অসমীয়া- এটা ৰুচিহীন জাতি হোৱাৰ পথত নেকি? ( আৰহান ইনামূল )

(আগতেই লিখা, বহুজনৰ দাবীৰ প্ৰতি সন্মান জনাই অলপ সংবৰ্ধিত ৰূপত পূণৰ প্ৰকাশ কৰিছো)
আৰহান ইনামূল
০৫/০৯/১৬, গৰুমৰা, যোৰহাট৷
জাতীয় অভিমান প্ৰায় প্ৰত্যেকটো জাতিৰেই থাকে, আৰু এই অভিমানৰ মূল কেন্দ্ৰগত স্থিতি হিচাপে স্বীকৃতি দিয়া হয় বিশ্ব দৰবাৰত সেই বিশেষ জাতিসত্বাটোৱে বহন কৰা নিজস্ব সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক প্ৰগতিশীল আৰু সৃষ্টিশীল মৌলিকতা উপলব্ধ হোৱা উপাদান সমূহক, যেনে ভাষা, সাহিত্য, নাটক, চিত্ৰৰস, স্থাপত্যকলাৰ বিচিত্ৰতা, নৱ নৈমিত্তিক ব্যৱসায়কেন্দ্ৰিক উপাৰ্জনৰ হেতু, সামাজিক সমতা, সামাজিক ন্যায় প্ৰদানৰ পৰিবেশ ইত্যাদি৷ এই লেখাৰ জৰিয়তে আন বিলাক জাতিগত গৌৰৱৰ অধিকাৰী হ’ব পৰা উপাদানৰ বিশ্লেষনলৈ নগৈ মাথো সাংস্কৃতিক ভাৱে আমাৰ অসমীয়া জাতিটো বৰ্তমান সময়ত কিমান ৰুচিশীল তাৰ ওপৰত হে অলপ আলোকপাত কৰিবলৈ বিচৰা হৈছে৷
এটা জাতিৰ সাংস্কৃতিক দিশটোক কি কি কলাই প্ৰতিনিধিত্ব কৰে সেয়া সকলোৱেই জানে, যেনে, সাহিত্য, নাটক, সংগীত, নৃত্য, চিনেমা(আধুনিক সময়ত), চিত্ৰকলা ইত্যাদিয়ে৷ কেইটামান অপ্ৰিয় উদাহৰণ দ্বাৰা এই লেখাৰ উদ্দেশ্য ব্যাখ্যা কৰিব বিচাৰিছো–
অসমীয়া চিনেমাৰ বেয়া দিন চলি থকাৰ মাজতে চিনেমা হলত এখন অসমীয়া চিনেমা চাবলৈ মানুহে হেতা ওপৰা লগাইছিল, নাম “যৌৱনে আমনি কৰে“, কি আছিল এই চিনেমা খনত, যাৰ বাবে জাহ্নু বৰুৱা, ডo ভৱেন্দ্ৰ নাথ শইকীয়া আদিৰ দৰে পৰিচালকৰ চিনেমা চাই ভাল নোপোৱা আমাৰ সাংস্কৃতিক ভাৱে সচেতন (? ) মানুহ খিনিয়ে “যৌৱনে আমনি কৰে“ চাবলৈ হিল দ’ল ভাঙি গৈছিল?
আজি অসমৰ নাম চিৰ জ্যোতিমান কৰি থৈ যোৱা ড. ভূপেন হাজৰিকাৰ কেইটা প্ৰগতিশীল গীতৰ প্ৰতি আমাৰ সাংস্কৃতিক ভাৱে সচেতন (? ) অসমীয়াৰ আগ্ৰহ আৰু আকৰ্ষণ আছে, তাৰ পৰিবৰ্তে দেখোন “কোমল কোমল“, “তপিনা ডাঙৰ চাই“, “বিলাহী বিলাহী“, “ডিস্ক’ ভণ্টি“ আদিৰ দৰে তৃতীয় শ্ৰেণীৰ মানুহৰ চতুৰ্থ শ্ৰেণীৰ প্ৰয়োজন পুৰ কৰা গীতৰ নামত বৰবিহ সোপাহে দেখোন এই স্বাভিমানী বুলি ফিতাহি মৰা জাতিটোৰ বাবে বেছি আপোন বা প্ৰিয় হৈ পৰিছে৷ বৰ্তমান অসমৰ আটাইতকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে তেঁওৰ কেৰিয়াৰৰ প্ৰথম ভাগত যেনে ধৰণৰ মৌলিকতা আৰু ৰুচিকৰ নতুনত্ব থকা গান কিছুমান সৃষ্টি কৰিছিল, এতিয়া তেঁওৰ কণ্ঠৰেও “চুই চাং চাং লাগে“, “কোমল কোমল“ আদিৰ দৰে পোনপটীয়া অশ্লীলতা ভৰা গীতহে নিগৰিবলৈ ধৰিছে৷ তেঁও হয়তো ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ক’ব যে মানুহে দেখোন এনে ধৰণৰ সস্তীয়া গীতবোৰহে বেছিকৈ আকোৱালি লৈছে৷ অলপ মাৰ্জিত আৰু উচ্চ মাত্ৰাৰ কাব্যিকতা থকা আৰু অলপ অচৰপ মৌলিকতা থকা “ৰক“ৰ দৰে এলবামৰ গানবোৰ দেখোন বৰ এটা মুখে মুখে প্ৰচলিত হ’ব পৰাকৈ জনপ্ৰিয় নহয়৷ অৰ্থাৎ আমাৰ আপোন শিল্পী সকলো এতিয়া সম্পূৰ্ণৰূপে বজাৰমুখী হৈ পৰিছে, অৱশ্যে হ’ব লাগিবও, কাৰণ সেয়াই তেওঁলোকৰ পেছা৷ কিন্তুু সংগীতৰ বজাৰ খনত এনে অশ্লীলতা ভৰা আৰু কোনো মৌলিকতা নথকা গীতবোৰহে কিয় জনপ্ৰিয় হবলৈ ধৰিছে? ইয়াৰ বাবে নিশ্চয়কৈ শ্ৰোতা সকলো দায়ী৷ শিল্পী সকলৰ সামাজিক আৰু সাংস্কৃতিক দায়ৱদ্ধতা সোঁৱৰাই থকাটোও নিশ্চয়কৈ বৰ দুখৰ বিষয়৷ আজি যিজন জুবিন গাৰ্গক অসমৰ ৰাইজে ডo ভূপেন হাজৰিকা শূন্য অসমখনক সেই যুগপুৰুষ জনাৰ উত্তৰাধিকাৰী হিচাপে সন্মান দিব বিচাৰিছে তাৰ বিনিময়ত জুবিন গাৰ্গে দুই এটা প্ৰকৃততেই শলাগ ল’ব লগীয়া সামাজিক কৰ্মৰ বাহিৰে তেঁওৰ যি প্ৰকৃত কৰ্ম, অৰ্থাৎ সংগীতৰ ক্ষেত্ৰখনত, সেয়া অসমৰ ৰাইজক দিব পাৰিছে নে? আমি তেঁওৰ কণ্ঠৰ পৰা কেৱল ডেকা-গাভৰুৰ প্ৰেম কেন্দ্ৰিক গীতেই শুনিব নিবিচাৰো, বিচাৰোঁ ভূপেনদাৰ দৰে তেঁও কিছুমান সাধাৰণ মানুহৰ দুখ-যন্ত্ৰণা ভৰা অনুভৱৰ, সামাজিক বৈষম্য বিৰোধী, মানৱীয়তাৰ পৰশ থকা, প্ৰগতিশীল কিছুমান গীত বেছিকৈ লিখক, সুৰ দিয়ক আৰু গাওক৷ তেতিয়া হে তেওঁক আমি গ্লেমাৰযুক্ত শিল্পী বুলি কেৱল পৰিচয় দিয়াৰ সলনি এজন প্ৰকৃত গণশিল্পীৰ সন্মান দিব পাৰিম৷ আজি কলকাতাৰ নাচিকেতা বা সুমন কবিৰ আদিৰ দৰে তেওঁ আগবাঢ়ি যাওক নিজৰ মৌলিক সৃষ্টিৰ জৰিয়তে৷ অৱশ্যে অসমৰ সাধাৰণ শ্ৰোতা ৰাইজৰ যি ৰুচিবোধৰ ব্যাপক স্খলন ঘটিছে তেনেস্থলত “তপিনা ডাঙৰ“ বা “কোমল কোমল“ আদিৰ দৰে গীত সমূলি পৰিহাৰ কৰি “শব্দ“, “গানে কি আনে“, “ফুল ফুলক“, “যন্ত্ৰ“, “জগত পোহৰ কৰি“, “ৰৈ ৰৈ বিনালে“, “শান্তি দিয়া“, “সোণেৰে সজোৱা“ আদিৰ দৰে গীতৰ মাজলৈ উভতি যোৱাটো অলপ ৰিস্ক থকা হ’ব তেঁওৰ আৰ্থিক উপাৰ্জনৰ ক্ষেত্ৰত, কিন্তুু সেই সকলো বাধা, লোভ অতিক্ৰমী যদি নিজকে এজন মৌলিকতা থকা আৰু ৰুচিকৰ সৃষ্টি উপহাৰ দিয়া শিল্পী হয় তেন্তে অসমৰ সংগীত জগতখনৰ মৰ্যাদা ৰক্ষা পৰিব৷
অসমত বৰ্তমান মাথো কিছু মুষ্ঠিমেয় লোকে লোকগীত আৰু লোকনৃত্যৰ প্ৰকৃত গ্লেমাৰহীন চৰ্চাত নিমগ্ন হৈ আছে, বিহু নৃত্যক এতিয়া আৰু তেনে লোকনৃত্যৰ শাৰীত ৰাখিবলৈ ভয় লগা হৈছে, ইতিমধ্যে ই যে পুঁজিবাদী মহলৰ বাবে যে খিৰতি গাইৰ নৃত্য হৈ পৰিছে, যেন সেই পেট ডাঙৰ শকত পকেটৰ পুঁজিবাদী কেইটাই নিজৰ পেট নচুৱাই কৈছে, “নাচ্ছ বিহু মেৰি জান, তুঝে পেইছা মিলেগা“! ! !
কিন্তুু অসমত জানো কেৱল বিহু নৃত্য হে আছে নেকি স্বকীয় কলাৰ ৰূপ থকা, ঝুমুৰ নৃত্য, সত্ৰীয়া নৃত্য আদিৰ দৰে যথেষ্ট উন্নত আৰু উচ্চ মাত্ৰাৰ সৃষ্টি-কলাৰ ৰস থকা বহুত শাস্ত্ৰীয় আৰু লোকনৃত্য আছে অসমত৷ কিন্তুু আমিবোৰে কেৱল বিহু নৃত্যক অত্যধিক গুৰুত্ব দিয়াৰ বাবে সেই বাকী নৃত্য সমূহৰ পৰিবেশন আৰু চৰ্চা কমি গৈছে, হয়তো এসময়ত নাইকিয়া হ’বলৈ৷ বিহু নৃত্যৰ লগত বৰ্তমান গ্লেমাৰ আৰু টকা জড়িত হৈ পৰিছে বাবেই ই অতি জনপ্ৰিয় আৰু অত্যধিক ৰূপত পৰিবেশিত হ’বলৈ লৈছে নেকি?
আজি কিছুদিনৰ পৰা বৌদ্ধিক মহল আৰু সংবাদ মহলে এটা বিশেষ কথাকলৈ বৰকৈ উৎসাহ প্ৰকাশ কৰা দেখা গৈছে, সেয়া হ’ল যে গ্ৰন্থমেলাত মানুহৰ সমাগম বৃদ্ধি পাইছে, তাৰ মানে কিতাপৰ বিক্ৰী বৃদ্ধি হৈছে৷ এতিয়া প্ৰশ্ন হয় প্ৰথম কথা গ্ৰন্থমেলাত মানুহৰ সমাগম বৃদ্ধি হোৱাৰ প্ৰথম কাৰণ কেনেবাকৈ ইয়াক মেলালৈ ৰূপান্তৰিত কৰা বাবে হোৱা নাইটো? দ্বিতীয়তে কেনেকুৱা ধৰণৰ কিতাপৰ বিক্ৰী বৃদ্ধি পাইছে? বুজি পোৱা সকলে বুজি পাইছেই মোৰ প্ৰশ্নৰ ভিত্তি৷ আনহাতে সাহিত্য সভাৰ অধিৱেশন সমূহতো আজি-কালি ভিৰ বেছি হয়, অসমীয়া মানুহৰ সাহিত্যানুৰাগ বৃদ্ধি পাইছে বাবে এনে ধৰণৰ সাহিত্যৰ অনুষ্ঠানত ভিৰ বেছি হৈছে নে অত্যধিক জাক-জমকতাৰ সৈতে, বণিক গোষ্ঠীক জড়িত কৰাই মেলা সদৃশ পৰিবেশ সৃষ্টি কৰিছে বাবে ভিৰ বাঢ়িছে? সেয়া নিশ্চয়কৈ বিচাৰযোগ্য৷
আজি কালি বলিউদৰ চিনেমাৰ প্ৰচাৰৰ হৰ্ডিঙতকৈ ডাঙৰ হৰ্ডিং লগাই প্ৰচাৰ কৰা হয় ভ্ৰাম্যমাণ নাট্যগোষ্ঠী সমূহৰ বিষয়ে, কিন্তুু বাকী সকলো ধৰণ কৰণ, যেনে কাহিনী বা স্ক্ৰিপ্ত, সাজ-সজ্জা, নৃত্য-গীত, অভিনয়ৰ আদৰ্শ আদি সকলো বলিউদৰ চিনেমা কিছুমানৰ স্ক্ৰিপ্ত, দৃশ্যাংশত “কণ্ট্ৰল-চি“ টিপি অসমৰ দৰ্শকৰ সন্মুখত থকা মঞ্চত “কণ্ট্ৰল-ৱি“(v, ’ভি’ নহয়) টিপি দিয়া ধৰণৰ হয়৷ তাৰ পৰিৱৰ্তে অসমৰ বিভিন্ন জিলাৰ নগৰ, গ্ৰামাঞ্চলত বিভিন্ন অপেচাদাৰী নাট্যগোষ্ঠী সমূহে যি উন্নত মানদণ্ডৰ নাট্য কলাৰ প্ৰাকৃতিক মৌলিকতা উপলব্ধ হোৱা নাটক পৰিবেশন কৰি আছে তাৰ প্ৰতি কিন্তুু আমাৰ তথাকথিত সাংস্কৃতিক ভাৱে সচেতন অসমীয়া কলাপ্ৰেমীৰ সমাদৰ বা আগ্ৰহ একেবাৰেই নাই বুলিব পাৰি৷ এই সন্দৰ্ভত আজি কিছুদিন আগতে বৰ্তমান আন্তৰ্জাতিক অভিনয় শিল্পী হিচাপে স্বীকৃতি পোৱা অসম গৌৰৱ আদিল হুছেইনে মোৰ বাবে নিজৰ দাদা সদৃশ মলিন মজুমদাৰৰ আগত যি চিন্তা ব্যক্ত কৰিছিল অসমত প্ৰকৃত নাট্যৰস আকোৱালি লোৱা নাট্যপ্ৰেমীৰ সংখ্যা হ্ৰাস হোৱা বুলি, সেয়া ভাবিব লগীয়া৷ এইখিনিতে আৰু এটা কথা উল্লেখ নকৰিলে আধৰুৱা হৈ ৰ’ব যে অসমত ৰবীন্দ্ৰ ভৱনৰ দৰে প্ৰেক্ষাগৃহত প্ৰায়েই বহুত উন্নত মানদণ্ডৰ নাটক এমেচাৰ গোষ্ঠী সমূহে পৰিবেশন কৰি থাকে, কিন্তুু তেঁওলোকে একমাত্ৰ নাটকৰ প্ৰতি থকা নিজস্ব আন্তৰিকতা আৰু সমৰ্পনৰ বাবে হে তেনেদৰে নাটক পৰিবেশন কৰে৷ কাৰণ প্ৰথম কথা তেনেদৰে নাটক পৰিবেশন কৰিবলৈ যাওঁতে তেওঁলোকৰ যি খৰচ হয় সেয়া কেতিয়াও ঘূৰি নাহে, দ্বিতীয়তে তেনে নাটক চাবলৈ যোৱা মানুহৰ সংখ্যা বহুত কম হয়, আনকি তাতোতকৈ বেছি দৰ্শক গুৱাহাটীৰ বিজুলী চিনেমা হলত হয়তো হয় চাগৈ! ! (লেখকৰ ব্যক্তিগত অনুভৱ যে ভ্ৰাম্যমাণ মঞ্চত “লিপষ্টিক কাজল আনি দিবি“ চাবলৈ যোৱা দৰ্শক সকলকো একে শাৰীতে ৰাখিব বিচাৰো)৷ আনহাতেদি ৰবীন্দ্ৰ ভৱনেই হওক বা বিভিন্ন জিলাৰ ডিষ্ট্ৰিক লাইব্ৰেৰীৰ দৰে ৰাজহুৱা প্ৰেক্ষাগৃহ সমূহেই হওক, তাৰ পৰিচালনা মণ্ডলিৰো বোধকৰোঁ প্ৰকৃত জাতীয় মৌলিক কলাৰ প্ৰতি কোনো আগ্ৰহ নাই, নহলেনো বাৰম্বাৰ অনুৰোধ কৰি থকাৰ পিছতো তেওঁলোকে এমেচাৰ নাট্যগোষ্ঠী সমূহে নাটক পৰিবেশন কৰিবলৈ বিচাৰোঁতে অলপো প্ৰেক্ষাগৃহৰ ভাড়াৰ ক্ষেত্ৰত কিছু ৰেহাই দিব নোৱাৰে নে?
শেহত আহো অসমৰ ব্যক্তিগত খণ্ডৰ ইলেক্ট্ৰনিক মাধ্যম অৰ্থাৎ অসমীয়া চেটেলাইট চ্ছেনেল কেইটাৰ বিষয়লৈ, আজি কেইজন সচেতন অসমীয়াই বুকুত হাত থৈ ক’ব পাৰিব যে বৰ্তমান অসমত সম্প্ৰচাৰিত হৈ থকা এই চ্ছেনেল কেইটাই অসমীয়া সাংস্কৃতিক জগতখনক ইয়াৰ মৌলিক ৰূপত উপস্থাপন কৰিব পাৰিছে বুলি? বাতৰি পৰিবেশন কৰা চ্ছেনেল কেইটাৰ হালধীয়া সাংবাদিকতাৰ ক্ষেত্ৰত থকা গুণ গৰিমা গাবলৈ নাযাওঁ বাৰু, কিন্তুু কেৱল গীত, চিৰিয়েল আদি সম্প্ৰচাৰ কৰা চ্ছেনেল কেইটাই কি দেখুৱাই আছে অসমৰ ৰাইজক? “খাপলাং কাই“, “বৰলা কাই“……..? আৰু কি? “কথা-বাৰ্তা“ৰ দৰে অনুষ্ঠানৰ হেনো TRP একেবাৰে নাথাকে৷ মানে এইটো সত্য নহয়টো যে এই চ্ছেনেলবোৰেও সেইবোৰেই দেখুৱাই যি বোৰ আবৰ্জনা অসমৰ দৰ্শকে উপভোগ কৰি ভাল পাই?
অৰ্থাৎ এইটো সত্য নেকি যে এই অসমীয়া জাতিটো সচাকৈয়ে “ৰুচিহীনতা“ত ভুগিছে, “কথানদী“ৰ বিষয়ে আগ্ৰহ দেখুৱা মানুহ বৰ কমেইহে লগ পাইছো দেখোন৷ ভাবিব লগীয়া৷
এইটো কথা সত্য যে গোলকীকৰণ বা বিশ্বায়নৰ প্ৰভাৱত পৃথিবীৰ সকলো অঞ্চলতেই লোক-সংস্কৃতি সংকটৰ সন্মুখিন হৈছে, কিন্তুু তাৰ মাজতো এনে বহু জাতি আছে যি আধুনিক সংস্কৃতিক আকোৱালি লোৱাৰ সমান্তৰালকৈ নিজৰ সংস্কৃতিৰ প্ৰতিও স্বভাৱজাত দায়ৱদ্ধতা দেখুৱাইছে৷ আনকি সেই অঞ্চল সমূহত তেওঁলোকৰ লোকসংস্কৃতিৰ বাবেই পৰ্যটনৰ ক্ষেত্ৰখনৰ বিকাশ হৈছে৷ অৱশ্যেই তাৰ কৃতিত্ব দিব লাগিব সেই অঞ্চল সমূহৰ স্থানীয় মানুহখিনিৰ নিজৰ ৰুচিবোধ আৰু নিজৰ সংস্কৃতিৰ প্ৰতি থকা প্ৰাকৃতিক অনুৰাগক৷ কিন্তুু অসমৰ ক্ষেত্ৰত আমি তেনে পৰিবেশ আশা কৰিব পাৰো নে? হানী সিং, বাদশ্বাহ’ৰ ৰেপ সংগীতৰ মাজত নিমজ্জিত হৈ থকা আমাৰ নতুন প্ৰজন্মটোৰ মাজত প্ৰকৃত সাংস্কৃতিক ৰুচিবোধ জন্মাবলৈ, তেওঁলোকৰ মনত নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি আগ্ৰহ-অনুৰাগ সৃষ্টি কৰিবলৈ কোনো উপায় নাই নে? সচেতন মহলে এই কথা চিন্তা কৰিবৰ হ’ল৷
নহ’লে ভূপেনদাৰ ভাষাৰেই আমি জগাব লাগিব জাতিটোক-
“আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব“৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments