অসমীয়া শিশু আলোচনী : এটি সমীক্ষা (মিতালী নাথ)

বৰ্তমান সময়ত বিশেষভাবে প্ৰচাৰিত তথা প্ৰতিপত্তি লাভ কৰিবলৈ সক্ষম হোৱা সাহিত্য তথা যোগাযোগৰ এক অন্যতম মাধ্যম হ’ল বাতৰি কাকত তথা আলোচনী। যিদৰে এই আলোচনী তথা বাতৰি কাকতসমূহে বহিৰ্জগতৰ বিভিন্ন তথ্যৰ সম্ভেদ আৰু সাহিত্য ৰসৰ আস্বাদ প্ৰদান কৰে ঠিক সেইদৰে বহল জগতৰ বিভিন্ন ব্যক্তিত্ব, বহুমুখী ভাবধাৰাৰ বিবিধ ৰচনাশৈলীৰে বিধৌত সাহিত্যিকসকলৰ লগত পৰিচয় হোৱাৰ সুযোগ প্ৰদান কৰে। সমসাময়িক সমাজৰ দোষ-ত্ৰুটী, অন্ধবিশ্বাস-কুসংস্কাৰ, অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক স্থিতিৰ বিষয়ে আঙুলিয়াই দি সমাজ একোখনক প্ৰগতিৰ পথত ধাৱিত কৰাত এই আলোচনীসমূহ তথা বাতৰি কাকতবোৰ জন্মলগ্নৰে পৰা অহোপুৰুষাৰ্থ কৰি আহিছে। সেয়েহে এইবোৰৰ অধিকাংশই সময়ৰ কৰাল সোঁতত পাহৰণিৰ অটল গৰ্ভত বিলীন হ’লেও এইবোৰৰ অৱদান অপৰিসীম।

অসমীয়া সাহিত্যলৈ বিশেষভাবে অৰিহণা যোগাই অহা সাহিত্যৰ অন্যতম এটা ধাৰা হ’ল— ‘শিশু সাহিত্য’। জন্মিয়েই কান্দি জীৱনৰ প্ৰতি সঁহাৰি জনোৱা এটি অবোধ শিশুৱে জন্মৰ পাছৰ পৰা মাকৰ গাখীৰ খোৱাৰ পৰা আৰম্ভ কৰি হাঁহিবলৈ, খোজ কাঢ়িবলৈ শিকে আৰু লাহে লাহে পিতৃ-মাতৃ তথা পৰিয়ালৰ অন্যান্য লোকৰ অকৃত্ৰিম মৰম-চেনেহ আৰু আপদালৰ মাজত একলা-দুকলাকৈ বাঢ়িবলৈ আৰম্ভ কৰে। শৈশৱ কালছোৱাত এটি শিশুৰ দৈহিক বিকাশ যিদৰে ক্ষীপ্ৰতৰ হয় ঠিক সেইদৰে মানসিক বিকাশো দ্ৰুতগামী হোৱা দেখা যায়। সেয়েহে এই কালছোৱাত সিহঁতৰ ৰুচি-অভিৰুচি, ইচ্ছা-অনিচ্ছা অনুযায়ী সিহঁতৰো অন্তৰত স্পৃহা, সাহিত্য-চৰ্চাৰ বীজ সিঁচি দিয়াত গুৰুত্ব আৰোপ কৰা উচিত।

শিশুসকলৰ সুকুমাৰ কলাৰ উৎকৰ্ষ সাধন, আত্মনিৰ্ভৰশীলতাৰ শিক্ষা প্ৰদান, সমাজৰ অবিচ্ছেদ্য অংগ হৈ জীয়াই থকাৰ শিক্ষা প্ৰদান, সকলোকে শ্ৰদ্ধা, মৰম, অন্য ধৰ্মৰ অন্য জাতিৰ প্ৰতি সহনশীল হোৱাৰ শিক্ষা প্ৰদান, শাৰীৰিক-মানসিক তথা বৌদ্ধিক বিকাশৰ শিক্ষা প্ৰদান— এনে উদ্দেশ্যবোৰ হাতত লৈ ৰচিত শিশুভিত্তিক সাহিত্যসমূহৰ প্ৰকাশভংগী তথা ভাষা অতিকে সহজ-সৰল হোৱাটো বাঞ্ছনীয়। লগতে বয়স অনুযায়ী উপযুক্ত শব্দ প্ৰয়োগ, শ্ৰুতিমধুৰ, অনুপ্ৰাসযুক্ত আৰু সুৰ লগাই গাব পৰা বাক্যৰে ৰচিত যিকোনো সাহিত্যই অতি সহজে শিশুৰ মন জয় কৰিব পাৰে। গতিকে প্ৰতিজন শিশু সাহিত্যিকে এনে বিষয়ত গুৰুত্ব দিয়াটো প্ৰধান কৰ্তব্য।

শিশু সাহিত্য বুলি কওঁতে আমি ‘শিশু আলোচনীসমূহ’ৰ ভূমিকা নুই কৰিব নোৱাৰোঁ। অসমীয়া প্ৰথম শিশু আলোচনী ‘ল’ৰাবন্ধু’ প্ৰকাশিত হয় কৰুণাভিৰাম বৰুৱাৰ হাতত ১৮৮২চনত। শিশুসকলক মুখ্য উদ্দেশ্য হিচাপে লৈ প্ৰকাশিত এইখন আলোচনীৰ সুন্দৰকৈ দুটিমান সংখ্যা ওলাইছিল যদিও পাছত লাহে লাহে ইয়াৰ প্ৰচলন বন্ধ হয়। হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনাত ১৯১৬চনত গুৱাহাটীৰ পৰা অন্য এখন শিশু আলোচনী ‘অকণ’ প্ৰকাশ পায় যদিও ‘ল’ৰাবন্ধু’ৰ দৰে দুবছৰমান প্ৰকাশ হোৱাৰ পাছত ইয়ো লুপ্ত হৈ পৰে। এইবোৰৰ উপৰি স্বাধীনতাৰ আগলৈ অসমীয়া ভাষাত প্ৰকাশিত অন্য কেইখনমান শিশু আলোচনী হ’ল:

মইনা (১৯২৩) সম্পাদনা— ৰঘূনাথ চৌধাৰী
অৰুণ (১৯২৬) সম্পাদনা— মহাদেৱ শৰ্মা
পখিলা (১৯৩৩) সম্পাদনা— হৰেন্দ্ৰনাথ শৰ্মা
অকণ (১৯৩৫) সম্পাদনা— বিৰিঞ্চিকুমাৰ বৰুৱা
পাৰিজাত (১৯৪০) সম্পাদনা— দীননাথ শৰ্মা
(স্বাধীনতাৰ পাছত)
ৰংঘৰ (১৯৪৮) সম্পাদনা— বিৰিঞ্চিকুমাৰ বৰুৱা

ওপৰোক্ত শিশু আলোচনীসমূহ চেগা-চোৰোকাকৈ কেইবছৰমান চলিছিল যদিও পিছলৈ এইবোৰৰ প্ৰকাশ বন্ধ হয়। অৱশ্যে ‘দীপক’ (১৯৫৪-১৯৬৬), ‘জোনবাই’ (১৯৬১-১০৭০), ‘মুকুতা’ (১৯৮৭-১৯৯৪) নামৰ শিশু আলোচনীকেইখন কেইবাবছৰো অসমীয়া কণ-কণ ল’ৰা-ছোৱালীৰ মাজত জনপ্ৰিয় হৈ আছিল।

সদ্যহতে অসমত বিশেষভাবে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা তথা বৰ্তমান অসমত বহুলভাবে প্ৰচলিত এইখনমান প্ৰধান প্ৰধান শিশু আলোচনীৰ সম্যক এক বিৱৰণ তলত দিয়া হ’ল:—-

(ক) সঁফুৰা: অসমৰ শিশুসকলৰ মাজত বিশেষভাবে সমাদৃত প্ৰধান শিশু আলোচনী সঁফুৰা ১৯৮২ চনত গুৱাহাটীৰ পৰা প্ৰকাশ কৰে ‘বাণী প্ৰকাশন’-এ। একেধাৰে গল্পকাৰ, প্ৰবন্ধকাৰ, ঔপন্যাসিক, চলচিত্ৰ নিৰ্মাতা, চলচিত্ৰ পৰিচালক ড০ ভবেন্দ্ৰনাথ শইকীয়া আছিল সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক। শিশুসকলৰ ৰুচি-অভিৰুচি, আবেগ-অনুভূতি, ইচ্ছা-অনিচ্ছাৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দি এই আলোচনীখন প্ৰকাশিত হৈছিল। ১৯৮২ চনৰ পৰা প্ৰতিটো মাহৰে অন্তৰে অন্তৰে প্ৰকাশ হোৱা এই আলোচনীখনে অৱশ্যে পিছলৈ কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও সেই সকলো সমস্যা মষিমূৰ কৰি পুনৰায় নতুন উদ্যমেৰে ওলাই আহে পাঠক শিশুৰ মাজলৈ। বৰ্তমান সময়ত দ্বিতীয় প্ৰকাশৰ ত্ৰয়োদশ বছৰত ভৰি দিয়া ‘সঁফুৰা’ৰ সম্পাদক হ’ল ৰূপম বৰুৱা। অসমীয়া ভাষাৰ মাধ্যমত প্ৰকাশিত ‘সঁফুৰা’ৰ প্ৰতিটো পৃষ্ঠাই শিক্ষা, সাহিত্য, বিজ্ঞান, ক্ৰীড়াজগতৰ বিভিন্ন তথ্যৰ সম্ভেদ দিয়াৰ উপৰি শিশুসকলৰ দ্বাৰা ৰচিত কবিতা, গল্প, সাধুকথা, নানা ভ্ৰমণ কাহিনী আদিও প্ৰকাশ কৰি উলিয়ায়। উল্লেখনীয় যে শিশুসকলৰ শৈক্ষিক, বৌদ্ধিক তথা মানসিক দিশৰ উন্নতিৰ অৰ্থে সঁফুৰা আলোচনীৰ উদ্যোগত প্ৰতি বছৰে ‘সঁফুৰা প্ৰতিভা সন্ধানী পৰীক্ষা’, ‘গ্ৰীষ্মকালীন শিৱিৰ’, ‘শিশুনাট প্ৰতিযোগিতা’ আদি অনুষ্ঠিত কৰা হয়। এই ক্ষেত্ৰত সততে নাম ল’ব পৰা এটা অনুষ্ঠান হ’ল “সদৌ অসমভিত্তিক অৰিন্দম কৌশিক সোঁৱৰণী শিশু নাট প্ৰতিযোগিতা”। শিশুসকলৰ কলা তথা সাংস্কৃতিক দিশৰ উন্নতিৰ অৰ্থে সঁফুৰাৰ উদ্যোগত স্থাপিত হোৱা অন্যতম এটা সংস্থা হ’ল “কলা আৰু সাংস্কৃতিক প্ৰশিক্ষণ প্ৰতিষ্ঠান”। এই প্ৰতিষ্ঠানটোত শিশুসকলক সাংস্কৃতিক বিভিন্ন দিশ যেনে; নৃত্য, গীত, অভিনয় আদিৰ প্ৰশিক্ষণ দিয়া হয়।

(খ) মৌচাক: শিশুসকলৰ মাজত সমাদৰ লাভ কৰা অন্য এখন শিশু আলোচনী হ’ল ‘মৌচাক’। শিশুসকলৰ দ্বাৰা ৰচিত বিভিন্ন গল্প, কবিতা, সাধু আদি প্ৰকাশ কৰাৰ উপৰি এই আলোচনীখনে বিজ্ঞান সম্বন্ধীয় তথ্য, সাংস্কৃতিক, সাহিত্য সম্বন্ধীয় তথা সমসাময়িক কিছু কিছু বিশেষ ঘটনা প্ৰকাশতো গুৰুত্ব দিয়া দেখা যায়।

(গ) ৰংমেলা: বৰ্তমান অসমত প্ৰকাশিত অসমীয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশিত অন্য এখন উল্লেখনীয় শিশু আলোচনী হ’ল ‘ৰংমেলা’। বাৰ বছৰত ভৰি দিয়া প্ৰায় ৫০-৫২ পৃষ্ঠাজোৰা ‘ৰংমেলা’ৰ বৰ্তমানৰ সম্পাদক হ’ল অৰুণ ভাগৱতী। আলোচনীখনিৰ জড়িয়তে শিশুসকলৰ মাজত বিজ্ঞান সম্বন্ধীয় তথ্য, সমসাময়িক ঘটনা, সাহিত্য, সংস্কৃতি তথা ধৰ্মভিত্তিক কিছু তথ্য দিয়াৰ প্ৰয়াস দেখা যায়। লগতে আলোচনীখনিৰ প্ৰতিটো সংখ্যাত শিশুসকলৰ দ্বাৰা ৰচিত গল্প, কবিতা, সাধু আদিও প্ৰকাশ কৰা হয়। সহজ-সৰল, দ্ব্যৰ্থকতাবিহীন শব্দেৰে প্ৰকাশিত ‘ৰংমেলা’ৰ প্ৰকাশভংগী অতি মনোৰম। আলোচনীখনিৰ উদ্যোগত শিশুসকলৰ মাজত ‘প্ৰতিভা সন্ধানী পৰীক্ষা’, ‘ছবিত ৰং কৰাৰ প্ৰতিযোগিতা’ অনুষ্ঠিত কৰি কণ কণ শিশুসকলৰ মনত প্ৰতিযোগিতাৰ মনোভাব জাগ্ৰত কৰাৰ লগতে শৈক্ষিক দিশতো অনুপ্ৰেৰণা যোগোৱা হয়।

(ঘ) সপোন: শিশুসকলৰ লগতে কিশোৰ-কিশোৰীহঁতৰ সফলতাৰ দিক্ নিৰ্ণয় কৰা অন্য এখন সদ্য প্ৰকাশিত শিশু তথা কিশোৰ-কিশোৰীহঁতৰ আলোচনী হ’ল ‘সপোন’। ২০১৩ চনৰ জানুৱাৰী মাহত পোনপ্ৰথমবাৰৰ বাবে অসমৰ নলবাৰী জিলাৰ পৰা প্ৰকাশিত দুমহীয়া আলোচনী ‘সপোন’ৰ বৰ্তমানৰ সম্পাদক হ’ল বিপুল শৰ্মা। অন্যান্য আলোচনীসমূহৰ দৰে এইখন আলোচনীৰ মাধ্যমেৰেও বিজ্ঞান, কলা, সংস্কৃতি তথা সাহিত্য জগতৰ লগত শিশু আৰু কিশোৰ-কিশোৰীহঁতক পৰিচয় কৰাই দিয়া হয়। শিশুহঁতৰ স্বৰচিত কবিতা, গল্প আদি প্ৰকাশ কৰি সিহঁতৰ হৃদয়তো সাহিত্য চৰ্চাৰ মনোভাব জাগ্ৰত কৰোৱাৰ প্ৰয়াস এক অন্যতম উদ্দেশ্য। আলোচনীখনৰ তৰফৰ পৰা মাজে-সময়ে বিভিন্ন প্ৰশ্ন, সাঁথৰ আদিৰ প্ৰতিযোগিতাৰ আয়োজন কৰি শিশুসকলৰ মানসিক আৰু বৌদ্ধিক দিশৰো উমান লোৱা দেখা যায়।

(ঙ) ৰংমন: ওপৰোক্ত চাৰিখন শিশু আলোচনীৰ উপৰি অসমীয়া ভাষাৰ মাধ্যমত প্ৰকাশিত শিশুসকলৰ জনপ্ৰিয় এখন ‘কমিকছ’ হ’ল ‘ৰংমন’। প্ৰণয় বৰদলৈ সম্পাদিত গুৱাহাটীৰ বেলতলাৰ পৰা প্ৰকাশিত ৰংমনৰ কলেবৰ সৰু যদিও ইয়াত প্ৰকাশিত প্ৰতিটো বিষয়বস্তুৱেই আদৰ্শাত্মক। বৰ্ণনীয় যিকোনো বিষয়ে কাহিনীৰ আশ্ৰয়ত আৰু কাৰ্টুনৰ সহায়ত বৰ্ণনাটো ‘ৰংমন’-ৰ প্ৰধান বৈশিষ্ট্য। ৰং-তুলিকা, পেঞ্চিল, ৰঙীণ ফটো, কাৰ্টুন, ৰং-চঙীয়া সাজ-সজ্জাৰ প্ৰতি সততে শিশুসকল আকৰ্ষিত। সেয়ে এই কমিকছখনত ৰং-চঙীয়া সাজ-সজ্জা পিন্ধা মানুহৰ কাৰ্টুন ছবি, জীৱ-জন্তুৰ কাৰ্টুন ছবি আৰু সেইবোৰৰ মুখত বাকশক্তি প্ৰদান কৰি বৰ্ণিত কাহিনী শিশুসকলৰ বাবে আৰ্ষণীয়। সহজেই পাঠক শিশুৰ মন-মগজুত গভীৰ প্ৰভাব বিস্তাৰ কৰা ‘ৰংমন’ৰ বিভিন্ন সংখ্যাবোৰত প্ৰতিযোগিতামূলক গণিতৰ কুইজ, সাঁথৰ আদিৰে সিহঁতক বৌদ্ধিক আৰু মানসিক শক্তিৰ বিকাশত অৰিহণা যোগায়।

সাহিত্য, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া আদি বিভিন্ন বিষয়ক লৈ প্ৰকাশিত সঁফুৰা, মৌচাক, ৰংমেলা, সপোন আদিৰ বাহিৰে সম্পূৰ্ণৰূপে বিজ্ঞানক ভিত্তিক কৰি প্ৰকাশিত কেইখনমান উল্লেখোগ্য আলোচনী হ’ল, ‘বিজ্ঞান জেউতি’, ‘নতুন আৱিষ্কাৰ’, ‘বিজ্ঞান সুৰভি’, ‘নতুন সৃজন’ ইত্যাদি। প্ৰাপ্ত বয়স্কলোকৰ লগতে কিশোৰ তথা শিশুসকলৰ বাবে এইবোৰৰ গুৰুত্ব অত্যাধিক। বৰ্ণনাৰ পৰিধিলৈ লক্ষ্য ৰাখি আমাৰ এই আলোচনাত প্ৰধান শিশুভিত্তিক আলোচনীসমূহৰহে বিৱৰণ দাঙি ধৰা হৈছে। ভৱিষ্যতে এই বিষয়ৰ আৰু অধিক চিন্তা-চৰ্চা, অধ্যয়ন কৰাৰ লগতে গৱেষণাৰো থলো দেখা যায়।

 

সহায়ক গ্ৰন্থপঞ্জী:
(ক) নেওগ, মহেশ্বৰ: অসমীয়া সাহিত্যৰ ৰূপৰেখা, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী
(খ) শৰ্মা, সত্যেন্দ্ৰনাথ: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সৌমাৰ প্ৰকাশ, গুৱাহাটী

আলোচনী:
(ক) সঁফুৰা: সম্পাদক— ৰূপম বৰুৱা, প্ৰকাশক— ধীৰাজ গোস্বামী
(খ) ৰংমেলা: সম্পাদক— অৰুণ ভাগৱতী, অৰুণ ভাগৱতী প্ৰকাশিত
(গ) সপোন: সম্পাদক— বিপুল শৰ্মা, সপোন প্ৰকাশন, বাণিজ্য মহাবিদ্যালয়, জাপাৰকুচি, নলবাৰী
(ঘ) ৰংমন: সম্পাদক— প্ৰণয় বৰদলৈ, ত্ৰিনয়ন ৰাজখোৱাৰ দ্বাৰা মুদ্ৰিত আৰু প্ৰকাশিত

মিতালী নাথ, টংলা, মিলনপুৰ, ওদালগুৰি


Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Shaky
2 years ago

ভাল লাগিল পঢ়ি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক