অসমীয়া ভাষা আৰু কিছু আনুষংগিক কথা — দেৱব্ৰত মহন্ত

ধনীৰাম দুখীয়া হ’ব পাৰে, বগীৰ ৰংটো ক’লা হ’ব পাৰে৷ নামে-কামে নিমিলিলেও আমি সেই লৈ মূৰ ঘমাই নাথাকোঁ৷ — এয়া মানুহৰ নামৰ ক্ষেত্ৰত৷ কিন্তু ভাষাৰ ক্ষেত্ৰত এনে হয়নে? …..

হয়৷ অন্ততঃ অসমীয়া ভাষাৰ ক্ষেত্ৰত নামে কামে নিমিলাৰ উদাহৰণ বহুত৷ অসমীয়া ভাষাত তিনিটা স আছে৷ দন্ত্য স, মূৰ্ধন্য ষ, তালব্য শ৷ পিচে এই তিনি ভাইৰ নামটোহে সেইটো৷ কামত সম্পূৰ্ণ সুকীয়া৷ কাৰণ সিহঁতৰ মাক-বাপেকহালৰ নাম সেইটো আছিল৷ সেইবুলি সিহঁত মূৰ ঘমাই মৰিবনে? নমৰে৷ সিহঁত তেনেকৈয়ে জীয়াই থাকিব — স্বকীয়তা লৈ৷ মাক বাপেকৰ স্মৃতিটো থাকিব — থাকক৷ সেয়ানো কি বেয়া কথা হ’ল?

আচলতে আমাৰ মাজৰ বহুতে আপত্তি কৰে আমি অসমীয়াবোৰ বোলে এলেহুৱা৷ হিন্দী ভাষীসকলৰ দৰে আমি দন্ত্য, মূৰ্ধন্য, তালব্য উচ্চাৰণ কৰিব নোৱাৰোঁ কাৰণে এইবোৰ অজুহাত দেখুৱাই থাকোঁ৷ আৰু বোলে সেইবাবেই আমি হিন্দী কওঁতে মানুহে হাঁহে — ফিচিঙা-ফিচিঙ কৰে৷ প্ৰকৃততে কথাটো তেনেকুৱা জানো? এয়া আমাৰ হীনমন্যতা নহয়তো?

ঠিক আছে বাৰু, অলপ সময়ৰ বাবে মানিয়েই ল’লোঁ সেই কথা৷ আৰু মানি লৈ আমি অসমীয়া ভাষাত আৰম্ভ কৰি দিলোঁ দন্ত্য, মূৰ্ধন্য, তালব্যৰ উচ্চাৰণৰ আখৰা৷ তেতিয়া কি হ’ব শুনক — অসম শব্দটো আমি ক’ব লাগিব অচম৷ সময়টো হ’ব চময়৷ বিকাশ হ’বগৈ বিকাচ৷ (মানে একেবাৰে চ-ৰ উচ্চাৰণ নহ’লেও প্ৰায় চ বা ছ-ৰ ওচৰে পাঁজৰে হোৱা এটা উচ্চাৰণ) —- যিটো আমি সাধাৰণতে অনা অসমীয়াসকলে অসমীয়া ভাষা কওঁতে শুনো৷ (সংস্কৃত ভাষাৰ এই স, শ আৰু ষৰ উচ্চাৰণ অসমীয়াৰ স, ষ, শ (পশ্চ তালব্য উষ্ম ধ্বনি) সৈতে ইমানেই অমিল যে তাক প্ৰয়োগ কৰিলে আমাৰ ভাষাটো আৰু অসমীয়া হৈ নাথাকিব — হ’বগৈ অচমীয়া ভাচা৷ )

এতিয়া কথা হ’ল আমি হিন্দীৰ শুদ্ধ উচ্চাৰণ কৰিবলৈ অসুবিধা কিয় পাওঁ? উত্তৰটো স্পষ্ট — আমাৰ ভাষাত দন্ত্য, মূৰ্ধন্য আদি ধ্বনিৰ পাৰ্থক্য নাই৷ সৰুৰে পৰা অভ্যাস নকৰাৰ বাবে আমাৰ জিভাই সেই ধ্বনিবোৰ উচ্চাৰণ কৰিবলৈ অসুবিধা পায়৷ (কিন্তু চৰ্চা কৰিলে নোৱৰাৰ কাৰণ নাই৷ কাৰণ আমাৰ জিভাখন সিমানখিনি কাম কৰিবলৈ সক্ষম৷ ) জিমনাষ্টিকচ্ খেলুৱৈসকলে সহজতে ভৰিৰ তলুৱাখন নি মূৰৰ পিছফালে লগাই দিবগৈ পাৰে৷ আমি নোৱাৰোঁ৷ কিয়? কাৰণ আমি ধাৰাবাহিকভাৱে অভ্যাস কৰা নাই৷ সেইবুলি আমি তেনে কৰিব নোৱাৰোঁ বাবে কোনোবাই হাঁহিছে নেকি? ফিচিঙা ফিচিঙ কৰিছে নেকি? তদুপৰি মানুহৰ গাৰ গঠনৰ সৈতেও কথা আছে — যাৰ বাবে একে গুৰুৰ পৰা শিকি সমান পৰিমাণৰ অনুশীলন কৰিলেও সকলো জিমনাষ্টিক্চত সমানে পাৰদৰ্শী হ’ব নোৱাৰে৷

সিদিনা প্ৰধানমন্ত্ৰীয়ে ভঙা ভঙা উচ্চাৰণেৰে ভূপেনদাৰ গীতৰ কলি এটা আবৃত্তি কৰি দিলে৷ আমিতো নাহাঁহিলো, বৰং হাত চাপৰিহে দিলোঁ৷ গতিকে আমি হিন্দী কওঁতে উচ্চাৰণ ভুল হ’লে আনে কিয় হঁহিব? আমি ইংৰাজী কওঁতে উচ্চাৰণ ভুল হ’লে যদি ইংৰাজজনে হাঁহে, আমিও ইংৰাজে অসমীয়া ক’লে হাঁহিব লাগিব দেখোন৷ ক’তা আমিতো নাহাঁহোঁ৷ বৰং ভালহে লাগে শুনি৷
মিচিং ভাইসকলৰ কিছুৱে যে কয় — বাত কাই (ভাত খাই) যোৱাঁ৷ কি অ’ল (হ’ল), বউদিন (বহুদিন) কবৰ-কাতি (খবৰ-খাতি) নাইযে? … কিয় এনে হয়? কাৰণ তিব্বতবৰ্মী গোষ্ঠীৰ অন্তৰ্গত মিচিং ভাষাটোত খ, ঘ, ভ ৰ দৰে মহাপ্ৰাণ ধ্বনিৰ অভাৱ৷ কিন্তু আমি পাহৰিলে নহ’ব যে অসমীয়া ভাষাত হ্ৰস্ব-দীৰ্ঘৰ পাৰ্থক্যহীনতা গুণটো আমি তিব্বত-বৰ্মী গোষ্ঠীৰ ভাষাৰ পৰাই পাইছোঁ৷ হাগ্ৰামা মাহিলাৰীয়ে কেন্দ্ৰীয় শব্দটো কয় খেন্দ্ৰীয়৷ কিয়? কাৰণ বড়ো ভাষাটোত থকা মহাপ্ৰাণ বৰ্ণৰ আধিক্য৷ পুনৰ কওঁ অভ্যাস কৰিলে সকলো ভাষাই মানুহে শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰে৷

গতিকে আহক আমি মাতৃভাষাৰ বাহিৰে অন্য ভাষা কওঁতে উচ্চাৰণ ভুল হ’ব বুলি ভাবি লাজ কৰাটো বাদ দিওঁ৷ অসমীয়া ভাষাটো দুৰ্বল বুলি ভবাটো ইমানতে বাদ দিওঁ৷ আমি মানি লওঁ যে অসমীয়া ভাষাত দন্ত্য-স, মূৰ্ধন্য-ষ, তালব্য-শ আটাইকেইটাৰ উচ্চাৰণ হয় পশ্চ তালব্য উষ্ম ধ্বনি৷ এই ধ্বনিটো অন্য কোনো ভাৰতীয় ভাষাত নাই৷ পৃথিৱীতেই বৰ বিৰল এই ধ্বনিটো৷ গতিকে আহক, আমি অসমীয়া ভাষাক অসমীয়া কৰি ৰাখোঁ৷ আমি গৰ্ব কৰি কওঁ যে অসমীয়া ভাষাটোৰ স্বকীয়তা আছে৷ মৌলিকতা আছে৷ নহলে আমাৰ এনেকৈ কোৱাৰো অধিকাৰ নাথাকিব — অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments