অসমীয়া ভাষা আমি কিমান শুদ্ধকৈ লিখিব জানো? – লক্ষেশ্বৰ হাজৰিকা

আজি আন কিছুমান লিখোঁতে সততে ভুল হোৱা শব্দৰ আলোচনা আগবঢ়াব খুজিছোঁ‌।

মুখ্য, মূখ্য; মুখ, মূখ; মুৰ, মূৰঃ

আমাৰ বহু সংখ্যক লোকে মুখ্য, মুখ আৰু মূৰ শব্দ কেইটা শুদ্ধকৈ লিখিব নাজানে। বহুতে মুখ্যটো মূখ্য লিখে, মুখটো মূখ আৰু মূৰটো মুৰ লিখে। মানে য’তে যি মন যায় উ-কাৰ বা ঊ-কাৰ বহুৱাই দিয়ে। মুখ্য মানে-প্ৰধান, শ্ৰেষ্ঠ( Principal; chief)। যেনে- মুখ্য মন্ত্ৰী, মুখ্য কাৰ্যবাহী অভিযন্তা, মুখ্য চিকিৎসা বিষয়া আদি।

মুখ মানে-১) আহাৰ খোৱা আৰু মাত ওলোৱা দুৱাৰ বা বাট( the mouth); ২) মানুহৰ মূৰৰ আগফাল; আনন( the face); ৩) প্ৰৱেশ-পথ( an entrance); ৪) মোহনা( the mouth of a river)। মুখৰ পৰা বিভিন্ন শব্দ আহিছে। যেনে- মুখা( a mask); মুখিয়াল; মুখামুখি; মুখাল; মুখৰ ইত্যাদি।

মূৰ মানে-১) শিৰ; দেহৰ চকু, কাণ, নাক, মুখ আৰু মস্তিষ্ক ধাৰণ কৰা অংশ( the head); ২) থিয় বস্তুৰ ওপৰভাগ( the top); ৩) আগ বা গুৰি( an end); ৪) সীমা( a limit) ইত্যাদি। এই মূৰৰ পৰাও বহুত শব্দ আহিছে। যেনে-মূৰামূৰি; মূৰিঘণ্ট; মূৰ-ঘূৰণি ইত্যাদি। গতিকে এইবিলাক লিখোঁতেও সাৱধান হ’ব লাগে।মূৰ-ঘূৰণিৰ সলনি মুৰ-ঘুৰণি; মূৰামূৰিৰ ঠাইত মুৰামুৰি লিখিলে হ’ব জানো?
মুৰ শব্দটোৰ এটা বেলেগ অৰ্থ আছে। মুৰ হ’ল এটা অসুৰৰ নাম যাক শ্ৰীকৃষ্ণই বধ কৰিছিল। সেয়ে শ্ৰীকৃষ্ণৰ আন এটা নাম মুৰাৰু বা মুৰাৰি।

শান্তনা, সান্তনা, সান্ত্বনা, শান্ত্বনাঃ

এই শব্দটো লিখোঁতেও বহুতে ভুল কৰে। নিজৰ ইচ্ছামতে কোনোবাই শান্তনা, কোনোৱে সান্তনা, কোনোৱে শান্ত্বনা লিখে। কিন্তু আচল ৰূপটো হ’ল-সান্ত্বনা। সান্ত্বনা মানে-প্ৰবোধ; বুজনি( consolation; solace)। আধুনিক অসমীয়া শব্দকোষত অৱশ্যে শান্ত্বনা শব্দটোও দিছে। কিন্তু গ্ৰহণযোগ্য শব্দটো সান্ত্বনা।

ক্ৰটি, ত্ৰুতি, ত্ৰুটি, ত্ৰুটীঃ

এই শব্দটো বহুতৰে ভুল হয়। ইয়াৰ শুদ্ধ ৰূপ দুটা- ত্ৰুটি বা ত্ৰুটী। অৰ্থ-১) ন্যূনতা( deficiency); ২) অংগহীনতা; দোষ, আসোঁৱাহ বা খুঁত( fault); ৩) স্খলন( deviation from the right)। বিভিন্নজনে এই শব্দটো ক্ৰতি, ক্ৰটি আদি লিখে যিবিলাক ভুল। আমি কওঁ কিবা ভুল-ত্ৰুটি হ’লে ক্ষমা কৰিব।

উৰ্ধ, উৰ্দ্ধ, ঊৰ্ধ্বঃ

ঊৰ্ধ্ব মানে-১) ওপৰৰ দিশ বা ঠাই( the upward direction or space);২) উচ্চতা( height; altitude); বিণঃ ওখ; উচ্চ( high; tall); ওপৰৰ( upper)। কিন্তু বহুতে এইটো উৰ্ধ, উৰ্দ্ধ আদি লিখে যিবিলাক ভুল। ঊৰ্ধ্ব শব্দৰ পৰা ঊৰ্ধ্বতন, ঊৰ্ধ্বশ্বাস, ঊৰ্ধ্বগতি, ঊৰ্ধ্বগামী আদি শব্দবোৰ আহিছে। ঊৰ্ধ্বস্থ মানে-ওপৰত থকা। বহুতে ঊৰ্ধ্বতন শব্দটো ভুলকৈ উৰ্ধ্বতন, ঊৰ্ধ্বতম, উৰ্ধতন আদি লিখে। সেইদৰে ঊৰ্ধ্বশ্বাস( ঘনাই লোৱা উশাহ) শব্দটো উৰ্ধশ্বাস, উৰ্ধ্বশ্বাস আদি লিখে যিবিলাক ভুল।

উভত, উভট, ওভট, ওভত, উভটি, ওভতি, উভতি আদিঃ

ওভত মানে ঘূৰি আহ; ওলট( to turn back)। বিণঃ অশ্লীল( ওভত মাত- obscene)। উভতি মানে-১)এবিধ মাছ ধৰা সঁ‌জুলি; ২) আমনি; বিপৰীত আচৰণ; অতপালি( annoyance); ৩) উলটি বা পিছলৈ ঘূৰি( turning back)। বহুতে এই শব্দ দুটা উভত, উভট আৰু উভটি, ওভতি আদি লিখে যিবিলাক ভুল। ইয়াৰ পৰা ওভতা-উভতি আহিছে। এইটো উভটা-উভটি নহয়। সেইদৰে ওলটা-উলটি শুদ্ধ। উলটা-ওলটি অশুদ্ধ।

ওপৰোক্ত, উপৰোক্ত, উপৰুক্তঃ

এই শব্দটোও বহুতে ভুল কৰে। ওপৰ শব্দৰ পৰা অহা বুলি বহুতে ওপৰোক্ত লিখে। উপৰুক্তও ভুল প্ৰয়োগ। আচল শব্দটো হৈছে- উপৰোক্ত। ইয়াৰ অৰ্থ- ওপৰত কৈ অহা; আগেয়ে কৈ অহা( above- mentioned)। উপৰোক্ত শব্দটো উপৰ্যুক্ত শব্দৰে আন এটা ৰূপ। ওপৰ শব্দৰ পৰা ওপৰা-উপৰি আহিছে। ইয়াৰ অৰ্থ-এটাৰ ওপৰত আনটো। কিছুমানে এইটো ভুলকৈ উপৰা-উপৰি লিখে।

  ☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments