অসমীয়া কথন/পঠন আৰু কিছু চিন্তন – মামণি দাস

কেইদিনমানৰ পৰা মূৰত দুলি থকা কথা এটা উনুকিয়াব বিচাৰিছোঁ৷ সচৰাচৰ ‌আপোনালোকে মন কৰেনে নাই নাজানো, কথা পাতোতে, মেছেজ লিখোতে আমি কিছুমান শব্দ এনেকৈ ব্যৱহাৰ কৰি আহিছোঁ৷ “দেখুওৱা“ (show) শব্দটোৰ সমাপিকা ক্ৰিয়া লিখোতে বা কওঁতে “দেখুৱাম/দেখুৱাব/দেখুৱাইছে“ৰ সলনি বহুতে “দেখাম/দেখাব/দেখাইছে“ বুলি ব্যৱহাৰ কৰে৷ যেনে: “আজি তোমাক এটা বস্তু দেখাম” “এইবোৰ কি দেখাইছা?” ইত্যাদি ইত্যাদি৷ কথাটো কথিত বা লিখিতৰ লগত সম্পৰ্কিত নহয়৷ কওঁতে কওঁতে বহুতৰ অভ্যাসত পৰিণত হৈছে বা কথনশৈলীৰ দ্বাৰা এয়া এজনৰ পৰা আনজলৈ সংক্ৰমিত হৈছে৷ ভালেকেইদিন মানুহৰ লগত বাৰ্তালাপত এই কথাটো মই উপলব্ধি কৰিছোঁ৷

ইংৰাজীত Send ৰ অসমীয়া প্ৰতিশব্দ “পঠিওৱা“৷ কেইদিনমান আগতে মোক শুভাকাংক্ষী এজনে কৈছিল, “অমুক আলোচনীৰ লেখা পঠোৱা ঠিকনাটো দিবা নেকি? এটা লেখা পঠাম৷” সেইদিনা মেছেজটো চাই ‘পঠাম’ শব্দটোলৈ কেইচেকেণ্ডমান চালো আৰু উপলব্ধি কৰিলো, অকল এজনেই নহয়, এনেকুৱা শব্দবোৰ আমি প্ৰায়ে কথা পাতোতে, মেছেজ কৰোতে, বাৰ্তালাপ কৰোতে শুনিছোঁ, ব্যৱহাৰ কৰি আহিছোঁ৷

উপলব্ধিৰ আগত হয়তো ময়ো দুই-এঠাইত এনে শব্দ প্ৰয়োগ কৰিছিলো, কিন্তু সচকিত হোৱাৰ পৰা মন দি আহিছোঁ৷ কথাখিনিৰ ওপৰত মোৰ ধাৰণা এটাহে আছে৷ সুনিৰ্দিষ্ট আৰু স্পষ্ট ব্যাখ্যাৰ বাবে গোটৰ মজিয়ালৈ আগবঢ়ালো৷

একেদৰে, আমি বহুতেই “চুলি কাটিলা নেকি? “ বুলি সোধো বা উত্তৰত “অ’ কাটিলো“ বুলি কওঁ৷ কিন্তু নিজেই নিজৰ চুলি আমি সাধাৰণতে কেতিয়াও নাকাটো৷ চেলুন বা পাৰ্লাৰত আনৰ হতুৱাই যে কটাওঁ৷ তেনেক্ষেত্ৰত আমি ক’ব লাগে, “কটালো” বুলিহে, আমি কওঁনে?

##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments