অসমীয়াৰ স্বাভিমান সন্ধানৰ আঁৰৰ কিছু কথা- ময়ূৰ বৰা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নজহা-নপমা সৃষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে অসমৰ জাতীয় সংগীতটো৷ এনে অসমীয়া হয়তো বহু কম ওলাব যিয়ে এইটো গীত পৰিবেশন কৰা সময়ত শিহৰিত হৈ নুঠে৷ নিজৰ ভাষা-সাহিত্য সংস্কৃতিৰ লগত গভীৰ সম্পৰ্ক নথকা অসমীয়া লোকসকলেও ইয়াৰ মাজত নিহিত হৈ থকা স্বদেশানুৰাগৰ স্বতঃস্ফূৰ্ততাক আওকাণ কৰিব নোৱাৰা হয়৷ ইয়াত প্ৰতিফলিত হৈছে স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা সুগভীৰ প্ৰেম আৰু পাৰাপাৰহীন আকুলতা৷ প্ৰেম আৰু আকুলতাৰ চিৰসংগী হৈছে আৱেগ৷ গতিকে গীতটিৰ মাজত আৱেগৰ অনুৰণন স্পষ্ট৷ কিন্তু সেই আৱেগ আৰু আকুলতাৰ আধাৰটো সজীৱ হৈ উঠিছে যুক্তিৰ উৰ্বৰা পথাৰখনৰ মাজত৷ নিজৰ জন্মভূমিক ভালপোৱা আৰু সন্মান কৰা কথাবোৰ জানো কেৱল আৱেগৰ তুলাচনীৰে বিচাৰ কৰা উচিত? নিজৰ ঠাইখনক চিকুণী, শুৱলা, সুফলা বুলি অভিহিত কৰা কথাটোত আকুলতা যিমান আছে, সিমানেই আছে স্বকীয় সত্ত্বাটোৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু যুক্তিমিশ্ৰিত সন্মানৰ ভাব৷ প্ৰতিজন সচেতন অসমীয়াৰ হৃদয় উদ্বেলিত কৰিব পৰা বেজবৰুৱাৰ এই গীতটিয়ে ইতিমধ্যে এক বিৰল নান্দনিক উচ্চতা আৰু মহত্ত্ব অৰ্জন কৰিবলৈ সফল হৈছে৷ অসমৰ চুকে-কোণে পতা বিভিন্ন অনুষ্ঠানৰ শেষত জাতীয় সংগীতটো বৰ আন্তৰিকতাৰে আৰু আটোমটোকাৰিকৈ পৰিবেশন কৰা হয়৷ গীতটো গাই থকাৰ সময়ত উদ্যোক্তা আৰু দৰ্শকৰ মাজৰ অধিকাংশই ৰোমাঞ্চিত হৈ উঠে৷ ইয়াত নিহিত থকা অপূৰ্ব গীতি-সাহিত্য, সুন্দৰ সাংগীতিক লয় আৰু জাতিটোক প্ৰাণসঞ্চাৰ কৰিব পৰা উপাদানসমূহৰ সমন্বিত প্ৰভাৱত জ্ঞাতসাৰেই হওক বা অজ্ঞাতসাৰেই হওক বহুজনৰ মন-গহনত গজালি মেলে এক ব্যাখ্যাতীত-বৰ্ণনাতীত স্বদেশানুৰাগ আৰু জাতীয়তাবোধৰ ভাবে৷

এনে ভাবে কেতিয়াবা কঢ়িয়াই লৈ আহে এক যুক্তিসিদ্ধ আৰু যোগাত্মক গৰ্বৰ অনুভৱো৷ ই এইবাবেই যুক্তিসিদ্ধ আৰু যোগাত্মক, কিয়নো ইয়াত লুকাই থকা নাই আন ঠাইৰ বা অন্য জাতিৰ মানুহৰ প্ৰতি কিঞ্চিত মানো বিৰাগ বা বিদ্বেষভাব৷ ই এক স্বয়ংসম্পূৰ্ণ আৰু স্বতঃস্ফূৰ্ত ভাৱে আহি পৰা ভাললগা অনুভৱ৷ ইয়েই হৈছে স্বাভিমান৷ বেজবৰুৱাৰ এই গীতটিৰ মাজেদি ৰুচিশীল ভাৱে বিচ্ছুৰিত হয় অসমীয়া স্বাভিমানৰ কেন্দ্ৰীয় ভাৱটো৷

অসমীয়াৰ এই স্বাভিমান আধুনিক যুগত আন বহু মহৎ লোকৰ সৃষ্টিত ভিন ভিন ধৰণে প্ৰাণ পাই উঠিছে৷ ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই যদি এই স্বাভিমানক এক বিশ্ববিজয়ী ৰূপ দিবলৈ চেষ্টা কৰিছে, সৈনিক শিল্পী বিষ্ণু ৰাভাই নিজৰ সৃষ্টিৰ দ্বাৰা ইয়াক ওপজা মাটিৰ সুবাসেৰে সমৃদ্ধ কৰি তুলিছে৷ সুধাকন্ঠ ভূপেন হাজৰিকাই আকৌ গীতৰ জৰিয়তেই সকীয়াই দিছে যে স্বাভিমানৰ দ্বাৰা প্ৰয়োজনাধিক ভাবে আছন্ন হৈ থাকিলে অনাগত ভৱিষ্যত সুখকৰ নহ’ব বুলি৷ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আৰু অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীয়েও অসমীয়া মানুহক বাৰম্বাৰ সোঁৱৰাই দিছে – কিদৰে চেতনাশূন্য জাতি এটা অতি সোনকালে বীৰ্যহীন জাতিলৈ ৰূপান্তৰিত হয়৷ সুসাহিত্যিক জ্ঞাননাথ বৰায়ো তেওঁৰ কেতবোৰ লিখনিৰ জৰিয়তে অসমীয়াৰ স্বাভিমানক কেন্দ্ৰ কৰি এটা স্বকীয় সত্ত্বা নিমাৰ্ণৰ প্ৰয়োজনীয়তাৰ কথা কৈ গৈছে৷

দেখা যায় যে যোৱা প্ৰায় এশ-ডেৰশ বছৰ ধৰি বহু অসমপ্ৰাণ লোকে ভিন ভিন সময়ত ভিন ভিন প্ৰেক্ষাপটত অসমীয়া স্বাভিমানক কেন্দ্ৰ কৰি বা ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হৈ জাতিটোৰ হকে কিছু কাম কৰিছে৷ কেতিয়াবা চমকপ্ৰদ সফলতা লাভ কৰিছে যদিও কেতিয়াবা তেওঁলোক আদবাটতে উজুতি খাবলগীয়া হৈছে৷ কিন্তু সেই আলোকসন্ধানী পুণ্যশ্লোক লোকসকল কেতিয়াও হতাশা আৰু হীনমন্যতাৰ পোতাশালত বন্দী হােৱা নাই৷ তেওঁলোকে নিজৰ দায়িত্ব সম্পাদন কৰি কেতিয়াবা জাতিটোক মনত বল দিছে, কেতিয়াবা ইতিবাচকভাবে সমালোচনা কৰিছে আৰু আন কেতিয়াবা ভৰ্ৎসনাও কৰিছে৷ কিন্তু বৰ্তমান সময়ত জাতিৰ স্বাভিমান সম্পৰ্কীয় ধাৰণাটো অপ্ৰয়োজনীয় বিভ্ৰান্তিৰ মাজত সোমাই পৰা যেন অনুভৱ হয়৷ বিশেষকৈ অসমীয়াৰ দৰে অত্যন্ত চহকী, সমৃদ্ধিশালী আৰু বাৰেৰহণীয়া সত্ত্বাটো প্ৰান্তীয় হোৱা বাবেই যেন কিছু থমকি গৈছে৷ তথাকথিত মূলসুঁতিয়ে নিজৰ প্ৰকাশ্য আৰু প্ৰচ্ছন্ন আধিপত্যবাদী মনোভাৱেৰে যেন প্ৰান্তীয় সত্ত্বাবোৰক একশৈলিক চিন্তাৰ এনাজৰীৰে বান্ধিবলৈ লৈছে৷ এনে চিন্তাক বেছি প্ৰশ্ৰয় দিলে ই ফাঁচীৰ ৰচীলৈ পৰিবৰ্তিত হ’ব পাৰে৷ তাৰ বাবেই অসমীয়া স্বাভিমানৰ গতি প্ৰকৃতি নিৰাৱেগ ভাবে আলোচনা কৰাৰ গুৰুত্ব বৃদ্ধি পাইছে৷

কিন্তু এনে আলোচনালৈ আগবঢ়াৰ আগতে দুটা কথা স্পষ্ট কৰি দিয়া উচিত৷ অসমৰ জাতীয় সংগীতটোক প্ৰতীক হিচাপে লৈ এই আলোচনা আৰম্ভ কৰা হৈছে যদিও আমি সকলোৱে জানো যে জাতিৰ স্বাভিমান বেজবৰুৱাৰ জীৱনকালত সৃষ্টি হোৱা এটা প্ৰপঞ্চ নহয়৷ প্ৰায় সহস্ৰাধিক বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা লোকসকলৰ চিন্তা আৰু কৰ্মৰ যোগেদি নিৰৱচ্ছিন্ন ভাৱে প্ৰকাশ পাই আহিছে অসমীয়াৰ স্বাভিমানৰ ৰেহৰূপবোৰ৷ ‘অসম’ বা ‘অসমীয়া’ শব্দ দুটাৰ সৃষ্টিৰ সময় আৰু পটভূমি ভিন্ন, কিন্তু পাছত ‘অসমীয়া’ হিচাপে পৰিচিত হোৱা লোকসকলৰ সামূহিক ব্যক্তিত্বত বহু আগৰে পৰা স্বাভিমানী চৰিত্ৰ প্ৰতিফলিত হৈ আহিছে৷ সাম্প্ৰতিক সময়ত ইতিহাস চৰ্চাৰ লগত জড়িত লোকৰ সংখ্যা কিছু কম বাবে এনে বহু কথা পোহৰলৈ অহা নাই৷ আন কিছু অত্যন্ত গুৰুত্বপূৰ্ণ কথা হয়তো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ গৱেষণা গ্ৰন্থৰ মাজতে বন্দী হৈ আছে৷ ফলত নাগৰিক সমাজৰ লগত সততে জড়িত হৈ থকা ধাৰাটোত ইয়াৰ প্ৰভাৱ খুব আশাব্যঞ্জক নহয়৷ সেয়েহে কিছু আগলৈ উভতি গৈ ইতিহাসৰ বুকুৰ পৰা কেতবোৰ দৃষ্টান্ত তুলি আনিবলৈ প্ৰয়াস কৰিছোঁ, যিয়ে হয়তো প্ৰতিপাদিত কৰিব পাৰিব কিছু প্ৰাচীন কালতেই বৰ্তমানৰ অসম বুলি স্বীকৃত ভূখণ্ডৰ স্থানীয় লোকসকলৰ চিন্তা আৰু কৰ্মৰ স্বকীয়তাৰ কথা৷ মধ্যযুগত বিশেষকৈ অসমীয়া জাতীয় জীৱনৰ প্ৰাণপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালতেই অসমীয়া মানুহৰ সাহিত্যকৃতি, সাংস্কৃতিক চেতনাবোধ, নান্দনিক ৰুচিবোধ আৰু পৰিশীলিত জীৱনবোধে এটা অভূতপূৰ্ব শিখৰলৈ গতি কৰা পৰিলক্ষিত হয়৷ ইয়াৰ পাছৰ সময়ছোৱাতেই অসমীয়া জাতিৰ বহুকেইটা পৰিচয়মূলক বৈশিষ্ট্য গঢ় লৈ উঠে৷ এই সকলোৰে সন্মিলিত প্ৰচেষ্টাত উনৈশ শতিকাৰ মাজভাগত অসম আৰু অসমীয়াৰ আধুনিক ধাৰণাটোৱে কিছু সংহত ৰূপ লয়৷

দ্বিতীয় বিষয়টো আৰু বেছি আহুকলীয়া৷ অসমীয়া বুলি আমি কাক বুজাবলৈ চেষ্টা কৰিছোঁ? ভাৰতৰ আন কোনো ৰাজ্যতে তাৰ স্থানীয় লোকক সংজ্ঞায়িত কৰিব লগা বা কৰিব বিচৰা পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই৷ দুৰ্ভাগ্যজনকভাৱে বহুবোৰ কাৰকৰ প্ৰভাৱত অসমত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিবলগীয়া এটা পৰিস্থিতিৰ উদ্ভৱ হ’ল৷ এতিয়ালৈকে অৱশ্যে সৰ্বজনগ্ৰাহ্য কোনো সংজ্ঞা ওলোৱা নাই৷ সেয়েহে কথাটো স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ৷

অসমীয়া শব্দটোক সংকীৰ্ণভাৱে ব্যাখ্যা কৰি মই কেৱল অসমীয়াভাষীসকলকেই সামৰিব বিচৰা নাই৷ অসমত বসবাস কৰা প্ৰতিটো জনগোষ্ঠী, যাৰ জীৱন স্বকীয় ভাষা, সাহিত্য-সংস্কৃতিৰ দ্বাৰা সমৃদ্ধ আৰু পৰিপূৰ্ণ, সেই সকলো খিলঞ্জীয়া জনগোষ্ঠীকে এই গ্ৰন্থখনত আগবঢ়াবলৈ বিচৰা কেন্দ্ৰীয় ভাবটোৰ অংশীদাৰ বুলি ভবা হৈছে৷ অৱশ্যে তেওঁলোকৰ মাজৰ ক্ষুদ্ৰ কোনোবা এটা অংশই যদি ইয়াৰ লগত সংযুক্ত কৰাৰ বাবে বেজাৰ পায়, মই তেওঁলোকৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ৷ ■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

পঢ়ি ভাল লাগিল ধন্যবাদ