অসমীয়া ভ্ৰমণ সাহিত্যৰ নৱতম সংযোজন “ধৰাৰ দিহিঙে-দিপাঙে” — মীনাক্ষী বৰুৱা

পুডুচেৰীস্থিত বহুজাতিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটাৰ উচ্চ পদত অধিষ্ঠিত অসম সন্তান ৰাণা গগৈয়ে তেওঁৰ আমেৰিকা আৰু ইউৰোপ ভ্ৰমণৰ বৰ্ণিল অভিজ্ঞতাৰে অলপতে লিখি উলিয়াইছে এখনি মনোৰম গ্ৰন্থ, নাম “ধৰাৰ দিহিঙে-দিপাঙে“৷ গ্ৰন্থখনিৰ নামটোৱে ড০ ভূপেন হাজৰিকাৰ সৃষ্টি সংকলিত গ্ৰন্থ “দিহিঙে দিপাঙে“ৰ কথা মনলৈ আনে৷ লেখকৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা ভূপেনদাৰ অভিজ্ঞতাৰ দৰেই সুন্দৰ আৰু সুখকৰ৷ লেখকৰ জীৱনত ভূপেনদাৰ প্ৰভাৱৰ কথা কিতাপখন পঢ়ি যাওঁতে ঠায়ে ঠায়ে অনুভূত হয়৷ সেইবাবেই হয়তো সজ্ঞানে তেওঁ এই নামটো বাচি লৈছে৷ পৰ্যটন স্থলীৰ চমৎকাৰ বৰ্ণনা আৰু হাস্যৰসৰ অভূতপূৰ্ব সম্ভাৰেৰে মুঠ তেৰটি যাত্ৰাৰ মনজুৰুৱা বৰ্ণনা গ্ৰন্থখনত তেওঁ সন্নিৱিষ্ট কৰিছে৷ গ্ৰন্থপ্ৰেমীৰ বাবে এই গ্ৰন্থখন এক ব্যতিক্ৰমী সম্পদৰূপে সংৰক্ষণ হোৱাৰ থল আছে৷ সন্নিবিষ্ট কাহিনীসমূহৰ প্ৰতিটোৱেই সুখপাঠ্য আৰু ইতিহাস সমৃদ্ধ৷ পৰিস্থিতিৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু সাৱলীল প্ৰকাশ গ্ৰন্থখনিৰ অন্যতম বৈশিষ্ট্য৷ লেখাসমূহৰ শিৰোনামো অত্যন্ত আকৰ্ষণীয় আৰু দুই এটা শিৰোনাম ব্যংগ ৰসেৰে পৰিপূৰ্ণ৷ যেনে: হলেণ্ডত ভোকৰে এটা সেমেকা ৰাতি, হলেণ্ড দেশত পেডেল মাৰি মাৰি, লণ্ডন মহানগৰীত ’ৰুটি-আঞ্জা’ বিচাৰি ইত্যাদি৷ উল্লেখযোগ্য যে বিদেশৰ মাটিত উপস্থিত হৈ সন্মুখীন হোৱা বিভিন্ন ঘটনা আৰু পৰিস্থিতিক তেওঁ নিজৰ দেশৰ চিনাকি মানুহ আৰু চিনাকি পৰিবেশৰ সৈতে ৰিজাই চোৱা বাবে বৰ্ণনা সমূহ সাধাৰণ পাঠকৰ বাবেও বেছ উপভোগ্য হৈ উঠিছে৷ নতুন ঠাই এখনত উপস্থিত হ’লে প্ৰথম অৱস্থাত পৰ্যটকৰ মনলৈ সাধাৰণতে এক সংকোচৰ ভাব আহে৷ কিন্তু এই গ্ৰন্থখনিত লেখকৰ বুদ্ধিদীপ্ত উপস্থাপনে সেই সংকোচ মনৰপৰা সমূলি আঁতৰাই নিয়ে৷ পৃথিৱীৰ প্ৰতিখন ঠাইৰ মানুহৰ ভাব-অনুভূতি যে একে, সেই কথা প্ৰতিটো অধ্যায়তে অনুভূত হয়৷ পাৰ্থক্য কেৱল বাহ্যিক পৰিবেশ, বুনিয়াদী সুবিধা, ঠাইসমূহৰ বিকাশ, ইয়াৰ জলবায়ু, ইয়াৰ শিক্ষা ইত্যাদিৰহে৷ সেয়েহে এখন উন্নত দেশৰ মানুহৰ সমুখত এখন উন্নয়নশীল দেশৰ সাধাৰণ নাগৰিক হিচাবে আমাৰ মনলৈ সংকোচৰ ভাব অহাই স্বাভাৱিক৷ ৰাণা গগৈৰ কিতাপখনে অসমীয়া মানুহৰ মনৰপৰা মুহূৰ্ততে সেই সংকোচ আঁতৰাই দিবলৈ সক্ষম হৈছে৷ অসমীয়া ভ্ৰমণ সাহিত্যত এই গ্ৰন্থখন সাৰ্থক সৃষ্টি বুলি অভিহিত কৰিব পাৰি৷ গ্ৰন্থখনিত সন্নিৱিষ্ট কাহিনীসমূহ বেছ আমোদজনক৷ প্ৰকৃতাৰ্থত এজন লেখক যেতিয়া এজন পৰ্যটক হয়, সেই অভিজ্ঞতা হৈ উঠে ৰোমাঞ্চকৰ৷ লেখক ৰাণা গগৈৰ ৰচনাৰ অন্য এক আকৰ্ষণীয় দিশ হৈছে, তেওঁ অত্যন্ত অনুভৱী আৰু অনুসন্ধিৎসু লেখক৷ উপৰুৱা দৃষ্টিৰে নতুন বস্তু এটা প্ৰত্যক্ষ কৰা কথাটো তেওঁৰ ব্যক্তিত্বৰ পৰিপন্থী৷ প্ৰত্যেক কথাৰে আতি-গুৰি নজনালৈকে তেওঁ সন্তুষ্ট হ’ব নোৱাৰে৷ ইয়াৰদ্বাৰা তেওঁ পাঠককো উপকৃত কৰিছে৷ গ্ৰন্থখনিত বৰ্ণিত প্ৰতিটো কাহিনীৰ আবেদন গ্ৰাম্য সৰলতাৰে প্ৰোজ্জ্বল৷ সেয়েহে সাধাৰণ পাঠকেও সহজে তেওঁলোকৰ মনঃচক্ষুৰে নেদেখা ঠাইবোৰৰ পৰিষ্কাৰ ছবি এখন দেখাৰ সৌভাগ্য হৈছে৷ প্ৰতিটো লেখাই সংবেদনশীল৷ বিদেশৰ বুকুৰ অচিনাকি সুবাসে স্বতঃস্ফূৰ্তভাবে লেখকৰ মনলৈ কঢ়িয়াই আনে এৰি অহা সময়ৰ নানান প্ৰাসংগিক স্মৃতি৷ মনলৈ উজাই আহে কবিতাৰ পংক্তি৷ জাৰ্মানীৰ হাইডেলবাৰ্গ চহৰত অসমৰ আহোম সম্প্ৰদায়ৰ ’ভিতৰ সকাম’ৰ সৈতে প্ৰায় একে এক নিয়ম আছে৷ লেখকে জাৰ্মানীৰ “সাজপানী“ত চুমুক দিয়াৰ লগে লগে মনলৈ আহিছে- “.. লাহে লাহে অলপ অলপ, ওঁঠে ওঁঠে গোলাপ গোলাপ..”৷ হলেণ্ডৰ বাতৰি কাকতত ভাৰত-পাকিস্তানৰ যুদ্ধৰ খবৰ পঢ়ি শ্বহীদ পৰিয়ালৰ বহুতো দুখৰ ছবি তেওঁৰ মনলৈ আহিছে৷ এনে পৰিস্থিতিত সীমান্তত কৰ্মৰত জোৱানসকলৰ মনৰ বতৰা বিচাৰি তেওঁৰ মনলৈ আহিছে- ..“ বুকু পাতি পাতি, প্ৰিয়জনৰ পৰা আঁতৰি আৰু কিমান ৰাতি? ..“৷ এই প্ৰসংগত আন এটা সৰু উদাহৰণ উল্লেখযোগ্য৷ হলেণ্ডৰ হোটেলত পাকিস্তানৰ খান নামৰ পৰিচাৰক গৰাকীৰ আতিথেয়তাত মুগ্ধ হৈ তেওঁৰ মনলৈ আহে বন্দুকৰ গুলীত নিহত হোৱা খান্না-খান, মেমন-মেনন, হেন্দিক-ছিদ্দিকহঁতৰ দৰে শ্বহীদ সকলৰ কথা৷ ধৰ্মৰ বৈপৰীত্য প্ৰকাশৰ এনে সুন্দৰ উপমা নিঃসন্দেহে লেখনিৰ সৌন্দৰ্য্য বঢ়াই তোলাত সহায়ক হয়৷

“আমেৰিকাৰ ব্যয়বহুল এটা ব্যস্ত শনিবাৰ“ত লেখক ওলাইছে কিছুদিন খবৰ নোপোৱা ফ্লৰিডা চহৰৰ এগৰাকী বিভাগীয় মুৰব্বীৰ খবৰৰ সন্ধানত৷ নিজৰ দায়িত্বত সদা সচেতন আৰু অতিসক্ৰিয় এই ৬৭ বছৰ বয়সীয়া মহিলা গৰাকীৰ সৈতে প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলৰ হঠাতে যোগাযোগ বন্ধ হৈ যোৱাত সকলো বিষয়া-কৰ্মচাৰী অত্যন্ত চিন্তিত হৈ পৰিছে৷ লেখকৰ মনতো অনেক শংকা৷ কি হ’ল, কলৈ গ’ল মানুহগৰাকী? নিউয়ৰ্ক চহৰৰ পৰা শনিবাৰ এটাত ব্ৰহ্মপুৱাতেই তেওঁ যাত্ৰা কৰিলে অচিনাকি ফ্লৰিডা চহৰৰ কোনোবা এটা আবাসিক অঞ্চলত বসবাস কৰা এই মহিলা গৰাকীৰ সন্ধান বিচাৰি৷ এই যাত্ৰাৰ সাৱলীল আৰু স্পৰ্শকাতৰ বৰ্ণনাই পাঠকৰ বুকুত জগাই তোলে এক অস্থিৰ ধপধপনি৷ আছেনে, আছেনে জীয়াই ইভা হেনী? “…অৱশেষত ছুইচ টিপিলোঁ, কলিং বেলটো বাজি উঠিল৷ এখন্তেক মৌন অপেক্ষাৰ পাছত দুৱাৰখন খোল খালে৷ কিছু চুটি, অলপ উচ্ছৃংখল(? ) আৰু সম্পূৰ্ণ শুভ্ৰ ৰঙৰ চুলিৰ এগৰাকী মধ্যমীয়া উচ্চতাৰ বৃদ্ধ মহিলা মোৰ সন্মুখত থিয় হ’ল৷ কোননো এইগৰাকী-মই জানিবলৈ চেষ্টা কৰিলোঁ৷ বৃদ্ধ মহিলাগৰাকীয়েও মোলৈ তভক মাৰি চালে৷ আমাৰ দুয়োযোৰ চকুৱে যেন ইজনে সিজনৰ মুখমণ্ডলৰ ফটো তুলিলে৷ ফটোখন চকুৱে মগজুলৈ ঠেলি পঠিয়ালে৷ মগজুৱে ইতিমধ্যে এটা ’ছাৰ্চ ইঞ্জিন’ (search engine) চলাই স্মৃতিৰ তথ্য ভাণ্ডাৰত সাঁচি ৰখা লক্ষাধিক ফটোৰ লগত সদ্যপ্ৰাপ্ত ফটোখন দ্ৰুত গতিত মিলাই চালে৷ তেনে কোনো ফটো এখনৰ লগত মিল খোৱাত, ইঞ্জিনে মগজুলৈ ইতিবাচক খবৰ প্ৰেৰণ কৰিলে৷ এই সমস্ত ঘটনাটো ঘটিল প্ৰায় দুই বা তিনি ছেকেণ্ডত৷ মগজুৱে ইতিবাচক খবৰটো পোৱাত, মই বৃদ্ধ মহিলাগৰাকীক চিনি পালোঁ৷ মই চিনি পাই, উৎফুল্ল হৈ প্ৰায় উন্মাদ কণ্ঠৰে চিৎকাৰ কৰি ক’লো- ’.. হাইইইইই ইভা..৷ আই এম ছ’ গ্লেড টু ছী ইউ এগেইন৷ ’ ইভা হেনীয়েও, এই দুই বা তিনি ছেকেণ্ড সময়ছোৱাত, ইতিমধ্যে মোক চিনি পালে আৰু পলম নকৰি মোক সাবটি ধৰিলে”৷ লগে লগে পাঠকৰ এক সকাহ বন্ধ হৈ যায় বুকুৰ ধপধপনি৷ পাঠকক কৌতূহলোদ্দীপিত কৰি দীঘলীয়া উৎকণ্ঠাৰ এই সময়খিনিৰ বৰ্ণনা লেখকে যি কৌশলপূৰ্ণভাৱে উত্থাপন কৰিছে সেয়া সঁচাই অপূৰ্ব! গ্ৰন্থখনে পঢ়ুৱৈক বিদেশৰ মাটিৰ সৰু-বৰ বহুতো নজনা কথা জনাত সহায় কৰিব৷ “বেলজিয়ামৰ বাছত অসমীয়া বন্ধু“ শীৰ্ষক লেখাটোত ভাৰতীয় পৰ্যটন বিভাগৰ কিছুমান অসুবিধাৰ কথা উনুকিয়াই তেওঁ ইউৰোপ, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মহাদেশৰ অন্তৰ্গত দেশসমূহৰ উন্নত সুবিধাসমূহৰ কথা উল্লেখ কৰিছে আৰু লগতে সেই দেশত নিজ অভিজ্ঞতাৰ মনোৰম বৰ্ণনা সহজবোধ্য ভাষাৰে পঢ়ুৱৈ সমাজৰ আগত দাঙি ধৰিছে৷ এখন দেশৰ পৰ্যটন উদ্যোগে দেশখনৰ অৰ্থনৈতিক দিশত অভূতপূৰ্ব অৰিহণা যোগাব পাৰে৷ ভাৰতবৰ্ষ, বিশেষকৈ অসমৰ পৰ্যটন স্থলীসমূহো এই উন্নত দেশসমূহৰ সৈতে ফেৰ মাৰিব পৰা বিধৰ৷ কিন্তু অৱহেলা আৰু চৰকাৰী সদিচ্ছাৰ অভাৱত বছৰৰ পিছত বছৰ ধৰি সেয়া অনাকৰ্ষণীয় হৈয়ে পৰি থাকিব লগা হৈছে৷ বাহিৰৰ “হপ-অন হপ-অফ“ বাছ, “ডাটট্যুৰ“ “ডাবোল ডেকাৰ“ বাছ আদিৰ দৰে সুবিধাসমূহ অসমতো কৰিব পাৰিলে অসমৰ পৰ্যটন ক্ষেত্ৰ‌ই নিঃসন্দেহে অন্য এক মাত্ৰা লাভ কৰিলেহেঁতেন৷ বলিউডৰ অভিনেত্ৰীৰ মনোমোহা মুখে কিমান পৰিৱৰ্তন আনিছে সেই কথা সকলোৰে জ্ঞাত৷ লেখকে আগ্ৰাৰ তাজমহল চাবলৈ যোৱাৰ প্ৰসংগত দিল্লীৰ “ছাইটছি‌ইং বাছ“ৰ তিতা-কেঁহা অভিজ্ঞতাৰ কথা কৈছে৷ এই অভিজ্ঞতা ভ্ৰমণ বিলাসী সকলো লোকৰে নিশ্চয়কৈ হৈছে৷ বাছৰপৰা নামি দৌৰাদৌৰিকৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত হেঁপাহৰ কীৰ্তিসৌধ এটি যেতিয়া চাব লগা হয়, ৰৈ থকা বাছখন আৰু সময়ৰ কথা ভাবি চোৱাৰ সুখ থিতাতে হৰণ হয়৷ লেখকে ৰসিকতা সানি কৈছে, “সেই সময়খিনিত মই তাজমহল যিমান চালোঁ তাতকৈ বেছি চালোঁ বাওঁহাতত পিন্ধি থকা মোৰ ঘড়ীটো”৷

ৰাণা গগৈৰ এই ভ্ৰমণ সাহিত্যমূলক গ্ৰন্থখন তেওঁৰ লেখক জীৱনৰ প্ৰথম গ্ৰন্থ হ’লেও এই গ্ৰন্থৰ জৰিয়তে তেওঁ পৰিপক্ব চিন্তন আৰু লিখক শৈলীৰ পৰিষ্কাৰ নিদৰ্শন দাঙি ধৰিছে৷ “বিশ্বনাথ গ্ৰন্থমেলাৰ পৰা বিশ্ববিখ্যাত গ্ৰন্থমেলালৈ“ নামৰ লেখাটোত তেওঁ গ্ৰন্থপ্ৰেমী মনটোৰ সম্যক আভাস পাব পাৰি৷ এই পঠন অভ্যাসেই যে তেওঁক এজন সুদক্ষ লেখক কৰি গঢ়ি তুলিছে, ই ধূৰূপ৷

গ্ৰন্থখন পঢ়ি এনে ভাব হ’ল, যিকোনো প্ৰতিকূল পৰিস্থিতিকে নিজৰ নিয়ন্ত্ৰণলৈ আনি পৰিবেশৰ সৈতে সমাযোজন কৰাত লেখক দক্ষ৷ ইতিহাস প্ৰসিদ্ধ ক্ষেত্ৰসমূহৰ গতানুগতিক বৰ্ণনাৰ পৰিৱৰ্তে গ্ৰন্থখনিত তেওঁ সামগ্ৰিক পৰিবেশৰ সম্যক আভাস দিবলৈ যত্ন কৰিছে৷ সেইবাবে গ্ৰন্থখন পঢ়ুৱৈৰ বাবে হৈ উঠিছে অত্যন্ত সুখপাঠ্য৷ গ্ৰন্থখনিত নাই কি? তথ্য আছে, বুৰঞ্জী আছে, সামাজিক-সাংস্কৃতিক পৰিচয় আছে, সাহিত্য আছে, ব্যংগ আছে আৰু হাস্যৰসৰ সম্ভাৰেৰে পৰিপূৰ্ণ হৈ আছে৷ কাহিনীৰ প্ৰথমৰপৰা শেষলৈকে পাঠকক সন্মোহিত কৰি ৰখাৰ কৌশল তেওঁ সুন্দৰকৈ আয়ত্ত কৰি লৈছে৷ দুখন ঠাইৰ দুটা কথাৰ মাজত তুলনামূলক বিশ্লেষণ আৰু প্ৰসংগৰ সুন্দৰ মিলন ঘটোৱাত তেওঁ সিদ্ধহস্ত৷ এই গ্ৰন্থখনিয়ে আগ্ৰহী পঢ়ুৱৈক হতাশ নকৰে বুলি মোৰ দৃঢ়বিশ্বাস৷ আকৰ্ষণীয় প্ৰচ্ছদৰে ১২৬ পৃষ্ঠাৰ এই মূল্যবান গ্ৰন্থখনিৰ প্ৰকাশক গুৱাহাটীৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান “আঁক-বাক“৷ মূল্য ১৭০ টকা৷ আশাকৰোঁ পঢ়ুৱৈ সমাজে কিতাপখন আদৰি ল’ব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক