ু ফুকনৰ কাৰ্যকলাপলৈ চাই ৰামমোহন ৰায়তকৈ তেওঁক উচ্ছস্থান দিব পাৰি৷ ’’ 

• অন্যান্য লিখক : অৰুনোদই কাকতখনত আৰু কেইজনমান অসমীয়া ব্যক্তিয়েও কেইবাটাও প্ৰবন্ধ লিখি অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে৷ তেওঁলোকৰ ভিতৰত কেইজন মানৰ নাম হ’ল– বলৰাম ফুকন, কিনাৰাম সত্ৰিয়া, দয়াৰাম চেটিয়া, ধৰ্মকান্ত বুঢ়াগোহাঁই, গোবিন্দৰাম ভূঞা, ইত্যাদি৷ তেওঁলোকে কেইবাটাও পদ্যধৰ্মী ৰচনাৰ লগতে প্ৰবন্ধ লিখিছিল৷ এইবোৰ লিখনিৰ সাহিত্যিক মূল্য বৰ উচ্চখাপৰ নহ’লেও ঐতিহাসিক মূল্য কিন্তু আছে৷ 

• অৰুনোদইৰ প্ৰভাৱমুক্ত লিখক : অৰুনোদই কাকতখন প্ৰকাশ পাই থকা কালছোৱাতো কেইবাজনো লেখকে পুৰণি বৈষ্ণৱ ঐতিহ্যৰ ৰচনা শৈলীৰ আধাৰত কেইবাখনো গদ্য আৰু পদ্য বা কাব্য ৰচনা কৰিছিল৷ তাৰে ভিতৰত কেইজনমান হ’ল– দুতিৰাম হাজৰিকা, দীননাথ বেজবৰুৱা, হৰকান্ত বৰুৱা সদৰামীন, গোপীনাথ চক্ৰৱৰ্তী, ৰঘুদেৱ গোস্বামী, ললিতচন্দ্ৰ গোস্বামী আদি উল্লেখযোগ্য৷ দুতিৰাম হাজৰিকাই কলিভাৰতত পদ আৰু দুলড়ী ছন্দত আহোম ৰাজত্বৰ শেষৰছোৱা বৰ্ণনা কৰিছে৷ তেওঁ এই বুৰঞ্জীখনৰ মাজে মাজে সংসাৰৰ অনিত্যতা দেখুৱাই হৰিনামৰ মহত্ত্ব প্ৰকাশ কৰিছে৷ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই আচাৰ্য সংহতি আৰু উৎকল খণ্ড, হৰকান্ত বৰুৱাই অসম বুৰঞ্জী আৰু তেওঁৰ জীৱনলেখ (হৰকান্ত বৰুৱা সদৰামীনৰ আত্মজীৱনী, কুমুদচন্দ্ৰ বৰদলৈৰ সম্পাদনাত প্ৰকাশিত), গোপীনাথ চক্ৰৱৰ্তীয়ে ৰাধাৰ কলংক ভঞ্জন, ৰঘুদেৱ গোস্বামীয়ে হিতোপদেশ, ললিতচন্দ্ৰ গোস্বামীয়ে কেলি ৰহস্য ৰচনা কৰিছিল৷ এনে দৰে এই সময়ছোৱতো এই কেইজন লেখকে বৈষ্ণৱ ঐতিহ্য বহন কৰি সাহিত্যসৃষ্টি কৰিছিল৷ এই ৰচনাৰাজিৰ বিষয়ে সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে এনেদৰে– ‘‘প্ৰাচীন ৰীতিত লিখা সাহিত্যৰ এই সুঁতিটো অতি ক্ষীণ, দুৰ্বল আৰু গতিহীন৷ ইয়াক একপ্ৰকাৰ এৰা-সুঁতিৰ লগত ৰিজাব পাৰি৷’’

৬.৩ আধুনিক অসমীয়া ভাষা-সহিত্যৰ প্ৰতিষ্ঠাৰ স্তৰ (১৮৭৩-১৮৮৯)

অৰুনোদই কাকত আৰু খ্ৰীষ্টিয়ান মিছনেৰীসকলে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বাবে যি ভূমি আবাদ কৰি দিলে সেই মাটিত প্ৰকৃত অৰ্থত ভেটি স্থাপন কৰিলে হেমচন্দ্ৰ-গুণাভিৰাম প্ৰমুখ্যে কেইবাজনো অসমীয়া সাহিত্যিকে৷ মন কৰিবলগীয়া যে ১৮৭০ চন মানৰ পাছৰ পৰা অৰুনোদই কাকতখনৰ জনপ্ৰিয়তা লাহে লাহে কমি যায়৷ তদুপৰি এই কালছোৱাত আন কেইবাখনো নতুন আলোচনী-সংবাদ পত্ৰও প্ৰকাশিত হয়৷ আনহাতে ১৮৭৩ চনত অসমীয়া ভাষাই অসমৰ স্কুল-কাছাৰীত নিজৰ ন্যায্য সন্মানো ঘূৰাই পায়৷ ১৮৭৩ চনৰ পৰা জোনাকী কাকত প্ৰকাশৰ আগৰ সময়ছোৱা অসমীয়া ভাষা-সাহিত্যৰ বাবে আন এক বৈশিষ্ট্য্যপূৰ্ণ সময়৷ এই কেইবছৰত অসমীয়া গদ্য সাহিত্য বিশুদ্ধ ৰূপত প্ৰতিষ্ঠিত হয় আৰু নাটক, কাব্য, ভ্ৰমণ কাহিনী আদিৰ দৰে সাহিত্যৰো প্ৰকৃত ৰূপ উদ্ভাসিত হয়৷ প্ৰসংগক্ৰমে স্মৰণযোগ্য যে অৰুনোদই কাকতখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মিছনেৰী সাহিত্যৰাজি কিন্তু প্ৰকৃত সৃষ্টিধৰ্মী ৰচনা নাছিল, সেয়া আছিল মূলতঃ ধৰ্মপ্ৰচাৰ মূলক৷ খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিলেহে সকলো দুখৰ অৱসান ঘটিব– এনে ভাবৰ বশৱৰ্তী হৈয়েই সেই সময়ৰ খ্ৰীষ্টান লেখকসকলে সাহিত্য ৰচনা কৰিছিল৷ সমসাময়িক সময়ৰ অসমীয়া সমাজৰ কোনো ধৰণৰ সামাজিক-ৰাজনৈতিক-ধৰ্মীয় দিশৰ সমস্যাৰাজি সেই ৰচনাবোৰত প্ৰতিফলিত হোৱা নাছিল৷ অৱশ্যে ইয়াৰ মাজতে ঢেকিয়াল ফুকনে দেশপ্ৰেমমূলক তথা সমাজ সংস্কাৰমূলক সাহিত্য ৰচনা কৰিছিল৷ কিন্তু তেওঁৰ ধবনি আছিল অকলশৰীয়া, সেই সময়ছোৱাৰ সাহিত্যৰ সমস্বৰ-ধবনি নহয়৷ 

অৰুণোদয় যুগৰ পটভূমিৰ কথা আলোচনা কৰাৰ প্ৰসংগত আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে এই সময়ছোৱাতে অসমত ‘মধ্যবিত্ত’ শ্ৰেণীটোৰ উদ্ভৱ ঘটিছিল৷ এই শ্ৰেণীটোৱে কিন্তু ব্ৰিটিছসকলৰ আশিসধন্য হৈয়ে অসমৰ উন্নতি কামনা কৰিছিল, তেওঁলোকে অসমৰ পৰা ব্ৰিটিছসকলক খেদিব বিচৰা নাছিল৷ অৱশ্যে তেওঁলোকৰ মুষ্টিমেয় কেইজনমানে অসমীয়া সমাজ জীৱনৰ অজ্ঞতা, নিৰক্ষৰতা, কুসংস্কাৰ দূৰ কৰি অসমীয়া মানুহক শিক্ষিত কৰিবলৈ যত্নপৰ হৈছিল৷ এই সম্পৰ্কে সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে– ‘‘তেওঁলোক স্বদেশপ্ৰীতিৰ দ্বাৰা উদ্বুদ্ধ হৈছিল যদিও চৰকাৰৰ বিৰোদ্ধবাদী নাছিল৷’’ আনন্দৰাম ঢেকিয়াল ফুকনকে আদি কৰি হেমচন্দ্ৰ-গুণাভিৰামে অসমীয়া সমাজ-সংস্কাৰ অধিক কাম্য বুলি বিবেচনা কৰি তেওঁলোকৰ সাহিত্যৰাজিৰ মাজেদি ইয়াৰ উত্তৰণ ঘটাব বিচাৰিছিল৷ উল্লেখযোগ্য যে, হেমচন্দ্ৰ-গুণাভিৰামে অৰুনোদই কাকতত লিখা-মেলা আৰম্ভ কৰিছিল যদিও তেওঁলোকৰ লিখনিৰ বিষয়বস্তু নিৰ্বাচন ক্ষেত্ৰত আৰুনোদইৰ সেই গণ্ডীৰ মাজতে সোমাই নাথাকি সমাজৰ বহল গণ্ডীলৈ সম্প্ৰসাৰণ কৰিছিল৷ এওঁলোক দুয়ো বুদ্ধিনিষ্ট (wit), ব্যঙ্গাত্মক (satire) আৰু সহানুভূতিপূৰ্ণ কৰুণামিশ্ৰিত (humour) হাস্যৰসেৰে অসমীয়া সমাজৰ বিভিন্ন দিশবোৰ তুলি ধৰি তাৰ পৰা উত্তৰণৰ কামনা কৰিছিল৷ তেওঁলোকৰ সমসাময়িকভাৱে আৰু কেইবাজনো সাহিত্যিকেও অসমীয়া সাহিত্যৰ ভঁৰাললৈ এনেদৰে অৱদান আগ বঢ়াই গৈছে৷ মন কৰিবলগীয়া যে আমাৰ আলোচ্য কালছোৱাৰ সাহিত্যৰাজিৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য্যটো হ’ল তীব্ৰ জাতীয়তাবোধ৷ হেমচন্দ্ৰ-গুণাভিৰামৰ লগতে এই সময়ছোৱাৰ আন আন সাহিত্যিকসকলৰ ৰচনাৰাজিৰ মাজতো এই দিশটো স্পষ্ট ৰূপে প্ৰকট হৈছে৷ হেমচন্দ্ৰ-গুণাভিৰামৰ সেনাপতিত্বতে এই কালছোৱাত অসমীয়া সাহিত্যই থন ধৰি উঠাৰ বাবে অসমীয়া সাহিত্যৰ ইতিহাসকাৰ সত্যেন্দ্ৰনাথ শৰ্মাই ‘‘সাহিত্যৰ এই স্তৰক হেমচন্দ্ৰ, গুণাভিৰামৰ স্তৰ আখ্যা দিব পাৰি৷’’ বুলি মত পোষণ কৰিছে৷ আনহাতে অসমীয়া সাহিত্যৰ আন এজন ইতিহাসকাৰ মহেশ্বৰ নেওগে এই সময়ছোৱাতে অসমীয়া আধুনিক সাহিত্যই প্ৰকৃত বিস্তৃতি লাভ কৰাৰ বাবে ‘‘আধুনিক অসমীয়া ভাষাৰ সাহিত্যিক প্ৰতিষ্ঠা’’ৰ কাল বুলি নামকৰণ কৰিছে৷ এই বক্তব্য দুটাই আমাৰ বোধ জন্মই যে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এই সময়ছোৱাৰ সাহিত্যৰাজিৰ কিমান প্ৰাসংগিকতা আছে৷ 

• হেমচন্দ্ৰ বৰুৱা : মুক্তাৰাম বৰুৱাৰ ঔৰসত শিৱসাগৰৰ ৰজাবাহৰ গাঁৱত ১৮৩৫ চনত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হয়৷ তেওঁৰ বাৰ বছৰ বয়সতে পিতৃৰ বিয়োগ ঘটে৷ সেয়ে তেওঁ খুড়াক লক্ষ্মীৰাম বৰুৱাৰ ছত্ৰছায়াতে ডাঙৰ-দীঘল হয়৷ খুড়াকে তেওঁক সংস্কৃত ভাষা শিক্ষা প্ৰদান কৰিছিল৷ তাৰ কেইবছৰমান পাছত তেওঁ শিৱসাগৰ জিলাত নকল-নবীচ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে৷ সেই সময়ত হেমচন্দ্ৰই লগ পায় শিৱসাগৰ জিলাৰ অধিপতি কেপ্তেইন ব্ৰোডী চাহাবক৷ এই চাহাবৰ অনুপ্ৰেৰণা আৰু সহায়ত ঘৰত কোনেও নজনাকৈ ইংৰাজী পঢ়িবলৈ লয়৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে ‘‘ৰক্ষণশীল খুৰাকৰ দ্বাৰা বাধাপ্ৰাপ্ত হৈও ইংৰাজী শিক্ষাৰ চেষ্টা পৰিহাৰ নকৰি অৱশেষত উক্ত ভাষাত ব্যুৎপত্তি লাভ কৰিবলৈ সমৰ্থ হয়৷’’ ইংৰাজী ভাষাত ব্যুপত্তি লাভ কৰাৰ বাবেই তেওঁ চাকৰিৰ ক্ষেত্ৰত ক্ৰমান্বয়ে উন্নতি লাভ কৰি অসমৰ জুডিচিয়েল কমিচনাৰ অফিচৰ চুপাৰিণ্টেণ্ডেণ্টৰ পদত অভিষিক্ত হৈছিল৷ ১৮৮১ চনত চৰকাৰী কামৰ পৰা অৱসৰ লাভ কৰি তেওঁ গুৱাহাটীতে নিগাজিকৈ থাকি অসমীয়া ভাষা-সাহিত্য চৰ্চাত আত্মনিয়োগ কৰে৷ এইজনা অসম প্ৰাণ ব্যক্তিৰ ১৮৯৬ চনত পৰলোক প্ৰাপ্তি ঘটে৷

হেমচন্দ্ৰৰ ৰক্ষণশীল পৰিয়ালত জন্ম হোৱাৰ বাবে ইংৰাজী শিক্ষা লাভৰ ক্ষেত্ৰত তেওঁ বাধা পাইছিল যদিও, সেই বাধাই তেওঁৰ জ্ঞান স্পৃহা ৰুদ্ধ কৰিব নোৱাৰিলে৷ তদুপৰি তেওঁ ইংৰাজী শিক্ষাৰে শিক্ষিত নোহোৱাহেঁতেন অসমীয়া ভাষা সাহিত্যৰ ওজা ৰূপে চিনাকি দিব পাৰিলেহেঁতেন নে নাই সেয়াও সন্দেহৰ বিষয়৷ মিছনেৰীসকলৰ লগতে ব্ৰোডী চাহাবৰ সংস্পৰ্শই তেওঁৰ দৃষ্টিভঙ্গীৰ যে প্ৰসাৰতা আনিছে সেই বিষয়ে কোনো সন্দেহ নাই৷ অৰুণোদই কাকতৰ পাততে হেমচন্দ্ৰ বৰুৱাই সাহিত্যিক জীৱন আৰম্ভ কৰিছিল৷ অৰুণোদইৰ ১৮৫৬ চনৰ সংখ্যাবোৰত ‘সোণাৰচাঁদ’ নামৰ ছদ্মনামৰে তেওঁ প্ৰবন্ধ লেখাৰ প্ৰমাণ পোৱা যায়৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে হেমচন্দ্ৰই মিছনেৰীসকলে প্ৰৱৰ্তন কৰা বৰ্ণ-বিন্যাস পদ্ধতিৰ সংশোধন কৰি সংস্কৃতমূলক কৰিবলৈ চেষ্টা কৰিছিল৷ এই বিষয়ে অৰুণোদই কাকতত তেওঁ বিভিন্ন প্ৰবন্ধ লিখিছিল৷ তেওঁ অসমীয়া শব্দৰ বানান পদ্ধতি বৈজ্ঞানিক আৰু মূলানুগত কৰিবলৈকে এনে প্ৰচেষ্টা হাতত লৈছিল৷ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল– অসমীয়া ব্যাকৰণ (১৮৫৯), আদিপাঠ (১৮৭৩), অসমীয়া ল’ৰাৰ ব্যাকৰণ (১৮৮৬), পঢ়াশালীয় অভিধান (১৮৯২) আৰু তাৰ দুবছৰ পাছত অৰ্থাৎ ১৮৯৪ চনত সংক্ষিপ্ত হেমকোষ প্ৰকাশ পায়৷ তেওঁৰ জীৱিত কালত তেওঁৰ কীতিৰ্স্তম্ভ স্বৰূপ হেমকোষখন পূৰ্ণাংগৰূপে প্ৰকাশ পোৱা নাছিল৷ পৰৱৰ্তী কালত, ১৯০০ চনতহে হেমচন্দ্ৰ গোস্বামী আৰু গৰ্ডন চাহাবৰ চেষ্টাত এই অভিধানখন ছপা হৈ ওলায়৷ হেমকোষ অভিধানত ব্ৰন্সন চাহাবৰ অভিধানতকৈ প্ৰায় আঠ হেজাৰ শব্দ বেছিকৈ পোৱা যায়৷ হেমকোষ অভিধানখনে হেমচন্দ্ৰ বৰুৱাৰ পাণ্ডিত্য, ভাষাজ্ঞান, অপৰিসীম পৰিশ্ৰমৰ আদৰ্শ দাঙি ধৰে৷ এইখন গাইগুটিয়া বা অকলশৰীয়া চেষ্টাৰ সফল নিদৰ্শন৷ ইয়াৰ উপৰি আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষাৰ নিয়ম নামৰ ছাত্ৰৰ উপযোগী ইংৰাজী পুথিও তেওঁ ভাঙনি কৰিছিল৷ এই কেইপুথিৰ বাবে তেওঁ সেই সময়ৰ চৰকাৰৰ পৰা ১১০০ টকা পুৰস্কাৰ হিচাপেও লাভ কৰিবলৈ সক্ষম হৈছিল৷ হেমচন্দ্ৰ বৰুৱা এগৰাকী নাট্যকাৰ হিচাপেও নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছে৷ তেওঁৰ কাঁপৰ পৰাই দ্বিতীয়খন অসমীয়া আধুনিক নাটক কানীয়া-কীৰ্তন (১৮৬১) নিসৃত হৈছিল৷ এই নাটকখনত তেওঁ কানি বৰবিহৰ গৰাহত পৰিলে কেনেকৈ চৰিত্ৰ আৰু সম্পত্তি দুয়োটাই নষ্ট পায় তাকে অঙ্কন কৰি দেখুৱাইছে৷ হেমচন্দ্ৰ বৰুৱাই বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী নামৰ এখন উপন্যাসধৰ্মী ৰচনাৰে অসমীয়া সমাজৰ বাহ্যিক নৈষ্ঠিকতা আৰু আচাৰ-ব্যৱহাৰ অন্তৰালত থকা ব্যভিচাৰ, ভণ্ডামি, দুৰ্নীতিৰ বিকট ৰূপটো প্ৰকাশ কৰিছে৷ এই দুয়োখন ৰচনাত বৰুৱাই বুদ্ধিনিষ্ট, ব্যঙ্গাত্মক আৰু সমাজ সচেতন হাস্যৰসৰ সৃষ্টি কৰিবলৈ যত্ন কৰিছিল৷ এই প্ৰসংগত সত্যেন্দ্ৰনাথ শৰ্মাৰ এষাৰ মন্তব্য উল্লেখযোগ্য– ‘‘বুদ্ধিনিষ্ট, ব্যঙ্গাত্মক আৰু সমাজ সচেতন হাস্যৰসৰ সৃষ্টি হয় প্ৰথমে হেমচন্দ্ৰ বৰুৱাৰ লেখনীত৷’’

আসাম নিউজ নামৰ এখন কাকতো হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পাইছিল৷ এই কাকতখনেই বৰ্তমানৰ অসমীয়া বৰ্ণবিন্যাস পদ্ধতিৰ মান স্থিৰ কৰিছিল৷ বৰুৱাই ইংৰাজী লেখা Assamese Marriage System এখন উল্লেখযোগ্য পুথি৷ বৈজ্ঞানিক পদ্ধতিত প্ৰথম অভিধান প্ৰণয়নকাৰীৰূপে, অসমীয়া আখৰ-জোঁটনিক সুস্থিৰ ৰূপ দিওঁতা তথা আদৰ্শ গদ্য লেখকৰূপে হেমচন্দ্ৰ বৰুৱাই অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে৷ তদুপৰি তেওঁ ব্যক্তিগতভাৱে সংস্কাৰকামী মনোভংগীৰ পোষকতা কৰিছিল৷ 

• গুণাভিৰাম বৰুৱা : গুৱাহাটীৰ ৰণৰাম বৰুৱাৰ ঔৰষত তেওঁৰ দ্বিতীয়া পত্নীৰ গৰ্ভত ১৮৩৭ চনত যোৰহাটত গুণাভিৰাম বৰুৱাৰ জন্ম হয়৷ গুণাভিৰাম বৰুৱাই হেমচন্দ্ৰতকৈ আধুনিৰ শিক্ষাৰ সুবিধা বেছিকৈ লাভ কৰিছিল৷ তেওঁ আছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালৰে৷ গুণাভিৰাম সৰু হৈ থাকোঁতেই পিতৃৰ বিয়োগ ঘটাত আনন্দৰাম ঢেকিয়াল ফুকনৰ তত্ত্বাৱধানতে তেওঁ ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ কলিকতাৰ প্ৰেচিডিন্সি কলেজত দ্বিতীয় বাৰ্ষিকলৈ শিক্ষা লাভ কৰি আইনৰ শিক্ষাও লাভ কৰিছিল৷ তেওঁ প্ৰায় ত্ৰিশ বছৰ কাল ব্ৰিটিছৰ এক্সট্ৰা এছিষ্টেণ্ট কমিচনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ প্ৰথমা পত্নী ব্ৰজসুন্দৰীৰ মৃত্যুৰ পাছত তেওঁ বিষ্ণুপ্ৰিয়া নামৰ বিধবা ব্ৰাহ্মণ কন্যাক বিয়া কৰায়৷ কলিকতাত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ব্ৰহ্ম সমাজ আদিৰ আন্দোলনৰ জৰিয়তে হিন্দু সমাজৰ সংস্কাৰৰ যি প্ৰচেষ্টা চলিছিল তাৰ প্ৰভাৱেৰে প্ৰভাৱিত হৈ তেওঁ নিজে ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰাৰ লগতে ব্ৰাহ্মণ বিধবা এগৰাকীক বিবাহ কৰি সাহসিকতাৰ পৰিচয় দিছিল৷ ১৮৯০ চনত তেওঁ চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি কলিকতাত স্থায়ীভাৱে বাস কৰিবলৈ ধৰে আৰু ১৮৯৪ চনত তাতে তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে৷ 

অৰুণোদই কাকততে গুণাভিৰাম বৰুৱাইও তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল৷ তেওঁৰ প্ৰথম সাহিত্যিক প্ৰচেষ্টা ৰাম-নৱমী নাটক৷ ১৮৫৭ চনত ৰচনা কৰা এই নাটকখনেই যে প্ৰথম আধুনিক নাটক আছিল৷ আনহাতে আসাম-বন্ধু নামৰ আলোচনীখনৰ দুটা সংখ্যাত প্ৰকাশ হৈ আধৰুৱাভাৱে শেষ হোৱা বিবাহ-ৰহস্য নামৰ নাটক খনিও গুণাভিৰাম বৰুৱাই ৰচনা কাৰ বুলি সন্দেহ কৰা হয়৷ তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য পুথি হ’ল আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত (১৮৮০), অসম বুৰঞ্জী (১৮৮৪), কঠিন শব্দৰ ৰহস্য ইত্যাদি৷ উল্লেখযোগ্য যে ১৮৮৫ চনত গুণাভিৰাম বৰুৱাই আসাম-বন্ধু নামেৰে কাকত এখনো সম্পাদনা কৰি প্ৰকাশ কৰিছিল৷ 

ঊনবিংশ শতিকাৰ শেষৰ কালছোৱা অসমীয়া ভাষা-সাহিত্যৰ নাওখনিৰ গুৰি বঠা ধৰি চলাই নিয়া পুৰুষ দুজনেই হ’ল– হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা৷ ঐতিহাসিক গৱেষণা, জীৱন চৰিত, ভ্ৰমণ বৃত্তান্ত, নাটক ৰচনা কৰা, কাকত সম্পাদনা কৰা– এইসকলো বিষয়তে গুণাভিৰাম বৰুৱা পথ প্ৰদৰ্শক আছিল৷ তদুপৰি অসমত বাংলা ভাষাৰ সলনি অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ কামতো গুণাভিৰাম বৰুৱাই আগভাগ লৈছিল৷ 

• ৰমাকান্ত চৌধুৰী : লক্ষ্মীকান্ত চৌধুৰীৰ পুত্ৰ ৰমাকান্ত চৌধুৰীয়ে (১৮৪৬-১৮৮৯) প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ গুৱাহাটীৰ কাছাৰীত কেৰাণী হিচাপে কাম কৰিছিল৷ ৰমাকান্ত চৌধুৰীয়ে মাইকেল মধুসূদন দত্তই মিল্টনৰ ব্লেঙ্ক ভাৰ্ছৰ আৰ্হিৰে ৰচনা কৰা মেঘনাদ বধ কাব্যৰ আৰ্হিৰে অমিত্ৰাক্ষৰ ছন্দত অভিমন্যু বধ নামৰ এখন কাব্য ১৮৭৫ চনত ৰচনা কৰে৷ মহেশ্বৰ নেওগৰ ভাষাৰে– ‘‘এই নব্য প্ৰয়োগে অসমীয়া কাব্য-ভাৰতীৰ চৰণৰ জিঞ্জিৰি চিঙিবৰ এটি উপায় নিৰ্দেশ কৰিলে আৰু সেই উপায় অৱলম্বনৰ এটি ভাল আৰ্হিও দাঙি ধৰিলে৷’’ চৌধুৰীয়ে সীতাহৰণ আৰু ৰাৱণ বধ নামৰ দুখন নাটকো ৰচনা কৰিছিল৷ অতি পৰিতাপৰ কথা যে ১৮৭০-৮০ চনৰ ভিতৰত ৰচনা কৰা এই দুখন নাটক অসমৰ বিভিন্ন মঞ্চত সফলতাৰে মঞ্চস্থ হৈছিল যদিও বৰ্তমান দুয়োখন নাটকেই অধুনালুপ্ত৷ 

• ভোলানাথ দাস : নগাঁৱৰ বাখৰ বৰাৰ ঘৰৰ বাপিৰাম দাসৰ একমাত্ৰ সন্তান ভোলানাথ দাসে (১৮৫৮-১৯২৯) নগাঁৱতে স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ মেট্ৰোপলিটান কলেজত পঢ়িবলৈ যায়৷ অৱশ্যে তেওঁ ঘৰুৱা লেঠাৰ বাবে কলেজীয়া শিক্ষা সম্পূৰ্ণ নকৰি কিছুদিন চাৰ্ভেয়াৰ তথা শিক্ষকতা কৰে৷ পাছত তেওঁ চাব ডিপুটি কালেক্টৰ হিচাপে চাকৰি কৰি ১৯১২ চনত চাৰকাৰী চাকৰিৰ পৰা অৱসৰ লৈ গুৱাহাটীত স্থায়ীভাৱে বাস কৰিবলৈ লয়৷ ১৯২৯ চনত গুৱাহাটীতে তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে৷ 

ভোলানাথ দাসে ৰমাকান্ত চৌধুৰীৰ সমান্তৰালভাৱে অমিত্ৰাক্ষৰ ছন্দত সীতাহৰণ কাব্য ৰচনা কৰিছিল৷ এইখন কাব্য সেই সময়ত মাজুলীৰ আউনীআটি সত্ৰৰ পৰা প্ৰকাশিত আসাম-বিলাসিনী কাকতত (১৮৭১) প্ৰকাশ পাইছিল৷ পৰৱৰ্তী কালত, ১৯০২ চনহে এই কিতাপখনে ছপা ৰূপ লাভ কৰে৷ এইখন আধুনিক যুগত দ্বিতীয়খন কাব্যপুথি৷ তেওঁ ৰচনা কৰা খণ্ড-কবিতাৰ পুথি কবিতামালাৰ প্ৰথমছোৱা ১৮৮১ চনত আৰু দ্বিতীয়ছোৱা ১৮৮৩ চনত আৰু চিন্তাতৰঙ্গিণী নামৰ দ্বিতীয়খন কবিতাপুথিৰ দুটা খণ্ড ১৮৮৪-৮৫ চনত প্ৰকাশ পায়৷ এই কবিতাপুথি কেইখনৰ বিষয়ে সত্যেন্দ্ৰনাথ শৰ্মাই কৰা মন্তব্যটো মনকৰিবলগীয়া– ‘‘চিন্তাতৰঙ্গিণীৰ কবিতাসমূহ (সৰ্বমুঠ ৪৩); কবিতামালাৰ কবিতাতকৈ উচ্চখাপৰ৷ দৰাচলতে লিৰিক জাতীয় কবিতা তৰঙ্গিণীত হে প্ৰকাশ হৈছে৷… …‘মেঘ’, ‘মধুহাঁহি’, ‘কিয়নো নাজাগে মন’ আদি কবিতা আধুনিক যুগৰ গীতি-কবিতাৰ প্ৰথম প্ৰয়াস আৰু কবিত্বৰ নিদৰ্শন৷’’ অৱশ্যে সেই সময়ৰ কেইবাখনো কাকতত তেওঁৰ কবিতাৰ বিৰূপ সমালোচনা হোৱাত তেওঁ পাছলৈ সাহিত্য চৰ্চা কৰিবলৈ এৰি দিয়ে৷ ‘‘কিন্তু বেজবৰুৱা যুগৰ কাৰণে সাহিত্যৰ পথাৰ আঁওতোৱা বাবে আৰু কবিতাৰ মনোৰম বৰ্ণনা-চাতুৰ্য্য আৰু ছন্দৰ নব্য প্ৰয়োগৰ বাবেও ভোলানাথৰ স্থান অসমীয়া কাব্য-বুৰঞ্জীত স্থায়ী হৈ ৰ’ব’’ বুলি মহেশ্বৰ নেওগে মন্তব্য কৰে৷ 

• বলদেৱ মহন্ত : ১৮৫৮ চনত জন্ম লাভ কৰা বলদেৱ মহন্তৰ নামো এই সময়ছোৱাৰ সাহিত্যিকসকলৰ ভিতৰত মহেশ্বৰ নেওগে স্থান দিছে৷ অসমীয়া কাব্য সাহিত্যৰ বুৰঞ্জীত তেওঁৰ নাম এসময়ত হয়টো বিচাৰি পোৱা নাযাব বুলি মহেশ্বৰ নেওগে ধাৰণা কৰিছে৷ কিন্তু তেওঁ ৰচনা কৰা উজু পাঠ (১৮৭৪)খনে ‘‘সাবলীল ছন্দৰ কাৰণে এটি ৰুচিৰ সৃষ্টি কৰিলে আৰু কেৱল ছন্দৰ সৌন্দৰ্যই যে কেনেকৈ নগণ্য বিষয়বস্তুকো উপাদেয় কবিতাৰ শাৰীলৈ তুলিব পাৰে, তাকে দেখুৱালে’’ বুলি মন্তব্য কৰিছে৷

• কমলাকান্ত ভট্টাচাৰ্য : তেজপুৰৰ ন-দুৱাৰৰ পুলিছৰ দাৰোগা বাণেশ্বৰ ভট্টাচাৰ্যৰ পুত্ৰ কমলাকান্ত ভট্টাচাৰ্য (১৮৫৪-১৯৩৬)ই অৰুণোদই কাকততে তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল৷ পৰৱৰ্তী কালৰ আবাহনৰ বুকুতো তেওঁৰ লেখামেলা প্ৰকাশ পাইছিল৷ ইংৰাজী শিক্ষাৰে শিক্ষিত এইজনা ব্যক্তিৰ মন আছিল সংস্কাৰমুক্ত আৰু স্বাধীনতাপ্ৰয়াসী৷ ‘‘যুক্তিৰ ভেটিতহে তেওঁ বিশ্বাস গ্ৰহণ বৰ্জন কৰিছিল’’ বাবে তেওঁ এগৰাকী সুৱলা কবি নহ’ল বুলি সাহিত্যৰ ইতিহাসকাৰসকলে বিশ্বাস কৰে৷ স্বদেশপ্ৰেমেৰে উদ্বেলিত এওঁৰ কবিতা-প্ৰবন্ধত সততে বিদ্ৰোহৰ অগণি দেখা পোৱা যায়৷ ‘‘তেওঁৰ কবিতাত লিৰিকৰ গঢ় আছে; ‘কিন্তু কবিতাৰ ছন্দৰ লাগ-বান্ধ নাই’ ’’ বুলি মহেশ্বৰ নেওগে মন্তব্য কৰে৷ তেওঁ লিখা কবিতা পুথি কেইখন হ’ল– চিন্তানল (আগছোৱা, ১৮৯০), চিন্তানল (শেষছোৱা, ১৮৯২), চিন্তা তৰঙ্গ (১৯৩৩)৷ বাঁহী আলোচনীত, ১৮৩৩ শকত ধাৰাবহিকভাৱে ওলোৱা ‘গুটিদিয়েক চিন্তাৰ ঢৌ’ আৰু ‘কঃ পন্থঃ’ (১৯৩৪)ৰ লেখনিবোৰে ‘‘অসমীয়া চিন্তাশক্তি আৰু প্ৰকাশপূৰ্ণ ভাষাৰ গৌৰৱ ঘোষণা কৰে৷’’ ইয়াৰ উপৰি বিভিন্ন সাহিত্য আলোচনীত তেওঁৰ বিভিন্ন প্ৰবন্ধ সিঁচৰতি হৈ আছে৷  

• লম্বোদৰ বৰা : তেজপুৰৰ গমিৰি অঞ্চলত জন্মগ্ৰহণ কৰা লম্বোদৰ বৰা (১৮৬০-১৮৯২)ই পঢ়ি থকা অৱস্থাতেই আসাম-বিলাসিনী কাকততে তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত আসাম-বন্ধু, আসাম তাৰা, আসাম নিউজ আদি কাকততো তেওঁ কেইবাটাও মূল্যবান প্ৰবন্ধ ৰচনা কৰি প্ৰকাশ কৰিছিল৷ অসমীয়া সমাজৰ কিছুমান কুপ্ৰথা দূৰীকৰণৰ বাবে ৰচনা কৰা এই প্ৰবন্ধবোৰৰ মাজত লেখকৰ শক্তিশালী গদ্যশৈলীৰ উমান পোৱা যায়৷ তেওঁ জোনাকী কাকততো লিখামেলা কৰিছিল৷ উল্লেখযোগ্য যে সেই সময়তেই তেওঁ মহাকবি কালিদাসৰ শকুন্তলা নাটকখন অসমীয়ালৈ অনুবাদ কৰিছিল৷ তেওঁ ৰচনা কৰা দুখন উল্লেখযোগ্য পুথি হ’ল ল’ৰাবোধ আৰু জ্ঞানোদয়৷ তেওঁ ঈশ্বৰচন্দ্ৰ বিদ্যাসগৰৰ জীৱনী, আনন্দৰাম বৰুৱাৰ জীৱনী, সমাজদৰ্পণ নামৰ নাটকখনকে প্ৰমুখ্য কৰি কেইবাখনো পুথি ৰচনা কৰি আছিল যদিও তেওঁৰ অকাল মৃত্যুত সেইখিনি আধৰুৱা হৈ ৰ’ল৷ লম্বোদৰ বৰাই ৰচনা কৰা ‘সদনন্দৰ কাল ঘূমতি’ শীৰ্ষক হাস্যৰসাত্মৰ ব্যঙ্গাত্মক লিখনি (আসাম বন্ধুত প্ৰকাশিত) আৰু একে কাকততে প্ৰকাশিত ‘আনন্দৰাম বৰুৱাৰ জীৱন চৰিতৰ পাতনি’ তেওঁৰ উল্লেখযোগ্য ৰচনা৷ 

• ৰত্নেশ্বৰ মহন্ত : গুৱাহাটীত জন্ম লাভ কৰা ৰত্নেশ্বৰ মহন্ত (১৮৬৪-১৯৯৩)ই নগাঁৱৰ পৰা এণ্ট্ৰেঞ্চ পাছ কৰিছিল৷ তেওঁ নগাঁৱত থকা সময়তেই গুণাভিৰাম বৰুৱাক কেন্দ্ৰ কৰি এদল সাহিত্যিকৰ সৃষ্টি হৈছিল৷ তেওঁ গুণাভিৰাম বৰুৱাৰ সম্পাদনাৰে প্ৰকশিত আসাম বন্ধুৰ লগতে পৰৱৰ্তী কালৰ জোনাকী আৰু বিজুলী ককততো ‘জয়মতী কুঁৱৰী’ৰ দৰে কেইবাটাও বুৰঞ্জীমূলক প্ৰবন্ধ লিখিছিল৷ তেওঁ ৰচনা কৰা দ্ৰৌপদীৰ বেণীবন্ধন নামৰ নাটখনো পিছে অপ্ৰকাশিত হৈ ৰৈছিল৷ ইয়াৰ লগতে কবিতাহাৰ নামেৰে দুটা খণ্ডত তেওঁৰ কবিতা পুথি এখনো প্ৰকাশিত হৈছিল৷ 

• বলিনাৰায়ণ বৰা : ইঞ্জিনিয়াৰ বলিনাৰায়ণ বৰাৰ উদ্যোগত হৰিনাৰায়ণ বৰাৰ সম্পাদনাৰে প্ৰকাশিত মৌ আলোচনীখনত তেওঁ ৰচনা কৰা ‘ডাঙৰীয়া’, ‘অসমীয়া বাবু’ৰ দৰে ব্যঙ্গাত্মক কবিতা আৰু ‘উচ্চশিক্ষা’, ‘পুৰুষৰ স্বাধীনতা’ ‘অসমৰ ভূমি আৰু ৰাজহ’, ‘অসমৰ স্বাস্থ্য’ আদিৰ দৰে কেইবাটাও উচ্চমানৰ প্ৰবন্ধ প্ৰকাশ পাইছিল৷ পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত এই আলোচনীখন বন্ধ হৈ পৰে আৰু বলিনাৰায়ণ বৰাইও সাহিত্য ক্ষেত্ৰৰ পৰা সন্ন্যাস গ্ৰহণ কৰে৷ 

• পদ্মাৱতী দেৱী ফুকননী : আনন্দৰাম ঢেকিয়াল ফুকনৰ দুহিতা পদ্মাৱতী দেৱী ফুকননী (১৮৫৩-১৯২৯) আছিল এই সময়ৰ এগৰাকী অসমীয়া মহিলা লেখিকা৷ তেওঁ সুৰ্ধমাৰ উপাখ্যান নামেৰে এখন উপন্যাস ৰচনা কৰিছিল৷ ইয়াৰ লগতে ফুকননীয়ে শিশুসকলৰ বাবে হিতসাধিকা নামৰ পুথি এখনো ৰচনা কৰিছিল৷ 

• অন্যান্য সাহিত্যিকসকল : ইতিমধ্যে উল্লেখ কৰা সাহিত্যিকসকলৰ উপৰি আৰু কেইবাজনো সাহিত্যিকে এই সময়ছোৱাত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ যত্নপৰ হৈছিল৷ ইন্দীবৰ বৰুৱাই নীলকমল ছদ্মনামেৰে ‘জীৱনাদৰ্শ’, ‘মণিৰাম দেৱান’, ‘পিয়লি ফুকন’ আদি জীৱনীমূলক ৰচনা; ৰুদ্ৰৰাম বৰদলৈয়ে ১৮৭১ চনত বঙাল-বঙালনী নামৰ নাটক, পূৰ্ণকান্ত দেৱশৰ্মাই হৰধনুভংগ আৰু হৰিচন্দ্ৰ (১৮৯৩); হৰেশ্বৰ শৰ্মা বৰুৱাই অভিমন্যু বধ (১৮৯৫১ আগৰ) আৰু শকুন্তলা নাটক; পূৰ্ণকান্ত শৰ্মাই নলচৰিত (১৮৮৯), হিতকথা (১৮৭৮), জ্ঞানাঙ্কুৰ (১৮৮২); পদ্মহাঁস গোস্বামীয়ে পদ্যমালা (১৮৮০) আৰু শিক্ষাসাৰ; দেৱনাথ বৰদলৈয়ে হেমপ্ৰভা আৰু বৈদেহী বিচ্ছেদ নাটক ৰচনা কৰিছিল৷ 

ইয়াৰ উপৰি তেজপুৰৰ হৰিবিলাস আগৰৱালাই ১৮৭৬ চনত মহাপুৰুষজনাৰ কীৰ্তন-ঘোষা ছপা ৰূপত প্ৰকাশ কৰিছিল৷ ইয়াৰ পাছত তেওঁ ভাগৱতৰ দশম আৰু একাদশ খণ্ড, ৰামবিজয় নাট, গুণমালা, ভক্তি-ৰত্নাৱলী, বৰগীতো প্ৰকাশ কৰে৷ মাধৱচন্দ্ৰ বৰদলৈয়ে সাতকাণ্ড ৰামায়ণ আৰু দীপিকা-চন্দ্ৰ (১৮৯৫), কলিৰাম বৰুৱাই ৰাম সৰস্বতীৰ গীতগোবিন্দ আৰু কীৰ্তন, দশম প্ৰকাশ কৰিছিল৷ এনেদৰে মুষ্টিমেয় কেইবাজনেও পুৰণি অসমীয়া সাহিত্য প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধিত তেওঁলোকৰ সাধ্যানুসাৰে অৰিহণা যোগাইছিল৷ ইয়াৰ পাচতেই জোনাকী কাকতৰ প্ৰকাশৰ লগে লগে অসমীয়া সাহিত্যই আন এটি নতুন যুগত ভৰি দিলে৷  

*** ***** ***

(ক্ৰমশঃ…)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক