অসমীয়া শিশু সাহিত্য আৰু অলপ বিক্ষিপ্ত চিন্তা (টুৱাৰাম দত্ত)

শিক্ষাৰ মাধ্যমে সাম্প্রতিক অসমীয়া শিশু সাহিত্যৰ উত্তৰণত বাধাৰ সৃষ্টি কৰিছে নেকি? যিহেতু আজিকালি গৰিষ্ঠসংখ্যক অভিভাৱকে নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ পোষকতা কৰে গতিকে অভিভাৱক সকলৰ এই ইংৰাজী মাধ্যমপ্রীতিৰ প্রৱণতাই পৰোক্ষভাৱে অসমীয়া শিশু সাহিত্যৰ শ্ৰীবৃদ্ধি আৰু বিকাশত অন্তৰায় হিচাপে দেখা দিছে নেকি? যদি উপৰোক্ত অভিযোগটোৰ উত্তৰ সদৰ্থক তেন্তে ইয়াৰ পৰা পৰিত্রাণ পোৱাৰ কিবা উপায় আছেনে?

প্রকৃত কথাটো হ’ল সাম্প্রতিক অসমীয়া শিশু সাহিত্য ইংৰাজী মাধ্যমৰ আগ্রাসনৰ বলি হৈছে নেকি বুলি ন কৈ চিন্তা কৰাৰ কোনো প্ৰয়োজনেই নাইকিয়া হ’ল। ই দিনৰ পোহৰৰ দৰেই সত্য। কিয়নো নিৰ্দিষ্টকৈ অসমীয়া শিশু সাহিত্য বুলিয়েই নহয় সমগ্র অসমীয়া সাহিত্যৰ সকলো শাখা-প্রশাখাই বা সকলো প্রকাৰৰ অন্যান্য আঞ্চলিক ভাষাৰ সাহিত্যই এতিয়া ইংৰাজী মাধ্যমৰ সন্মুখত এক প্রকাৰ অসহায়। আজিৰ প্রজন্মৰ সৰহসংখ্যকেই ইংৰাজী মাধ্যমত শিক্ষা লোৱাৰ বাবে অসমীয়া বা অন্যান্য আঞ্চলিক ভাষাৰ চৰ্চা দুখ লগাকৈ কমি গৈছে। নতুন প্রজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্যৰ পাঠকৰ পৰিমাণ অভাৱনীয়ভাবে কমি আহিছে। তাৰ ফলশ্ৰুতিত কেৱল অসমীয়া শিশু সাহিত্য বুলিয়েই নহয় অসমীয়া সাহিত্যৰ সকলো শাখা-প্রশাখাই বা সকলো প্রকাৰৰ অন্যান্য আঞ্চলিক ভাষাৰ সাহিত্যই ইয়াৰ কুফল ভোগ কৰিব লগা হৈছে।

আমি কোনো অভিভাৱককে নিজ সন্তানক ইংৰাজী মাধ্যমত শিক্ষা লোৱাৰ ক্ষেত্রত বাধা দিব নোৱাৰোঁ। জীৱিকা, কেৰিয়াৰ, ভৱিষ্যৎ জীৱনৰ প্রত্যাহ্বান আদি বিভিন্ন বাস্তবিক কাৰকৰ প্রভাৱত আজিৰ অভিভাৱকে ইংৰাজী মাধ্যমক সন্তানৰ বাবে ব্যাপক হাৰত বাছি লৈছে। মাতৃভাষাৰ মাধ্যমত অধ্যয়নৰত শিশু সকললৈ লক্ষ্য কৰিলে দেখা যায় যে দৰিদ্ৰ, কম আয়ৰ পৰিয়ালৰ শিশুসকলেহে এতিয়া মাতৃভাষা বা অসমীয়া মাধ্যমত অধ্যয়ন কৰে। অৰ্থাৎ আৰ্থিক দিশত সবল, সকলো যোত্রবানেই এতিয়া ইংৰাজীক শিক্ষাৰ মাধ্যমৰূপে বাছি লোৱাত সাহিত্যৰ শ্ৰীবৃদ্ধিত ই ব্যাপকভাবে ঋণাত্মক প্রভাৱ পেলাইছে।

কিন্তু আশাৰ কথাটো হ’ল প্রায়বিলাক ইংৰাজী মাধ্যমৰ বিদ্যালয়তে আজিকালি অসমীয়াক এটা বিষয়ৰূপে গ্রহণ কৰিব পৰা ব্যৱস্থা আছে। গতিকে সকলো অভিভাৱকে নিজ সন্তানক বিদ্যালয়ত অসমীয়া বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ ক্ষেত্রত উদ্যোগ ল’ব লাগে। যিবোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত এতিয়াও অসমীয়াক এটা বিষয়ৰূপে অধ্যয়ন কৰাৰ ব্যৱস্থা নাই সিবিলাকত অনতিপলমে তাৰ ব্যৱস্থা কৰিবলৈ প্রবল জনমত গঠন কৰিব লাগে।

অলপতে জনপ্রিয় অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’ৰ শিশু-শিতানৰ পৰিচালিকাগৰাকীয়ে এটা আমোদজনক তথ্য দিছিল। আজি ভালে কেইবছৰ ধৰি শিশু-শিতানলৈ অহা প্রায়বিলাক লেখা চোৱাৰ অভিজ্ঞতাৰে তেখেতে ব্যক্ত কৰিছিল যে বহুত সময়ত অসমীয়া মাধ্যমৰ ছাত্র সকলৰ লেখাতহে অজস্র ভুল-ভ্রান্তি দেখা পোৱা যায়। অথচ তুলনামূলকভাবে ইংৰাজী মাধ্যমৰ ছাত্র-ছাত্ৰীসকলৰ অসমীয়া লেখা যথেষ্ট শুদ্ধ। ইয়াৰ পৰা অনুমান কৰিব পাৰি কেৱল ইংৰাজী মাধ্যমটোকেই সকলো সময়তে জগৰীয়া কৰি থকাটো উচিত নহ’ব। আমাৰ বিদ্যালয়সমূহৰ শিক্ষাদানৰ স্তৰটোও বিচাৰ্য্যৰ বিষয় হোৱা উচিত। শিশুসকলৰ ঘৰুৱা পৰিবেশটো গুৰুত্বপূৰ্ণ। নিজ গৃহত অভিভাৱকে শিশুসকলক অসমীয়া ভাষা চৰ্চাত অলপ গুৰুত্ব দিলে মাধ্যম নিশ্চয় প্রতিবন্ধক হ’ব নোৱাৰে। কিতাপৰ দোকানৰ পৰা শ্রেণীৰ বাবে প্রয়োজনীয় ইংৰাজী কিতাপকেইখনৰ লগে লগে দুই-এখন অসমীয়া কিতাপো যদি সন্তানৰ বাবে অভিভাৱকে কিনি লয় তেতিয়া ভাল হয়। আৰু অভিভাৱকসকলৰ এনেকুৱা সৰু সৰু পদক্ষেপে ভাষা-সাহিত্যৰ বিকাশত সুদূৰপ্রসাৰী প্রভাৱ পেলোৱাৰ সম্ভাৱনা থাকে।

আমাৰ বিদ্যালয় বিলাকৰ শ্ৰেণী শিক্ষকসকলেও অসমীয়া শিশু-সাহিত্যৰ উত্তৰণত প্রধান ভূমিকা ল’ব পাৰে। তেখেতসকলে নিজ নিজ ছাত্র-ছাত্রীক বিভিন্ন বিষয়ৰ ওপৰত লিখিবলৈ উৎসাহ দি সিবিলাকক বিভিন্ন কাকত-আলোচনীৰ শিশু-শিতানলৈ প্রেৰণ কৰাৰ ব্যৱস্থা ল’ব লাগে। শ্ৰেণীৰ কোনোবা ছাত্রৰ কিবা লেখা কাকতত প্রকাশ পালে তেওঁক পুৰস্কৃত কৰাৰ দিহা কৰিব লাগে। বজাৰত উপলব্ধ বিভিন্ন প্রয়োজনীয় কিতাপৰ বিষয়ে ছাত্র-ছাত্রীক অৱগত কৰিব লাগে। শ্ৰেণী শিক্ষকৰ এনে যোগাত্মক ভূমিকাই নিশ্চিতৰূপে শিশুসকলক উৎসাহিত কৰিব।

আজি কিছুদিনৰ আগলৈকে অসমৰ এখন প্রতিষ্ঠিত কাকত ‘অসম বাণী’ত শিশু-শিতান এটা প্রকাশ হৈ আহিছিল। কিন্তু বৰ্তমান কাকতখনত সেই শিতানটো বন্ধ কৰি দিয়া হ’ল। শিশু উপযোগী লেখাৰ অভাৱেই তাৰ কাৰণ। গতিকে অসমীয়া শিশু সাহিত্যৰ বাবে লিখক সৃষ্টি কৰাটোও সাম্প্রতিক সময়ৰ দাবী। শিশুৰ মনস্তত্ব ডাঙৰতকৈ বহুত পৃথক। স্বাভাবিকতেই শিশুৰ মনস্তত্বৰ ওপৰত দখল থকা, অধ্যয়ন থকা লেখকহে শিশু সাহিত্য সৃষ্টিত সফল হ’ব পাৰিব।

আমাৰ বজাৰত পোৱা ইংৰাজী শিশু-উপযোগী কিতাপ বিলাকলৈ যদি চকু ফুৰোৱা যায় দেখিব সেই কিতাপ বিলাক যথেষ্ট ৰংচঙীয়া, সুন্দৰ উন্নতমানৰ কাগজ, সুন্দৰ বেটুপাত আৰু সচিত্র। অথচ তুলনামূলকভাবে অসমীয়া শিশু-উপযোগী কিতাপ বিলাক যেন এই ক্ষেত্রত অলপমান পিছপৰা। ৰংচঙীয়া, সুন্দৰ, সচিত্র কিতাপৰ প্রতি শিশু সহজতে আকৃষ্ট হয়। ই শিশু মনস্তত্বৰে এটা দিশ। ইয়াক আওকাণ কৰাটো উচিত নহয়।

সম্প্রতি অসমীয়া শিশু-সাহিত্য বুলি ক’লে ভালেমান চিন্তাই মনত ভুমুকি মাৰেহি। এচামে শিশু-সাহিত্য বুলিলে ৰামায়ণ-মহাভাৰতৰ কাহিনীতেই সীমাবদ্ধ হৈ থাকিব বিচাৰে। এচামে কল্প কাহিনীৰ নামত গছ-চৰায়ে কথা কোৱা তাহানিৰ বেজবৰুৱাৰ যুগৰ পৰা ওলাই আহিবই নিবিচাৰে। শিশু-সাহিত্য বুলিলে শিশু সকলক আধুনিক ধ্যান-ধাৰণা যুক্ত বিজ্ঞানসন্মত মানসিকতাৰ অধিকাৰী কৰি তুলিব পৰা হ’ব লাগে। শিশু-সাহিত্যই শিশুসকলক অনুপ্রেৰণা আৰু উৎসাহেৰে সমাজ গঠনত কালজয়ী ভুমিকা লোৱাত অৰিহণা যোগাব পৰা হ’ব লাগে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক