অসমীয়া চলচ্চিত্ৰৰ বাস্তৱবাদী ধাৰা (বাবুল বৈশ্য)

গান-নাচ, মেলোড্ৰামা সৰ্বস্ব চিনেমাৰ সমান্তৰালকৈ ভাৰতীয় সবাক চিনেমাত কুৰি শতিকাৰ চল্লিশৰ দশকতে আৰু এটা ধাৰা বিকশিত হৈছিল; যি ধাৰাৰ ছবিয়ে  দৰ্শকক ক্ষণিক আনন্দ দিয়াৰ পৰিবৰ্তে চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। মূলতঃ দৰিদ্ৰআৰু শ্ৰমজীৱি শ্ৰেণীৰ জীৱন-সংগ্ৰাম, শ্ৰেণী সংঘাট, প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহ আদি বিষয়বস্তুৰ আধাৰত নিৰ্মাণ কৰা এই ধাৰাৰ ছবিবোৰক নিউ ৱেভ, কলাত্মক, সমান্তৰাল ছবি বা সামাজিক বাস্তৱবাদী ছবি আদি বিভিন্ন নামেৰে জনাযায়। এনে ছবিত জনপ্ৰিয় ভাৰতীয় চলচ্চিত্ৰ্ৰ উপাদানসমূহ, যেনে গান,নাচ, ৰোমাঞ্চ, অতি-অভিনয়, অবাস্তৱ মাৰপিটৰ দৃশ্য আদি সাধাৰণতে অনুপস্থিত আৰু থাকিলেও অতি পৰিমিত ৰূপত ব্যৱহাৰ হয়। সস্তীয়া, তৰল, ফৰ্মূলাধৰ্মী ব্যৱসায়িক ধাৰাৰছবি চাই অভ্যস্ত হোৱা ভাৰতীয়  দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলেও এই ধাৰাৰ ছবিবোৰে বিশ্ব চলচ্চিত্ৰ জগতত   ভাৰতীয় চলচ্চিত্ৰই এক মৰ্যদাপূৰ্ণ আসন লাভ কৰাত সহায় কৰিছে। ই ধাৰাৰ প্ৰথমখন ছবি আছিল ভাৰতীয়গণনাট্য সংঘৰ প্ৰভাৱেৰে পৰিপুষ্ট ১৯৪৬ চনত মুক্তিলাভ কৰা “নীচা নগৰ” (The Down Town)। হায়াতুল্লা আনচাৰীৰ চুটিগল্প এটাৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰা এই ছবিখন পৰিচালনা কৰিছিল হিন্দী চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাদেৱানন্দৰ জেষ্ঠ্য ভাতৃ চেতন আনন্দে। নীচা নগৰেৰে আৰম্ভ হোৱা এই ধাৰাটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছিল সত্যজিৎ ৰায়ৰ “পথেৰ পাঁচালী” (১৯৫৫)  ছবিখনে। এইখন আছিল পৰিচালকগৰাকীৰ প্ৰথম ছবি।  সেইখিনি সময়তে পশ্চিম বঙ্গৰপৰা আৰু কেইগৰাকীমান বাস্তৱবাদী ছবি নিৰ্মাণ কৰা পৰিচালক ওলাই আহিছিল। বলীউদকে ধৰি ভাৰতৰ অন্যান্য প্ৰাদেশিক ভাষাতো বেছ কিছুসংখ্যক বাস্তৱবাদী ছবিৰ নিৰ্মাণ হৈছিল যদিও বাংলা আৰু মালায়ালাম ভাষাতে সৰ্বাধিক বাস্তৱবাদীধাৰাৰ ছবি নিৰ্মাণ হৈছিল। আশীৰ দশকলৈ এই ধাৰাৰ ছবিৰ নিৰ্মাণ ক্ৰমে কমি আহিছিল।
বলীউড তথা সমগ্ৰ ভাৰতৰে আঞ্চলিক চলচ্চিত্ৰ উদ্যোগক স্পৰ্শ কৰি যোৱা বাস্তৱবাদী ধাৰাটোৱে অসমীয়া চলচ্চিত্ৰকো যে স্পৰ্শ নকৰিব সেইটো সম্ভৱ নহয়। সংখ্যাত নগণ্য হ’লেও অসমীয়া ভাষাতো এই ধাৰাৰ ছবি নিৰ্মাণ হৈছে বা বহুকেইখন ছবিতএই ধাৰাৰ প্ৰভাৱ পৰিছে। অৱশ্যে  বহু পলমকৈ অসমীয়া ছবিত বাস্তৱবাদী ধাৰাই প্ৰবেশ কৰিছে। এই ধাৰাৰ প্ৰথমখন ছবি আছিল ১৯৭০ চনত মুক্তিপ্ৰাপ্ত “অপৰাজেয়”। মুঠ চাৰিজন পৰিচালকে গোট খাই “চতুৰঙ্গ” নামত ছবিখন পৰিচালনাকৰিছিল। পৰিচালককেইজন আছিল ফণী তালুকদাৰ, গৌৰী বৰ্মন, অতুল বৰদলৈ আৰু মুনীন বায়ন। আটাইকেইজন পৰিচালকৰে সেইখন আছিল প্ৰথম পৰিচালিত ছবি। ফণী তালুকদাৰৰ “মোৰে মলুৱা” নামৰ অনাতাঁৰ নাট এখনৰ আধাৰত চিত্ৰনাট্যৰচনা কৰিছিল অতুল বৰদলৈয়ে। ছবিখনৰ মূল নাৰী চৰিত্ৰটো আছিল এজনী পূৰ্ববঙ্গীয় ভগনীয়া ছোৱালীৰ আৰু সেইটো ৰূপায়ণ কৰিছিল ৰাখীয়ে। অপৰাজেয় আছিল পিছলৈ হিন্দী ছবিৰ আগশাৰীৰ অভিনেত্ৰী হোৱা ৰাখীৰ কেৰিয়াৰৰ আৰম্ভণিৰপৰ্যায়ৰ ছবি। সত্ৰনগৰী বৰপেটাৰ পটভূমিত ৰচিত ছবিৰ কাহিনীত বৰপেটাৰ বিখ্যাত নাওখেলে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এজন বাঙালী ভগনীয়া ছোৱালী আৰু এজন অসমীয়া ডেকাৰ প্ৰেম আৰু তাৰ পৰিণতিত সংস্কাৰযুক্ত সমাজখনৰ পৰা লাভকৰি বাধা-বিপত্তিক নেওচি লক্ষ্যস্থানত উপনীত হোৱাৰ প্ৰয়াসেই ছবিৰ কাহিনী। অপৰাজেয়ত গান-নাচো অন্তৰ্ভূক্ত কৰা হৈছিল।
১৯৭৪ চনত ডিব্ৰুগড়ৰ পৰা নিৰ্মিত দেউতি বৰুৱাৰ “বৃষ্টি” ছবিখনে মুক্তি পায়। অতি প্ৰতিশ্ৰুতিসম্পন্ন এইগৰাকী পৰিচালকৰ এইখনেই প্ৰথম আৰু এইখনেই শেষ ছবি। ছবিখনৰ মূল চৰিত্ৰটো ৰূপায়ণ কৰিছিল বিষ্ণু খাৰঘৰীয়া। চৰিত্ৰটো আছিল এজনউচ্চ শিক্ষিত, নিবনুৱা, খঙাল আৰু বিদ্ৰোহী যুৱকৰ। জয়ন্ত হাজৰিকাই সঙ্গীত পৰিচালনা কৰা এই ছবিখনৰ গীতবোৰ আৰু বিষ্ণু খাৰঘৰীয়াৰ মুখত দিয়া এটা সংলাপ “যি হাঁহি যায়, সি জিকি যায়…” আজিও সমানে জনপ্ৰিয়। এটা বিয়োগাত্মক প্ৰেমকাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।  এজন নিবনুৱা উচ্চ শিক্ষিত যুৱক আৰু এজনী সুন্দৰী ধনী ঘৰৰ যুৱতীৰ মাজত প্ৰেম হয়। কিন্তু সংস্থাপনহীন, হতাশাগ্ৰস্থ নায়কে এদিন বুকুত শিল বান্ধি সংগোপনে আঁতৰি যায় নায়িকাৰ পৰা।নায়িকাই বাধ্য হৈ অইন যুবকৰ সৈতে বিয়া হৈ যায়; কিন্তু নায়কৰ প্ৰতি আজীৱন সাঁচি ৰাখিলে প্ৰচণ্ড অভিমান আৰু ক্ষোভ। ছবিখনত যদিও গান আছে, নাচ আছে, ৰোমাঞ্চ আছে তথাপি কাহিনী, সংলাপ, চিত্ৰনাট্য, অভিনয় আৰু পৰিচালনাৰশৈলীয়ে বৃষ্টিক জনপ্ৰিয় ব্যৱসায়িক ধাৰাৰ ছবিৰ পৰা পৃথককৈ ৰাখিছে। বিয়োগাত্মক পৰিণতিৰ প্ৰেম কাহিনী সেইসময়ৰ অসমীয়া ছবিৰ বাবে এক নতুন ধাৰণা আছিল। সত্তৰৰ দশকত সংস্থাপনহীনতাই উচ্চ শিক্ষিত যুৱকৰ মাজত সৃষ্টি হোৱা ক্ষোভআৰু হতাশাৰ এখন নিখুঁট চিত্ৰ বৃষ্টিত পৰিস্ফুট হৈছে। উল্লেখনীয় যে উচ্চ শিক্ষিত যুৱকৰ এই সমস্যাক বিষয়বস্তু কৰি লৈয়ে সেই দশকটোতে ভূপেন হাজৰিকাই “অটোৰিক্সা চলাওঁ দুই ভাই, গুৱাহাটী কৰি গুলজাৰ” গানটো লিখিছিল।
লক্ষীনন্দন বৰাৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত পদুম বৰুৱাৰ “গঙা চিলনীৰ পাখি” (১৯৭৬) আছিল প্ৰথম পূৰ্ণাঙ্গ অসমীয়া সামাজিক বাস্তৱাদী ছবি। দহখন শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ তালিকাত স্থান পাবলগীয়া এই ছবিখনে কিন্তুসেইবছৰৰ আঞ্চলিক ভাষাৰ ৰজত কমল বঁটা পোৱা নাছিল, পাইছিল “পুতলাঘৰ” ছবিখনেহে। পদুম বৰুৱাই চোৱা প্ৰথম কথাছবি আছিল জ্যোতিপ্ৰসাদৰ “জয়মতী” আৰু এইখন চোৱাৰ পিছত তেখেতে অনুভৱ কৰিছিল যে মঞ্চনাটকৰ উচ্চগ্ৰামৰসংলাপ আৰু মেল’ড্ৰেমেটিক অভিনয়েৰে নহয়, চিনেমাৰ যোগেদিহে কোনো এখন সমাজৰ হীনদে়ঢ়িবোৰ অঙ্কন কৰা সম্ভৱ। তেতিয়াৰে পৰা তেখেতে ছবি নিৰ্মাণ কৰাৰ সপোন পুহি ৰাখিছিল আৰু চাৰি দশক পিছতহে এই সপোন পূৰণ হৈছিল। আৰ্থিকসংকটৰ বাবে ছবিখন নিৰ্মাণ কৰোঁতে আঠবছৰ লাগিছিল। ছবিখনৰ যোগেদি স্বাধীনোত্তৰ অসমৰ এখন গাঁৱৰ সামাজিক বাস্তৱতাৰ আধাৰত এটা বিয়োগাত্মক প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে। পৰিবৰ্তিত ৰাজনৈতিক বতাহে কেনেকৈ মানুহৰ মনকলুষিত কৰি তুলিছিল তাৰ আভাষ ছবিখনত আছে।
বিশিষ্ট অসমীয়া সাহিত্যিক আৰু বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ড° ভবেন্দ্ৰনাথ শইকীয়াৰ পৰিচালক ৰূপে আত্মপ্ৰকাশ অসমীয়া চলচ্চিত্ৰৰ বাবে এক বিশেষ পৰিঘটনা। তেখেতে পৰিচালনা কৰা “সন্ধ্যাৰাগ” (১৯৭৭), “অনিৰ্বাণ” (১৯৮১), “অগ্লিস্নান” (১৯৮৫), “কোলাহল” (১৯৮৮), “সাৰথি” (১৯৯১), “আবৰ্তন” (১৯৯৩) আৰু “ইতিহাস” (১৯৯৫)- এই মুঠ সাতখন অসমীয়া ছবিয়ে অসমীয়া চলচ্চিত্ৰৰ বাস্তৱবাদী ধাৰাটোক বিশিষ্ট পৰিচিতি দিছে। তেখেতৰ সাতোখন ছবিয়ে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটা লাভ কৰিছে। লগতে অগ্নিস্নানে লাভ কৰিছে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা। আটাইকেইখন ছবিৰ কাহিনী আৰু চিত্ৰনাট্য তেখেতৰ নিজৰ। মাত্ৰ এখন ছবিৰ বাদে আটাইবোৰ ছবিৰ কাহিনী স্বৰচিত গল্প বা উপন্যাসৰ আধাৰত ৰচনা কৰা হৈছে। সন্ধ্যাৰাগ, অনিৰ্বাণ, কোলাহল, সাৰথি আৰু ইতিহাসৰ কাহিনী ক্ৰমে বানপ্ৰস্থ, প্ৰহৰী, এন্দুৰ, ফাউণ্ডেচন আৰু বৰ্ণনা শীৰ্ষক চুটিগল্পৰ আধাৰত আৰু অগ্নিস্নানৰ কাহিনী অন্তৰীপ শীৰ্ষক উপন্যাসৰ আধাৰত ৰচিত। মাত্ৰ আবৰ্তনৰ কাহিনীটোহে মৌলিক। (আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments