অসমীয়া সমাজৰ সাউৰি প্ৰথা – খজেন ডেকা

পুৰণি অসমীয়া সমাজত প্ৰচলিত এক উল্লেখযোগ্য নিয়ম আছিল “সাউৰি খোৱা” বা “সাউৰি দিয়া” প্ৰথা। এই প্ৰথাৰ নিয়ম হ’ল বিনা পাৰিশ্ৰমিকে সমূহীয়াকৈ আনক সহায় কৰা বা আনৰ পৰা সহায় লোৱা। এটা সময়ত সাধাৰণ ঘৰুৱা কামৰ পৰা আৰম্ভ কৰি পথাৰত হালবোৱা, ধানকটা কামলৈকে বিস্তৃত আছিল সাউৰি খোৱা নিয়ম। এই ব্যৱস্থাই এটা সময়ত অসমীয়া সমাজক সামাজিকভাৱে ঐক্যবদ্ধ কৰি ৰখাৰ লগতে আৰ্থিকভাৱে সকাহ দিছিল।

এই সাউৰি খোৱা প্ৰথা সাধাৰণতে বছৰটোৰ আহাৰ মাহৰ পৰা আৰম্ভ হৈছিল বুলিব পাৰি। অৱশ্যে আহাৰ মাহৰ পৰাই আৰম্ভ হ’ব লাগে বুলি কোনো ধৰাবন্ধা নিয়ম নাছিল। আলোচনাৰ সুবিধাৰ বাবেহে এটা নিৰ্দিষ্ট সময়ৰ কথা কোৱা হৈছে। এই সাউৰি খোৱা বা সাউৰি দিয়া প্ৰথাৰ নাম আৰু নিয়ম ঠাইভেদে বেলেগ বেলেগ হ’ব পাৰে। পৰিৱৰ্তিত সময়ৰ প্ৰভাৱত বৰ্তমান এই প্ৰথা বিলুপ্তিৰ পথত যদিও আমাৰ অঞ্চলত এই প্ৰথা কম-বেছি পৰিমাণে এতিয়াও চলি আছে। সেয়ে মই ইয়াত নামনি অসমত ঠায়ে ঠায়ে চলি থকা সাউৰি প্ৰথাৰ বিষয়েহে উল্লেখ কৰিছোঁ।

সাউৰি প্ৰথা আহাৰ মাহৰ পৰা আৰম্ভ হয় বুলি কোৱাৰ কাৰণ হ’ল কৃষিজীৱী অসমীয়াৰ বহল ভিত্তিত খেতি কৰাৰ কাম আৰম্ভ হয় আহাৰ মাহৰ পৰা। আমতি চুৱা যোৱাৰ পিছৰ পৰাই খেতিয়কৰ পথাৰত কাম কৰাৰ ব্যস্ততাৰে ভৰা জীৱন আৰম্ভ হয়। ভূঁই ৰোৱাৰ বাবে মাটি প্ৰস্তুত হোৱাৰ পিছত কঠিয়া তোলাৰ কাম আৰম্ভ হয়। কঠিয়াবোৰ সাধাৰণতে যিমানখিনি প্ৰয়োজন সিমানখিনি কঠিয়া একেদিনাই তোলা হয়। ভূঁই ৰোৱাৰ দুদিন আগত কঠিয়াবোৰ তোলা হয়। কঠিয়াবোৰ দুদিন আগতে তোলাৰ কাৰণ হ’ল আগতে তোলা বাহি কঠিয়াবোৰ ৰোৱনীয়ে ৰুবলৈ সুবিধা পায়। ৰুই থকাৰ সময়ত কঠিয়াবোৰ হাতৰ মুঠিৰ পৰা ধুনীয়াকৈ এৰাই আহে। কিন্তু লগে লগে তোলা কঠিয়া মুঠিৰ পৰা এৰোৱাই আনোতে কিছু অসুবিধা হয়। যিহেতু কঠিয়াবোৰ একেদিনাই তুলিব লাগে সেয়া বেছি মানুহৰ প্ৰয়োজন হয়। গতিকে ঘৰৰ মানুহৰ বাহিৰেও যিকেইজন অতিৰিক্ত মানুহৰ প্ৰয়োজন হয়, সেই কেইজন মানুহ গাঁৱৰ অইন ঘৰৰ পৰা মাতি অনা হয়। এয়াই হ’ল “সাউৰি খোৱা” বা “সাউৰি দিয়া” প্ৰথা। পৰৱৰ্তী সময়ত যিকেইজন মানুহ সাউৰি দিবলৈ আহিছিল তেওঁলোকৰ ঘৰলৈ গৈ সাউৰি দিয়া হয়।

কঠিয়া তোলাৰ দুদিন পিছত ভূঁই ৰোৱাৰ কাম। একোঘৰ মানুহৰ সাধাৰণতে এহাল বা দুহাল গৰু থাকে। কিন্তু একোডৰা মাটিত ভূঁই ৰুবৰ বাবে মাটি চহাবলৈ এহাল বা দুহাল গৰু পৰ্য্যাপ্ত নহয়। সেয়ে সাউৰি মাতি আনৰ পৰা হাল সহ হালোৱা মাতি অনা হৈছিল। চাহ-ভাতৰ ব্যৱস্থা গৃহস্থৰ পৰাই কৰা হৈছিল। হালবোৱা সাউৰি খাবলৈ অহা হালোৱাক ৰাতিলৈ গৃহস্থৰ ঘৰত মাছ বা মাংসৰে সৈতে ভাত খাবলৈ মতাৰ নিয়ম আছিল। যিকেইঘৰ মানুহৰ পৰা হালোৱা সাউৰি খাবলৈ আহিছিল পৰৱৰ্তী সময়ত তেওঁলোকৰ ঘৰলৈ গৈয়ো সাউৰি দিয়া হয়। ইয়াক “বদলি দিয়া” বোলে। এইদৰে সাউৰি প্ৰথাৰ যোগেদি গাঁৱৰ মানুহে পৰস্পৰে পৰস্পৰক সহায় কৰাৰ নিয়ম আছিল। শালিধান কটাৰ সময়তো সাউৰি খোৱাৰ নিয়ম আছিল। অকল যে খেতিৰ কামতে সাউৰিৰ ব্যৱস্থা আছিল তেনে নহয়। আমাৰ অঞ্চলত শালিখেতিৰ পৰৱৰ্তীকালত যিবোৰ কাম কৰা হয় , সেইবোৰ কামতো সাউৰি দিয়াৰ ব্যৱস্থা আছিল। পুৰণি ঘৰ মেৰামতি কৰা, নতুন ঘৰৰ ভেঁটি তোলা, গোৰোৱা মৰাপাট ধুৱা, ধান-মৰাপাট , জলকীয়া, আহুধান নিৰোৱা আদি কামতো সাউৰিৰ ব্যৱস্থা আছিল। এই ব্যৱস্থাই আৰ্থিকভাৱে দুৰ্বল লোকসকলক বৰ সহায় কৰিছিল। শ্ৰাদ্ধ, সকাম আদিতো সাউৰি প্ৰথাৰ ব্যৱস্থা আছে। বিবাহৰ ক্ষেত্ৰত ক’বই নালাগে। গৃহস্থই এদিন ঘৰলৈ সকলোকে মাতি উদ্দেশ্য বেকত কৰিলেই হ’ল। গাঁৱৰ পুৰুষ-মহিলা সকলোৱে আহি সহায় কৰি দিয়ে। ৰন্ধা-বঢ়া , বিলোৱা সকলো কাম কৰি দিয়ে। গাঁৱত এই ব্যৱস্থা বৰ্তমানেও বাহাল আছে। অৱশ্যে পেণ্ডেল অহাৰ বাবে ৰভা সজাৰ কাম সাউৰিৰ পৰা বাদ পৰিল। এয়াও একপ্ৰকাৰ সাউৰি প্ৰথাৰে নামান্তৰ মাত্ৰ।

বিজ্ঞানৰ ন ন আৱিষ্কাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ যিদৰে পৰিৱৰ্তন আনিছে সেইদৰে কৃষি ক্ষেত্ৰলৈয়ো ব্যাপক পৰিৱৰ্তন আনিছে। গৰুৰ ঠাইত ট্ৰেক্টৰ আহিল। একেদিনাই বহু মাটি চহাব পাৰে। গতিকে হালৰ বাবে সাউৰি দিয়াৰ নিয়ম বন্ধ হ’ল। সেইদৰে মানুহৰ ক্ৰয় ক্ষমতা বঢ়াৰ লগে লগে ঘৰ সজা আদি কামৰ স্থায়ী ৰূপ দিবলৈ চেষ্টা কৰিলে। অৰ্থাৎ বেছিভাগ মানুহেই আজিকালি ঘৰবোৰ টিনৰ চালি বা পকী কৰিবলৈ ল’লে। গতিকে এনেবোৰ কামতো সাউৰি দিয়া প্ৰথা বন্ধ হৈ পৰিল। বিজ্ঞানৰ নিত্য নতুন আৱিষ্কাৰে মানুহৰ জীৱন ধাৰণ প্ৰণালীত বৈপ্লৱিক পৰিৱৰ্তন আনিলে। এই পৰিৱৰ্তনক মানুহে আকোঁৱালি লোৱাৰ লগে লগে আমাৰ মাজৰ পৰা বহু কিছু হেৰাই গ’ল আৰু বহু কিছু নতুনকৈ আহিল। আমাৰ বহু কৃষ্টি, বহু প্ৰথা, বহু নিয়ম বহু লোকবিশ্বাস এতিয়া নষ্টালজিক অনুভৱ মাত্ৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments