অসমীয়া জন-জীৱনত ৰাখী বন্ধন (ময়ুৰী শৰ্মা)

ষোৱাটো বছৰৰ কথা। ভাইটি এজনলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনাওতে তেওঁ পোনছাটে এই পৰম্পৰাৰ বিৰোধীতা কৰিলে এটি প্ৰশ্ন উত্থাপন কৰি – ‘আমি যে অসমীয়াবোৰে বাহিৰৰ সংস্কৃতিক আদৰি থাকো, তেওঁলোকে বাৰু আমাৰ বহাগৰ বিহুটোকে চিনি পায়নে? বহুতে অসমখনকে চোন চিনি নাপায়। সাংসদ অথবা কেন্দ্ৰীয় মন্ত্ৰী কেইজনেও আনকি তেওঁলোকৰ ভাষণত অসমৰ কথা ক’বলৈ হ’লে ‘নৰ্থ-ইষ্ট’ বুলিহে উল্লেখ কৰে। গতিকে আমি কিয় ৰাখী বন্ধন পালন কৰিব লাগে?’

হওঁতে ভাইটিৰ কথাটো নুই কৰিব নোৱাৰি একেষাৰতে। অসমৰ সংস্কৃতিক বাহিৰলৈ (বিশ্বদৰবাৰলৈ) উলিয়াই নিবলৈ আমি অসমীয়াখিনিয়ে যিমান চেষ্টা অথবা সময় খৰছ কৰিছোঁ, সঁচা কথা ক’বলৈ গ’লে, তাতকৈ বেছি সময় খৰছ আমি খোৱা-কামোৰাৰ মানসিকতাক প্ৰাধান্য দিয়াতহে কৰিছোঁ। সোণৰ অসম/স্বাধীন অসম গঢ়ি তোলাৰ এক মহৎ উদ্দেশ্য আগত লৈ গঠিত হোৱা ‘চ’ কল্ড’ উগ্ৰপন্থীৰ দলটোৱে পাৰিলে জানো সোণৰ অসম গঢ়িব? ক’লে বেয়া শুনি, কিন্তু অসমী আইৰ সেউজ বক্ষ ৰঙা ৰহণ লাগি উত্তপ্ত হোৱাৰ বাহিৰে সকলো ফুটুকাৰ ফেন হ’ল। নিজ ৰাজ্যৰ বাসিন্দাসকলে নিজৰ মাজতে খোৱা-কামোৰা, কটা-মৰা কাৰ্যত লিপ্ত হৈ থাকোতে সময়েই নহ’ল দেখোন অসমৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ। বৰ অসম এতিয়া বিভাজনৰ পথত। অসমৰ বাহিৰৰ মানুহখিনিৰ অসম বুলিলে ধাৰণা মাথো দুটাই – ‘জংগল’ আৰু ‘উগ্ৰপন্থী’। অসমত থকা অনা অসমীয়া সকলো দেখোন বেছিখিনি সময় অনাহুত বিভীষিকাত সন্ত্ৰষ্ট হৈ থাকোতেই যায়। সেই স্থলত তেওঁলোকে নো আমাৰ সংস্কৃতিক নিজৰ কৰে কি দৰে?
আমি অসমীয়া হোৱাৰ লগতে ‘ভাৰতীয় নাগৰিক’। গতিকে ভাৰতীয় নাগৰিক হিচাপে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতিক আদৰি লোৱাটো একো বেয়া কাম হ’ব নোৱাৰে বুলি মই ভাবোঁ, বিশেষকৈ ৰাখী বন্ধনৰ দৰে এটি পবিত্ৰ উৎসৱক। ভাৰতীয় জনজীৱনত ৰাখী বন্ধনৰ প্ৰচলন আৰ্য্য সকলৰ দিনৰে পৰা বুলি বহুতো বুৰঞ্জীবিদে ক’ব খোজে। চীত্তোৰৰ ৰাণী কৰ্ণাৱতীয়েও বাহাদুৰশ্বাহৰ পৰা ৰাজপুতসকলক বচাবলৈ মোগল সম্ৰাট হুমায়ুনৰ সহায় লাভ কৰিছিল তেওঁলৈ ৰাখী প্ৰেৰণৰ জৰিয়তে। ইতিহাসৰ পাত লুটিয়ালে পোৱা যায় যে ৰজা আলেকজেণ্ডাৰৰ পত্নীয়ে হিন্দুৰজা ‘বীৰ পুৰুৰ’ হাতত ৰাখী পিন্ধাই পুৰুৰ পৰা আলেকজেণ্ডাৰৰ প্ৰাণ সুৰক্ষিত ৰখাৰ বচন লৈছিল।
হিন্দু ধৰ্মৰ পৌৰাণিক শাস্ত্ৰবোৰতো ‘ৰক্ষা বন্ধন’ সম্পৰ্কীয় বহুতো কাহিনীৰ উল্লেখ আছে। তাৰে ভিতৰত এটা কাহিনী এনে ধৰণৰ – এবাৰ দেৱৰাজ ইন্দ্ৰ অসুৰৰ হাতত বেয়াকৈ পৰাস্ত হ’বলগীয়া হৈছিল। তেতিয়া ভগৱান বিষ্ণুৰ পৰামৰ্শ মতে শাওণ মাহৰ পূৰ্ণিমা তিথিত ইন্দ্ৰৰ পত্নী শচীদেৱীয়ে ইন্দ্ৰদেৱতাৰ হাতৰ মণিবন্ধনত তেওঁৰ মঙ্গল কামনাৰে এডাল ৰছী বান্ধি দিছিল। আৰু সেই সুৰক্ষা বন্ধনী পিন্ধাৰ পিছত দেৱৰাজে অসুৰক জয় কৰি তেওঁৰ অমৰাৱতী ঘুৰাই পাবলৈ সক্ষম হৈছিল। কালক্ৰমত এই ৰক্ষা বন্ধনৰ প্ৰথাটো বায়েক/ভনীয়েকে ভায়েক/ককায়েকক পিন্ধোৱা পৰম্পৰালৈ পৰ্যৱসিত হ’ল। পৌৰাণিক শাস্ত্ৰত ভগৱান বিষ্ণু, দেৱী লক্ষ্মী আৰু মহা পৰাক্ৰমী ৰজা বালিৰ সৈতে জড়িত ৰক্ষা বন্ধন সম্পৰ্কীয় আন এটি কাহিনীৰ উল্লেখ দেখা যায়। বায়েক/ভনীয়েকে ভায়েক/ককায়েকৰ হাতত ৰাখী বান্ধোতে যিটো মন্ত্ৰ উচ্চাৰণ কৰে, সেই মন্ত্ৰটো এই আখ্যানৰ ওপৰত ভিত্তি কৰিয়েই ৰচিত হৈছে। মন্ত্ৰ বা শ্লোকটো এনেধৰণৰ—

 

“য়েনাবদ্ধঃ বালিৰাজা দানৱেন্দ্ৰ মহাবালা।
তেনাত্বাম অনুবধনামি ৰক্ষে মা চলা মা চলা।।”

ইয়াৰ অৰ্থ হৈছে – “সকলো দেৱতাৰ অনুৰোধত ভগৱান শ্ৰীবিষ্ণুৱে বালি ৰজাক তেওঁৰ সুৰক্ষা শক্তিৰে বান্ধিছিল। মইও এই বিষ্ণুশক্তিকে এক সুৰক্ষা জৰীৰ আকাৰত তোমাৰ হাতত বান্ধিলোঁ। এই মঙ্গল জৰী সুৰক্ষা কৱচ হিচাপে সদায় যেন তোমাৰ লগত থাকক আৰু চিৰদিন তোমাক শক্তিশালী তথা সম্পদশালী কৰি ৰাখক।”

ৰক্ষা বন্ধন প্ৰসঙ্গত এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ: ১৯০৫ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই পৱিত্ৰ দিনটোৰ অতি সদব্যৱহাৰ কৰিছিল। সেই সময়ৰ সেই দিনটোত তেওঁ বংগৰ আটাইখিনি হিন্দু তথা মুছলমানক আমন্ত্ৰণ কৰি পৰস্পৰে পৰস্পৰক ৰাখী পিন্ধোৱা কাৰ্য সম্পাদনৰ জৰিয়তে সকলোকে একতাৰ ডোলেৰে বান্ধ খুৱাই শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু কৰোৱাৰ দৰে এক মহৎ চেষ্টা কৰিছিল।
আমি অসমীয়া হোৱাৰ লগতে একো একোজন ভাৰতীয়। ভাৰতবৰ্ষৰ আৱাসী আমিবোৰে যদি ‘মই অসমীয়া’ ‘মই বঙালী’ ‘মই উড়িয়া’ ‘মই বিহাৰী’ – এইদৰে নাভাবি নিজকে একোজন ভাৰতীয় বুলি ভাবিব পাৰো, তেতিয়া বহুতো সমস্যাৰ হয়তো সমাধান হ’ব। হিংসা, বিদ্বেষ, দ্বন্দ, খৰিয়াল এইবোৰ কিছু পৰিমাণে হ’লেও লাঘৱ হ’ব। আমি দেখোন মুখত কেতিয়াবা আওৰাওৱেই – “হিন্দ্ দেচ কে নিৱাচী, চভী জন এক হেই; ৰংগ্, ৰূপ. ৱেচ-ভূছা, ছাহে অনেক হেই।”

আমি অসমবাসীয়ে ঘৰৰ মানুহকেই বা কিমান আদৰ কৰিব জানো! শ্ৰদ্ধাৰ ভূপেনদা তাৰ এক জ্বলন্ত উদাহৰণ। ‘লুইতৰ বালিতেই দেহাৰ হ’লে অৱসান, শীতলিব মোৰ আকুল পৰাণ’ বুলি গীত গোৱা সেইজন মহান শিল্পীয়ে কিয় এটি যাযাবৰী জীৱন কটাবলগীয়া হ’ল? এটা সময়ত আমি (নিজৰ মুলুকৰ ৰাইজে) তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা অনাদৰ আৰু অনাস্থাই হয়তো তেওঁক অসমৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰিলে। তথাপি তেখেতৰ মৃত্যুৰ পিচত সেইজনা গণশিল্পীক শ্ৰদ্ধাঞ্জলি যাচিবলৈ গোটেই অসমৰ ৰাইজে হিল-দ’ল ভাঙি তেখেতৰ নশ্বৰ শৰীৰৰ সমীপলৈ ঢপলিয়াই গৈ তেখেতৰ প্ৰতি চৰম ভালপোৱাৰ এক বিৰল নিদৰ্শন কাললৈ ডাঙি ধৰিলে। আমি অসমীয়াখিনি এক কথাত ক’বলৈ গ’লে আনতকৈ বেছি অনুভূতিপ্ৰৱণ অথবা একোটা অনুভৱী মনৰ অধিকাৰী, কিন্তু আমাৰ বেছিভাগৰে বহুক্ষেত্ৰত সেই অনুভূতি জাগি উঠোতে কিছু পলম হয়।
পাতনিতে উল্লেখ কৰি অহা ভাইটিজনে ক’লে, ‘ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যৰ ভিতৰুৱা গাওঁ কিছুমানত এতিয়াও নাৰীক পণ্য হিচাপে গণ্য কৰি সিহঁতৰ কিনা-বেচা হয়। এনেবোৰ ঠাইত নাৰীৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ৰাখী বন্ধন প্ৰথাৰ প্ৰচলন আৰম্ভ হয়। অসমত ইয়াৰ কি প্ৰয়োজন?’ – কিন্তু আমি প্ৰত্যেকজন অসমীয়াই বুকুত হাত থৈ ডাঠি ক’ব পাৰিমনে অসমত নাৰী সুৰক্ষিত বুলি?
এই ৰাখী বন্ধন পৰম্পৰাটো, চাবলৈ গ’লে, প্ৰকৃততে লোহাতকৈও শক্তিশালী অথচ মানৱ জাতিৰ মাজত সহোদৰ ভাৱ জগাই তুলিব পৰা এক প্ৰয়োজনীয় আহিলা।
মই ভাবো, কিছুমান সংস্কৃতি আনৰ হ’লেও যিবোৰৰ পৰা কিছু নীতি বা আদৰ্শ আহৰণ কৰিব পাৰি তেনেবোৰ সংস্কৃতিক নিজৰ বুলি ভাবিলে আমি আনৰ আগত কেতিয়াও হেয় হৈ নেযাও। শেষত তাহানিতে সমবেত কন্ঠত গোৱা গীত এটিৰ দুশাৰী মান গুণগুণাই সামৰিলোঁ—
“নতুন-পুৰণি সৱে মিলি আমি
তুলিছোঁ আজি সুৰৰ ৰাগিণী
মনৰ দৃঢ়তা আৰু একতাৰে
ৰছি যাওঁ সঁচা মানুহৰ কাহিনী
ভিন পৰ আমাৰ নাই
একেজনীয়েই আই ……।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments