অসমীয়া সাহিত্যৰ ইতিহাস ৰচনা – বিজু সেনাপতি

এটা সভ্যতাৰ প্ৰত্যক্ষ বাহক হৈছে ভাষা সাহিত্য। এটা সংস্কৃতিয়ে বিশেষ বৈশিষ্ঠ্য আৰু পূৰ্ণতা লাভ কৰে ভাষা- সাহিত্যৰ যোগেদি৷ অসমীয়া সাহিত্যৰ ইতিহাসে সমগ্ৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ স্বাক্ষৰ বহন কৰিছে। অসমীয়া ভাষা সাহিত্যৰ ইতিহাস অম্বেষণ বৰ্তমান প্ৰেক্ষাপটত অতি প্ৰাসংগিক আৰু নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে । ভাষাটোৰ ইতিহাস ৰচনা কৰিবলৈ অধ্যয়ন তথা গৱেষণা আৰম্ভ কৰিলেই সমগ্ৰ অসমীয়া সভ্যতাটোৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়বস্তুবোৰ সমসাময়িকভাৱে পোহৰলৈ আহিব। ইমান এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আজিলৈকে সুপৰিকল্পিত আৰু প্ৰণালীবদ্ধ অধ্যয়ন তথা গৱেষণাৰ অভাৱ হোৱাতো বৰ্তমানৰ অসমীয়া জাতিটোৰ লগতে অসমীয়া ভাষাৰ ধ্বজ্বাবাহক ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীৰ বাবেও অতি দুখজনক। শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পোনপ্ৰথমবাৰৰ বাবে পদক্ষেপ লোৱা অসমীয়া সাহিত্যৰ ইতিহাস ৰচনা প্ৰকল্পটো অসম আৰু অসমীয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আদৰণীয় কথা। সাহিত্য হৈছে মানৱ অভিজ্ঞতাৰ ভাষাৰ সহায়ত সৃষ্টি হোৱা বাংময় ৰূপ। ভাষাই সামাজিক আচৰণত প্ৰদান কৰা ৰূপেই হৈছে সাহিত্য। অসমীয়া সাহিত্যৰ মাধ্যমেৰেই অসমীয়া জাতিৰ জ্ঞান, অভিজ্ঞতা, উপলদ্ধি আৰু সামাজিক মূল্যবোধ প্ৰতিফলিত হৈ আহিছে। সেইবাবেই অসমীয়া সভ্যতা সংস্কৃতিৰ বৈশিষ্ট্য জানিবৰ বাবে অসমীয়া সাহিত্যৰ ইতিহাস অধ্যয়ন অপৰিহাৰ্য। অসমীয়া সাহিত্যৰ ইতিহাস ৰচনা পদক্ষেপটো এনে ক্ষেত্ৰত নিজেই হ’ব এক ঐতিহাসিক পদক্ষেপ। প্ৰাগঐতিহাসিক কালৰ পৰাই প্ৰাচীন কামৰূপ বা প্ৰাগজ্যোতিষপুৰ নামৰ ভূখণ্ডত অসমীয়া ভাষা সাহিত্যৰ যি বিকাশ হৈছিল, সেইয়া ১৮২৬ চনত ব্ৰিটিছসকলে উত্তৰ-পূৱ ভাৰত অথবা অসম দখল কৰাৰ পাছত কিছুসংখ্যক চতুৰ বঙালী ভাষীৰ প্ৰৰোচনাত পৰি প্ৰায় ৪০ বছৰ অসমত বঙালী ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৰ্ৱতন কৰি ম্লান কৰিবৰ চেষ্টা কৰিছিল । কিন্তু এক সবল সংগ্ৰামী প্ৰচেষ্টাৰ অন্তত সেয়া বিফল হ’ল। অসমীয়া সাহিত্যই নিজৰ স্বকীয়তা বজাই ৰাখিলে। এতিয়া মাত্ৰ ইয়াৰ ইতিহাস গৱেষণা কৰি স্থিৰ তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন। অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস সম্পূৰ্ণ কৰিবলৈ হ’লে ব্ৰহ্মপুত্ৰ উপত্যকাত আৱিষ্কৃত, বৰ্তমানলৈকে পাঠোদ্ধাৰ কৰিব নোৱাৰা শিলালেখ সমূহৰ প্ৰাচীনতা নিৰ্ণয়ৰ ব্যৱস্থা প্ৰথমেই কৰিব লাগিব। সেয়া নিশ্চয় সম্ৰ্ৰাট অশোকৰ শিলালিপি হ’ব নোৱাৰে। ইয়াৰ পৰা এইটো ঠাৱৰ হৈছে যে, অসমীয়া ভাষাৰ উৎপত্তি সম্পূৰ্ণ স্বকীয় আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত এই স্বকীয় ভাষাটো আন বহুটো ভাষা উপভাষাৰ প্ৰভাৱত শক্তিশালীহে হৈছে কিন্তু ই আন কোনো ভাষাৰ উপভাষা বা পৰিভাষা নহয়। বৰ্তমানৰ অসমীয়া ভাষাটো হৈছে প্ৰাচীন কামৰূপীয়া ভাষাৰ আধুনিক ৰূপ আৰু কামৰূপী লিপিৰেই অন্য নাম ব্ৰাহ্মীলিপি। অসমীয়া ভাষা বিকাশৰ ‘ আদি অসমীয়া যুগ ’ৰ যি সাহিত্য, তাৰ অধ্যয়নত গুৰুত্ব প্ৰদান কৰিব লাগিব ইতিহাস ৰচনাত জড়িত থকা ব্যক্তিসকলে। এইখিনিতে এটা কথা অতি সূক্ষ্ম দৃষ্টিৰে আৰু সতৰ্কতাৰে শুধৰাই ল’ব লাগিব যে, ভাৰত চৰকাৰৰ Department of Information Technology ৰ Technology of Indian Language Division এ ১৯৯১ চনত নিউয়ৰ্কত প্ৰতিষ্ঠিত Unicode Consortium ক ভাৰতবৰ্ষত ২২ টা সংবিধান স্বীকৃত ভাষা আৰু ১১ টা বিভিন্ন লিপি আছে বুলি জনাইছিল। এইবোৰৰ ভিতৰত বঙালী লিপিৰ ভিতৰতে অসমীয়া আৰু মনিপূৰী লিপি কেইটাও ধৰা হৈছে। এনেধৰণৰ মাৰাত্মক ভুলবোৰ যদি আমি প্ৰতিবাদ কৰি হ’লেও শুধৰণি কৰি নলঁও, তেনেহ’লে অসমীয়া সাহিত্যৰ অতীত আৰু ভৱিষ্যতৰ মাজত ডাঙৰ হেঙাৰ হৈ বিশ্ব দৰবাৰত ৰৈ যাব। ভাষা সাহিত্যৰ উৎপত্তি, প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত, নিদিষ্ট অঞ্চলৰ ৰজা, ৰাজকীয় শাসন ব্যৱস্থা, প্ৰাচীন জনগোষ্ঠী আৰু বৃহৎ জনগোষ্ঠীসমুহৰ অৱদানেই মূল ঐতিহাসিক ভেটি। ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ প্ৰাচীনতম আৰু বৃহত্তম খি
লঞ্জীয়া জনগোষ্ঠী হৈছে কলিতাসকল। এই ভূখণ্ডৰ প্ৰাচীন শাসক ৰজা ভগদত্ত আৰু বীৰদত্ত আছিল কলিতাসকলৰ আদিপুৰুষ। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল তথা ১২২৫ খৃী. ৰ পৰা ১২৫০ খৃী. লৈ ‘হাবুং’ ৰাজ্যৰ প্ৰথম ৰজা সুবলী আৰু তাৰ পৰৱৰ্তী কলিতা ৰজাসকলৰ শাসনকালৰ সভ্যতা সংস্কৃতিয়েই হৈছে অসমীয়া ভাষা সাহিত্যৰ মূল ইতিহাস থলী। চুকাফাই কলিতাসকলৰ ভাষা সংস্কৃতি গ্ৰহণ কৰা বুৰঞ্জীৰ সমলবোৰো অসমীয়া সাহিত্যৰ ইতিহাস গৱেষণাৰ বাবে নিশ্চয় এক বিশেষ সম্পদ হিচাপে পৰিগণিত হ’ব। অসমীয়া সাহিত্যৰ ইতিহাস ৰচনাৰ লগত জড়িত ব্যক্তিসকলে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদানেৰে অসমীয়া ভাষাক বিশ্ব দৰবাৰত চিৰযুগমীয়া কৰাৰ নিশ্চয় প্ৰয়াস কৰিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments