অসমীয়া এটা জাতি নে এখন সমাজ ?

ৰক্তিম গোস্বামী:  আগন্তুক সংখ্যাৰ সাহিত্য.অৰ্গৰ বাবে ৰাইজৰ মনৰ বতৰা জানিবলৈ সকলোকে এটি মুকলি প্রশ্ন কৰি মতামতবোৰ সংগ্রহ কৰিবলৈ মনস্থ কৰিলো। প্রশ্নটো হ’ল-

“অসমীয়া এটা জাতি নে এখন সমাজ ? অসমীয়া হিচাপে আপোনাক জাতিটোৰ লগত জড়িত কোনটো বিষয়ে আটাইতকৈ বেছি উদিগ্ন কৰি তোলে? সেই ক্ষেত্রত আপোনাৰ কৰণীয় কি বুলি ভাবে ?”

বিঃদ্রঃ- অনুগ্ৰহ কৰি কেৱল আপোনাৰ মন্তব্য দিব, আনৰ মন্তব্যৰ বিপৰীতে আন কোনো বিৰ্তকিত মন্তব্য নিদিয়ে যেন। দিলে সেই মন্তব্য উঠাই দিয়া হব । এজন সদস্যই মাত্ৰ এবাৰেই মন্তব্য দিয়ে যেন ।

বিক্ৰমজিৎ কাকতি: সমাজ

সুব্ৰত গগৈ: যিহেতু ভাৰতীয় জাতি বুলিব নোৱাৰি, অসমীয়াকো জাতি বুলিব নোৱাৰি। বহু জাতি-জনজাতি মিলি অসমীয়া সমাজৰ গঠন হৈছে।

মৃণাল জ্যোতি গোস্বামী: ঔপিনেৱিশক কালত অসমীয়া জাতি বা জাতিসত্ত্বা বুলি কোনো ধাৰণাই নাছিল৷ ঔপিনেৱিশক কালতহে বিভিন্ন কাৰকৰ বাবে এক ঐতিহাসিক কৰাণত অসমীয়া জাতিৰ ধাৰণাটো গঢ় লৈ উঠিছে৷ এইখিনিতে উল্লেখযোগ্য যে জাতিৰ ধাৰণাটোৱেই সম্পূৰ্ণৰূপে আধুনিক ধাৰণা৷ ফৰাচী বিপ্লৱৰ পাছতহে এই ধাৰণাটো গঢ় লৈ উঠিছে৷বিভিন্ন সংস্কৃতিক
উপাদানৰ সমাহৰণ আৰু সহাৱস্থানৰ লগতে সমসামিয়ক আৰ্থ-সামাজিক আৰু
ৰাজনৈতিক পৰিস্থিতিয়ে অসমীয়া জাতীয় সত্ত্বাটোৰ গঠনত অনুঘটক হিচাপে কাম কৰি আহিছে৷
ঔপনিৱেশিক কালৰ পৰা বৰ্তমানলৈকে অসমীয়া জাতীয় সত্ত্বাটোক মূলতঃ অনুপ্ৰৱেশ বা প্ৰব্ৰজনৰ সমস্যাই জুৰুলা কৰি আহিছে বুলি ব্যক্তিগতভাৱে মই অনুভৱ কৰোঁ৷ অতীজত যি হৈ গ’ল সেয়া আৰু নোহোৱা কৰিব নোৱাৰি, বৰ্তমান সেয়া কেনেদৰে ৰোধ কৰিব পাৰি সেইটোহে আমি সকলোৱে চিন্তা কৰিব লাগে৷ অৱশ্যে আন এটা কথাইও মোৰ মনত দোল দিয়ে— আমি আজি বাস কৰো এখন ভাৰ্চুৱেল পৃথিৱীত সেয়ে সকলোতে এই সীমাবিহীন পৃথিৱী কল্পনা কৰিব নোৱাৰিনে! য’ত কেৱল কৰ্ম-সংস্কৃতিৰ কথাই বিবেচনা কৰা হ’ব৷

প্ৰাৰ্থনা দেৱী: “বহু নদী মিলি বৰলুইতে যেনেকৈ তোমাক সাবটি লয়,
বহু জাতি মিলি তোমাৰ বুকুতে অসমীয়া যুগমীয়া হয় ।
ধৰ্ম জাতি নাই ভেদাভেদ মহামিলনৰ সমন্বয়ত-
তুমিয়েই পুণ্য তীৰ্থ,
ইতিহাসত গৌৰৱে প্ৰকাশে মহান আদৰ্শ ।”
(এটা গানৰ কথাৰে)

ভাস্কৰজ্যোতি দাস: মোৰ দৃষ্টিত অসমীয়া হ’ল অসমত বসবাস কৰা বিভিন্ন জাতি, উপজাতি, জনগোষ্ঠী, ভাষা, উপভাষা সম্বলিত এখন বিশাল সমাজ ।
অসমীয়া সমাজৰ লগত জঢ়িত বিভিন্ন বিষয়ত সাম্প্ৰতিক কালত উদিগ্ন হোৱাৰ কাৰণ আছে যদিও মুল কাৰণ হিচাবে মই এইবোৰৰ বিষ্লেষণৰ পৰা আতৰি এটাই কথা ক’ম আৰু সেয়া হ’ল “একতাৰ অভাব” ।
ধণাত্মক দৃষ্টিভংগী, আলোচনা, তথা বিভিন্ন বিষয়ৰ বিজ্ঞজনৰ উপদেশ সাপেক্ষে সমাজৰ এই অৱহেলিত বিষয়সমুহৰ ওপৰত পুণঃচিন্তন আৰু সামৰ্থ অনুযায়ী কাৰ্য্যকৰীকৰণ ।

প্ৰতিম প্ৰতাপ বৰুৱা: অদূৰদৰ্শী ৰাজনৈতিক নেতৃত্বৰ মইমতালিয়ে মোক উদিগ্ন কৰি তোলে । লগতে যোগ হয় এচাম অসমীয়া মানুহৰ কষ্ট কৰিব নোখোজা, সপোন দেখিব নোখোজা, নিজৰ বাদে আন একোৱেই চিনি নোপোৱা, মদগৰ্বী, স্বাৰ্থপৰ, লোভী, অসহিষ্ণু, বেপৰোৱা আৰু হৃদয়হীন স্বভাৱ ।
অসমৰ প্ৰতিটো প্ৰজন্মক অসমৰ মাটিৰ লগত চিনাকী কৰাই দিব লাগিব । অসম আৰু অসমীয়াক হৃদয়ৰ পৰা ভালপাবলৈ শিকিব লাগিব আমি সকলোৱেই ।

ৰঞ্জিত কুমাৰ বৰা: সহজ ব্যাখ্যাত বিশ্বৰ বা কোনো দেশৰ কোনো নিৰ্দিষ্ট ভৌগলিক পৰিসীমাৰ মাজত থকা এটা জনসমষ্টিক সমাজ বোলা হয়। নলবৰীয়া, বৰপেটীয়া তেনে একোখন সমাজ। জাতি এটা তেনে কেইবাখনো সমাজ লৈ গঢ়ি উঠে। সমাজতকৈ জাতিৰ পৰিসৰ বহু বিশাল, বহু বিচিত্ৰ। য’ত মানুহৰ মাজত বিভিন্ন ৰীতি-নীতি, মূল্যবোধ, পৰম্পৰা, বিশ্বাস আদি থাকে। সেই দিশৰ পৰা অসমীয়া এটা জাতি। মই বিশ্বাস কৰো অসমীয়া এটা কষ্টসহিষ্ণু, জাতীয়তাবোধেৰে উদ্বুদ্ধ জাতি। কিন্তু যথেষ্ট আৱেগিক। ইয়াৰ জলবায়ুৱে জাতিটোক এই বৈশিষ্ট দান কৰিছে চাগৈ। কিছু শ্ৰমবিমুখ। ৰাজ্যখনৰ বতৰ ইমানেই নৰম (Soft) যে আৰু জীৱিকাৰ অন্যতম উৎস কৃষিভূমি উৰ্বৰ হোৱা বাবেই হয়তো কম কষ্টত কৃষি কাৰ্য কৰি দক্ষিণাত্য বা উত্তৰ ভাৰত অন্যান্য ৰাজ্যৰ তুলনাত কম শ্ৰম কৰি উৎপাদনৰ মুখ দেখিবলৈ পোৱা যায়। যাৰ বাবে কিজানি জাতিটোলৈ তেনে এক বৈশিষ্ট আহি পৰিছে। অৱশ্যে ভৈয়ামৰ এনে দৃশ্যৰ বিপৰীতে পাহাৰত কষ্টকৰ জীৱন-যাপন কৰা অসমীয়াসকলে জীয়াই থকাৰ তাগিদাত বহু কষ্ট কৰিব লগা হয়। তেওঁলোকৰ শাৰীৰিক গঠনো ভৈয়ামৰ লোকৰ তুলনাত অধিক আটিল । যিয়েই নহওক, আমাক সততে বিপথে পৰিচালিত কৰা আৱেগ পৰিহাৰ কৰাৰ ব্যৱস্থা হ’ব লাগে। ইয়াৰ বিজ্ঞানৰ সংশ্লিষ্ট শাখাই পথ নিৰ্দেশনা দিব লাগিব। জাতিটোক যুক্তিৰে পৰিচালিত কৰিব পৰাকৈ উদ্বুদ্ধ কৰিব পাৰিলে ভৱিষ্যত অধিক মংগলময় হ’ব বুলি ভাবো।

কৰবী শৰ্মা: জাতিটোৱে সোৰোপা, এলেহুৱা আদি বিশেষনেৰে নিজেই নিজকে সমালোচনা কৰে যে সেইটো বেছি উদ্বিগ্নতাৰ কাৰণ ৷

অঞ্জন শইকীয়া: অসমীয়া – এক অসম্পূৰ্ন জাতি.. বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন নৃগোষ্ঠী, বিভিন্ন সংস্কৃতি, বিভিন্ন ভাষিক লোকৰ সমাহাৰেৰে “অসমীয়া”ক বিশ্বৰ দৰবাৰত এটা মহাজাতি হিচাবে গঢ়ি তুলিব পৰাৰ বহুতো উপাদান আৰু সম্ভাৱনা আছে । জাতীয় নায়ক সকলে কেনেদৰে এই জাতি গঢ়াৰ প্ৰক্ৰিয়াটো আগবঢ়ায় নিয়ে- তাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব………………………………………………………………….. বৰ্তমানলৈকে অসমীয়া বুলি কব পৰা সকলৰ মাজত সামগ্ৰিক ভাৱে কবলৈ হলে – এই জাতিৰ ‘জাতীয় আবেগ’ -উদিগ্নতাৰ এটা প্ৰধান কাৰন.. এই জাতিৰ আৱেগ হঠাৎ জাগি উঠে আকৌ হঠাৎ তুঁহজুইৰ দৰে নুমাই যায়.. অসমীয়াৰ আৱেগহে আছে কিন্তু বেগ নাই… এই কথা জাতিয়ে নিজেই বুজি জাতিৰ মাজত থকা শক্তি আৰু প্ৰতিভাক শুদ্ধদিশত আগবঢ়াই নিবলৈ আঁচনি তৈয়াৰ কৰিব লাগিব ।

ৰূপম শৰ্মা: বহূতো ভাষিক গোষ্ঠী,জনজাতিৰ সমন্বয়ত গঢ় লৈ উঠা অসমীয়া এটা জাতি বুলিয়েই ভাবোঁ | গৌৰৱোজ্জল ইতিহাস আৰু কৄষ্টি-সংস্কৄতিৰ মেটমৰা সম্ভাৰেৰে চহকী হৈও আমি একত্ৰিতভাৱে বিশ্বদৰবাৰত নিজকে তুলি ধৰিব পৰা নাই | তাৰ সলনি আভ্যন্তৰীণ তথা বাহ্যিক সমস্যা কিছুমানে জাতিটোক জুৰুলা কৰি পেলাইছে | সকলোতকৈ পৰিতাপৰ কথা এয়ে যে অসমীয়া জাতি-সত্বাটোৱেই এতিয়া অস্তিত্বৰ সংকটত ভুগিছে |

যিকোনো জাতি এটাৰ মূল হ’ল জনসমষ্টি | জনসমষ্টিৰ সামূহিক উন্নতিয়েই জাতিৰো উন্নতিৰ পথ প্ৰশস্ত কৰে | সেয়ে অসমীয়া জাতিটো আগবাঢ়ি যাবলৈ হ’লে অসমীয়া সকলে নিজ নিজ বৄত্তিগত ক্ষেত্ৰত উত্‍কৰ্ষ সাধনৰ বাবে তত্‍পৰ হ’ব লাগিব | ইতিহাসত নিজৰ চিৰস্থায়ী চিন ৰাখি থৈ যাব পাৰিছে সেইবোৰ জাতিয়ে যিয়ে ৰাজনীতি, সমাজনীতি, সাহিত্য, অৰ্থনীতি,বিজ্ঞান, শিল্পকলা, দৰ্শন সকলো ক্ষেত্ৰতে উচ্চ পৰ্যায়ৰ পৰদৰ্শিতা অৰ্জন কৰিব পাৰিছিল |

মৃণাল কুমাৰ বৰা: সমাজ বুলি ক’বলৈ মন যায়, “অসমীয়া সমাজ” ।

অসমত বৰ্তমানে দেখিবলৈ পোৱা সংগঠন খোলাৰ ধুম দেখিলে দুখ লাগে। বেছিভাগ পাবত গজা সংগঠনৰ নেতাসকলৰ সহজ ধনৰ পাছত দৌৰা স্বভাৱটোৱে ভাল কাম কৰি থকা দল-সংগঠন বিলাকৰ প্ৰতিও মানুহৰ মনত সন্দেহৰ বীজ সিঁচি দিছে ।

“পঢ়ি-শুনি চাকৰি নাপায়”, এই ধাৰণাৰপৰা যেন মুক্ত হ’বপৰা নাই নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকল। তেওঁলোকক এই মনোবৃত্তিৰপৰা বাহিৰ কৰি আনিব পাৰিলেহে এখন এলাহমুক্ত অসম দেখিবলৈ পামহ’ক। আপোনাৰ চিনাকি অনুজ ল’ৰা বা ছোৱালীজনীক আশাবাদী হ’বলৈ শিকাব লাগে। জ্ঞানৰ প্ৰতি মানুহৰ আকৰ্ষণ বঢ়োৱাৰ চেষ্টা কৰিব লাগে। নিজৰ পৰিয়ালবৰ্গ তথা চুবুৰীটোৰপৰাই কামবিলাক আৰম্ভ কৰিব পাৰি।

দেৱব্ৰত গগৈ: 1. অসমীয়া এটা জাতি নে এখন সমাজ ? ————– উত্তৰ : সমাজ । ( ব্যাখ্যা নিদিও , দিলে বহু দীঘলীয়া হব )

2. অসমীয়া হিচাপে আপোনাক জাতিটোৰ লগত জড়িত কোনটো বিষয়ে আটাইতকৈ বেছি উদিগ্ন কৰি তোলে? ——— উত্তৰ : অবিশ্বাস , সাম্প্ৰদায়িক বিভেদ আৰু দুৰ্নীতি ।

3. সেই ক্ষেত্রত আপোনাৰ কৰণীয় কি বুলি ভাবে ?” ——-

উত্তৰ : 1) নৱপ্ৰজন্মই অসবৰ্ণ বিবাহৰ প্ৰতি আগ্ৰহ দেখুৱাব লাগে । বিশেষকৈ উচ্চজাত তথা বৰ্ণহিন্দু সমাজৰ নৱপ্ৰজন্মই এইক্ষেত্ৰত আগভাগ লৈ শৈক্ষিক , শাৰীৰিক আৰু আৰ্থিকভাবে সম পৰ্য্যায়ৰ জন-জাতীয় যুৱক-যুৱতীক নিজৰ জীৱন সংগী কৰিব লাগে ।

2) প্ৰতিজন ব্যক্তিয়ে অসমৰ প্ৰতিটো জাতি আৰু সম্প্ৰদায়ৰ সাংস্কৃতিক পৰম্পৰাসমূহৰ বিষয়ে উপযুক্ত জ্ঞান লব লাগে ।

3) অসমৰ প্ৰতিজন ব্যক্তি ৰাজনৈতিকভাবে সচেতন হব লাগে ।

4) আৰ্থিক স্বাৱলম্বীতা প্ৰতি বিশেষ চকু দিব লাগে আৰু সেয়ে শিক্ষিত নৱপ্ৰজন্মই বেপাৰ আৰু খেতিত মনোযোগ দিব লাগে ।

প্ৰাঞ্জল কলিতা: ১| অসমীয়া এটা জাতি |

২| বিভিন্ন সম্প্ৰদায় বা জনগোষ্ঠীৰ মাজত গঢ় লৈ উঠা অবিশ্বাসৰ বাতাবৰণ |
৩| মন কৰিলে দেখা পোৱা যাব যে, কিছুমান মুনাফালোভী তথাকথিত সমাজসেৱ্ক আৰু ৰাজনীতিবিদেই ইয়াৰ প্ৰধান কাৰক | তেনেলোকসকলোক চিনাক্ত কৰি এঘৰীয়া কৰিব লাগে | সঠিক শিক্ষা ব্যৱ্স্থা তথা কৰ্মমুখী শিক্ষাই এনে পৰিৱৰ্তন আনিব বুলি মোৰ মনে ধৰে |

অঞ্জল বৰা: (1) ঐতিহাসিক বিচাৰত অসমীয়া এখন সমাজ আছিল৷ বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষীৰ সংমিশ্ৰণত এই সমাজখন গঢ়ি উঠিছিল৷ কিন্তু বাস্তৱ দৃষ্টিত সেই সমাজখনক বিশ্বদৰবাৰত অন্যান্য জাতিসমূহৰ লগত সমানে ফেৰ মাৰি আগুৱাই যাবলৈ হ’লে এটা বৃহত্তৰ জাতি হিচাপে চিনাকী কৰি দিয়াত বাধা নাই৷

(2) অসমীয়া হিচাপে মোক সমাজখন গঢ়ি উঠাৰ ক্ষেত্ৰত বিভিন্ন জাতি-জনজাতীয়ে যিধৰণেৰে সহায় কৰিছিল সেই সমাজখন জাতিত পৰিণত হোৱাৰ ক্ষেত্ৰত এতিয়া একতাৰ অভাৱ দেখা যায়৷ এই কথাটোৱে মোক উদিগ্ন কৰি তোলে৷
(3) এই ক্ষেত্ৰত মোৰ ব্যক্তিগত কৰণীয়ৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰে৷ ব্যক্তিগতভাৱে মই এই একতাক সদায়ে মনেপ্ৰাণে কামনা কৰোঁ আৰু কৰি আহিছোঁ৷ কিন্তু প্ৰয়োজন মাথো আভ্যন্তৰিণ বিভেদকামী শক্তিসমূহ নাশ কৰিব পৰাকৈ প্ৰত্যেক মানুহৰ মনৰ ভিতৰৰ থাকিব লগা সদৃচ্ছাখিনি৷

দিগন্ত যাদৱ শৰ্মা: মই বিভিন্ন জাতি ধর্ম ভাষাৰে গিজগিজাই থকা আমাৰ মৰমৰ অসম খনক এখন বহল সমাজ বুলিয়েই ভাবো আৰু নিশ্চয়কৈ অসমীয়া এক বৃহৎ জাতি । কিন্তু বিভিন্ন কাৰনত আমাৰ মনবোৰ ঠেক হৈ যোৱাৰ ফলত সমস্যাই লগ এৰাই নিদিয়া হৈছে । নিতৌ নতুন নতুন বিভিন্ন সমস্যাই আমাক ভাৰক্রান্ত কৰি তুলিছে । আমাৰ নিজৰ মনৰ ভিতৰ খনক এতিয়াই আৰু সঠিক সময়ত জগাই নুতুলিলে অধিক সমস্যাৰ সন্মুখিন হ’ব লাগিব।

শঙ্কৰ জ্যোতি বৰা: মোৰ মতে অসমীয়া এটা জাতি৷বিভিন্ন জনগোষ্ঠীৰ বাৰেৰহনীয়া সংমিশ্ৰণত গঢ় লৈ উঠা এটা সোনসেৰীয়া জাতি৷

যিদৰে অসমীয়া, বঙালী, বিহাৰী, তামিল,তেলেগু,মাৰাঠী,গুজৰাটী,কাশ্মীৰীকে আদি কৰি বিভিন্ন জাতিৰ সংমিশ্ৰণত বৃহত্তৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়তা গঢ় লৈ উঠিছে একেদৰে অসমত বাস কৰা বিভিন্ন জনগোষ্ঠী আৰু সমপ্ৰদায়ৰ সংমিশ্ৰণত বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে৷
অতীতৰ পৰা সম্প্ৰীতিৰ বাবে বিখ্যাত অসমত বিভিন্ন জনগোষ্ঠীসমুহৰ মাজত থকা একতাৰ এনাজৰীদাল ক্ৰমান্বয়ে দু্ৰ্বল হৈ অহাটোয়ে মোক যথেষ্ট উদিগ্ন কৰি তোলে৷
বিভিন্ন জনগোষ্ঠীসমুহৰ মাজত সম্প্ৰীতি গঢ়ি তুলিবলৈ সেইবোৰৰ মাজত সাহিত্য-সংস্কৃতিৰ বিনিময়, এটা গোষ্ঠীৰ নীতিনিয়ম বা সংস্কাৰ আদিৰ প্ৰতি আন এটা গোষ্ঠীৰ সন্মান প্ৰদৰ্শন আদিয়ে কাম কৰিব পাৰে বুলি মই ভাবো৷
এই ক্ষেত্ৰত আমাৰ “অসমীয়াত কথা বতৰা” এখন সুন্দৰ মঞ্চ আৰু এতিয়ালৈকে সাহিত্যৰ বিনিময়ৰ জৰিয়তে অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সমপ্ৰদায়ৰ মাজত যোগাযোগ স্হাপন কৰাত এক অতুলনীয় ভূমিকা লৈ আহিছে আৰু লৈ থাকিব৷

নিৰ্মালী বৰঠাকুৰ: মই ভাবো -‘অসমীয়া এটা জাতি ‘।আমি যিখন দেশত আছো, সেই দেশখন কেৱল অসমীয়া সমাজেৰে গঠিত নহয় ।বহু জাতি,ধৰ্ম,বৰ্ণ,ভাষা,পৰম্পৰাৰ সুন্দৰ সমন্বয় ক্ষেত্র ।তাৰে ভিতৰত অসমীয়াও এটা জাতি ।অৱশ্যে আমি জীয়াই থকা সমাজখনৰ নিজকে অংশীদাৰ বুলি ভাবো কাৰণ আমি কোৱা ভাষাটো অসমীয়া,আমি জীয়াই থাকো অসমীয়া জাতিগত কিছুমান এৰাব নোৱাৰা পৰম্পৰাৰ বশবৰ্ত্তী হৈ । কিন্তু সমাজখনত কেৱল আমি অসমীয়া,আমাৰ সমাজখন অসমীয়া মানুহেৰে গঠিত বুলি ক’লে ভূল কোৱা হ’ব ।মই বৰ্তমান যিখন সমাজত দৈনন্দিন জীৱন কটাইছো তাত কেৱল অসমীয়াই নাই,বিভিন্ন জাতি, ধৰ্ম …..মানুহেৰে পৰিবেষ্টিত হৈ আছে। মই ভাবো নিজকে অসমীয়া অসমীয়া বুলি দাম্ভিক মাৰি থকাতকৈ সকলোৰে লগত মিলি-জুলি থকাতোহে আমাৰ কৰ্তব্য হোৱা উচিত ।অসমীয়া হিচাপে নিজকে এটা ক্ষেত্রতেই বেয়া লাগে যে অসমীয়া কেৱল অসমতেই সীমাবদ্ধ।অসমৰ বাহিৰত ইয়াৰ কোনো জাতিগত অস্তিত্ব নাই ।কেৱল বিহুনৃত্যৰ বাহিৰে ।এইটো নকও যে অসমীয়া মানুহে অসমৰ বাহিৰত উন্নতি কৰা নাই বা অসমৰ নাম উজ্জ্বল কৰা নাই ।অসমীয়া ভাষাটোৰ উন্নতিৰ অবিহনে অসমীয়া জাতিৰ উন্নতি অসম্ভৱ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments