অসমীয়া ভাষা আৰু মোৰ অনুভৱ -(অংকুৰ দত্ত)

অসমীয়া ভাষা আৰু মোৰ অনুভৱ

-অংকুৰ দত্ত

 

(১)

২০০৭ চনৰ ২৬ জুলাই, উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি উচ্চ শিক্ষাৰ বাবে বাংগালোৰত ভৰি থৈছিলোঁ।লক্ষ্য আছিল “দ্য অক্স’ফ’ৰ্ড কলেজ অৱ ছাইঞ্চ এন্ড ৰিচাৰ্ছ চেন্টাৰত” বায়’টেকন’লজী বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা। আমাৰ বেটচ্ টোত প্ৰায় ২৫ জন অসমীয়া ছাত্ৰ-ছাত্ৰী আছিল। ভাল লাগিছিল অসমীয়া লগৰ পাম বুলি। আজিকালি বা তেতিয়াও বাহিৰত অধ্যয়্ন কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে বন্ধু মহলত অসমীয়াত খুব কমেই কথা পতা দেখা যায়।দুজন অসমীয়া লগ পালেও হিন্দীতে কথা পতা দেখা যায় যাতে তৃতীয় বন্ধুজনৰ আগত অস্বক্ত‍িত পৰিব লগা নহয় বুলি। এইটো আচলতে অতি ভুল ধাৰনা বুলি ভাৱোঁ। আমৰ চেকচনটোত(শাখা)৭ জন অসমীয়া আছিলো, ক’তা, আমিওটো কেতিয়াও হিন্দী বা ইংৰাজীত কথা পতা নাছিলো।শ্ৰেণী কোঠাৰ ভিতৰতো আমি অসমীয়া কেইটাই সদায় অসমীয়াত কথা পাতিছিলোঁ।বেলেগ ভাষিক বোৰে সদায় হিন্দী নহ’লে ইংৰাজীত পাতিছিল,কাৰণ তাঁহাতি নিজৰ ভাষাত কথা পাতিলে কিছুমানে তাচ্ছিল্য কৰিছিল। কিন্তু আমাকতো কোনেওঁ একো ক’বলৈ সাহ কৰা নাছিল।এবাৰ এজন বেংগলী বন্ধুৱে অসমীয়া ভাষাটোক বঙালী ভাষাৰ অপভ্ৰংস বুলি দাবী কৰিছিল, তেতিয়া আমি গোটেই অসমীয়া কেইটাই তাক বুৰঞ্জীৰ পাঠ পঢ়াই ঠান্ডা কৰি দিছিলো; তেতিয়াৰ পৰা সি অসমীয়া ভাষাৰ ওপৰত মন্তব্য কৰা নাছিল। সম্ভৱ অসমীয়া ভাষাটোৰ সুৰ আটাইতকৈ সুৱলা আৰু মিঠা।কিছুমান অসমীয়া মানুহে ভাৱে সমাজৰ উচ্চ খাপত অসমীয়াত কথা-বতৰা পাতিলে তেওঁলোকৰ সন্মান যাব, কিয় তেনেকৈ ভাৱে তেওঁলোকে?? আমি দেখিবলৈ ম’ৰা চৰাইৰ নিচিনা হোৱাৰ পাছতো আমিবোৰ কিয় কাউৰীৰ নিচিনাকৈ মাতিব লৈছোঁ??

এবাৰ প্ৰান্তিকৰ পত্ৰালাপত উৰিষ্যাৰ পাটনায়ক উপাধিৰ এজনৰ এটা লেখা পঢ়িছিলোঁ।তেওঁ চাকৰি সূত্ৰে গুৱাহাটীলৈ বদলি হৈ আহিছে।গুৱাহাটীত তেওঁৰ দ্বিতীয় বাৰৰ বাবে পদাৰ্পণ। উড়িয়া ভাষাৰ এজন সৰু-সুৰা সাহিত্যিক হেতুকে অসমীয়া ভাষাটো ভঙা-চিঙাকৈ ক’ব আৰু লিখিব পাৰিছিল।জইন কৰিবৰ দিনা তেওঁ কাৰ্যালয়লৈ গ’ল দায়িত্ব্ত থকা অফিচাৰ জনৰ লগত কথা পাতিবলৈ। শ্ৰী যুত পাটনায়কে‍ অসমীয়াতে আৰম্ভ কৰিছিল। ভঙা-চিঙা অসমীয়া দেখি অফিচাৰ জনে ক’লে “আপ হিন্দী ম্যে ব’লিয়ে, মুঝে হিন্দী আতা হ্যেয়”। লিখনিটোৰ শেষত তেওঁ উল্লেখ কৰিছিল অসমীয়া ভাষাটোৰ যদি কেতিয়াবা ধবংস হয় তেতিয়াহ’লে এনেকুৱা মানুহৰ কাৰণে হ’ব।অসমীয়া মানুহৰ এটা হেনো বেয়া গুন আছে, ভঙা-ভঙা অসমীয়া শুনিলে তেওঁৰ ওপৰত ঠাট্টা উৰুৱায়। তেওঁৰ অসমীয়া শিকাৰ প্ৰতি আগ্ৰহ, তেওঁক যে অসমীয়া শিকাই দিব লাগে সেইটো ভাৱি নাচায়।

(২)

৫ম চেমিষ্টাৰৰ আৰম্ভণি‍তে, লেব-কোটতো পিন্ধি লেবত সোমাই গৈছো, দেখিছো নতুন চাৰ এজনে( সৌৰভ চাৰ) LAF চেম্বাৰত কিবা কালচাৰ বনাই আছে।চেম্বাৰটোৰ কাষতে বেগ থোৱা ৰেগডাল আছিল, বেগটো থ’ব যাওঁতে চাৰে মোক দেখিলে আৰু হাঁহি মাৰি সুধিলে
:”অংকুৰ দাত্তা, বেংগলী???”(নেইম প্লেটটোত মোৰ নামটো লাগি আছিল)
::ন’ চাৰ, আচামিজ এন্ড আই এম ফ্ৰ’ম আছাম”
:”হুমমম….কেন ইউ স্পিক বেংগলী..বেংগলী ব’লতে পাৰে???”( যিমানবাৰ বেংগলী মানুহৰ লগত চিনাকি হৈছো প্ৰথম এইটো প্ৰশ্নৰেই সন্মুখিন হৈছোঁ)

:”আমি ব’লতে পাৰে না কিন্তু বোজতে পাৰে”(ভঙা-চিঙাকৈ ক’লো আৰু, চাৰে হাঁহিছিল)
তাৰ পাছত মোক অবাক কৰি চাৰে মোৰ লগত অসমীয়াত কথা পাতিছিল। কেতিয়াও অসমলৈ যোৱাও নাই।
লেবত কেতিয়াবা লগ পালে অসমীয়াতে খা-খবৰ সুধিছিল। চাৰৰ অসমীয়া ভাষা-প্ৰীতি দেখি ভাল লাগিছিল।
৪ মাহ মানৰ পাছত পি, এইচ, ডি সম্পূৰ্ণ কৰিবৰ বাবে চাৰ গুছি গৈছিল।
কেতিয়াবা অকলে ভাৱোঁ, আমি যিমানেই অসমীয়া ভাষাত কথা-বতৰা পতাৰ চেতনাখিনি দমাই নাথাকো কিয়, এদিন অসমীয়া ভাষাই জগত জিনিবই।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments