অসমীয়া ভৌতিকসংস্কৃতি –ড° মৃণাল জ্যোতি গোস্বামী ড° জোনমণি গগৈ

অসমীয়া ভৌতিক সংস্কৃতি সম্পৰ্কে আলোচনাত প্ৰবৃত্ত হোৱাৰ আগেয়ে ভৌতিক সংস্কৃতি মানে নো কি সেই বিষয়ে জনাতো খুবেই প্ৰয়োজনীয়৷ ভৌতিক সংস্কৃতি লোকসংস্কৃতিৰ এটা অংগ আৰু ইয়াৰ মাজত বিশেষকৈ আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীসমূহৰ কথাই সোমাই থাকে৷ এতিয়া প্ৰশ্ন হ’ব পাৰে লোকসংস্কৃতি মানে কি? সামগ্ৰিকভাৱে ক’ব পাৰি লোকসংস্কৃতি লোকজীৱনৰ জীৱনচৰ্চা৷ অসমীয়া ‘লোকসংস্কৃতি’ পৰিভাষাটো ব্যৱহৃত হৈছে ইংৰাজী ‘Folk lore’ শব্দটোৰ অৰ্থ সূচাবলৈ৷ Folk-ৰঅৰ্থ ‘লোক’ বা ‘জন’, lore-ৰ অৰ্থ ‘বিদ্যা’৷ Lore শব্দটোৰ আভিধানিক অৰ্থ বিদ্যা হ’লেও শব্দটোৱে সংস্কৃতিৰ অৰ্থতেই ব্যৱহাৰ হৈ আহিছে৷ পণ্ডিতসমাজে সময়ে সময়ে লোকসংস্কৃতি সম্পৰ্কে ভিনভিন সংজ্ঞা আগবঢ়াইছে যদিও সকলো সংজ্ঞা স্বয়ংসম্পূৰ্ণ নহয়৷ লোকসংস্কৃতিবিদ মেকাইভাৰৰ মতে– ‘‘ন্যূনতম উমৈহতীয়া উপাদানৰ অংশীদাৰ কোনো এক জনসমষ্টিক লোক বা Folk বুলিব পাৰি৷’’ ব্ৰিটিছ পণ্ডিত এলান ডুনদেছৰ মতে— ‘‘কৃষক নিৰক্ষৰ গঞা আৰু সমাজৰ নিম্নস্তৰকলৈ সৃষ্টি হোৱা সংস্কৃতিয়ে হ’ল লোকসংস্কৃতি৷’’ ৰেডফিল্ডৰমতে ‘‘লোকসংস্কৃতি কোনো এক সংস্কৃতিৰ পৰিপূৰ্ণ ৰূপৰ এক অংশ বিশেষ মাথোন, সংস্কৃতিৰ পৰিপূৰ্ণ ৰূপ নহয়৷’’ ঠিক সেইদৰে ঊনবিংশ শতিকাৰ ব্ৰিটিছ সমাজবিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰমতে— ‘‘যিসকল মানুহে আদিম আৰু অভিজাত শ্ৰেণীৰ মধ্যৱৰ্তী অৰ্থাৎ যিসকল আদিমো নহয় আনফালে অভিজাতো নহয়—যিসকল আদিমস্তৰৰ পৰা গঞাস্তৰলৈ আগবাঢ়িছে সেই শ্ৰেণীৰ মানুহহে Folk, ফোক বা লোক৷’’

লোকসংস্কৃতি সম্পৰ্কে আগবঢ়োৱা এই সংজ্ঞাবোৰ পঢ়ি ধাৰণা কৰিব পাৰি যে, স্বৰূপাৰ্থত লোকসংস্কৃতি এক জীৱন্ত পৰম্পৰা বা ই এক নিৰৱচ্ছিন্নপ্ৰৱাহ৷ সমাজবিজ্ঞানী সকলৰমতে লোকসংস্কৃতিৰ সমলৰাজি দূৰ অতীততে সৃষ্টি হৈছিল আৰু অতীতৰ সেই সমলৰাজিৰ ৰূপ বৰ্তমান সমাজতো প্ৰৱাহিতহৈ আছে৷ পৰিশেষত ইয়াকে ক’ব পাৰি যে কোনো এটা নৃগোষ্ঠী বা সম্প্ৰদায়ৰ সামগ্ৰিক জীৱনপদ্ধতিৰ নামেই হ’ল লোকসংস্কৃতি (Folklore)৷ লোকসংস্কৃতি লোকজীৱনৰ হৃদয়-স্পন্দনস্বৰূপ৷ মন কৰিবলগীয়া যে লোকসংস্কৃতিক সমলসমূহকো বিভিন্ন পণ্ডিতে ভিন ভিন ধৰণে ভাগ কৰি আলোচনা কৰে৷ তাৰে ভিতৰত প্ৰসিদ্ধ লোকসংস্কৃতিবিদ ৰিচাৰ্ড এম. ডৰচনে কৰা শ্ৰেণীবিভাজনটোৱেই বহুল প্ৰচলিত৷ তেওঁৰ মতে লোকসংস্কৃতিক চাৰিটা ভাগত ভাগ কৰিব পাৰি আৰু সেয়া হ’ল –(ক) মৌখিকসাহিত্য (Oral Literature), (খ) ভৌতিকসংস্কৃতি (Material Culture), (গ) সামাজিক লোকপ্ৰথা বা লোকাচাৰ (Social Folk Custom) আৰু (ঘ) লোকপৰিৱেশ্যকলা (Folk Performing Art)

                ভৌতিক সংস্কৃতিৰ বিষয়বস্তু লোকসংস্কৃতিৰ শ্ৰুতিগত আৰু দৃশ্যগত বা চাক্ষুষ আচৰণৰ ওপৰত নিৰ্ভৰ কৰে৷ আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীসমূহক ইয়াৰ অন্তৰ্ভুক্ত হৈ থাকে৷ মূলতঃ লোকস্থপতিবিদ্যা, লোকৰন্ধনপ্ৰণালী, লোকআভৰণ, লোকশিল্প আৰু লোককলা ভৌতিক সংস্কৃতিৰ অন্তৰ্গত৷ ইয়াত ৰক্ষণশীল পৰম্পৰা আৰু ব্যক্তিগত পৰিৱৰ্তন এই উভয় শক্তিয়ে অবিৰতভাৱে ক্ৰিয়া কৰি থাকে৷ সমাজত নাৰী-পুৰুষে কেনেকৈ ঘৰ-দুৱাৰ নিৰ্মাণ কৰে, খাদ্য-দ্ৰব্য ৰান্ধে, খেতি-বাতি কৰে, মাছ-কাছ পোহে, কেনেকৈ কাপোৰ বৈ উলিয়াই, মাটি-পানীৰ ব্যৱস্থা কৰে, সাজ-সৰঞ্জাম, বাচন-বৰ্তন প্ৰস্তুত কৰে আদি চৰ্চাই হ’ল ভৌতিক সংস্কৃতিৰ মূল বিষয়৷

মানৱ জীৱনৰ মৌলিক প্ৰয়োজনসমূহত ভৌতিক সংস্কৃতিৰ প্ৰাধান্য বেছি৷ জীৱনৰ লগত এই বিধ কলাৰ সম্পৰ্ক অতিকে গভীৰ৷ অসম ভৌতিক সংস্কৃতিৰ ক্ষেত্ৰত এখন নন্দনকানন৷ অসমৰ লোকসংস্কৃতি বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণত সৃষ্ট৷ সেই বাবেই ইয়াত ভৌতিক সংস্কৃতিৰ ক্ষেত্ৰতো বিচিত্ৰতাৰ পয়োভৰ দেখিবলৈ পোৱা যায়৷

  • লোকশিল্প

লোকসমাজ সাধাৰণতে স্বভাৱ শিল্পীৰে ভৰপূৰ৷ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আদি আৰম্ভ কৰি বিভিন্ন উৎসৱ-অনুষ্ঠানত বিশেষভাৱে প্ৰয়োজন হোৱা বিভিন্ন সামগ্ৰীলৈকে ইয়াৰ পৰিসৰ পৰিব্যাপ্ত হৈ আছে৷ অসমীয়া লোকসমাজো ইয়াৰ ব্যতিক্ৰম নহয়৷ মূলতঃ লোকশিল্পই ব্যক্তিজীৱন তথা সামূহিক জীৱনৰ প্ৰয়োজনীয়তা পূৰণ কৰে যদিও বহুসময়ত এইবোৰে অৰ্থনৈতিক দিশতো বিশেষ ভূমিকা গ্ৰহণ কৰে৷ এই ক্ষেত্ৰত মন কৰিবলগীয়া এয়ে যে, বহু সময়ত লোকশিল্প আৰু লোককলা একাকাৰ হৈ যায়৷ লোকশিল্পই ব্যৱহাৰিক দিশটো প্ৰতিফলিত কৰে৷ কিন্তু যেতিয়াই ই ব্যৱহাৰিক দিশটোৰ পৰা উধাই গৈ মানুহক নান্দনিক সৌন্দৰ্যও প্ৰদান কৰে তেতিয়াই লোককলালৈ ৰূপান্তৰ ঘটে৷ অৰ্থাৎ লোককলা হিচাপে বিভূষিত হয়৷অসমৰ বহু অঞ্চল একোটা বিশেষ বিশেষ লোকশিল্পৰ বাবে বিখ্যাত৷ এইবোৰে অসমৰ লোকশিল্পৰ কেইবাটাও দিশত আপুৰুগীয়া আৰু গৌৰৱময় আসন দখল কৰি আছে৷ অসমৰ লোকশিল্পসমূহক কেইবাটাও বিভাগত ভাগ কৰি আলোচনা কৰিব পাৰি৷

  • বয়নশিল্প :অসমীয়া শিপিনীয়ে ‘তাঁতশালত সপোন ৰচে’৷ এই অপ্তবাক্যশাৰীয়েই প্ৰমাণ কৰে যে অসম দেশ বয়নশিল্পৰ বাবে অতীজৰে পৰা বিখ্যাত৷ ‘ছাঁতে শুকুৱা, মুঠিতে লুকুৱা’ অসমীয়া পাট-মুগাৰ কাপোৰ জগত বিখ্যাত৷ মধ্যযুগৰে পৰাই অসমৰ এড়ি, মুগা আৰু পাট বস্ত্ৰই বিদেশৰ বজাৰত এক সুকীয়া স্থান অধিকাৰ কৰিছিল৷ ৰং-বিৰঙৰ আঁচু-সূতা, গুণাৰে বনকৰা তথা মিনাকৰা ফুলৰ চানেকীৰ বাবে অসমীয়া শিপিনী বিখ্যাত৷ অসমীয়া নাৰীয়ে এৰাতিতে কপাহ নেওঁঠি, পাঁজি বাটি, সূতা কাটি, কবচ কাপোৰ বৈ স্বামীক ৰণলৈ পথোৱাৰ কথাও বুৰঞ্জীত পোৱা যায়৷

অসমীয়া শিপিনীয়ে এশ, ডেৰশ, তিনিশ কাঠীৰ ফুল চানেকি গামোচা, চাদৰ বা মেখেলাত বাছে৷ বিভিন্ন ধৰণৰ চৰাই (মইনা, শেন আদি), গছা, বন্তি, শৰাই, কলগছ, হাতী, ঘোঁৰা, বাঘ, সিংহ, জোন, বেলি, তৰা, আঠ, চাৰি বা ছপহীয়া ফুল তাঁতত দক্ষতাৰে ফুটাই তোলে৷ এইবোৰৰ উপৰি বৰ কাপোৰ, গুণাকটা চেলেং, ৰিহা, মেখেলা-চাদৰ, চোলা-চুৰীয়া আদি নিত্য ব্যৱহাৰ্য কাপোৰ ঘৰতে বৈ লয়৷ আনকি সদায় ব্যৱহাৰ কৰা গামোচাখনতো ফুল বাচি লয়৷ জনগোষ্ঠীয় শিপিনীয়ে কঁকালী তাঁতত ৰেখা, ত্ৰিভুজ, জ্যামিতিক চিত্ৰও ফুটাই তোলে৷ অৱশ্যে সম্প্ৰতি সহজলভ্য আৰু কমদামী কাপোৰ বজাৰত উপলদ্ধ হৈছে বাবে ইয়াৰ আদৰ কিছু কমিছে যদিও শেষ হৈ যোৱা নাই৷ অসমৰ বহু অঞ্চলত ব্যৱসায়িকভাৱে তাঁতশাল স্থাপন কৰি বহু পৰিয়ালে এতিয়াও পাট-মুগাৰ কাপোৰ বৈ বিক্ৰী কৰি আহিছে৷ আনহাতে অসমৰ বিভিন্ন ঠাইত এতিয়া জনগোষ্ঠীয় কাপোৰ বৈ বিক্ৰী কৰাৰ প্ৰতিযোগিতাই আৰম্ভ হৈছে৷ মন কৰিবলগীয়া এয়ে যে গোলোকীকৰণৰ এই যুগত বেলেগ বেলেগ ধৰণৰ ফুলৰ চানেকীও বৰ্তমান এনে কাপোৰত তুলিবলৈ আৰম্ভ কৰিছে৷

  • মৃৎশিল্প : মাটি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা সামগ্ৰীসমূহকেমৃণ্ময় সামগ্ৰী বোলা হয়৷ ইয়াৰ লগত জড়িত শিল্পই হ’ল মৃৎশিল্প৷ অসমত প্ৰাগ্‌-ঐতিহাসিক কালৰেপৰা মৃৎশিল্পৰ প্ৰচলন থকাৰ প্ৰমাণ পোৱা যায়৷ মূলতঃ কুমাৰ আৰু হীৰাসকল হ’ল এই বৃত্তিধাৰী লোক৷ অসমৰ গৃহস্থালী তথা অন্যান্য কাৰ্যত ব্যৱহৃত বিভিন্ন সঁজুলী তথা পাত্ৰ মৃৎশিল্পৰ উৎকৃষ্ট উদাহৰণ৷ সৰুমলা, বৰমলা, চৰু, টেকেলি, গিলাচ, ধূপদানি, ধূনা বাটি, গাগৰি, দুণৰি, খোলা, বিভিন্ন মাটিৰ পুতলা, ইত্যাদি হ’ল মৃৎশিল্পৰ চানেকি৷ ইয়াৰ উপৰি বিহুত ব্যৱহাৰ কৰা সুষিৰ বাদ্য ‘সুতুলি’ও মাটিৰে নিৰ্মাণ কৰা হয়৷ অৱশ্যে বৰ্তমান ভিন ভিন ডিজাইনেৰে আৰু বেলেগ বেলেগ সামগ্ৰী ব্যৱহাৰ কৰা সজা এনে সঁজুলী কম দামত পোৱা যায় বাবে এইবোৰৰ ব্যৱহাৰ প্ৰায় হ্ৰাস পাইছে৷

গোৱালপাৰা, গৌৰীপুৰ তথা কামৰূপৰ বিভিন্ন ঠাইত মাটিৰ পুতলা নিৰ্মাণ কৰা হয়৷ গৌৰীপুৰৰ পোৰামাটিৰ শিল্প জগত বিখ্যাত৷ সাধাৰণতে মাটিৰে দৰা-কইনা, হাতী-মাউত, ঘোঁৰা-মানুহ, চৰাই, পাল্কী বা দোলাৰ পুতলা সজা হয়৷ এইবোৰ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত ৰীতিবদ্ধ ভংগী দেখিবলৈ পোৱা যায়৷কুমাৰসকলে মাটিৰ সামগ্ৰীসমূহ সাজোঁতে এখন বিশেষ ধৰণৰ চাক ব্যৱহাৰ কৰে৷ ইয়াক ‘কুমাৰৰ চাক’ বোলা হয়৷ হীৰাসকলে চাক ব্যৱহাৰ নকৰে৷ এওঁলোকে কাঠ বা বাঁহৰ মাৰিৰে মৰিয়াই মৰিয়াই মাটিৰ পাত্ৰসমূহ নিৰ্মাণ কৰে৷

  • বাঁহ, বেত, কাঠ, কুঁহিলা আৰু হাতীদাঁতৰ শিল্প : অসমীয়া সংস্কৃতিৰ এটা প্ৰধান উপাদান হ’ল বাঁহ৷ জন্মৰ পৰা মৃত্যুলৈকে অসমীয়া মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী হ’ল এই বাঁহ৷ সেইবাবেই অসমীয়া সংস্কৃতিক ‘বাঁহ-সংস্কৃতি’ বুলিও কোৱা হয়৷ বাঁহৰ লগত অংগাংগীভাৱে জড়িত হৈ আছে বেত৷ ঘৰ সাজোঁতে প্ৰয়োজন হোৱা খুঁটা, চতি, মাৰলী, বেৰ, চাল আদিত মূলতঃ বাঁহেই ব্যৱহাৰ কৰা হয়৷ মাছ ধৰা বিভিন্ন সঁজুলি, জাপি, ডুলি, দোণা, পাচি, খৰাহী, কুলা, তাঁতশালৰ বিভিন্ন সামগ্ৰী, খেতি কৰা সঁজুলি, বিচনী, বিভিন্ন প্ৰকাৰৰ চুঙা আদি নিৰ্মাণ কৰোঁতে বাঁহ ব্যৱহাৰ কৰা হয়৷ বেতেৰে এইবোৰ বান্ধি কটকটীয়া কৰা হয়৷ বেতেৰে বিচনী, বেগ, মেজ, চকী, ছোফা, দোলনা, বাকচ, ফুলৰ পাত্ৰ আদি অতি সুন্দৰভাৱে নিৰ্মাণ কৰা হয়৷ সত্ৰত নিৰ্মাণ কৰা বেতৰ বিচনীৰ কাৰুকাৰ্য চালে চকুৰোৱা৷ বাঁহৰ শলিৰ মোৰ দি বেতেৰে নিৰ্মাণ কৰা জপা, বটা, শৰাই, মুঢ়া অসমীয়া লোকশিল্পৰ উৎকৃষ্ট চানেকী৷ ভাওনাৰ মুখা নিৰ্মাণ কৰিবলৈও বাঁহেৰে সাঁচ এটি তৈয়াৰ কৰা হয়৷

বাঢ়ৈসকলে কাঠেৰে বিভিন্ন শিল্প ৰচনা কৰে৷ বাঁহৰ দৰে ব্যাপকভাৱে নহ’লেও অসমীয়া লোকসমাজত কাঠেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি ব্যৱহাৰ কৰা হয়৷ যাতায়তৰ ব্যৱস্থা হিচাপে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ নাও, সত্ৰ-নামঘৰৰ মণিকূটত থকা সিংহাসনে অসমীয়া কাঠ-শিল্পৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে৷ সিংহাসনত কাটি উলিওৱা কাছ, হাতী, উৰণীয়া সিংহ, গৰুড়, মৎস্য, ময়ূৰ আদিয়ে ইয়াৰ কলাত্মক দিশটো প্ৰকাশ কৰে৷ ঠিক সেইদৰে ঠগী, শৰাই, তাঁতশালৰ বিভিন্ন সামগ্ৰী, ধপাঁত খোৱা হোকাৰ নলিচা, ভাওনাত ব্যৱহাৰ কৰা বিভিন্ন মুখা, কাঠৰ চৰিয়া, বাটি, থাল, হেতা, খোল-ঢোলৰ খোলা, চালপীৰা, হাতনী পেৰা, ঢেঁকী, খুৱলি, নাঙল, যুঁৱলি, খুন্দনা আদিৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীও কাঠেৰে নিৰ্মাণ কৰা হয়৷ এইবোৰ সামগ্ৰীত বিভিন্ন ফুলৰ জালি, চৰাই আদি কাটি উলিওৱা কথাটিয়ে বাঢ়ৈসকলৰ কলাত্মক মনৰ পৰিচয় দাঙি ধৰে৷

কাঠৰ দৰে অসমৰ ঠাই বিশেষত কুঁহিলাৰেও ভালেমান শিল্প-কলা নিৰ্মাণ কৰাৰ পৰম্পৰা প্ৰচলন হৈ আছে৷ প্ৰধানতঃ গোৱালপাৰা, কামৰূপ, মংগলদৈ অঞ্চল কুঁহিলা শিল্পৰ বাবে বিখ্যাত৷ লোক কল্পনাৰ শৈল্পিক ৰূপটি কুঁহিলাৰে নিৰ্মাণ কৰা দেৱ-দেৱীৰ মূৰ্তি, মুখা, নৃত্যৰত নাচনি, কদমফুলৰ দৰে ফুল, দৰা-কইনাৰ মুকুতা আৰু কিৰীটি, বিবিধ পুতলা আদিয়ে দাঙি ধৰে৷ আনহাতে ‘পুতলা নাচ’ত ব্যৱহাৰ কৰা বহু পুতলাও কুঁহিলাৰে নিৰ্মাণ কৰা হয়৷ উজনি অসমত কুঁহিলা কঠ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷

অসমৰ হাতী দাঁতৰ শিল্প পুৰণি কালৰে পৰা এক সমৃদ্ধিশালী ধাৰা হিচাপে চিহ্নিত হৈ আহিছে৷ অসমৰ হাতী দাঁতৰ ফণী, কাকৈ, টেমা, সঁফুৰা, লাঠী, দেৱমূৰ্তি, জীৱ-জন্তুৰ প্ৰতিকৃতি আদিয়ে এই কথাৰ স্বাক্ষৰ বহন কৰে৷ আউনীআটী সত্ৰত সংৰক্ষিত হাতী দাঁতৰ পাটিখন অসমৰ এই লোকশিল্পবিধৰ উৎকৃষ্টতম চানেকী৷

এইবোৰৰ উপৰি অসমৰ হাবিত পোৱা মাদুৰি, পাটি দৈ, মুঠাবন, তালপাত, টকৌপাত, মৰাপাট, ৰিহা, কুকুৰমুতা আদি গছৰ আঁহ, গড়ৰ খড়গ, ম’হ আৰু পহুৰ শিং আদিৰ পৰাও অসমীয়া লোকশিল্পীয়ে বহু মূল্যবান সা-সামগ্ৰী নিৰ্মাণ কৰিছিল৷

  • ধাতু শিল্প : কাঁহ, পিতল, তাম, সোণ, ৰূপ আৰু লোৰে নিৰ্মাণ কৰা সামগ্ৰীসমূহ এই বিভাগৰ অন্তৰ্গত৷ অসমৰ কাঁহ-পিতলৰ কাৰিকৰে দৈনন্দিন ব্যৱহাৰ্য আৰু গৃহস্থালী সঁজুলী, যেনে– বিভিন্ন ধৰণৰ কাঁহী, বিভিন্ন ধৰণৰ বাটি, ঠগী, শৰাই, সঁফুৰা, বটা, খৰাহি, লোটা, ঘটী, কলহ, গাগৰি, ভোগজৰা, মাইহাং, বিভিন্ন ঘন বাদ্য, পূজা-পাৰ্বন আদিত ব্যৱহাৰ কৰা বিভিন্ন সঁজুলী নিৰ্মাণ কৰে৷ বৰ্তমানৰ হাজো আৰু সৰ্থেবাৰী অঞ্চল ক্ৰমে পিতল আৰু কাঁহ শিল্পৰ বাবে বিখ্যাত৷

অসমীয়া মানুহে সোণ-ৰূপ মূলতঃ অলংকাৰ হিচাপে ব্যৱহাৰ কৰে যদিও ধনী ব্যক্তিসকলে ইয়াৰে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী, যেনে– সোণ-ৰূপৰ থাল, বাটি, চৰিয়া আদিও ব্যৱহাৰ কৰিছিল৷ অসমীয়া সমাজত ব্যৱহৃত বিভিন্ন স্বৰ্ণাভৰণ – কেৰু, মণি, থুৰীয়া, খাৰু, দুগ-দুগী, ঢোলবিৰি, জোনবিৰি, মাকৰি, কাণফুল, আঙুঠি, জাংফাই, গেজেৰা, কৰধ্বনি আদি সোণ-ৰূপেৰে নিৰ্মিত৷ অসমীয়া কাৰিকৰে পাণখিলা স্বৰূপ দুগদুগী, শেৱালিফুল স্বৰূপ গলপতা; কাচি জোনৰ দৰে গেজেৰা; আঙুঠিত জেঠী, পখিলা; টেঙেচী পাতৰ আৰ্হিৰ নাকফুল; ডালিমফুলৰ দৰে কেৰু; কদৈ বা শিলিখাৰ দৰে চিপাত মণি আদি নিৰ্মাণ কৰি শিল্পীমনৰ পৰিচয় দাঙি ধৰিছে৷ উল্লেখযোগ্য যে সোণ-ৰূপৰ লগত বিভিন্ন মণি-মুকুতা খুওৱাৰ ফলত এই ধৰণৰ গহনা-গাঁঠৰিবোৰ উজ্জ্বল হৈ উঠে৷ আগৰ দিনত অসমীয়া পুৰুষেও নিজৰ মৰ্যাদা অনুযায়ী অলংকাৰ ব্যৱহাৰ কৰিছিল৷ এই অলংকাৰসমূহৰ মাজত লোককল্পনাৰ শিল্পসুলভ ৰূপ পৰিস্ফুট হৈছে৷

লোহা শিল্পৰ ক্ষেত্ৰতো অসম পিচ পৰি থকা নহয়৷ অসমীয়া কমাৰে কমাৰশালত বিভিন্ন নিত্য ব্যৱহাৰ্য সামগ্ৰী গঢ়ে৷ নলীয়া কটাৰী, ডবুৱা কটাৰী, দা, মেচি দা, কেৰাহী, কোৰ, কুঠাৰ, মৈদা, জবকা, চিপ্ৰাং, বেৰী, পচা, হাঁকোটা, শিকলি আদি ইয়াৰ ভিতৰত উল্লেখযোগ্য৷

এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে অসমীয়া লোকশিল্পই অসমীয়া সমাজ জীৱনত এক গভীৰ স্থান অধিকাৰ কৰি আছে৷ বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া পিঠা-পনাতো লোকশিল্পৰ সৌৰভময় নিদৰ্শন দেখা যায় বুলি মন্তব্য কৰি গৈছে৷

  • লোককলা

লোকশিল্প আৰু লোককলা একাকাৰ হৈ যায় এটা সময়ত৷ মূল কথাটি হ’ল লোকশিল্পই ব্যৱহাৰিক তথা অৰ্থনৈতিক দাবী পূৰণ কৰে, কিন্তু লোককলাই নান্দনিক আনন্দ প্ৰদান কৰে৷ এই ক্ষেত্ৰত নবীন চন্দ্ৰ শৰ্মাৰ এষাৰ বক্তব্য স্মৰণযোগ্য– ‘‘আনন্দদানৰ প্ৰকাৰ্য সম্পৃক্ত নিৰ্মিতিয়েই কলা আৰু জীৱনৰ বাস্তৱিক প্ৰকাৰ্য সম্পৃক্ত নিৰ্মিতিয়েই শিল্প৷’’ লোকসমাজত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা কলাই হ’ল লোককলা৷ লোকশিল্পৰ প্ৰতিটো উপাদানতে লোককলাৰ ধৰ্ম অক্ষুণ্ণ থকা দেখা যায়৷ উদাহৰণস্বৰূপে– শিপিনীয়ে তাঁতশালত বৈ উলিওৱা গামোচাখন শিল্প; কিন্তু সেই গামোচাখনত এশ, ডেৰশ বা তিনিশ কাঠিৰে ধুনীয়া ফুলজালিয়ে আমাক আনন্দ প্ৰদান কৰে অৰ্থাৎ কলাৰ প্ৰকাৰ্য সাধন কৰে৷ ঠিক সেইদৰে কাঁহৰ বাটি, কাঁহি আদিয়ে শিল্পৰ প্ৰকাৰ্য সাধে; কিন্তু তাত যদি লতা বা তেনেধৰণৰ ফুল কাটি দিয়া হয় তেন্তে সি কলালৈ ৰূপান্তৰ হয়৷ এক কথাত ক’ব পাৰি শিল্প আৰু কলাৰ মাজত অংগাংগী সম্বন্ধ আছে৷ প্ৰায়বোৰ শিল্পৰ মাজতে কলাৰ ধৰ্ম বা গুণ ৰক্ষিত হোৱা পৰিলক্ষিত হয়৷

  • লোকস্থপতি বিদ্যা

অসমৰ লোকস্থপতি বিদ্যা বুলি ক’লে প্ৰধানতঃ বাঁহেৰে নিৰ্মাণ কৰা ঘৰ-দুৱাৰৰ কথাকে বুজিব লাগিব৷ বাঁহৰ উপৰি বেত, ইকৰা, খেৰ আৰু কাঠো ইয়াৰ বাবে ব্যৱহাৰ কৰা হয়৷ অসমৰ লোকজীৱন মূলতঃ কৃষিভিত্তিক, সেয়ে থকা ঘৰৰ উপৰি ভঁৰালঘৰ, গোঁহালিঘৰ, ঢেঁকীশাল আদি বিভিন্ন ধৰণৰ ঘৰো নিৰ্মাণ কৰা হয়৷ অসমৰ লোকসমাজত বিবিধ প্ৰয়োজন মতে সজা ঘৰবোৰৰ ভিতৰত – চ’ৰাঘৰ, বৰঘৰ, সৰুঘৰ, মাৰলঘৰ, শোৱনিঘৰ, ৰান্ধনিঘৰ, ঢেঁকীশাল, তাঁতশাল, ভঁৰাল, বাটচ’ৰা, নামঘৰ, গোসাঁইঘৰ আদিয়েই প্ৰধান৷ ইয়াৰে বেছিভাগ ব্যক্তিগত আৰু দুই এক ৰাজহুৱা ঘৰ৷ ঘৰ-দুৱাৰ নিৰ্মাণ কৰিবৰ বাবে বিশেষ কাৰিকৰ নাথাকে, পৰম্পৰাগতভাৱে চলি অহা গৃহ নিৰ্মাণ প্ৰণালী, ডাকৰ বচন আদিয়েই হ’ল ইয়াৰ মূল আধাৰস্বৰূপ৷ সাধাৰণতে ঘৰ-দুৱাৰবিলাক বিশেষ কাৰুকাৰ্য খচিত নহয়– দুখন চাল, কাঠ বা বাঁহৰ খুটা, মাটিৰে লিপা বেৰ, কাঠ বা বাঁহৰ দাং লগোৱা দুৱাৰ আদিয়েই প্ৰধানতঃ অসমীয়া ঘৰৰ চানেকি৷ ডাকৰ বচনত উল্লেখ আছে –

পূবে ভঁৰাল, পশ্চিমে গঁৰাল৷

উত্তৰে চৰু, দক্ষিণে গৰু৷ ৷

ঘৰ সজাৰ আগতে জ্যোতিষীৰ হতুৱাই চোৱা-মেলা কৰি ঘাইখুঁটা পুতিবৰ দিনা পূজা এভাগো কৰি লোৱা হয়৷ ঘৰ বন্ধা ভেটিৰ বাবেও স্থান নিৰ্বাচন কৰি পূবা-পশ্চিমাকৈহে বৰঘৰ সজা হয়৷ ডাকৰ বচনতো ইয়াৰ উল্লেখ আছে–

পূবা-পশ্চিমাকৈ সাজিব ঘৰ৷

অকাল মৃত্যুক নাহিকে ডৰ৷ ৷

পূৰ্বতে ঘৰ সাজোঁতে বতাহ সোমাব পৰাকৈ খিৰিকি দিয়া নহৈছিল৷ তাৰ ঠাইত বেৰত জলঙা কাটিহে পোহৰ সোমোৱাৰ ব্যৱস্থা কৰা হয়৷ ভঁৰালঘৰ পূবফালে এমূৰে চাংঘৰ দৰে কেঁচাকৈ সজা হয়৷ ভঁৰালঘৰো অসমীয়া মানুহৰ বাবে গোসাঁইঘৰৰ দৰে পবিত্ৰ স্থান৷ বাহি গাৰে কেতিয়াও ভঁৰালত সোমোৱা নহয়৷ ভঁৰালত উঠোঁতে-নামোতে গাধৈত সেৱা এটি কৰি লোৱা নিয়ম৷ তদুপৰি বিহুৱে সংক্ৰান্তিয়ে ভঁৰালত চাকি এগচো জ্বলোৱা হয়৷

ঠিক সেইদৰে মাৰলঘৰ বা তাৰ পিৰালিত ঢেঁকীশাল পতা হয়৷ গৰু-ম’হৰ বাবে গোহালিঘৰ সজা হয়৷ মাজতে চোতালখন লৈ চ’ৰাঘৰ, বৰঘৰ, মাৰলঘৰ, গোসাঁইঘৰ, ৰান্ধনিঘৰ আদি সুকীয়া সুকীয়াকৈ বিভিন্ন ঘৰসমূহ সজা হয়৷ চ’ৰাঘৰ সাধাৰণতে দুচলীয়াকৈ পথালিভাৱে সাজে৷ চ’ৰাঘৰ, বৰঘৰৰ পৰা আঁতৰত অলপ ভিতৰফালে ৰান্ধনিঘৰ কেঁচাকৈয়ে সজা নিয়ম অসমীয়া সমাজত প্ৰচলিত আছিল৷ বৰ্তমান কাঠ, টিং, ইটা, শিল, চিমেণ্ট, লোহা আদিৰে নিৰ্মাণ কৰিলেও সাধাৰণতে ৰান্ধনি ঘৰৰ মজিয়া কেঁচাকৈ ৰখা দেখা যায়৷

অসমীয়া ঘৰৰ বেৰসমূহ মূলতঃ বাঁহেৰে সজা হয় যদিও কেতিয়াবা কেতিয়াবা ইকৰা বা খাগৰিও ব্যৱহাৰ কৰা হয়৷ চাল উলুখেৰ বা শৰণখেৰেৰে চোৱা হয়৷ খেৰৰ অভাব হ’লে ধানৰ নৰাও ব্যৱহাৰ কৰে৷ বৰ্তমান অৱশ্যে কাঠৰ ঘৰৰ লগতে বাঁহৰ ঘৰতো টিনপাট বন্ধা দেখা গৈছে৷ ঠিক সেইদৰে বহু অঞ্চলত টকৌপাত, তালপাত আদিও চালত ব্যৱহাৰ কৰা পৰিলক্ষিত হ’ব৷

আহোম ৰজাসকলে পোৰামাটিৰ পকীঘৰো সজাইছিল৷ সাধাৰণ প্ৰজাই এনে ঘৰ নিৰ্মাণ কৰিব নোৱাৰিছিল৷ স্বৰ্গদেওসকলৰ ৰাজ অভিষেকৰ কাৰণে পাটঘৰ, হোলোংঘৰ, শিঙৰি ঘৰ আদিও নিৰ্মাণ কৰিছিল৷ এওঁলোকৰ ঘৰসমূহত দুয়োমূৰে টুপ লগোৱা দেখা যায়৷ উল্লেখযোগ্য যে সাধাৰণ প্ৰজাই তেওঁলোকৰ ঘৰত টুপ লগোৱাত বাধা আছিল৷

অসমীয়া লোকসমাজত নামঘৰৰ স্থান অতিকে উচ্চ ৷ সাধাৰণতে নামঘৰৰ সন্মুখত বাটচ’ৰা নিৰ্মাণ কৰা হয়৷ বহু ধনী ব্যক্তিয়েও নিজৰ ঘৰত পদূলিমূৰত বাটচ’ৰা নিৰ্মাণ কৰে৷ নামঘৰসমূহত মূলতঃ চাৰিটা ভাগ থাকে– মণিকূট, কীৰ্তনঘৰ, ছোঁঘৰ আৰু বাটচ’ৰা৷ বহু ঠাইত অৱশ্যে আৰ্থিক অৱস্থাৰ বাবে কেৱল কীৰ্তনঘৰটোহে সজা দেখা যায়৷ কীৰ্তনঘৰটো পূবা-পশ্চিমাকৈ সাজি একেবাৰে পূবৰ ফালে উত্তৰা-দক্ষিণাকৈ মণিকূট সজা হয়৷ নামঘৰটোৰ দক্ষিণ-পশ্চিম চুকতে সাধাৰণতে ছোঁঘৰ সজা হয়৷ পূৰ্বতে নামঘৰ নিৰ্মাণ কৰোঁতে চাৰি শাৰী খুঁটা পোতা হৈছিল৷ দুফালে দুশাৰী পানী পাচৰ খুঁটা পুতি মাজত দুফালে দুশাৰী মাজৰ পাচৰ খুঁটা পোতা হয়৷ মাজৰ পাচৰ খুঁটা দুশাৰীৰ প্ৰথম কোঠাটোৰ প্ৰথম খুঁটাযোৰ এৰি দ্বিতীয় খুঁটা যোৰৰ সোঁহাতৰ খুঁটাটোৱেই নামঘৰৰ প্ৰধান খুঁটা বা লাইখুঁটা৷ মণিকূটৰ চাৰিওফালে মজবুতকৈ বেৰ দি মাজত দুৱাৰ ৰখা হয়৷ সাধাৰণতে কীৰ্তন ঘৰটোত বেৰ দিয়া নহয় যদিও কেতিয়াবা কেতিয়াবা দিয়া হয়৷ নামঘৰৰ খুঁটা, চটি আদিত হেঙুল-হাইতালেৰে বিভিন্ন ৰহণৰ প্ৰয়োগ কৰি লতা, ফুল, মূৰ্তি আদি কাটি উলিওৱা হয়৷ বহু নামঘৰৰ মণিকূট আৰু নামঘৰৰ দুৱাৰত কৃষ্ণৰ বিভিন্ন অৱতাৰ বা বৈষ্ণৱ ধৰ্মৰ লগত মিল থকা বিভিন্ন পুৰাণৰ কাহিনীৰ আধাৰত চিত্ৰ অংকন কৰা দেখা যায়৷ অৱেশ্য সম্প্ৰতি ইটা, শিল, ৰদ, চিমেণ্টেৰে সাজি টিনপাত লগোৱাহে দেখা যায়৷

  • লোকআভৰণ

লোকআভৰণৰ ভিতৰত দুটা বিষয় অন্তৰ্ভুক্ত, যথা– সাঁজ-পাৰ আৰু আ-অলংকাৰ৷ পূৰ্বতে বস্ত্ৰ পৰিধান কৰা ৰীতিৰ সহায়েৰে আমি লিংগ, বয়স, বিবাহিত, অবিবাহিত, সধবা, বিধবা আদিৰ সংকেত পোৱাৰ উপৰি জাতি-বৰ্ণ-ধৰ্ম, ধনী-দুখীয়া আদিৰ প্ৰভেদো গম পাব পাৰিছিলোঁ৷ কিন্তু বৰ্তমান সেয়া সহজে অনুমান কৰিব নোৱাৰি৷ উল্লেখযোগ্য কথাটো হ’লসাঁজ-পাৰৰ মাজেদি জাতিটোৰ সাংস্কৃতিক চেতনা, জাতীয় ঐতিহ্য, সৌন্দৰ্যবোধ আদিৰ উমান পাব পাৰি৷

অসমীয়া লোকসমাজতো সাঁজ-পাৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷ অসমৰ পুৰুষসকলৰ মাজত প্ৰধান বস্ত্ৰ হিচাপে প্ৰচলিত আছিল ধুতি৷ ধুতি পিন্ধাৰ ৰীতিয়েই অসমীয়া সমাজৰ সামাজিক স্থিতি প্ৰকাশ কৰিছিল৷ সাধাৰণ প্ৰজা, খেতিয়ক, গৰখীয়া আদিয়ে আঁঠুমূৰীয়া চুৰিয়া পিন্ধিছিল৷ সম্ভ্ৰান্ত লোকসকলে ভৰিৰ সৰু গাঠিলৈকে পৰা ধুতি পিন্ধিছিল৷ আনহাতে গাত লৈছিল চাদৰ৷ উল্লেখযোগ্য যে ধুতি আৰু চাদৰ লোৱাৰ বিভিন্ন ৰীতি বিৰাজমান৷ পূৰ্বতে পাগুৰি মৰাৰ ৰীতি নাছিল যদিও আহোমসকলৰ দিনৰে পৰা ইয়াৰ প্ৰচলন হয়৷ এঙাচোলা, গোমচেঙৰ চোলা, চটিনৰ চোলা, নৰাচোলা, বুকুচোলা, মিৰ্জাই চোলা, মোগলাই চোলাৰ লগত আন বিভিন্ন প্ৰকাৰৰ চোলাও আহোম যুগৰ পৰা প্ৰচলন হ’বলৈ ধৰে৷ অসমীয়া মানুহে সাধাৰণতে কপাহী, এড়ি, মুগা আৰু পাটৰ কাপোৰ ব্যৱহাৰ কৰিছিল৷ পূৰ্বতে অসমীয়া শিপিনীয়ে তাঁতশালতে নিত্য ব্যৱহাৰ্য এই ধৰণৰ বস্ত্ৰ তৈয়াৰ কৰিছিল৷ গামোচা, চাদৰ, চেলেং, বৰ কাপোৰ, তিয়নী, চুৰিয়া বা ধুতি, ৰিহা কাপোৰ, চোলা কাপোৰ আদি সকলো নিজে বৈ ব্যৱহাৰ কৰিছিল৷

অসমীয়া নাৰীয়ে পূৰ্বতে শাৰী পৰিধান কৰিছিল৷ বৈষ্ণৱ যুগৰ কবিৰ ৰচনা তথা উজনি নামনি দুয়োফালে প্ৰচলিত বিয়া নামত থকা কন্যাৰ সাজ-পাৰৰ ক্ষেত্ৰত কৰা বৰ্ণনাত ইয়াৰ উল্লেখ পোৱা যায়৷

শাৰী পিন্ধে শাৰী পিন্ধে ভাল মানুহৰ জী৷

ভাল কৰি শাৰী পিন্ধে চিকাত গাৱত দি৷ ৷  (বিয়ানাম)

পৰৱৰ্তীকালত ৰিহা-মেখেলা আৰু চেলেং বা চাদৰ ব্যৱহাৰ কৰিবলৈ লয়৷ এয়া মূলতঃ মংগোলীয় সংস্কৃতিৰ অৱদান বুলিয়েই অনুমান কৰা হৈছে৷ আহোম যুগত অসমীয়া মহিলাৰ সাজ-পাৰ কিছু পৰিৱৰ্তন ঘটে৷ আঁচুঅলীয়া ৰিহা, আঁচলে পাৰিয়ে গুণাকটা ৰিহা, গাৰিয়লী ৰিহা, দহিঅলীয়া ৰিহা আৰু কিংখাপৰ মেখেলা, গুণাকটা মেখেলা, গোমচেঙৰ মেখেলা, চাটনৰ মেখেলা, পাটৰ মেখেলা, মুগাৰ মেখেলা অসমীয়া তিৰোতাই অতীজৰেপৰা পৰিধান কৰি আহিছে৷ অবিবাহিতা আহোম মহিলাই ৰিহা নলৈছিল৷ বিবাহিতাই তিনি বস্ত্ৰ, ক্ৰমে– মেখেলা, চাদৰ আৰু ৰিহা, অবিবাহিতাই দুই বস্ত্ৰ– মেখেলা আৰু চাদৰ পৰিধান কৰিছিল৷

অসমীয়া লোকসমাজত সাজ-পাৰৰ বিশেষ স্থান আছে৷ ই মৰম আৰু মৰ্যাদাৰ প্ৰতীক৷ বিহুত বিহুৱান দিয়া কথাটিয়ে ইয়াৰ সাক্ষ্য বহন কৰে৷ অসমীয়া সমাজত সাজ-পাৰৰ ক্ষেত্ৰত বহু ৰীতি নীতিও আছে৷ তাঁতশালৰ প্ৰথম জুঁটিৰ চেলেং আৰু গামোচা ক্ৰমে গুৰু আৰু নামঘৰলৈ আগ কৰা হয়৷ ঠিক সেইদৰে বিভিন্ন উৎসৱ-পাৰ্বণত মান অনুসৰি বস্ত্ৰ দান কৰা হয়৷

গতিশীল সময়ৰ বুকুত সমাজলৈ বহু পৰিৱৰ্তন আহে৷ সাংস্কৃতিক চিন্তা চেতনাৰ আদান-প্ৰদানৰ প্ৰভাৱত এই পৰিৱৰ্তন সংঘটিত হয়৷ অসমীয়া লোক সাজ-পাৰৰ ক্ষেত্ৰতো এই প্ৰভাৱৰ বাবেই বহু পৰিৱৰ্তন ঘটিছে৷ বৰ্তমানকালত বিভিন্ন ধৰণৰ লংপেণ্ট, চোলা, চুড়িদাৰ আদিয়ো অসমীয়া সাজ-পাৰৰ ভিতৰুৱা হৈ পৰিছে৷

মানুহৰ মনত থকা সৌন্দৰ্যবোধৰ পৰিচয় পোৱা যায় সাজ-পাৰৰ উপৰি দেহত পিন্ধা অলংকাৰৰ পৰা৷ অসমীয়া মানুহ এই সৌন্দৰ্যবোধৰ প্ৰতি সততে সচেতন আছিল৷ ইয়াৰ প্ৰমাণ পোৱা যায় পৰিধান কৰা বিভিন্ন আ-অলংকাৰৰ পৰা৷ অসমীয়া নাৰী-পুৰুষ উভয়েই অলংকাৰ পৰিধান কৰিছিল৷ পূৰ্বৰ পৰা ইয়াৰ প্ৰচলন আছিল যদিও আহোম ৰজাসকলৰ দিনৰপৰা ইয়াৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পায়৷ অসমীয়া পুৰুষে কাণত বাখৰ পতা, লোকাপাৰ, লংকেৰু; ডিঙিত মগৰদানা; হাতত গামখাৰু আৰু আঙুলিত মোহৰৰ আঙুঠি পৰিধান কৰিছিল৷ পূৰ্বতে পুৰুষে কাণৰ লটি ফুটাই তাত সোণ আৰু বাখৰ খটোৱা লোকাপাৰ পিন্ধিছিল৷ ইয়াৰ উপৰি সৰু আৰু পাতল লংকেৰুও পৰিধান কৰিছিল৷ গামখাৰু আছিল হাতত পিন্ধা পুৰুষৰ অলংকাৰ বিশেষ৷ মূলতঃ ৰূপৰ গামখাৰু ব্যৱহাৰ কৰা হৈছিল যদিও বহুতে সোণৰ গামখাৰুও পিন্ধিছিল৷ ডিঙিত পিন্ধা সোণৰ বাখৰ পতা মণি ‘মতামণি’ত ৰঙা পোৱালমণিত গাঁঠি দিয়া হয়৷ তদুপৰি ডিঙিত পিন্ধা আন এবিধ অলংকাৰ হ’ল মগৰদানা৷ পুৰুষে ভৰিত কোনো ধৰণৰ অলংকাৰ পৰিধান নকৰে৷

আনহাতে অসমীয়া মহিলাসকলে ভৰিৰ পৰা মূৰলৈকে বিভিন্ন ধৰণৰ অলংকাৰ পৰিধান কৰে৷ এইবোৰৰ ভিতৰত কাণত পিন্ধা থুৰীয়া, বিভিন্ন ধৰণৰ কেৰু,  কাণফুল, কাণবালা; ডিঙিত গলপতা, ডুগডুগী, চিপামণি, হাৰ, সাতসৰী, জোনবিৰি, বেনা, গেজেৰা, ঢোলবিৰি, মুকুতা মালা, বিৰিমণি, মটৰ মণি, শিলিখামণি, পোৱালমণি; হাতত মুঠি খাৰু, পাটীয়া খাৰু, চেওখাৰু, শলীয়া; বাহুত বাজু; আঙুলিত জেঠীনেজীয়া, ম’ৰানেজীয়া, শেনপতা, বাখৰপতা আঙুঠি; নাকত নাকফুল, নলক; কঁকালত কৰধবনি; ভৰিত উজণ্টি, পাজোৰা আদি পৰিধান কৰিছিল৷ অসমীয়াৰ বুকুৰ আপোন বিহুটিত গোৱা গীততো উল্লেখ আছে–

কেৰু মণি থুৰীয়া

তুমি আমাৰ যুৰীয়া

অ’ মাকন !

বহাগতে পাতি যাওঁ বিয়া৷

অসমীয়া তিৰোতাই মূৰৰ চুলিত তিনিদলীয়া চিতিপতি, মাজ কপালত বিভিন্ন ধৰণৰ লটকন ওলমাই ৰাখে৷

এনেদৰে বিচাৰ বিশ্লেষণ কৰিলে দেখা যায় যে অসমীয়া লোকসমাজত বিবিধ আ-অলংকাৰ পূৰ্বৰে পৰা প্ৰচলন আছিল৷ বৰ্তমান ইয়াৰে বহু অলংকাৰ ব্যৱহাৰ কৰা দেখা নাযায়৷ মূলতঃ এয়া পৰিৱৰ্তনশীল সময়ৰ প্ৰভাব বুলি অনুমান কৰিব পাৰি৷ উল্লেখযোগ্য যে অসমীয়া অলংকাৰত প্ৰধানত বাখৰ আৰু মীনাৰ কাৰুকাৰ্যই হ’ল প্ৰধান চানেকি৷

  • লোকৰন্ধন প্ৰণালী

খাদ্য মানুহৰ মৌলিক প্ৰয়োজনবোৰৰ ভিতৰত এটা৷ বেশভূষা, আচাৰ-ব্যৱহাৰ আদিৰ জৰিয়তে এজন মানুহৰ বিষয়ে যিমানখিনি জানিব পৰা হয়, খাদ্যৰ পৰা তাতোকৈ বেছি কথা জানিব পাৰি৷ সুৰুচিপূৰ্ণভাৱে জীৱন-নিৰ্বাহ কৰিব পৰাটোত সংস্কৃত সম্পন্ন মনোভাবৰ উমান পোৱা যায়৷ ৰন্ধন প্ৰণালী হ’ল ইয়াৰে এটা প্ৰধান উপকৰণ৷

অসমীয়া মানুহৰ প্ৰধান খাদ্য হ’ল ভাত৷ প্ৰধানতঃ আৰৈ-উখোৱা চাউলৰ ভাত৷ বিভিন্ন ধৰণৰ ধান– বিশেষকৈ জহা, মাগুৰি, সুৱাগমণি, মালভোগ, শালি আদিৰ পৰা ভাত ৰন্ধা হয়৷ গৰম ভাতৰ উপৰি পইতা, কৰ্কৰা, বাহী ভাত খোৱাৰ পৰম্পৰাও অসমীয়া সমাজত বিদ্যমান৷অসমীয়া সমাজত অতীজৰে পৰা বিবিধ সুগন্ধি আৰু সুমিষ্ট ৰন্ধন প্ৰণালী চলি আহিছে৷ কোন পৰ্বত কি কি খাদ্য খাব লাগে, কি কি উপকৰণেৰে ৰান্ধিব লাগে, কেনেদৰে পাচলি কাটিব লাগে এনেধৰণৰ বিবিধ কথা আমি ডাকৰ বচন আৰু প্ৰবাদ-প্ৰবচনত উল্লেখ থকা দেখিবলৈ পাওঁ৷ যথা–

শাকে শোকোতাই ভক্ষণ৷

সেয়ে পুৰুষৰ লক্ষণ৷ ৷                        (প্ৰবচন)

বুঢ়াই ডেকাই দুহালি বাবা৷

তপতে পঁইতাই দুসাজি খাবা৷ ৷         (ডাকৰ বচন)

অসমীয়া সমাজত প্ৰচলন থকা ৰন্ধন প্ৰণালী উপকৰণ অনুসৰি ইয়াক তিনি ধৰণে ভাগ কৰিব পাৰি, ক্ৰমে– টেঙা, তিতা আৰু খাৰ৷ টেঙাৰ আঞ্জা যি ধৰণেই নাৰান্ধক অসমীয়া মানুহৰ বাবে সেয়াই প্ৰিয়৷ বিলাহি, কণবিলাহি, টেঙামৰা, ঔটেঙা, থেকেৰা, চুকা শাক হ’ল এনেধৰণৰ টেঙা আঞ্জাৰ উপকৰণ৷ কণবিলাহী, মাগুৰ মাছ আৰু কচুথোৰৰ আঞ্জা; ঔটেঙা ঢেকীয়া শাক আৰু পুঠি মাছৰ তৰকাৰী বা শ’ল মাছৰ লগত ঔটেঙা; পকা তেতেলী আৰু বুঢ়া বৰালী আদি সুস্বাদু আঞ্জাৰ সৰ্বোত্তম সংমিশ্ৰণ৷ আনহাতে বাঁহ অসমীয়া সংস্কৃতি প্ৰতিটো অংশতে লিপিট খাই আছে বুলি আমি আগতেও উল্লেখ কৰিছো৷ বাঁহৰ গাজ আৰু মাছৰ মূৰৰ আঞ্জা আন এক অসমীয়া লোকখাদ্য৷

টেঙাৰ দৰে অসমীয়াৰ আন এবিধ প্ৰিয় খাদ্য বস্তু হ’ল খাৰ৷ আনকি ‘খাৰ খোৱা অসমীয়া’ বুলি এষাৰ আপ্তবাক্যও প্ৰচলন আছে৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি অসমীয়া সমাজত খাৰৰ জনপ্ৰিয়তা৷ কলগছৰ পৰা প্ৰস্তুত কৰা কলাখাৰ আৰু দলনিত হোৱা শাকৰ পৰা সৎখাৰ, আঠিয়া কলৰ শুকান বাকলি পুৰি তৈয়াৰ কৰা খাৰ আদি বিভিন্ন ধৰণৰ খাৰ অসমীয়া সমাজত প্ৰচলিত৷ পূৰ্বতে লোণৰ পৰিৱৰ্তে খাৰ ব্যৱহাৰ কৰা হৈছিল৷ অমিতা, পচলা, মাটিমাহ, লাউশাক, তিতামৰাৰ শুকান পাত, তিতাফুল, শোকোতা আদি বিবিধ পাচলিৰ লগত খাৰ ৰন্ধা হয়৷

অসমীয়া মানুহে তিতা খায়ো ভাল পায়৷ মূলতঃ শোকোতা, দোৰোণফুল, শুকলতি, নৰসিংহ, হেলচ, তিতাকেৰেলা, শেৱালি ফুল, বেতগাঁজ, ভেকুৰিতিতা, তিতাফুল আদি হ’ল সাধাৰণতে খোৱা তিতা পাচলি৷

মাটিমাহৰ ব্যঞ্জনখন প্ৰত্যেকজন অসমীয়া মানুহৰে প্ৰিয়৷ কথাতে আছে ‘হাঁহে মাহে’ সুস্বাদু হয়৷ বিভিন্ন ধৰণৰ বনশাক মাছ-মঙহেৰে অসমীয়া মানুহে খায়৷ অসমীয়া মানুহে ডাঙৰ-সৰু প্ৰায় সকলো ধৰণৰ মাছেই খায়৷ মাছ খোৱাৰ তিনিটামান উল্লেখযোগ্য প্ৰণালী হ’ল– পাতত দিয়া, পোৰা আৰু খৰিকাত দিয়া৷ মোৱা মাছ পাতত দি, গৰৈ মাছ খৰিকাত দি বা পুৰি কৰ্কৰা বা পইতা ভাতৰ সতে খোৱা হয়৷ জালুকেৰে কুচিয়া দি ৰন্ধা জোলকণো খাবলৈ অতিকৈ সুস্বাদু৷

অসমীয়া মানুহে ৰান্ধোতে সাধাৰণতে বৰ বেছি মা-মচলা ব্যৱহাৰ নকৰে৷ বাৰীত হোৱা আদা অকণ, নহৰু কেইফুটামান, তেজপাত, জালুক, ধনীয়া, সৰিয়হ, জিৰা আদিয়েই হ’ল প্ৰধান মা-মচলা৷ ৰোগ ব্যাধি নিৰাময় আৰু শৰীৰৰ শক্তি বঢ়াবলৈও ভেদাইলতা, মানিমুনি, মাটিকাদুৰি, কৰ্দৈ আদিৰ সৈতে কাৱৈ, গৰৈ, শ’ল, মাগুৰ আদি মাছ ৰন্ধা হয়৷ প্ৰায়বিলাক অসমীয়া মানুহে ভক্ষণ কৰা মাংস হ’ল– হাঁহ, পাৰ, ছাগলী৷ বৰ্তমান কুকুৰাও প্ৰায় সকলো মানুহে খায়৷

অসমীয়া জা-জলপানসমূহ মূলতঃ চাউলৰ পৰাই প্ৰস্তুত কৰা হয়৷ চিৰা, মুৰি, মুৰিৰ লাডু, আখৈ, গোট কৰাই, পিঠাগুৰি, কোমল চাউল, বৰা চাউল আৰু বিভিন্ন ধৰণৰ পিঠা অসমীয়া প্ৰতিজন ব্যক্তিৰে অতিকে আপোন৷ পিঠাৰ ভিতৰত তিলপিঠা, ঘিলাপিঠা, পানীপিঠা, চুঙাপিঠা, টেকেলি পিঠা আদি উল্লেখযোগ্য৷

উল্লেখযোগ্য যে বিহুৰ সময়ত আমৰলি পৰুৱাৰ টোপ খোৱা হয়৷ বিভিন্ন সময়ত কোনবোৰ খাদ্য সাধাৰণতে খোৱা নহয় সেই বিষয়েও অসমীয়া সমাজত কিছুমান বাধা-নিষেধ আছে৷ যেনে– প্ৰতিপদত কোমোৰা, তৃতীয়াত পটল, চতুৰ্থীত মূলা, পূৰ্ণিমা আউসী তথা সংক্ৰান্তিত মাছ-মঙহ খোৱা নিষেধ৷ যিকোনো খাদ্য খোৱাৰ পাছত অসমীয়া মানুহে মুখশুদ্ধিৰ বাবে মুহুদি কৰে তামোল-পাণেৰে৷ মূলতঃ অষ্ট্ৰিকসকলৰ পৰা অহা এই তামোল-পাণৰ ব্যৱহাৰ অসমীয়া লোকজীৱনত অতি ব্যাপক৷ তামোল উপৰি কপূৰ্ৰ, আদা, আমলখি, শিলিখা আদিও মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়৷

*** ***** ***

অসমীয়া গ্ৰন্থ

১)       কাগ্‌য়ুং, ভৃগুমুনি (সম্পাঃ)(১৯৭০); মিচিং সংস্কৃতিৰ আলেখ্য; গুৱাহাটী৷

২)       গগৈ, লীলা (১৯৯৪); অসমৰ সংস্কৃতি; ডিব্ৰুগড় : বনলতা৷

৩)      গোস্বামী, প্ৰফুল্ল দত্ত (১৯৮৬); অসমীয়া জনসাহিত্য; গুৱাহাটী : বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড৷

৪)       দাস, যুগল; অসমৰ লোককলা; গুৱাহাটী৷

৫)      তাহেৰ, মহম্মদ (মুখ্য সম্পাদক)(২০০৫); বিশ্বকোষ (অষ্টম খণ্ড); গুৱাহাটী : অসম সাহিত্য সভা৷

৬)       তাহেৰ, মহম্মদ (মুখ্য সম্পাদক)(২০০৬); বিশ্বকোষ (নৱম খণ্ড); গুৱাহাটী : অসম সাহিত্য সভা৷

৭)       নাৰ্জি, ভবেন (১৯৭১); বড়ো-কছাৰীৰ সমাজ আৰু সংস্কৃতি; গুৱাহাটী৷

৮) নেওগ, হৰিপ্ৰসাদ আৰু গগৈ, লীলা (সংকলন আৰু সম্পাঃ)(১৯৮৯); অসমীয়া সংস্কৃতি;  ডিব্ৰুগড় : বনলতা৷

৯) বৰদলৈ, নিৰ্মলপ্ৰভা (১৯৭১); অসমৰ লোক-সংস্কৃতি; গুৱাহাটী : লয়াৰ্ছ বুক ষ্টল৷

১০) বৰুৱা, বিৰিঞ্চি কুমাৰ (১৯৮৫); অসমৰ লোকসংস্কৃতি; গুৱাহাটী৷

১১) ৰাজবংশী, পৰমানন্দ (সম্পাঃ), (২০০৩); অসমীয়া জাতি আৰু সংস্কৃতি; গুৱাহাটী : প্ৰাগ্‌জ্যোতিষ মহাবিদ্যালয়৷

১২) হাকাচাম, উপেন ৰাভা (২০১০); অসমৰ জনজাতীয় সংস্কৃতি; গুৱাহাটী : বাণী মন্দিৰ৷

১৩) শৰ্মা, নবীন চন্দ্ৰ (১৯৯৮); অসমীয়া লোকসংস্কৃতিৰ আভাস; গুৱাহাটী : বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড৷

১৪) শৰ্মা, নবীন চন্দ্ৰ (সম্পাঃ)(১৯৮৭); ডাক প্ৰৱচন; গুৱাহাটী : বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড৷

১৫) হাজৰিকা, বিশ্বেশ্বৰ (২০০৩); অসমীয়া সাহিত্যৰ বুৰঞ্জী (প্ৰথম খণ্ড);  গুৱাহাটী : আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা৷

ইংৰাজী গ্ৰন্থ

১৬)   Baruah, B. K. (1969). A Cultural  History of Assam. Guwahati: Lawyer’s Book Stall.

১৭)   Dorson, R. M. (ed.)(1972). Folklore and Folklife: An Introduction. Chicago: The University of Chicago Press.

১৮)   Dundes, A. (1978). Essays in Folkloristics. Folklore Institute.

১৯)   Dutta, B. (ed.)(1994). A Hand Book of Folklore Material of North-East India. Guwahati: ABILAC.

২০)  Leach, M. (1972). Standard Dictionary of Folklore. Funk & Wagnalls.

২১)   Sarma, N. C. (1988). Essays in the Folklore of North-Eastern India. Guwahati: Bani Prakasan.

*** ***** ***

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mani
3 months ago

অতি তথ্যসমৃদ্ধ লেখনি। শিক্ষাৰ্থী সকলৰ লগতে আমিও যথেষ্ট উপকৃত হৈছোঁ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক