অসমীয়া চিনেমাৰ সোণালী দিনৰ আশাত (অয়ন উত্তম)

অসমীয়া চিনেমাৰ সোণালী দিনৰ আশাত

অয়ন উত্তম

 

সৰুতে দেউতাই যেতিয়া ইংৰাজী ‘গ্ৰামাৰ’ পঢ়ুৱাইছিল… মনত আছে, এটা বাক্য জোৰ দি মোৰ মগজত সুমুৱাই দিবলৈ চেষ্টা কৰিছিল… ‘See a movie’ কেতিয়াও নহয়, ‘Enjoy a movie’। বাক্যটো মোৰ মগজত সোমাল যদিও কিয় ‘See’ নহয়, ‘Enjoy’ হ’ব লাগে, মোৰ সৰু মগজে তেতিয়া ঢুকি পোৱা নাছিল। লাহে লাহে ডাঙৰ হৈ আহিলোঁ আৰু চিনেমাৰ নিচা বাঢ়ি আহিবলৈ ধৰিলে। আৰু গম পালোঁ ‘Enjoy’ (উপভোগ) শব্দটো ছবিৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য হয়।

এখন ছবি শেষ হোৱাৰ পিছত ছবিঘৰৰ পৰা ওলোৱা দৰ্শকক যদি প্ৰশ্ন কৰা হয়- ‘কেনে পালে চিনেমাখন?’, উত্তৰ ভিন ভিন হোৱাই স্বাভাৱিক। ‘বেলকনী’ৰ কোমল গাদীত বহি ছবি উপভোগ কৰা দৰ্শকৰ পৰা উৰহৰ কামোৰ খায়ো ‘ছেকেণ্ড ক্লাছ’ত ছবি উপভোগ কৰা দৰ্শক এজনৰ মত ভিন্ন হোৱাই স্বাভাৱিক। তেওঁলোকে ছবিখন উপভোগ কৰিবলৈ গৈছিল, দুই-আঢ়ৈ বা তিনি ঘণ্টা সময় ছবিখনৰ সৈতে একাত্ম হোৱাৰ স্বাৰ্থতেই নিজৰ ব্যয়সাধ্য অনুসৰি ‘টিকট’ৰ নামত টকা দিছে। এতিয়া পৰিচালকে প্ৰতিজন দৰ্শকৰ মন-মগজত প্ৰভাৱ পেলাব পৰাকৈ বা ৰুচি অনুযায়ী ছবি নিৰ্মাণ কৰে কেনেকৈ? সেয়া এক ডাঙৰ প্ৰশ্ন; উত্তৰটোও সহজ নহয়। তথাপিও পৰিচালক-প্ৰযোজকে চেষ্টা কৰে, ছবিখন চলক, দৰ্শক আহক, ‘হাউছফুল’ হওক আৰু হৰ্ষবদনে দৰ্শক ঘৰলৈ উভতি যাওক। তথাপি….?

‘চাৰ্টিফিকেট’ প্ৰদৰ্শন কৰি চিনেমাখন আৰম্ভ হোৱাৰ পৰা ‘কাহিনীৰ গতি’, ‘ক্লাইমেক্স’ ‘মধ্যান্তৰ’ৰ পৰা ‘সমাপ্ত’লৈকে এজন দৰ্শক ছবিখনৰ সৈতে জড়িত হৈ পৰে। আৰু ‘সমাপ্ত’ৰ সময়ত যদি এজন দৰ্শকে অনুভৱ কৰে- ‘আৰু অকণমান চাব পৰাহেঁতেন ভাল লাগিলহেঁতেন’- এয়াই হৈছে পৰিচালকৰ সাফল্য, এখন ভাল ছবিৰ গুণ বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। এই ‘ভাল লগা’খিনিয়েই এখন চিনেমাৰ ‘উপভোগ্য’ সম্পদ। কিন্তু এখন ছবিৰ মাজে মাজে যদি দৰ্শকে আসন এৰি উঠি চিত্ৰগৃহৰ বাহিৰলৈ উঠি আহিবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হয়, সেয়া সফল ছবিৰ মাপকাঠি হ’ব পাৰে জানো?

‘অসমীয়া ছবি হলত নচলে’- এটা ডাঙৰ দুখ, এটা ডাঙৰ প্ৰশ্ন। উত্তৰো ভিন ভিন্। দৰ্শকৰ উত্তৰৰ সৈতে পৰিচালক-প্ৰযোজকৰ উত্তৰৰ অমিল, ‘হল’ৰ মালিকৰ সৈতে পৰিচালকৰ উত্তৰৰ অমিল আৰু ‘বিতৰক’ৰ সৈতে ‘হল’ৰ মালিকৰ উত্তৰৰ অমিল। কৰণীয়খিনি কৰি থকা হৈছে ‘হল’লৈ মানুহ টানিবলৈ, তথাপিও যেন ‘ফল শূন্য’ পৰিস্থিতি।
১৭ মে’, ২০১৩ (শুকুৰবাৰে) গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ আধাৰত নিৰ্মিত, নিৰি প্ৰডাকশ্যনৰ নিবেদন, জয়ন্ত খাউণ্ডৰ প্ৰযোজনা তথা জোনমণি দেৱী খাউণ্ডৰ পৰিচালনা-চিত্ৰনাট্য-পৰিকল্পনাৰে নিৰ্মিত ‘তুলা আৰু তেজা’ৰ ভিচিডি। ছবিখনে মুক্তি পাইছিল ২০১২ চনৰ ১৩ এপ্ৰিল তাৰিখে। প্ৰিমিয়াৰ শ্ব’ উপভোগ কৰাৰ সুবিধা পাইছিলোঁ গুৱাহাটীৰ অনুৰাধা চিত্ৰগৃহত। কিন্তু দুসপ্তাহত কেইটামান দৰ্শনী চলাৰ পিছতেই প্ৰেক্ষাগৃহৰ পৰা উধাও হয় ‘তুলা আৰু তেজা’। ৰাজ্যৰ ভিন ভিন প্ৰেক্ষাগৃহতো সেই একেই অৱস্থা, খুব বেছি তিনি সপ্তাহ। কিন্তু ইমান ‘পেলাই’ দিবলগীয়া ছবি নাছিল ‘তুলা আৰু তেজা’। কাৰিকৰী দিশৰ পৰা উন্নত, সাজসজ্জা চালে চকু ৰোৱা, কাহিনীৰ কথা নক’লোঁৱেই বাৰু, কাৰণ সাহিত্যৰথীৰ ‘বুঢ়ী আইৰ সাধু’ৰ ‘তুলা আৰু তেজা’ৰ কাহিনী অসমৰ প্ৰতিজন লোকেই অলপ হ’লেও জানে। ‘এলাগী’ৰ প্ৰতি ‘লাগী’ৰ শত্ৰুতা, ‘এলাগী’ক কাছলৈ পৰিৱৰ্তন, তেজা আৰু কানাইৰ মাতৃপ্ৰেম, ৰজাৰ তেজাৰ প্ৰতি ভালপোৱা, মাহীআইৰ শত্ৰুতা আৰু শেষত ৰজাৰ সুবিচাৰ, মুঠতে এটা মনোৰম আৰু নিটোল কাহিনী। বিদ্যা ৰাও, গীতাৱলী ৰাজকুমাৰী, বৰ্ণালী পূজাৰী, অৰুণ নাথৰ লগতে ভালেকেইজন দক্ষ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ‘তুলা আৰু তেজা’ত। চিত্ৰনাট্যৰ ৰূপ দিয়াত কৃপণালি কৰা নাছিল পৰিচালকে। তথাপিও হলৰ পৰা ছবিখন সোনকালেই উধাও হ’ল। কিন্তু অসমৰ গাঁৱে-ভূঞে, চুকে-কোণে থকা লোকসকলে আশা কৰে, ‘তুলা আৰু তেজা’ৰ চিত্ৰৰূপ চাবলৈ। আৰু তাৰেই ফলশ্ৰুতিত পৰিচালকে ‘ভিচিডি ফৰ্মেট’ত ৰাইজলৈ উপহাৰ দিলে ‘তুলা আৰু তেজা’ক। মনোবেদনা পৰিচালকৰো আছে, ‘হল’ত নচলাৰ দুখ, ৭৫ লাখৰো অধিক টকা খৰচ কৰি ৩৫ মিঃমিঃ কেমেৰাত (34.98 ±0.03 mm) নিৰ্মিত ছবিখন ভিচিডিলৈ ৰূপান্তৰ কৰাৰ দুখ- তথাপিও আনন্দ এয়াই যে এইবাৰ অসমৰ ৰাইজে ‘ভিচিডি’ত হ’লেও ঘৰত বহি উপভোগ কৰিব পাৰিব ছবিখন। মূল্য ৯৯ টকা যদিও পাইৰেচী ৰোধ কৰাৰ বাবে যি ফৰ্মেট ব্যৱহাৰ কৰা হৈছে, তালৈ লক্ষ্য ৰাখি মূল্য বেছি হোৱা নাই বুলি ভাবোঁ। ইণ্টাৰনেটত ইংৰাজী, হিন্দী, বাংলাকে আদি কৰি তামিল, তেলুগু যিকোনো ভাষাৰ ছবি ‘ডাউনলোড’ কৰি চোৱাৰ শতাধিক ‘লিংক’ পোৱা যায়, কিন্তু অসমীয়া ছবি চিত্ৰগৃহত উপভোগৰ সুবিধা নাপালে একমাত্ৰ আশা- ভিচিডি বা ডিভিডি ৰূপ পোৱালৈ অপেক্ষা কৰা। অন্ততঃ এই আশাক ‘পাইৰেচী’ৰ ৰূপ নিদিয়াকৈ আকোঁৱালি ল’ব লাগে। আশাকৰোঁ, ৰাইজে আদৰি ল’ব ‘তুলা আৰু তেজা’ৰ ভিচিডিখন।

ভিচিডি উন্মোচনী সভাত উপস্থিত থাকি অসমীয়া ছবি জগতৰ পুৰোধা ব্যক্তি অভিনেতা শ্ৰীযুত বিজু ফুকনদেৱৰ মন্তব্যই কিছু ভবাই তুলিলে যে ”ডিজিটেল চিনেমা’ই অসমীয়া ছবি জগতলৈ অন্ধকাৰ নমাই আনিছে। কাৰণ মুম্বাইত থকা ‘বিতৰকে’ নিয়ন্ত্ৰণ কৰে অসমত অসমীয়া ছবি কেইটা বজাত চলিব, কেইটা দৰ্শনী চলিব ইত্যাদি”। বুৰঞ্জীপ্ৰসিদ্ধ ‘মোশ্যন পিকছাৰ চিনেমা’ৰ বিপৰীতে ‘ডিজিটেল চিনেমা’, ছবি বিতৰকেই নিৰ্ধাৰণ কৰে এখন ছবিৰ আয়ুসকাল। চিন্তনীয় বিষয়। সভাত ভালেকেইগৰাকী বক্তাই মতামত দিয়ে হিন্দী বনাম অসমীয়া ছবিৰ পাৰ্থক্য, চলা-নচলা সন্দৰ্ভত। এগৰাকী বক্তাৰ মন্তব্যই মন চুই গ’ল- ‘এক থা টাইগাৰ’ৰ লেখক আৰু ‘তুলা আৰু তেজা’ৰ লেখকৰ মাজত আকাশ-পাতাল পাৰ্থক্য, সেই দিশলৈ মন দিলেই সচেতন দৰ্শকে বুজি পাব কিয় চাব লাগে ‘তুলা আৰু তেজা’। এগৰাকী অধিবক্তা বক্তাই ‘হাঁহি’ৰ বিষয়ে সাৰুৱা মন্তব্য দিয়াৰ লগতে লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়াক হাঁহিবলৈ সুযোগ দিয়া অৰিহণাৰ কথা ‘হাঁহিৰেই’ বুজাই দিয়ে।

এইখিনি দেখি-শুনি মনলৈ ভাল ভাৱ আহে, অসমীয়া ছবি নচলাৰ কাৰণ যিয়েই নহওক, অসমীয়া ছবি চাবলৈ বহু দৰ্শক এতিয়াও আগ্ৰহী। কিন্তু নিৰ্মাণ হ’ব লাগে ‘উপভোগ্য’ অসমীয়া চিনেমা। ‘হাউছফুল’ নালাগে, লাগে এক চতুৰ্থাংশ দৰ্শকেই যেন প্ৰফুল্লচিত্তে চিত্ৰগৃহৰ পৰা ওলাই আহে। সেই এক চতুৰ্থাংশ দৰ্শকেই আন এক চতুৰ্থাংশ দৰ্শকক ছবিখন উপভোগ কৰিবলৈ আগ্ৰহী কৰি তুলিব। আশাকৰোঁ ঘূৰি আহক অসমীয়া চিনেমাৰ সোণালী দিন।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক