অসমীয়া ভাষাৰ মত-ভিন্নমত : অঞ্জল বৰা

অসমীয়া ভাষাৰ মত-ভিন্নমত

অঞ্জল বৰা

প্ৰসঙ্গ: ডঃ ভগৱান মৰল চাৰৰ “অসমীয়া ভাষাৰ লগত পাণিনীয় সংস্কৃতৰ সম্বন্ধ মাতৃস্থানীয় নহয়, দূৰ সম্বন্ধীয় ভগ্নীস্বৰূপহে। …অসমীয়া ভাষা পাণিনীয় সংস্কৃত ভাষা নহয়, বঙলা ভাষাৰ ঠালিও নহয়; অথচ হেমকোষী ব্যাকৰণ আৰু অভিধানে বাহ্যিক দৃষ্টিত দুয়োটাকে সম্ভৱ কৰিছে অৰ্থাৎ বঙলা বৰ্ণ বা ধ্বনিৰ আখৰ, সংস্কৃতৰ আখৰ (অসমীয়া উচ্চাৰণ নথকা বৰ্ণ), ব্যাকৰণ বিধি আৰু অন্যান্য প্ৰত্যয় আদি অসমীয়াত সুমুৱাই লৈ সংস্কৃতৰ নুমলী জী বুলি আৰু বঙলাৰ উপভাষা (ঠালি) বুলি ক’বলৈ সুযোগকণ দি থৈছে।”

এজন ভাষাবিজ্ঞানৰ ছাত্ৰ হিচাপে আমি জানো যে ভাষাবিজ্ঞানৰ অধ্যয়ন এটা অতি জটিল বিষয়৷ অসমত বিশেষকৈ ভাষাবিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰখন এতিয়াও ভালদৰে গা-কৰি উঠিছে বুলি ক’ব নোৱাৰি৷ আনহাতে এই দিশটোক অধিক জটিল কৰি তুলিছে ভাষাবিজ্ঞানীসকলৰ মাজত থকা মতৰ পাৰ্থক্যই (ইয়াত ভাষাবিজ্ঞানী শব্দটোৱে মাত্ৰ ভাষাৰ বিষয়ে বিশেষভাৱে অধ্যয়ন কৰা লোকসকলক বুজোৱা হৈছে)৷ আজিও আমাৰ পাঠ্যক্ৰমত অসমীয়া ভাষাৰ উদ্ভৱ-বিকাশৰ প্ৰশ্ন আহিলে ছাত্ৰ-ছাত্ৰীয়ে লিখিব লগা হয় “অমুকে অমুক কৈছে, তমুকে তমুক কৈছে” আৰু শেষত অমীমাংসিতভাৱেই উত্তৰটোৰ সামৰণি পৰে৷ একেটা কথাই হৈছে অভিধান আৰু ব্যাকৰণ প্ৰণয়ৰ ক্ষেত্ৰতো৷ কিন্তু প্ৰশ্ন হয় অসমৰ কলেজ-বিশ্ববিদ্যালয়ত ভাষাবিজ্ঞানৰ পাঠ পঢ়ুওৱা ভাষাবিজ্ঞানীসকল কোনো এটা মতৰ ক্ষেত্ৰতে কিয় একমত হ’ব পৰা নাই? কিয় ছাত্ৰ-ছাত্ৰীসকলক যুগে যুগে একেটা উত্তৰকে লিখি থাকিবলৈ বাধ্য কৰাইছে৷ ইয়াৰ কাৰণ হ’ল কাৰো হাতত কোনো গ্ৰহণযোগ্য যুক্তি নাই৷

এইক্ষেত্ৰত ডঃ উপেন্দ্ৰ নাথ গোস্বামীৰ মত চাওক-
“অসমীয়া ভাষাটো মূলতঃ মগধীয় ভাষা৷ ইয়াৰ প্ৰধান সুঁতিটো আৰ্যভাষাৰ সুঁতি৷ মগধ-বিদেহ অঞ্চলৰ পৰা আহি উত্তৰ-বঙ্গৰ মাজেদি আৰ্য-ভাষাই প্ৰাচীন কামৰূপত প্ৰৱেশ কৰে আৰু সপ্তম শতিকা মানৰে পৰা পশ্চিম-অসমৰ সুকীয়া ভাষাৰূপে গঢ় ল’বলৈ উপক্ৰম কৰে৷ অসমীয়া ভাষাৰ প্ৰধান সুঁতিটো আৰ্য-ভাষাৰ সুঁতি বুলি কোৱাৰ এটা কাৰণ এয়ে যে ইয়াত ব্যৱহাৰ হোৱা বেছিভাগ শব্দ প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ পৰা ধ্বনিৰ কিছু সলনি ঘটি নাইবা প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ মাজেদি বিকশিত হৈ হোৱা অৰ্ধতত্সম আৰু তদ্ভৱ শব্দ৷ অসমীয়া ভাষাটোৰ ভাৰতীয় আন ভাষাৰ লগত থকা সম্পৰ্কই অসমীয়া ভাষাৰ আৰ্য-সুঁতিটোৰ চিহ্ন আৰু গভীৰ কৰি তোলে৷”

আকৌ ডঃ গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষাৰ জন্ম-পত্ৰিকা এনেদৰে তৈয়াৰ কৰিছে-
ভাষা- অসমীয়া
গোত্ৰ- ইণ্ডো-ইউৰোপীয়
প্ৰৱৰ- আৰ্য
শাখা- বৈদিক
বৰ্ণ- প্ৰাচ্য (কামৰূপ) প্ৰাকৃত
গণ- কামৰূপী অপভ্ৰংশ
ক্ষণ- দ্বাদশ-ত্ৰয়োদশ শতিকা
ক্ষেত্ৰ- উত্তৰ-পূব ভাৰত খণ্ড

এইদৰে আমি অনেক ভাষাবিজ্ঞানীৰ মত দি আমাৰ প্ৰবন্ধ দীঘলীয়া কৰিব পাৰিম৷ কিন্তু কোনো এটা সঠিক যুক্তিৰে প্ৰতিপন্ন কৰিব নোৱাৰো যে প্ৰকৃততে সত্য আৰু যুক্তিসঙ্গত কোনটো৷

এতিয়া আহোঁ ডঃ ভগৱান মৰল চাৰৰ মতটোলৈ৷ ডঃ মৰল চাৰ এগৰাকী আধুনিক ভাষাবিজ্ঞানত বিশ্বাসী ব্যক্তি৷ তেওঁ পৰম্পৰাগত ভাষাবিজ্ঞানত বিশ্বাস নকৰে যেন অনুমান হয়৷ আনহাতে তেখেতৰ ওপৰোক্ত মতটো সম্পূৰ্ণ ভাষাৰ ধ্বনিতাত্বিক আলোচনাৰ ওপৰত নিবন্ধিত৷ তেখেতে ভাষাৰ বৰ্তমানৰ ৰূপটোৰ ওপৰত ভিত্তি কৰিহে আলোচনা কৰিছে৷ সেয়ে তেখেতে “হেমকোষী ব্যাকৰণ আৰু অভিধানে বাহ্যিক দৃষ্টিত দুয়োটাকে সম্ভৱ কৰিছে অৰ্থাৎ বঙলা বৰ্ণ বা ধ্বনিৰ আখৰ, সংস্কৃতৰ আখৰ” বুলি মন্তব্য কৰিছে৷ তেখেতে ভাষাৰ যাদৃচ্ছিক (arbitrary) ৰূপটোত বিশ্বাসী যিটো ভাষাবিজ্ঞানৰ ধ্বনিতাত্বিক আলোচনাৰ এটা প্ৰধান অংশ৷ ভাষাৰ যাদৃচ্ছিকতা মানে হৈছে একে উচ্চাৰণ থকা দুটা ধ্বনিৰ ভিতৰত এটাক ব্যৱহাৰ কৰা৷ ধ্বনিতাত্বিক আলোচনাত অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি আঠটাহে পোৱা যায়৷ একেদৰে লিখিতভাৱে অসমীয়া ভাষাত ৪০ টা ব্যঞ্জনধ্বনি পোৱা যায় যদিও ধ্বনিতাত্বিক আলোচনাত বিশিষ্ট ব্যঞ্জনধ্বনি ২১ টাহে পোৱা যায়৷

এনে ধ্বনিতাত্বিক আলোচনাৰ ভেটিতেই ডঃ মৰল ছাৰে অসমীয়া ভাষাৰ স্বকীয়তা প্ৰতিপন্ন কৰিব বিচাৰিছে৷ তেখেতে নিজৰ ৰচনাত ই/ঈ ঠাইত কেৱল “ই”, চ/ছ-ৰ ঠাইত কেৱল “চ” আদি ব্যৱহাৰ কৰাৰ পক্ষপাতী যাৰ কাৰণে তেখেতে “অসমীয়া” শব্দটোক “অসমিয়া” বুলি লিখে৷ কাৰণ অসমীয়া ভাষাত “ই” আৰু “ঈ”-ৰ মাজত কোনো উচ্চাৰণগত পাৰ্থক্য নাই৷ এনে ধ্বনিতাত্বিক আলোচনাৰ মাজেৰেই তেখেতে অসমীয়া ভাষাক বাংলা বা সংস্কৃত ভাষাৰ পৰা পৃথক কৰি সুকীয়া অস্তিত্বৰে প্ৰতিপন্ন কৰিব বিচাৰিছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত ধ্বনিৰ যাদৃচ্ছিকতাৰে শব্দ লিখা সহজনে? হয়, সংস্কৃতৰ বহু উচ্চাৰণ অসমীয়া ভাষাত পোৱা নাযায়৷ কিন্তু সকলো ভাষাবিজ্ঞানীয়ে ভাষাৰ যাদৃচ্ছিকতা স্বীকাৰ কৰিলেই কেতিয়াও তেনে ধাৰণাৰে অভিধান ব্যাকৰণ ৰচনা কৰা নাই৷ তেন্তে কিয় কৰিব পৰা নাই? আমি পঢ়ি থকাৰ সময়তো মনলৈ প্ৰশ্ন আহিছিল এনে কৰিব পাৰিলে দেখোন বানান ভুল হোৱাৰ সম্ভাৱনাই নাথাকিব৷ কাৰণ একে উচ্চাৰণৰ দুটা বৰ্ণ তেতিয়া নাথাকিবই৷ আজিলৈকে কৰা নাই বা হোৱা নাই ইয়াৰ মাজতে সোমাই আছে মত আৰু কাৰ্যৰ পাৰ্থক্য৷ আজি ১৯০০ চনতে ৰচনা কৰা “হেমকোষী ব্যাকৰণ আৰু অভিধান”ৰ কথা বাদেই দিলোঁ৷ ২০১২ চনত ৰচনা “অসমীয়া জাতীয় অভিধান”খনো এই ধাৰণাৰ পৰা আঁতৰি আহিব পাৰিছেনে? বাস্তৱ ক্ষেত্ৰত কিন্তু অসমীয়া বহু শব্দ আৰু উচ্চাৰণ সংস্কৃত বা বাংলা ভাষাৰ পৰা কেতিয়াবাই আঁতৰি আহিছে আৰু স্বতন্ত্ৰতা প্ৰতিষ্ঠা কৰিছে৷ কিন্তু আমি মনত ৰখা ভাল অভিধান বা ব্যাকৰণে ভাষা এটাক নিয়ন্ত্ৰণ নকৰে; ভাষাটোৰ ব্যৱহাৰৰ ভিত্তিতহে অভিধান বা ব্যাকৰণ ৰচনা কৰা হৈছে৷ ভাষাইহে অভিধান আৰু ব্যাকৰণক আগবঢ়াই নি থাকে৷

বাংলা ভাষাত এতিয়া “অসমীয়া”ক “অসমিয়া” লিখে৷ ডঃ মৰল চাৰেও লিখে৷ সেই যুক্তিও এই উচ্চাৰণগত৷ তেন্তে আমি মানি ল’মনে?

(ভাষা-বিজ্ঞানৰ ছাত্ৰ হিচাপে ভাষা বিষয়ক লেখাবোৰক লৈ চিন্তা কৰি ভাল পাওঁ৷ সেয়ে আলোচনাটো আগবঢ়ালোঁ৷ ইয়াৰ দ্বাৰা কাৰো আবেগ-অনুভূতিক আঘাত কৰা মোৰ উদ্দেশ্য নহয়৷)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক