অসমীয়া জীৱনমুখী সাহিত্য তথা আত্ম-উৎকৰ্ষমূলক সাহিত্যঃ – মৃদুল মৰাণ

সাহিত্য জীৱনৰ লগত সম্পৰ্কিত এক বিষয়৷ জীৱনৰ পৰা নিলগাই সাহিত্যক বিচাৰ কৰা অৰ্থহীন৷ গদ্য অথবা পদ্য সকলোতে জীৱনমুখী বক্তব্য থাকিব পাৰে৷ কিন্তু সেই সকলোবোৰকে ‘জীৱনমুখী সাহিত্য’ বা ‘আত্ম-উৎকৰ্ষমূলক সাহিত্য’ বুলিব নোৱাৰি৷ একান্তভাৱে জীৱনমুখী চিন্তা আৰু আত্ম-উৎকৰ্ষ বিষয়ক চিন্তাক প্ৰাধান্য দি ৰচিত সাহিত্যকহে ‘আত্ম-উৎকৰ্ষমূলক সাহিত্য’ বুলি অভিহিত কৰিব পাৰি৷ এই শ্ৰেণীৰ সাহিত্যৰ পঠনে পাঠকক জীৱনৰ বিভিন্ন জটিলতা অতিক্ৰম কৰাত, সমাযোজন কৰাত, মানসিক সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে৷ এক কথাত ‘আত্ম-উৎকৰ্ষমূলক সাহিত্য’ৰ সামাজিক প্ৰকাৰ্য অতি গুৰুত্বপূৰ্ণ৷ পাশ্চাত্য সাহিত্যত যথেষ্ট সংখ্যক ‘আত্ম-উৎসকৰ্ষমূলক সাহিত্য’ ৰচিত হৈছে৷ অসমীয়া সাহিত্য জগততো এই শ্ৰেণীৰ সাহিত্য আছে৷ অৱশ্যে, এই বিধাটোৰ যথেষ্ট বিকাশ সাধন হৈছে বুলিব নোৱাৰি৷ এই বিষয়ক মৌলিক গ্ৰন্থসমূহৰ উপৰি বিভিন্ন গ্ৰন্থ অসমীয়ালৈ অনূদিত হৈছে আৰু এইদৰে ‘অসমীয়া আত্ম-উৎকৰ্ষমূলক সাহিত্য’ৰ ভঁৰালটো কিছু ঠন ধৰি উঠিছে৷ পাঠকৰ সঁহাৰিয়ে এই শ্ৰেণীৰ গ্ৰন্থৰ ৰচনা আৰু অনুবাদত অৰিহণা যোগাইছে বুলিব পাৰি৷ অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী ‘বীণা লাইব্ৰেৰী’য়ে এই শ্ৰেণীৰ যথেষ্ট সংখ্যক অনূদিত আৰু মৌলিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷
জীৱনমুখী বিভিন্ন চিন্তা অসমীয়া লোকসাহিত্যৰ বিভিন্ন বিধাসমূহলৈ লক্ষ্য কৰিলে চকুত পৰে৷ উদাহৰণ হিচাপে ভেকুলী বিয়াৰ গীতসমূহত ভেকুলীৰ বিয়ালৈ তিতি-বুৰি ইন্দ্ৰ দেৱতা অহাৰ কথা আছে৷ ইয়াৰ মাজেদি প্ৰকৃততে লোকমানসৰ জীৱন-এষণা প্ৰকাশিত হৈছে৷
‘অৰুনোদই’ৰ পাতত আত্ম-উৎকৰ্ষমূলক ৰচনা কিছুমান প্ৰকাশিত হৈছিল৷ এই ক্ষেত্ৰত ‘পৰিস্ৰমৰ ফল’, ‘বুদ্ধি বৃদ্ধি হোয়াৰ পাঁচ প্ৰকাৰ উপায়’ আদি ৰচনাৰ কথা ক’ব পাৰি৷ ‘জোনাকী’ৰ পাততো এই বিষয়ক ৰচনা কিছুমান প্ৰকাশিত হৈছিল৷ যেনে― ঘনশ্যাম বৰুৱাৰ ‘আত্মশিক্ষা’, ৰত্নেশ্বৰ মহন্তৰ ‘মনোবৃত্তি’, বেণুধৰ শৰ্মাৰ ‘আত্মসংযম’ আদি৷
অসমীয়া আত্ম-উৎকৰ্ষমূলক সাহিত্যক দুটা ভাগত ভাগ কৰিব পাৰি― (ক) মৌলিক আৰু (খ) অনূদিত৷ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কামত কৃতিত্ব লভিবৰ সংকেত’ (১৯০৩) প্ৰথম অসমীয়া আত্ম-উৎকৰ্ষমূলক গ্ৰন্থ৷ “এই পুথিত লেখকে কামত কৃতকাৰ্যতা লাভ কৰাৰ বাবে ল’ব লগা আঢ়ৈকুৰি সংকেতৰ কথা কৈছে৷ সংকেতবোৰ আচলতে একো একোটা মূলনীতি― principle৷ লেখকে এই মূলনীতিবোৰ প্ৰাঞ্জলকৈ ব্যাখ্যা কৰিছে৷” (প্ৰফুল্ল কটকীঃ সাহিত্যৰথী, ২০১৩, পৃ. ২৪৫) সত্যনাথ বৰাৰ ‘সাৰথি’ (১৯১৫) এখন মনোৰম আত্ম-উৎকৰ্ষমূলক গ্ৰন্থ৷ এই গ্ৰন্থখন ‘জীৱন যুঁজত আগবাঢ়ি যাবলৈ বিচৰাসকলৰ সাৰথি স্বৰূপ’৷ অসমীয়া ভাষাত মৌলিক আত্ম-উৎকৰ্ষমূলক গ্ৰন্থ ৰচনা কৰা লেখকসকল হ’ল― দেৱকান্ত সন্দিকৈ, হোমেন বৰগোহাঞি, প্ৰহ্লাদ কুমাৰ বৰুৱা, মাণিক দাস, ৰুণুমী শৰ্মা, মৌচম গগৈ আদি৷ দেৱকান্ত সন্দিকৈৰ ৰচনাসমূহ হ’ল ‘ৰমণীয় অনুভৱ’, ‘জীৱনৰ প্ৰথম পাঠ’, ‘ককা আৰু নাতিৰ আধুনিক সংলাপ’, ‘জীৱনৰ সুখ-দুখ’, ‘মানৱতাৰ সাধনা’ আদি৷ জীৱনবাদী অসমীয়া লেখকসকলৰ ভিতৰত হোমেন বৰগোহাঞিক এক বিশিষ্ট স্থান দিব পাৰি৷ বৰগোহাঞিৰ বিভিন্ন গ্ৰন্থত আত্ম-উৎকৰ্ষমূলক তথা জীৱনমুখী ৰচনা সন্নিৱিষ্ট হৈছে৷ এই প্ৰসংগত ‘আত্ম দীপো ভৱ’, ‘জীৱনৰ পৰা আমি কি বিচাৰো’, ‘প্ৰজ্ঞাৰ সাধনা’, ‘কাম কৰাৰ আনন্দ’, ‘কিতাপ পঢ়াৰ আনন্দ’, ‘আনন্দ আৰু বেদনাৰ সন্ধানত’, ‘সুখ-দুখ’, ‘অন্তহীন প্ৰেৰণা’ আদি গ্ৰন্থৰ কথা ক’ব পাৰি৷ প্ৰহ্লাদ কুমাৰ বৰুৱা এজন বিশিষ্ট সমালোচক আৰু গল্পকাৰ যদিও তেওঁ জীৱনমুখী ৰচনাখিনিৰ বাবেহে সৰ্বসাধাৰণ পাঠকৰ মাজত অধিক জনপ্ৰিয়৷ জীৱনবাদী লেখক হিচাপে প্ৰহ্লাদ কুমাৰ বৰুৱা সফল বুলিব পাৰি৷ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ জীৱনমুখী গ্ৰন্থকেইখন হৈছে― ‘জীৱন কলা’, ‘জীৱনে মোক কি দিলে’, ‘জীৱন সমুদ্ৰ’, ‘তথাপি জীয়াই থাকিব লাগিব’, ‘বৰ্ণময় মন বৰ্ণময় জীৱন’ আদি৷ “… পাঠকৰ পৰা পোৱা প্ৰেৰণাই তেওঁক এই বিষয়ৰ ৰচনা লিখিবলৈ উদ্বুদ্ধ কৰিছিল৷” (নীৰাজনা মহন্ত বেজবৰাঃ সাহিত্যৰ সমাজতত্ত্বঃ সিদ্ধান্ত আৰু প্ৰয়োগ, ২০১১, পৃ. ৫৪) বৰুৱাৰ জীৱনমুখী গ্ৰন্থসমূহে অসমৰ বিভিন্ন পাঠকক উপকৃত কৰিছে৷ “এইজন লেখকৰ মত অনুসৰি তেওঁৰ জীৱনমুখী ৰচনাসমূহ পঢ়ি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন শ্ৰেণীৰ পাঠকে তেওঁৰ লগত ফোনেৰে অথবা চিঠিৰে যোগাযোগ কৰিছে৷ কেইবাজনেও প্ৰথমে আত্মহত্যাৰ সিদ্ধান্ত লোৱাৰ পাছত এনে গ্ৰন্থ বা ৰচনা পঢ়াৰ পাছত আত্মহননকাৰী সিদ্ধান্ত পৰিহাৰ কৰি পুনৰ নতুন উদ্যমেৰে জীৱন যাপন কৰাৰ প্ৰেৰণা লাভ কৰাৰ কথাও ড°প্ৰহ্লাদ কুমাৰ বৰুৱাই জানিবলৈ পাইছে৷” (উল্লিখিত) অসমীয়া ভাষাত ৰচিত অন্যান্য জীৱনমুখী গ্ৰন্থসমূহ হ’ল― মাণিক দাসৰ ‘কথা পাতোঁ আহাঁ’, ‘আকৌ কথা পাতোঁ আহাঁ’, ‘ভাবি চাওঁ আহাঁ; প্ৰদ্যুৎ কাকতিৰ ‘সুখৰ সন্ধানত’, ‘চিন্তা-ভাবনা আৰু কাৰ্য’; মৌচম গগৈৰ ‘মানুহ হোৱাৰ সাধনা’, ‘জীৱনৰ সৌন্দৰ্য’; নৰনাৰায়ণ মহন্তৰ ‘আত্মসন্মান আৰু সন্মানীয়’, ‘কামতে আছে সুখৰ আনন্দ’; ৰুণুমী শৰ্মাৰ ‘টে’নছন-মুক্তিৰ উপায়’, ‘হাঁহিৰে সাফল্য লাভ’, ‘বাৰ্ধক্য উপভোগৰ উপায়’, ‘মন ভালে ৰখাৰ উপায়’, ‘সুখ আৰু শান্তি লাভৰ উপায়’; মালিনী গোস্বামীৰ ‘আত্মজ্ঞান’ আদি৷
ডেল কাৰ্নেগী, ছেমুৱেল স্মাইলছ, উইল ডুৰাণ্ট, বাট্ৰাণ্ড ৰাছেল, নেপোলিয়ন হিল, নৰ্মেন ভিনচেণ্টপীল আদিৰ দ্বাৰা ৰচিত বিভিন্ন জীৱনমুখী গ্ৰন্থ অসমীয়ালৈ অনূদিত হৈছে৷ আমিনুৰ ৰহমানৰ দ্বাৰা অনূদিত বিশ্ব বিখ্যাত জীৱনবাদী লেখক ডেল কাৰ্নেগী ৰচিত কেইখনমান জীৱনমুখী গ্ৰন্থ হ’ল― ‘সফল জীৱন গঢ়াৰ সাধনা’, ‘সুখী জীৱন গঢ়াৰ সাধনা’, ‘সফল জীৱনৰ চাবি-কাঠি’, ‘দুশ্চিন্তাহীন নতুন জীৱন’, ‘আত্মবিশ্বাস’, ‘মানুহৰ মন জয় কৰাৰ উপায়’, ‘সবল ব্যক্তিৰ সফল জীৱন’ আদি৷ তেওঁ ডেল কাৰ্নেগীৰ উপৰি নেপোলিয়ন হিল (‘আত্মনিয়ন্ত্ৰণ আৰু সাফল্য’, ‘সাফল্যৰ গোপন ৰহস্য’, ‘সুখী জীৱনৰ সন্ধানত’), নৰ্মেন ভিনচেণ্টপীল (‘সাফল্যৰ পোনবাট’, ‘মানসিক শান্তিৰ সাধনা’, ‘সুন্দৰ জীৱনৰ ভেটি’, ‘সবল চিন্তা সফল জীৱন’) আদিৰ দ্বাৰা ৰচিত জীৱনবাদী গ্ৰন্থও অসমীয়ালৈ অনুবাদ কৰিছে৷ ডেল কাৰ্নেগীৰ ‘The Mystery of Mass Communication’ নামৰ গ্ৰন্থখন অসমীয়ালৈ ‘জনসংযোগৰ সহজ উপায়’ নামেৰে অনুবাদ কৰিছে ব্ৰজকুমাৰ তালুকদাৰে৷ প্ৰফুল্ল কটকীৰ দ্বাৰা অনূদিত কেইখনমান জীৱনমুখী অনূদিত গ্ৰন্থ হ’ল― ‘স্বাৱলম্বন’, ‘চৰিত্ৰবোধ’, ‘মিতব্যয়িতা’, ‘কৰ্তব্যবোধ’ (মূলঃ ছেমুৱেল স্মাইলছ) আদি৷
এই চমু আলোচনাৰ পৰা দেখা গ’ল যে, অসমীয়া আত্ম-উৎকৰ্ষমূলক সাহিত্য তথা জীৱনমুখী সাহিত্য মৌলিক আৰু অনূদিত দুয়োটা দিশেৰেই বিস্তাৰ লাভ কৰিছে৷ মৌলিক গ্ৰন্থতকৈ অৱশ্যে অনূদিত গ্ৰন্থৰ সংখ্যা অধিক৷ সেয়া যি কি নহওক, এই শ্ৰেণীৰ সাহিত্যৰ সামাজিক মূল্য আৰু প্ৰভাৱ অপৰিসীম৷ সাহিত্যৰ সমাজতত্ত্বৰ দিশেৰে অসমীয়া আত্ম-উৎকৰ্ষমূলক সাহিত্য তথা জীৱনমুখী সাহিত্য সম্পৰ্কে বিস্তৃত ৰূপত বিশ্লেষণৰ অৱকাশ আছে৷ ■■

 

(লেখক এগৰাকী গৱেষক ছাত্ৰ, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক