অসমীয়া চিনেমাৰ সুদিনঃ বাহুবলী আৰু চাৰ্লি চেপলিনৰ প্ৰসংগেৰে (গৌৰীশংকৰ ভূঞা)

যোৱা কিছুদিন আগতে দক্ষিণৰ ব্লকবাষ্টাৰ চিনেমা “বাহুবলী” চালোঁ। অতি উন্নত VFX, কেমেৰাৰ কাৰুকাৰ্য তথা জাকজমকীয়া দৃশ্যপটেৰে সজোৱা আড়ম্বৰপূৰ্ণ প্ৰযোজনা “বাহুবলী” যেন দক্ষিণ ভাৰতীয় আঞ্চলিক ছবি উদ্যোগৰ অশ্বমেধ ঘোঁৰাহে, যি সগৌৰবেৰে সেই আঞ্চলিক ছবি উদ্যোগটিৰ জয়যাত্ৰা ঘোষণা কৰিছে; বলীউদ যেন ক’ৰাবাতে থাকি গ’ল…
চিনেমাখন চাই থাকোঁতে অসমীয়া চিনেমাৰ বৰ্তমানৰ জীৰ্ণ স্বৰূপটোক লৈ সচেতন প্ৰতিজন দৰ্শকৰ মনলৈ এই প্ৰশ্নটো আহিব‍ই, “আমাৰ আঞ্চলিক ছবি উদ্যোগটিৰ বাবে এনেকুৱা সময় আহিবনে কেতিয়াবা?”
অকনমান ভালকৈ গমি চালে এই প্ৰশ্নটোৰ মাজেৰেই আমাৰ মধ্যবিত্তীয় মানসিকতাই পৰিচালিত কৰা দৰ্শকসমাজৰ বাবে সুবিধাজনক তথা পছন্দৰ জনপ্ৰিয় সংস্কৃতিৰ গাঁঠনিটো কেনেকুৱা, তাৰ এটা আভাস পোৱা যায়। অসমীয়া চলচ্চিত্ৰৰ সুদিনৰ বাবে অন্তঃকৰণেৰে আশা কৰা এইসকল (আমাকে ধৰি) দৰ্শকৰ বাবে সেই সুদিনৰ ৰূপৰেখা নো কেনেকুৱা, বা সেই ৰূপৰেখা নিৰ্দ্ধাৰণকাৰী কাৰকসমূহৰ লগত জড়িত অৰ্থ-সামাজিক তথা শ্ৰেণীগত অৱস্থানভিত্তিক প্ৰশ্নবোৰৰ আলোচনা অন্য এক এক বহল নিবন্ধৰ বিষয়।
অৱশ্যে সেই সুদিনৰ ছবি এখন স্পষ্টকৈ নহ’লেও মোটামুটিকৈ এটা ধাৰণা ছবি নিৰ্মাতাসকলৰ আছে।সেইবাবেই গ্লেমাৰৰ ভৰপূৰ আমদানিৰ চিন অসমীয়া চিনেমাত আজিকালি সহজে দেখিবলৈ পোৱা যায়।অৱশ্যে সীমিত বাজেটৰ বাবে এইধৰণৰ উপাদানবোৰ আধাকেচেলুৱাকৈহে পৰিবেশিত হয়।ফলস্ৱৰূপে হিন্দী, ইংৰাজী বা দক্ষিণৰ চিনেমাত লোভনীয় ৰূপত উপলব্ধ এনেবোৰ উপাদানৰ আধাকেচেলুৱা অসমীয়াকৰণ দেখি দৰ্শক হতাশ হয় আৰু চিনেমা নচলে।এনেকৈয়ে অসমীয়া ছবি উদ্যোগ অ-লাভজনক কছৰতলৈ দিনে দিনে পৰিণত হ’ব ধৰিছে।আধাকেচেলুৱা বস্তুবোৰ অৰ্দ্ধসিদ্ধ ৰূপলৈ গতি কৰিছে।
আনফালে ছিৰিয়াছ চিনেমাৰ নামত যিখিনি কাম হৈ আছে, সেয়াও মানুহক চুব পৰা পৰ্যায়ত নাই।এক বিশেষ শ্ৰেণীৰ দৰ্শকৰ বাবেহে টাৰ্গেট কৰি নিৰ্মান কৰা এনে চলচ্চিত্ৰবোৰে সেয়ে গণ মাধ্যমৰ চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ সলনি এক বৌদ্ধিক চৰাঘৰীয়া আলাপৰ পৰ্যায়তে বন্দী হৈ ৰৈছে।সামাজিক প্ৰেক্ষাপটত ইয়াৰ মূল্য নাই বুলিব‍ই পাৰি।
মুঠতে দুটা ভিন্ন সমান্তৰাল ভাৰসাম্যবিহীন ধাৰা!
জনপ্ৰিয় পৰ্যায়ত ভাল চিনেমা নিৰ্মাণ হোৱাটো অসম্ভৱ নেকি?
ইয়াৰ বাবে সঁচাই বহুত বেছি বাজেটৰ প্ৰয়োজন নেকি?
কম খৰচেৰে নিৰ্মিত চিনেমাবোৰ মানুহে চাবলৈ ভাল নাপায় নেকি?
এই প্ৰশ্নবোৰৰ চৰ্চা বহুতে বহুতধৰণেৰে কৰিব পাৰে। আমি সেই আলোচনা সদ্যহাতে আতঁৰাই ৰাখি এখন পুৰণি, যুগজয়ী, অতি জনপ্ৰিয় চিনেমাৰ কথা ক’বলৈ ওলাইছোঁ। সেইখন হ’ল কিম্বদন্তী শিল্পী চাৰ্লি চেপলিনৰ “Modern times” শীৰ্ষক ১৯৩৬ চনতে নিৰ্মিত, কেতিয়াও পুৰণি নোহোৱা চিনেমাখন।
কমেডীৰ মাধ্যমেৰে মানুহৰ অপ্ৰাপ্তি, বেদনা আদিক প্ৰকাশ কৰা চেপলিনৰ চিনেমাবোৰত সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক সমস্যাবোৰৰ নগ্ন স্বৰূপ প্ৰকাশ পায়। আলোচ্য চিনেমাখনত পূঁজিবাদী ব্যৱস্থাক ব্যংগাত্মক ৰূপত উপস্থাপন কৰি তাৰ বিপৰীতে সাধাৰণ মানুহৰ আকাংক্ষা, জীবনবোধৰ হৃদয়স্পৰ্শী কলাজ অংকন কৰা হৈছে।
চিনেমাখনৰ আৰম্ভনি হয় এটা ফেক্টৰীৰ দৃশ্যৰে। চাৰ্লি চেপলিন এজন বনুৱা। এটা চলমান চিৰিৰে যন্ত্ৰৰ অংশ কিছুমান চলি গৈ থাকে। বনুৱাবিলাকে শাৰী পাতি নিৰ্দিষ্ট কামবিলাক কৰি যায়। চাৰ্লি চেপলিনৰ ভাগত পৰে তাৰে স্ক্ৰুবিলাক টনা কামটো। তেওঁৰ ঠিক পাছৰজনে টনা হোৱা স্ক্ৰুবিলাক হাতুৰীৰে মৰিয়াই যায়। এনেকৈ যন্ত্ৰাংশবিলাক চলি চলি গৈ থাকে।
গোটেই ব্যৱস্থাটো এনেকৈ বিৰামহীনভাৱে চলে যে বনুৱাবোৰৰ হাত একপলকৰ বাবেও ৰবলৈ নাপায়। আনকি মুখৰ আগত ওলোৱা মাখিটো খেদাবলৈও আহৰি নাপায়। এই ধাৰণাটোৱে এটা বৰ সুন্দৰ প্ৰতীক ৰূপে কাম কৰিছে, বনুৱাবোৰ যেন মানুহ নহয়- যন্ত্ৰহে।
ফেক্টৰীৰ মুখ্য বিষয়াক আৰু অধিক কাম লাগে; ফলত চিৰিৰ বেগ বাঢ়ি গৈ থাকে। তাৰ লগে লগে অথন্তৰবোৰো বাঢ়ি যায়।
হঁহুৱাই পেটৰ নাড়ী ডাল ডাল কৰিলেও এই দৃশ্যকেইটাই কিন্তু মনৰ একোণত চিন্তাৰ তৰংগৰো সৃষ্টি কৰে। এইখিনিতেই চাৰ্লি চেপলিনৰ মহত্ত্ব।
ইয়াৰ পাছতেই ফেক্টৰীলৈ অনা হয় এটা খাদ্য খুৱাই দিয়া মেচিন। উদ্দেশ্য- বনুৱাবিলাকৰ খোৱাৰ সময় কমাই উত্‍পাদনৰ বাবে বেছি সময় আহৰণ কৰা। সেই মেচিনটোৰ পৰীক্ষাৰ গিনিপিগ হয়গৈ চেপলিনেই। খুৱাই থকা অৱস্থাতে মেচিনৰ বিজুতি ঘটি ভাল হাৰাশাস্তি কৰে। সেইখিনি দৃশ্যত চেপলিনৰ অভিনয়ে প্ৰতিজন দৰ্শককে অনবদ্য হাস্যৰসৰ সোৱাদ দিয়ে। কিন্তু ইয়াতো দৰ্শকে ভাবিবলৈ বাধ্য হয় কিদৰে ওপৰৰ শ্ৰেণীটোৱে বনুৱা-মজদুৰ বিলাকক কেৱল উত্‍পাদনৰ হাথিয়াৰ ৰূপেহে গণ্য কৰে, মানুহ হিচাপে নহয়।
এইখিনিতে The Constant Gardenerছাবিখনৰ কথা মনলৈ আহে; য’ত দৰৱৰ কোম্পানীবোৰে তৃতীয় বিশ্বৰ মানুহবোৰৰ ওপৰত দৰৱৰ পৰীক্ষা চলোৱাৰ কথা দেখুওৱা হয়।
গোটেই চিনেমাখনেই এনেকুৱা যে দৰ্শকে কেৱল হাঁহিৰ সমলেই নহয়, তাৰ মাজত লুকাই থকা বেদনা আৰু দীন-দৰিদ্ৰ মানুহবিলাকৰ জীৱনগাঁথাৰ স্পষ্ট উপলব্ধিও লাভ কৰে।
কম্যুনিষ্ট বুলি চেপলিনক জেইললৈও পঠোৱা হয়। কাহিনী আগবাঢ়ে। কাহিনীৰ মাজতে নায়িকাও আহে। একেই জীৱন নায়িকাৰো, জুভেনাইল হোমৰ পৰা পলাই অহা নায়িকাই কৈশোৰ অতিক্ৰমি যৌবন গৰকিছে। দুয়ো সপোন দেখে ভাল জীৱন এটাৰ। পিছে বাস্তৱত পায় এটা ভগা-ছিগা কোনোমতে থিয় হৈ থকা ঘৰ এটা। দুয়ো তাতেই থাকিবলৈ লয়।
জীৱন সংগ্ৰাম চলি থাকে, চলিয়েই থাকে- কিন্তু ভাল দিন, শান্তিৰ দিন নাহে কেতিয়াও। দুবেলা দুমুঠিৰ যোগাৰৰ বাবে দুয়ো নানা তৰহৰ কাম কৰিব লগীয়া হয়।
একেবাৰে শেষৰ ফালে দুয়ো এখন বাৰত কাম কৰে। পিছে তাত সেই জুভেনাইল হোমৰ মানুহ আহি ওলাইহি, য’ৰ পৰা এসময়ত নায়িকা পলাইছিল। আকৌ দৌৰা-ঢাপৰা কৰি দুয়ো পলাব লগীয়া হয়।
একেবাৰে শেষৰ দৃশ্যটো দোকমোকালিৰ। নায়ক-নায়িকাই আকৌ নতুন ধুনীয়া জীৱন এটা বিচাৰি দীঘল ৰাস্তা এটাৰে খোজকাঢ়ি গৈ থাকে। তথাকথিত “হেপ্পী এণ্ডিং” ইয়াত দেখুওৱা হোৱা নাই। ব্যৱস্থাৰ পৰিৱৰ্তন নহাকৈ কেনেকৈনো এটা হেপ্পী এণ্ডিং সম্ভৱ সেই জীৱনবোৰৰ বাবে? আপোচ কৰা নাই চেপলিনে, হেপ্পী এণ্ডিঙৰ অলীক অবাস্তৱ সপোন দেখুওৱা নাই। কাৰণ তেওঁ এটা বিক্ষিপ্ত চৰিত্ৰক নহয়, এটা শ্ৰেণী চৰিত্ৰক প্ৰদৰ্শন কৰিছে চিনেমাখনত। সেই শ্ৰেণীৰ ক্ষমতা নাই ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ। কৰাৰ ভিতৰত মাথোঁ কৰিব পাৰে মানৱীয় সম্পৰ্কৰে, মানবীয় অনুভুতিৰে জীৱনটো হাঁহি হাঁহি উদযাপন কৰিব; তাকেই দেখুৱাইছে চিনেমাখনত। তথাপিও শেষৰ দৃশ্যটোৰ ঠিক আগে আগে সেয়া যে দোকমোকালিৰ সময়, তাক স্পষ্টকৈ বুজাবলৈ দৃশ্যৰ প্ৰথমতেই Dawn বুলি লিখি দিয়াটোৱে প্ৰতীকীভাৱে যেন এটা আশাৰ বাৰ্তা বুজাইছে। ঠিক যেন ৰাতিপুওৱা নাই, কিন্তু আন্ধাৰ আঁতৰি দিন যে আহিব‍ই সেয়া নিশ্চিত….
এই চিনেমাখন চাই ভাল নোপোৱা মানুহ চাগৈ নোলাব‍। সকলোধৰণৰ দৰ্শকেই এইখন চিনেমা উপভোগ কৰিব পাৰে, সেইবাবেই এইখন এখন অতি জনপ্ৰিয় চিনেমা। পিছে চিনেমাখন চোৱা সকলোৱেই বুজি পাব যে এনেকুৱা এখন চিনেমা নিৰ্মাণ কৰিবলৈ বৰ বেছি এটা খৰচ নহয়। সবাক যুগৰে চিনেমা যদিও ইয়াত কোনো সংলাপ নাই। কবলগীয়া কথাখিনি দৃশ্যৰ মাজে মাজে লিখি দিয়া হৈছে। অৱশ্যে আবহ সংগীত আছে, দুই এক বিশেষ জেগাত সংলাপো আছে।
মানুহে চাই ভাল পোৱা, উপভোগ কৰা আৰু চিন্তা কৰিবলৈ বাধ্য হোৱা এই চিনেমাখনে অন্ততঃ এটা কথা দেখুৱাই দিয়ে যে সফল তথা ৰুচিপূৰ্ণ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে বাজেটৰ প্ৰসংগটো এক অজুহাতহে।
এনেকুৱা এখন চিনেমা নিৰ্মাণৰ বাবে যিমান খৰচ হয়, তাতকৈ বহু খৰচেৰে ফ্লপ বলিউদী নকল বহু অসমীয়া চিনেমা নিৰ্মিত হৈ গৈছে।
সৰ্বসাধাৰণক চুব পৰা, জনপ্ৰিয় হোৱা ভাল চিনেমা নিৰ্মাণ হওঁক অসমত। তৃণমূল পৰ্যায়ৰ মানুহকেই যদি চুব নোৱাৰে ভাল বাৰ্তা থাকিলেও সেইখন চিনেমাৰ সামাজিক মূল্যায়ন শূণ্য; তাৰ পৰা কাৰো একো লাভ নহয়। নিজৰ বিফলতা লুকুৱাবলৈ প্ৰযোজক পৰিচালকে দৰ্শকৰ জাতীয় চেতনাহীনতাৰ ওপৰত টিপ্পনী কাটি আত্মসন্তুষ্টি লাভ কৰিব পাৰে; পিছে সেয়াই জানো শিল্পীৰ দায়িত্ব হয়?
লাগে মাত্ৰ এটা স্পষ্ট দৃষ্টিভংগী, এটা স্পষ্ট আদৰ্শগত স্থিতি আৰু সৃজনীশীলতা।
চাৰ্লি চেপলিনৰ জীবন বীক্ষাই আমাৰ পাথেয় হ’ব পাৰে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments