অসমীয়া চিনেমাৰ সংকট মোচনঃ কল্পনা আৰু বাস্তৱ (বিদ্যুৎ কুমাৰ ভূঞা)

ক্ষমা কৰিব, পাতনিতেই অকণমান ব্যক্তিগত কথাৰে আৰম্ভ কৰো। মই সৰুৰে পৰাই চিনেমাবলীয়া আছিলো। প্ৰথম অসমীয়া চিনেমা ‘জয়মতী’ চোৱাৰ সৌভাগ্য নহ’লেও মই আঠ-দহ বছৰ বয়সতে চাবলৈ পাইছিলো জ্যোতিপ্ৰসাদৰ ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’ৰ কিছু অংশৰ ভেটিত নিৰ্মাণ কৰা ভূপেন হাজৰিকাৰ তথ্যচিত্ৰ ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী’। তেজপুৰ দৰং কলেজৰ ৰূপালী জয়ন্তী উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত গান গাবলৈ যোৱা ভূপেন হাজৰিকাৰ উপস্থিতিতে এই তথ্যচিত্ৰখন প্ৰদৰ্শিত হৈছিল। মোৰ আন একো মনত নৰ’লেও মনত ৰৈছিল মঞ্চৰ পিছফালে তৰি দিয়া বগা পৰ্দাখনতে দেখুওৱা তথ্যচিত্ৰখনৰ জেৰেঙাৰ পথাৰত জয়মতীক এজোপা গছত বান্ধি গাঁঠি হাজৰিকাই চমতাৰে কোবাই কোবাই “ক তোৰ গিৰিয়েৰ ক’ত আছে বুলি সুধি থকা দৃশ্যটো”। মা দেউতাৰ সৈতে গৈ তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিত চোৱা প্ৰথম অসমীয়া চিনেমাসমূহৰ মাজত আছিল‘শকুন্তলা’,‘মনিৰাম দেৱান’,‘লটি-ঘটি’,‘ভাগ্য’,‘চিকমিক বিজুলী’,‘ডাঃ বেজবৰুৱা বৰুৱা’,‘সংসাৰ’,‘মুকুতা’, ‘মানৱ আৰু দানৱ’, ‘অৰণ্য’, ‘যোগ-বিয়োগ’, ‘ললিতা’,’ওপজা সোণৰ মাটি’, ‘ভাইটি’, ‘অভিযান’,’বনৰীয়া ফুল’,’মমতা’,’গনেশ’, ‘সোণতৰা’,’ৰশ্মিৰেখা’,’সন্তান’,’চামেলী মেমচাব’,’তৰামাই’, ‘ধৰ্মকাই’, ‘সোণমা’,’মৰমী’, ‘ফাগুনী’, ‘নিয়তি’ আদি ছবি। অৰ্থাৎ এছোৱা সময়ৰ প্ৰায় গোটেইবোৰ অসমীয়া চিনেমাই মোৰ মা দেউতায়ো চাইছিল আৰু মই সৰুহৈ থাকিলেও ময়ো চোৱা ভাল বুলি হয়তো দেউতাই ভাবিছিল! এয়া সেইসময়ৰ প্ৰায় সকলো মধ্যবিত্ত অসমীয়াৰে যেন নিচা, দায়িত্ব, কৰ্তব্য, অসমীয়া চিনেমাৰ প্ৰতি দায়বদ্ধতা আদিৰেই পৰিচায়ক বুলি এতিয়া মই ভাবো।অলপ ডাঙৰ হোৱাৰ পিছত শোণিতকোঁৱৰ গজেন বৰুৱাই জামুগুৰিহাটত প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত টকিজটো অকলে চিনেমা চাবলৈ গৈছিলো। সন্ধাৰাগকে ধৰি নব্বৈ দশকৰ আগলৈকে (১৯৭৭-১৯৮৯) প্ৰায় গোটেইখিনি অসমীয়া চিনেমা নিজেই অতি আগ্ৰহেৰে চোৱাটো মোৰো মোৰ দেউতাৰ দৰেই নিচা, দায়িত্ব,কৰ্তব্য আৰু আসমীয়া চিনেমাৰ প্ৰতি দায়বদ্ধতা হৈ পৰিছিল যেন লাগে। গুৱাহাটীলৈ আহি বিশেষকৈ সাংস্কৃতিকসাংবাদিকতাকে কৰি অহা বিগত প্ৰায় তিনিটা দশকত অসমীয়া চিনেমাৰ ভিতৰখন ওচৰৰ পৰা চোৱাৰ সুবিধা পালোঁ । পৰ্দাত দেখা এখন চিনেমাৰ, প্ৰ্দাৰ পিছফালে নেদেখা জগতখন চাই এই জগতখনৰ সমস্যাৱলীৰ বিভিন্ন কথা জনাৰ সুযোগ পালোঁ । ইয়াৰ পূৰ্বে খুব সৰুতেই চিনেমা জগতৰ ভিতৰখন দনাৰ আগ্ৰহ উপজিছিল খাজা আহমেদ আব্বাছৰ এখন কিতাপৰ ফণী তালুকদাৰে কৰা অসমীয়া অনুবাদ‘কথাছবি কেনেকৈ কৰা হয়’পঢ়াৰ পিছত, যিখন কিতাপ নেহেৰু বাল পুস্তকালয়ে প্ৰকাশ কৰিছিল! মোক মোৰ দেউতাই সেই কিতাপখন আনি পঢ়িবলৈ দিছিল।
ওপৰৰ কথাখিনি উল্লেখ কৰা কাৰণ এয়ে যে আজি অসমীয়া চিনেমাৰ সংকটৰ কথাবোৰ আলোচনা কৰিবলৈ লওঁতে বাৰে বাৰে অসমীয়া চিনেমাৰ এই এৰিথৈ অহা সোণালী অতীতে মোক আচ্ছন্ন কৰিছেহি । সৰুতে অসমীয়া চিনেমাৰ ব্যৱসায়িক দিশটো মনলৈ নাহিলেও আদি উভতি চালে দেখো যে সেইসময়ৰ অসমীয়া চিনেমাৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ আছিল আৰু আগতে উল্লেখ কৰা কোনোখন চিনেমাতে চিত্ৰগৃহত শূণ্য আসন দেখা মনত নপৰে! শুনিবলৈ পাইছিলোঁ তাহানিৰ ‘চিৰাজ’ চাবলৈ আমাৰ অঞ্চলৰ মানুহ গৰু গাড়ীৰে তেজপুৰ চহৰলৈ গৈছিল আৰু টিকট শেষ হোৱাত সেইনিশা চিত্ৰগৃহৰ চৌহদতে টৌখুঁটি মাৰি নিশাটো কটাই পিচদিনাহে ‘চিৰাজ’ চাই ঘৰমূৱা হৈছিল! অৱশ্যে ‘জয়মতী’ৰ পৰা আজিলৈ মুক্তি পোৱা চিনেমাৰ মাজত তেতিয়াও ফ্লপ চিনেমা হৈছিল, আজিও হৈছে! কিন্তু বিগত প্ৰায় তিনিটা দশকতকৈও ইয়াৰ পূৰ্বৰ সময়চোৱাৰ ফ্লপ চিনেমাৰ তালিকাখন চুটি। অৱশ্যে মানুহৰ জীৱনৰ সমস্ত দিশকে বাৰুকৈয়ে প্ৰভাৱিত কৰা পৰিৱৰ্তিত সময়েও বিভিন্ন ধৰণে চিনেমাৰ আজিৰ দৰ্শককো প্ৰভাৱিত কৰা কথাটো প্ৰথমেই মানিলোৱা উচিত! টেলিভিছন, ভিডিঅ চিনেমাৰ কেছেট আৰু চিডি আদিৰ চিনেমাৰ দৰ্শকৰ চিত্ৰগৃহলৈ যোৱাৰ আগ্ৰহ কমোৱাৰ উপৰি অসমীয়া চিনেমাৰ কাহিনী কোৱাৰ কৌশল আৰু কাৰিকৰী সীমাবদ্ধতায়ো দৰ্শকক কমে মোহভংগ কৰি অনাটো মন কৰিবলগা দিশ। এতিয়া নিজৰ শোৱনি কোঠাত বহি পৃথিৱীৰ সকলো শ্ৰেণীৰ চিনেমা চাবলৈ পোৱা সকলো শ্ৰেণীৰ দৰ্শকৰে ৰুচি ক্ৰমে সাৰ্বজনিন পৰ্যায়ৰ হৈ উঠিছে । সেই ৰুচিৰ সৈতে ফেৰ মাৰিব পৰাকৈ অসমীয়া চিনেমা আজিও আগবাঢ়িব পৰাগৈ নাই ।
অসমীয়া চিনেমাৰ সংকট সম্পৰ্কে যিমানদিন সাংবাদিকতা কৰি আহিছো, সিমানদিন ধৰি বিভিন্ন দিশ ফঁহিয়াই বাৰম্বাৰ আলোচনা কৰি আহিছো! সৰুৰে পৰা গঢ় লোৱা অসমীয়া চিনেমাৰ প্ৰতি থকা গভীৰ ভালপোৱা একাষৰীয়া কৰি থৈ নিৰ্মোহভাৱে অসমীয়া চিনেমাৰ এই শোচনীয় অৱস্থাৰ আলোচনা বোৱা উচিত! অপ্ৰিয় হ’লেও সত্য যে অসমৰ দুই এক প্ৰবীণ সাংবাদিকেও সদায় এক আৱেগমিহলি কথা কৈ অহা শুনিছো যে ‘অসমীয়া মানুহে চিনেমা চাবই লাগিব, ই প্ৰতি অসমীয়াৰ এক জাীয় কৰ্তব্য।‘ এই প্ৰৱণতাত মই আগতেও সন্মত নাছিলো, আজিও নহওঁ। কাকো জাতীয় কৰ্তব্যৰ পাঠ দিয়াৰ অধিকাৰ আৰু যোগ্যতা কাৰো নাই। জাতীয় কৰ্তব্য মানুহৰ অন্তৰত স্বতঃস্ফূৰ্তভাৱে জাগৃত হোৱা অনুভূতিহে।প্ৰথম অসমীয়া চিনেমা ‘জয়মতী’য়ে চিত্ৰগৃহৰ অভাৱ আৰু ছবিৰ কাৰিকৰী বিজুতি আদি কাৰণত দৰ্শকৰ আশাব্যঞ্জক সঁহাৰি নোপোৱাৰ দোষ পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেহে মূৰ পাতি লৈছিল। সেইদৰে অসমৰ প্ৰথমখন ছুপাৰহিট চিনেমা বুলি ক’ব পৰা ‘চিৰাজ’ কিন্তু সেইখিনি অসমীয়া দৰ্শকেই ছুপাৰহিট কৰিছিল। পৰৱৰ্তী সময়ত ব্ৰজেন বৰুৱাৰৰ ‘ডাঃ বেজবৰুৱা’, বন্ধুৰ ’মেঘমুক্তি’, দ্বিজেন্দ্ৰ নাৰায়ণ দেৱৰ ‘ৰাংঢালী’,দ্বিবন বৰুৱাৰ ‘তৰামাই’, নিপবৰুৱাৰ ‘আজলী নবৌ’ আৰু ‘ককাদেউতাৰ নাতী আৰু হাতী’, শিৱপ্ৰসাদ ঠাকুৰৰ ‘বোৱাৰী’ আৰু ‘ঘৰ-সংসাৰ’, নৰেশ কুমাৰৰ ‘জীৱনসুৰভি’, পুলক গগৈৰ ‘সেন্দুৰ’ আৰু ‘সূৰুয’, বিজু ফুকনৰ ‘ভাই ভাই’ আৰু অশোক কুমাৰ বিষয়াৰ ‘যৌৱনে আমনি কৰে’ আদি চিনেমাই পোৱা বাণিজ্যিক সফলতাৰ ঘাই কাৰক পিচে অসমৰ দৰ্শকৰ তথাকথিত ‘জাতীয় কৰ্তব্য’ নাছিল, আছিল তদানীন্তন সময়ৰ অসমীয়া চিনেমাৰ দৰ্শকৰ বিনোদন আৰু ৰুচিক নিৰ্ভৰ কৰা বিষয়বস্তুকেন্দ্ৰিক চিনেমাখনেই!
এতিয়া আহো অসমীয়া চিনেমা একোখনৰ বাণিজ্যিক দিশৰ কথালৈ।অকল চিনেমা বুলিয়েই নহয়,অসমত আজিও শিল্প-কলা-সংস্কৃতিৰ ক্ষেত্ৰত কৰা কামবোৰক কোনেও ব্যৱসায় বুলি ক’ব নোখোজে। চিনেমা, নাটক, সংগীত,নৃত্য,চিত্ৰকলা আদিক ‘জাতীয় জীৱনলৈ আগবঢ়োৱা অমূল্য বৰঙণি’ বুলি ক্ষেত্ৰখনত থকা ‘শিল্পী’সকলেও কৈ ফুৰে আৰু সাধাৰণজনেও কথাটো তেনেকৈয়েই ভাবে। ই এটা মাৰাত্মক ক্ষতিকাৰক আৰু ভুল কথা। শিল্পীৰ প্ৰতি সন্মান আৰু অসন্মানৰ প্ৰশ্নটো বাদ দি মই ক’ব খোজো যে পৃথিৱীৰ আদিমতম ব্যৱসায়ৰ পৰা আৰম্ভ কৰি এইপৰ্যন্ত যিমানবোৰ ব্যৱসায় বৰ্তি আছে, তাৰে মাজৰ এটা বৃত্তি বা ব্যৱসায় হৈছে কলা-সংস্কৃতিৰ ব্যৱসায়, যি ব্যৱসায়ত অন্তৰ্ভুক্ত হৈ আছে চিনেমা, সংগীত,নাটক,নৃত্য,চিত্ৰ আদি সকলো। আচলতে চিনেমা,নাটক,সংগীত, আদিৰো প্ৰথম চৰ্ত হৈছে ব্যৱসায়, যিটো কথা এইটো মাধ্যমত জড়িত প্ৰতিজন প্ৰয়োজক,পৰিচালক,শিল্পী আৰু কলা-কুশলীয়ে জানে আৰু তেওঁলোক প্ৰতিজনেই এইবোৰ ব্যৱসায়ৰ অংশীদাৰ, অথচ ‘ব্যৱসায়’ শব্দটো তেওঁলোকে নিজেও ব্যৱহাৰ কৰিবলৈ লাজ পায়, আনে ব্যৱহাৰ কৰিলেও ‘এয়া শিল্পী সমাজৰ প্ৰতি ঘোৰ অপমান’ বুলি প্ৰতিবাদ কৰি উঠে। এয়া ‘শিল্পী’ আৰু শিল্প ক্ষেত্ৰৰে জড়িতসকলৰ এক হীনমন্যতাসূচক মানসিকতাত বাদে একো নহয়। এনে মানসিকতাৰে তেওঁলোকে যেন ব্যৱসায় জগতখনেই এখন সন্মনবিহীন জগত বুলি দেখুৱাব খোজে। অথচ পৃথিৱীৰ ভিতৰতে বছৰত সৰ্বাধিক চাৰিশৰো অধিক ছবি নিৰ্মাণ বা উত্পাদন কৰা মুম্বাই চিনেমা উদ্যোগৰ ‘মেগা ষ্টাৰ’ অমিতাভ বচ্চন কিম্বা শ্বাহৰুখ খানৰ দৰে অভিনেতাই আজিও নিজকে গ্ৰাহকৰ সন্মুখত এটা ‘কনজিউমাৰ প্ৰডাক্ট’ বা পণ্য সামগ্ৰী বুলি কৈ গৌৰৱবোধ কৰে। চিনেমাই তেওঁলোকৰ বাবে দ্বিতীয় ‘মা’ বুলি গণ্য কৰে এইসকল তাৰকাই, যি চেনেমাৰ পইচাৰে ভাত খায়,সংসাৰ চলায়! ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰধান উপাৰ্জনৰ পথেই আছিল গান,সুৰ আৰু সংগীত বিক্ৰী, যাৰ বিনিময়ত ঘাইকৈগ্ৰামোফোন ৰেকৰ্ডৰ কোম্পানীয়ে তেওঁক পইচা দিছিল । কবি হীৰেণ ভট্টাচাৰ্যই নিজৰ প্ৰফেছন বা পেছা কি ক’ব লগা আৰু লিখিবলগা হ’লে সদায় ‘কবি’ বুলিয়েই লিখিছিল আৰু কৈছিল। এই দুটা উদাহৰণ আমাৰ ব্যৱসায় বুলিলে বেয়া পোৱা আৰু ‘শিল্পী’ বুলিলে গৰ্ব অনুভৱ কৰা সকলক মনত পেলাই দিলো।
‘অৰ্থনীতি’ নজনাজনেও জানে যে ব্যৱসায় মানেই কিছু মূলধন আৰু বিনিয়োগ, লাভ অথবা লোকচান! আমি জীৱনটো সুখ-স্বাচ্ছন্দ্যৰে পাৰ কৰাৰ স্বাৰ্থতে মূলতঃ ধন উপাৰ্জন কৰিবলগীয়া হয়। উপাৰ্জনৰ নিৰ্ভৰযোগ্য পথৰ সন্ধানতে একোজন ছাত্ৰ বা ছাত্ৰীয়ে যিদৰে ডাক্টৰ বা অভিযন্তা হ’বৰ বাবে উচ্চ শিক্ষাৰ পথ বাছি লয়, সেইদৰে এজন সফল ব্যৱসায়ী হ’বলৈও এজন ছাত্ৰ বা ছাত্ৰীয়ে বাণিজ্য বিভাগত অধ্যয়ন কৰে । কিন্তু জীৱনত যি পেছাই লোৱা নহওঁক কিয়, প্ৰতিটোতেই সফলতা অৰ্জনৰ মূলমন্ত্ৰ পেছাটোৰ প্ৰতি পৰ্যাপ্ত জ্ঞান আৰু সন্মানবোধ। অসমীয়া চিনেমাৰ প্ৰযোজনাত ধন বিনিয়োগ কৰিবলৈ অহা প্ৰযোজক সকলৰ কিমানজনৰ মাজত আছে বাণিজ্যিক জ্ঞান আৰু পেছাটোৰ প্ৰতি থাকিব লগা সন্মানবোধ ?‘জয়মতী’ৰ পৰা আজিলৈকে কেইগৰাকী অসমীয়া চিনেমাৰ বাজেট আৰু ব্যৱসায় জনা প্ৰযোজক ওলাল? এখন বাণিজ্যসফল ছবিৰ আচল ফৰ্মূলা কি, কোনেও নাজানিলেও যিকোনো এটা ব্যৱসায়ৰ বাবে লগা প্ৰাৰ্থমিক জ্ঞানেই বা কেইজন প্ৰযোজকৰ আছে ?
‘শ্বো মেন’ ৰাজ কাপুৰেও নাজানিছিল তেওঁৰ ছবিখন ফ্লপ হ’ব নে হিট হ’ব! তৎসত্বেও ৰাজ কাপুৰে প্ৰতিখন ছবিত ছবিখনে বিচৰা সকলো উপাদান ভৰাই দিয়াৰ পৰা ছবিখনৰ প্ৰাৰম্ভিক প্ৰচাৰ আৰু এটা সামগ্ৰী বজাৰলৈ উলিয়াই দিয়াৰ বাবে কৰিব লগা সমস্তখিনি কৰিছিল! অমিতাভ বচ্চনৰ লেখীয়া মহাতাৰকাৰ পৰা ছুপাষ্টাৰ ৰাজেশ খান্না, দেৱ আনন্দ আদি কাৰ ছবি ফ্লপ হোৱা নাই? অথচ পৃথিৱীৰ অন্যতম আৰু ভাৰতৰ প্ৰধান বাণিজ্যিক চহৰ মুম্বাই সেইসকল তাৰকাৰ বাবে আমৃত্যু ‘মুম্বাই মেৰী জান’ হৈ আছিল আৰু আছে চিনেমাৰ আৰ্থিক সংকট দূৰ কৰি লোকচান হোৱা বৃহৎ পৰিমাণৰ ধনৰাশি ঘূৰাই আনিবৰ বাবে পুনৰ চিনেমাই নিৰ্মাণ কৰা হৈছিল, অসমীয়া চিনেমাৰ দুৰৱস্থাৰ সময়ত অসমীয়া ‘তাৰকা’ সকলৰ দৰে এজনেও ছত্ৰভংগ দি একমাত্ৰ নিজৰ আৰ্থিক লাভালাভৰ প্ৰতি স্বাৰ্থপৰ তথা লালায়িত হৈ ভ্ৰাম্যমাণ থিয়েটাৰ বা বিহু ভি চি ডি কৰিবলৈ মাৰাথন দৌৰ ধৰা নাছিল! চিনেমাৰ প্ৰতি দায়বদ্ধতা আৰু উদ্যোগটোত জড়িত কলা-কুশলীৰ আৰ্থিক সুৰক্ষাক আগস্থান দি বয়সে অনুমতি নিদিয়া অৱস্থাতো জীৱনৰ শেষ সময়লৈকে ইখনৰ পাছত সিখন চিনেমা প্ৰযোজনা কৰা দেৱ আনন্দৰ দৰে ‘ডেডিকেটেড’ প্ৰযোজক অসমীয়া চিনেমা জগতত এজনো ওলাবনে? আনকি জ্যোতিপ্ৰসাদেও ‘জয়মতী’ৰ লোকচান পূৰ কৰিছিল ‘ইন্দ্ৰমালতী’ নামৰ এখন চিনেমাৰেইহে, যিখন ছবি তেওঁ অধিক পৰিকল্পনা আৰু সীমিত বাজেটেৰে সম্পূৰ্ণ কৰিছিল।
পৃথিৱীৰ আন দেশৰ কথাই নকওঁ, দক্ষিণ ভাৰত অথবা বাংলা ভাষাৰ চিনেমাই সমান্তৰাল আৰু মূলসুঁতি দুয়োটা ধাৰাতে যি পৰ্যায় স্পৰ্শ কৰিছে, চুবুৰীয়া মণিপুৰৰ চিনেমাই যি যশ আৰু জনপ্ৰিয়তা পাইছে, অসমীয়া ভাষাৰ চিনেমা তাৰ তুলনাত যেন কোনোবা এঠাইত অচল জাহাজৰ দৰে ৰৈ গ’ল! নৰ’বনো কিয়– অসমত এতিয়াও চিনেমা কৰা, চিনেমাৰ সাংবাদিকতা কৰা সকলোৰে মুখত বেছিকৈ শুনা শব্দটোৱেই হ’ল ‘বোলছবি’ বা ‘কথাছবি’! শব্দ দুটাৰ অৰ্থটো বুজিবৰ চেষ্টা কৰিলেই বুজিবলৈ টান নহয় যে অসমীয়া চিনেমা আজিও সেই ১৯৩১ চনতে মুক্তি পোৱা ভাৰতৰ প্ৰথমখন সবাক চিনেমা ‘আলমআৰা’ৰ দিনতে আছো। লুমিয়েৰ ব্ৰাদাৰ্চে নিৰ্মাণ কৰা নিৰ্বাক যুগটোত বায়’স্কোপ বুলি কোৱা এই নতুন মাধ্যমটোৱে সবাক যুগত খোজদিয়াটো আছিল- ছবিয়ে কথা কোৱা এটা বৈল্পৱীক যুগৰ সূচনা আৰু কথা (TALK) কোৱা বাবেই ‘বায়স্কোপ’ৰ ঠাইত ‘টকি’ শব্দটো আহিছিল, লগতে ‘টকি’ প্ৰদৰ্শিত ছবিঘৰৰ নামহৈ পৰিছিল ‘জোনাকী টকিজ’, ‘শ্ৰীমন্ত টকিজ’, ‘অনন্ত টকিজ’ আদি। এই ‘টকি’ শব্দটোৰ হিন্দী ৰূপটোৱে হ’ল ‘বোলছবি’ (হিন্দী ভাষাত ‘বোল’ মানে ‘কথা’) আৰু অসমীয়া ভাষাত অনুবাদ কৰি শব্দটো ‘কথাছবি’ কৰা হৈছিল। মন কৰিবলগীয়া যে ছবিয়ে কথাকোৱা ‘বৈপ্লৱীক’ ঘটনাটো কেতিয়াবাই অতীত হৈ গৈছে । এই ঘটনাৰ পৰা এই পৰ্যন্ত চিনেমাৰ প্ৰযুক্তিলৈ আন বহু পৰিৱৰ্তন আহি আছে। আনহে নালাগে- আকাশবাণীৰ হিন্দী ভাষাৰ অনুষ্ঠানটো কাহানিবাই হিন্দী চিনেমাৰ গান প্ৰচাৰ কৰোতে ‘গীত কা বোল হ্যেয় মজৰুহ চুলতান পুৰী কা’ বুলি কোৱা হয় যদিও চিনেমাখনৰ নাম কওঁতে ‘কুদৰত ফিল্ম কা গানা’ বুলিহে কোৱা আৰম্ভ হৈছিল। অথচ আমি আজিও লিখি আছো- অসমীয়া বোলছবিৰ ইতিহাস! আমি ইমান ‘অসমীয়া’ দেখাব খোজো যে ‘চিনেমা’ আৰু ‘ফিল্ম’য়েই কৰিম বা চাম, কিন্তু শব্দটো ১৯৩১ চনতে থাকিলেও ‘বোলছবি’ বুলিয়েই কৈ থাকিম।
শেষত কওঁ- অসমীয়া চিনেমাৰ সুদিন আনিবলৈ হ’লে প্ৰধান আৰু একমাত্ৰ পথ হৈছে অসমীয়া চিনেমাই। প্ৰথমে অসমীয়া চিনেমাক ‘ব্যৱসায়’ আৰু নিজকে এজন ‘ব্যৱসায়ী’ বুলি ভাবি চিনেমা কৰিবলৈ আহক! মনত ৰাখিব- অসমৰ ৰাইজে জ্যোতিপ্ৰসাদৰ পৰা আজিলৈকে কোনো এজনকে অনুৰোধ বা দাবী জনোৱা নাই অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ। ‘সমাজ সংস্কৃতিৰ সেৱা’ৰ নামত চিনেমা কৰাৰ ভণ্ডামীৰ আশ্ৰয় নলৈ ব্যৱসায় হিচাপে চিনেমা নিৰ্মাণ কৰিলেহে সি লাভৰ মুখ দেখাৰ সম্ভাৱনা, যি লাভ এজন প্ৰযোজকৰো, এজন দৰ্শকৰো, সৰ্বোপৰি অসমীয়া চিনেমাৰো। সমাজ সংস্কৃতিৰ যদি কিবা সেৱা হয়সেয়া পৰোক্ষভাৱে কৰে যদি চিনেমাখনেই কৰিব। চিনেমাৰ এটা নিজা ভাষা আছে, সেই ভাষা কেমেৰাৰহে, সংলাপৰ নহয়–এইষাৰ কথা প্ৰযোজক, পৰিচালক, চিত্ৰ নাট্যকাৰ আৰু চিত্ৰগ্ৰহণকাৰীজনে বেছিকৈ উপলব্ধি কৰা দৰকাৰ। চিনেমাৰ প্ৰথম পৰিকল্পনাতে নিশ্চিত হোৱা দৰকাৰ যে বাজেট চাই চিনেমাখন কৰা হ’ব নে চিনেমাখনে বিচৰাটোলৈ চাই বাজেট নিৰ্ধাৰণ কৰা হ’ব ! বিষয়বস্তুৱে দাবী কৰা বাজেটঅবিহনে চিনেমা নিৰ্মাণত হাত দিয়া অনুচিত, তেতিয়া ছবিখনে প্ৰাপ্য ন্যায় নাপায়। পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰজনে কি কাৰণে ভাল ফল নেদেখুৱালে, সেয়া পৰীক্ষাৰ উত্তৰ বহীৰ নিৰীক্ষকগৰাকীৰ বাবে যিদৰে মূল্যহীন, সেইদৰেই ছবিখনৰ মুক্তিৰ পিছত কিয় ছবিখন পৰিচালকে ‘ভবামতে’ কৰিব নোৱাৰিলে, সেই স্পষ্টীকৰণো দৰ্শকৰ বাবে নিৰৰ্থক। বহুতে দাবী কৰি অহা দুশ মিনি চিত্ৰগৃহ নিৰ্মাণৰ ক্ষেত্ৰতো ব্যৱহাৰিক দিশৰ পৰা আসোৱাহ আছে। পৰ্যাপ্ত মৰাপাট বা কুঁহিয়াৰ উৎপাদন হ’লেহে এটা মৰাপাট কল বা চেনিকল প্ৰতিষ্ঠা কৰা হয়। একেদৰেই সাম্প্ৰতিক সময়ৰ অসমীয়া চিনেমাৰৰেহ-ৰূপ দেখি ভাৱ নহয় যে দৰ্শকে চিত্ৰগৃহ নাপায়হে অসমীয়া চিনেমা নোচোৱা হ’ল। যিসকলে অসমীয়া চিনেমা চাই ভাল পোৱা স্বতেও এতিয়া নোচোৱা হ’ল, সেইসকল দৰ্শকক অধ্যয়ন নকৰাকৈ অসমীয়া চিনেমাৰ ব্যৱসায় অসম্ভৱ। অসমীয়া চিনেমাই কাৰো অনুকৰণ কৰি, আন ভাষাৰ চিনেমাৰে প্ৰতিযোগিতা কৰি সুফল নাপায়। ‘অসমীয়া’ ভাষাত নিৰ্মাণ কৰিলেই ছবি এখন অসমীয়া ছবি হ’ব নোৱাৰে। প্ৰয়োজন আহিছে অসমীয়া ভাষাতে নিৰ্মাণ কৰা ‘অসমীয়া চিনেমা’ৰ। পুনৰ ‘অসমীয়া চিনেমা’ৰ দিন ঘূৰি আহক। আহিবই!! মাথো আমি চিনেমাকো পণ্য দ্ৰব্যৰ মৰ্যাদা দিবৰ বাবে অধিক যত্ন কৰিব লাগিব, চিনেমা হৈ উঠক এক প্ৰয়োজনীয় পণ্য সামগ্ৰী।
 
 
 
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments