অসমীয়া নাটক: পৰীক্ষা আৰু প্ৰত্যাহ্বান — সপোনজ্যোতি ঠাকুৰ

অসমীয়া নাটকৰ সুদীৰ্ঘ পৰম্পৰা আছে। বিভিন্ন লোকনাট্যৰ উপৰি মহাপুৰুষীয়া শাস্ত্ৰসন্মত নাট্য
পৰম্পৰা অসমত আছে। এই নাটক বিলাকৰ প্ৰতি আমাৰ দৰ্শকৰ এৰাব নোৱাৰা আকৰ্ষণ আছে। নাটকৰ প্ৰতি
থকা এই আকৰ্ষণে অসমৰ নাটকক আগবঢ়াই নিছে। ১৮৫৭ চনত অসমত প্ৰথম আধুনিক নাটক ৰচিত হয় (ৰাম
নৱমী: গুণাভিৰাম বৰুৱা)। সেই তেতিয়াৰ পৰা বিভিন্নজনে নিজৰ অবদানেৰে অসমৰ নাটকক সমৃদ্ধি প্ৰদান
কৰিছে।
নাটক অন্য সাহিত্য কৰ্মতকৈ পৃথক এইবাবেই যে নাটকক মঞ্চত ৰূপায়ণ কৰা হয়। অভিনেতা, পৰিচালক,
কাৰিকৰী শিল্পী আদি বিভিন্নজনৰ হাত পৰি নাটকে নিজৰ শৰীৰৰ ৰূপান্তৰ ঘটায়। প্ৰতিটো প্ৰযোজনাতে
নাটক একোখন পুনঃ পুনঃ লিখিত হয়। এইয়া নাটকৰ বিশেষত্ব। গতিকে দেখা যায় যে নাটক এক গতিশীল মাধ্যম।
সময়ৰ লগে লগে নাটকে নিজৰ ৰূপ সলনি কৰে। এই ৰূপ সলনি সম্ভৱ হয় বিভিন্ন সৃষ্টিশীল লোকৰ চিন্তা আৰু
কৰ্ষণৰ ফলত। এই কৰ্ষণেই হ’ ল বিভিন্ন পৰীক্ষা-নিৰীক্ষা। অসমীয়া নাটকেও বিভিন্নজনৰ পৰীক্ষা-
নিৰীক্ষাৰ ফলত আজিৰ ৰূপ পাইছে। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেওঁৰ ” লভিতা” নামৰ অপূৰ্ব সৃষ্টিৰ
পাতনিত লেখিছে নাটকখনত কেনেকৈ পৰীক্ষা-নিৰীক্ষাৰ প্ৰচেষ্টা আছে। সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে
বহুজনে নিজৰ পৰীক্ষা-নিৰীক্ষা অক্ষুণ্ণ ৰাখিছে। কিন্তু সকলোবোৰ পৰীক্ষাই অৰ্থপূৰ্ণ হৈছে বা চিন্তাৰ
কিবা বাট কাটিছে এনে বুলি ক’ ব পৰা অৱস্থা এটা আহি পৰা নাই। কিছুমান নাটক যান্ত্ৰিক কচৰৎ যেন
অনুভৱ নোহোৱাকৈ নাথাকে।
নাটকৰ বাবে প্ৰয়োজন হয় একোটা বিজ্ঞানসন্মত মঞ্চৰ। স্বাধীনতাৰ পাছৰে পৰা অসমত বিভিন্ন স্থানত
নাটকৰ বাবে চৰকাৰীভাৱে মঞ্চ স্থাপন কৰা নহ’ ল। যিবোৰ কৰা হ’ ল সেইবোৰ চৰকাৰী কাৰ্যসূচী ৰূপায়ণৰ
বাবেহে, নাটকৰ উন্নতিৰ বাবে নহয়। ফলস্বৰূপে নাটক এখন কৰিবলৈ লৈ নাট্যদল একোটা যথেষ্ট অসুবিধাৰ
সন্মুখীন হয়। জোৰা-টাপলি মাৰোতে মাৰোতেই নাটকৰ বাবে নিয়োজিত হ’ বলগীয়া শ্ৰমৰ বেছিখিনি খৰচ হয়। তাৰ
ফল ভুগিব লগা হয় নাটকখনে।
তাৰ মাজতো কিছুমানে চমক সৃষ্টি কৰিবলৈ একোটা প্ৰযোজনা বাহিৰ কৰে। সেইবোৰে নাটকৰ বিকাশতকৈয়ো
ক্ষতিহে বেছি কৰে। নাটকৰ বাবে অভিনয় শিল্পীসকলৰ যি মানসিক আৰু শাৰীৰিক শ্ৰমৰ প্ৰয়োজন সেইখিনি
নকৰাকৈয়ে আলাসতে নাটক এখন হয় বুলি ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হয় আৰু নাটক বাহ্যিকতাতে শেষ হয়। চৰকাৰী
পইচা পাবৰ বাবেও বহুতে নিজৰ নাটক সলাই পেলায়। ফলস্বৰূপে নাটকৰ যি চেতনা সেইয়া প্ৰকৃত ৰূপত
প্ৰতিষ্ঠা নহয়।
বৰ্তমান ইলেকট্ৰনিক মিডিয়াৰ জোৰত ৰংচঙীয়া প্ৰচাৰ চলে নাটকৰ। সেইবিলাকেও নাটকৰ কিমান লাভ কৰিছে
বিচাৰ কৰি চাবলগীয়া। যিকোনো সাধাৰণ মানৰ নাটকেই প্ৰচাৰৰ জোৰত জয় জয় ময় ময় অবস্থা এটা পায়।
এইয়া বিপদজনক কথা।
তাৰ মাজতো অসমত কম খৰচত নাটক কৰি থকাৰ বাবে বহুতে চেষ্টা অব্যাহত ৰাখিছে। প্ৰচাৰ সৰ্বোচ্চতাকে
নাটক বুলি গ্ৰহণ কৰিব পৰা নাই বহুজনে। পণ্ডিত নামধাৰী এচামে একঘেয়ামী কৈ কৈ অসমৰ নাটকৰ

সমালোচনাৰ দিশবোৰত বিস্তৰ ক্ষতি কৰি আহিছে। তাৰ মাজতো এনে ধৰণৰ প্ৰত্যাহ্বান বিলাক গ্ৰহণ কৰি
অসমৰ সৃষ্টিশীল নাট্যকৰ্মীসকলে নিজৰ স্থানত নাটকৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে নিজৰ শ্ৰম আৰু অৰ্থ
খৰচ কৰি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক