অসমীয়াগিৰি –জ্যোতিৰ্ময় শৰ্মা

অলপতে ঘৰৰ কাম অলপ কৰাইছিলোঁ৷ কাম মানে পুৰণি ড্ৰয়িংৰুমটো ভাঙি নতুনকৈ সজোৱা হ’ল৷ কাম আগবাঢ়িল৷ এটা সময়ত প্ৰায় শেষ হ’বৰো হ’ল৷ বিজুলী সংযোগৰ কামখিনিৰ বাবে মাজে মাজে আমাৰ ঘৰলৈ আহি থকা লাইটৰ কাম জনা চিনাকীে ডেকা ল’ৰাজনকেই ক’লোঁ৷ কি কি বস্তু লাগিব তাৰ লিষ্ট এখন লিখি দিলে৷ মই বস্তুবোৰ আনিলোঁ আৰু মোৰ যা-যোগাৰ সম্পূতুৰ্ণ হোৱাৰ খবৰ দিয়াৰ লগে লগে তেখেত কোনদিনা মোৰ ঘৰলৈ কাম কৰিবলৈ আহিব তাৰিখটো জনাই দিলে৷
নিৰ্দিষ্ট দিনা পুৱা দহ বজাত মই ফোন কৰিলোঁ৷ তেখেতে মোক ক’লে- “ দাদা, আমি যাম৷“
এঘাৰ বাজিল৷ তেখেত বা আন কোনোৱে আহি নাপালে৷
দিনৰ দুই বাজিল৷ কোনো নাহিল৷
তিনিমান বজাত মই আকৌ ফোন কৰিলোঁ৷ তেখেতে ক’লে – “দাদা, আজি মুঠতে আপোনাৰ নতুন ড্ৰইংৰুমত লাইট জ্বলিব৷ চিন্তা নকৰিব৷“
মই এটা কথা বুজিলোঁ- মোৰ ভুল হৈ গ’ল৷ “মোৰ ঘৰৰ কাম অসমীয়াে ল’ৰাই কৰক“ জাতীয় চেণ্টি দিবলৈ গৈ মই ফঁচিলোঁ৷ আজিতো নাহেই, কেতিয়া আহিব তাৰো ঠিকনা নাই৷
চাৰি বাজিল৷ কোনো নাহিল৷
পাঁচমান বজাত মই বজাৰলৈ ওলাই গ’লোঁ৷ চৰাদামৰ পটল কিনিম নে ভাতকেৰেলা নে এবিধো নিকিনো ভাবি থাকোঁতে ঘৰৰ পৰা ফোন কৰি জনালে বোলে লাইটৰ কাম কৰিবলৈ মানুহ আহিছে৷ ঘৰ পালোঁহি৷ আহি দেখোঁ দুজন কোমল বয়সীয়া ল’ৰাই কামত ধৰিছে৷ যিজনৰ লগত কামৰ বন্দবস্ত আছিল তেখেতক ফোন কৰিলোঁ৷ তেখেতে ফোন ধৰিয়েই মোক ক’লে- “আপোনাৰ ঘৰত মোৰ মানুহে কাম আৰম্ভ কৰিছেই৷ আজি মুঠতে আপোনাৰ নতুন…..৷“
মই ফোন কাটি দিলোঁ৷
ছয় বজাত চুইচ বৰ্ড লগোৱা হ’ল৷ সাতমান বজাত চিলিঙৰ বৰ্ড কাটি ল’ৰাহঁতে বাল্ব লগাব আৰম্ভ কৰিলে৷ ময়ো খং-ৰাগ সামৰি ল’ৰাহঁতৰ লগত কথা-বতৰা আৰম্ভ কৰিলোঁ৷ এনেতে তিনি নম্বৰজন আহি সিহঁতৰ লগ লাগিলহি৷ কাম চলি থাকিল৷
নিশা ন বাজিল৷ বতৰ বেয়া হৈ আহিছে৷ মেঘে গাজিছে৷ বৰষুণ আহোঁ আহোঁ৷ ল’ৰাহঁতে কাম কৰি আছে৷ মাজতে এবাৰ ল’ৰাহঁতৰ ঘৰ ক’ত সুধিও আহিলোঁ৷ মংগলদৈ চহৰৰ পৰা সাত কিলোমিটাৰ দূৰত৷
বতৰ বেছি বেয়া হৈ আহিল৷ ল’ৰাহঁতৰ কাম শেষ হোৱাই নাই৷ মায়ে এপাকত গৈ ক’লে- “বাকী থকাখিনি কাইলৈ কৰি থৈ যাবা দিয়া৷ আজি বতৰো বেয়া৷“ ল’ৰাহঁতে হা না একো নক’লে৷ কাম কৰি থাকিল৷ কথা-বতৰা পাতি গম পালোঁ মই কামৰ বন্দবস্ত কৰা মানুহজন সিহঁতৰ দলপতি৷ মুঠ পোন্ধৰজন আছে দলত৷ আটাইবোৰ অসমীয়া ল’ৰা৷
দহ বাজিল৷ মুষলধাৰে বৰষুণ নামিছে৷ ল’ৰাহঁতে কাম কৰিয়েই আছে৷ নিশা চাৰে দহ বজাত মোৰ নতুন ড্ৰইংৰুমত লাইট জ্বলিল৷
বৰষুণ কমা নাই৷ লাইটৰ চুইচ, ফেনৰ চুইচ কোনটো ক’ত মোক দেখুৱাই ল’ৰাহঁতে কাম সামৰিলে৷ এই বতৰত ইমান ৰাতিলৈ মোৰ কামটো নকৰিলেও হ’লহেঁতেন বুলি মই কওঁতে তিনিজনৰ ভিতৰত আটাইতকৈ কম বয়সীয়াজনে ক’লে- “আপোনাৰ নতুন ড্ৰইংৰুমত আজি লাইট জ্বলিব বুলি কৈছিল নহয় আমাৰ দাদাই! গতিকে জ্বলিবই লাগিব৷“
নিশা এঘাৰ বাজিল৷ ল’ৰাহঁত যাবলৈ ওলাল৷ বাহিৰত ধাৰাষাৰ বৰষুণ৷ মটৰ চাইকেলৰ টুলবক্সৰ পৰা ৰেইনকোট উলিয়াই পিন্ধি ল’লে৷ “ইমান বৰষুণত কেনেকৈ যাবাহে?“ বুলি ক’ব খুজিও মই নক’লোঁ৷ মই বুজিলোঁ, ধুমুহা, বৰষুণক ভয় কৰা ল’ৰা ইহঁত নহয়৷
এই ল’ৰাকেইজনৰ দলটো প্ৰখ্যাত SRD Group-ৰ সকলো উদ্যোগ, কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠানৰ বিজুলী ব্যৱস্থাপনাৰ দায়িত্বত আছে৷
আমাৰ ল’ৰাই সম্পূৰ্ণ পেচাদাৰী মনোভাবেৰে কাম কৰিব শিকিছে৷
মই বুজাত এয়াহে অসমীয়াগিৰি৷ প্ৰকৃত অসমীয়াগিৰি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments