অসমীয়া ভাষা: অনৈক্যৰ মাজত ঐক্য (ড° অঞ্জল বৰা)

Article_1_Images
অসমীয়া ভাষা অসমৰ উত্তৰ-পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ বিভিন্ন ভাষা-ভাষীলোকৰ এক সংযোগী ভাষা হিচাপেও প্ৰচলিত হৈ আছে৷ অসমৰ ৩১,১৬৯,২৭২ জন (২০১১ চনৰ লোকপিয়ল অনুসৰি) লোকৰ আধা সংখ্যকৰ বাবেই অসমীয়া ভাষা প্ৰধান ভাব বিনিময়ৰ মাধ্যম৷ দেখা যায় যে অসমৰ ভিতৰতে ভালেমান বেলেগ বেলেগ জনগোষ্ঠীয়ে বসবাস কৰে আৰু সিবোৰৰ মাজত পৰস্পৰৰ কিছুমান অবোধ্য ভাষা প্ৰচলিত৷ ফলত এটা সময়ত জনগোষ্ঠীসমূহৰ মাজত সামাজিক বৈষম্যই গা-কৰি উঠিছিল৷ কিন্তু পিছলৈ অসমীয়া ভাষাই তাৰ ভঙা ভঙা শব্দৰূপেৰে এই জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিকভাৱৰ সংযোগ ঘটাই ঐক্য, শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰাত সহায় কৰিছিল৷ এই ক্ষেত্ৰত একালৰ নেফামিজ (বৰ্তমানৰ অৰুণামিজ), নাগামিজ আৰু ৰাভামিজ সংযোগী ভাষাসমূহ এই ঐক্য, শান্তিৰেই প্ৰতিক বুলিব পাৰি৷ এই বিষয়ে ড০ সত্যেন্দ্ৰনৰায়ণ গোস্বামীই কৈছে যে “অষ্ট্ৰিক গোষ্ঠীৰ অষ্ট্ৰ-এচিয়াটিক আৰু চীন-তীব্বতীয় ভাষা-পৰিয়ালৰ ভালেমান সৰু-ডাঙৰ ক্ষেত্ৰত কথিত ভাষাৰ মাজত সহ-অৱস্থান কৰি উমলি-জামলি অসমীয়া ভাষাটোৱে আজি প্ৰায় সহস্ৰ বৰ্ষ ধৰি বিকাশৰ পথত অগ্ৰসৰ হৈছে৷ ফলত ভাষাবিলাকৰ মাজত সমাজত আদান-প্ৰদান ঘটিছে, ভাষা-ভাষীসকলৰ সাংস্কৃতিক বিষয়তো গুৰুত্বপূৰ্ণ সংমিশ্ৰণ ঘটিছে (প্ৰকাশ, মাৰ্চ, ১৯৯৩)৷
অসমত সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ১৮টা ভাষাৰ উপৰিও আৰু ৬৮টা অস্বীকৃতিপ্ৰাপ্ত ভাষাৰ প্ৰচলন আছে৷ দক্ষিণ এচিয়াত প্ৰচলিত অসংখ্য ভাষাৰ মাজত তিব্বত-বৰ্মীয় ভাষাৰ সংখ্যাই সৰ্বাধিক (প্ৰায় ৪০টা)৷ অসমত বাস কৰা তিব্বত-বৰ্মীয় ভাষাগোষ্ঠীৰ লোকসকলৰ কিছুমানে ঘৰৰ ভিতৰত বা নিজা জনগোষ্ঠীৰ মাজত আৰু ঘৰৰ বাহিৰৰ সমাজত ভাব আদান-প্ৰদানৰ ভাষাৰূপে অসমীয়া ভাষাকেই ব্যৱহাৰ কৰে৷ আকৌ অন্য কিছুমান জনগোষ্ঠীয়ে ঘৰৰ ভিতৰত বা নিজা জনগোষ্ঠীটোৰ ভিতৰত এটা ভাষাত কথা কয় আৰু জনগোষ্ঠীটোৰ নিজা মানুহৰ বাহিৰে অন্যৰ লগত কথা পাতিব লগা হ’লেই অসমীয়া ভাষাৰ ব্যৱহাৰ কৰে৷ ইয়াৰ পৰা এটা কথা প্ৰতিয়মান হয় যে অসমৰ প্ৰায়ভাগ তিব্বত-বৰ্মীয় ভাষাগোষ্ঠীৰ লোকেই দ্বিভাষী আৰু অসমীয়া ভাষাই এই ক্ষেত্ৰত অন্যান্য ভাষা-ভাষী লোকৰ লগত ভাবৰ আদান-প্ৰদান কৰাত তেওঁলোকক সহায় কৰি আহিছে৷ অসমত প্ৰচলিত তিব্বত-বৰ্মীয় ভাষাৰ ভিতৰত বড়ো, কাৰ্বি, ৰাভা, মিচিং, দেউৰী, আৰু তিৱা এইকেইটাই প্ৰধান যদিও কম-বেছি পৰিমাণে সীমামূৰীয়া ৰাজ্যত প্ৰচলিত জনজাতীয় ভাষাবিলাকো অসমৰ কোনো কোনো অঞ্চলত প্ৰচলন নথকা নহয়৷ তেনে ভাষাৰ ভিতৰত উল্লেখযোগ্য ভাষাসমূহ হ’ল- গাৰো, ককবৰক, মণিপুৰী/মেইথেই, হমাৰ, কুকি, থাদো, ৱাইফেই, পাইতে, মিজো/লুচাই, হালাম, চেমা, জেমি, ৰেংমা, টাংচা, য়িমচুংগ্ৰে, লোথা, কাবুই, আংগামী, আও, নক্টে, টাংখুল, ৱাঞ্চো, কন্যাক, চাখেচাং, তিব্বতীয়, ভুটীয়া, লিম্ব, ছেৰ্পা, আদি, নিছি/ডফলা, মনপা ইত্যাদিয়ে প্ৰধান৷
তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ উপৰিও অসমত আৰু দুটা পৰিয়ালৰ ভাষা প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আছে৷ সেই দুটা হ’ল – অষ্ট্ৰ’-এছিয়াটিক আৰু শ্যাম-চীনীয়৷ শ্যাম-চীনীয় পৰিয়ালৰ ভাষাসমূহ উজনি অসমৰ অৰুণাচল আৰু নগালেণ্ডৰ সীমামূৰীয়া অঞ্চলত অলপসংখ্যক লোকৰ মাজতে প্ৰচলিত বুলিব পাৰি৷ এই মূলৰ বৃহত্তম ৰাজকীয় ফৈদ আহোমসকলৰ মাজত বৰ্তমান এই ভাষা অপ্ৰচলিত৷ অসমত বসবাস কৰা অকল টাই ফাকে, টাই তুৰুং, টাই আইতন, টাই খাময়াং আৰু টাই খামতিসকলৰ মাজতহে এই ভাষা সংৰক্ষিত হৈ আছে (১৯৯১ চনৰ অসমৰ ভাষাভিত্তিক জনগাঁথনিত এইসমূহ ভাষা-ভাষীৰ জনসংখ্যা বেলেগে দেখুওৱা নাই)৷ আনহাতে চাহশ্ৰমিক হিচাপে আগমন ঘটা আৰু পৰৱৰ্তী কালত অসমৰ চাহ-বাগিছাসমূহৰ ওচৰে-পাজৰে স্থায়ীভাৱে বসবাস কৰা বেছিভাগ লোকেই অষ্টিক মূলৰ কোল-মুণ্ডা ভাষা-ভাষী৷ অসমত এই শ্ৰেণীৰ লোকৰ সংখ্যা নিচেই সামান্য নহয়৷ উদাহৰণ স্বৰূপে চাওতালী (১,৩৫,৯০৫), মুণ্ডা (৭৫,৪২০), মুণ্ডাৰি (১৪,২২৩), কুৰুখ/ওৰাং (৫৪,২০২), খৰিয়া (৫,৯৫৫), শৱৰ (২,৯২৭), ভূমিজ (৮৭১), হো (৬৭৯), কোড়া (৭৩) ইত্যাদি৷ সেইদৰে মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰতে কেন্দ্ৰীভূত খাচী, জয়ন্তীয়া আদি মোন-খমেৰ মূলীয় ভাষা-ভাষী লোকৰ বসতিও ইয়াৰ সীমামূৰীয়া অঞ্চলত পোৱা যায়৷ এই সংখ্যা ১৯৯১ চনৰ লোকপিয়ল অনুযায়ী ২৯,৩৮৪ জন৷ আজিকালি চাহ জনজাতি বুলি জনাজাত লোকসকলে অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে৷
ইয়াৰোপৰি অসমলৈ ব্যৱসায়-বাণিজ্য, কৃষি-উদ্যোগ, শিক্ষা-প্ৰশাসন ইত্যাদিত নিয়োগৰ সুবিধাৰ বাবে ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা আৰ্যমূলীয় ভাষাগোষ্ঠীৰ ভাষা-ভাষীলোকৰ আগমন প্ৰাক-স্বাধীনতা কালৰ পৰা বৰ্তমানলৈকে নিৰৱচ্ছিন্ন গতিৰে হৈ আছে৷ এওঁলোকৰ বেছিভাগৰে নগৰীয়া অঞ্চলত বাস কৰি আছে৷ অসমত বৰ্তমান বাস কৰ সৰ্বাধিক আৰ্যমূলীয় ভাষা হ’ল বাংলা (৪৮,৫৬,৫৩২ জন)৷ ইয়াৰ পিছতে বসবাস কৰা অন্যান্য ভাষা-ভাষী লোকসকল হ’ল – হিন্দী/হিন্দুস্তানী, নেপালী, উৰিয়া, বিষ্ণুপুৰীয়া, পাঞ্জাবী, গুজৰাটী, উৰ্দু, মাৰাঠী, সিন্ধী, কোঙ্কিনী৷ ১৯৯১ চনৰ লোকপিয়লত অসমত আৰবী, ইংৰাজী আৰু সংস্কৃত এই তিনিটা ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰা লোকো পোৱা গৈছে৷
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে অসমত অসমীয়া ভাষাৰ ওপৰিও তিব্বত-বৰ্মীয়, অষ্ট্ৰ’-এছিয়াটিক আৰু শ্যাম-চীনীয় আৰু ভিন্ন আৰ্যমূলীয় ভাষা-ভাষী লোকে অতীজৰে পৰা বসবাস কৰি আহিছে আৰু তেওঁলোকৰ বহুতৰে একোটা নিজা কথিত ভাষা আছে৷ কিন্তু সাম্প্ৰতিক সময়ত এই সকলো ভাষা-ভাষীলোকসকলে নিজৰ মাজত মাতৃভাষাৰ ঐতিহ্য ৰক্ষা কৰি চলিলেও অসমীয়া ভাষাকেই বহুতে সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰি আহিছে শিক্ষা-দিক্ষাৰ মাধ্যম ৰূপেও প্ৰয়োগ কৰিছে৷ এইদৰে অসমীয়া ভাষাই অনৈক্যৰ মাজতো ঐক্য হৈ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মনৰ আৰু ভাবৰ সংযোগৰ সেতুডাল তৈয়াৰ কৰি সমগ্ৰ ভাষা-ভাষী লোকসকলৰ মাজত সংহতি প্ৰতিষ্ঠাত আগভাগ লৈছে৷
টোকা : লেখাটোত উল্লেখ কৰা সকলো তথ্য ড০ উপেন ৰাভা হাকাচামৰ ‘অসমীয়া আৰু অসমৰ তিব্বত-বৰ্মীয় ভাষা’ (ডিচেম্বৰ, ২০০০) আৰু ড০ ভীমকান্ত বৰুৱাৰ ‘অসমৰ ভাষা’ (বনলতা, ২০০৩) আৰু www.ethnologue.com-ৰ পৰা গ্ৰহণ কৰা হৈছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments