অসমীয়া চিনেমা, মহাৰথী আৰু কানীন -সমাদৃতা গোস্বামী

প্ৰত্যেক মানুহৰে ৰুছিবোধ ভিন ভিন৷ মই কি খাম, কি পিন্ধিম, কোনখন কিতাপ পঢ়িম, কোনখন চিনেমা চাম সেয়া মোৰ একান্তই ব্যক্তিগত বিষয়৷ কিন্তু, আনে “ভাল” বুলি কোৱা বস্তুলৈ মানুহৰ আগ্ৰহ জন্মে আৰু তাৰ সোৱাদ ল’বলৈ চেষ্টা কৰে৷ দক্ষিণৰ চিনেমা চাই ভালপোৱা মানুহ এজনে ইউটিউবত বিচাৰি খোঁচৰি ব্যস্ততাৰ মাজতো অভিনেতা আলু অৰ্জুনৰ চিনেমা চায়৷ প্ৰিয় লেখকৰ নতুন কিতাপ ওলালেও পাঠকে বিচাৰি খোঁচৰি কিনে৷ মানুহৰ ৰুচিবোধক জোৰ জুলুম কৰি সলাব নোৱাৰি৷ অৱশ্যে যেতিয়া অকস্মাতে বা পৰিস্থিতিত পৰি আগতে নেদেখা, নোচোৱা, নোখোৱা বস্তুৰ সোৱাদ পায়, আৰু সোৱাদটো ভাল পায়, তেতিয়া সেই বস্তুৱেই মানুহজনৰ পৰৱৰ্তী কালত প্ৰিয় বস্তু হৈ পৰে৷ অৰ্থাৎ, মানুহজনে বস্তুটো ভাল পালেহে ৰুছিবোধ সলনি হয়৷ অসমীয়া চিনেমা চাই বেয়া পোৱা মানুহ এজনক অসমীয়া চিনেমা এখন চাবলৈ হাজাৰটা যুক্তি দিয়া আৰু গৰুৰ আগত টোকাৰী বোৱা একেই কথা৷ অসমীয়া চিনেমা চাই অসমীয়াই কিয় বেয়া পায়? আচলতে, চিনেমা উদ্যোগ এটা জীয়াই থাকক বুলিয়েই যিকোনো চিনেমা এখন চাবলৈ কোৱা মানে দৰ্শকৰ পৰা পুতৌ বিচৰা বাদে একো নহয়৷ কাৰণ, মানুহে মনোৰঞ্জনৰ কাৰণেই আজৰি সময়ত চিনেমা চায়৷ এতিয়া মনোৰঞ্জন কৰিবলৈ গৈ সকলোৱে নিশ্চয় “উদ্যোগ এটা জীয়াই থাকক” ভাবি হা-হুমুনিয়াহ কাঢ়ি চিনেমা হলত বহি নাথাকে, বা সৱ মানুহে আনকো নকয় যে “যা, যা, উদ্যোগটো বচাগৈ, চিনেমাখন চাই আহ”৷

গতিকে এটা কথা নিশ্চিত যে চিনেমাখন ভাল হ’বই লাগিব৷ ভাল বোলোঁতে কেৱল মানুহৰ ৰুছিবোধকহে গুৰুত্ব দি বনোৱা চিনেমাৰ কথা কোৱা নাই৷ কিয়নো ব্যক্তিবিশেষে যিদৰে মানুহৰ ৰুছিবোধ বেলেগ, ঠাই বিশেষেও এই ৰুছিবোধৰ ভিন্নতা আছে৷ বেছিভাগ অসমীয়া মানুহে বিহুসুৰীয়া গীত ভাল পায়৷ বিহুসুৰীয়া গীতৰ সৃষ্টিয়েই যদি গায়ক এজনৰ লক্ষ্য হয়, তেন্তে বেছিভাগ শ্ৰোতাই তেওঁক ভালপোৱাটো নিশ্চিত৷ কিন্তু, সেইবুলি গায়কজনে যদি পাহৰি যায় যে সকলো প্ৰকাৰৰ গীতেহে সকলোৰে হৃদয় চোৱে, তেন্তে তেখেত কোনোদিন সকলো মানুহৰ হৃদয়ত বাস কৰিব নোৱাৰিব৷ বিহু ভালপোৱা মানুহেও নিৰলে নিৰৱে মৃদু সংগীত শুনে৷ জনপ্ৰিয় হোৱাৰ লক্ষেৰে যদি গায়কজনে বিহুৱেই গাই থাকে, তেন্তে গায়কৰ পৰা শিল্পীলৈ তেওঁ কেতিয়াও উধাব নোৱাৰে৷

অসমীয়া চিনেমাৰ বৰ্তমান অৱস্থাৰ কথা সকলোৱে জানে৷ “অসমীয়া চিনেমা এখন চিনেমা হলত চলক” বুলিয়েই অত্যাধিক প্ৰচাৰত লগা মানুহো আছে৷ কিন্তু দৰ্শকে যেতিয়া টেঙা আমকে খাবলৈ পায় তেতিয়া বাৰে বাৰে টেঙা আম খাবলৈ কোনো ৰাজি নহয়৷ মুঠতে জোৰ-জবৰদস্তিৰে মানুহক একো বস্তুৰে সোৱাদ দিব নোৱাৰি৷ সহজকৈ ক’বলৈ গ’লে, মানুহক বলিউদৰ স’তে ফেৰ মৰা এখন চিনেমা লাগে, যিখন চাই মানুহে আমনি নাপায়৷ এই লেখাৰ উদ্দেশ্য হ’ল টেঙা আম ভাবি যদি অসমীয়াই কানীন ছবি খন নোচোৱাকৈ থাকে, তেন্তে দৰ্শকে বৰ ডাঙৰ সুযোগ এটি হেৰুৱাব৷
ইমানখিনি পাতনিৰ অন্ততঃ মূল কথালৈ আহোঁ৷ কানীন নামৰ চিনেমাখন হলত চাওঁতে কিছু চেঙেলীয়া ডেকা আমি বহা আসনৰ ওচৰতে বহিছিল৷ “মানুহজনীৰ একটিং কিন্তু মানিছোঁ দেই” সেয়া আছিল ছবিখনৰ মূখ্য চৰিত্ৰ মন্দিৰাৰ নাম ভূমিকাত অভিনয় কৰা ডা° জাহানাৰা বেগম বাইদেউৰ প্ৰতি কৰা তেওঁলোকৰ মন্তব্য৷ ৰাজীৱৰ কথা-বাৰ্তা বোৰ শুনি সিহঁতে খুকখুকাই হাঁহিছিল৷ এজন বয়সীয়াল মানুহ আমাৰ কাষতে বহিছিল৷ ক’লে “আজি চল্লিশ বছৰৰ মূৰত চিনেমা হললৈ আহিছোঁ৷ ভাল চিনেমা হেনো”

স্কুলীয়া ছোৱালীৰ বয়সৰ মন্দিৰাই যেতিয়া নাৰী-পুৰুষৰ বিশেষ মূহুৰ্তটো নিজ চকুৰে দেখি উত্তেজিত হৈছিল, কোনো এজন চেঙেলীয়া বয়সৰ দৰ্শকে কিৰিলিউৱা নাছিল৷ আনকি, কোনো এজন মানুহকে আমি হামিয়াই হিকতিয়াই অসমীয়া চিনেমাৰ প্ৰতি তিৰ্যক মন্তব্য দিয়া নুশুনিলো৷ আমাৰ তিনিবছৰীয়া ছোৱালীজনী হলৰ ভিতৰতে ইফালে সিফালে দৌৰি ফুৰিছিল কাৰণে এনে মন্তব্যবোৰ শুনাৰ বা মানুহৰ অভিব্যক্তি দেখাৰ সৌভাগ্য হ’ল৷ কানীন চিনেমাখন ড°ৰীতা চৌধুৰী বাইদেউৰ “ৰাজীৱ ঈশ্বৰ” নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে আৰু চিনেমা খন প্ৰযোজনা কৰিছে ডা°গোপেন্দ্ৰ মোহন দাস চাৰে৷

মন্দিৰাই নিজ হাতেৰে বনাই অনা ৰুটি ভাজি যেতিয়া ৰাজীৱে খায় আৰু মাকে তালৈ একেথিৰে চাই থাকে আৰু ঠিক সেইসময়তে তৰালী শৰ্মাৰ কন্ঠেৰে নিগৰা গীতৰ কলিয়ে প্ৰত্যেকজন দৰ্শকক মন্দিৰাৰ মানসিক অন্তৰ্দ্বন্দ্বৰ মাজত পোৱা সাময়িক সকাহৰ উমান দিবলৈ সক্ষম হয়৷ আচলতে, কোনো মানুহেই এনে অন্তৰ্দ্বন্দ্বৰ পৰা মুক্ত নহয়৷ মন্দিৰাৰ কাৰণে এই অন্তৰ্দ্বন্দ্বৰ উৎস যি, অন্য এজনৰ কাৰণে সেই উৎস ভিন৷ কিন্তু মানসিক অৱস্থা একেই। নিজৰ জীৱনৰ কিছু সত্য অথচ সামাজিক ভাবে স্বীকাৰ কৰিব নোৱাৰা বা আনক মুকলিকৈ কৈ দিব নোৱাৰা কথাক নিৰৱে বুকুত লৈ ফুৰি যি যাতনাৰে মানুহ এজনে জীৱন গৰকে, সেই যাতনাক দৰ্শকে মন্দিৰাৰ যোগেদি উপলব্ধি কৰিব আৰু সেই কাৰণেই একে আষাৰে ক’ব পাৰি “কানীন” চোৱা মানে জীৱনৰ সত্যক আকৌ এবাৰ জুমি চোৱা৷ চন্দ্ৰপ্ৰসাদ শইকীয়া চাৰৰ মহাৰথী গ্ৰন্থখন যি পঢ়িছে তেওঁলোকে কৰ্ণৰ সেই “মাতৃৰ দ্বাৰা বৰ্জিত” ভাৱৰ পৰা উদ্ভৱ হোৱা অসহায় অৱস্থাৰ কথা হৃদয়ংগম কৰিছে৷ সূৰ্য পুত্ৰ হৈও, কুন্তীৰ গৰ্ভজাত সন্তান হৈও সুতপুত্ৰ বুলি আনৰ ঠাট্টা-মস্কৰাৰ বলি হোৱা কৰ্ণই ভুল বুলি জানিও দুৰ্যোধনৰ সংগী হয় আৰু চিৰজীৱন নিজৰ জন্মৰহস্যক লৈ এক মানসিক অস্থিৰতাৰে জীৱন কটায়৷ “কানীন” চিনেমাখনত দৰ্শকে কুন্তীৰ সেই মানসিক অৱস্থাক অনুভৱ কৰিব৷ কৰ্ণও নিজৰে পুত্ৰ যদিও, কুৰুক্ষেত্ৰ যুদ্ধত কুন্তীয়ে কৰ্ণক অৰ্জুনৰ জীৱন ভিক্ষা কৰিছিল৷ কানীনৰ কাহিনীটোও পৰিচালকে ৰাজীৱক মাকৰ কোলাত শুই থকাৰ দৃশ্য এটাৰে শেষ নকৰিলে৷ যি ব্যৱস্থা সমাজত বৈধ সেই ব্যৱস্থাৰে মানুহ দাস৷ কুৰুক্ষেত্ৰৰ যুদ্ধতো শেষ সত্য এয়াই আছিল যে কুন্তী পুত্ৰ হৈও কৰ্ণই প্ৰথম পাণ্ডৱৰ মৰ্যাদাৰে জীয়াবলৈ নাপালে৷ কুন্তীয়ে কৰ্ণক জেষ্ঠ ভ্ৰাতা বুলি যুধিষ্ঠিৰ সহিতে চাৰি পুত্ৰৰ আগত চিনাকী দিয়া হ’লে বা পাণ্ডৱে এই সত্য জনা হ’লে কুৰুক্ষেত্ৰ যুদ্ধ নহয়৷ কিয়নো যুদ্ধ পৰিহাৰ কৰি যুধিষ্ঠিৰে সন্যাস ল’লেহেতেন৷ কিন্তু ব্যাস মুনি, পিতামহ ভীষ্ম, বাসুদেৱ কৃষ্ণৰ মতে “ধৰ্ম প্ৰতিষ্ঠাৰ অৰ্থে যুদ্ধ হ’বই লাগিব”৷ এই ব্যাখ্যা মহাৰথী গ্ৰন্থত আছে৷ যি কথাত সৱৰে মংগল, সেই কথাক আঁকোৱালি ল’লেহে আচলতে জীৱন আগবাঢ়ে৷ মন্দিৰাই ইমান দূৰ আগুৱাইও থমকি ৰ’ল কিয়? এই প্ৰশ্নৰ উত্তৰ আমি প্ৰত্যেকেই নিজৰ জীৱন ফঁহিয়াই চালেই পাম৷ যিদিনা মন্দিৰাই ৰাজীৱক ঘৰলৈ নি সকলো কথা পৰিয়ালক/ৰাজীৱক ক’ম ভাবিছিল সেইদিনাই মন্দিৰাৰ পুতেকৰ পৰীক্ষাত ভাল ৰিজাল্টে, ঘৰত মিদিয়া আৰু মানুহৰ ভিৰে মন্দিৰাক পিছ হোঁহকিবলৈ বাধ্য কৰে৷

চিনেমাখনত পৰিচালকে মন্দিৰাৰ স্বামী অভিজিতক খুব খোলা মনৰ যেন দেখুৱাইছে, যি অহৰহ ল’ৰা-ছোৱালী আৰু পত্নীৰ সৰু সৰু কথাবোৰকো গুৰুত্ব দিয়ে আৰু বুজে৷ চিনেমাখনত পৰিচালকে অভিজিতৰ পুতেকক মাক দেউতাকৰ অবাধ্য নাই দেখুওৱা, মন্দিৰাকো খুব পৰিয়াল সচেতন আৰু এগৰাকী মৰমিয়াল মহিলা ৰূপে দেখুৱাইছে৷ কিন্তু যি যমৰ যাতনা মন্দিৰাই বুকুত লৈ জীয়াই আছে সেই যাতনা প্ৰকাশিত হ’লে তেওঁৰ সুখী পৰিয়ালটো থানবান নহ’বনে? এই সংশয় মনত লৈয়ো মন্দিৰাই সাহসেৰে ৰাজীৱক বিচাৰি উলিয়ায়৷ কিন্তু পৰিশেষত মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনাৰ পৰিয়ালৰ উৎসাহ এক বাধা হৈ পৰে৷ চিনেমাখন চাওঁতে দৰ্শকে লক্ষ্য কৰিব যে ৰাজীৱৰ সন্মোহনত মন্দিৰা নামৰ মানুহজনীয়ে খাবলৈ শুবলৈ পাহৰিছিল, আনকি পুত্ৰৰ যে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেয়াও তেওঁ নাজানে৷ এই দৃশ্যটো পৰিচালকে খুব সুন্দৰকৈ কেমেৰাত বন্দী কৰিছে৷ মন্দিৰাই অভিজিতক কয় “কালিলৈ আগবেলা ঘৰত থাকিব পাৰিবা নেকি?” এই এটা প্ৰশ্নই প্ৰমাণ কৰে মন্দিৰাই নাজানে যে পিচদিনা পুতেকৰ মেট্ৰিকৰ ৰিজাল্ট দিব৷ সেই সময়ত দৰ্শকেও নাজানে যিহেতু মন্দিৰাৰ স্বামী অভিজিত নিমাতে থাকে৷ আমাৰ বোধেৰে সন্তানৰ ৰিজাল্ট দিয়াৰ দিনটোও মনত নৰখা মন্দিৰাক জানি বুজিয়ে অভিজিতে কথাটো মনত নেপেলালে৷ হয়তো খঙত, অভিমানত বা মন্দিৰাৰ কাৰবাৰবোৰ দেখি দেখি অত্যাধিক আমনি পাইহে অভিজিত নিৰৱে থাকে৷ আমাৰ দৈনন্দিন জীৱনতো কেতিয়াবা এনেকুৱা নহয়নে? নিজৰ বুলি ভবা মানুহে যেতিয়া বিশেষ দিন একোটা পাহৰে আমি মনত পেলাই দিওঁনে নে অভিমান কৰি বহি থাকো? এই এটা দৃশ্যতে দৰ্শকলৈ পৰিচালকে আৰু এটা বাৰ্তা দিলে৷ যেতিয়া মন্দিৰাই কয় “মই তোমাক ভালপাওঁ অভিজিত” আৰু অভিজিতে কয় “মই জানো”, এই কথাটোৱে এটা কথা সূচায় যে অভিজিতে মন্দিৰাক বিশ্বাস কৰে৷ চিনেমা খন শেষ হোৱাৰ পিচত চিন্তাশীল দৰ্শকে এটা কথা ভাবিব যে হয়তো অভিজিতক মন্দিৰাই সঁচা কথাটো এদিন ক’ব৷ ক’লে বা কি হ’ব? হয়তো অভিজিতে বুজিব বা নুবুজিব৷ চিনেমা খন শেষ হোৱাৰ পিচতো এই ধৰণৰ ধাৰণা কিছুমান গুণাগথা কৰি দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিবলৈ পৰিচালক সমৰ্থ হ’ল৷ মূল উপন্যাস “ৰাজীৱ ঈশ্বৰ”ত কিন্তু ড°ৰীতা চৌধুৰী বাইদেৱে পাঠকলৈ এনেকৈ প্ৰশ্ন এৰা নাই৷ উপন্যাসৰ সামৰণিৰ লগত চিনেমা খনৰ সামৰণিত পাৰ্থক্য আছে৷

গোটেই চিনেমা খনতে মন্দিৰা ৰূপী জাহানাৰা বাইদেউৰ মুখৰ অভিব্যক্তিয়ে আমাৰ হৃদয়ত ঝংকাৰ তুলি থাকিল৷ আমি নিশ্চিত, চিনেমা খন চাই অহাৰ পাচতো চৰিত্ৰবোৰৰ নিখুত অভিনয় প্ৰত্যেক দৰ্শকৰ মনত অনুৰণিত হৈ থাকিব৷ হাউছফুল কৰি অসমীয়া মানুহে চিনেমাখন যদি নাচায়, পৰিচালক মঞ্জুল বৰুৱাৰ বানিজ্যিক লোকচান হ’ব৷ এই কথা জানিও সস্তিয়া গীত মাতক আধাৰ কৰি টুলুঙা কাহিনী এটাৰে দুই এটা আইটেম ছং দি চিনেমা এখন তেখেতে নিৰ্মাণ কৰা নাই৷ আইদেউ সন্দিকৈয়েও জানিছিল যে চিনেমা কৰিলে তেওঁৰ ব্যক্তিগত জীৱন কিমান দূৰ্বিসহ হ’ব৷ তথাপি তেখেতে অসমীয়া অভিনেত্ৰীয়ে চিনেমা কৰিব পৰাৰ বাটটো মুকলি কৰি গ’ল৷ ব্যক্তিগত স্বাৰ্থৰ উৰ্দ্ধত মঞ্জুল বৰুৱাই অসমীয়া চিনেমাক গতি দিবলৈ এটি চিৰিয়াছ কাহিনী লৈ সাহসেৰে আগবাঢ়িছে৷ আমি বিশ্বাস কৰোঁ মঞ্জুল বৰুৱাৰ দৰে পৰিচালকে যদি ছবি পৰিচালনা কৰে, আজিৰ দিনত হাউছফুল নহ’লেও আৰু পাঁচ বছৰৰ পাচত বা এদিন হ’লেও অসমীয়া চিনেমা চাবলৈ যোৱা মানুহেৰে হল ভৰি থকাটো খাটাং৷ অসমীয়া চিনেমা বুলিলে সাতজাপ মৰা অথচ দক্ষিনৰ চিনেমা চাই ভালপোৱা এজন মানুহে চিনেমা খন চাই একে আষাৰে ক’লে “ভাল বনাইছে৷” আমাক আচৰিত কৰি একেজন মানুহে বাটত লগ পোৱা দুজন মানুহক ক’লে ” চাব, ভাল হৈছে৷” অৰ্থাৎ চিনেমা খন চোৱা সকলো স্তৰৰ দৰ্শকে চিনেমাখন চাবলৈ আনক আহ্বান জনাইছে৷ আমাৰো আহ্বান: “কানীন চিনেমা খন চাব, নাচালে পস্তাব৷”

এগৰাকী সাধাৰণ দৰ্শক হিচাপে আমাৰ এইখিনিয়েই ক’বলগীয়া৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments