অসমীয়া বিয়াঃ পৰিবৰ্তন ও সংকৰীকৰণ (চিদানন্দ শৰ্মা)

প্ৰস্তাৱনা :

সংকৰ ধাতুৰ ওপৰত কিছুদিন গৱেষণা কৰিছিলোঁ৷ ভিন্ন ভিন্ন ধাতুক বিভিন্ন অনুপাতত মিশ্ৰিত কৰি বিশেষ প্ৰক্ৰিয়া কিছুমানেৰে সংকৰ ধাতু প্ৰস্তুত কৰা হৈছিল৷ লক্ষ্য কৰিছিলো, সংকৰ ধাতুৰ ধৰ্মসমূহ মূল ধাতু সমূহতকৈ ভাল হয়৷ পিছে সংকৰীকৰণ প্ৰক্ৰিয়াত অলপমান খুঁত থাকিলেই প্ৰস্তুত কৰা সংকৰ ধাতুসমূহে নিকৃষ্ট মানৰ ফল দেখুৱায় ৷ শাক-পাচলি, ফল-ফুল আদিতো একেই । কথা অলপ ইফাল সিফাল হ’লেই লেঠা বহুত৷ বহুসময়ত হাইব্ৰীড ফল পাচলি দেখাত ভালেই হয়; পিছে ইয়াৰ গুটিৰ পৰা পুনৰ গছ নগজে । গজিলেও ফল নধৰে৷ গাধ আৰু ঘোঁৰাৰ পৰা খচ্চৰ নামৰ এবিধ প্ৰাণী জন্ম দিয়া হয়৷ গাধতকৈ বেছি ওজন কঢ়িয়াব পাৰে ; পিছে ই সন্তান জন্ম দিব নোৱাৰে৷ বংশত য’তি পৰে৷ সংস্কৃতিৰ পথাৰখনতো এই ক্ষেত্ৰত কিছু মিল থকা লক্ষ্য কৰা যায়৷ আনৰ সংস্কৃতিৰ লগত আমাৰ সংস্কৃতিৰ মিশ্ৰণ ঘটিছে – সমজত এক মিশ্ৰ সংস্কৃতিয়ে মুৰ তুলি উঠিছে৷ অৰ্থাত সংস্কৃতিৰ সংকৰায়ণ ঘটিছে ৷ ভাল কথা ; জোৰকৈ একো ধৰি ৰাখিব নোৱাৰি৷ পিছে মুক্ত সংমিশ্ৰণে কিছুমান অপ-সংস্কৃতিৰ জন্ম দিছে৷ আমাৰ সংস্কৃতিৰ কিছুমান ভাল কথা এই “অপ” বোৰে ৰঘুমলাৰ দৰে ছাটি ধৰি নিঃশেষ কৰি পেলাইছে৷ জীৱনত বহু বিয়া-বাৰু বা আন উৎসৱ-পাৰ্বনত ভাগ লৈছো৷ পৰিৱৰ্তনৰ ঢৌত সাতোঁৰিছো ৷ আনৰ সুখ-দুখত সমাজৰ মানুহবোৰৰ অংশগ্ৰহণৰ ৰূপ সলনি হোৱা লক্ষ্য কৰিছো৷ অসমীয়া বিয়াত সমাজৰ মানুহৰ অংশগ্ৰহণৰ ৰেহ-ৰূপৰ কথা তিনিখন বিয়াৰ অভিজ্ঞতাৰে আলোচনা কৰিছোঁ৷ এইয়া তিনিখন বিয়াৰ কথা বাৰ্তা –


AXOMIYA BIYA

দৃশ্যপট -১

 

১৯৮৬ চনৰ কথা৷ মই অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷ হাতত দা এখন লৈ ওলাই গৈছোঁ গাওৰ মানুহ এঘৰলৈ৷ এমাহ পাচত ঘৰখনৰ ডাঙৰ ল’ৰাটোৰ বিয়া৷ গাওৰ ৰাইজে খৰি ফালিব বিয়াৰ বাবে৷ যদিও চৈধ্য বছৰীয়া ল’ৰা হিচাপে খৰি ফালিব নাজানোঁ, তথাপি ৰাইজৰ লগত সহযোগ কৰাটো গাওৰ নিয়ম৷ তাৰ কিছুদিন আগতে মোৰ ককা দেউতাৰ মৃত্যুৰ দুমাহ সম্পূৰ্ণ হওতে আমাৰ ঘৰত এখন ভাওনাৰ আয়োজন কৰা হৈছিল৷ গাওৰ ৰাইজে সমস্ত কাম কৰিছিল৷ ককাদেউতাৰ মৃত্যুৰ সময়তো ৰাইজে কৰা সহায়ৰ কথা আমাৰ মনত সজীৱ ।

ৰভা দিয়া, বজাৰ সমাৰ কৰা,(আগদুৱাৰত) গেটত কলপুলি পোতা ও আম পাতৰ মালা লগোৱা, দৈ-গাখীৰৰ কলহবোৰ বেলেগ বেলেগ ঠাইৰ পৰা গোটোৱা, অভ্যাগত সকলোক খুউৱা-ধুউৱা কৰা, ইত্যাদি কামত সাধ্যানুসাৰে জড়িত হৈ গৃহস্থক সহায় কৰা হৈছিল৷ কইনাৰ ঘৰ আছিল প্ৰায় দুই কিলোমিটাৰ দুৰত৷ গৰুৰ গাড়ী এখন সুন্দৰ কৈ ফুলে গামোচাৰে সজাই দৰাক লৈ যোৱা হৈছিল৷ পাছে পাছে গায়ন বায়নৰ খোল-তালৰ মাত, আয়তীৰ বিয়া নাম, ডেকা-গাভৰুৰ বিহু নাচ, ইত্যাদি সহকাৰে প্ৰায় এশ মান মানুহ খোজ কাঢ়ি কইনাৰ ঘৰ পাইছিলোঁগৈ৷ ৰাতি চিৰা-দৈ, গুড়-মিঠাইৰে দৰা ঘৰীয়াক আপ্যায়ন কৰা হৈছিল৷ জীৱনত প্ৰথমবাৰৰ বাবে বৰযাত্ৰী হোৱাৰ এক মধুৰ অভিজ্ঞতা৷

দৃশ্যপঠ ২

১৯৮৭ চনত মই একাদশ শ্ৰেণীৰ ছাত্ৰ৷ মেট্ৰিক পাছ কৰি মনত ডেকা ডেকা ভাব এটাৰ জন্ম হৈছে৷ বিয়া বাৰুত গৃহস্থক সহায় কৰাটো সামাজিক দায়িত্বৰ ভিতৰুৱা কথা৷ মোৰো তেতিয়া লগৰ বন্ধুবোৰৰ ল’গত সমনীয়া ছোৱালীহতৰ লগত মুকলিকৈ চুপতি মৰাৰ সুবিধা লৈ বিয়া-বাৰুত উপস্থিত থকাৰ মাদকতা এটা অনুভৱ কৰাৰ বয়স৷ মানুহৰ ব্যস্ততা বাঢ়িছে । এমাহ আগৰ পৰা বিয়া-বাৰুত সময় খৰচ কৰাৰ অসুবিধা আহি পৰিছে ৷ এতিয়া ৰভা ঘৰ সজা  অথবা বিয়াৰ আগৰ কামবোৰৰ বাবে অৰ্থৰ বিনিময়ত কাৰোবাক নিয়োগ কৰা হয়৷ পিছে বিয়াৰ কেইদিন মান  আগৰে পৰা যেয়ে যেনেকৈ পাৰে গৃহস্থক সহায় কৰে৷ বিয়াৰ দিনা ৰাতিপুৱাই আমি হাজিৰ৷ বন্ধুৰ বাইদেউৰ বিয়া যিমানখিনি পাৰা যায় সহায় কৰিব লাগিব৷ আগদিনা জোৰোণ পিন্ধোৱা কাম অতি অনুষ্টুপিয়াকৈ হৈছিল৷ নিয়ম অনুাযায়ী সন্মানীয় দুজন মান লগত লৈ দ’ৰাৰ মাক-দেউতাক দুযোৰ মান কাপোৰ, এপদ-দুপদ সোনৰ গহনা লৈ কইনাৰ ঘৰত উপস্থিত হয় ৷ দ’ৰাৰ মাকে কইনাক শিৰত সেন্দুৰ দিয়ে আয়তীৰ ঊৰুলীৰে৷ যুগ্ম জীৱনৰ সফলতাৰ কামনাৰে কইনায় সমাজৰ আগত আঠু লয় ৷ বন্ধুৰ বাইদেউৰ বিয়াত খুউৱা-বুউৱাৰ দায়িত্ব আমাৰ ওপৰত৷ কাৰিকৰে লুছি তৰকাৰী বনাইছে, আমি বিতৰণ কৰিছোঁ৷ তাৰমাজতে বন্ধুৱে মিতিৰৰ দুজনী ছোৱালী আমাৰ লগ কৰি দিলেহি৷ আমাক আৰু পায় কোনে? অভিজ্ঞ মাক দেউতাক হতে মুখ টিপি নিজৰ মাজতে হাঁহি এটা মাৰিছে ৷ দ’ৰা প্ৰায় ওঠৰ কিলোমিটাৰ দুৰৰ পৰা বাছেৰে আহিছিল ৷ বৰযাত্ৰী আহিছিল প্ৰায় সত্তৰ জন৷ সকলোকে খাহী মাংসৰে ভাত খুওৱাৰ ব্যৱস্থা৷ অৱশ্যে দ’ৰা আহোতে পলম হ’ব বুলি কইনাঘৰৰ ঘৰুৱা মানুহখিনি আৰু আমিবোৰ দাইল সব্জিৰে কেইটামান ভাত খাই লৈছিলোঁ ৷ মাংসৰ যোগান সীমিত । দ’ৰা ঘৰলৈ কিবাকৈ কম পৰিব বুলি আশংকা কৰি কইনাঘৰীয়াক নিৰামিষ খুওৱা হৈছে৷ বৰযাত্ৰীক ভাত-পানী খুউৱাৰ পিছত আমিবোৰ আজৰি হ’লো৷ দ’ৰাই হোমৰ জুইত ঘি ঢালি মন্ত্ৰ মাতিছে, কইনাই আখৈ ছটিয়াইছে, পানত ভৰি থৈ যুগ্ম জীৱনৰ সংকল্প লৈছে – এইবোৰ চাবলৈ ভাল লগাৰ অজুহাত দেখুৱাই আমাৰ দুজন বন্ধু ৰভা ঘৰত বহিলহি৷ আচলতে বিয়া ঘৰৰ ভাল লগা পৰিৱেশটো সিহঁতে এৰি থৈ যাব বিচৰা নাছিল৷ পিছদিনা কলেজৰ ক্লাছ ! একপ্ৰকাৰ জোৰকৈ দুই বন্ধুক উঠাই লৈ ৰাতিয়েই আমি কলেজৰ হোষ্টেল পালোগৈ চাইকেলৰ পেডেল মাৰি মাৰি ।

দৃশ্যপট -৩

২০১৫ চনৰ এটি ৰাতিপুৱা৷ বিয়াৰ জোৰণ পিন্ধাৱলৈ বুলি দ’ৰাঘৰীয়া মিছিল এটাত চামিল হৈছোঁ ৷ প্ৰায় পঞ্চাচখনমান দামী দামী গাড়ীৰ দিঘলীয়া শাৰী৷ জোৰোণৰ নামত এক অঘোষিত প্ৰতিযোগিতা৷ বাকচত সোমাই পাটৰ ৰং-বিৰংৰ কাপোৰবোৰে প্ৰাণ পাই উঠিছে ৷ গহনাবোৰে মহিলা ও গাভৰুৰ দেহবোৰ শুৱনী কৰি তুলিছে – তাৰ মাজত কোনে কিমান দামী গাড়ীখন লৈ জোৰোণলৈ আহিছে তাৰ চৰ্চাও চলিছে৷ কইনাৰ ঘৰত মাছ, মাংস ,পনীৰ, বিবিধ মিঠাই, আইচক্ৰীমেৰে আপ্যায়ণ কৰিছে৷ মুঠতে আৰু একো খাব নোৱাৰাকৈ উদৰ পুৰণ কৰি কইনাৰ ঘৰৰ পৰা বাহিৰে বাহিৰে ঘৰ সোমালোহি৷ ৰাস্তাতে ফাৰ্মাচিত সোমাই দুটামান গেছৰ টেবলেট লৈ আহিলো – নহলে ৰাতিলৈ আৰু ভালকৈ শুব পৰা নাযাব ৷ খাদ্যৰ যোগান ধৰোঁতে কইনা ঘৰৰ খৰচ, খাদ্য হজম কৰাৰ বাবদ খাওতাৰ খৰচ৷ বন্ধুৰ জেষ্ঠ ভাতৃৰ বিয়া৷ বন্ধুতকৈ মাথো ডেৰ বছৰ মানৰ ডাঙৰ হোৱা সুত্ৰে মোৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক আছে৷ বন্ধুয়ে ইতিমধ্যে বিয়া পাতিছে৷ বন্ধুৰ ককায়েকে চাকৰি কেৰিয়াৰৰ পিছত দৌৰি ফুৰতে বিয়া পতাত পলম হ’ল৷ তাতে মাক দেউতাকৰ অকাল মৃত্যুয়ে বিয়াখন পিছুৱাই দিলে৷ জোৰোণৰ দিনা বাহিৰে বাহিৰে ঘৰ সমালোহি বাবে বিয়াৰ দিনা পুৱাতে বিয়া ঘৰত পাক এটা মাৰি আহো বুলি পৰবাৰক লগ ল’লোঁ৷ “এই ৰাতিপুৱাই বিয়াঘৰত গৈ নো কি কৰিম?” – পৰিবাৰৰ উত্তৰত অকলেই এঘাৰমান বজাত বিয়া ঘৰ পালোগৈ৷ পুৰোহিতে ৰভাঘৰৰ চোতালতে কিবা মন্ত্ৰপাঠ কৰি পুজা কৰি  আছে৷ ওচৰতে বয়সস্থ মহিলা এগৰাকীয়ে পুৰোহিতজনক সহায় কৰি দিছে৷ সিফালে ৰান্ধনি ঘৰত কাৰিকৰে বিভিন্ন ব্যঞ্জন বনোৱাত ব্যস্ত ৷ ইপিনে বন্ধুও হেনো পত্নীক প্ৰসাধন কৰাবৰ বাবে পাৰ্লাৰত লৈ গৈছে৷ ৷ দ’ৰা ব্যস্ত হৈ আছে দুজনমান লগৰ ল’ৰাৰ লগত আড্ডা মৰাত৷ মই এবাৰ মাত দি আহো বুলি দ’ৰাৰ কোঠাৰ ফালে যাবলৈ বুলি উঠোতেই মহিলা গৰাকীয়ে লাহেকৈ মাত দিলে ” এতিয়া সেইফালে যাব নালাগে দিয়ক৷” পৰিবাৰৰৰ কথা নুশুনি সময়ৰ অপচয় কৰিব আহিলো বুলি মনটো বেয়া লাগি গল৷ উপায়ন্তৰ হৈ ঘৰলৈ বুলি যাবলৈ ওলাওতেই বন্ধু ভাতৃয়ে পিছফালৰ পৰা মাত দিলে৷ ‘হেৰা আহা আহা ! ৰাতিটো চুৰিয়া পিন্ধি বহি থাকিব লাগিব নহয় ৷ এতিয়াই অলপ স্ফুৰ্তি কৰি ল’ব বিচাৰিছোঁ৷ আহা অলপ বহাহি৷’ দ’ৰাৰ খোজৰ গতি অলপ থৰক-বৰক ।পৰিৱেশটো বৰ সুবিধাজনক যেন নলগাত কিবা কাম আছে বুলি বিয়া ঘৰৰ পৰা ওলাই আহিলো৷ বন্ধুয়ে বেয়া পাব বুলি ৰাতি বৰযাত্ৰী হবলৈ বুলি পৰিবাৰক লৈ ওলাই আহিলো৷ ত্ৰিশজনমান মানুহ আৰামেৰে বহি যাব পৰাকৈ ‘ট্ৰেভেলাৰ’ এখন ময়েই ঠিক কৰি দিছিলোঁ৷ আহোতে গাড়ীখনে মোক ঘৰৰ পৰাই উঠাই লৈ আহিছে৷ পিছে বৰযাত্ৰী নিবলৈ ডাঙৰ গাড়ীৰ প্ৰয়োজনেই নাছিল৷ ট্ৰেভেলাৰত মই, মোৰ পৰিবাৰ আৰু ভিডিঅ কেমেৰা চলোৱা লৰা দুজন৷ বাকী সকলো নিজা নিজা গাড়ি লৈ সাজু হৈছে৷ প্ৰত্যেকখন গাড়ীত যাত্ৰী দুজন বা তিনিজন৷ কইনাঘৰ পোৱাৰ আগৰে পৰা আঁতচ বাজিৰ শব্দৰ লগতে আকাশত জিকমিকিয়া পোহৰৰ সমাহাৰ ঘটিল৷ দ’ৰাৰ গাড়ীৰ সম্মূখত ডেকা গাভৰুৰ উদ্দাম নৃত্য৷ তাৰমাজত সুৰাৰ ৰাগীত মতলীয়া দুই এজনৰ সৰু-সুৰা কাজিয়া এখন৷ আদৰণি পৰ্বৰ পিছত দ’ৰাক নি হোমৰ গুৰিত বহোৱা হল৷ দ’ৰাৰ কাষত বন্ধু পত্নী আৰু মোৰ পৰিবাৰ৷ বন্ধু ব্যস্ত বৰযাত্ৰী সকলে ঠিকমতে খোৱা বোৱা কৰিছে নে নাই চোৱা চিতা কামত৷ খাই বৈ উঠি লাহে লাহে মানূহবোৰ ঘৰা-ঘৰি গ’ল৷ পুৱালৈ কামৰ ব্যস্ততা ল’ৰা ছোৱালীৰ স্কুল ! সাত-আঠজন মানুহৰ সৈতে মই আৰু পৰিবাৰ ৰভাঘৰত অলপ বহিলো৷ এবাৰত দ’ৰাই নিজে পুৰো’হিতক কলে –“ছুটি কৰক । বহি বহি ককাল বিষাই গৈছে” । পুৰোহিতে দ’ৰাৰ অনুৰোধ ৰাখিলে যেন পাওঁ ৷ সোনকালে বিয়া ভাঙিল৷ দ’ৰাক লৈ বন্ধু পত্নী ভিতৰলৈ গল৷ তেনেতে মোৰ মবাইলত ফোন আহিলৱ৷ ৰাতি তেতিয়া তিনি বাজিছে৷ “দাদা, ট্ৰেভেলাৰ খন অলপ পঠাব পাৰিব নেকি? আমি বৰযাত্ৰী ! গাড়ী বেয়া হল বাবে ৰাস্তাতে ৰখি আছো৷ বিয়া ঘৰত গলে কিবা খাবলৈ পামনে?” মদৰ ৰাগীত থকা যুৱকজনে কোনোমতে ফোনত কথা কেইটা ক’লে ৷ মই কি উত্তৰ দিম ভাবিবই নোৱাৰিলো৷ ফোনৰ ছুইছটো অফ কৰি দি পৰিবাৰক লৈ ওলাই আহিলোঁ৷ আহোতে ভিডিঅ কৰা ল’ৰা দুজনক ট্ৰেভেলাৰ খনতে ঘুৰি যাবলৈ বুলি কৈ আহিলো৷ কপাল ভাল আছিলে যে অটোৰিক্সা এখন পালো৷ অ’টোত উঠি শেষ নিশা ঘৰ সোমালোহি৷

সামৰণি :

সময় গতিশীল৷ ঠিক বোৱতী নৈৰ সোঁতৰ দৰে । ইচ্ছা কৰিলেও কোনেও বাধা দিব নোৱাৰে ৷ কিন্তু গতিৰ দিশ সলনি কৰিব পৰা যায়৷ সমাজ খনৰ মানুহ খিনিৰ মানসিকতাই নিৰ্দ্ধাৰন কৰে সময়ৰ গতিৰ দিশ৷ ক্ৰমশঃ সমাজৰ ৰূপ, সংস্কৃতিৰ পৰিৱৰ্তন হৈ আহিছে৷ কাৰোবাৰ মতে সংস্কৃতিৰ উত্তৰণ ঘটিছে, – মানুহবোৰ ‘কালছাৰড’ হৈছে৷ কাৰোবাৰ মতে  দেশখন তললৈ গল৷ জাতীয় সংস্কৃতি  ধ্বংশ হল ! কাৰোবাৰ মতে সংস্কৃতি সংকৰীকৰণ ঘটিছে ! হওক, সংস্কৃতিৰ সংকৰীকৰণ হওক৷ মাথো সংকৰীকৰণ  হওক সাবধানতাৰে । এখন ভাল সমাজৰ আমিবোৰ অংশীদাৰ হওঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments