অসমীয়া শিশু-আলোচনীৰ ১২৭ বছৰ : এক অসম্পূৰ্ণ আলোচনা (শান্তনু কৌশিক বৰুৱা)

শিশুৰ মনৰ জগতখন এনে ‘এখন আলফুল জগত- য’ত কোনো ব্যাকৰণ নাই, য’ত কোনো যুক্তি নাই, য’ত অভিজ্ঞতাৰ আঘাত আৰু বোজা নাই, য’ত অসংলগ্ন কল্পনাই ৰূপ জিলমিল সোণ জিলমিল হৈ নাচে;য’ত ৰ’দ-বৰষুণ দেখিলেই হঠাতে খৰা শিয়ালে বিয়া পাতে, ঘৰচিৰিকাজনী ক’ৰবাৰ পৰা উৰি আহি তামোল কাটি কাটি যাচে;য’ত জোনবাইক দেখি তৰা খুজি থাকোঁতে থাকোঁতে হালধীয়া চৰায়ে বাওঁধান খোৱাৰ কথা মনত  পৰে আৰু বাঁওধান খোৱাৰ কথা কওঁতে নকওঁতেই শহুৰৰ পুতেকে ক’ৰবাৰ পৰা নাও মেলি ক’ৰবালৈ যায়গৈ, আকৌ নাৱে টুলুং-ভুটুং কৰোঁতেই ডুডুমডুম দবা বজোৱাৰ কথা মনত পৰেহি | এইখন জগততে শিয়ালীৰ মূৰত মৰুৱা ফুল ফুলে, শিয়ালীজনীতে চকুৰ পচাৰতে কোনোবা এখন ৰতনপুৰ পায়গৈ, বগলীয়ে সবাহ খাবলৈ যাওঁতে বৰষুণত তিতে, কপৌৱে বোকাত ভৰি পৰে বুলি বাহঁগছত কাপোৰ আৰু বেঙেনা গছত ৰিহা থৈ দেও দি দি  ফুৰে | এয়াই শিশু আৰু শিশুৰ চিৰন্তন অবাক জগতখন `A  big, blooming, buzzing, confusion…..’

শিশুৰ এই বিচিত্ৰ আৰু বৰ্ণাঢ্য মনৰ জগতখনত সঁচা আনন্দ দিব পৰাটো বৰ সহজ কথা নহয় | তথাপি ইয়াৰ মাজতে সেৰেঙাকৈ হ’লেও বহুজনে অসমীয়া শিশু সাহিত্যৰ উত্তৰণৰ বাবে নিষ্ঠাৰে চেষ্টা কৰি আহিছে আৰু ইয়াৰ ভিতৰত অসমীয়া শিশু আলোচনীসমূহে লক্ষণীয়ভাৱে অৰিহণা আগবঢ়াই আহিছে| অৱশ্যে অসমীয়া ভাষাত শিশু-আলোচনীৰ প্ৰকাশ আৰু বিকাশৰ সুস্পষ্ট ধাৰা এটা এতিয়াও প্ৰৱহমান হোৱা নাই|

উনবিংশ শতিকাত অৰ্থাৎ বিশ্ব সাহিত্যত শিশু-আলোচনী ভুমুকি মৰাৰ (বিশ্বৰ প্ৰথমখন শিশু-আলোচনী `Children’s Magazine’ আমেৰিকাৰ পৰা প্ৰকাশ হৈছিল ১৭৮৯ চনত)প্ৰায় আঢ়ৈ কুৰি বছৰৰ পিছত অসমতো শিশু-আলোচনী প্ৰকাশৰ চিন্তাৰ উন্মেষ ঘটিছিল| অসমৰ সংবাদ সাহিত্যৰ অৰুণ উদয় কালত ‘অৰুনোদ‍ই’ৰ পাততে  ইয়াৰ অংকৰোদগম হৈছিল| অৰুনোদ‍ইৰ প্ৰথম বছৰ নৱম সংখ্যাত প্ৰকাশিত ‘অৰুনোদ‍ই’ পৰ্হা সৰু ল’ৰাবিলাকৰ প্ৰতি প্ৰথম প্ৰণ‍ই পত্ৰ’ (First Letter to the Little Readers of the Orunodoi ) শীৰ্ষক এক ৰচনাতহে-‘হে প্ৰিয় ল’ৰাসকল’ বুলি সম্বোধন কৰি সম্ভৱতঃ মাইলছ ব্ৰনছনে অকণিহঁতক ‘অৰুণোদ‍ই’ পঢ়াৰ বাবে আহ্বান জনাইছিল| ইয়াৰ উপৰি ‘অৰুনোদ‍ই’ত বাইবেলৰ বা আন নৈতিক গল্প নাইবা দেশ-বিদেশৰ সাধু বা নীতিকথা নিহিত থকা গল্পও শিশু উপযোগীকৈ প্ৰকাশ হৈছিল |

এনেবিলাক গল্প-কাহিনীৰ ভিতৰত ‘বাইবেলৰ সাধু’,‘শুৱনি সাজ’,‘মাউৰা ছোৱালী’,‘আফ্ৰিকাৰ কোঁৱৰ’,‘বুঢ়া’,‘যুদ্ধ নায়ক’,‘ৰেবীৰ কাহিনী’,‘ধাৰ্মিক চহা’,‘বেজনৰ কাহিনী’,‘ঈগলৰ বাহ’,‘সৰুকালৰ ধৰ্ম’ আদিয়ে আছিল প্ৰধান |

  • লৰাবন্ধু

নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, অলিভাৰ কট্টাৰ আদি মিছনেৰী মনীষীসকলে ৰচনা কৰি প্ৰকাশ কৰা এই গল্প, সাধু আৰু আন শিশু ৰচনাৱলীয়ে সম্ভৱতঃ অসমত শিশু-আলোচনীৰ প্ৰতিষ্ঠাতা কৰুণাভিৰাম বৰুৱাক সাহস আৰু প্ৰেৰণা যোগাইছিল| গুণাভিৰাম বৰুৱাৰ সুপুত্ৰ কৰুণাভিৰাম বৰুৱাৰ চেষ্টাতেই নগাঁৱৰ পৰা প্ৰথম অসমীয়া শিশু-আলোচনী ‘লৰাবন্ধু’ৱে ভুমুকি মাৰে ১৮৮৬ চনত| ‘লৰাবন্ধু’ৰ নামাকৰণ সেই সময়ত ইংৰাজী শিশু বাৰ্তালোচনী ‘The Boy’s Own Paper’( ১৮৭৯)চনৰ আৰ্হিত কৰা হৈছিল বুলি ভবাৰ থল আছে|চাৰিটামান সংখ্যা, প্ৰকাশ হোৱাৰ পিছত ১৮৮৮ চনত ‘লৰাবন্ধু’ৰ প্ৰকাশ বন্ধ হয়|

 

  • অকণ

‘ল’ৰাবন্ধু’ প্ৰকাশৰ বহু বছৰ পিছলৈকে নতুন এখন অসমীয়া শিশু আলোচনীৰ লগত অসমৰ অকণিহঁতৰ পৰিচয় হোৱা নাছিল| অসমৰ দ্বিতীয়খন শিশু-আলোচনী ‘অকণ’ প্ৰকাশ হয় ল’ৰাবন্ধু প্ৰকাশৰ প্ৰায় ডেৰ কুৰি বছৰৰ পিছত ১৯১৬ চনত|‘অকণ’ প্ৰকাশ হোৱাৰ আগতে ১৯১৫ চনত ‘বাঁহী’ৰ সপ্তম বছৰ প্ৰথম সংখ্যাত আলোচনীখনৰ এটি বিজ্ঞাপন প্ৰকাশ হৈছিল |বিজ্ঞাপনটিৰ কিছু অংশ আছিল এনে :

‘অকণ

সৰু ল’ৰা-ছোৱালীৰ উপযোগী সচিত্ৰ মাহেকীয়া কাকত বাৰ্ষিক বৰঙ্গনি ১||০ অনা মাত্ৰ

কিতাপৰ আকাৰত প্ৰতিমাহে ৪৮ পিঠিকৈ ওলাব| ৰং-বেৰঙৰ হাফটোন ছবি থাকিব আৰু প্ৰবন্ধবোৰ সচিত্ৰ হ’ব| চক‍চকীয়া কাকতত ধুনীয়াকৈ ছপোৱা হ’ব ‘অকণ’ক ৰূপে-গুণে ঠিক ‘অকণ’ সোণটিৰ নিচিনাকৈ উলিওৱা যাব|

অন্ততঃ ২০০০ গ্ৰাহক পাবৰ আশা নেদেখিলে এনেকুৱা কাকত উলিওৱা অসম্ভৱ| গতিকে অসমীয়া ৰাইজৰ ওচৰত আমাৰ গোহাৰি তেওঁলোকে যেন এই সদানুষ্ঠানত উত্‍সাহ দিয়ে |

গ্ৰাহকসকললৈ-‘অকণ’ৰ প্ৰতি সংখ্যাৰ বেছ ৯৬ পাই | যিসকলে এতিয়া গ্ৰাহক হৈ থাকিব তেওঁলোকলৈ প্ৰথম সংখ্যা নমুনা স্বৰূপে পথোৱা হ’ব| ২য় সংখ্যাহে ভিঃ পিঃত পঠোৱা হয় | নমুনা পোৱাৰ পিছত যিসকলে কাকত ল’বৰ ইচ্ছা নকৰে যথাসময়ত জনালেই হ’ব|

লিখকসকললৈ-মাহেকীয়া কাকতৰ মাক-বাপেক হৈছে প্ৰবন্ধ |ভাল ভাল প্ৰবন্ধৰ নাটনি হ’লেই কাকতত নানান ঘুণে ধৰে, অনাহৰে যাতে মৰিব নালাগে সেইবাবে সময় থাকোঁতেই আহাৰৰ সংস্থান কৰি লোৱা বিধেয়,গতিকে অন্ততঃ এবছৰৰ নিমিতে প্ৰবন্ধ ভঁৰালত গোটাইহে কৰ্মক্ষেত্ৰত নমা যাব |’

একেধৰণৰ এটা বিজ্ঞাপন ১৯১৫ চনত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’ৰ ষষ্ঠ বছৰ দ্বাদশ সংখ্যাত প্ৰকাশিত বিজ্ঞাপনটিৰ কিছু অংশ আছিল  এনে,

ডাঙ্গৰীয়া, অকণৰ হাতত একোখন ‘অকণ’দি অকণৰ মুখ ভৰা হাঁহি চাব খোজেনে ? অকণৰ কোমল অন্তৰত পচাবৰ কাৰণে বৰ্তমান সময়োপযোগী শিক্ষা আৰু সত্‍ উপদেশৰ সঁচ লাগেনে ?যদি লাগে তেন্তে সময় থাকোঁতে নিয়কহি |

‘অকণ’ কিতাপৰ আকাৰত ৪৮ পৃষ্ঠাকৈ প্ৰ্তি মাহে ওলাব | ৰং-বেৰেঙৰ হাফটোন ছবি থাকিব আৰু প্ৰবন্ধবোৰ সচিত্ৰ হ’ব| চকচকীয়া কাকতত ছপোৱা হ’ব | ‘অকণ’ যে দেখিবলৈ ধুনীয়া হ’ব তেনে নহয় | ‘অকণ’ যাতে ৰূপে-গুণে ঠিক অকণ সোণটিৰ নিচিনা হয়, সেইবাবে যথোচিত বন্দৱস্ত কৰা হৈছে |

‘অকণ’ত কি কি থাকিব– কবিতা, সাধুকথা, গল্প, বিজ্ঞান, শৰীৰ তত্ব, প্ৰাণীতত্ত্ব, বুৰঞ্জী, খেতি, নীতি-শিক্ষা, সাঁথৰ ইত্যাদি| অসমীয়া ৰাইজৰ ওচৰত আমাৰ একান্ত গোহাৰি যেন তেওঁলোকে এই সদানুষ্ঠানত উত্‍সাহ দিয়ে| সাজ-পাৰ পিন্ধি ‘অকণ’ বহি আছে, অন্ততঃ দুহাজাৰ গ্ৰাহকৰ নাম দেখিলেই ওলাই পৰিব |’

পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ সম্পাদনাত কলিকতাৰ ষাঠি নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ বণিক প্ৰেছৰপৰা ছপা হৈ প্ৰকাশ হোৱা ‘অকণ’ৰ পাতত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, অতুল চন্দ্ৰ হাজৰিকা, ভোলানাথ ডেকা আদি বিশিষ্ট লেখক-সাহিত্যিকৰ ৰচনাৰ পয়োভৰ ঘটিছিল | ‘অকণ’ৰ আয়ুসকাল লৰাবন্ধুৰ দৰেই চমু আছিল| মাত্ৰ দুবছৰ প্ৰকাশ হৈ ১৯১৮ চনত ‘অকণ’ৰ অকাল স্মৰণ হয় | ইয়াৰ পিছত ১৯৩৫ চনত বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ‘অকণ’-এ পুনৰ ভুমুকি মাৰিছিল যদিও এই প্ৰচেষ্টা স্থায়ী নহ’ল |

  • ম‍ইনা

‘অকণ’ৰ সমসাময়িক আনএখন শিশু আলোচনী হ’ল ‘ম‍ইনা’ | ১৯২৩ চনত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত কলিকতাৰ ‘অৰুণোদয় আৰ্ট প্ৰেছ’ৰ পৰা ছপা হৈ ওলোৱা ‘মইনা’ৰ মৌমাতে অৱশ্যে সৰহদিন অকণিহঁতৰ হিয়া জুৰাব নোৱাৰিলে | মাত্ৰ কেইটামান সংখ্যা প্ৰকাশ হোৱাৰ পিছত ম‍ইনা নীৰৱ হয় |

  • অৰুণ

১৯২৬ চনত মহাদেৱ শৰ্মাৰ সম্পাদনাত ‘অৰুণ’ নামৰ এখন প্ৰতিশ্ৰুতিসম্পন্ন শিশু-আলোচনী প্ৰকাশ হৈছিল | সেই সময়তে মাহেকীয়া মহিলা আলোচনী ‘ঘৰ জেউতি’ৰ দ্বিতীয় বছৰ প্ৰথম সংখ্যাত ‘অৰুণ’ৰ এটা বিজ্ঞাপন প্ৰকাশ হৈছিল| ১৯২৬ চনত প্ৰকাশিত এই বিজ্ঞাপনটি আছিল এনে,

অসমীয়া ল’ৰা-ছোৱালীয়ে ‘অৰুণ’ পালে থপিয়াথপি লগায়, অৰুণৰ ধুনীয়া ধুনীয়া ছবিবোৰ দেখি |.. সৰুৰে পৰা ল’ৰাছোৱালীক পঢ়াৰফালে ঢাল খুৱাব পৰা, ল’ৰাক নানা বিষয় জানিবলগীয়া কথা শিকাব পৰা মাহেকীয়া কাকত আসামত কেৱল মাথোন ‘অৰুণে’ইহে |

আপোনাৰ অকণিহঁতৰ হাতত ‘অৰুণ’ একোখন দিছেনে? যদি নাই দিয়া আজিয়েই বৰঙণি দুটকা পঠাই দিয়ক| আমি নিয়মমতে কাকত পঠিয়াই থাকিম|’

সমসাময়িকভাৱে প্ৰকাশিত অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ ‘মিলন’তো অৰুণৰ প্ৰশংসা প্ৰকাশ হৈছিল | অৰুণৰ কিৰণো বেছি দিন নাথাকিল| বহু সম্ভাৱনাৰে উদয় হোৱা ‘অৰুণ’ ফেঁহুজালিতে অস্ত গ’ল |

  • আমাৰ দেশ আৰু পখিলা

কুৰি শতিকাৰ ত্ৰিছৰ দশকটোত প্ৰকাশপোৱা আন দুখন উল্লেখযোগ্য শিশু-আলোচনী হ’ল, তুলসী নাৰায়াণ শৰ্মা সম্পাদিত ‘আমাৰদেশ’ (১৯৩১) আৰু হৰেন্দ্ৰ নাথ শৰ্মা সম্পাদিত ‘পখিলা’(১৯৩৩)| যোৰহাটৰ দৰ্পণ প্ৰেছত মুদ্ৰিত ‘আমাৰ দেশ’ ১৯৩৫ চনলৈকে প্ৰকাশ হৈ আছিল যদিও অসমৰ অকণিহঁতৰ ফুলনিত ‘পখিলা’ সৰহ দিন নাথাকিল |

  • পাৰিজাত

চল্লিছৰ দশকৰ আৰম্ভণিতে প্ৰকাশিত এখন শিশু আলোচনী হ’ল ‘পাৰিজাত’ | অসমৰ এখন বিশিষ্ট আলোচনী ‘আৱাহন’ৰ সম্পাদক দীননাথ শৰ্মাৰ সম্পাদনাত ১৯৪০ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশিত ‘পৰিজাত’-এ ৰঙীন বেটুপাত, সুন্দৰ হাফটোন বহুৰঙী ছবি, নিকা মুদ্ৰণেৰে এক সুকীয়া বৈশিষ্ট্য প্ৰদৰ্শন কৰিছিল | তদুপৰি সাধু, গল্প, ভৌতিক কাহিনী, জানিবলগীয়া কথা আদিৰ দৰে সোৱাদলগা সম্ভাৰেৰে আলোচনীখনে সুখপাঠ্য শিশু-সাহিত্যৰো যোগান ধৰিছিল | এনেদৰে ‘পখিলা’ আৰু ‘আমাৰ দেশে’ এৰি থৈ যোৱা অকণিহঁতৰ উকা ফুলনিখনত এপাহ পাৰিজাতৰ দৰেই আলোচনীখন জিলিকি উঠিছিল | আলোচনীখনৰ প্ৰতি সংখ্যাৰ মূল্য আছিল চাৰি অনা | সেই সময়ৰ এখন উল্লেখযোগ্য আলোচনী ‘ডেকা অসম’য়েও ‘পা্ৰিজাত’ক প্ৰশংসা কৰিছিল | অৱশ্যে পূৰ্বৰ শিশু আলোচনীকেইখনৰ দৰে ‘পাৰিজাত’-ও সোনকালে মৰহি গ’ল |

  • ৰংঘৰ

বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৪৮ চনত প্ৰকাশিত ‘ৰংঘৰ’ চল্লিছৰ দশকত এখন যথাৰ্থতে উল্লেখযোগ্য শিশু আলোচনী | আলোচনীখনৰ প্ৰথম সংখ্যাতে দেৱকান্ত বৰুৱাৰ ‘ৰংঘৰ’ শীৰ্ষক কবিতা এটা শিৰত লৈ ‘ৰংঘৰ’ প্ৰকাশ হৈছিল | সেই কবিতাটিৰ কিছু অংশ আছিল এনে,

‘সোণৰ অসম দেশ

এনেনো নিছলা বেশ

কিয় হ’ল এনুৱা বিলাই

পোনাহঁত ভাবিছানে নাই ?’

মাহৰ শেষ সপ্তাহত প্ৰকাশিত ‘ৰংঘৰ’ গুৱাহাটীৰ ‘ৰামধেনু প্ৰকাশ ভৱন’ৰ হৈ প্ৰকাশ কৰিছিল দেৱকান্ত বৰুৱাই | ‘ৰংঘৰ’ৰ পাতত জ্যোতিপ্ৰসাদ আগৰৱালা,     দেৱকান্ত বৰুৱা, কমলানন্দ ভট্টাচাৰ্য্য, ৰত্নকান্ত বৰকাকতী, মহেশ্বৰ নেওগ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু, নৱকান্ত বৰুৱা, মহিম বৰা আদিৰ দৰে সেই সময়ৰ নবীন-প্ৰবীণ কবি সাহিত্যিকসকলৰ ৰচনা প্ৰকাশিত হৈছিল আৰু এখন উল্লেখযোগ্য শিশু আলোচনী হিচাপে ই পঢ়ুৱৈ সমাজৰ দ্বাৰা গৃহীত হৈছিল| ‘ৰংঘৰ’তেই প্ৰকাশ হৈছিল জ্যোতিপ্ৰসাদৰ বিখ্যাত কবিতা ‘ভূত পোৱালি’ আৰু দেৱকান্ত বৰুৱাৰ ‘আমি দুৱাৰ মুকলি কৰোঁ’| দেৱকান্ত বৰুৱাৰ এই কবিতাটোৰ ছন্দসজ্জাকেই মহেন্দ্ৰ বৰাই ‘অসমীয়া ছান্দসিক বুৰঞ্জীত মুক্তক ছন্দৰ প্ৰথম উৰুলি-জোকাৰ’ আখ্যা দিছে | (৩) পাঠকৰ মাজত জনপ্ৰিয় আৰু সমাদৃত হৈছিল যদিও সাহিত্যালোচনী ‘ৰামধেনু’লৈ নামান্তৰিত আৰু ৰূপান্তৰিত হয় |

  • কাঁচিজোন

১৯৫১ চনত মঙালদৈৰ এম ইব্ৰাহিম আলিৰ সম্পাদনাত প্ৰকাশ হয় ‘কাঁচিজোন’|‘কাঁচিজোন’তো সোৱাদ লগা সাহিত্য সম্ভাৰ উপচি আছিল যদিও আলোচনীখন দীৰ্ঘস্থায়ী নহ’ল |

  • দীপক

 

অসমীয়া শিশু-সাহিত্য তথা শিশু আলোচনীৰ ইতিহাসত ‘দীপক’ৰ(১৯৫৪)  আৱিৰ্ভাৱ এক উল্লেখযোগ্য ঘটনা | প্ৰথমে গৌৰীকান্ত তালুকদাৰ আৰু পিছলৈ অতুল চন্দ্ৰ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত এইখন আলোচনীয়ে অসমীয়া শিশু আলোচনীৰ ইতিহাসত এটা যুগৰেই সৃষ্টি কৰিলে বুলি ক’ব পাৰি | সুদীৰ্ঘ সোতৰ বছৰ একেৰাহে প্ৰকাশ হৈ থকা এইখন আলোচনীয়ে নানান নীতিজ্ঞান দিবলৈ চেষ্টা কৰাৰ লগতে পাহাৰ-ভৈয়ামৰ অকণিৰ মাজৰপৰা লেখক-লেখিকা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল|‘দীপক’ৰ পাততে প্ৰকাশ হৈছিল দেৱকান্ত বৰুৱাৰ ‘আমাৰ ঘৰ,’ নৱকান্ত বৰুৱাৰ ‘খৰা শিয়ালৰ বিয়া’, সীমা দত্তৰ ‘ৰংমনৰ সপোন’,‘ভূগোলৰ ভুল’ আদি শিশু মনস্তত্ত্বৰ উপযোগী সুন্দৰ কবিতাসমূহ | ‘দীপক’ৰ পাতত অকণিহঁতৰ ৰচনা প্ৰকাশ হোৱাৰ উপৰি নলিনীবালা দেৱী, বিশ্বেশ্বৰ হাজৰিকা, আলিমুন্নিছা পিয়াৰ, তৰুণচন্দ্ৰ পামেগাম, টাগাং টাকি, লোকনাথ বৰুৱা, পূৰ্ণ চেতিয়া ফুকন, অনন্ত দেৱশৰ্মা, গোলোক চন্দ্ৰ দত্ত, কমলেশ্বৰ চেতিয়া ফুকন, হৰিপ্ৰসাদ বৰুৱা, চন্দ্ৰ নাথ কলিতা, হেমন্ত কুমাৰ দাস, নীলিমা দত্ত, নিত্যানন্দ তামুলী আদিৰ দৰে বিশিষ্ট লেখকসকলৰো ৰচনা নিয়মীয়াকৈ প্ৰকাশ হৈছিল | পিছলৈ ‘দীপক’ ‘পৰিয়ালৰ সকলোৰে বাবে’ বুলি ওলালেও ঘাইকৈ শিশু আলোচনী হৈয়ে ৰয় | ১৯৭১ চনত আৰ্থিক কাৰণত ‘দীপক’ নিৰ্বাপিত হয়| আলোচনীখনে ক’লা বেটুপাতেৰে শেষবাৰ আত্মপ্ৰকাশ কৰিছিল | ‘দীপক’ৰ এই অপ্ৰত্যাশিত মৃত্যুত অসমীয়া শিশু আলোচনী তথা শিশু সাহিত্যৰ এক অপূৰণীয় ক্ষতিতো হ’লেই, ইয়াৰ লগে লগে পাহাৰ ভৈয়ামৰ অকণি, লেখক আৰু পঢ়ুৱৈৰ মাজৰ প্ৰীতিৰ এনাজৰীডালো যেন হেৰাই গ’ল |

 

  • জোনবাই

বিশিষ্ট শিশু-সাহিত্যিক নৱকান্ত বৰুৱাৰ সম্পাদনাত ১৯৬১ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশিত ‘জোনবাই’ আন এখন উল্লেখযোগ্য শিশু আলোচনী |‘জোনবাই’ত অকণিহঁতৰ মন মুহিব পৰা নানান সমল থূপ খাই আছিল আৰু সেয়েহে সোনকালেই ই অকণিহঁতৰ অতি আদৰৰ আলোচনীৰূপে সমাদৃত হৈছিল | আলোচনীখনত প্ৰকাশিত কেইটামান উল্লেখযোগ্য শিশু আলোচনী |‘জোনবাই’ত অকণিহঁতৰ মন মুহিব পৰা নানান সমল থূপ খাই আছিল আৰু সেয়েহে সোনকালেই ই অকণিহঁতৰ অতি আদৰৰ আলোচনী ৰূপে সমাদৃত হৈছিল | আলোচনীখনত প্ৰকাশিত কেইটামান উল্লেখযোগ্য ৰচনা শিতান আছিল ‘যুটীয়া আখৰ নথকা সাধু’ ,‘অসমীয়া ঘৰুৱা কথা’,‘দেশ-বিদেশৰ নিকোলাইনিকোলভিছ নোভচৰ উপন্যাসৰ মানবেন্দ্ৰ ঠাকুৰে কৰা অসমীয়া অনুবাদৰ ‘ভেবাৰাম আৰু তাৰ বন্ধুবোৰৰ অভিযান’, ‘নতুন অসম গঢ়োঁতা’ আদি | ডাঙৰৰ লেখাৰ লগতে ‘লাহী হাত’ৰ লেখা শিতানত অকণিহঁতৰ কবিতা,সাধু আদি প্ৰকাশ পাইছিল | নৱকান্ত বৰুৱাৰ পিছত ‘জোনবাই’ৰ সম্পাদক হৈছিল ক্ৰমে নন্দ তালুকদাৰ আৰু নৰেন শৰ্মা | ষষ্ঠ বছৰ চতুৰ্থ সংখ্যা (১৯৫৬)প্ৰকাশৰ পিছতে জোনবাই মাৰ যায়|

ইয়াৰ পিছত জাহিদ চৌধুৰী সম্পাদিত ‘ম‍ইনা’(১৯৬২),হলধৰ শৰ্মাৰ ‘ন-জেউতি’ (১৯৬৫), জনছ মহলীয়াৰ ‘নতুন বেলি’(১৯৬৭), ভূপেন্দ্ৰনাৰায়ণ চৌধুৰীৰ ‘বালজ্যোতি’ (১৯৬৮), দেৱযানী চলিহাৰ ‘ভাইটী-ভনীটি’(১৯৬৮), সুৰেশ চন্দ্ৰ                                                                                                                                                            ৰাজখোৱাৰ ‘নতুন ‘ৰ’দালি’(১৯৬৯), ৰুচিনাথ শৰ্মা আৰু অশ্বিনী কুমাৰ শৰ্মাৰ যুটীয়া সম্পাদনাত ‘কাকলি’(১৯৭২), হেম বৰাৰ ‘সেউজী’, অৰুণ শৰ্মাৰ ‘সেউজী সেউজী’, কণিকা বাণী ভূঞাৰ ‘চেমনীয়া’(১৯৭৭), পৰেশ চন্দ্ৰ বৰুৱাৰ ‘কিশোৰ’, দীপক দত্ত আৰু বুবুল বৰদলৈৰ ‘ৰুপবন’(১৯৭৫), নগেন বৰাৰ ‘জোনতৰা’,                                                                                                                                                                                                                                                                                                                                                                                                                                                                             সূৰ্য্যকুমাৰ ভূঞাৰ ‘ম‍ইনা’(১৯৭৯), বদন বৰুৱাৰ ‘ৰুণজুন’                                                                                                                                                                                                                                                                                                                                                                                                                                                              (১৯৭৯), ৰহিমা হকৰ ‘ফুলকলি’ (১৯৭৯), প্ৰীতি বৰুৱাৰ ‘আকাশ’(১৯৭৯)’আদি কেইবাখনো শিশু আলোচনী আকৰ্ষণীয় ৰূপত ওলায় আৰু জনপ্ৰিয়তা অৰ্জন কৰিও শেষত মৃত্যুৰ মুখত পৰে | ১৯৭৬ চনৰ পৰা মাদ্ৰাজৰ ‘চান্দমামা’ প্ৰকাশৰ ৰঙীন শিশু আলোচনী ‘চান্দমামা’ৰ (সম্পাদকঃ বি.নাগীৰেড্ডী ) অসমীয়া সংস্কৰণ প্ৰকাশ পায় আৰু বৰ্তমানলৈকে ই নিয়মীয়া কৈ প্ৰকাশ পায় আছে |

 

 

  • সঁফুৰা

কুৰি শতিকাৰ আশীৰ দশকটোত অসমীয়া শিশু সাহিত্যৰ জগতলৈ শিশু আলোচনীৰ এক অভূতপূৰ্ব ধল আহে | দুপাৰৰ পলসত অসমীয়া শিশু সাহিত্যয়ো ঠন ধৰি উঠিবলৈ প্ৰয়াস কৰে |

এইটো দশকতে কেইবাখনো শিশু আলোচনীয়ে উজ্জ্বল প্ৰস্তুতি আৰু প্ৰতিশ্ৰুতিৰে আত্মপ্ৰকাশ তথা বিস্তাৰ লাভ কৰে | ১৯৮৩ চনত প্ৰকাশ পোৱা এখন উত্‍কৃষ্ট শিশু আলোচনী হ’ল ‘সঁফুৰা’| ডঃ ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ সম্পাদনাত প্ৰকাশিত এইখন অলোচনীয়ে কম দিনতে জনপ্ৰিয়তা লাভ কৰে | বিষয়বস্তুৰ দিশৰ পৰা সঁফুৰাই গতানুগতিকতা পৰিহাৰ কৰিব নোৱাৰিলেও ‘আশাকৰোঁ তোমালোক সকলো ভালে আছা’, ‘মহাদুষ্টৰ দু্ষ্ট বুদ্ধি’, ‘সঁচাও নহয় মিছাও নহয়’, ‘ঘৰত কৰিবলৈ কাম দিছোঁ আদি শিতানে আলোচনীখনৰ নতুনত্ব বহন কৰিছিল | তদুপৰি সঁফুৰাৰ কবিতা শিতানটোৰো এক সুকীয়া আকৰ্ষণ পৰিলক্ষিত হয় | অকণিহঁতৰ  মানসিক উ্ত্‍কৰ্ষ সাধনত এইখন আলোচনীৰ বিশেষ অৰিহণা আছে |

  • মৌচাক‍

শিশু আলোচনীৰ ভিতৰত বৰ্তমানে সৰ্বাধিক প্ৰচাৰিত আৰু অকণিহঁতৰ মাজত অতিকৈ জনপ্ৰিয় আলোচনীখন হ’ল ‘মৌচাক’(১৯৮৪)|শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা প্ৰকাশিত মৌচাকে ইতিমধ্যে জনপ্ৰিয়তাৰ তুংগত আৰোহণ কৰিছে |  জন্মলগ্নৰে পৰা গতানুগতিক বিষয়বস্তুৰ পৰা আঁতৰি  গৈ অসমীয়া শিশু আলোচনীৰ জগতত সাহিত্য আৰু সংবাদধৰ্মী শিশু উপযোগী লেখাৰ সুসমন্বয় ঘটাবলৈ আলোচনাক্ৰমে প্ৰয়াস কৰি আহিছে | আৰম্ভণিৰ পৰা অত্যাধুনিক ‘অফছেট’ ছপাৰে প্ৰকাশ হৈ অহা অসমৰ একমাত্ৰ শিশু আলোচনী ‘মৌচাক’ৰ বিপুল জনপ্ৰিয়তা আৰু মাধ্যমিক প্ৰচালনেই হ’ল আলোচনীখনৰ মানৰ এক নিৰ্ণেয়সূচক স্তম্ভ | অকণিহঁতৰ মানসিক উত্‍কৰ্ষ সাধন আৰু আনন্দবৰ্ধনত ‘মৌচাক’ৰ বৰঙণিৰ প্ৰমাণ ইয়াৰ জনপ্ৰিয়তাই দিয়ে | আলোচনীখনৰ কেইটিমান জনপ্ৰিয় শিতান ৰচনা হ’ল-

‘আমি কেনেদৰে পঢ়িছিলো’, এণ্ডি খুৰাৰ ‘সমিধান’,‘অ’ বিদেশী বন্ধু’, ‘ৰবীন পখীৰ কাকলি’ আদি |

আশীৰ দশকটোতে প্ৰকাশ পোৱা আন কেইখনমান শিশু আলোচনী হ’ল দুলাল চন্দ্ৰ বৰঠাকুৰ সম্পাদিত ‘ককাদেউতা’ (১৯৮৪), ৰঞ্জু হাজৰিকাৰ ‘কণ কণ’(১৯৮৬), শান্তনু কৌশিক বৰুৱাৰ ‘ঐক্যতান’(১৯৮৭) ভাগ্যলক্ষ্মী মহন্তৰ ‘ম‍ইনা’(১৯৮৭), দীনেশ বৈশ্যৰ ‘জ্ঞান-বিজ্ঞান’(১৯৯০) আদি |এইখিনিতে এটা কথা উল্লেখযোগ্য যে যদিওবা স্ব্ল্পায়ুতাৰ হেতু বহুবোৰ শিশু আলোচনীয়ে অসমীয়া শিশু সাহিত্যৰ ক্ষেত্ৰভূমিত কোনো স্থায়ী সৌধ নিৰ্মাণ কৰিব পৰা নাই, তথাপি অসমীয়া শিশু সাহিত্য আৰু শিশু আলোচনীৰ পৰম্পৰা সৃষ্টিত এইবোৰৰ বৰঙণি উলাই কৰিব নোৱাৰি | অসমৰ আন কেইখনমান শিশু আলোচনী হ’ল- কুমুদ গোস্বামী সম্পাদিত ‘মুকুতা’(১৯৮৭), লাৱণ্য গোস্বামীৰ ‘ৰং-বিৰং’(১৯৮৮), গকুল বৰপূজাৰীৰ ‘সুৰুয’(১৯৮৯), ঊষা ডেকাৰ(১৯৮৯), পূৰ্ণিমা কোঁৱৰৰ ‘ৰদালি’(১৯৯০),বুবুল চন্দ্ৰ ডেকাৰ ‘ফুলনি’ (১৯৯০, মৰিগাঁও), প্ৰণৱজ্যোতি নেওগৰ ‘ফুলনি’(১৯৯০,লখিমপুৰ), ‘কুমাৰ নিৰঞ্জনৰ ‘জ্ঞানকোষ’(১৯৮৯), শৰত্‍ ৰাজখোৱাৰ ‘জ্ঞানোদয়’(১৯৯০), বেদান্ত কুমাৰ বৰাৰ ‘মৌকোঁহ’(১৯৯০), নলিনী প্ৰভা ডেকাৰ ‘ফুল’(১৯৮৭), অসম বি   জ্ঞান সমিতিৰ ‘বিজ্ঞান জেউতি’(১৯৬১), ৰাজ্যিক বিজ্ঞান সংস্থাৰ ‘বিজ্ঞান সঁফুৰা’(১৯৮৭), শান্তনু তামুলীৰ ‘নতুন আৱিষ্কাৰ’(১৯৮৮), ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ ‘দৃষ্টি’(১৯৮৪), অকণি অগ্ৰদূত আদি |

১৯৯১ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা হোমেন বৰগোহাঞিৰ সম্পাদনাত কিশোৰ পাঠকৰ বাবে ‘কিশোৰ’ নামেৰে এখন মাহেকীয়া আলোচনীয়ে আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ  কৰিছিল এবছৰৰো কম সময়ৰ ভিতৰতে আলোচনীখনৰ অকাল স্মৰণ হয় (১৯৯২)| ‘কিশোৰ’ত প্ৰীতি বৰুৱা, অৰূপা পটংগীয়া কলিতা, গীতাৰ্থ পাঠক, বিপুলজ্যোতি শ‍ইকীয়া আদিৰ কিশোৰ উপযোগী ভালেমান মননশীল লেখা প্ৰকাশ পাইছিল |

শিশু আলোচনীৰ প্ৰসংগতে অৱশ্যে বিদ্যালয়সমূহৰ বছেৰেকীয়া আলোচনী, ম‍ইনা পাৰিজাতৰ মুখপাত্ৰ, শিশু বিজ্ঞান আলোচনী আদিৰ প্ৰসংগটোও সুকীয়াকৈ আলোচনা কৰিব পাৰি | পৰ্যাপ্ত তথ্যৰ অভাৱত যদিও আমি ইয়াত এইবোৰ বিষয়ৰ  প্ৰতিখন আলোচনীৰ আলোচনা বা নাম উল্লেখ কৰিব পৰা নাই, তথাপি স্বীকাৰ কৰিব লাগিব যে, অসমীয়া শিশু সাহিত্য পৰম্পৰা ৰক্ষাত এইবোৰ আলোচনীৰো অৰিহণা আছে | তদুপৰি এই ৰচনাৰ শিৰোনামাতে আমি উল্লেখ কৰি আহিছোঁ যে আমাৰ এই আলোচনা সম্পূৰ্ণ নহয়| আমি ইয়াত অসমীয়া শিশু আলোচনীৰ এটা মোটামুটি লেখ (নামোল্লেখ বুলিলেও চলে) আৰু ৰেহ-ৰূপৰ এটি  চমু আভাসহে দিবলৈ প্ৰয়াস কৰিছোঁ | সেয়ে এই আলোচনা সম্পূৰ্ন বুলি কবলৈ সাহস নহয়| ক’ৰবাত কেনেবাকৈ কোনোখন শিশু আলোচনীৰ নাম তথ্য থাকি যোৱা বা কোনোখনৰ কিবা তথ্য ভুলকৈ প্ৰকাশ পোৱা মুঠেই  অস্বাভৱিক নহয়| কিন্তু সেয়া নিতান্ত‍ই অনভিপ্ৰেত | সহৃদয় পাঠকে এই বিষয়ে অধিক তথ্যৰ সন্ধান আৰু যোগান দিলে তাক আমি গভীৰ কৃতজ্ঞতাৰে গ্ৰহণ কৰি কৃতাৰ্ঠ হ’ম|

অসমীয়া শিশু আলোচনীৰ উপৰিউক্ত চমু আলোচনীলৈ চকু ফুৰালে দেখা যায় যে দুখনমান আলোচনীৰ বাহিৰে সৰহ সংখ্যকেই স্বল্পায়ুতাৰ হেতু অসমীয়া শিশু সাহিত্যৰ জগতলৈ স্মৰণীয় একো অৰিহণা এৰি থৈ যাব পৰা নাই | এই একবিংশ শতিকাতো এখন পূৰ্ণাংগ আৰু নিৰ্দেশক শিশু আলোচনীৰ অভাৱ অনুভৱ কৰি থাকিব লগা হোৱাটো দুৰ্ভাগ্যজনক |

 

তথ্য সূত্ৰ আৰু প্ৰাসংগিক টোকা

১.নিৰ্মলপ্ৰভা বৰদলৈ, ‘শিশু সাহিত্য’,বিংশ শতাব্দীৰ অসমীয়া সাহিত্য,ডিব্ৰুগড় ১৯৮৭, পৃঃ ১৭৮ |

২.ডঃ মহেশ্বৰ নেওগ (সংকলিত-পুনঃ সম্পাদিত),‘অৰুণোদই’, গুৱাহাটী, ১৯৮৩, পৃঃ ৬৭ |
৩.ডঃ মহেন্দ্ৰ বৰা, ‘অসমীয়া কবিতাৰ ছন্দ’(১৯৪২ পৰা), মধ্যবিংশ শতিকাৰ অসমীয়া সাহিত্য, মঙলদৈ, ১৯৭৪, পৃঃ ৭৯ |

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments