অসমীয়া ভাষাৰ সংকট : কিছু চিন্তা ( দেৱকৃষ্ণ বৰুৱা )

মানুহে যি ভাষাত কথা কয় আৰু লিখে সেই ভাষাটো শুদ্ধকৈ ক’ব আৰু লিখিবলৈ যত্ন কৰাটো সেই ভাষী মানুহৰ কৰ্তব্য হোৱা উচিত৷ প্ৰত্যেক ভাষাৰেই স্বকীয় বৈশিষ্ট্য আৰু প্ৰকাশভঙ্গী থাকে৷ স্বকীয়তা হেৰুৱালে ভাষাটোৰ সৌন্দৰ্য বিঘ্নিত হোৱাৰ লগতে তাৰ মৰ্যাদাও হানি হয়৷ এটা কথা ঠিক যে ভাষা এটাৰ সৃষ্টি হোৱাৰ পিছতহে ব্যাকৰণৰদ্বাৰা তাক শৃঙ্খলিত বা নীতিৱদ্ধ কৰা হয়৷ এনে নীতিৱদ্ধ ৰূপত যুগ যুগ চলাৰ পিছত ভাষাটোৱে এটা বিশেষত্ব আৰু মহিমা লাভ কৰে; যি বিশেষত্ব আমি স্বাভাৱিকভাৱেই আয়ত্ত কৰোঁ৷ কিন্তুু মানুহৰ অৱহেলা, গুৰুত্বহীনতা বা অন্য ভাষাৰ প্ৰভাৱত ভাষা একোটাই স্বকীয় বিশেষত্ব হেৰুৱাবলৈ ধৰে আৰু ভাষাটোলৈ অনাকাংক্ষিত পৰিৱৰ্তন আহে– যাক আমি ভাষা-প্ৰদূষণ বুলি ক’ব পাৰোঁ৷ ভাষা একোটাৰ লগত যিহেতু একোটা জাতিৰ ঐতিহ্য, সংস্কৃতি আৰু স্বাভিমান জড়িত হৈ থাকে, সেয়ে ইয়াৰ বিকৃতকৰণ কাৰো কাম্য নহয়৷ বৰ্তমান অসমীয়া ভাষাও এনে এক সংকটৰ গৰাহত পৰা পৰিলক্ষিত হৈছে৷ বহু লোক আছে যি ভাষাটো কওঁতে সচেতন নহয়েই, লিখাৰ বেলিকাও সাৱধান নহয়৷ ইয়াৰ বাবে ইংৰাজী, হিন্দী, বাংলা আদি ভাষাৰ প্ৰভাৱৰ লগতে ৰাজ্যিক শিক্ষা বিভাগো জগৰীয়া৷ অন্য ভাষাৰপৰা শব্দ গ্ৰহণ জীৱিত ভাষা এটাৰ বৈশিষ্ট্য৷ ইয়াৰদ্বাৰাই ভাষা এটাই শব্দসম্ভাৰ চহকী কৰে৷ সভ্যতাৰ সৈতে খোজ মিলাবলৈ বা প্ৰকাশিকা শক্তি বৃদ্ধি কৰিবলৈ আমি নতুন শব্দ গ্ৰহণ কৰিবই লাগিব৷ কিন্তুু তাকে কৰিবলৈ যাওঁতে আমাৰ স্বকীয়তাখিনি হেৰুৱাব নালাগিব৷ আমি যি অসমীয়া ভাষা ব্যৱহাৰ কৰি আছোঁ, সি মৌলিক শব্দৰ লগতে অনেক সংস্কৃত, আৰবী, ফাৰ্চী, হিন্দী, ইংৰাজী আৰু নানা জনগোষ্ঠীয় ভাষাৰ শব্দসম্ভাৰেৰে সমৃদ্ধ৷ এই শব্দবোৰ ইতিমধ্যে অসমীয়া শব্দভাণ্ডাৰৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ তেনে কিছুমান শব্দ আমি যেনেদৰে পৰিৱৰ্তন কৰি লৈছোঁ, তেনেকৈ কিছুমান পোনপটীয়াকৈও গ্ৰহণ কৰিছোঁ৷ কিন্তুু আনৰ প্ৰভাৱত ব্যাকৰণৰ নীতি সলনি কৰিব বিচৰা বা তাক ত্যাগ কৰিব বিচৰাটো গ্ৰহণযোগ্য নহয়৷ কোনো এটা ভাব প্ৰকাশ কৰিবলৈ যদি আমাৰ উপযুক্ত শব্দভাণ্ডাৰ আছে, তেন্তে তাৰ বাবে অন্য ভাষাৰ শব্দ কিয়? যিখিনি আধুনিক শব্দৰ পৰিভাষা ওলোৱা নাই, তাৰ কথাটো সুকীয়া৷ যেনে– ৱেব্ছাইট, ইণ্টাৰনেট, ছাৰ্ভাৰ, চুইচ, মাউচ, কীব’ৰ্ড, মনিটৰ আদি শব্দবোৰ সদায় আমি এনে ৰূপতে ব্যৱহাৰ কৰি আহিছোঁ৷ তাত আপত্তি কৰাৰো থল নাই৷ আপত্তি কৰিবলগীয়া আছে যিবিলাক শব্দ আমাৰ আছে, সেইবিলাক ব্যৱহাৰ নকৰা আৰু ব্যাকৰণৰ জেওৰাখন নমনাৰ ক্ষেত্ৰতহে৷ আজিকালি আমি ‘সময়’ৰ সলনি ‘টাইম’, ‘কিতাপ’ৰ সলনি ‘বুক’, ‘বহী’ৰ সলনি ‘কপি’ ‘গাড়ী’ৰ সলনি ‘কাৰ’ আদি অনেক শব্দ ব্যৱহাৰ কৰোঁ, যিবিলাকৰ সুন্দৰ প্ৰতিশব্দ আছে৷ বহুতে অসমীয়া শব্দৰ মাজত দহটামান ইংৰাজী শব্দ ব্যৱহাৰ কৰি নিজৰ প্ৰকাশভঙ্গীৰ মান উন্নত কৰিব বিচাৰে৷ কিন্তুু সি তেওঁৰ প্ৰকাশভঙ্গীৰ মান যে নিম্নহে কৰে সেই কথা ভাবি নাচায়৷

ইংৰাজী মাধ্যমত পঢ়া বহু সন্তানৰ অভিভাৱকে নিজৰ সন্তানে ‘অসমীয়া নাজানে’ বুলি কৈ গৌৰৱ বোধ কৰে৷ ই জাতিটোৰ বাবে অতি দুভাৰ্গ্যজনক কথা৷ বহু অসমীয়া শিক্ষকে নিজৰ সন্তানক মাতৃভাষাৰ বিদ্যালয়ৰ বিপৰীতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱায়৷ (এইটো অপ্ৰিয় সত্য যে সৰহসংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয়তে অসমীয়া ভাষাটোক অৱহেলা কৰা হয়৷ আনকি কোনো কোনো এনে বিদ্যালয়ত অসমীয়া ভাষা কোৱা বাবে ছাত্ৰ-ছাত্ৰী শাস্তিৰ সন্মুখীনো হ’বলগীয়া হৈছে৷ আৰু আমি অভিভাৱকসকলেও এনে কাৰ্য দেখি-শুনি চকু-কাণ মুদি বহি থাকোঁ৷ এনে কাৰ্য এটা জাতিৰ বাবে কম পৰিতাপৰ বিষয়নে? ) তেনেকৈয়ে মাতৃভাষাৰ বিদ্যালয়ৰ সংখ্যা দিনে দিনে কমিবলৈ ধৰিছে৷ ইয়াৰ ফলত মাতৃভাষাৰ চৰকাৰী বিদ্যালয়ৰ মান কমি আহিছে আৰু অসমীয়া ভাষাটো অৱহেলিত হ’বলৈ ধৰিছে৷ কথাটো সাধাৰণীকৰণ কৰিব নোৱাৰি যদিও ই অপ্ৰিয় সত্য যে বহু শিক্ষকে নিজৰ সন্তান বেচৰকাৰী বিদ্যালয়ত পঢ়ে বাবেই নিজৰ শিক্ষাদান বা কৰ্তব্যক অৱহেলা কৰে৷ এনে শিক্ষকসকলে যে নিজৰ ভৰিতে কুঠাৰ মাৰিছে সেই কথা এবাৰো ভাবি চোৱা নাই৷ কাৰণ তাৰ ফলতেই চৰকাৰী বিদ্যালয়ৰ ছাত্ৰৰ সংখ্যা কমি আহিছে আৰু বিদ্যালয়সমূহ বন্ধ হৈ গৈ আছে৷ এনে পৰিস্থিতিত তেওঁলোকৰ জীৱিকাৰ নিৰাপত্তা ক’ত? এতিয়া চৰকাৰেও এই বিদ্যালয়বোৰ চি. বি. এছ. ই.ক গটাই দিব বিচাৰিছে; যিয়ে অসমীয়া ভাষাটোৰ ওপৰত মাধমাৰ শোধাব৷ অসমীয়া ভাষাটোৰ বাবে আন এক দুৰ্ভাগ্য এয়ে যে অসমীয়া ভাষাতত্ত্বৰ পণ্ডিতসকলে আজিলৈকে সৰ্বসন্মত এখন ব্যাকৰণ বা আখৰ জোঁটনি সম্পৰ্কীয় এখন পুথি আমাক দিব পৰা নাই৷ নানা মুনিৰ নানা মত– তাৰ মাজত আমাৰ দৰে সাধাৰণ লোকৰ কোনটো ধৰোঁ, কোনটো এৰোঁ অৱস্থা -তথাপি বৰ্তমানলৈকে সৰ্বজন নহ’লেও বহুজন গ্ৰহণীয় যিবোৰ নীতিয়ে আমাৰ ভাষাটোৰ স্বকীয়তা ধৰি ৰাখিছে, সেইবোৰৰ আধাৰত আমি ভাষাটো ব্যৱহাৰ কৰা উচিত৷

আমি সচেতন হ’লেই নিজৰ ভাষাটো শুদ্ধকৈ ব্যৱহাৰ কৰিব পাৰোঁ৷ সকলো ভাষাতে কিছুমান জতুৱা ৰূপ আছে৷ সমাৰ্থক হ’লেও আমি সকলো শব্দ সকলো ঠাইতে ব্যৱহাৰ নকৰোঁ৷ আজিকালি সঘনাই ভুলকৈ ব্যৱহাৰ হোৱা কিছুমান ক্ৰিয়াৰূপ এনেধৰণৰ– মই তোমালৈ ৰখি আছোঁ; ৰখিবা, ময়ো যাম; মাই ভাত বনাই আছে ইত্যাদি৷ অসমীয়াত গৰু-ম’হ ৰখে, ভাত ৰান্ধে, কাৰোবালৈ বাটচায়, বা ৰৈ থাকে, ধান বানে (নুখুন্দে), ধান দায় (নাকাটে), মাছ বাছে (নাকাটে), মঙহ কুটে, কুকুৰে কামোৰে, বৰলে বিন্ধে, সাপে দংশন কৰে বা খোঁটে (নাকামোৰে), চৰায়ে খোঁটে, চাহ তপতায়, গাখীৰ পগায় ইত্যাদি৷

আজিকালি বহুতে বিভক্তি ব্যৱহাৰ নকৰে বা কৰিলেও ভুলকৈ কৰে৷ যেনে– ক’ত গৈছিলি? ; ঘৰত নাযাৱ নেকি? ; বাছত যাবি নে ৰেলত যাবি? ; ঐ ৰিস্কা, এইফালে আহ; ঐ ঠেলা এইফালে আহ; ঘৰ যাওঁ; স্কুল যাওঁ ইত্যাদি৷ প্ৰথম দুটা বাক্যত সম্প্ৰদান কাৰকে ক্ৰিয়া সম্পন্ন কৰিছে৷ গতিকে তাত চতুৰ্থী বিভক্তি ‘লৈ’ যোগ হ’ব লাগে৷ তাৰ ঠাইত যোগ কৰা হৈছে সপ্তমী ‘ত (অত)’ বিভক্তি৷ সাধাৰণতে সপ্তমী বিভক্তি অধিকৰণ কাৰকতহে যোগ হয়৷ যেনে– ঘৰত মানুহ নাই; বাঘ হাবিত থাকে ইত্যাদি৷ তাৰ পিছৰ বাক্যকেইটাত সপ্তমীৰ ঠাইত তৃতীয়া ‘ৰে’ বিভক্তি যোগ হ’ব লাগে– বাছেৰে, ৰেলেৰে৷ শেষৰ বাক্যকেইটাত কোনো বিভক্তি বা প্ৰত্যয় যোগ হোৱা নাই৷ বিভক্তিযুক্ত শব্দকেইটা হ’ব লাগে এনেকুৱা– স্কুললৈ যাওঁ; ঘৰলৈ যাওঁ; ৰিস্কাৱালা, ঠেলাৱালা (‘ৱালা’ হিন্দীমূলৰ প্ৰত্যয়) আদি৷ এইখিনিতে এটা উল্লেখযোগ্য কথা হ’ল যে বিভক্তি বা প্ৰত্যয় আৰু পৰসৰ্গবোৰ সদায় মূল শব্দৰ লগত সংলগ্ন হৈ থাকে৷ বহুতে ইয়াক পৃথককৈ লিখে৷ যেনে– শিৱসাগৰৰপৰা, ৰামৰদ্বাৰা, চুলিকোছা, কিতাপখন, বন্ধুসকল, মানুহগৰাকী, জন্তুবিলাক, চৰাইজাক ইত্যাদি৷ বহুতে আকৌ চন্দ্ৰবিন্দু আৰু ঊৰ্ধ্ব কমা ‘সৰু বস্তু’ বুলি আওকাণ কৰে; ফলত অৰ্থ প্ৰকাশৰ ক্ষেত্ৰত বিসংগতিয়ে দেখা দিয়ে৷ এই চিন দুটা ব্যৱহাৰ নকৰিলে বা য’তে-ত’তে ব্যৱহাৰ কৰিলে শব্দৰ অৰ্থান্তৰ ঘটাৰ লগতে ভাষাটোৰ সৌন্দৰ্যও হানি হয়৷ চন্দ্ৰবিন্দু হৈছে অনুনাসিক ধ্বনিৰ চিন৷ কোনো শব্দৰ নিৰ্দিষ্ট ঠাইত অনুনাসিক উচ্চাৰণ থাকিলে তাত চন্দ্ৰবিন্দু দিয়া হয়৷ ইয়াৰ দুটামান নিয়ম এনেধৰণৰ–

 ১৷ মূল সংস্কৃত শব্দত থকা নাসিক্য বৰ্ণবিলাক (ঙ, ঞ, ণ, ন, ম, ং) লুপ্ত হৈ যিবোৰ তদ্ভৱ শব্দৰ সৃষ্টি হৈছে, সেইবোৰৰ লুপ্ত বৰ্ণটোৰ আগত চন্দ্ৰবিন্দু দিয়া হয়৷ যেনে– অঙ্ক- আঁক, বঙ্কিম- বেঁকা, শঙ্খ- শাঁখ, অঞ্চল- আঁচল, পিঞ্জৰা- পিঁজৰা, পুঞ্জি- পুঁজি, কণ্টক- কাঁইট, ভাণ্ডাৰ- ভঁৰাল, অন্ত- আঁত, গ্ৰন্থন- গাঁথনি, কম্পন- কঁপনি, কুমাৰী- কুঁৱৰী, কাংস- কাঁহ, হংস- হাঁহ ইত্যাদি৷

২৷ কেতিয়াবা নাসিক্যভিন্ন বৰ্ণ লুপ্ত হ’লেও চন্দ্ৰবিন্দু দিয়া হয়৷ যেনে– অষ্ঠৱৎ- আঁঠু, অশ্বত্থ- আঁহত, কূপ- কুঁৱা, গৰ্ত- গাঁত ইত্যাদি৷

৩৷ কেতিয়াবা কোনো বৰ্ণ লুপ্ত নোহোৱাকৈয়ে কেৱল চন্দ্ৰবিন্দুৰ সহায়ত তৎসম শব্দ তদ্ভৱ শব্দ কৰা হয়৷ যেনে– কাচ- কাঁচ, চোচ-চোঁচ আদি৷

৪৷ কিছুমান দেশজ শব্দত স্বাভাৱিকভাৱেই চন্দ্ৰবিন্দু দিয়াৰ পৰম্পৰা চলি আহিছে৷ যেনে– দোঁ, চোঁ, আঁট, ঠাঁচ, গোঁজ, কঁহুৱা, চাঁহি, আঁজোৰ ইত্যাদি৷

৫৷ ক্ৰিয়াৰ ৰূপবিশেষতো চন্দ্ৰবিন্দু দিয়া হয়৷ স্বৰূপ বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়াৰ অন্তিম বৰ্ণত চন্দ্ৰবিন্দু দিয়া হয়৷ যেনে– খাইছোঁ, বহিছোঁ, শুইছোঁ ইত্যাদি৷

৬৷ নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়াত অনুনাসিক বৰ্ণ নাথাকিলে চন্দ্ৰবিন্দু দিয়া হয়৷ যেনে– খাওঁ, যাওঁ, উঠোঁ, বহোঁ ইত্যাদি৷ কিন্তুু শুনোঁ, জানোঁ, নামোঁ নহয়৷

৭৷ অনুনাসিক বৰ্ণ নথকা ধাতুত ওঁতা, ওঁতে বিভক্তি যুক্ত হ’লে চন্দ্ৰবিন্দু বহে৷ যেনে– খাওঁতে, যাওঁতে, চাওঁতে, পঢ়োঁতে ইত্যাদি৷ কিন্তুু শুনোঁতে, নামোঁতে, ৰান্ধোঁতে নহয়৷

৮৷ স্বৰূপ ভূত কাল আৰু অপূৰ্ণ ভূত কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়াৰ অন্তিম বৰ্ণত পূৰ্বে চন্দ্ৰবিন্দু দিয়াৰ নিয়ম আছিল৷ কিন্তুু এই নিয়ম বৰ্তমান শিথিল হৈছে৷ যেনে– খালোঁ, শুনিলোঁ, খাইছিলোঁ, শুনিছিলোঁ ইত্যাদি৷ বহুতে নভবা-নিচিন্তাকৈ য’তে-ত’তে চন্দ্ৰবিন্দু দিয়ে৷ বহুতৰ ‘ও’ দেখিলেই চন্দ্ৰবিন্দু দিয়াৰ প্ৰৱণতা দেখা যায়৷ নাও, ভাও, খালেও, চালেও, নেওগ, নেওচা– এইবোৰ শব্দত চন্দ্ৰবিন্দু দিব নালাগে৷ কোনোৱে আকৌ ‘ঞ’ৰ ওপৰতো চন্দ্ৰবিন্দু দিয়ে৷ যেনে, ভূঞাঁ৷ এয়া অনুচিত৷ কাৰণ ‘ঞ’ এটা অনুনাসিক ধ্বনি৷ ‘ঞ’ৰ সলনি ‘য়’ লিখিলে তাতহে চন্দ্ৰবিন্দু দিয়া হয়৷ যেনে– চিয়াঁহী, চিয়ঁৰ, জিয়াঁ ইত্যাদি৷

এতিয়া ঊৰ্ধ্ব কমাৰ বিষয়ে দুটামান কথা৷

১৷ আচলতে যিবোৰ অ-কাৰন্ত বৰ্ণৰ উচ্চাৰণ ও-ৰ নিচিনা হয়, সিবিলাতক এই চিন দিয়া হয়৷ যেনে– য’ত, ত’ত, চ’ত, হ’ম, চ’ৰা, ল’ৰা, দ’ম ইত্যাদি৷ এনে উচ্চাৰণৰ ইংৰাজী শব্দতো (বিশেষকৈ O থাকিলে) ঊৰ্ধ্ব কমা দিয়া হয়৷ যেনে– ব’ৰ্ড, প’ষ্টাৰ, গেলিলিঅ’ ইত্যাদি৷

২৷ মূল শব্দত থকা ঐ, ঔ– এই দুই বৰ্ণ লুপ্ত পালে, লুপ্ত বৰ্ণৰ ঠাইত ঊৰ্ধ্ব কমা দিয়া হয়৷ যেনে– বৈঠা- ব’ঠা, ৰৌদ্ৰ- ৰ’দ, বৈশাখ- ব’হাগ, দৌল- দ’ল ইত্যাদি৷

৩৷ ক, যা, থ, ব, ৰ, ল, হ– এই ধাতুকেইটাৰপৰা হোৱা ক্ৰিয়াৰ প্ৰথম বৰ্ণটোত ঊৰ্ধ্ব কমা দিয়া হয়৷ যেনে– ক’ম, ক’ব, গ’ল, গ’লা, ব’ল, থ’লা, ৰ’ল, ল’লা, হ’ল আদি৷ এতিয়া চন্দ্ৰবিন্দু আৰু ঊৰ্ধ্ব কমা দিয়া নিদিয়াৰ ফলত শব্দৰ কেনেকৈ অৰ্থান্তৰ ঘটিব পাৰে তাৰ দুটামান উদাহৰণ তলত দিয়া হ’ল–

গাঁও- গ্ৰাম; গাওঁ- গা ধাতুৰ এটা ৰূপ

গোড়া- বগা চামৰাৰ; গোঁড়া- মতান্ধ

চা- দৃষ্টি কৰ; ছাঁ- ছায়া

তেও- তথাপি; তেওঁ- এটা সৰ্বনাম

জাপ- তৰপ; জাঁপ- ডেও দিয়া

পুৱা- প্ৰভাত; পুঁৱা- তাপ ল

বাও- এবিধ ধান; বাঁও- বাম, বাওঁ- বা ধাতুৰ এটা ৰূপ

ভাজ- সিদ্ধ কৰ; ভাঁজ- বেঁকা

ভেটি- ভিত্তি; ভেঁটি- ঘোচ

সাজ- পোছাক; সাঁজ- সন্ধিয়া, আহাৰ

হত- মৃত; হঁত- বোৰ, সমূহ

কম- তাকৰ; ক’ম- ক ধাতুৰ এটা ৰূপ

কলা- বধিৰ; ক’লা- কৃষ্ণ বৰ্ণ

গল- ডিঙি; গ’ল- যা ধাতুৰ এটা ৰূপ

চৰা- বেছি; চ’ৰা- আলোচনাৰ ঠাই

বল- শক্তি; ব’ল- যা ধাতুৰ এটা ৰূপ

ৰদ- স্থগিত; ৰ’দ- সূৰ্যৰ পোহৰ ইত্যাদি৷

আমি বহুতেই সংক্ষিপ্ত লিখন কিছুমান ভুলকৈ পঢ়োঁ৷ যেনে– ১১শ শতিকা(এঘাৰ শ শতিকা), ১২শ শতিকা (বাৰ শ শতিকা), ১৩শ শতিকা(তেৰ শ শতিকা), , …….. ১৯শ শতিকা(ঊনৈছ শ শতিকা), ৷ এইবোৰ পঢ়িব লাগে এনেদৰে– একাদশ শতিকা, দ্বাদশ শতিকা, ত্ৰয়োদশ শতিকা, …… ঊনবিংশ শতিকা ইত্যাদি৷ এঘাৰশ শতিকা মানে ১১০০ x ১০০ = ১১০০০০ চন৷ আমিতো এতিয়াও একবিংশ শতিকাতে (২১শ শতিকা) আছোঁ৷ তেনেদৰে ১লা, ১ম, ২য়, ৩য়, ৭ম, ৮ম, ৯ম, ১০ম আদি শব্দবোৰ এক লা, এক ম, দুই য়, তিনি য় এনেকৈ কয়৷ ক’ব লাগে পহিলা, প্ৰথম, দ্বিতীয়, তৃতীয, সপ্তম, অষ্টম, নৱম, দশম– এনেকৈ৷ এইখিনিতে আৰু এটা কথা উল্লেখ কৰা ভাল হ’ব যে এক, দুই আৰু ছয় এই সংখ্যাবাচক শব্দকেইটাত যেতিয়া ‘টা’ নিৰ্দিষ্টবাচক প্ৰত্যয় যোগ হয়, তেতিয়া ইহঁতৰ অন্তিম বৰ্ণ লুপ্ত হয় আৰু ইবোৰক এনেদৰে কোৱা বা লিখা হয়– এটা, দুটা, ছটা৷ বহুতে হিন্দী বা বাংলাৰ প্ৰভাৱত পৰি একটা, দুইটা, ছয়টা এনেকৈ লিখে বা পঢ়ে৷ বহুক্ষেত্ৰত দেখা যায় যে অসমীয়া যুক্তাক্ষৰৰ জ্ঞান সীমিত বাবে বহুতৰে ভুল হয়৷ অসমীয়া যুক্তাক্ষৰৰ বিশেষত্ব হ’ল, ইবোৰ দেখি কি কি বৰ্ণ যোগ হৈছে ক’ব নোৱাৰি, জানিলেহে ক’ব পাৰি৷ উদাহৰণস্বৰূপে ‘ষ্ণ’ যুক্তাক্ষৰটো দেখাত ষ আৰু ঞ যোগ হোৱা যেন লাগে৷ কিন্তুু প্ৰকৃততে ষ + ণ৷ তেনেদৰে হৃ=হ+ঋ, কিন্তুু শ্ৰূ=শ+ৰ+ঊ, ভ্ৰূ=ভ+ৰ+ঊ, দ্ৰূ=দ+ৰ+ঊ, ক্ৰ=ক+ৰ, কিন্তুু ত্ৰু=ত+ৰ+উ; ক+ষ=ক্ষ, কিন্তুু হ+ম=হ্ম; ট্ট=ট+ট, কিন্তুু ট্ৰ=ট+ৰ; ন্থ=ন+থ (ন+হ নহয়)৷ এনেবিলাক প্ৰাথমিক কথা নজনা বাবেই বহুতে অট্টহাস্য নকৰি অট্ৰহাস্য কৰি অট্ৰালিকাত বাস কৰে৷ তেনেকৈ বহুতে বুৰজ্ঞী, বিজ্ঞান বুলি লিখে আৰু পঢ়ে৷ কিন্তুু প্ৰকৃততে শব্দ দুটা হ’ব লাগে বুৰঞ্জী আৰু বিজ্ঞান৷ গতিকে আমি ভুল কৰাসকলে দ্বিতীয়মানৰ অসমীয়া কিতাপখন এতিয়াও মেলি চোৱাটো উচিত বুলি ভাবোঁ৷

বহুবছৰ আগতে অসমীয়া ভাষাৰ দ্বিত্ব বৰ্জন আৰু সৰলীকৰণ নীতি প্ৰৱৰ্তন কৰা হয়৷ কিন্তুু এই নীতি বহুতে ভালকৈ বুজি নোপোৱাৰ ফলত বহু আহুকালে দেখা দিছে৷ পূৰ্বে কোনো শব্দত থকা ৰেফৰ পিছত চ, জ, ত, দ, ব, ম, য আদি আখৰ থাকিলে তাক দুবাৰকৈ লিখা হৈছিল৷ আজিকালি এই নিয়ম এৰি এবাৰ লিখা হয়; মানে এটা বৰ্ণ বৰ্জন বা ত্যাগ কৰা হৈছে৷ উদাহৰণ :

কীৰ্ত্তি– কীৰ্তি

ধৰ্ম্ম– ধৰ্ম

উৰ্ব্বৰ– উৰ্ব্বৰ

সূৰ্য্য – সূৰ্য ইত্যাদি৷

কিন্তুু ইয়াৰ অৰ্থ এইটো নহয় যে সকলো দ্বিত্ব উঠি গৈছে৷ ৰেফৰ পিছৰহে দ্বিত্ব উঠিছে৷ বহুতে আকৌ শয্যা, সাহায্য আদি শব্দ শৰ্যা, সাহাৰ্য এনেদৰে লিখিবলৈ লৈছে৷ যেন দ্বিত্ব বৰ্জন কৰি তাত ৰেফ ব্যৱহাৰ কৰাৰ নীতিহে প্ৰৱৰ্তন কৰা হৈছে৷ কিছুদিনৰ আগতে ‘ফেচবুক’ত এজন শিক্ষকে ‘সাহাৰ্য’ জোঁটনিহে শুদ্ধ বুলি মোক উভতি ধৰিছিল৷ মই বুজাবলৈ চেষ্টা কৰাত তেওঁ ক’লে বোলে দুয়োটাই শুদ্ধ! সত্যক স্বীকাৰ কৰিব নোখোজা এনে মানুহৰপৰা উপায় নাই৷ ‘সহায়’ শব্দটোত য-কাৰ (আজিকালি য়-কাৰ বুলি গ্ৰহণ কৰা হৈছে) দি তাক বিশেষণ কৰা হৈছে৷ তাত ‘ৰ’ বৰ্ণ নায়েই৷ ৰ থাকিলেহে সি ব্যঞ্জনান্ত হৈ ৰেফ্ হয়৷ দ্বিতীয়তে, পূৰ্বে যিবোৰ শব্দত ৰেফৰ পিছত দ্ধ লিখা হৈছিল, সেইবোৰত আজিকালি কেৱল ধ (যদিও দ্ধ=দ+ধ); আগতে যিবোৰ শব্দত ৰেফৰ পিছত চ্ছ লিখা হৈছিল, সেইবোৰত কেৱল ছ আৰু আগতে ৰ-ৰ লগত দুটা ত থকা কেতবোৰ শব্দত মাত্ৰ এটা ত লিখাৰ নিয়ম হ’ল৷ যেনে– অৰ্দ্ধ- অৰ্ধ, মূৰ্দ্ধ- মূৰ্ধ, ঊৰ্দ্ধ- ঊৰ্ধ্ব, দুৰ্দ্ধৰ্ষ- দুৰ্ধৰ্ষ; মূৰ্চ্ছা- মূৰ্ছা, মূৰ্চ্ছনা-মূৰ্ছনা; পুত্ত্ৰ (কম্পিউটাৰত সেই ৰূপ দিয়া নাই)- পুত্ৰ, সত্ত্ৰ- সত্ৰ ইত্যাদি৷ ওপৰত আলোচনা কৰা কথাবোৰৰ উপৰি আৰু সৰু-বৰ বহুতো কথা আছে, যাৰ বাবে আমাৰ ভুল হয়৷ এনে কথাবোৰৰ প্ৰতি আমি সচেতন হ’লে নিশ্চয় ভাষাটো শুদ্ধ ৰূপত বৰ্তি থাকিব৷ ইয়াৰ বাবে লাগে অলপ সদিচ্ছা আৰু আগ্ৰহ৷ মই ভাষাতত্ত্বৰ ছাত্ৰও নহয়, পণ্ডিতো নহয়৷ ভাষাটো হৃদয়েৰে ভাল পাওঁ বাবেই এনে কথাবোৰ ভাবোঁ, আনকো কওঁ৷ তাকে ক’লে বহুতে বেয়া পায়, বহুতৰ আত্মসন্মানত লাগে৷ ভাষা এটা পৰিৱৰ্তন হ’বই; কিন্তুু সেয়া হ’ব লাগিব যুক্তিযুক্ত আৰু বিজ্ঞানসন্মভাৱে৷ কিন্তুু পৰিৱৰ্তনৰ নামত বাৰেবঙলুৱা বা খিচিৰি হোৱাটো কাৰো কাম্য নহয়৷ আমি আটায়ে মনত ৰখা উচিত যে আমাৰ ঐতিহ্য, সংস্কৃতি, আচাৰ-ব্যৱহাৰ, পৰম্পৰা, ৰীতি-নীতি আদিয়েই আমাৰ পৰিচয়– যিবিলাক আমাৰ ভাষাটোৱে বহন কৰি আহিছে৷ অন্যাৰ্থত ভাষাটোৱেই আমাৰ পৰিচয়৷ আমি যদি ভাষাটো হেৰুৱাওঁ, তেন্তে আমাৰ পৰিচয়ো হেৰুৱাম৷

(লেখাটোৰ কথাখিনি অধিক শৃঙ্খলাৱদ্ধ আৰু পৰিকল্পিতভাৱে লিখাৰ থল আৰু অধিক সংযোজনৰ অৱকাশ থাকি গ’ল৷ অধিক দীঘল হোৱাৰ ভয় আৰু সময়ৰ নাটনিৰ বাবে সেয়া কৰিব পৰা নগ’ল৷ বিজ্ঞসকলে ভৱিষ্যতে এই বিষয়ত সুচিন্তিত লেখা প্ৰকাশ কৰিব বুলি আশা কৰিলোঁ৷ – লেখক)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments