অসমীয়াত কথা বতৰা: অসমীয়া ভাষা সাহিত্যৰ নৱজাগৰণৰ মঞ্চঃ দীপাঙ্কৰ মল্ল বৰুৱা

আজি প্ৰায় পাঁচ বছৰৰ আগৰ কথা। তেতিয়া ইণ্টাৰনেটৰ ব্যৱহাৰত মই তেনেই কেঁচা। ফেচবুকত য়েতিয়া অসমীয়াত দিয়া পোষ্ট তেনেই তাকৰ আছিল। বন্ধু প্ৰতিভূ, বিক্ৰমহঁতৰ অসমীয়াত লিখা পোষ্টবোৰ বিচাৰি বিচাৰি পঢ়োঁ। ইণ্টাৰনেটৰ অসমীয়া পোষ্টবোৰ দেখি আভিভূত হওঁ, কিন্তু নিজে অসমীয়াত লিখিব নাজানো। সেইসময়তে গ্ৰন্থমেলাৰ বিপনিত অসমীয়াত লিখিব পৰা ছফটৱেৰ এটা পালোঁ। নামটো অদ্ভূত Azhagi Plus । মোক ক’লে সেইটো ছফটৱেৰেৰে কেৱল অসমীয়াই নহয়, বাংলা, হিন্দী, তামিল, তেলেগুকে আদি কৰি ভাৰতৰ প্ৰায় আটাইবোৰ ভাষাতে লিখিব পাৰি। অসমীয়াত লিখাৰ হেঁপাহত সেইটোকে কিনি আনিলোঁ।
সহজতে চফটৱেৰটো কম্পিউটাৰত ইনষ্টল হৈ গ’ল। লাহে লাহে অসমীয়াত লেখিবলৈ শিকিলোঁ। কেইজনমান বন্ধুক ফ’ন কৰি ফেচবুকত কেনেকৈ লিখিব পৰা যায় জানি ললোঁ। এটা দুটাকৈ ফেচবুকত অসমীয়াতে পোষ্ট দিবলৈ আৰম্ভ কৰিলোঁ। বহুদিন অসমীয়াত লিখা নাছিলোঁ কাৰণে প্ৰথমতে খুব অসুবিধা হ’ল। ইংৰাজী আৰু হিন্দীৰ পয়োভৰত অসমীয়া শব্দবোৰ মনলৈ আহিবই নোখোজে। মোৰ মনত আছে, অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ সীমান্তত থকা পাংছু পাছলৈ যোৱাৰ ভ্ৰমণ কাহিনীৰে মই ফেচবুকত অসমীয়াত লিখিবলৈ আৰম্ভ কৰিছিলোঁ।
সেইসময়তে মোৰ বন্ধু তালিকাত থকা কোনোবা এজনে মোক অসমীয়াত কথা বতৰা গোটটোলৈ আমন্ত্ৰণ কৰিলে। সেই গোটত তেতিয়া পাঁচ হাজাৰমান সদস্য আছিল। গোটটোত সোমাই গম পালোঁ ইণ্টাৰনেটত অসমীয়াত লেখা মেলা কৰা বহুত মানুহ আছে। সেই গোটত নিয়মীয়াকৈ গল্প, কবিতা, প্ৰৱন্ধ পঢ়িবলৈ ল’লোঁ। সেই লেখাবোৰত আনৰ দৰে মন্তব্য দিবলৈও আৰম্ভ কৰিলোঁ। লাহে লাহে অসমীয়া শব্দবোৰে মনত খেলিবলৈ ধৰিলে। নিজেও কিবা কিবি লিখাৰ উৎসাহ পালোঁ। দুই এটা সৰু ৰচনাৰে আৰম্ভ কৰিলোঁ। মোৰ লেখাতো আনৰ মন্তব্য দেখিবলৈ পাই উৎসাহ দুগুণে বাঢ়িল। লেখাবোৰ অলপ অলপকৈ দীঘল হ’বলৈ ধৰিলে।
সেইসময়তে অসমীয়াত কথা বতৰা গোটটোত থকা এটা নিয়ম আছিল যে লেখাত এটাও ইংৰাজী বৰ্ণমালাৰে লিখা শব্দ থাকিব নোৱাৰিব। ইংৰাজী বৰ্ণমালাৰে লিখা মন্তব্যবোৰো প্ৰশাসকে মোহাৰি দিছিল। ইয়াৰ ফলত সদস্য সকলৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল। কিন্তু গোটটোৰ প্ৰশাসকে অসমীয়া বৰ্ণমালাৰে লিখাটো কঠোৰভাৱে বাধ্যতামূলক কৰাৰ কাৰণে পোষ্ট কৰিব খোজা সদস্য সকলে অসমীয়া বৰ্ণমালা ব্যৱহাৰ কৰিবলৈ শিকিবলগীয়া হৈছিল। অৱশ্যে অসমীয়া কথা বতৰা গোটত অসমীয়াত লেখা দিয়া বা মন্তব্য কৰাটো বৰ্তমানেও সেই নিয়ম অব্যাহত আছে যদিও বহুতে সেই নিয়ম অগ্ৰাহ্য কৰা দেখা যায় ।তথাপি এটা কথা ক’বই লাগিব যে অসমীয়াত কথা বতৰা গোটে ফেচবুকত বহুসংখ্যক অসমীয়া লেখকৰ সৃষ্টি কৰিলে।
আজিৰ সময়ত চ’চিয়েল মিডিয়া আটাইতকৈ শক্তিশালী সংযোগ মাধ্যম হৈ পৰিছে। বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা কমি আহিছে, কিন্তু চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ সংখ্যা দোপতদোপে বাঢ়িছে। চ’চিয়েল মিডিয়াত সাহিত্য চৰ্চা কৰা এচাম নতুন সাহিত্যিকৰ সৃষ্টি হৈছে। অসমীয়াত লিখিবলৈ পাহৰি যোৱা মোৰ দৰে বহুজনে ফেচবুকৰ জৰিয়তে আকৌ লিখিবলৈ আৰম্ভ কৰিছে। চ’চিয়েল মিডিয়াৰ জৰিয়তে আৰম্ভ হোৱা অসমীয়া ভাষা চৰ্চাৰ এই উৎসাহক অসমীয়া ভাষাৰ এক প্ৰযুক্তিপ্ৰদত্ত নৱ জাগৰণ বুলি ক’ব পাৰি। তাহানিতে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আদিয়ে জোনাকীৰ জৰিয়তে আৰম্ভ কৰা অসমীয়া ভাষাৰ নৱ জাগৰণ আধুনিক সময়ত ফেচবুকৰ জৰিয়তে হোৱাটো সম্ভৱ হৈছে।
এই ক্ষেত্ৰত অসমীয়াত কথা বতৰা গোট আৰু সাহিত্য ডট্ অৰ্গ নামৰ ই আলোচনীখনে গুৰুত্বপূৰ্ণ ভুমিকা লৈছে। আধুনিক সময়ত অসমীয়া ভাষাৰ অস্তিত্ব বজাই ৰাখিবলৈ হ’লে ইণ্টাৰনেট জগতত অসমীয়া ভাষাৰ সমল চহকী কৰাটো অপৰিহাৰ্য হৈ পৰিছে। এই দিশত অসমীয়াত কথা বতৰা আৰু সাহিত্য ডট অৰ্গৰ অৱদান অপৰিসীম। বৰ্তমান সময়ত প্ৰায় কুৰি সহস্ৰাধিক ব্যক্তিয়ে অসমীয়াত কথা বতৰা গোটটোত নিয়মিতভাৱে লেখা মেলা কৰে। অসমীয়াত কথা বতৰা গোটৰ সদস্যৰ সংখ্যা আৰু এই গোটত নিয়মিতভাৱে লেখা মেলা কৰা লোকৰ সংখ্যা অবিশ্বাস্য হাৰত বৃদ্ধি পাইছে। অসমীয়া কথা বতৰা গোটত নিয়মীয়াকৈ লেখা মেলা কৰা এগৰাকী সদস্যক প্ৰতিমাহে সাহিত্য ডট অৰ্গ নামৰ ই- আলোচনীখনৰ সম্পাদক নিযুক্ত কৰা হয়। সম্পাদকগৰাকীয়ে সেই মাহটোত অসমীয়া কথা বতৰা গোটত প্ৰকাশ হোৱা ৰচনাসমূহৰ পৰা ই আলোচনীখনৰ বাবে লেখা বাচনি কৰে। ই আলোচনীখনৰ জৰিয়তে বহুতো উৎকৃষ্ট লেখা সংৰক্ষিত হৈ আছে।
মোৰ অসমীয়াত কথা বতৰা গোটৰ লগত হোৱা অভিজ্ঞতা চিৰস্মৰণীয় হৈ ৰ’ব। ২০১৪ চনত মই এই গোটটোত অসমৰ তৈল অন্বেষণৰ ইতিহাসৰ বিষয়ে টুকুৰা টুকুৰিকৈ কেইটামান পোষ্ট দিছিলোঁ। সেই পোষ্ট কেইটাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সেইসময়তে এদিন হঠাতে শ্ৰীমতীয়ে অসমৰ তৈল অন্বেষণৰ ইতিহাস ব্যৱহাৰ কৰি এখন উপন্যাস লিখাৰ পৰামৰ্শ দিলে। উপন্যাস লিখাৰ মোৰ কোনো পূৰ্বৰ অভিজ্ঞতা নাছিল আৰু ইমান ডাঙৰ কাম এটা কৰিবলৈ মানসিক প্ৰস্তুতিও নাছিল। দুই এটা প্ৰবন্ধ বাতৰি কাকতত প্ৰকাশ পোৱা কাৰণে কিছুসংখ্যক মানুহে মোক নিবন্ধকাৰ বুলি জানিছিল। কিন্তু গল্প এটাও ক’তো প্ৰকাশ নোহোৱা মই উপন্যাস লিখাৰ মৰসাহ কৰিলোঁ। অসমীয়াত কথা বতৰা গোটে মোক নিজৰ লেখা পৰীক্ষা কৰি চাবলৈ এখন মঞ্চ দিলে। মই উপন্যাস লিখিবলৈ আৰম্ভ কৰিলোঁ আৰু ধাৰাবাহিক ভাৱে অসমীয়াত কথা বতৰা গোটত নিয়মীয়াকৈ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলোঁ। পাঠকৰ দৃষ্টি আকৰ্ষিত কৰিবলৈ উপন্যাসখনৰ নাম এটা দিবলগীয়া হ’ল। ৰহস্যধৰ্মী কিতাপ পঢ়িবলৈ ভাল পাইছিলোঁ কাৰণে পাঠকৰ মনত ৰহস্যৰ সৃষ্টি কৰিব পৰা নাম এটা দিলোঁ, “পাটকাই ভিলা”।
অসমীয়াত কথা বতৰাত চোৱা চোৱাকৈ পাটকাই ভিলা প্ৰকাশ হোৱাৰ সময়ত বহুতো পাঠকৰ ‘লাইক’, ‘কমেণ্ট’ পালোঁ। তেতিয়াৰ পৰা মোৰ নিজৰ লেখাৰ ওপৰত বিশ্বাস জন্মিল। ছমাহমান বহুত কষ্ট কৰি, ৰাতি ৰাতি কম্পিউটাৰত বহি উপন্যাসখন শেষ কৰিছিলোঁ। উপন্যাসখন লিখি উলিওৱাৰ পাছতে বনলতাই কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ ওলাইছিল। কিন্তু প্ৰান্তিকৰ সম্পাদকেও আগ্ৰহ দেখুওৱাত আলোচনীতে প্ৰথমতে আলোচনীতে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত ল’লোঁ। ২০১৬ চনৰ ডিছেম্বৰ মাহৰ পৰা ২০১৮ চনৰ মে’ মাহলৈ ‘ডিগ বয় ডিগ’ নামেৰে উপন্যাসখন প্ৰকাশ হ’ল। সেই একেখন উপন্যাস ২০১৮ চনৰ ছেপ্তেম্বৰ মাহত ডিব্ৰুগড়ৰ বনলতা প্ৰকাশন গোষ্ঠীয়ে কিতাপৰ আকাৰত প্ৰকাশ কৰি উলিয়াইছে।
‘ডিগ বয় ডিগ’ উপন্যাসখনৰ সৃষ্টি ফেচবুকৰ অসমীয়াত কথা বতৰা গোটৰ মজিয়াতে হৈছিল। ফেচবুকতে উপন্যাসখনৰ সৰহসংখ্যক অনুৰাগী আছে। সেয়েহে যোৱা ১৩ ছেপ্তেম্বৰ তাৰিখে অতি অনাড়ম্বৰকৈ মই ফেচবুকত মোৰ ৱাল আৰু অসমীয়াত কথা বতৰা গোটত কিতাপখনৰ ফটোসহকাৰে আপডেট এটা পোষ্ট কৰি কিতাপখনৰ উন্মোচন কৰিলোঁ। ফেচবুক আৰু অসমীয়াত কথা বতৰা গোটৰ মজিয়াত কিতাপৰ উন্মোচন হয়তো এয়াই প্ৰথম।
শেষত অসমীয়াত কথা বতৰা গোট আৰু সাহিত্য ডট্ অৰ্গ নামৰ ই আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে নতুন লেখক সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা সাহিত্য সমৃদ্ধিশালী কৰাত অহৰহ ব্ৰতী হৈ থাকে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক