অসমীয়া সমাজ জীৱনত চোতাল আৰু আধুনিকতা – নয়নমণি দত্ত নেওগ

অসমীয়া সমাজ জীৱনত চোতালৰ ভূমিকা এক এৰাব নোৱাৰা সম্পৰ্ক বুলিব পাৰি। কিয়নো চোতাল এখনে বিশেষকৈ অসমীয়া সমাজৰ লোকসকলক বিভিন্ন দিশত সহায় কৰে। উৎসৱ-পাৰ্বণৰ পৰা আৰম্ভ কৰি ঘৰখনত থকা কণ-কণ শিশুসকলৰ বাবে খেলা-ধূলা কৰিবৰ বাবে ঘৰ এখনত চোতালৰ প্ৰয়োজনীয়তা আহি পৰে।

বিশেষকৈ এই চোতাল শব্দটো গাঁৱলীয়া সমাজ জীৱনতহে খাপ খোৱা দেখা যায়। যিহেতু নগৰৰ সমাজতকৈ গাঁৱলীয়া সমাজৰ ঘৰৰ সম্মুখত আৰু পাছফালে আহল-বহল একোখনকৈ চোতাল দেখিবলৈ পোৱা যায়।

একো একোখন চোতালত যিমানখিনি কাম-বন যেনে- বিয়নি মেল, ধান চপোৱা, মৰণা মৰা, আলহী-অতিথিৰ মেল, সাধু কথাৰ মেল, ধান ৰ’দোৱা, তাঁত বাটি কৰা এই সকলোবোৰ যিমান আটোম-টোকাৰিকৈ কৰিব পাৰি অন্যৰ বাদে সেইখিনি কৰিব পৰা নাযায়।

চোতাল এখনত সমজুৱাকৈ মিলি বহু কামেই সমাধান কৰিব পাৰি। বছৰেকৰ বিহু বুলি গাঁৱৰ বুঢ়া-মেথাই মিলি হুঁচৰি গাই গৃহস্থক আশীৰ্বাদ দিয়াৰ পৰা বিয়া-বাৰু, সকাম-নিকাম পতালৈকে এই চোতালখনতেই কৰা হয়। সেই গতিকে অসমীয়া সমাজ জীৱনত চোতালৰ ভূমিকা খুবেই গুৰুত্বপূৰ্ণ।

কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহ চহৰমুখী হৈ পৰিল। পঢ়া-শুনা চাকৰিৰ তাগিদাত পৰি চহৰত বাস কৰিবলৈ লোৱাৰ পৰা তাহানিৰ চোতাল গুচি এতিয়া চহৰত মিলিব পৰাকৈ ওখ ওখ অট্টালিকা গঢ়ি উঠিল আৰু তাহানিৰ চোতালত বহি আইতাৰ সাধু কথা শুনা আজিৰ কণমানিহঁত বঞ্চিত হ’ব লগা হৈছে। একমাত্ৰ আধুনিকতাৰ লগত ফেৰ মাৰিবৰ বাবেই।

ঘৰৰ সম্মুখত এখন চোতালে যি সৌন্দৰ্য আনে সেই সৌন্দৰ্য্য চোতাল বিহীন ঘৰখনত আনিব নোৱাৰে। আজিকালি সততে দেখিবলৈ পোৱা যায় যে চহৰ এলেকাত থাকিবলৈ লোৱাৰ পৰা মানুহবোৰে অলপো মাটি এনেই পৰি থাকিব নিদি সেই মাটিত দুটামান কোঠা সাজি ঘৰ ভাড়ালৈ দিয়াৰ ফলত নিজৰ ঘৰখনত কিবা এটা অনুষ্ঠান পাতিবলৈ অলপো ঠাই নোহোৱাত যিকোনো ঘৰ ভাড়ালৈ লৈ অনুষ্ঠান পাতিব লগাত পৰে আৰু অনাহকত টকা খৰচ কৰিবলগাত পৰে। সেয়ে অসমীয়া সমাজ জীৱনত চোতালক গুৰুত্বপূৰ্ণ ভূমিকা দিয়া হয়।

আমি যুগৰ লগত পৰিৱৰ্তন হৈছো সঁচা কিন্তু এইটো নহয় যে আমি আমাৰ থকাখিনিৰ পৰা বঞ্চিত হ’ম। যুগ পৰিৱৰ্তন হ’লেও আমি আমাৰ নিজস্বতা হেৰুৱাই পেলালে নহ’ব। এইটো নহয় যে সময় পৰিৱৰ্তন হ’লেই যে আমিও পৰিৱৰ্তন হ’ব লাগিব তেনে কোনো কথা নাই। আধুনিকতাৰ লগত খোজত খোজ মিলাব যাওঁতে আমি এইটো চাব লাগিব যে আমাৰ সন্তান তথা উঠি অহা প্ৰজন্মই আমাৰ পৰা কি শিকিব পৰিছে তালৈ চকু দিয়া উচিত।

যিখন চোতালে আমাক ডাঙৰ হোৱাত সহায় কৰাৰ পৰা মৰম, আন্তৰিকতাবোৰ ধৰি ৰাখিছিল আজি সেই আধুনিকতাই ধৰি ৰাখিব পৰিছেনে সেই কথা মনলৈ আনিলেই আমি বুজিব পাৰিম। প্ৰকৃততে আমি কোন দিশে ধাৱমান হৈছো। আমি নগৰমুখী হ’লেই যে আমাৰ আদব-কায়দা, ভাব-ভংগী, থকা-মেলা এইসকলোবোৰ সলনি কৰিবই লাগিব বুলি কোনো কথা নাই।

আমি বহু সময়ত কওঁ যে আমাৰ হাতত সময় নাই। কিন্তু ঘড়ীৰ কাটা জানো কেতিয়াবা সলনি হৈ পাইছে। কেতিয়াও নাই হোৱা। সেই আৱিষ্কাৰ কৰা দিনৰ পৰাই সি মন্থৰ গতিত ঘূৰি আছে। তেনেহ’লে আমি কিয় সময়ৰ অভাৱ দেখুৱাই নিজৰ কৰিবলগীয়াখিনিৰ পৰা আঁতৰি ফুৰো। এটা সময় আছিল ঘৰখনৰ জীয়ৰী বা বোৱাৰীসকলে পুৱাতে বাহি চোতাল-ঘৰ সৰা-মোচা কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু আজি সময়ৰ কথা দোহাই দি চোতালৰ যি ব্যৱস্থা আছিল সেইখিনিও নোহোৱা কৰি পেলালে। এইয়াই আমাৰ আজিৰ সমাজ ব্যৱস্থা।

তথাপিও গাঁও অঞ্চলত চোতালৰ অস্তিত্ব থকাৰ বাবে কিছু ৰীতি-নীতি, পৰম্পৰা, মৰম-চেনেহবোৰ আজিও বিৰাজমান। সেয়ে ক’ব বিচাৰো যে আধুনিকতাৰ কবলত পৰি নিজকে সলনি নকৰিব। নিজৰ সংস্কৃতি, পৰম্পৰা, নীতি-নিয়মক ধ্বংসৰ গৰাহলৈ ঠেলি নপঠিয়াব। পৰিৱৰ্তনে সদায় নিজৰ অস্তিত্বক বিপদাপন্নহে কৰে, ই কেতিয়াও উন্নতিৰ দিশত আগবাঢ়িব নিদিয়ে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক