অসমীয়া ভাষা : ঐতিহ্য বিচাৰ আৰু সাম্প্ৰতিক ৰূপ – ড° বসন্ত কুমাৰ ভট্টাচাৰ্য

কোনো এটা জাতিৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ব্যাপ্তি আৰু গভীৰতাই সেই জাতিৰ মহত্ত্ব আৰু স্বতন্ত্ৰতা প্ৰকাশ কৰে৷ বিশ্বৰ বুকুত গৌৰৱময় আসন অধিকাৰ কৰি নিজৰ মহত্ত্ব আৰু স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হোৱা জাতি সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে, সি সমূহৰ ভাষা-সাহিত্য-সংস্কৃতিৰ এক ঐতিহ্যপূৰ্ণ আৰু স্পন্দনশীল ইতিহাস আছে৷ উত্তৰ-পূব ভাৰতৰ, বৰ্তমান অসম নামেৰে অভিহিত ৰাজ্যখনত বাস কৰা অসমীয়া জাতিৰ মহত্ত্ব আৰু স্বকীয়তা যেনেদৰে সুপ্ৰতিষ্ঠিত, তেনেদৰে ইয়াৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ইতিহাসো ঐতিহ্যপূৰ্ণ আৰু গৌৰৱময়৷

অসমীয়া জাতি তথা ইয়াৰ ভাষা-সাহিত্য-সংস্কৃতি; আৰ্য আৰু আৰ্যেতৰ বিবিধ জনগোষ্ঠীৰ সমন্বয় আৰু সংশ্লেষণৰ ফল৷ নৃতাত্ত্বিক আৰু ভাষাতাত্তিক দেশী-বিদেশী পণ্ডিতসকলে অসমীয়া জাতি-ভাষা-সাহিত্য-সংস্কৃতিৰ গঠন আৰু বিকাশৰ বিষয়ে আলোচনাৰ প্ৰসংগত, সমন্বয়াত্মক আৰু সংশ্লেষণাত্মক প্ৰক্ৰিয়াৰ বিভিন্ন দিশ দৃষ্টান্তসহ দাঙি ধৰিছে৷

পণ্ডিতসকলে অসমীয়া জাতি তথা ইয়াৰ ভাষা-সাহিত্য-সংস্কৃতিৰ বিকাশৰ ধাৰাটোক বিশাল লুইতৰ সোঁতৰ লগত তুলনা কৰিছে৷ এনে তুলনাক অৰ্থহীন ভাৱ-বিলাসিতা বুলি উৰুৱাই দিব পৰা নাযায়৷ কাৰণ নানান নৈ, উপনৈৰ জলধাৰা বুকুত সামৰি লুইতে তাৰ সোঁত সুবিস্তৃত, সুগভীৰ আৰু নীৰৱচ্ছিন্ন কৰি ৰখাৰ দৰে অসমীয়া জাতি-ভাষা-সংস্কৃতিয়েও আৰ্য আৰু আৰ্যেতৰ নানান জাতি-গোষ্ঠীৰ সমলৰ সমন্বয়, সমাহৰণ আৰু সংশ্লেষণৰ জৰিয়তে তাৰ স্বৰূপ আৰু গৰিমা ঘোষণা কৰি আহিছে৷ উল্লেখনীয় কথা এই যে, এই স্বৰূপ আৰু গৰিমাই অসমৰ জাতীয় জীৱনত অংকুৰণ কৰিছে প্ৰগতি আৰু সংস্কাৰৰ বীজ৷

উত্তৰ-পূব ভাৰতৰ যি ভূখণ্ডক বুজাবলৈ ‘অসম’ নামটো সম্প্ৰতি ব্যৱহাৰ কৰা হৈছে, সেইটো নাম অৰ্বাচীন৷ মহাপুৰুষ শংকৰদেৱৰ ৰচনাত পোন প্ৰথমবাৰৰ বাবে ‘অচম’ শব্দটোৰ উল্লেখ পোৱা যায়৷ ত্ৰয়োদশ শতিকাত এই ভূখণ্ডলৈ অহা আহোম জাতিৰ লোকসকলক বুজাবলৈ গুৰুজনাই ‘অসম’ নামটো ব্যৱহাৰ কৰিছে৷ ভূখণ্ডক বুজাবলৈ ‘আসাম’ আৰু তাৰ বাসিন্দাসকলক বুজাবলৈ ‘অহমিয়া’– এই শব্দ দুটাৰ প্ৰয়োগ
পোনতে পোৱা যায় কথা গুৰুচৰিতত৷ ‘অসম’ নামৰ উৎপত্তি সম্পৰ্কে, আলোচনা প্ৰসংগত, পণ্ডিতসকলে ভিন ভিন মত পোষণ কৰা দেখা যায়৷ পণ্ডিতসকলৰ মত সমূহৰ ওপৰত ভিত্তি কৰি এটা কথা স্পষ্টভাৱে ক’ব পাৰি যে- ‘অসম’ নামটো ‘আহোম’ জাতিটোৰে সৈতে গভীৰভাৱে সম্পৃক্ত৷

অসমৰ প্ৰাচীন নাম ‘প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ৷ মহাভাৰতত প্ৰাগজ্যোতিষপুৰক ‘কিৰাত’ দেশ ৰূপে প্ৰতিপন্ন কৰা হৈছে৷ এই ‘কিৰাত’সকল মংগলয়দ গোষ্ঠীৰ লোক৷ সংস্কৃত সাহিত্যত ‘কামৰূপ’ আৰু ‘প্ৰাগজ্যোতিষপুৰ’– এই দুয়োটা নামৰে বিকল্পভাৱে প্ৰয়োগ হোৱা দেখা যায়৷ (ড° বাণীকান্ত কাকতি: Assamese. Its Formation and development)৷ চীন পৰিব্ৰাজক হিউৱেনচাঙে এই ৰাজ্যখনক ‘ক-মো-লু-পো’ বুলি জানিছিল৷ ‘ক-মো-লু-পো’, ‘কামৰূপ’ শব্দটোৰে অন্য এটি ৰূপ৷ মুছলমান আক্ৰমণকাৰীসকলে ইয়াক ‘কামৰূ’ বা কামৰূদ’ নামেৰে বুজাইছিল৷ এই নামটোৰে সৈতে চাওতালী ভাষাৰ কমলা বা ‘কম’ শব্দৰ সম্পৰ্ক থকা বুলি ড° কাকতিয়ে উল্লেখ কৰিছে৷ চৰ্যাপদত কামৰূপক বুজাবলৈ ‘কামৰু’ শব্দৰ প্ৰয়োগ কৰা হৈছে৷ পুৰাণৰ মতে ‘প্ৰাগজ্যোতিষপুৰ’ নৰকৰ পুত্ৰ ভগদত্তৰ ৰাজধানী আছিল৷ এই প্ৰাগজ্যোতিষপুৰেই হ’ল আজিৰ গুৱাহাটী চহৰ৷ গুণাভিৰাম বৰুৱাই তেওঁৰ অসম বুৰঞ্জী গ্ৰন্থত অসম ৰাজ্য গঠনৰ আলোচনা প্ৰসংগত লিখিছে, ‘পুৰাণ প্ৰভৃতি চালে এনেটোহে জানি যে, পূৰ্বকালৰ কামৰূপ, শোণিতপুৰ, হিড়ম্ব, মণিপুৰ আৰু কৌণ্ডিল্য- এই কেইদেশৰ, অধিকাংশই, এতিয়া অসম নামে প্ৰসিদ্ধ হৈছে; ইয়াৰ পৰা স্পষ্টভাৱে অনুভৱ কৰিব পাৰি যে, অসম ৰাজ্যখন সৰু-বৰ একাধিক দেশৰ সমষ্টি৷

সময়ৰ অগ্ৰগতিৰ লগে লগে ‘অসম’ ৰাজ্যখনে যেনেদৰে ভিন ভিন নাম পৰিগ্ৰহণ কৰি আহিছে, তদ্ৰুপ ইয়াৰ চাৰিসীমাৰো লৰচৰ হৈ আহিছে৷ যোগিনীতন্ত্ৰ’ আৰু কালিকাপুৰাণৰ মতে কামৰূপ (অসম)ৰ উত্তৰে হিমালয় পৰ্বত, পূৱে দিকৰাই নৈ, দক্ষিণে সমুদ্ৰ আৰু পশ্চিমে কৰতোয়া নদী৷ ‘মহাভাৰত’ৰ ভীষ্মপৰ্বত উল্লেখ আছে, ‘লোহিত্যং কৰতোয়াংচ তথৈব বৃষকাহবয়ম’৷ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালতো যে ইয়াৰ পশ্চিমত কৰতোয়া নদী আছিল, তাক হিউৱেনচাঙৰ টোকাৰ পৰাই জানিব পাৰি৷ গতিকে, সাম্প্ৰতিক বংগভূমিৰ সুবিস্তৃত অঞ্চল এটিও যে প্ৰাচীন কামৰূপৰ ভিতৰুৱা আছিল, তাত সন্দেহৰ অৱকাশ নাই৷

ওপৰত উল্লেখ কৰি অহা হৈছে যে, অসমীয়া জাতি আৰ্য আৰু আৰ্যেতৰ জাতি-গোষ্ঠীৰ সমন্বয়ত গঢ় লৈ উঠে৷ আৰ্যেতৰ গোষ্ঠীসমূহৰ ভিতৰত ‘মংগলয়দ’, ‘অষ্ট্ৰিক’ আৰু নেগ্ৰিটো’ গোষ্ঠীৰ লোকসকলে, এই ৰাজ্যত অতি প্ৰাচীন কালৰে পৰা বসবাস কৰি আহিছে৷ আৰ্যসকলৰ ইয়ালৈ কেতিয়া প্ৰব্ৰজন ঘটিল, তাৰ নিৰ্দিষ্ট চন তাৰিখ, স্পষ্টভাৱে উল্লেখ কৰা কঠিন, যদিও পণ্ডিতসকলে অনুমান কৰে যে, খৃষ্টপূৰ্ব শতিকাতে এই জনগোষ্ঠীটোৰ লোকসকলে ইয়াত বসতি বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ খৃঃপূঃ চতুৰ্থ শতিকাত ৰচিত ‘শতপথ ব্ৰাহ্মণ’ গ্ৰন্থত, এই ৰাজ্যত বসবাস কৰা আৰ্যগোষ্ঠীৰ লোকৰ উল্লেখ পোৱা যায়৷ তেওঁলোকে ইয়াত বাস কৰিবলৈ লৈয়েই তেওঁলোকৰ নিজা ভাষা-সংস্কৃতি আৰু ধৰ্ম বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে৷ পণ্ডিতসকলে অনুমান কৰে যে, আৰ্যসকলৰ ভাষা, সংস্কৃতি আৰু ধৰ্মীয় ভাৱনা, প্ৰাক্-আৰ্য মংগলয়দ, অষ্ট্ৰিক আদি জাতিগোষ্ঠীৰ তুলনাত অধিক শক্তিশালী আছিল৷ সেয়ে, প্ৰাক্-আৰ্য গোষ্ঠীৰ লোকসকলে তেওঁলোকৰ নিজা ভাষা-সংস্কৃতি আৰু ধৰ্মীয় ভাৱনা পৰিহাৰ কৰি আৰ্যসকলৰ ভাষা-সংস্কৃতি আৰু ধৰ্মীয় ভাৱনাৰ অনুগামী হ’ল৷ আৰ্যসকলেও ‘দিয়া আৰু লোৱাৰ মানসিকতাৰে আৰ্যেতৰ জাতি সমূহৰ লগত একাত্মতা স্থাপন কৰি উদাৰ দৃষ্টিভংগীৰ পৰিচয় দিলে৷ এনেদৰে আৰ্য আৰু আৰ্যেতৰ জাতি-গোষ্ঠীসমূহৰ মিলন আৰু মিশ্ৰণৰ ফলত, এই ভূখণ্ডত যি এটা নতুন জাতি গঢ় লৈ উঠিল, সিয়েই বৃহৎ অসমীয়া জাতি৷ অসমীয়া ভাষা-সংস্কৃতি, এই জাতিটোৰেই অমূল্য সম্পদ৷

অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে ভাষাতত্ত্ববিদ সকলৰ মাজত মত-পাৰ্থক্য আছে, যদিও ভাৰতীয় আৰ্য ভাষাৰ পৰাই যে ইয়াৰ উদ্ভৱ হৈছে, সেই বিষয়ে কাৰো মনত সন্দেহৰ অৱকাশ নাই৷ গ্ৰীয়াৰ্ছন চাহাব, ড° সুনীতি কুমাৰ চেটাৰ্জী, ড° বাণীকান্ত কাকতি আদি প্ৰথিতযশা পণ্ডিতসকলে, অসমীয়া ভাষাটো ভাৰতীয় আৰ্যভাষাৰ মাগধী প্ৰাকৃতৰ পৰা ওলোৱা বুলি মত পোষণ কৰিছে৷ আনহাতে বেণী মাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ, কালিৰাম মেধি আদি পণ্ডিতৰ মতে অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে৷

অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ প্ৰসংগত প্ৰথম ঐতিহাসিক মন্তব্য আগবঢ়ায় সপ্তম শতিকাৰ চীন পৰিব্ৰাজক হিউৱেনচাঙে৷ পৰিব্ৰাজক গৰাকীৰ তেওঁলোকৰ (কামৰূপী লোকৰ) ভাষা মধ্য ভাৰতীয় ভাষাতকৈ অলপ বেলেগ’ বোলা মন্তব্যই, সপ্তম শতিকাতে অসমীয়া ভাষাটোৱে সুকীয়া গঢ়লৈ বিকশিত হোৱাৰ ইংগিত দিয়ে৷ এই সুকীয়া গঢ় লোৱাৰ মূলতেই হ’ল, অসমলৈ প্ৰব্ৰজিত আৰ্যগোষ্ঠীৰ লোকৰ কথিত ভাষাৰ ওপৰত আৰ্যেতৰ গোষ্ঠীসমূহৰ কথিত ভাষাৰ প্ৰভাৱ৷

আন কথাত ক’বলৈ গ’লে, অসমত আৰ্য আৰু আৰ্যেতৰ গোষ্ঠীৰ ভাষাৰ, সংমিশ্ৰণৰ ফলত যি এক উমৈহতীয়া ভাষাৰ সৃষ্টি হ’ল, সি সুকীয়া বিশেষত্বলৈ সাধাৰণ লোকৰ মাজত ভাৱ বিনিময়ৰ বাহন স্বৰূপে বিস্তাৰ লাভ কৰিবলৈ ধৰিলে৷ হিউৱেনচাঙে মধ্য ভাৰতৰ ভাষাতকৈ ইয়াৰ ভাষা অলপ বেলেগ বোলাৰ কাৰণ সেইটোৱেই৷ এনেদৰে আৰ্য আৰু আৰ্যেতৰ গোষ্ঠীৰ ভাষাৰ সংমিশ্ৰণত, অসমত (কামৰূপত) গঢ় লোৱা সুকীয়া বৈশিষ্ট্যপূৰ্ণ ভাষাটোকে, কোনো কোনো পণ্ডিতে কামৰূপী প্ৰাকৃত বুলি অভিহিত কৰিছে আৰু তেওঁলোকৰ মতে, সেই কামৰূপী প্ৰাকৃতৰ পৰাই সময়ত অসমীয়া ভাষাৰ উদ্ভৱ৷

প্ৰাচীন কামৰূপৰ সকলো শ্ৰেণীৰ লোকেই যে প্ৰাকৃত ভাষাত কথা-বতৰা পাতিছিল, তেনে নহয়, অভিজাত তথা পুৰোহিত শ্ৰেণীটোৱে নিজৰ মৰ্যাদাৰ প্ৰতি সচেতন হৈ ব্যৱহাৰ কৰিছিল সংস্কৃত ভাষা আৰু আৰ্যেতৰ গোষ্ঠীৰ লোকসকলে ঘৰুৱা কথা-বতৰাত ব্যৱহাৰ কৰিছিল তেওঁলোকৰ নিজ নিজ গোষ্ঠীৰ ভাষা (দোৱান)৷ কালক্ৰমত, সাধাৰণ শ্ৰেণীৰ মুখে মুখে প্ৰচলিত হৈ কামৰূপী প্ৰাকৃতে যেতিয়া বিস্তাৰ লাভ কৰি সকলো শ্ৰেণীৰ লোককে স্পৰ্শ কৰিলে, তেতিয়া সিয়েই হৈ পৰিল সমস্ত কামৰূপী লোকৰ ভাৱ প্ৰকাশৰ উমৈহতীয়া মাধ্যম৷

হিউৱেনচাঙৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি সপ্তম শতিকাকে অসমীয়া ভাষাৰ উদ্ভৱকাল হিচাপে ধৰা হয়, যদিও ইয়াৰ প্ৰথম সাহিত্যিক ৰূপৰ নিদৰ্শন পোৱা যায় ত্ৰয়োদশ শতিকাৰ কবি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত নামৰ সৰু কাব্যগ্ৰন্থখনতহে৷ ইয়াৰ পূৰ্বে নিটোল আৰু পৰিপূৰ্ণ ৰূপৰ অসমীয়া বুলিব পৰা সাহিত্য বৰ্তমানলৈকে উদ্ধাৰ পোৱা নাই, যদিও সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তামৰ ফলি আৰু নৱম-দশম শতিকামানত ৰচিত বুলি ঠাৱৰ কৰা বৌদ্ধ সিদ্ধাচাৰ্যসকলৰ চৰ্যাগীত সমূহত অসমীয়া ভাষাটোৰ প্ৰাচীনতম ৰূপৰ নিদৰ্শন পোৱা যায়৷

চৰ্যাপদৰ পিছত, অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ শেষাৰ্দ্ধৰ কবি হেম সৰস্বতীয়ে ‘প্ৰহ্লাদ চৰিত’ কাব্যগ্ৰন্থখনি ৰচনা কৰাৰ সময়ৰে পৰা সাম্প্ৰতিক কাললৈকে, অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ইতিহাসলৈ লক্ষ্য কৰিলে, আমি দুটা স্তৰ দেখিবলৈ পাওঁ৷ ইয়াৰ প্ৰথমটো ত্ৰয়োদশ শতিকাৰ শেষাৰ্দ্ধৰ পৰা সপ্তদশ শতিকাৰ মাজ ভাগলৈ আৰু দ্বিতীয়টো সপ্তদশ শতিকাৰ মাজ ভাগৰ পৰা সাম্প্ৰতিক কাললৈকে ধৰা হয়৷

অসমীয়া ভাষাটোৱে পোনতে সুকীয়া গঢ় লৈছিল নামনি অসমত আৰু ত্ৰয়োদশ শতিকাৰ পৰা সপ্তদশ শতিকালৈকে, এই বিস্তৃত কালছোৱাৰ সৰহভাগ কবি সাহিত্যিকৰ সাহিত্য-চৰ্চাৰ কেন্দ্ৰস্থল আছিল নামনি অসম৷ সেয়েহে এইসকল কবি-সাহিত্যিকৰ ৰচনাত নামনি অসমত আজিও প্ৰচলিত ভাষাটোৰ ভাষিক বৈশিষ্ট্যৰ নিদৰ্শন সণ্ঢালনিভাৱে পোৱা যায়৷ এই ভাষাটোৱেই সেই কালত কামৰূপ ৰাজ্যৰ পশ্চিম সীমা কৰতৈয়া নদীলৈকে বিস্তাৰ লাভ কৰিছিল৷ উল্লেখযোগ্য যে, প্ৰাচীন অসমীয়া সৰহভাগ কবি-সাহিত্যিকক কাব্যাদি সৃষ্টিৰ ক্ষেত্ৰত সেই কালৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত কমতা, কোচবেহাৰৰ ৰজাই পৃষ্ঠপোষকতা কৰিছিল৷

সপ্তদশ শতিকাৰ মাজ ভাগত, কোচ ৰজাৰ ৰাজত্বৰ অৱসানৰ পিছত, অসমীয়া সাহিত্য চৰ্চা কেন্দ্ৰস্থল কোচবেহাৰৰ পৰা উজনিৰ আহোম ৰজাৰ ৰাজধানী গড়গাঁও-ৰংপুৰলৈ স্থানান্তৰিত হৈছিল৷ আহোমসকলৰ, অসমীয়া সাহিত্যলৈ বিশিষ্ট অৱদান হৈছে বুৰঞ্জীসমূহ৷ নক’লেও হ’ব যে, এই বুৰঞ্জীসমূহৰ লগতে আহোম আমোলত ৰচিত ঘোঁৰানিদান, কামৰত্ন, তন্ত্ৰ আদি গ্ৰন্থতো নামনি অসমত প্ৰচলিত ভাষাটোৰ ধ্বনিতাত্তিক ৰূপতাত্ত্বিক আৰু শব্দতাত্ত্বিক বৈশিষ্ট্যৰ নিদৰ্শন যথেষ্ট পৰিমাণে পোৱা যায়৷ ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে সেই কালত নামনি অসমত গঢ়ি উঠা ভাষাটোৱে উজনি অসমকো স্পৰ্শ কৰিছিল৷

বুৰঞ্জী সাহিত্যৰ জৰিয়তে উজনি অসমৰ কথিত ভাষাটোৱে লিখিত ভাষাৰ মৰ্যাদা লাভ কৰে, আৰু সিয়েই ইংৰাজৰ ৰাজত্বকালত (খৃঃ ১৮২৬) আমেৰিকাৰ মিছনেৰীসকলৰ উদ্যোগত আধুনিক মান্য-অসমীয়া ভাষাৰ স্বীকৃতি পায়৷ মিছনেৰী সকলৰ সকলো কৰ্মকাণ্ডৰ প্ৰধান কেন্দ্ৰস্থল আছিল উজনিৰ শিৱসাগৰ জিলা৷ সেয়ে, তেওঁলোকে লিখা-মেলাত সেই অঞ্চলৰ কথিত ভাষাটোকেই ব্যৱহাৰ কৰিছিল৷ খৃঃ ১৮৪৬ চনত মিছনেৰীসকলৰ প্ৰচেষ্টাত প্ৰথম অসমীয়া আলোচনী “অৰুণোদই’ (অৰুণোদয়) প্ৰকাশ পায়৷ এইখন আলোচনীয়ে আধুনিক চিন্তা-চৰ্চাৰ দুৱাৰ মুকলি কৰাৰ লগতে উজনিৰ কথিত ভাষাটোক সাহিত্য-সংস্কৃতিৰ বাহন স্বৰূপে প্ৰতিষ্ঠা কৰে৷

উজনি অসম দীৰ্ঘকাল ধৰি আহোম ৰজাৰ একচেতীয়া শাসনৰ অধীনত থকা বাবে তাৰ ভাষাটোৰ এটা সুসংহত ৰূপ গঢ়ি উঠে, আনহাতে নামনি অসম কোনো এক ৰাজশক্তিৰ বিপৰীতে বিভিন্ন সময়ত, বিভিন্ন জাতি-গোষ্ঠীৰ ৰজাৰ অধীন হোৱা বাবে তাৰ ভাষাটোৰ একাধিক আঞ্চলিক ৰূপ গঢ় লৈ উঠে৷

সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা সংকুচিত হৈ বৰ্তমান ই এখন জিলাত পৰিণত হোৱাৰ দৰে, জন্মলগ্নৰে পৰা সপ্তদশ শতিকালৈ সাহিত্যৰ ভাষা হিচাপে প্ৰয়োগ হৈ অহা প্ৰাচীন কামৰূপী ভাষাটোৰো পৰিসৰ ঠেক হৈ আহি আহি বৰ্তমান কালত সি এটা, একাধিক আঞ্চলিকৰূপ বিশিষ্ট উপভাষাত পৰিণত হ’লহি৷

পৰিৱৰ্তনশীলতা ভাষাৰ স্বাভাৱিক ধৰ্ম৷ ভৌগোলিক, সামাজিক, ৰাজনৈতিক আদি প্ৰভাৱ, ঐতিহাসিক কাৰণ, ভিন্ন ভাষাৰ প্ৰভাৱ, ব্যক্তিগত প্ৰভাৱ আদি নানান কাৰণত ভাষাই পৰিৱৰ্তন লাভ কৰে৷ অসমীয়া ভাষাও এইবোৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পৰা নাই৷ সেয়ে, সময়ৰ অগ্ৰগতিৰ লগে লগে অসমীয়া ভাষায়ো পৰিৱৰ্তনৰ মাজেদি পৰিপুষ্ট লাভ কৰি তাৰ গতিশীলতা আৰু স্বতন্ত্ৰতা অটুট ৰাখিবলৈ সমৰ্থ হৈছে, যদিও সম্প্ৰতি ভাষাটোৰ ক্ষেত্ৰত সংকট উপস্থিত হোৱাটো মন কৰিবলগীয়া৷ বানান সমস্যা, উচ্চাৰণৰ সমস্যা, শব্দ প্ৰয়োগৰ সমস্যা আদি বিভিন্ন সমস্যাই যেনেদৰে অসমীয়া ভাষাটোক জুমুৰি দি ধৰিছে, তেনেদৰে সাহিত্যকে বিশৃংখল কৰি তুলিছে৷ অসমীয়া ভাষাত আ, ই, ঈ, ঋ, উ, ঊ, ন ণ, চ, ছ, শ, স, ষ আদি বৰ্ণ প্ৰয়োগৰ ক্ষেত্ৰত আজিলৈকে এটা নিৰ্দিষ্ট সূত্ৰ গ্ৰহণ কৰা নহ’ল৷ ফকৰাযোজনা, পটন্তৰ, প্ৰবচন, প্ৰভুতিৰ প্ৰয়োগ কদাকাচিৎহে দেখা যায়৷ থলুৱা শব্দৰ পৰিৱৰ্তে কথা-বতৰা বা লিখা-মেলাত অনা অসমীয়া শব্দ প্ৰয়োগৰ প্ৰতি ধাউতি প্ৰবল হৈ পৰা হেতুকে থলুৱা অসমীয়া শব্দই এতিয়া ধোঁৱাচাঙত উঠিবলৈ আৰম্ভ কৰিছে৷ ক্ৰিয়াৰ বিভিন্ন কাল, প্ৰত্যয়, উপসৰ্গ আদি প্ৰয়োগৰ ক্ষেত্ৰত অৰাজকতাৰ সৃষ্টি হোৱা বুলিবই পাৰি৷ ভাষা-সাহিত্যৰ এই খেলিমেলিবোৰলৈ লক্ষ্য কৰিয়েই ড° মহেশ্বৰ নেওগদেৱে গভীৰ আক্ষেপ আৰু উদ্বেগ প্ৰকাশ কৰি কৈছে, ‘বিশ্ববিদ্যালয়ৰ চৰম উপাধিধাৰী ভাষাতাত্বিকৰ আকাৰ-ইকাৰবোৰেই থিত নালাগিল৷ ভাষাৰ অনাৰ্ছ, প্ৰথম শ্ৰেণীৰ এম.এ আৰু ডক্টৰ এজন্যে যেতিয়া তত্ত্বৰ তত্ ধৰাত অক্ষম, আমাৰ ভাষা-সাহিত্য দেৱলীয়া নহৈ দেৱলীয়া হ’বলৈ কি বস্তু আছে?’ … আমাৰ ইণ্টেলেকচুৱেল ভেকুৱামে, বৌদ্ধিক শূন্যতাই আমাক পংগু কৰি পেলাব৷ সেয়ে, অসমীয়া ভাষা সাহিত্যৰ নিষ্ঠাবান সেৱসকসকলে নিয়ত অনুশীলন, অধ্যয়ন, চিন্তন আৰু মননেৰে তাৰ উৎকৰ্ষ সাধনৰ বাবে আত্মনিয়োগ কৰাৰ সময় আহি পৰিছে৷ ভাষা সাহিত্যৰ গৱেষক-পণ্ডিতসকলে এই দিশত নতুন পুৰুষক এটা সুস্থ-সুশৃংখল পথ দেখুৱাওক৷ এয়ে আমাৰ কামনা৷■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক