অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ আৰু কিছু বাস্তৱিক দৃষ্টিভংগী (অৰুণাভ মহন্ত)

সাহিত্য ডট অ’ৰ্গৰ এইমাহৰ সংখ্যাৰ বিষয়বস্তুৰ ওপৰত কিবা এটা লিখো বুলিও থমকি ৰৈছো বাৰে বাৰে ৷ অসমীয়া চলচিত্ৰৰ ওপৰত মোৰ জ্ঞানৰ অভাৱেই প্ৰধানতঃ বাধা দিছে মোক । কাৰণ মই চোৱা শেষ অসমীয়া চিনেমাখন আছিল মুনিন বৰুৱা পৰিচালিত“দাগ” ৷ বিগত প্ৰায় এটা দশকৰো ওপৰ সময় ধৰি অসমীয়া চিনেমাৰ পৰা মই আঁতৰি আছোঁ। অৱশ্যে ই ইচ্ছাকৃত মুঠেও নহয়। নাইবা মনৰ মাজত “ধুৰ অসমীয়া চিনেমা চাই নেকি!” ধৰণৰ কোনো অসুষ্ঠ চিন্তাও নাই। কেৱল কোনোখন অসমীয়া চিনেমাই মোক বিগত এটা দশক ধৰি আকৰ্ষিত কৰিব পাৰ নাই আৰু প্ৰতিখন চিনেমা মুক্তিৰ সময়ত মোৰ এটা পূৰ্ব ধাৰণা মনৰ মাজত নিগাজি হৈ বহি যায় যে চিনেমাখনে নিৰাশ নকৰেতো ! হয়তো মোৰ দৰে এনে ভাৱ আন বহুতৰে আহে। হয়তো সেইবাবেই যোৱা বৰ্ষবোৰত দুই এখন চিনেমাৰ বাদে কোনো চিনেমাৰে পজিটিভ ৰিভিউ পোৱা নাই। যিয়ে মোক বাৰে বাৰে অসমীয়া চিনেমাৰ পৰা আঁতৰাই ৰাখিছে। এনেস্থলত মই অসমীয়া চিনেমাৰ বিষয়ে লিখাটো ৰাহুল গান্ধীয়েভাৰতৰ ইতিসাহৰ ওপৰত কিবা এটা লিখাৰ লেখিয়া কথা হ’বগৈ ৷  বন্ধুবৰ্গৰ মতে মই এটা চিনেমাৰ পোক, ভাল-বেয়া চিনেমা একো সাৰি নাযায় ৷ তেনেস্থলত মই বা মোৰ দৰে আন কোনোবাক অসমীয়া চিনেমাই আকৃষ্ট কৰিব নোৱাৰাৰ কাৰণ নো কি কি হ’ব পাৰেএবাৰ জুকিয়াই ছোৱাৰ স্থল নিশ্চয় আছে ৷ অন্ততঃ এজন সাধাৰণ দৰ্শকৰ দৃষ্টিৰে। সেয়ে ইমান দিনে অসমীয়া চিনেমাৰ পৰা নিজকে আঁতৰাই ৰখাৰ(যদিও ইচ্ছাকৃত নহয়) কাৰণসমূহ নিজকে শুধি যিকেইটা প্ৰধান কাৰণ পালো সেইকেইটা এনেধৰণৰ-
১)এখন সফল বাণিজ্যিক ছবিৰ আৱশ্যকীয় উপাদানবোৰ হ’ল- কাহিনী,অভিনয়,সংগীত,সংলাপ আদি। এই উপাদানবোৰেৰে সজোৱা বিনোদনমূলক ছবি একোখনত উপাদানবোৰ উপযুক্ত মাত্ৰাত নোপোৱাৰ বাবে দৰ্শক নিৰাশ হৈছে আৰু ছবিখনে লোকচানৰ মুখ দেখিবলগীয়া হৈছে। ফলত ছবি নিৰ্মাণত লাভ কৰা এনে ধাৰাবাহিক অসফলতাই ক্ৰমাগতভাৱে নিৰ্মাতাসকলকো নিৰাশ কৰিছে আৰু বহু চিত্ৰনিৰ্মাতা লোকচানৰ ভয়ত ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিব নোখোজা হৈছে ৷ আনাহাতেৰাষ্ট্ৰীয় স্তৰত অসমীয়া আৰ্টফিল্মৰ এটা সুনাম এতিয়াও আছে ৷ কিন্তু সেইবোৰো সাধাৰণ দৰ্শকৰ পৰা বহুযোজন দূৰত অৱস্থান কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত বহু চিনেমাই পুৰষ্কাৰ পোৱাৰ পিছতহে কেতিয়াবা গম পোৱা যায় যে তেনে নামেৰে এখন চলচ্চিত্ৰও নিৰ্মাণ হৈছিল। অথচ সাধাৰণ দৰ্শকে চাব খোজিলেও কেতিয়া কোনটো চিত্ৰগৃহত ছবিখন চলি আছে বা চলিব সেইটোও সঠিককৈ জনা নাজায়। এনে প্ৰেক্ষাপটত মাজে সময়ে দুই এজন চিত্ৰ নিৰ্মাতাই কেৱল বাণিজ্যিক দিশটোক আগত ৰাখি ছবি কৰিবলৈ মূৰ দাঙি উঠিছে। কিন্তু এনেধৰণৰ বাণিজ্যিক চিনেমাৰ নামত সৃষ্টি হোৱা কিছুমান নৃত্যনাটিকা বা চাৰ্কাছে অসমীয়া দৰ্শকক বাৰুকৈয়ে হতাশ কৰিছে ৷
২) চিত্ৰগৃহৰ অভাৱো এটা অন্যতম কাৰণ হ’ব পাৰে অসমীয়া ছবি গা কৰি উঠিব নোৱাৰাৰ। যিবোৰ ঠাইত অসমীয়া ছবিৰ তুলনামূলকভাবে বেছি সমাদৰ আছে, হয়তো সেইবোৰ ঠাইতেই ছবিগৃহৰ অভাৱো আছে ৷ মোৰ এই বক্তব্যৰ সমৰ্থনত মইঅসমত চলা চল্লিছখনতকৈও বেছি ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অসংখ্য ভিচিডি ছবিৰ কথা ক’ব বিছাৰিম ৷ টাইটানিক, বলীয়া কৃষ্ণ আদি নাটক হিচাপে যথেষ্ঠ চৰ্চিত আৰু সমাদৃত। কিয়নো এইবোৰ নাটক অসমৰ ঘৰে ঘৰে পদুলিয়ে পদুলিয়ে সোমাই গৈছে। যাৰ ফলত দৰ্শকৰ একোগৰাকী অভিনেতা অভনেত্ৰীৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে। কথাটো অলপ বহলকৈ এনেকৈও ক’ব পাৰি যে গাঁৱে ভূঞে ভ্ৰাম্যমাণৰ প্ৰতিখন নাটক চোৱাতো দৰ্শকৰ এক অভ্যাসত পৰিণত হৈছে। কিন্তু এইবোৰ নাটক নহৈ চিনেমা হোৱা হ’লে হয়তো ইমান সমাদৃত নহ’লহেতেন ৷ এইবোৰ সেই সাধাৰণ দৰ্শকৰ ওচৰলৈ চিত্ৰগৃহৰ অভাৱৰ বাবে যাবলৈ সক্ষম নহ’লহেঁতেন।
৩) হিন্দী ভাষাৰ জ্ঞান থকাৰ বাবেই আমি প্ৰত্যেক শুক্ৰবাৰে অন্ততঃ এখনকৈ ছবি ছোৱাৰ সুযোগ পাওঁ ৷ আনহাতে দাক্ষিণাত্যত হিন্দীভাষাৰ প্ৰতি থকা অনীহাৰ বাবেই এটা সময়ত হয়তো দক্ষিণ ভাৰতীয় ভাষাৰ ছবিৰ উত্থান হৈছিল,জনপ্ৰিয়তা বাঢ়িছিল ৷সেই উত্থানে আজি বিয়াগোম ব্যৱসাৰ ৰূপ লৈছে। দাক্ষিণাত্যৰ ছবিত ব্যৱসায়ী প্ৰযোজকসকলে কোটি কোটি থকা বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। কিয়নো সেইবোৰ অঞ্চলত হিন্দীভাষাৰ ছবিতকৈ স্থানীয় তামিল,তেলেগু,মালায়ালম আদি ছবিৰ প্ৰতিহে দৰ্শকৰ আগ্ৰহ বেছি। কিন্তু আমাৰ হাতত option থকা বাবেই,বাধ্যবাধকতা নথকাৰ বাবেই আমি অসমীয়া নহ’লেও এখন হিন্দী ছবিকেই চাই মনোৰঞ্জনৰ খোৰাক লৈ আত্মসন্তুষ্টিত মগ্ন হৈ ৰওঁ ৷
৪) অসমত কলাকুশলীৰ প্ৰতি থকা আদৰ,সন্মান অন্য বহুত ঠাইৰ তুলনাত কম ৷ ভূপননদাই হওঁক বা জুবিনদাই হওঁক সময়ে সময়ে আমি তেওঁলোকৰ অপমান,অনাদৰ কৰিছো বুলি স্বীকাৰ কৰিবই লাগিব ৷ ভূপেনদাইও মৃত্যুৰ পাছত যিখিনি সন্মান পালেসেয়া আগতে পোৱাহেঁতেন তেখেতৰ কৰ্মভূমি এশ শতাংশ অসমেই হ’লহেঁতেন আৰু নিশ্চিতভাৱে অসমীয়া কলাজগতখনে হয়তো তেওঁৰপৰা চিনেমাৰ ক্ষেত্ৰত বিশেষকৈ আৰু অধিক পালেহেঁতেন ৷ কলিকতাত সত্যজিৎ ৰয়, চেন্নাইত ৰজনীকান্ত বা মুম্বাইত লতামংগেশকাৰৰ অনাদৰ,অপমান হোৱাৰ কথা অকল্পনীয় ৷ তেনেকুৱা মৰম,সমাদৰে এজন শিল্পীক নিজৰ ভালতকৈও ভালখিনি উজাৰি দিবলৈ উৎসাহিত কৰে বুলি ভাবো ৷ আৰু তাৰ অনুকুল প্ৰভাৱ পৰে গোটেই ইণ্ডাষ্ট্ৰীটোত ৷ শুনিবলৈ বেয়া হ’লেও, হজম কৰিবলৈ কষ্টহ’লেও এইটো সত্য যে সময়ে সময়ে কলাকুশলীৰ প্ৰতি কৰা আমাৰ কিছু আচৰনে পৰোক্ষভাৱে আমাৰেই ছবিজগতৰ অনিষ্ট সাধন কৰিছে ৷
৫) ছবিগৃহৰ সংখ্যা বা অসমীয়া বুজি পোৱা দৰ্শকৰ সংখ্যা কম হোৱা বাবে প্ৰযোজকে বেছি বাজেটৰ,অত্যাধুনিক টেকনলজীৰ ছবি হাতত ল’বলৈ হয়তো সাহস নকৰে ৷ আজি হিন্দীভাষী দৰ্শক অবিহনেও মুনাফা হ’ব বুলি আত্মবিশ্বাস থকা বাবেই ২৫০ কৌটিৰবাজেটৰ বাহুবলী বনাবলৈ কোনোবাই মন মেলিছে আৰু আজিলৈকে কোনেও “অসীমত যাৰ হেৰাল সীমা”ৰ দৰে সুন্দৰ কাহিনী এটাৰ ওপৰত কেইলাখ মান টকাও খৰছ কৰিবলৈ সাহস কৰা নাই ৷ এইবোৰ হৈছে বাজেটৰ ক্ষেত্ৰত থকা সীমাবদ্ধতা। এই সীমাবদ্ধতাবোৰ আঁতৰ কৰিবলৈ হ’লে পৰ্যাপ্ত পৰিমাণে চিত্ৰগৃহ হ’বই লাগিব। প্ৰযোজকেও বিনিয়োগ কৰিবলৈ ‘ৰিস্ক’ লব পাৰিব লাগিব।
৬) শুনিবলৈ তৰল লাগিলেও অলপ দকৈ ভাবি চাবলগীয়া এটা বিষয়- অসমীয়াত সংলাপ প্ৰক্ষেপনেৰে অইন কিছুমান ভাষাৰ দৰে Impact অনাটো অলপ কঠিন ৷ উদাহৰনস্বৰূপে- আৰ্ণল্ড শ্বোৱাৰজেনেগাৰৰ সৰল কিন্তু বিশ্ববিখ্যাত ডায়লগ – “I will be back”অসমীয়া অভিনেতাৰ মুখত হ’লহেতেন- “মই আকৌ ঘুৰি আহিম !” বা “My name is Bond,James Bond” হয়তো হ’বগৈ “মোৰ নাম বৈশ্য,জীতেন বৈশ্য”- কিবা এটা অভাৱ যেন ৰৈ গৈছে ৷ “সম্পৰ্কতটো মই তোমাৰ দেউতা হওঁ,কিন্তু নাম হ’ল…”, “কুকুৰ,মইতোৰ তেজ খাই পেলাম/ৰক্তপান কৰিম” এনেকুৱা সংলাপ বিখ্যাত হ’ব যেন নালাগে ৷ আজিলৈকে মই শুনা আটাইতকৈ প্ৰভাৱশালী/আমোদজনক/স্মৰণীয় অসমীয়া ডাইলগ ডেলিভাৰীৰ উদাহৰণ হ’ল- অসমৰ বিখ্যাত খলনায়ক দীনেশ দাসৰ বিহাৰী ষ্টাইলত তাহানিতেকোৱা এটি সংলাপ – “তোৰ যে তাইৰ প্ৰতি ইমান দৰদ,তই কি তাইৰ মৰদ?” এখন চিনেমা জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত সংলাপ অপৰিহাৰ্য অংগ। ওপৰত উল্লেখ কৰা সংলাপৰ উদাহৰণবোৰে এসমত হিন্দী চিনেমাৰ ধাৰাই সলনি কৰি দিছিল। এতিয়াও হিন্দী, তামিল,তেলেগু নাইবা বাঙালী চিনেমা সফলতাত সংলাপৰ যথেষ্ঠ অৰিহণা আছে। কেৱল সংলাপ একোটা প্ৰক্ষেপনৰ ধৰণ আৰু তাৰ উপস্থাপন পূৰ্বৰ তুলনাত বেলেগ হৈছে। আনহাতে অসমীয়া চিনেমাৰ সংলাপ কিন্তু পূৰ্বৰ ধাৰাতে বাহাল আছে। আজিও অসমীয় চিনেমাৰ সংলাপ প্ৰক্ষেপনত অতি নাটকীয় প্ৰভাৱ এটা বিদ্যমান। এখন সফল ছবিৰ বাবে এনেবোৰ দিশো নিশ্চিতভাৱে মন কৰিবলগীয়া।
৭) আৰু এটা অন্যতম কাৰণ হ’ল অসমীয়া চিনেমাৰ প্ৰচাৰ আৰু বিজ্ঞাপনৰ পুতৌলগা অৱস্থা ৷ আজি কিছুদিন আগতে ৰিলিজ পোৱা ‘খেল’ নামৰ ছবি এখন ভাল লগা বুলি বহুকেইটা ফেচবুক আপডেট পাইছিলো ৷ কিন্তু আগতে গম পোৱা নাছিলো বাবেচাবলৈ যোৱালৈ অন্য হিন্দী চিনেমা লাগিয়েই গ’ল৷ আনহাতে আমাৰ তেনেকুৱা ‘কমেডি নাইটছ’ বা ‘বিগ বছ’ জাতীয় টিভি প্ৰগ্ৰেমো নাই য’ত আহিবলগীয়া চিনেমাৰ বিষয়ে আগজাননী পাব পাৰো ৷ গতিকে প্ৰচাৰৰ পয়ালগা অৱস্থাটোৱে চিনেমা এখনক আৰম্ভণিতে বহু পৰিমাণে লোকচানৰ দিশে ঠেলি পঠিয়াই।
৮) কিছুমান ইণ্ডাষ্ট্ৰী পৰিচালিত হয় দুই এজন চুপাৰষ্টাৰ, শ্বো-মেনেৰে৷ যেনে ৰাজকাপুৰ, এন টি আৰ ,মামুটি-মোহনলাল, সত্যজিৎ ৰয়, চিৰঞ্জিৱী আদি ৷ তেওঁলোকৰ আকৰ্ষণতেই দৰ্শক ঢপলিয়াই আহে ৷ আমাৰ তেনেকুৱা চুপাৰষ্টাৰ নাই ৷ যিকেইজনৰযোগ্যতা,প্ৰতিভা আছিল তেওঁলোকে থিয়েটাৰত মনোনিৱেশ কৰিলে ৷ ফলত ঘৰৰ ওচৰতে নিচেই কাষৰ পৰা সেই শিল্পী সকলক দেখোতে দেখোতে বেলেগে ছবিঘৰলৈ গৈ তেওঁলোকক চোৱাৰ হাবিয়াসকণ নোহোৱা হৈ পৰিল। চলচ্চিত্ৰ জগতখনৰ লগত জড়িতমোৰ কেইজনমান বন্ধুৰ মতে আজিকালি উঠি অহা অভিনেতা চামৰো উদ্দেশ্য হ’ল চিৰিয়েলৰ জৰিয়তে অলপ জনপ্ৰিয়তা অৰ্জন কৰি থিয়েটাৰ গমন ৷ ফলত চলচিত্ৰ জগতখনৰ দশা ভৱিষ্যতলৈও সলনি হোৱাৰ আশা ক্ষীণ যেন অনুভৱ  হয় ৷
৯) You tube ত সৰ্বাধিক search হোৱা অসমীয়া ভিডিওবোৰ হেনো জুবিন,পাপন নাইবা জাহ্নু বৰুৱাৰবোৰ দৰে মানুহৰ নহয়। বৰং এছাম সস্তিয়া জনপ্ৰিয়তা বুটলি ফুৰা শিল্পীৰহে(!)। কিন্তু কিয় ? উত্তৰটো চাগে’ এইটো যে ইয়ে আমাৰ (আমাৰমাজৰ বহুতৰে) ৰুচিবোধ দৰ্শায় ! এনেকুৱা সহাৰিয়ে যে গম্ভীৰ বিষয়বস্তুৰে,চিন্তাশীল চলচ্চিত্ৰ বনাবলৈ আমাৰ চলচ্চিত্ৰ জগতখনক উৎসাহিত কৰিব মোৰ সন্দেহ আছে ৷
ইমানবোৰ ঋণাত্মক কথাৰ পাছত শেষত এটি যোগাত্মক চিন্তা,আশাৰে সামৰিব লৈছো ৷ শেহতীয়াকৈ “লোকেল কুংফু”ৰ দৰে চিনেমাই লাভ কৰা সমাদৰে অসমীয়া চিনেমাৰ বাবে নিশ্চয় আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ আমাৰ দৈনন্দিন জীৱনৰ মাত কথা,আচৰন, আশপাশৰ পৰিবেশৰ লগত সামঞ্জস্য থকা,আমোদ দিব পৰা চিনেমাৰ সৃষ্টিৰ পথত এইখন চিনেমা নিশ্চয়কৈ মাইলৰ খুটি ৷
অসমীয়া চিনেমাৰ সুদিন ঘুৰি অহাৰ অপেক্ষাৰে বাট চালোঁ… এটা দশকৰো ওপৰ কাল অসমীয়া চিনেমা নোচোৱা মোৰ দৰে দৰ্শকসকলো চিত্ৰগৃহৰ সন্মুখত টিকটৰ বাবে দীঘলীয়া শাৰী পাতক, আমাৰ নিজৰ মেগাষ্টাৰবোৰ চাবলৈ হেতাওপৰা লগাওক…তাৰেই অপেক্ষাত ৰ’লোঁ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments