অসমীয়া সাহিত্যৰ বুৰঞ্জী (ড° মৃণাল জ্যোতি গোস্বামী)

৪.৩.২ পীতাম্বৰ দ্বিজ
পীতাম্বৰ কবিৰ ব্যক্তিগত জীৱনৰ বিষয়ে বৰ বিশেষ একো জনা নাযায়৷ তাৰ কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি- তেওঁৰ দ্বাৰা ৰচিত পুথিসমূহ দুষ্প্ৰাপ্য৷ বতৰ্মানলৈকে ‘ঊষা পৰিণয়’খনৰ বাদে এওঁৰ দ্বাৰা বিৰচিত আন গ্ৰন্থ অসমত উদ্ধাৰ হোৱা নাই৷ বাকীখিনি কোচবিহাৰত সংৰক্ষিত হৈ আছে আৰু তেওঁৰ সাহিত্যৰাজি বঙলা সাহিত্যৰ অন্তৰ্ভুক্ত কৰা হৈছে৷ অৱশ্যে দুটা কথা খাটাং যে তেওঁ শংকৰদেৱৰ সমসাময়িক আছিল আৰু বিশ্বসিংহৰ পুত্ৰ সমৰসিংহ অৰ্থাৎ নৰনাৰায়ণ নৃপতিৰ ভাতৃ চিলাৰায়ৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল৷ তদপুৰি তেওঁৰ জন্মস্থান তথা বাসস্থান কোচৰাজ্যৰ ৰাজধানী কমতাপুৰ আছিল৷

অসমীয়া চৰিত সাহিত্যত পীতাম্বৰ কবিৰ দশমস্কন্ধৰ অনুবাদ শংকৰদেৱে নাকচ কৰাৰ এটি প্ৰসংগ সন্নিৱিষ্ট হৈছে৷ ১৫৪৬ খ্ৰীঃ মানত মহাপুৰুষ শংকৰদেৱে বৰপেটা অঞ্চলত থাকিবলৈ লোৱা সময়তে নতুনকৈ শৰণ লোৱা নাৰায়ণ ঠাকুৰক সেই অঞ্চলৰ উল্লেখযোগ্য ব্যক্তিসকলৰ নাম সোধে৷ ইয়াৰ প্ৰসংগতে নাৰায়ণ ঠাকুৰে পীতাম্বৰ কবিৰ কথা ব্যক্ত কৰি তেওঁ যে দশমস্কন্ধৰ পদ অসমীয়ালৈ ভাঙিছে সেই কথা প্ৰকাশ কৰে৷ শংকৰদেৱে তাৰ পদ মাতিবলৈ কোৱাত নাৰায়ণ ঠাকুৰে শুনালে-
বিলাপ কৰি কান্দে দেৱী ৰুক্মিণী৷
কোন অংগে খুন দেখি নাইলা যদুমণি৷৷
এনে বণৰ্না শুনি শংকৰদেৱে তেওঁ ‘তামসিক কবি’ বুলি তিৰস্কাৰ কৰে৷ এই সাক্ষ্য মানি ল’লে আমি কবিজনাৰ কেইটিমান দিশ সম্পৰ্কে ধাৰণা কৰিব পাৰোঁ৷ প্ৰথমতে, ক’ব পাৰোঁ যে পীতাম্বৰ কবিৰ আদি ৰসাত্মক বৰ্ণনাৰ প্ৰতি দুৰ্বলতা আছিল৷ দ্বিতীয়তে, সেই সময়ছোৱাতে ভাগৱতৰ দশমস্কন্ধ অনুবাদৰ জৰিয়তে জনসাধাৰণৰ মাজত সুপৰিচিত হৈছিল৷ তৃতীয়তে, তেওঁ শংকৰদেৱৰ সমসাময়িক আছিল৷
‘প্ৰেত কৌমুদী’, ‘সংক্ৰান্তি কৌমুদী’ আদি স্মৃতি নিবন্ধ ৰচনা কৰা পণ্ডিত পীতাম্বৰ সিদ্ধান্তবাগীশ আৰু পীতাম্বৰ কবিক একেজন ব্যক্তি বুলি বহু পণ্ডিতে মত পোষণ কৰে৷ কিন্তু মহেশ্বৰ নেওগ প্ৰমুখ্যে কেইজনমান সাহিত্যৰ বুৰঞ্জীকাৰে এই সিদ্ধান্ত মানি লোৱা নাই৷ বৰ্তমানলৈকে পীতাম্বৰ দ্বিজে ৰচনা কৰা চাৰিখন পুথি পোহৰলৈ আহিছে৷ সেই কেইখন হ’ল- ‘ঊষা পৰিণয়’, ‘মাৰ্কেণ্ডয়-চণ্ডী’, ‘ভাগৱতৰ দশমস্কন্ধ’ আৰু ‘নল দময়ন্তী’৷
বতৰ্মানলৈকে ছপা ৰূপত উপলব্ধ পীতাম্বৰ কবিৰ একমাত্ৰ কাব্যখন হ’ল ঊষা-পৰিণয় ৷ গুৱাহাটীস্থিত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ (অসম)ৰ পুথিভঁৰালত এই কাব্যখনৰ তিনিটাকৈ নকল সংৰক্ষিত হৈ আছে৷ কাব্যত ইয়াৰ ৰচনাকাল ‘বাণ যুত বাণ বেদ শশা’ শক অৰ্থাৎ ১৪৫৫ শক বুলি উল্লেখ কৰা আছে –
কামতা নগৰ সুৰপুৰ অৱতাৰ৷
একমুখে কে কহিব যেন গুণতাৰ৷৷
তাত পীতাম্বৰ নামে শিশুমতি৷
উষা-পৰিণত গীত কৈলা সমাপতি৷৷
বাণ যুত বাণ বেদ শশা প্ৰমিত৷
বৈশাখ মাসৰ শুক্ল পক্ষ পঞ্চমীত৷৷
কাব্যখনত কবিজনাই কমতাপুৰৰ কথা উল্লেখ কৰিছে যদিও বিশ্বসিংহ নাইবা সমৰসিংহৰ কথা উল্লেখ কৰা নাই৷ সত্যেন্দ্ৰনাথ শৰ্মাই এই কাব্য সম্পৰ্কে মন্তব্য কৰিছে- ‘শৃংগাৰ ৰসৰ প্ৰাচুৰ্যই চপল কল্পনাৰ প্ৰাধান্যই আৰু নিজকে শিশুমতি পৰিচয় দিয়া কথাই কাব্যখন নবীন বয়সৰ ৰচনা বুলি প্ৰতীতি জন্মায়’৷ পীতাম্বৰে ঊষা-পৰিণয়খনক কাব্য বুলি উল্লেখ কৰাৰ পৰিৱৰ্তে গীত আৰু পাঞ্চালী বুলিহে কৈছে-
• উষা-পৰিণয় গীত কৈলা সমাপতি৷
• ৰচিবো পাঞ্চালি তাতে জত দোষ থাকে৷
হৰিবংশৰ বিষ্ণুপৰ্বৰ অন্তগৰ্ত ১১৬ অধ্যায়ৰ পৰা ১২৮ অধ্যায়ৰ বিষয়বস্তুৰ গ্ৰহণ কৰি মূল কাহিনীভাগক পৰিৱৰ্তন নকৰাকৈ দুই-এটা পৰিস্থিতি আৰু চৰিত্ৰ-সৃষ্টিতহে কবিয়ে মৌলিকতা আৰোপ কৰিছে৷ কামসেনা যক্ষিণী আৰু কোকিলা ধাইৰ কাৰ্য-কলাপ, অনিৰুদ্ধ বিৰহৰ দুখত সন্ন্যাসী হোৱাৰ চেষ্টা— এনে দুই-এটা কথা নিজাকৈ সন্নিৱিষ্ট কৰিছে৷
মাৰ্কণ্ডেয় চণ্ডী পুথিখন বৰ্তমানলৈকে ছপা হোৱা নাই৷ কোচবেহাৰৰ উত্তৰবংগ ৰাজ্যিক পুথিভঁৰালত ইয়াৰে দুটি নকল সংৰক্ষিত হৈ আছে৷ তুলাপাতত লিখা এই নকলকেইটিৰ পৰা জানিব পাৰি যে যুৱৰাজ সমৰসিংহ (সংগ্ৰামসিংহৰ)ৰ আজ্ঞাক্ৰমে পীতাম্বৰ কবিয়ে মাৰ্কণ্ডেয়-চণ্ডী ৰচনা কৰে-
মহাৰাজ বিশ্বসিংহ কমতা নগৰে৷
তাৰ পুত্ৰ ভোগে তুল্য নহে পুৰন্দৰ৷৷
… … … …
পুৰাণাদি শাসেত্ৰ সেহি ৰহস্য আছয়৷
পণ্ডিতে বুঝয় মাত্ৰ অন্যে না বুঝয়৷৷
একাৰণ শ্লোক ভাঙ্গি সবে বুঝিবাৰ৷
নিজ দেশ ভাষা বন্দে ৰচিয়ো পয়াৰ৷৷
জেমন জুৱৰাজ আজ্ঞা কৈল মোৰে৷
জাৰ আজ্ঞা অন্য অন্য ৰাজা ধৰে শিৰে৷৷
তাহাৰ আদেষে আমি স্থিৰ কৰি মন৷
বিশেষ ভবানী কথা কৰি বিৰচন৷৷
এই কাব্যখনৰ ৰচনাকাল সম্পৰ্কে মতবিৰোধ আছে৷ উল্লেখযোগ্য যে কোচবেহাৰত সংৰক্ষিত হৈ থকা কাৰণে এই পুথিখন আৰু পিতাম্বৰ কবিক বাংলা সাহিত্যৰ অন্তৰ্ভুক্ত কৰি লৈছে বাংলা সাহিত্যৰ বুৰঞ্জীকাৰসকলে৷ সংস্কৃত ‘মাৰ্কণ্ডেয় পুৰাণ’ৰ মুক্ত অনুবাদ এই কাব্যখনৰ বিষয়বস্তুৱে কবিক বৈষ্ণৱ আদৰ্শৰ প্ৰভাৱৰপৰা মুক্ত কৰি ৰাখিছে৷ ইয়াত কবিয়ে চণ্ডীৰ অসুৰ-বধ আখ্যান বৰ্ণনা কৰিছে৷
পীতাম্বৰ কবিৰ ‘ভাগৱতৰ দশমস্কন্ধ’ পুথিখনৰ এটি নকল কোচবেহাৰৰ উত্তৰবংগ ৰাজ্যিক পুথিভঁৰালত সংৰক্ষিত হৈ আছে৷ এই অসম্পূৰ্ণ পুথিখনৰ বহু ফলক নষ্ট হৈ চিনিব নোৱাৰা হৈছে আৰু ইয়াতে কবিয়ে যুৱৰাজ সমৰসিংহৰ পৃষ্ঠপোষকতাত এই পুথিখনি ৰচনা কৰিছিল বুলি উল্লেখ কৰিছে-
অভিনৱ পুৰ শে জে কামতা নগৰ৷
. . . আছয় বিশ্বসিংহ নপৃবৰ৷৷
তাহাৰ তনয় জে সমৰসিংহ নাম৷
কৃষ্ণৰ লীলাত তাএে য়তি অভিৰাম৷৷
কৃষ্ণ পদ পদ্মে তাৰ ভকতি শততে৷
. . গুণ কিছু স্বভিশ্বাস(?) চিৰ্ত্তে৷৷
শিশুমতি পিতাম্বৰ তাহাৰ সমিপে৷
কৃষেৰ লীলাৰ পদ ৰচিল সংক্ষেপে৷৷
পুথিখনত ইয়াৰ ৰচনাকাল সম্পৰ্কে কোনো কথা উল্লেখ নাই যদিও বিভিন্ন প্ৰমাণৰ ভিত্তিত ১৪৫৫ শক আৰু ১৪৬৮ শকৰ ভিতৰত এই পুথিখন ৰচনা কৰিছিল বুলি মত পোষণ কৰে৷ কবিয়ে মূলতঃ মূলানুগতভাৱে এই পুথিখন ৰচনা কৰিছিল যদিও ঠায়ে ঠায়ে অৱশ্যে তেওঁৰ চিন্তা-ভাৱনাক মুক্ত স্ফূৰণো দিছে৷ এই পুথিৰ পদ শুনি শংকৰদেৱে তেওঁক ‘শাক্ত তামসিক’ আখ্যা দিছিল বাবেই সম্ভৱতঃ অসমৰ ভক্ত সমাজত এই পুথিখনে আদৰ নাপালে আৰু সেইবাবেই হৈ পৰিল ই দুষ্প্ৰাপ্য৷
পীতাম্বৰৰ ভণিতা থকা আনখন পুথি হ’ল ‘নল-দময়ন্তী’৷ এই পুথিখনেও বৰ্তমানলৈকে ছপাৰ মুখ দেখা নাই৷ ইয়াৰে এটা নকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুৰণি পুথি সংৰক্ষণ বিভাগত সংৰক্ষিত হৈ আছে৷ তুলাপাতত লিখা এই পুথিখনৰ আৰম্ভণিৰে কেইখিলামান পাত নাই৷ পুথিখনত কবিজনাৰ ভণিতা আছে এনেদৰে-
অতি অনপুম কথা নলেৰ চৰিত্ৰ৷
শুনিলে সম্পদ বড়ে খণ্ডয় দুৰিত৷৷
পূন্য কথা পয়াৰ প্ৰবন্ধ পূন্যময়৷
হৰি পৰসনে কবি পীতাম্বৰে কয়৷৷
পুথিখনৰ ৰচনাকাল সম্পৰ্কে পণ্ডিতসকলৰ মতামত একে নহয়৷ কিন্তু নল-দময়ন্তীৰ ভাষা ভাগৱতৰ ভাষাতকৈ আধুনিক যেন লাগে আৰু ইয়াৰ ভাষা প্ৰবাহশীল স্পষ্ট আৰু আকৰ্ষণীয়৷ কবিয়ে মহাভাৰতৰ পৰা চয়ন কৰা কাহিনীভাগেৰে গীত আৰু পদৰ সংমিশ্ৰণত এই পুথিখন ৰচনা কৰিছে৷ এই পুথিখনৰ আটাইতকৈ মনোগ্ৰাহী কথাটি হ’ল কৰুণ ৰসৰ সাৱলীল আৰু মনোৰম প্ৰকাশ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক