অসমীয়াৰ সংজ্ঞা বিতর্ক (ময়ূৰ চেতিয়া)

অসমীয়াৰ সংজ্ঞা বিতর্ক

যোৱা বেছ কিছু সময় ধৰি অসমীয়াৰ সংজ্ঞা সম্পর্কে বিতর্ক চলি আহিছে। এইক্ষেত্রত বিভিন্ন জনৰ বিভিন্ন মত। সাধাৰণ ৰাইজেও কথাবোৰ থাওৰিব নোৱাৰি শূণ্যতে গদা ঘূৰাই আছে। ফলত বিষয়টো সম্পর্কে বুদ্ধিদীপ্ত আলোচনা হোৱাৰ বিপৰীতে ই অধিক বিভ্রান্তিহে সৃষ্টি কৰিছে। সেয়েহে সাধাৰণ পাঠকে সহজে বুজিব পৰাকৈ সমস্ত বিষয়টো সম্পর্কে এটি চমু পৰিচয় তথা এটি সমাধানসূত্র আগবঢ়োৱা হ’ল।

                                                                        (১)

এই সমস্ত বিষয়টোৰ গুৰি হৈছে অসম চুক্তিৰ ৬ নং দফা য’ত কোৱা হৈছে যে – Constitutional, legislative and administrative safeguards, as may be appropriate shall be provided to protect, preserve and promote the culture, social, linguistic identity and heritage of the Assamese people.
১৯৮৫ চনত যেতিয়া অসম চুক্তিখন স্বাক্ষৰিত হৈছিল, তেতিয়া অসমীয়াৰ সংজ্ঞাটোও যে বিতর্কমূলক হব পাৰে, সেয়া কোনেও ভবা নাছিল। আছু, অসম চৰকাৰ, ভাৰত চৰকাৰ আদি সকলোৱেই ধৰি লৈছিল যে অসমীয়া মানেই হৈছে অসমৰ খিলঞ্জীয়া লোকসকল (the indigenous people of Assam) । কিয়নো বিদেশীৰ বিৰূদ্ধে আন্দোলন কৰিয়েই অসম চুক্তিখন স্বাক্ষৰিত হৈছিল। সেই অর্থত থলুৱা, খিলঞ্জীয়া লোকসকলক নিৰাপত্তা দিয়াটোৱেই হৈছে চুক্তিখনৰ উদ্দেশ্য।
পিছে আশী তথা নব্বৈৰ দশকত বিভিন্ন ধৰণৰ জনজাতীয় আন্দোলন গা কৰি উঠিল। বড়োকে আদি কৰি কিছুমান জনগোষ্ঠীয়ে এইবুলিও ঘোষণা কৰিলে যে তেওঁলোক অসমীয়া নহয়। অৱশ্যে তেওঁলোকেও নিজকে অসমৰ খিলঞ্জীয়া বুলিয়েই ঘোষণা কৰিলে। তেনেস্থলত প্রশ্ন উঠিল যে অসম চুক্তিৰ ৬ নং দফাই তেওঁলোকক সামৰি লবনে? আনহাতে এইবুলিও প্রশ্ন উঠিল যে পূর্ববংগীয় মূলৰ লোকসকল খিলঞ্জীয়া হয়নে নহয়? অসম চুক্তি মতে ১৯৭১ চনৰ আগেয়ে বাংলাদেশৰ পৰা অসমলৈ অহা সকলো লোক আইনগতভাৱে ভাৰতীয়। পিছে তেওঁলোকক খিলঞ্জীয়া অসমীয়া বুলি কব পৰা যাবনে? অর্থাৎ অসম চুক্তিৰ ৬ নং দফাই তেওঁলোকক সামৰি লবনে? বহুতো জাতীয়তাবাদীয়ে আপত্তি দর্শালে যে – যিটো জনগোষ্ঠীৰ সম্ভাব্য আধিপত্যৰ বিৰূদ্ধে অসমীয়া মানুহে ইমান দীঘল এটা আন্দোলন কৰিলে, এতিয়া সেই জনগোষ্ঠীৰ মানুহখিনিকো অসম চুক্তিৰ ৬ নং দফা অনুসৰি অনুসৰি বিশেষ সংৰক্ষণ দিয়া যাব নেকি?
আজি বহু বছৰ ধৰি এই দফাটো এনেয়ে পৰি আছিল। অসম চুক্তিখনৰ ইমান বছৰ ওকলি যোৱাৰ পাছতো বাংলাদেশী প্রশ্নটো সমাধা কৰিবলৈ চৰকাৰ সমর্থ নহল। সেয়েহে নিৰাশ হৈ অসমীয়া জাতীয়তাবাদী সংগঠনসমূহে ভাবিলে যে যিহেতু চৰকাৰে বাংলাদেশী প্রব্রজন ৰোধ কৰিব নোৱাৰিলেই, সেয়েহে এতিয়া ৬ নং দফা অনুসৰি থলুৱা বা খিলঞ্জীয়া লোকসকলৰ বাবে কিছু সাংবিধানিক ৰক্ষাকৱচ বিচৰাটোৱেই ঠিক হব। এনে সাংবিধানিক ৰক্ষাকৱচ ইতিমধ্যেই জম্মু কাশ্মীৰ, নাগালেণ্ড, অৰুণাচল, মেঘালয় আদি ৰাজ্যৰ জনগণে লাভ কৰিছে। এই ৰাজ্যসমূহত বাহিৰৰ মানুহে সতকাই মাটি কিনিব নোৱাৰে। সিবিলাকৰ বিধানসভা তথা লোকসভাৰ চিটসমূহৰ এক বুজন অংশও স্থানীয় লোকৰ বাবে সংৰক্ষিত ৰখা হৈছে।

অসমীয়া জাতীয়তাবাদীসকলৰ বাবে এনে সাংবিধানিক ৰক্ষাকৱচ এটি আকর্ষণীয় বস্তু। কিয়নো ইতিমধ্যেই অসমৰ জনসংখ্যাৰ প্রায় ৩০ % লোক মুছলমান সম্প্রদায়ৰ বুলি জনা গৈছে। তেওঁলোকৰ বুজনসংখ্যকেই আকৌ পূর্ববংগীয় মূলৰ মুছলমান। তেওঁলোকে সাধাৰণতেই এটা গোট বা ব্লক হিচাপে ভোটদান কৰে। গতিকে জাতীয়তাবাদীসকল এই ভাবি ত্রাসমান হ’ল যে  অনাগত নির্বাচনসমূহত পূর্ববংগীয় মূলৰ ব্যক্তি এজনা অসমৰ মূখ্যমন্ত্রী হবগৈও পাৰে; AIUDF দলটো ইতিমধ্যেই অসম বিধানসভাৰ মূল বিৰোধী দল হিচাপে চিহ্নিত হৈছে।
অসমীয়া জাতীয়তাবাদী সংগঠনসমূহে AIUDFক পূর্ববংগীয় মূলৰ মুছলমান লোকৰ মুখপাত্র হিচাপে গণ্য কৰে। কিছুমানে আনকি চিধাই দলটোক বাংলাদেশীৰ মুখপাত্র বুলিও অভিযোগ কৰে। সেই কথাৰ সত্যাসত্য বিচাৰ পাঠকেই কৰিব; বর্তমানে সেয়া আমাৰ বিচার্য বিষয় নহয়। মুঠৰ ওপৰত এই দলটোৰ ব্যক্তিক মূখ্যমন্ত্রী হোৱাৰ পৰা ৰখাবলৈ জাতীয়তাবাদীসকল বদ্ধ-পৰিকৰ;  ফলস্বৰূপেই সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো এতিয়া এটি জ্বলন্ত বিষয় হৈ পৰিছে।

২০০৫ চনত আছু, অসম চৰকাৰ তথা কেন্দ্রীয় চৰকাৰৰ মাজত অসম চুক্তি ৰূপায়ন সম্পর্কে এখনি ত্রিপাক্ষিক মেল অনুষ্ঠিত হল। মেলখনত আটাইকেওটা পক্ষয়েই অসমীয়াৰ বাবে সাংবিধানিক ৰক্ষাকৱচৰ কথাটো নীতিগতভাৱে মানি ললে। পিছে এই ৰক্ষাকৱচৰ প্রকৃত ৰূপটো কেনেধৰণৰ হব – সেই সম্পর্কে কোনো উমৈহতীয়া সিদ্ধান্তলৈ আহিব পৰা নগ’ল। আটায়ে বিষয়টো সম্পর্কে ভৱিষ্যতে পুণৰ আলোচনা কৰাৰ আশ্বাস দিলে।
অর্থাৎ সমগ্র বিষয়টো ‘গছত কঁঠাল দেখি ওঁঠত তেল লগোৱা’ বিধৰ যেনো হব পাৰে কিয়নো এতিয়ালৈকে সাংবিধানিক ৰক্ষাকৱচৰ প্রকৃত ৰূপ সম্পর্কে চৰকাৰে কোনো প্রকৃত প্রতিশ্রুতি দিয়াই নাই! খিলঞ্জীয়া অসমীয়া লোকসকলক কি  বিধানসভা তথা লোকসভাত সংৰক্ষিত চিট দিয়া হব? দিলে কিমান শতাংশ দিব?  লগতে মাটি বেচা কিনাৰ ক্ষেত্রতো সংৰক্ষণ দিয়া হব নেকি? প্রশ্নটো এতিয়াও উত্তৰহীন হৈয়েই আছে!!

সি যি কি নহওঁক, কিছুদিন পূর্বে অসম চৰকাৰে এইবুলি ঘোষণা কৰিলে যে তেওঁলোকে হেনো অসম চুক্তি এইকাৰণেই ৰূপায়ন কৰিব পৰা নাই কিয়নো এতিয়ালৈকে অসমীয়াৰ সংজ্ঞায়েই নির্ণয় হোৱা নাই! আছুৱে অভিযোগ কৰিলে যে ই এক অজুহাত মাথো। বিধানসভাৰ অধ্যক্ষ প্রণৱ গগৈয়ে অসমীয়াৰ সংজ্ঞা নিৰূপন কৰিবলৈ সকলো দল সংগঠনকে একেলগে আহিবলৈ আহ্বান জনালে। তাকে দেখি কিছুদিন পূর্বে আছুৰ নেতৃত্বত ২৬ টা জনগোষ্ঠীয় সংগঠনে ঘোষণা কৰিলে যে অসম চুক্তিৰ ৬ নং দফা অনুসৰি তেওঁলোক অসমীয়া/খিলঞ্জীয়া  হবলৈ সাজু। এইবুলিও সিদ্ধান্ত লোৱা হল যে ১৯৫১ চনৰ ৰাষ্ট্রীয় নাগৰিক পঞ্জীত যাৰ যাৰ নাম আছে তেওঁলোক সকলোকে খিলঞ্জীয়া/অসমীয়া বুলি গণ্য কৰা হওঁক। বিভিন্ন সংগঠনৰ লগত কথা পতাৰ পাছত কালি বিধানসভাৰ অধ্যক্ষয়ো কলে যে ১৯৫১ চনটোৱেই অসমীয়াৰ সংজ্ঞা নির্ণয় কৰাৰ ক্ষেত্রত ভিত্তি বর্ষ হিচাপে ৰখা হওঁক।

আচলতে সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টো নহা হলে কোনেও অসমীয়াৰ সংজ্ঞা বিচাৰি মূৰ ঘমাই নাথাকিলেহেঁতেন। আন আন কোন জাতিয়ে নিজৰ সংজ্ঞা বিচাৰি ফুৰিছে? পিছে অসমৰ লোকসকলে  এই কামটো কৰিব লগাত পৰিছে কিয়নো ইয়াৰ লগতে সাংবিধানিক ৰক্ষাকৱচৰ কথাটো যুক্ত হৈ আছে। চাফ কথাত কবলৈ গলে – আছু আদিয়ে ভয় কৰে যে অতি সোনকালে খিলঞ্জীয়া অসমীয়া লোকসকলক ৰক্ষাকৱচ দিব নোৱাৰিলে পূর্ববংগীয় মূলৰ ব্যক্তিঅসমৰ মূখ্যমন্ত্রী হবগৈ; ইয়াৰ লগে লগেই অসমখনো খিলঞ্জীয়াৰ হাতৰ পৰা অভিবাসী(migrant)ৰ হাতলৈ গুচি যাব। থলুৱাৰ এই আশংকাৰ বাবেই আজিলৈকে অসমত কোনো প্রগতিশীল আন্দোলনে গা কৰি উঠিব পৰা নাই। কিবা এটা আন্দোলন হলেই বাংলাদেশীৰ প্রশ্নটো উত্থাপিত হয় আৰু সমস্ত শ্রেণী প্রশ্নসমূহ বাদ পৰে। পূর্ববংগীয় মুছলমান শ্রমিজীৱি লোকৰ কথা কলেই একাংশই প্রগতিশীল শক্তিসমূহক বাংলাদেশীৰ দালাল বুলি কবলৈ আৰম্ভ কৰে আৰু এইদৰেই সমস্ত প্রচেষ্টাৰ অন্ত পৰে।

২০০৫ চনৰ ত্রিপাক্ষিক মেলৰ পাছতে অসমীয়াৰ সংজ্ঞা সম্পর্কীয় বিতর্কই তীব্র ৰূপ ধাৰণ কৰি আহিছে। এইক্ষেত্রত অসমীয়া তথা জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত বিশেষ কোনো মতভিন্নতা নাই। বিতর্কৰ কাৰণ হৈছে পূর্ববংগীয় মূলৰ মুছলমান সংগঠন কেতবোৰে দর্শোৱা কিছুমান বিবেচনাযোগ্য আপত্তি।
পিছে সেইবিষয়ে লিখাৰ আগতে আছুৰ সংজ্ঞা সম্পর্কে আপত্তি কৰা কিছুসংখ্যক বুদ্ধিজীৱিৰ যুক্তি সম্পর্কে বুজ লোৱা যাওঁক। উদাহৰণস্বৰূপে অসম সাহিত্য সভাৰ সভাপতি ধ্রুৱজ্যোতি বৰাই কৈছে যে এনেকৈ কোনো বিশেষ ভিত্তিবর্ষৰ ভৰষাত অসমীয়াৰ সংজ্ঞা নির্ণয় কৰাটো অবৈজ্ঞানিক কথা। আচলতে যিসকল লোক ঔপনিবেশিক শাসনৰ পূর্বে অসমত আছিল, তেওঁলোকেই হৈছে প্রকৃত খিলঞ্জীয়া অসমীয়া। সংযুক্ত ৰাষ্ট্রসংঘয়ো এই কথাটো মানি লৈছে। সাংবিধানিক ৰক্ষাকৱচ সেয়েহে কেৱল তেওঁলোককেই দিয়া হওঁক। আন আন গোষ্ঠী যেনে পূর্ববংগীয় মূলৰ মুছলমান আদিক সাধাৰণ অর্থত অসমীয়া বুলি কলেও তেওঁলোকক খিলঞ্জীয়া বুলি কব নোৱাৰি। সেয়েহে এনে অখিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচৰ পৰা বঞ্চিত কৰা হওঁক। অর্থাৎ কোনোবা পূর্ববংগীয় লোক যদি ১৯০৫ চনতো অসমলৈ আহিছিল, তেওঁকো সাংবিধানিক ৰক্ষাকৱচ দিব নোৱাৰি। কাইলৈ যদি চৰকাৰে অসমৰ বিধানসভা/লোকসভাৰ কিছু চিট অসমীয়া/খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰে, তেনেহলে সিবিলাকৰ সুবিধা অভিবাসী মুছলমানক দিব নোৱাৰি। অর্থাৎ এফালৰ পৰা চাবলৈ গলে ধ্রুৱজ্যোতি বৰাৰ প্রস্তাৱটো আছুতকৈও বেছি উগ্র! আছুৱে অন্ততঃ ১৯৫১ চনৰ নাগৰিক পঞ্জীত নাম থকা সকলো লোককে অসমীয়া/খিলঞ্জীয়া বুলি মানি লৈছে! অর্থাৎ আছুৱে প্রদান কৰা অসমীয়া/খিলঞ্জীয়াৰ সংজ্ঞাটো ধ্রুৱজ্যোতি বৰাতকৈ বেছি উদাৰ!!

পিছে ধ্রুৱজ্যোতি বৰাই এইবুলিও কৈছে যে আছুৱে কোৱাৰ দৰে ১০০% বিধানসভা/লোকসভাৰ চিট খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰিব নোৱাৰি। অন্ততঃ একাংশ চিট অসংৰক্ষিত ৰখা হওঁক। বিশেষকৈ য’ত য’ত পূর্ববংগীয় মূলৰ মুছলমান তথা বঙালী হিন্দু পৰম্পৰাগতভাৱে জিকি আহিছে, সিবিলাক চিট তেওঁলোকৰ বাবেই এৰি দিয়া হওঁক। ধ্রুৱজ্যোতি বৰাৰ মতে, এনে কৰিলে সকলো গোষ্ঠী সন্তুষ্ট হ’ব। পূর্ববংগীয় মূলৰ মুছলমানৰো কিছু ৰাজনৈতিক প্রতিনিধিত্ব থাকি যাব, আনহাতে খিলঞ্জীয়া লোকসকলো নিজৰ অস্তিত্ব লৈ আশ্বস্ত হব। এইক্ষেত্রত আমাৰ কিছু মতবিৰোধিতা আছে। প্রৱন্ধৰ শেহৰ ফাললৈ আমি কিছু বৈকল্পিক প্রস্তাৱ দাঙি ধৰিছোঁ।
অনাগত ভাগত সংখ্যালঘূ সংগঠনসমূহে দর্শোৱা আপত্তি সম্পর্কে আলোচনা কৰা হব। তেওঁলোকৰ আপত্তিসমূহো সতকাই দলিয়াই পেলাব নোৱাৰি।

(২)

অসমৰ পূর্ববংগীয়মূলৰ মুছলমানসকল সমগ্র ৰাজ্যখনৰে আটাইতকৈ অনগ্রসৰ সম্প্রদায়সমূহৰ ভিতৰত এটা হ’ব। কোনো ৰাজ্য জয় কৰিবলৈ তেওঁলোক অসমলৈ অহা নাছিল; আহিছিল জীৱিকাৰ সন্ধানত, তাকো ঔপনিবেশিক শাসকসকলৰ চক্রান্তত পৰি। সংযুক্ত ৰাষ্ট্রসংঘই যিদৰে খিলঞ্জীয়াসকলৰ অধিকাৰৰ কথা কৈছে, ঠিক তেনেদৰেই অভিবাসীসকলৰ অধিকাৰৰ কথাও উল্লেখ কৰিছে। অসমৰ খিলঞ্জীয়াসকলে যদি সংখ্যালঘূ হৈ পৰিম বুলি আশংকাত দিন নিয়াইছে, ঠিক তেনেদৰেই পূর্ববংগীয় মূলৰ মুছলমানসকলেও বহু দশক ধৰি নিৰাপত্তাহীন জীৱন কটাই আহিছে। কেৱল মাথো জীৱন-জীৱিকাৰ নিৰাপত্তাৰ বাবেই তেওঁলোকে কংগ্রেছ, এ আই ইউ ডি এফ আদি দলক বাৰম্বাৰ ভোট দি আহিছে। তেওঁলোকে ব্লক হিচাপে ভোট দিয়াৰ কাৰণো সেইটোৱেই। নিৰাপত্তাৰ খাতিৰত তেওঁলোকৰ শ্রেণী প্রশ্নসমূহ – যেনে মাতব্বৰৰ বিৰূদ্ধে সংগ্রাম – আদি বিষয়বোৰ সদায় তল পৰি ৰয়। অর্থাৎ বহুতে ভবাৰ দৰে এইসকল লোকক আগ্রাসনকাৰী বুলি কব নোৱাৰি। খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰাৰ সময়ত এইসকল অভিবাসী লোককো কিছু নিৰাপত্তা দিব নোৱাৰিলে প্রশ্নটো কেতিয়াও সমাধা নহব।
পূর্ববংগীয় মূলৰ মুছলমানে “খিলঞ্জীয়াৰ বাবে সংৰক্ষণ” শব্দটো শুনিলেই আশংকাত ভোগে। তাৰ কিছু বস্তুগত কাৰণো নোহোৱা নহয়। উদাহৰণস্বৰূপে বিগত সময়ছোৱাত বি টি এ ডিত যেনেধৰণৰ হত্যাকাণ্ড সমাপন হল, তাৰ অন্যতম কাৰণ আছিল বি টি এ ডিত বড়ো প্রতিনিধিত্বৰ দপদপনি আৰু তাৰ বিৰূদ্ধে অভিবাসী মুছলমানকে আদি কৰি বিভিন্ন অবড়োৰ প্রতিৰোধ সংগ্রাম। বি টি এ ডিৰ মডেলটোৱে আচলতে বড়োসকলৰ শংকাসমূহো নিবাৰণ কৰিব নোৱাৰিলে আৰু অবড়োসকলকো সুৰক্ষা দিব নোৱাৰিলে। অসম চুক্তিৰ ৬ নং দফা কথিত সাংবিধানিক ৰক্ষাকৱচ যদি বি টি এ ডি বিধৰে হয়, তেনেহলে ই কেতিয়াও সমস্যা সমাধা কৰিব নোৱাৰে।

আমছু আদি সংগঠনৰ মতে ১৯৫১ চনৰ ৰাষ্ট্রীয় নাগৰিক পঞ্জী অনুসৰি অসমীয়াৰ সংজ্ঞা নির্ণয় কৰিব নোৱাৰি কিয়নো বহুতো অঞ্চলত সেই সময়ত NRC ভালকৈ গঠিত কৰাই হোৱা নাছিল। তদুপৰি নেহৰু লিয়াকৎ চুক্তি অনুসৰি বিভাজনৰ সময়ত দেশ এৰি যাবলৈ বাধ্য হোৱা বহুতো সংখ্যালঘূ পৰিয়াল পঞ্চাছৰ দশকত পূব পাকিস্তানৰ পৰা অসমলৈ ঘূৰি আহিছিল। তেওঁলোকৰ নাম সেয়েহে NRCত অন্তর্ভুক্ত কৰা হোৱা নাছিল। এতিয়া এইসকল লোকক কি চৰকাৰে খিলঞ্জীয়া নহয় বুলি কব?

আমছুৱে সেয়েহে ১৯৫১ৰ সলনি ১৯৭১ চনটো অসমীয়া/খিলঞ্জীয়া সংজ্ঞা নির্ণয়ৰ বাবে গ্রহণ কৰিবলৈ আহ্বান জনাইছে। নহলে একাংশ থলুৱা লোকো খিলঞ্জীয়াৰ আওঁতাৰ পৰা আঁতৰি যাব।
পিছে আমছুৱে এইষাৰ কথা কলেই আছু আদি সংগঠনসমূহ গৰগৰাই উঠে। বোলেঃ বাংলাদেশ যুদ্ধৰ পাছত অসমলৈ অহা নাগৰিকো দেখোন তেতিয়া খিলঞ্জীয়া হৈ পৰিব?
অর্থাৎ সমস্যাটো হৈছে এনেকুৱাঃ আমছুৰ কথা মানি ললে সকলো খিলঞ্জীয়া লোক অন্তর্ভুক্ত হব, কিন্তু তাৰ লগতে বহুতো পাছৰ কালত (১৯৫১-৭১) অহা লোকো খিলঞ্জীয়া হৈ পৰিব!
আনহাতে আছুৰ কথা মানি ললে পাছৰ কালত অহা লোকসকলক বাদ দিয়া যাব, কিন্তু লগতে একাংশ প্রকৃত খিলঞ্জীয়াৰ নামো বাদ পৰাৰ সম্ভাৱনা থাকি যাব!

(৩)

এইখিনিতে ধ্রুৱজ্যোতি বৰাৰ কিছু কথা গ্রহণযোগ্য যেন লাগেঃ যে কোনো ভিত্তি বর্ষৰ ওপৰত ভৰষা কৰি অসমীয়াৰ সংজ্ঞা নির্ণয় কৰিব নোৱাৰি। তাৰ বাবে সংযুক্ত ৰাষ্ট্রসংঘই আগবঢ়োৱা নীতিহে পালন কৰা উচিত হব। সেই হিচাপত যিহেতু বৃটিছৰ ঔৰষতহে পূর্ববংগীয় লোকসকল অসমলৈ আহিছিল, সেয়েহে তেওঁলোকক  খিলঞ্জীয়াৰ সংজ্ঞাৰ পৰা বাদ দিব লাগিব। অৱশ্যে  সাধাৰণ অর্থত তেওঁলোক নিশ্চয় ভাৰতীয় তথা অসমীয়া। ভোট দিয়াৰ অধিকাৰ তেওঁলোক সকলোৰে থাকিব। নাগৰিকৰ অন্যান্য সুবিধাও তেওঁলোকে নিশ্চয় লাভ কৰিব। কিন্তু থলুৱাৰ বাবে সংৰক্ষিত চিটকেইটাত তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰে।
আমাৰ বোধেৰে পদ্ধতি হিচাপে আমি বৰাৰ পদ্ধতিটোকে মানি লোৱা ভাল। কিন্তু  তাৰ লগতে এইটোও মানি লোৱা উচিত হব যে এই অভিবাসী লোকসকল কোনো আগ্রাসনকাৰী নাছিল। আজিও তেওঁলোক এটি অনগ্রসৰ গোষ্ঠী। গতিকেই থলুৱাক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ সময়ত তেওঁলোকৰ বাবেও কেতবোৰ বিশেষ সুবিধা কৰাটো উচিত হব। ৰাষ্ট্রসংঘ কথিত খিলঞ্জীয়াৰ অধিকাৰৰ কথা যদি উল্লেখ হৈছেই, তেনেহলে কি যুক্তিত অভিবাসীসকলৰ অধিকাৰৰ কথাটো দমাই থোৱা হব? অর্থাৎ বিধানসভা/লোকসভা আদিৰ কিছুমান চিট তেওঁলোকৰ বাবেও সংৰক্ষিত কৰাটো জৰুৰী হব।। খিলঞ্জীয়াসকলে এইসমূহ চিটত প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।
এটা কথা মন কৰা ভাল যে বিধানসভা বা লোকসভাৰ চিট একোটা কোনোবা বিশেষ সামাজিক গোষ্ঠীৰ বাবে সংৰক্ষিত কৰি পেলালেই আন আন গোষ্ঠীৰ লোকসকল দ্বিতীয় শ্রেণীৰ নাগৰিক হৈ নাযায়। এনে স্থিতি তেতিয়াহে সৃষ্টি হয় যেতিয়া কোনো প্রভুত্বশালী গোষ্ঠী একোটাকে অতিপাত বেছি চিট দিয়া হয়। পিছে ভাৰতত সংবিধান প্রণয়ন কৰাৰ সময়ৰে পৰা অনুসূচিত জাতি-জনজাতি মহিলা আদি বিভিন্ন গোষ্ঠীৰ বাবে কেতবোৰ সংসদীয় চিট সংৰক্ষিত কৰা হৈ আহিছে। আজিলৈকে এই ব্যৱস্থাই কাকোকে অসুবিধাত পেলোৱা নাই। চিট একোটা কোনো বিশেষ গোষ্ঠীৰ বাবে সংৰক্ষিত কৰা হব পাৰে, কিন্তু ভোট দিয়াৰ অধিকাৰ সকলোৰে থাকে। গতিকেই সংৰক্ষণ মানেই কাৰোবাক দ্বিতীয় শ্রেণীৰ নাগৰিকলৈ পৰিণত কৰি পেলোৱাৰ আশংকাটো সদায়েই সত্য নহবও পাৰে। আমাৰ বোধেৰে থলুৱা তথা অভিবাসী দুয়োৰে বাবে আসন সংৰক্ষণ কৰিলে এই আশংকাবোৰ মষিমূৰ হৈ পৰিব।
কথাখিনি একাডেমিক সুৰত কবলৈ গলে- আজিৰ সময়ত খিলঞ্জীয়াৰ বাগধাৰটোৱেই হৈছে অসমৰ প্রভুত্বশালী বাগধাৰা। কোনো জনগোষ্ঠীয়ে নিজৰ বাবে সাংবিধানিক সা-সুবিধা আদায় কৰিবলৈ হলেই নিজকে প্রথমতে খিলঞ্জীয়া বুলি দাবী কৰিব লগা হয়। বঙালী হিন্দু, পূর্ববংগীয় মূলৰ মুছলমান, অভিবাসী নেপালী – সকলোৱেই এই খিলঞ্জীয়াৰ বাগধাৰাটোৰ সৈতে নিজকে মিলাবলৈ ইতিহাস খুচৰি ফুৰিব লগা হৈছে! বিভিন্ন ট্রেজি-কমিক পৰিস্থিতি সৃষ্টি হৈছেঃ অভিবাসী মুছলমানে কৈছে ১৯৫১-৭১ৰ মাজৰ মানুহখিনিও খিলঞ্জীয়া অসমীয়া; আনহাতে আছুৱে কৈছে – নহয়, নহয়, সেইখিনি মানুহ খিলঞ্জীয়া অসমীয়া নহয়! অসমীয়া বা খিলঞ্জীয়া হোৱাটো জীৱন মৃত্যুৰ প্রশ্নলৈ পৰিণত হৈছে। এই বাগধাৰাটোৱে আচলতে কাকোৱেই সহায় কৰা নাই। ই খিলঞ্জীয়াৰ সংজ্ঞাসমূহো খেলিমেলি কৰি পেলাইছে তথা সকলো জনগোষ্ঠীকে ইটো সিটোৰ শত্রুলৈ পৰিণত কৰিছে। আমি প্রস্তাৱ কৰা পদ্ধতিমতে আগবাঢ়িলে জনগোষ্ঠীসমূহে নিজকে কেৱল খিলঞ্জীয়া বুলি দাবী কৰাৰ প্রয়োজন নাথাকিব কিয়নো খিলঞ্জীয়াই হওঁক বা অভিবাসীয়েই হওঁক – সকলোকে সাংবিধানিক ৰক্ষাকৱচ দিয়া হব। অভিবাসীসকলে খিলঞ্জীয়াক নির্বাচনী গণতন্ত্রৰ দ্বাৰা সংখ্যালঘূলৈ পৰিণত কৰিব  বুলি ভয় কৰাৰ কাৰণো নাথাকিব; আনহাতে অভিবাসীসকলে অভিবাসী হোৱাৰ সুবাদতে খিলঞ্জীয়াৰ পৰা দমিত নোহোৱাৰ অধিকাৰ লাভ কৰিব।
ৰাজহুৱা বাগধাৰাৰ জগতখনত ই এক অভূতপূর্ব পৰিবর্তনৰ সূচনা কৰিব। খিলঞ্জীয়া কেন্দ্রিক হোৱাৰ বিপৰীতে এতিয়া বাগধাৰাসমূহ বিভিন্ন গোষ্ঠীৰ বাবে ন্যায় দাবীলৈ পৰিণত হব। অর্থাৎ ই ৰাজহুৱা বাগধাৰাটোত  ‘বৈচিত্রৰ প্রতি সন্মান’ৰ সূচনা কৰিব। একেসময়তে খিলঞ্জীয়াসকলো সন্তুষ্ট হব কিয়নো কোনো অভিবাসীগোষ্ঠীয়েই শাসনৰ মূল বাঘজৰীডাল নিজৰ হাতলৈ নিব নোৱাৰিব; বিচৰাৰ প্রয়োজনো নাথাকিব।

আজিৰ সময়ত আছুৰ এটা প্রধান ভয় যে অভিবাসী মুছলমানসকলে মুখেৰে নিজকে অসমীয়া বুলি কলেও তেওঁলোকে আচলতে অসমীয়াৰ সংজ্ঞাটো ব্যৱহাৰ কৰি নিজৰ প্রতিপত্তি বঢ়াব খুজিছে! আনহাতে অভিবাসীসকলৰ ভয় যে আছুৱে তেওঁলোকক ‘খিলঞ্জীয়া অসমীয়া’ৰ সংজ্ঞাৰ পৰা দূৰৈত ৰাখি সকলো অধিকাৰৰ পৰা বঞ্চিত কৰিব খুজিছে। এই সমস্ত শংকাবোৰৰ কাৰণ একেটাইঃ সেয়া হৈছে ৰাজহুৱা তথা আইনী ক্ষেত্রখনত খিলঞ্জীয়া বাগধাৰাৰ প্রভুত্ব; অর্থাৎ খিলঞ্জীয়া = সাংবিধানিক সুৰক্ষা; অখিলঞ্জীয়া = সাংবিধানিক সুৰক্ষাৰ পৰা বঞ্চিতকৰণ। এই বাগধাৰাটো আঁতৰাই দিব পাৰিলেই এনে সমস্ত আশংকাৰ অন্ত পৰিব।
ধৰক আজিৰ সময়ত বিধানসভা তথা লোকসভাত অসমৰ বিভিন্ন গোষ্ঠীয়ে (অর্থাৎ খিলঞ্জীয়া তথা অভিবাসী গোষ্ঠীসমূহে ) যেনেদৰে চিট দখল কৰি থৈছে, সেই সমীকৰণটোকেই ভৱিষ্যতৰ বাবেও freeze কৰি পেলোৱা যাওঁক। এনে কৰিলে খিলঞ্জীয়াসকলেও সংখ্যালঘূ হোৱাৰ আশংকাৰ পৰা মুক্ত হব তথা অভিবাসীসকলেও প্রতিনিধিত্ব হেৰুওৱাৰ ভয় নাথাকিব। প্রয়োজন হলে আন আন পদ্ধতিও প্রয়োগ কৰিব পৰা যায়। পিছে মূল কথাটো হৈছে যে এনে একোটা পদ্ধতি তেতিয়াহে প্রয়োগ কৰিব পৰা যাব, যেতিয়া ৰাজহুৱা তথা আইনী বাগধাৰাটো সলনি কৰা হব। সেয়েহে আমি বাৰে বাৰে কৈছোঁ যে ১৯৫১ বনাম ১৯৭১ৰ বিপৰীতে ধ্রুৱজ্যোতি বৰা কথিত ‘অসমীয়া/খিলঞ্জীয়াৰ সংজ্ঞা নির্ণয়’ পদ্ধতিটো প্রয়োগ কৰা উচিত।
কিমান শতাংশ চিট থলুৱা/খিলঞ্জীয়াৰ বাবে ৰখা হব আৰু কিমান শতাংশ অভিবাসীক দিয়া হব – এই সম্পর্কে আলোচনা হব পাৰে। পিছে এনে ধৰণৰ আলোচনাত অন্ততঃ স্বচ্ছতা থাকিব। অভিবাসী সম্প্রদায়সমূহে নিজকে খিলঞ্জীয়া বুলি ঘোষণা কৰি  ন্যায্যতা দাবী কৰাৰ কাৰণ নাথাকিব। আছুৰ এটা প্রধান ভয়ঃ অর্থাৎ অভিবাসীসকলে নিজকে খিলঞ্জীয়া বুলি কৈ ক্ষমতা হস্তগত কৰিব – এই ভয়টো সম্পূর্ণ নির্মূল হৈ যাব। খিলঞ্জীয়া তথা অভিবাসী – দুয়োৰে অধিকাৰ মানি লোৱাৰ অর্থই হৈছে যে এনেধৰণৰ shadow boxing ৰ কোনো প্রয়োজনীয়তা নাই। অভিবাসীসকলে কেতিয়াও খিলঞ্জীয়াসকলতকৈ অধিক ক্ষমতা তথা অধিকাৰ দাবী কৰিব নোৱাৰিব, তেহেলৈ তেওঁলোকৰ জনসংখ্যা যিমানেই নাবাঢ়ক লাগে। অর্থাৎবাগধাৰাৰ স্তৰত খিলঞ্জীয়াৰ ধাৰণাটোৰ কেন্দ্রীয়তা নাইকীয়া হৈ গলেও সামাজিক-ৰাজনৈতিক স্তৰত কেতিয়াও অভিবাসীয়ে খিলঞ্জীয়াক সংখ্যালঘূলৈ পৰিণত কৰিব নোৱাৰিব। আনহাতেদি খিলঞ্জীয়াসকলেও অভিবাসীসকলক অযথা হাৰাহাস্তি কৰিব নোৱাৰিব।
এইদৰেই আমি থলুৱা তথা অভিবাসী – দুয়োৰে অধিকাৰ ৰক্ষা কৰিব পাৰিম। আজিৰ সময়ত যিদৰে ৫১ বনাম ৭১ বিতর্ক হৈ আছে, তেনেদৰে কাজিয়া কৰি থাকিলে সমস্যা কেতিয়াও সমাধা নহয়। বৰং আমি আলোচনা কৰাৰ দৰে কোনো বৈকল্পিক পদ্ধতি প্রয়োগ কৰিলেহে সমস্যা সমাধানৰ কিছু আশা আছে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

অসমীয়াৰ অৰ্থ কি