অসমীয়া ভাষা আমি কিমান শুদ্ধকৈ লিখিব জানো? — লক্ষেশ্বৰ হাজৰিকা

আজি আমি মূৰ্ধন্য ’ণ’ দন্ত্য ’ন’-ৰ ব্যৱহাৰ আৰু দন্ত্য ’স’ মূৰ্ধন্য ’ষ’ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ‌৷ আমাৰ সকলোৱে কম-বেছি পৰিমাণে ণত্ব বিধি আৰু ষত্ব বিধিৰ নিয়ম জানে৷ তথাপি মোৰ লেখাটোৰ লগত সঙ্গতি ৰাখি আৰু পুনৰায় সতেজ কৰা( to freshen)ৰ মানসেৰে এইখিনি পাঠকলৈ আগবঢ়াব খুজিছোঁ৷

ণত্ববিধি (দন্ত্য ন মূৰ্ধন্য ণ হোৱাৰ নিয়ম) –
(১) সাধাৰণতে ঋ, ৰ, ষ-ৰ পিছত দন্ত্য ন মূৰ্ধন্য ণ হয়৷ যেনে-ঋণ, তৃণ, ৰণ, বৰষুণ, ভীষণ, ভাষণ ইত্যাদি৷
কিন্তু প্ৰথমতে ঋ, ৰ, ষ থাকিলেও যুক্তব্যঞ্জনৰ ক্ষেত্ৰত ণ নহৈ ’ন’হে হয়৷ যেনে-ভ্ৰান্ত, গ্ৰন্থ, ৰন্ধ্ৰ, বীৰেন্দ্ৰ আদি৷ উল্লেখ্য যে হীৰেন্দ্ৰ, বীৰেন্দ্ৰ, নৰেন্দ্ৰ আদি শব্দৰ সংক্ষিপ্ত ৰূপ বাবে হীৰেন, বীৰেন, নৰেন আদি শব্দবোৰত ’ন’ হয়৷
(২) ঋ, ৰ, ষ আৰু ন-ৰ মাজত স্বৰ বৰ্ণ, ’ক’ বৰ্গ(ক, খ, গ ঘ, ঙ); ’প’ বৰ্গ(প, ফ, ব, ভ, ম); আৰু য, ৱ, য়, হ- এইবিলাকৰ কোনো বৰ্ণ সোমালে দন্ত্য ন মূৰ্ধন্য ণ হয়৷ যেনে-কৃপণ(ক্ + ঋ + প + অন্)৷ সেইদৰে- দৰ্পণ, গ্ৰহণ, ব্ৰাহ্মণ, তৰ্পণ, হৰিণ, প্ৰয়াণ, নাৰায়ণ, ৰোপণ, গ্ৰামীণ, পৰিৱহণ ইত্যাদি৷
(৩) ট বৰ্গৰ কোনো আখৰেৰে যুক্ত হ’লে দন্ত্য ন মূৰ্ধন্য ণ হয়; যেনে-কণ্ঠ, কণ্টক, অণ্ড, পিণ্ড, দণ্ড, পণ্ডিত, সণ্ঢালনি ইত্যাদি৷
(৪) প্ৰ, পূৰ্ব, পৰ, অপৰ শব্দ আগত থাকিলে পিছৰ পদত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ হয়; যেনে-প্ৰাহ্ণ, পূৰ্বাহ্ণ, অপৰাহ্ণ(অপৰ + অহ্ন), পৰাহ্ণ(পৰ + অহ্ন) ইত্যাদি৷
(৫) মূল শব্দত ’ণ’ থকা তদ্ভৱ শব্দত ’ঋ’ বা ’ৰ’ নাথাকিলেও ’ণ’-ৰ ব্যৱহাৰ হয়; যেনে-আঘোণ(মূল শব্দ অগ্ৰহায়ণ), শাওণ(মূল শব্দ শ্ৰাৱণ), বামুণ(মূল শব্দ ব্ৰাহ্মণ), সোণ(মূল শব্দ স্বৰ্ণ বা সুবৰ্ণ), পাণ(মূল পৰ্ণ) আদি৷
(৬) ক্ষ-ৰ পিছত থকা দন্ত্য ’ন’ মূৰ্ধন্য ’ণ’ হয়; যেনে- ক্ষীণ, তীক্ষ্ণ, ক্ষুণ্ণ আদি৷
(৭) পৰ, পাৰ, উত্তৰ, চান্দ্ৰ, নাৰ, ৰাম শব্দৰ পিছত থকা ’অয়ন’ শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ হয়; যেনে-পৰায়ণ(পৰ + অয়ন), পাৰায়ণ(কোনো শাস্ত্ৰ আদিৰে পৰা অন্তলৈকে পঢ়া কাম), উত্তৰায়ণ, চান্দ্ৰায়ণ, নাৰায়ণ, ৰামায়ণ আদি৷
(৭) তলত দিয়া শব্দবিলাকত স্বভাৱতে মূৰ্ধন্য(ণ) হয়ঃ
বাণিজ্য, কণিকা, বেণু, বেণী, ফণা, ফণি, ফণী, কোণ, গণিত, কল্যাণ, বীণ, বীণাপাণি, গৌণ, অণু, গণ, গণনা, শোণিত, নিপুণ, মাণিক, বণিক, বণিজ, গুণ, তূণ, ঘূণ ইত্যাদি৷
(৮) দুটা বেলেগ বেলেগ শব্দ গোট খাই এটা হ’লে আগৰ পদত ঋ, ৰ, ষ-ৰ পাছত থাকিলেও পাছৰ শব্দৰ দন্ত্য ন মূৰ্ধন্য ণ নহয়৷ যেনে- দুৰ্নীতি(দুৰ + নীতি), দুৰ্নাম, সৰ্ব্বনাম, হৰিনাম, ত্ৰিনয়ন(ত্ৰি + নয়ন), অহৰ্নিশ(অহঃ + নিশা) ইত্যাদি৷
(৯) ত বৰ্গৰ আখৰৰ লগত যোগ হোৱা দন্ত্য ন ঋ, ৰ, ষ- ৰ পাছত থাকিলেও মূৰ্ধন্য ণ নহয়৷ যেনে- বৃন্দাবন, ৰন্ধন, বন্ধন, গ্ৰন্থ, বৃন্দ, অন্ত, দন্ত, নন্দন, অন্ধ ইত্যাদি৷
(১০) শব্দৰ আদিতে কেতিয়াও মূৰ্ধন্য ণ ব্যৱহাৰ নহয়৷ কোনোবাই যদি ণাৰায়ণ
বা নাৰায়ন বা ণাৰায়ন লিখে ভুল হ’ব৷
(১১) পদৰ অন্তত থকা দন্ত্য ন মূৰ্ধন্য ণ নহয়; যেনে- শ্ৰীমান, বৰ্মন, কৰ্মন ইত্যাদি৷
(১২) বিদেশী শব্দৰ শেষত থকা দন্ত্য ন মূৰ্ধন্য ণ নহয়; যেনে- জাৰ্মান, কোৰান, ইৰান, আইৰন, ইমৰান, ৰান ইত্যাদি৷
কিন্তু যুক্তাক্ষৰৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম হয়; যেনে-পাৰ্লিয়ামেণ্ট, লণ্ডন, ইংলেণ্ড, আয়াৰলেণ্ড, ফিনলেণ্ড, হলেণ্ড ইত্যাদি৷
(১৩) খাচ অসমীয়া শব্দত সদায় দন্ত্য ন হয়; যেনে- ৰঙীন, ফেৰেঙনি, বৰঙনি ইত্যাদি৷
কিন্তু ঋ, ৰ, ষ-ৰ পিছত ’ন’ বহিলে অৰ্থাৎ মাজত আন বৰ্ণ নাথাকিলে খাচ অসমীয়া শব্দতো ’ণ’ হয়; যেনে-ইকৰাণি, নৰাণি, বিৰিণা আদি৷
(১৪) স্ত্ৰী-প্ৰত্যয় ’অনী’ যুক্ত শব্দবোৰৰ ’অনী’-ৰ ’ন’ কেতিয়াও ’ণ’ নহয়; যেনে- কমাৰনী, কুমাৰনী, চাকৰনী, চুৰুনী, বৰুৱানী, মিৰিয়নী, দত্তনী ইত্যাদি৷
(১৫) বৃত্তিধাৰী বা কৰ্মৰ ক্ষেত্ৰত থকা স্ত্ৰীলিঙ্গবাচক শব্দত সদায় ’ন’ হয়; যেনে- ৰোৱনী, দাৱনী, বোৱনী, শিপিনী ইত্যাদি৷

ষত্ব বিধিঃ (দন্ত্য স মূৰ্ধন্য ষ হোৱাৰ নিয়ম)=
(১) অ, আ-ত বাহিৰে আন স্বৰবৰ্ণৰ পাচত অৰ্থাৎ ই-ঈ, উ-ঊ, ঋ-ঋৃ, এ-ঐ, ও-ঔ আৰু ক, ৰ-এইবিলাক আখৰৰ পাচত থকা দন্ত্য স মূৰ্ধন্য ষ হয়৷ যেনে- ভৱিষ্যৎ(ভৱি + স্যৎ=ভৱি +ষ্যৎ), শ্ৰীচৰণেষু, মুমূৰ্ষুু, দেশহিতৈষী ইত্যাদি
(২) ঋ-কাৰৰ পিছত মূৰ্ধন্য ষ হয়; যেনে- ঋষি, ঋষভ, বৃষভ, বৃষিত ইত্যাদি৷
(৩) ট, ঠ-ৰ সৈতে যুক্ত দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে- কষ্ট, দুষ্ট, ষষ্ঠ, ওষ্ঠ, স্পৃষ্ঠ, অষ্ট, নিষ্ঠুৰ ইত্যাদি৷
(৪) যুধি শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে-যুধি + স্থিৰ= যুধিষ্ঠিৰ৷
(৫) ই, ঈ, উ, ঊ-ইহঁ‌তৰ পাছত ক, খ, প, ফ আৰু ম থাকিলে সিহঁ‌তৰ লগত মূৰ্ধন্য ষ যোগ হয়; যেনে-আৱিষ্কাৰ, পুষ্কৰ, নিষ্পাপ, নিষ্ফল, নিষ্কাম, নিষ্কাশন, নিষ্কৃতি, নিষ্কৰ্মা ইত্যাদি৷
(৬) সাৎ প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য ষ নহয়; যেনে-অগ্নিসাৎ, ধূলিসাৎ, ভূমিসাৎ ইত্যাদি৷
(৭) ত আৰু থ-ৰ লগত দন্ত্য স মাথোঁন যোগ হয়; যেনে- বিস্তাৰ, সুস্থ, সুস্থিৰ, স্বাস্থ্য ইত্যাদি৷
(৮) ভূমি, গো, অংগ আদি শব্দৰ পিছত ’স্থ’-ৰ দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে-ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ ইত্যাদি৷ (গোষ্ঠ- গৰু চৰা ঠাই, বন্ধা ঠাই)৷
(৯) অনু, অধি, অভি, বি, পৰি, সু আদি উপসৰ্গৰ পিছত বহা কেতবোৰ ধাতুৰ দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে- অনুষ্ঠান(অনু-স্থা- অনট), অধিষ্ঠান, অভিষেক, বিষাদ, পৰিষ্কাৰ, সুষমা, পৰিষদ ইত্যাদি৷
কেতবোৰ ধাতুত এই নিয়ম নাখাটে; যেনে- বিসৰ্গ, বিস্ময়, নিসৰ্গ, অনুসৰণ, বিসৰ্জন ইত্যাদি৷
আমাৰ লেখক-লেখিকাসকলে অনুষ্ঠান, অনুষ্ঠিত শব্দবোৰ প্ৰায়ে ভুল কৰি অনুষ্ঠান, অনুষ্ঠিত লিখে৷ চিঠিবিলাকত(নিমন্ত্ৰণী পত্ৰত) বহুতে অনুষ্ঠানৰ আয়োজন কৰা হৈছে; অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আদি লিখা দেখা যায়৷ সেয়া ভুল৷ সেইদৰে প্ৰতিষ্ঠান, প্ৰতিষ্ঠাপন, প্ৰতিষ্ঠিত শুদ্ধ৷ কিন্তু স্থগিত, স্থাপন, স্থাপিত- ত মূৰ্ধন্য ষ নহয়৷ কিন্তু প্ৰতি + স্থাপন=প্ৰতিষ্ঠাপন৷
(১০) কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ষ হয়; যেনে-ভাষা, বৰ্ষা, হৰ্ষ, ৰোষ, পাষাণ, প্ৰদোষ, প্ৰদূষণ, ভীষ্ম, গ্ৰীষ্ম, পাষণ্ড, কুষ্মাণ্ড, ভীষণ, ভূষণ, বৰ্ষণ, শিৰীষ, তুষাৰ, পোষণ, বিশেষ, বিশেষণ, বিশেষ্য, ওষধি, ঔষধ, প্ৰত্যুষ, ঈষৎ, ঈৰ্ষা, মহিষ, কলুষ, আষাঢ়, আষাৰ, গণ্ডূষ(চলু, হাতৰ তলুৱাৰ খোলত ধৰা পৰিমাণৰ পানী), মনীষী, মনীষ, মনুষ্য ইত্যাদি৷

হ্ৰস্ব(ই)-কাৰ আৰু দীৰ্ঘ(ঈ)-কাৰৰ ব্যৱহাৰ=
হ্ৰস্ব(ই)-কাৰ আৰু দীৰ্ঘ(ঈ)- কাৰ ব্যৱহাৰৰ বিষয়ে জনাৰ আগতে আমি প্ৰথমে দুটা বস্তু জনা দৰকাৰ৷ এটা হ’ল- উপসৰ্গ আনটো হ’ল প্ৰত্যয়৷ প্ৰ, পৰা, অপ, সম, অনু, নি, অব, নিৰ্(নিঃ), দুৰ, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অভি, অপি, উপ, আ- এই কুৰিটাই হ’ল উপসৰ্গ৷ ইহঁত এবিধ অব্যয়৷ সংস্কৃত ধাতুৰ আগত সাধাৰণতে ইহঁত যোগ হয়৷ উপসৰ্গ বিলাকৰ নিজা কোনো অৰ্থ নাই৷ কিন্তু ইহঁ‌তে সংস্কৃত ধাতুৰ আগত বহি ভিন্ ভিন্ অৰ্থ প্ৰকাশ কৰে৷
ধাতু বা শব্দৰ পাছত তব্য, অনি, অনী, আনী, নী, যৎ, ক্ত, ক্তি, ত্চ, আ, ঈ, ঈয়া, ওঁ‌তে প্ৰভৃতি যিবোৰ শব্দ যোগ হৈ অৰ্থ প্ৰকাশ কৰে সেইবোৰক প্ৰত্যয় বোলে৷ প্ৰত্যয় দুবিধ আছে; যেনে- কৃৎ প্ৰত্যয়( verbal Suffixes) আৰু তদ্ধিত প্ৰত্যয়( Nominal affixes). আমি অৱশ্যে উপসৰ্গ বা প্ৰত্যয়ৰ বিশদভাৱে আলোচনা কৰিব খোজা নাই৷ আমি ইয়াত কেৱল ই-কাৰ আৰু ঈ-কাৰ ব্যৱহাৰৰ বিষয়েহে আলোচনা কৰিব খুজিছোঁ‌৷
(১) স্ত্ৰী-প্ৰত্যয় ’অনী’ যুক্ত শব্দবোৰৰ শেষত সদায় ’ঈ-কাৰ’ হয়৷ যেনে-কুমাৰনী(কুমাৰ + অনী), চাকৰনী, চুৰুনী, নাপিতনী, ফুকননী, গৃহস্থনী, গিৰিহঁ‌তনী, কমাৰনী, কায়স্থনী, আহোমনী, কেওঁ‌টনী, শূদিৰনী, মিকিৰনী, মৌজাদাৰনী, হাকিমনী ইত্যাদি৷
(২) পুংলিংগ শব্দৰ পাছত ’ঈ’ প্ৰত্যয় যোগ হোৱা শব্দবোৰৰ শেষত সদায় ঈ-কাৰ হয়৷ যেনে-নদী(নদ + ঈ), ব্যাঘ্ৰী, গোপী, দেৱী, ময়ূৰী, ব্ৰাহ্মণী, ৰাক্ষসী, কুমাৰী, ছাত্ৰী, হৰিণী, পাত্ৰী ইত্যাদি৷
(৩) আনী-প্ৰত্যয় যুক্ত শব্দবোৰত ঈ-কাৰ হয়৷ যেনে- ভৱানী(ভৱ + আনী), ইন্দ্ৰানী, শিৱানী, আচাৰ্যানী ইত্যাদি৷
(৪) বিস্তাৰ বা জুৰি থকা অৰ্থত যোগ হোৱা ’অনি-প্ৰত্যয়’ যুক্ত শব্দবোৰ সদায় ’ই-কাৰ’ হয়৷ যেনে- বননি(বন + অনি), ফুলনি, ধাননি, হাবিয়নি, বেতনি, বাঁ‌হনি, মাহনি, দলনি, কচুৱনি ইত্যাদি৷
(৫) ৰ-ৰে আৰম্ভ হোৱা শব্দৰ আগত নিঃ উপসৰ্গ লগ লাগিলে সাধিত শব্দটোত ’নিঃ’-ৰ পৰিৱৰ্তে ’নী’ হয়৷ যেনে- নীৰৱ(নিঃ + ৰৱ), নীৰস, নীৰন্ধ্ৰ, নীৰোগ ইত্যাদি৷
(৬) কোনো বিশেষ্য শব্দৰ লগত ’আলী’ প্ৰত্যয় যোগ হৈ বিশেষণ ৰূপ ল’লে শব্দটোৰ শেষত ’ ঈ-কাৰ’ হয়৷ যেনে- ৰঙালী(ৰং + আলী), ভোগালী, জোনালী, কঙালী ইত্যাদি৷
(৭) ’আলি’ প্ৰত্যয় যোগ হৈ যিবোৰ গুণবাচক বিশেষ্যৰ সৃষ্টি হয়, সেইবোৰত ’ই-কাৰ’ হয়৷ যেনে- টেঙৰৰ ভাৱ- টেঙৰ + আলি= টেঙৰালি৷ সেইদৰে- ৰ’দালি, দুষ্টালি, বলিয়ালি, সোৰোপালি, চতুৰালি, পুৰুষালি, ল’ৰালি ইত্যাদি৷
(৮) বৃত্তিধাৰী অৰ্থত ’ঈ-কাৰ’ হয়৷ যেনে- মহৰী, কাকতী, বেপাৰী, দোকানী, ভৰালী, হিলৈদাৰী, ঢুলীয়া, তেলীয়া, বোৱনী, মালী, মালিনী, ৰোৱনী, দাৱনী ইত্যাদি৷
(৯) তৈয়াৰ কৰা অৰ্থত, আছে অৰ্থত, ওপজা অৰ্থত, উৎপন্ন অৰ্থত, ব্যৱসায় অৰ্থত ’ঈ’ প্ৰত্যয় যোগ হ’লে সদায় শব্দত ’ঈ-কাৰ’ হয়৷ যেনে- তৈয়াৰ কৰা অৰ্থতঃ তামেৰে তৈয়াৰ কৰা= তাম + ঈ= তামী; তেনেদৰে কাঁ‌হী, বাঁ‌হী, কপাহী ইত্যাদি৷ আছে অৰ্থতঃ জ্ঞান আছে যাৰ- জ্ঞান + ঈ= জ্ঞানী; তেনেকৈ- ধনী, মানী, গুণী, সুখী, দুখী, ৰোগী, ভোগী ইত্যাদি৷ ওপজা অৰ্থতঃ নেপালত ওপজা যি- নেপাল + ঈ= নেপালী৷ তেনেকৈ- জাপানী, বঙ্গালী, পঞ্জাবী, হিন্দুঃস্থানী, বিহাৰী, বিলাতী ইত্যাদি৷ উৎপন্ন অৰ্থতঃ দেশত উৎপন্ন যি- দেশ + ঈ= দেশী; সেইদৰে- বিদেশী৷ ব্যৱসায় অৰ্থতঃ মৌজাদাৰৰ ব্যৱসায় যি-মৌজাদাৰী৷ তেনেকৈ- মহলদাৰী, দোকানদাৰী, গোলাদাৰী ইত্যাদি৷
(১০) ঈয়া প্ৰত্যয় যোগ হ’লেও নিষ্পন্ন শব্দত ’ঈ-কাৰ’ হয়৷ যেনে- পানী + ঈয়া= পনীয়া, মাটি + ঈয়া =মটীয়া, বালীয়া, জুলীয়া, লুণীয়া, যুৰীয়া, অসমীয়া, কাষৰীয়া নগৰীয়া, ভদীয়া, দুখীয়া, সুখীয়া, মাহেকীয়া, পষেকীয়া, ছমহীয়া, এঘৰীয়া, এবছৰীয়া ইত্যাদি৷ মন কৰিবলগীয়া যে- পানী, মাটি আদিৰ ক্ষেত্ৰত ঈয়া প্ৰত্যয় যোগ হোৱাৰ পাছত পা আৰু মা-ৰ আ-কাৰ লোপ হৈ অ-কাৰ হৈছে৷ তেনেকৈ-ডাড়ি + ঈয়া= ডড়ীয়া ইত্যাদি৷
(১১) পুংলিংগবাচক শব্দৰ পিচত সাধৰণতে নী প্ৰত্যয় যুক্ত শব্দবোৰত ঈ- কাৰ হয়৷ যেনে- কলিতানী, বৰুৱানী, নাতিনী, খাচিয়ানী, চুটিয়ানী, অসমীয়ানী ইত্যাদি৷
(১২) ’তলি’ শব্দটোৱে তল অৰ্থাৎ কোনো পাত্ৰ বা বস্তুৰ তলৰ ভাগ( the bottom) সূচায়; যেনে- সাগৰতলি, পাত্ৰৰতলি আদি৷ কিন্তু বিশেষ উদ্দেশ্যে ব্যৱহৃত অৰ্থত যেনে- খেতি কৰা মাটি( the land where is cultivated), মুকলি( an open field) অদিত
সদায় ’তলী’ লিখা হয়; যেনে-বিহুতলী, কঠীয়াতলি, মাহতলী, শাকতলী আদি৷
(১৩) প্ৰথমা একবচনৰ ঈ-কাৰ(ঈ) যুক্ত বহু শব্দত ’তা’ বা ’ত্ব’ প্ৰত্যয় যুক্ত হৈ বিশেষ্য ৰূপ ল’লে ’ঈ-কাৰ’ডাল ’ই-কাৰ’ হয়৷ যেনে- বন্দী + ত্ব= বন্দীত্ব, মন্ত্ৰী + ত্ব= মন্ত্ৰিত্ব৷ সেইদৰে- তেজস্বী + তা= তেজস্বিতা, প্ৰতিযোগী + তা= প্ৰতিযোগিতা, উপকাৰী + তা= উপকাৰিতা আদি৷ কিন্তু স্ত্ৰী-বাচক ঈ প্ৰত্যয় যুক্ত শব্দবোৰৰ ক্ষেত্ৰত ’ঈ-কাৰ’ডাল ’ই-কাৰ’ নহয়৷ যেনে-সতী + ত্ব= সতীত্ব, নাৰীত্ব, স্ত্ৰীত্ব ইত্যাদি৷
(১৪) ’ই-কাৰ’ৰ লগত ’ই-কাৰ’ যোগ হ’লে দুয়ো মিলি ঈ-কাৰ হয়৷
যেনে-ই + ই= ঈ- অভি + ইষ্ট= অভীষ্ট
ই + ই= ঈ-মুনি + ইন্দ্ৰ= মুনীন্দ্ৰ
সেইদৰে অতীন্দ্ৰিয়, প্ৰতীতি, খনীন্দ্ৰ, গিৰীন্দ্ৰ ইত্যাদি৷
(১৫) ই-ৰ লগত ঈ যোগ হ’লে ’ঈ-কাৰ’ হয়; যেনে-পৰি + ঈক্ষা= পৰীক্ষা, গিৰীশ, প্ৰতীক্ষা, ক্ষিতীশ, অধীশ্বৰ আদি৷
(১৬) ঈ-ৰ লগত ’ঈ’ যোগ হ’লে ’ঈ-কাৰ’ হয়; যেনে-সতী + ঈশ= সতীশ, মতীশ, মহীশ, গৌৰীশ্বৰ, দিল্লীশ্বৰ আদি৷
(১৭) ঈ-ৰ লগত ’ই’ যোগ হ’লে ’ঈ-কাৰ’ হয়; যেনে- মহী+ ইন্দ্ৰ= মহীন্দ্ৰ, সুধীন্দ্ৰ, শচীন্দ্ৰ, বলীন্দ্ৰ আদি৷
(১৮) বৃত্তি বা আচৰণ অৰ্থযুক্ত শব্দৰ পিছত ’গিৰি’(ই-কাৰান্ত) যোগ হয়; যেনে- কেৰাণীগিৰি, গুণ্ডাগিৰি, দাদাগিৰি, বাবুগিৰি, চামচাগিৰি আদি আৰু গৰাকী অৰ্থত ’গিৰী’(ঈ-কাৰান্ত) যোগ হয়; যেনে- ডেকাগিৰী, অম্বিকাগিৰী, ভৱগিৰী ইত্যাদি৷
(১৯) মূল সংস্কৃতৰ পৰা অহা অঞ্জলি শব্দটো সংস্কৃতত পুংলিংগ৷ গতিকে স্ত্ৰীবাচক বুলি ভাবি ঈ-কাৰ দিলে শুদ্ধ নহয়৷ বহুতে শ্ৰদ্ধাঞ্জলি শব্দটো শ্ৰদ্ধাঞ্জলি বুলি লিখে; সেইটো ভুল৷ সেইদৰে- স্ত্ৰীলিংগবাচক শব্দত অঞ্জলি যুক্ত হ’লেও ঈ-কাৰ নহয়; যেনে- দীপাঞ্জলি, ৰূপাঞ্জলি আদি৷ সেইদৰে-পুষ্পাঞ্জলি৷
(২০) হ্ৰস্ব ই- কাৰান্ত কেইটামান শব্দ স্ত্ৰীলিংগত ঈ-কাৰান্ত হয়; যেনে-
পুংলিংগ স্ত্ৰীলিংগ
সখি সখী
ৰান্ধনি ৰান্ধনী
শুৱনি শুৱনি
খুলশালি খুলশালী
ইত্যাদি
(২১) কিছুমান শব্দৰ পুংলিংগবাচক শব্দ নাই৷ এনেবোৰ শব্দ নিত্য স্ত্ৰীলিংগ আৰু এইবোৰত ঈ-কাৰ ব্যৱহাৰ হয়; যেনে- নামতী, সাহতী, ফুলতী, বোৱনী, শিপিনী, আয়তী, বোৱঁতী ইত্যাদি৷
(২২) কিছুমান শব্দ আছে যিবোৰৰ বিশেষ্য ৰূপত ই-কাৰ আৰু বিশেষণত ঈ-কাৰ হয়৷ যেনে-আৰম্ভণি(বি)-মানে কোনো অনুষ্ঠানৰ সূচনা( commencement of a function), আৰম্ভণী(বিণ)- মানে আৰম্ভতে হোৱা; উদ্বোধনী( inaugural; opening)৷ উদাহৰণ স্বৰূপে- সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আছে৷ এতিয়া আছে আৰম্ভণী গীত৷ সেইদৰে- আদৰণি(বি)-আদৰণী(বিণ); সোঁ‌ৱৰণি(বি)-সোঁ‌ৱৰণী(বিণ)৷ আদৰণি মানে আদৰা বা সম্ভাষণ জনোৱা কাৰ্য( act of receiving); আদৰণী মানে হ’ল-আদৰিবৰ উদ্দেশ্যে অনুষ্ঠিত( intending to welcome or receive)৷ উদাহৰণস্বৰূপে- আমি আপোনালোকক মঞ্চলৈ আদৰণি জনাইছোঁ‌৷ এতিয়া সভাপতিয়ে আদৰণী ভাষণ আগবঢ়াব৷ সেইদৰে- সোঁ‌ৱৰণি মানে মনত পেলোৱা কাৰ্য, স্মৰণ( remembrance; recollection) আৰু সোঁ‌ৱৰণী মানে (১) কোষ্ঠী বা জন্মপত্ৰিকা( a horoscope), (২) কোনো বিষয় মনত ৰাখিবলৈ লিখি থোৱা কাকত( a memorandum), (৩) কোনো কথা বা কাৰ্য আগলৈ মনত পেলাবৰ বাবে ৰখা বা দিয়া চিন বা বস্তু( a token of remembrance; a memento), (৪) কোনো কথা বা কাৰ্য স্মৰণ কৰিবৰ বাবে পতা( memorial)৷ উদাহৰণস্বৰূপে- ল’ৰাটোৰ সোঁ‌ৱৰণীখন বনাব লাগিব, সোঁ‌ৱৰণী চলন্ত বঁ‌টা, সোঁ‌ৱৰণী সভাকক্ষ, সোঁ‌ৱৰণী সভা ইত্যাদি৷
(২৩) আমি আগৰে পৰা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰোৱাৰী, বাৰোৱাৰী শব্দবোৰত ঈ-কাৰ ব্যৱহাৰ কৰি আহিছোঁ‌৷ কিন্তু আজিকালি বহুতে জানুৱাৰি, ফেব্ৰুৱাৰি বুলি লিখিবলৈ লৈছে৷ ইয়াৰ কিবা যুক্তি আছেনেকি নাজানো৷ আধুনিক অসমীয়া শব্দকোষত অৱশ্যে জানুৱাৰি লিখা আছে; কিন্তু ফেব্ৰুৱাৰীৰ ক্ষেত্ৰত ফেব্ৰুৱাৰীয়েই আছে৷ বাৰোৱাৰীটোও তেনেকৈয়ে পাইছোঁ‌৷ মই ভাৱো ইংৰাজীত wary বা ary যুক্ত শব্দত ঈ-কাৰ দিলেই বেছি শুদ্ধ যেন লাগে৷ অৱশ্যে বিজ্ঞজনে এই বিষয়ে আৰু ভালকৈ ক’ব পাৰিব৷ আমাৰ কিছুমান উপাধিতো পাইছোঁ‌- পাটোৱাৰী, হাজোৱাৰী, স্বৰ্গীয়াৰী, খাখলাৰী আদি৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 months ago

প্ৰত্যয় ভাঙা: ‘তথাপি’

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক