অসমীয়া কবিতা, বেয়া কবিতা ইত্যাদি

(সম্পাদকৰ টোকা : অসমীয়া কথা-বতৰা” গোটৰ সদস্য ৰঞ্জিত কুমাৰ বৰাই গোটত কবিতা সম্পৰ্কে দিয়া এটা প’ষ্টৰ ভিত্তিত গোটৰ আন এজন সদস্য উদ্দীপ তালুকদাৰৰ নিজা অনুভৱ আৰু এই সন্দৰ্ভত বিভিন্নজনৰ মতামত )

অসমীয়া কবিতা বিপৰ্য্যস্ত বুলি কওঁতে ফেচবুক বা অইন এনে গোটত লিখা কবিতাবোৰ ধৰিব লাগিব জানো? লাগে/নালাগে নিজৰ মত থাকিব। কিন্তু মোৰ বোধেৰে এনে কবিতাবোৰক এতিয়াও ‘অসমীয়া কবিতাৰ জগত’ৰ ভিতৰুৱা বুলি ধৰা হোৱা নাই, আৰু ধৰা উচিতো নহয়।
ইণ্টাৰনেটৰ এনে গোটবোৰ হোৱাৰ আগতে বহুতে কবিতা লিখি গাৰুৰ তলত, বা ফাইলত হয়তো সাঁচি থৈ দিছিল, কেতিয়াবা এটা-দুটা আলোচনীলৈ পঠিয়াইছিল, বা কেতিয়াবা চমঝদাৰ শ্ৰোতা পালে পঢ়ি শুনাইছিল। ভাল কবিতা হ’লে আলোচনীত প্ৰকাশ পাইছিল, আৰু কবিয়ে নিজৰ কবিতাৰ ওপৰত এটা ধাৰণা কৰি লৈ ভৱিষ্যত কবি জীৱন গঢ় দিছিল (বা কবিতা লিখা বাদেই দিছিল।)
এই যে গাৰুৰ তলত সুমুৱাই থোৱা, বাহিৰা বহীৰ পিছফালে লিখি থোৱা কবিতা জাতীয় বস্তুবিলাক, এইখিনিয়েই এতিয়া ফেচবুক বা আন এনে মাধ্যমৰ যোগেদি ওলাই আহিছে। আৰু আমি, যিয়ে ফেচবুক আদি নিয়মীয়া ভাৱে ব্যৱহাৰ কৰোঁ, তেওঁলোকে এইখিনি দেখি দেখি বৰ্তমানৰ ‘অসমীয়া কবিতা’ বুলি ভুলকৈ ভাবিছোঁ। এইখিনি আধুনিক অসমীয়া কবিতাৰ প্ৰতিভূ নহয়, এইখিনি সেই আগতে লেখকে লিখি লুকুৱাই থৈ দিয়া কবিতা কেইটাহে, সুযোগ পাই এতিয়া বাহিৰলৈ ওলাই আহিছে।


আলোচনী আদিত প্ৰকাশ পোৱা কবিতাৰ বিচাৰ কৰোঁতেও ফেচবুকৰ কবিতাবোৰক সমালোচনাৰ আওতালৈ আনি বিচাৰ কৰা হোৱা নাই। সেয়ে, আধুনিক কবিতা সম্বন্ধে সমালোচক সকলৰ যি মন্তব্য সেইখিনি ফেচবুকৰ কবিতাৰ লগত জড়িত নহয় বুলিয়েই মোৰ বিশ্বাস।
আচলতে কবিতা বুলি নহয়, বহুত এনেকুৱা কথা আছিল, যিবিলাক ইমান দিনে ৰাজহুৱা হোৱা নাছিল। যেনে, অসমীয়া লিখোঁতে বানানৰ ভুল। ভবেন্দ্ৰ নাথ শইকীয়াই জীৱন বৃত্তত বহুতো লেখকৰ বাক্যৰ গাঁঠনি আৰু বানানৰ অৱস্থা দেখি আক্ষেপেৰে উল্লেখ কৰিছিল। ইয়াৰ অৰ্থ এইটোৱেই যে বানানৰ ভুল, শব্দৰ ব্যৱহাৰত ভুল, বাক্য গাঁঠনিত ভুল আদিবিলাক আমি কৰিয়েই আছিলোঁ, কিন্তু ফেচবুকত ইউনিকোড প্ৰসাৰৰ পাছত যেতিয়া অসমীয়া ভাষাৰ লিখিত ৰূপ দেখিবলৈ পালোঁ, তেতিয়াহে আচলতে বানান আৰু গাঁঠনিৰ ভুল আদিবিলাক চকুত পৰা হ’ল। সঁচা কথা ক’বলৈ হ’লে অনলাইন ইউনিকোডত অসমীয়া লিখাৰ আগলৈ উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছৰেপৰা নিয়মীয়াকৈ অসমীয়া লিখাৰ প্ৰয়োজনেই হোৱা নাছিল। তেনে অৱস্থাত মামৰে ধৰাটোৱেই স্বাভাৱিক। গতিকে মোৰ মতে, ফেচবুকৰ বানান আদি দেখি ব্যথিত হোৱাৰ প্ৰয়োজন নাই। মই নিজেই দেখি আহিছোঁ, প্ৰথমে অকব-ৰ লেখনীত যিমান বানান ভুল দেখিছিলো, বাক্যৰ গাঁঠনিৰ ভুল দেখিছিলো (মোৰ নিজৰো), পুৰণি সদস্যৰ সেই ভুলবিলাক এতিয়া কমি আহিছে (নিয়মীয়া অকবত লিখি থকা প্ৰতিজনেই মোৰ লগত একমত হ’ব বুলিয়েই বিশ্বাস)। কিন্তু নতুন সদস্যও ওলাই আছে, তেওঁলোকেও একেখিনি ভুলকে কৰি আছে। এই ভুলবিলাকো সময়ৰ লগে লগে কমি আহিব।সেয়ে মোৰ বোধেৰে অন্তত: ফেচবুকত অসমীয়া লিখাৰ লগত দু:শ্চিন্তাৰ একো নাই। যি হৈছে, মই দেখোন ভালেই দেখিছোঁ।

শেষত এটা স্পষ্টীকৰণ দি থওঁ। নহ’লে নিয়মীয়াকৈ কবিতা লিখা বহুতে ভুল বুজাৰ আশংকা আছে। ফেচবুকৰ কবিতাখিনিক মই গাৰুৰ তলৰ কবিতা বুলি ক’লোঁ যদিও, মই অপমানসূচক ভাৱে কোৱা নাই। অতি ব্যক্তিগত ধৰণৰ লেখা কাৰণেহে তেনেকৈ কৈছোঁ। ইয়াৰ লগত মানৰ কথা মই অনা নাই। কিন্তু অসমীয়া কবিতা জগত-ত স্বীকৃত হ’বলৈ এই কবিতাবিলাকে কোনো সন্মানীয় আলোচনীৰ সম্পাদকৰ চোকা কলমৰ খোঁচত ৰৈ নোযোৱাকৈ আগবাঢ়ি গৈ ছপা হৈ ওলাব লাগিব, তেতিয়াহে তাক ‘অসমীয়া কবিতাৰ জগত’-ৰ ভিতৰত বুলি ধৰা হ’ব। অন্যথা এইখিনি ছাইড-লাইন হৈয়েই ৰৈ যাব।

ওলালেই যেতিয়া আৰু এষাৰ কথা কৈ থওঁ। কবিতাৰ মান উন্নত কৰিবলৈ কবিতা লিখা সকলে নিজৰ মাজত আলোচনা কৰি, কবিতাৰ পঢ়া-শুনা কৰি আগবাঢ়িব পাৰে। এনে বিষয়ৰ গোটো কেবাটাও ফেচবুকতে আছে। গতিকে যিকেইটা কবিতা কবিয়ে নিজৰ উৎকৰ্ষ সাধনৰ বাবে কৰা কচৰতৰ অংশ বুলি ভাৱে, তেনে কবিতাবোৰ নিজৰ সৰু গোটতে আৱদ্ধ কৰি ৰাখিব পাৰে। আৰু যিবিলাক কবিতা তেওঁলোকৰ মতে শ্ৰেষ্ঠ সেইকেইটা সাধাৰণ ভাৱে ৰাইজলৈ আগবঢ়াই দিব লাগে। নিজে কৰা কামখিনি কিমান ভাল বা বেয়া হৈছে, সেইটো বিচাৰ কৰাৰ ক্ষমতা এটা থাকিব লাগিবই।

কাৰোবাৰ এষাৰ বিখ্যাত উক্তি আছিল, প্ৰায় এনে ধৰণৰ: লেখক এজন কিমান ভাল, সেইটো তেখেতৰ পেলনীয়া কাগজৰ পৰিমাণৰ সমানুপাতী
—————
ভগৎলাল দত্ত : ‎”লেখক এজন কিমান ভাল, সেইটো তেখেতৰ পেলনীয়া কাগজৰ পৰিমাণৰ সমানুপাতী!” 🙂

অংকুৰ দত্ত : আধুনিক কবিতাৰ নাম শুনি প্ৰান্তিক ৰ “দৈনন্দিন” শিতানত বহুদিনৰ আগতে প্ৰকাশ পোৱা ভৄঙগেশ্বৰ শৰ্মাৰ এটা ধেমেলিয়া লিখনিলৈ মনত পৰি গ’ল। সঁচাকৈ আজিকালিৰ কবিতাবোৰো তেনেকোৱাই হৈ যোৱাযেন লাগে।(আমাৰ ব্যক্তিগত অনূভব)

আদিত্য ৰঞ্জন দত্ত : ভাল লাগি ল ৷ অৰকুটৰ দিনবোৰলৈ মনত পৰি গ’ল

উদ্দীপ তালুকদাৰ : অৰ্কূটত যিটো নিয়ম আৰু শৃংখলাৰে কবিতা গোটটো চলি আছিল, সেইটো ভাল আছিল।

আদিত্য ৰঞ্জন দত্ত : সঁচাকৈ ৷ পিছে আমাৰ অৰ্কুট ডুবি গ’ল

কৌস্তভমণি শইকীয়া দত্ত :আপোনাৰ চিন্তাশীল লিখলিটো পঢ়ি ফেচবুকৰ কবিতা সম্পৰ্কে পাঠকৰ মনৰ ভিতৰৰ কথা জ্ঞাত হল । কবিতাৰ দৰেই ফেচবুকৰ গোটসমূহত পঢ়িবলৈ পোৱা গল্প, প্ৰৱন্ধ, চিন্তাশীল লিখনি সকলোবোৰেই সম্পূৰ্ণ নিজা কচৰত অংশ । কাৰণ এইসমূহো কোনো সম্পাদকৰ চোকা কলমৰ দ্বাৰা সম্পাদিত নহয় । হয়, আগৰ প্ৰজন্মৰ প্ৰতিস্থিত সমালোচক/ লেখক/কবিসকলৰ বেচিভাগেই ফেচবুকৰ লেখা নপঢ়ে, ফলত এই লেখাসমূহ এতিয়াও সাহিত্যৰ মূল সূতিলৈ অহা নাই । কিন্তু পৰিবেশ দেখি এনে লাগিছে যেন আৰু ১০বছৰৰ পাছত ইন্টাৰনেটেই সাহিত্যৰ মূল মাধ্যম হৈ পৰিব । গতিকে যুৱ-প্ৰজন্মৰ এই সাধনা (নিজৰ উত্কৰ্ষ সাধনৰবাবে কৰা কচৰত ) আদৰণীয় । আপোনাৰ লেখাটোৱে ফেচবুকৰ কবিতা সম্পৰ্কে সজাগ কৰি তুলিলে , অশেষ ধন্যবাদ ।

প্ৰতিম প্ৰতাপ বৰুৱা : একেবাৰে শেষৰ বাক্যটো চিন্তা কৰিবলগীয়া । আৰু কবিতাৰ পঢ়া-শুনা কৰি আগবাঢ়িব লাগে বুলি কোৱা কথাষাৰ একেবাৰে সঁচা । কবিতা বুলিয়েই নহয়, গল্প প্ৰৱন্ধ আদি লিখিবলৈও বিস্তৃত অধ্যয়নৰ প্ৰয়োজন ।

ইন্দুকল্প শইকীয়া :শ শ লাইক… দেখা যায় সকলোৱে কবিতাৰ প্রচাৰ কৰাত উঠি-পৰি লাগে, পাছে কবিতাৰ উৎকৰ্ষ সাধনৰ বাবে যোগাত্মক আলোচনা বহুত কম কৰে … কাৰণ সচৰাচৰ দেখা যায়, বহুতেই কবিতা লিখি যায়, নিজৰ অনুভৱ খিনি প্রকাশ কৰিবলৈ কিন্তু কবিতাটোক অনুভৱ কৰি নেচায়….

দিগন্ত যাদৱ শৰ্মা :”বহুতে কবিতা লিখি গাৰুৰ তলত, বা ফাইলত হয়তো সাঁচি থৈ দিছিল, কেতিয়াবা এটা-দুটা আলোচনীলৈ পঠিয়াইছিল, বা কেতিয়াবা চমঝদাৰ শ্ৰোতা পালে পঢ়ি শুনাইছিল” -আপুনি লিখা এই কথাখিনি মোৰ সৈতে মিলে । সেয়ে আজিৰ পৰা প্রায় চাৰি মাহ আগতে মই যেতিয়া অকব ত প্রবেশকৰো তেতিয়াই ৮ বছৰ আগতে লিখা কবিতা এটা ‘প’ষ্ট’ কৰিছিলো । এতিয়া কবিতা লিখা নাই, তথাপিও আগতে লিখা কবিতা অ’ত ত’ত সিচঁৰিত হৈ আছে । আজিৰ বাস্তবৰ লগত নিমিলে বাবেই সেই কবিতাবোৰ উলিয়াই দিম বুলি ভবা নাই ।

নেংগ দিপালী দুৱৰা : সাহিত্য বোলা বিষয়টোত ”বেয়া”বোলা কিবা এটা থাকে বুলি আমি নাভাৱো ।কবিতা সাহিত্যৰে অংগ ।কবিতা কবিতাই ।বেয়া কবিতা বুলি কবিতাৰ কোনো সংজ্ঞা নাই ।যদি লিখনি বেয়া তেন্তে সি সাহিত্যৰ ভিতৰতে নপৰে ।তাক আকৌ বেয়া সাহিত্য বুলি শ্রেণীবিভাজন কৰা নহয় ।

ৰক্তিম গোস্বামী : ‎’নিজে কৰা কামখিনি কিমান ভাল বা বেয়া হৈছে, সেইটো বিচাৰ কৰাৰ ক্ষমতা এটা থাকিব লাগিবই-‘ -আত্ম উৎকৰ্ষ সাধনৰ বাবে অত্যন্ত জৰুৰী কথা। সময় আৰু অভিজ্ঞতৰ লগত পৰিবৰ্তন হোৱা শব্দৰ ব্যবহাৰ আৰু বাক্য গাঁঠনিবোৰৰ (বিশেষকৈ কবিাৰ ক্ষেত্রত) সংবেনশীল স্ব-পৰ্য্যাবেক্ষনে ব্যক্তিগত স্তৰটো নিজৰ আগতে ফটফিয়াকৈ দাঙি ধৰে।

দিপাকংৰ ভাগৱতী : সাহিত্য ভাল-বেয়া নাই | সাহিত্য সাহিত্যই | কিন্তু এটা কথা ক’ব লাগিব যে সৰু সৰু লাইন লেখি , দফা দফা কৰি তললৈ লৈ গৈ এক পৃষ্ঠা কৰিলেই কবিতা বুলিবলৈ কষ্ট হ’য়

শান্তিছায়া শইকীয়া : সঁচা কতা সাহসেৰে সোৱাদ লগাকৈ কলেহে সাহিত্য হয়

চন্দ্ৰমা কলিতা : ভাল লাগিল কথাখিনি। প্রতিটো কথাই ভাবি চাইছোঁ। মোৰ নিজৰ সৈতে কথাবোৰ ৰিজাই চাইছোঁ। অর্কূটত কবিতা লিখাৰ আগলৈকে মাজে মাজে লিখা কবিতাবোৰ কেতিয়াও সাঁচি থোৱা নহ’ল। তাৰপাছত আনক দেখি, কেইজনমান খুব ভাল কবিৰ একেবাৰতে সম্পূর্ণকৈ পঢ়িব পৰা মন চুই যোৱা কবিতা পঢ়ি ব্যস্ততাৰ মাজতো নিজৰ ভাললগাখিনিৰ বাবেই লিখা আৰম্ভ কৰিলোঁ। এই প্রক্ৰিয়াটো আজিলৈকে চলি আছে যদিও মানে মাজে ভাবো,এইযে কবিতা, গল্প বুলি কিবা-কিবি লিখি থাকো সেইবোৰ সঁচাকৈয়ে সাহিত্য হৈছেনে? নে মই লিখা কামটোক অধিক যুক্তি-সংগতভাৱে চালি-জাৰি চাই অধিক উন্নত কিবা কৰাৰ অৱকাশ আছে? ইয়াত প’ষ্ট কৰা লিখনিবোৰত পোৱা খুব কম সংখ্যক মন্তব্য আৰু কোনো কোনো লিখনিত পোৱা অসংখ্য লাইক এই প্রশ্নবোৰৰ উত্তৰ নহয়। যিহেতু ফে’চবুকৰ বাহিৰে অন্য কোনো মাধ্যমেৰে মোৰ কবিতাই পাঠকৰ সংস্পর্শ পোৱা নাই, সেয়ে নিজে কৰা কামখিনি ভাল হৈছেনে বেয়া হৈছে সেয়া নিজে বিচাৰ কৰিব নোৱাৰা হ’লেই কোনো এটা লিখনিত ফে’চবুকৰ বন্ধু-বান্ধৱৰ সঁহাৰি কম পালেই ভাল হৈছেনে বেয়া হৈছে ধাৰণা এটা লৈ লওঁ। কেতিয়াবা ভাবো, যিহেতু মোৰ দৰে আন বহুত লেখকৰে(এই শব্দটো প্রযোজ্য নহ’বও পাৰে) সৃষ্টিসমূহ বেছিভাগ সময়তে ছচিয়েল নেটৱর্কিং ছাইটবোৰৰ পাঠকৰ মাজতে সীমাবদ্ধ এতিয়াও, সেয়ে লাইক বা ভাল লাগিল জাতীয় কথাবোৰৰ উর্দ্ধত মনলৈ অহা সমালোচনাত্মক কথাবোৰো উত্থাপিত হ’লে লিখি ভালপোৱা এচামৰ এখোপ আগুৱাই যোৱাৰ বাট মুকলি হ’ব।

—————————————X————————————–

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
kalyan ray
7 years ago

…….. তুমি আতৰি যোৱাৰ পৰাই …….
……………………………………………………..
( কল্যান ৰায় )
তুমি আতৰি যোৱাৰ পৰাই
সকলো হেৰুৱালো মই
হেৰুৱালো আনকি মোৰ
সীমাহীন যাযাবৰী জীৱনৰ
অলেখ মৰম ভালপোৱা ।
তুমি যিদিনাই মোক এৰি
গুচি গলা……!!
সেইদিনাই জীৱনটো হৈ পৰিল
এক কলা অধ্যায় ।
আৰু সেইদিনাই হয়তো হেৰুৱালো
মই মোৰ নিজস্বতাক
তুমি আতৰি যোৱাৰ পৰাই
অশ্রুৰ নদী বৈ বৈ
হৃদয়ৰ পাৰ ভাঙি
সুখৰ বোজা উতুৱাই লৈ গল !
অন্তিম ক্ষণত ৰল মাথোঁ
তেজৰ ৰক্তাক্ত চেকুৰা ।
তুমি আতৰি যোৱাৰ পৰাই
এতিয়া দুখেই মোৰ
অনুগত প্ৰেমিক হল ।
অশ্ৰুসিক্ত নয়নেই আজি মোৰ
ঠিকনা হৈ ৰল । 🙂

Khanin Borah
7 years ago

এনেকুৱা ধৰণৰ আলোচনা নিতান্তই প্ৰয়োজনীয়।

5 years ago

Comment text.সচাই অতুলনিয়

paplu
3 years ago

সুন্দৰ

পৰাগজ্যোতি মহন্ত
1 year ago

কবিতাত ব্যৱহৃত বাক্য একোটাৰ গঠন,শব্দৰ স্বাদ,শব্দৰ স্পৰ্শ ইত্যাদিৰ গুণগত মানৰ হোৱাটো লক্ষ্যনীয় ৷ তাৰোপৰি আত্ম পৰ্যবেক্ষণ অতি জৰুৰী ৷