অসমীয়া চিনেমা-নাটকৰ কমেডী ভাষা! (আবিদ আজাদ)

comedy bhaxa

নলবৰীয়া, বৰপেটীয়া, গোৱালপৰীয়া, বড়ো আদি অসমৰ থলুৱা ভাষাবোৰক যে এতিয়াও অ-সম্ভ্ৰান্ত, বহুৱালিপূৰ্ণ ভাষা হিচাপে গণ্য কৰা হয় তাৰ উৎকট উদাহৰণ হৈছে অসমীয়া মনোৰঞ্জনধৰ্মী চেনেল কেইটাত চলি থকা খুহুতীয়া নাটক কেইখনমান আৰু কিছুমান ভি,চি,ডি চিনেমাবোৰ।
নাটকৰ পৰিচালক বা স্ক্ৰীপ্ট লিখকৰ বাবে কমেডী দেখুওৱাৰ আটাইতকৈ সহজ সস্তীয়া উপাদান যেন বৰপেটীয়া, নলবৰীয়া বা বড়ো ভাষা কেইটাই। বুজা নাযায়- এয়া পৰিচালকৰ অজ্ঞতা নে অসচেতনতা নে অপচেষ্টা! নে দৰ্শকৰ ডিমাণ্ড হে?

কেইদিন মান পূৰ্বে তেনে এক টিভি চেনেলত হঠাৎ চকু পৰিল। মেখেলা-চাদৰ পিন্ধা এগৰাকী অসমীয়া যুৱতী। কমেডী চৰিত্ৰৰ ভাওঁ দিছে। কিন্তু অতি আচৰিত ভাৱে পৰিচালকে তেওঁৰ মুখেৰে কোৱাইছে- বড়ো সুৰৰ অসমীয়া কথা! অসমীয়া গাভৰুৰ মুখত বড়ো সুৰৰ অসমীয়া ভাষা। হজমেই নহয় কথাটো। মানে যেনেকৈ নহওক দৰ্শকক হঁহুৱাব লাগে। ইমান বিৰক্তি পালোঁ যে লগে লগে চেনেল সলাই দিলোঁ।

এইবোৰ চেনেল চাই চাই দৰ্শকৰ (মানুহৰ) মনত এনেকুৱা এক ধাৰণা হৈ পৰিছে যে অসমীয়া ছবি বা নাটকত বড়ো বা বৰপেটীয়া সুৰত মাত মতা মানেই সেয়া এটা কমেডি চৰিত্ৰ! যেন বৰপেটীয়া বা বড়ো লোকসকল বাস্ত‌ৱ জীৱনতো একোজন মস্ত কমেডিয়ান! এয়া কোনো এদিনীয়া বা ব্যতিক্ৰমী ঘটনা নহয়, এয়া এক নিয়মীয়া ধাৰালৈ পৰ্যবেসিত হৈ পৰিছে। এইবোৰ কোনো শেহতীয়াকৈ অহা নতুন কৰ্ম-কাণ্ডও নহয়। ব্যক্তিগত চেনেল, ভিচিডি আদি নথকা দিনত অডিঅ’ কেচেট বোৰত শুনিবলৈ পাইছিলোঁ তেনে কিছুমান কৌতুক। আচলতে সেইবোৰক কৌতুক কোৱা নাযায়, বহুৱালি বুলি কোৱাহে সমীচিন হ’ব। যিদৰে ‘শ্বোলে’ চিনেমাত চুৰমা ভোপালী আৰু দাৰোগাৰ ভাওত ক্ৰমে জগদীপ আৰু আচৰানীয়ে কৌতুকৰ নামত কৰিছিল বহুৱালি।

এই কৌতুক চৰিত্ৰবোৰৰ দ্বাৰা থলুৱা ভাষাবোৰক তুচ্ছাৰ্থততো দেখুওৱা হৈয়েই; শব্দৰ বাচনিবোৰো হয় অতি নিম্ন খাপৰ। সকলো সীমা চেৰাই গৈ হগা-পদা কথাবোৰেৰেও দৰ্শকক চুৰচুৰিয়া মনোৰঞ্জন দিবলৈ প্ৰয়াস কৰা হয়। কিমান নিম্ন স্তৰৰ স্ক্ৰীপ্ট লিখক বা পৰিচালক হ’লে এইবোৰ কাম কৰিব পাৰে বাৰু! অসমৰ অতি স্পৰ্শকাতৰ বিষয়বোৰৰ ভিতৰত ভাষাও এটা বিষয়। বিশেষকৈ ভাষাক লৈয়েই এসময়ৰ বৰ-অসম আজি খণ্ড-বিখণ্ড। জাতি-জনগোষ্ঠীৰ মাজত ঘৃণা, অৰিয়া-অৰি। ভ‌ৱেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা আদি পৰিচালকৰ ছবিতো কৌতুক চৰিত্ৰ থাকে; কিন্তু তেওঁলোকে কেতিয়াও কোনোবা থলুৱা বা জনজাতীয় ভাষাক আহিলা হিচাপে লৈ তৰল হাঁহিৰ খোৰাক দিয়া দেখা নাযায়।

সম্প্ৰতি প্ৰচলিত তেনে কৌতুক চৰিত্ৰবোৰ কাহিনীৰ প্ৰয়োজনত অন্তৰ্ভুক্ত কৰা যেনও বোধ নহয়। কেৱল এক তৰল ৰস সৃষ্টি কৰিবলৈয়ে কৰা যেন এক অজ্ঞাত জাতি-ধ্বংসী প্ৰয়াস। এনে ছবি বা নাট নিৰ্মান কৰা ‘শিল্পী’ নামধাৰী নিৰ্মাতা-পৰিচালক সকলক কেতিয়াবা প্ৰশ্ন কৰিব মন যায়- আপোনালোকে আপোনালোকৰ ভিডিঅ’ত বহুৱা চৰিত্ৰটোৰ বাবে বৰপেটীয়া, কামৰূপীয়া বা বড়ো কথা কোৱা লোকহে কিয় বিচাৰি উলিয়ায়; তেনে কথা কোৱা লোকৰ মূল চৰিত্ৰ বা ছিৰিয়াছ চৰিত্ৰও কেইটামান ৰাখিব নোৱাৰে নে?
কেতিয়াবা ভাৱ হয়- অনা-অসমীয়া কোনোবা নাটকত যদি আটাইতকৈ বহুৱা চৰিত্ৰটোক বুজাবলৈ অসমীয়া কথা কোৱাবলৈ লোৱা হয় আৰু বাৰে বাৰে তদ্ৰুপ প্ৰচেষ্টা চলি থাকে আমাৰ অসমীয়া দৰ্শকৰ কেনে লাগিব বাৰু! অসমীয়া ভাষাটোক অনা-অসমীয়াই তাচ্ছিল্য কৰা যেন নালাগিব নে! বলিউডৰ হিন্দী চিনেমা বোৰত যে নেপালী লোকক দেখুৱালে সদায় চকীদাৰৰ ৰূপত- “চালাম চাব”- বুলি দেখুৱাই সেয়া গোৰ্খা-নেপালী সকলৰ বাবে কম উপলুঙা নে! যেন থাপা বা ছেত্ৰী মানেই কোনোবা চাহাবৰ চকীদাৰ!
কেন্দ্ৰীয় পৰ্যটন বিভাগৰ “অতুল্য ভাৰত” (Incredible India) অভিযানৰ প্ৰাৰম্ভিক কালচোৱাত ভাৰতবৰ্ষৰ বা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ বৈশিষ্টতা বিশ্ববাসীক দেখুৱাবলৈ গৈ সদায় কেৱল অৰ্ধ-উলংগ পোচাকৰ লোক সকলক বা নৃত্যৰতা যুৱক-যুৱতীবোৰক দেখুৱাই থকা বাবে এচাম লোকে আক্ষেপেৰে প্ৰশ্ন উত্থাপিত কৰিছিল- “আমাক বাৰু সদায় তেনেকৈয়ে সেই প্ৰিমিটিভ ৰূপতেই দেখুৱাই থাকিব নেকি? আমিও আধুনিক হৈছো। আমাৰ পৰিচয় কেৱল সেয়াই নহয়!!”
জানিয়ে হওক বা নাজানিয়ে হওক, একশ্ৰেণী মূলধাৰাৰ লোকৰ দ্বাৰা যুগে যুগে লাঞ্চিত-বঞ্চিত হৈ অহা জাতি-জনগোষ্ঠীৰ লোক সকলক নাটক বা ছবিত উপস্থাপন কৰিবলৈ গৈ সস্তীয়া কমেডিয়ানৰ ভাও দিলে পুনৰ বাৰ তেওঁলোকক ঠাট্টা-অপমান কৰা যেন বোধ হয়। অসমৰ তথাকথিত মূলসূঁতিৰ শিল্পী সমাজে এই কথা যিমান সোনকালে বুজি উঠিব, দেশৰ বাবে সিমানেই মঙ্গলজনক। বৰপেটীয়া বা নলবৰীয়া কথাকোৱা মানুহক কাহিনীৰ অযথা প্ৰয়োজনত বাৰে বাৰে কেৱল কমেডিয়ান বনালে যিদৰে ব্যথিত হওঁ, তেনেকৈ বড়ো চৰিত্ৰ এটাক মদাহী, লম্পট, বেঙা সাজিলেও ব্যথিত হওঁ।

কমেডিৰ নামত অসমৰ থলুৱা আৰু জনগোষ্ঠীয় ভাষাকলৈ উপলুঙা সূচক বহুৱালি বহু হ’ল। মানিছো এইবোৰ লাকাম লগোৱাকৈ অসমত কোনো “হেডছাৰ” নাই। দৰ্শক আৰু ৰুচিশীল শিল্পী সমাজে লগ লাগিয়েই তেনে এক বাতাবৰণৰ সৃষ্টি কৰিব লাগিব- অনতিবিলম্বে। ৰুচিপূৰ্ণ আৰু সুস্থ কমেডিৰ পৰাও দৰ্শকে ৰস লব জানে। আমাক কেৱল লাগে এক সুস্থ বাতাবৰণহে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments