অসমীয়াত কথা-বতৰা আৰু মই (দিগন্ত যাদৱ শৰ্মা)

নমস্কাৰ,
অসমীয়াত কথা বতৰাৰ সমূহ সদস্য আৰু প্ৰশাসকসকল,

দিনাংক ২৮ মাৰ্চ’ ২০১২। দিনটোৰ কোনোবা এটা সময়ত মোৰ ‘ম’বাইল ফোন’টোত ই-মেইলৰ ‘alert tone’ বাজি উঠিছিল। মেজৰ ওপৰতে থকা “ম’বাইল ফোনটোৰ screen”ত দেখিছিলোঁ- জি-মেইলত মোলৈ অহা এটা ই-মেইল “………………approved your request to join the group অসমীয়াত কথা বতৰা।”

আজি ২৮ মাৰ্চ’ ২০১৩। ‘অসমীয়াত কথা বতৰা’ত মোৰ এবছৰ সম্পুৰ্ণ হ’ল। ২০১২ বৰ্ষৰ আজিৰ দিনটোতে মই অকবৰ মজিয়াত প্ৰবেশ কৰিছিলোঁ। তেতিয়া ইয়াত মোৰ সচৰাচৰ প্ৰচলিত চিনাকি অৰ্থত এজনো নাছিল। আপোনালোক আটাইৰে লগত মোৰ মাত্ৰ এটাই চিনাকি আছিল- “আপোনালোকৰ দৰেই ময়ো অসমীয়া ভাষাক শ্ৰদ্ধা/সন্মান কৰোঁ। মই মোৰ মাতৃভাষা অসমীয়াক কেতিয়াও অবজ্ঞা কৰা নাই, নকৰোঁ। ইন্টাৰনেটৰ বিশাল জগতখনত ময়ো কিঞ্ছিত হলেও অসমীয়াত কথা বতৰা আগবঢ়াব খোজোঁ।”
বিগত ৩৬৫ দিনত মই অসমীয়াত কথা বতৰাক কি দিছো সেইটো গুৰুত্বপুৰ্ণ নহয়। ‘কিবাকিবি’ লিখিবলৈ চেষ্টা কৰিছো যদিওঁ সেয়া অৱশ্যে অতি নগণ্য। আৰু সেয়া মানদণ্ডৰ ফালৰ পৰাও উত্তম নিশ্চয়কৈ নহয়। গুৰুত্বপুৰ্ণ কথাটো হৈছে অসমীয়াত কথা বতৰাই মোক বহুতো দিলে। আমনি লগাত কেইবাবাৰো ‘ফেচবুক’ বাদ দিম বুলি ভবা দিগন্ত যাদৱ শৰ্মাই এতিয়া অকবৰ বাবে দিনটোত এবাৰৰ বাবে হলেওঁ গোটৰ পৃষ্ঠাটো খোলে। কেতিয়াবা কেবাবাৰো হয় ‘মোবাইল ফোনটোৰ সৌজন্যত’। প্ৰকৃততে ‘ফেচবুক’ত মই খুব সক্ৰিয়ও নহওঁ। সাহিত্য পঢ়ি ভাল পাওঁ। কিন্তু সংসাৰ আৰু চাকৰি জীৱনৰ ব্যৱস্থা আৰু ব্যস্ততাই এনে ৰুচি আৰু চখত মাজে মাজে আঘাট হানে।
অসমীয়া মোৰ মাতৃভাষা। মাতৃভাষাক ভাল নোপোৱা মানুহো নিশ্চয় নাই। অইন ভাষাতকৈ মাতৃভাষাতে পঢ়ি বেছিকৈ স্বাচ্ছন্দ্য অনুভৱ কৰোঁ। দিনবোৰৰ ব্যস্ততাৰ মাজতো প্ৰায়ে থাওকতে পোৱা যিকোনো ধৰণৰ লেখাত চকু ফুৰাওঁ। কেতিয়াব কেতিয়াবা ‘মোবাইল ফোন’টোতে ‘ইন্টাৰনেট’ত অসমীয়া ভাষা-সাহিত্যৰ কিনো লেখা আছে চাবলৈ চেষ্টা কৰোঁ। এনেকৈয়ে এদিন সাহিত্য ডট্ অৰ্গ, এনাজৰী… এইবোৰৰ লগত চিনাকি হ’লো। ভাল লাগিল, ঘৰৰ পৰা দুৰৈত থকা সেই দিনবোৰত যেন মুৰটো সোমোৱাবলৈ নতুনকৈ আৰু মুধচ এখনহে পালো। বাতৰি কাকততো এই আলোচনী সমূহৰ নাম দেখিছিলোঁ। তেতিয়াওঁ জনা নাছিলো “অসমীয়াত কথা বতৰা” গোটৰ কথা। সাহিত্য ডট অৰ্গত এবাৰ খোচঁৰি থাকোতে এই গোটৰ কিছু কথাত চকু পৰে। লগে লগে অকবত প্ৰবেশ কৰিবলৈ মন মেলিলোঁ। হয়, সেইবাৰ বহুদিনৰ পিছতহে নিজৰ ‘একাউন্ট’টো খুলিছিলোঁ। অলপ চেষ্টাৰে “অসমীয়াত কথা বতৰা” ‘টাইপ’ কৰি ‘চাৰ্চ’ কৰি ‘Join Group’ বুটামটোত ‘ক্লিক’ কৰিলোঁ। চেষ্টাৰে বুলি এইবাবেই কৈছো তেতিয়া ‘Click ‘n Type’তহে অসমীয়া লিখিবলৈ আৰম্ভ কৰিছিলো। অৱশ্যে আজিওঁ মই অসমীয়া খৰকৈ লিখাত পাকৈত হৈ উঠা নাই। একো লিখিব নোৱাৰি বহুদিনলৈ অইনৰ লেখাবোৰ পঢ়ি উঠি অকল ‘like’তে ‘ক্লিক’ কৰিছিলোঁ। এই বিষয়ত মোৰ অনুভৱৰ বিষয়ে কিছু কথা অকবৰ মজিয়াত ইতিমধ্যে ব্যক্ত কৰিছোঁ।
খুব সম্ভৱ মোৰ প্ৰথম ‘পোষ্ট’টো আছিল স্কুলৰ নতুন কিতাপ কিনাৰ ওপৰত মোৰ অনুভৱৰ টোকা এটা । অতি চমু লিখাটোৰ ওপৰত কেইবাজনেওঁ মন্তব্য আগবঢ়াইছিল। ‘অকব’ত বহুতো উন্নত মানদন্ডৰ লেখা পঢ়িবলৈ পাওঁ যিয়েই নেকি ভাল কিতাপ অথবা আলোচনী এখনৰ অভাব পূৰ্ণ কৰে। আপোনালোকৰ লেখাবোৰ পঢ়ি উৎসাহিত হৈ মই নিজেও ‘কিবা’ এটা লিখিবলৈ মন মেলিছিলো। সেই তেতিয়াই আমাৰ কলেজীয়া জীৱনত দেখি অহা ঘটনা এটাৰ ওপৰত ভিত্তি কৰি চুটিগল্প এটা লিখিছিলোঁ। ‘পোষ্ট’ কৰি বিভিন্নজনৰ মন্তব্যৰ মাধ্যমেৰে পোৱা সঁহাৰিয়ে মনটোক আপ্লুত কৰিছিল। কিয়নো নতুনকৈ লেখা মানুহ এজনৰ বাবে ই হৈছে এক মহৌষধ। সেয়ে আকৌ কিবা এটা লিখাৰ চেষ্টা কৰাৰ বাবে মনটোৱে সাহস আৰু উৎসাহ দুয়োটাই পাইছিল। লিখাৰ চেষ্টা হাইস্কুলীয়া জীৱনত ছেগা-ছোৰোগাকৈ নকৰা নহয়! হাইস্কুলৰ বাৰ্ষিক মুখপত্ৰ, বিজ্ঞান জেউতি, সঁফুৰাত কেইটামান লেখাওঁ প্ৰকাশ পাইছিল। সেয়া অৱশ্যে হাইস্কুল শিক্ষান্তৰ পিছতে সমাপ্ত হৈছিল।
আৰু তাৰ পিছত… বৃহৎ অন্তৰাল। ভবাওঁ নাছিলো কেতিয়াবা আকৌ লিখিম বা লিখিব পাৰিম বুলি। কিন্তু অসমীয়াত কথা বতৰা আৰু ইয়াৰ সন্মানীয় সদস্যসকলৰ কৃপা/অনুগ্ৰহ/উৎসাহ/প্ৰেৰণাত এইয়া সম্ভৱ হৈ উঠিল। অৱশ্যে ছেগা-ছোৰোগাকৈহে। মোৰ মনত আছে যেতিয়া প্ৰথম প্ৰথম লিখিবলৈ লৈছিলো বহুকেইজনে (সদস্য/প্ৰশাসক) মুল্যবান আৰু উৎসাহী মন্তব্য আগবঢ়াইছিল। যাৰ বাবে মই ‘কিবা-কিবি’ লিখিবলৈ উৎসাহ পালো। সেইসকলৰ নাম ললে কোনোবা বাদ পৰি যোৱাৰ দোষে চুব বুলি ভাবি তেওঁলোক কাৰোৰেই নাম লোৱাৰ পৰা বিৰত থাকিলো। মই আটাইকে নমস্কাৰ আৰু ধন্যবাদ জনাইছোঁ। ইয়াৰে কিয়দাংশ মন্তব্য আগবঢ়োৱাৰ লোভ সামৰিব নোৱাৰিলোঁ!
মোৰ প্ৰথম লেখাটোৰ সন্দৰ্ভত এজন সন্মানীয় সদস্যই আগবঢ়োৱা মতামত- “… …মৰম লগা (লগতে অলপ অলপ দুখ লগা) লিখা। অসমীয়াত কথা-বতৰালৈ স্বাগতম। … … আগলৈ পঢ়িবলৈ পাম বুলি আশা থাকিল।”
অইন কিছু মন্তব্য -“… …এতিয়া নিজে প্লট সাজি গল্প লিখা আৰম্ভ কৰি দিয়ক। পঢ়িবলৈ আমি আছোৱেই।”
-“… …খুটি-নাটি মাৰি কিছু কথা ৰাইজৰ আগত দাঙি ধৰিলে সুন্দৰকৈ … মাজে মাজে এনে গুৰুত্বপূৰ্ণ লেখাবোৰ লিখিবছোন।”
-“… …সদায় দেখি থকা ঘটনা কিছুমানৰ সুন্দৰ বিশ্লেষণ।”
-“… …ব্যতিক্ৰমী উপস্থাপনেৰে বাস্তবধৰ্মী গল্পকাহিনীটোৰ বৰ্ণনাই কাহিনীটোৰ গাম্ভীৰ্য্য আৰু বেছি বঢ়াই তুলিছে। সুন্দৰ উপস্থাপন। উপস্থাপন কৌশলৰ পৰীক্ষা নিৰীক্ষা অনুশীলনৰ সময়তে আপুনি প্ৰমাণ কৰিলে উপস্থাপনে কিদৰে হৃদয় জয় কৰে।”
ইত্যাদি, ইত্যাদি…… এইধৰণৰ মতামত পালে বাৰু কাৰ লিখিবলৈ মন নাযাব? নিয়মিতভাবে নহলেওঁ, মাহেকে পষেকে এটা হলেও!
আজিৰ দিনটোত যিটো কথাই মোক আপ্লুত কৰি ৰাখে সেইটো হৈছে- চূৰ্চুৰীয়াকে হলেও নিজৰ হাতেৰে নিগৰি ওলোৱা অসমীয়াত লিখা একোটা লেখা যেতিয়া ‘অসমীয়া কথা বতৰা’ত প্ৰকাশ কৰিবলৈ পাওঁ। মোৰ লেখাৰ মানদন্ড যিয়েই নহওঁক, লিখি কিন্তু সঁচাকৈয়ে তৃপ্তি পাওঁ। ‘অসমীয়াত কথা বতৰা’ৰ মাধ্যমেৰে মাতৃভাষাত আকৌ যে লিখিবলৈ আৰম্ভ কৰিবলৈ সুযোগ পালো সেইটো মোৰ বাবে এক ডাঙৰ প্ৰাপ্তি। আৰু এই গোটেইবোৰ ভাল ভাল কথাৰ বাবে ‘অসমীয়া কথা বতৰা’ৰ সমূহ সদস্য আৰু প্ৰশাসকসকলক মোৰ হিয়াভৰা কৃতজ্ঞতা জনালোঁ। ধন্যবাদ।
চিৰ চেনেহী মোৰ ভাষা জননী…
জয়তু অসমীয়াত কথা বতৰা…

দিগন্ত যাদৱ শৰ্মা, ২৮ মাৰ্চ ২০১৩
সদস্য, “অসমীয়াত কথা বতৰা”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments