অসমীয়া সাহিত্যৰ বুৰঞ্জী (- ড° মৃণাল জ্যোতি গোস্বামী)

৩.৪.৩ মনকৰ
মনকৰেও তেওঁৰ আত্মপৰিচয় সম্পৰ্কে বৰ বিশেষ কথা তেওঁৰ গীত পদৰ মাজেদি ব্যক্ত কৰা যোৱা নাই৷ নিজৰ পৰিচয়ৰ প্ৰসংগত ‘কালিন্দ্ৰী মাৱৰ গুণ সুজন নাযায়’ বুলি কোৱাৰ পৰা ধাৰণা কৰা হয় যে তেওঁৰ মাতৃৰ নাম আছিল কালিন্দ্ৰী৷ এওঁৰ কাব্যখনত ‘কামৰূপৰ কামাখ্যা বন্দো ঢেকেৰিআৰ নাতি’ বুলি উল্লেখ কৰা কথাখিনি অলপ খোঁকোজা লগা৷ কালিৰাম মেধিয়ে এই ‘ঢেকেৰিআৰ নাতি’ শব্দাংশৰ আধাৰতে ঢেকেৰীয়া ৰজাৰ নাতি ৰূপে আখ্যা দিব বিচাৰে আৰু তেওঁৰ সময়সীমা দ্বাদশ-ত্ৰয়োদশ শতিকা বুলি ক’ব খোজে৷ কিন্তু পৰৱৰ্তী সময়ত মেধিৰ এই কথাষাৰ মানি লোৱা নহ’ল৷ কাৰণ ‘ঢেকিৰীআৰ নাতি’ হোৱা হ’লে মনকৰে কেতিয়াও কমতা ৰজাক বন্দনা নকৰিলেহেঁতেন৷ তদপুৰি ঢেকেৰীঅ পদটো ‘ঢেক’ৰ (অৰ্থাৎ- ৰাগ-ৰাগিনীৰ) বিশেষণবাচক শব্দ৷ যিজনে ৰাগ টানে বা ৰাগ-ৰাগিনী যুক্ত গীত গাই তেঁৱেই ঢেকেৰীয়া৷ মনকৰ আছিল ওজা বা গীতাল৷ তেওঁৰ ককাকো গীতাল আছিল বুলি অনুমান কৰি জনসমাজত ‘ঢেকেৰীয়া’ ৰূপে পৰিচিতি লাভ কৰিছিল বুলি বহু পণ্ডিতে মত দিয়ে৷ মনকৰে সেই বাবেই নিজকে ‘ঢেকেৰীআৰ নাতি’ বুলি মন্তব্য কৰিছে বুলি এইচাম পণ্ডিতে মত আগবঢায়৷

কবিয়ে তেওঁৰ ৰচনাৰ এঠাইত উল্লেখ কৰিছে যে ‘কমতাইৰ ৰাজা বন্দো ৰাজা জল্পেশ্বৰ৷/একশত মহিষি বন্দো অঠাৰ কুমৰ৷৷’ দুৰ্গাবৰ কায়স্থৰ পদ্মাপুৰাণতো ‘কমতা ঈশ্বৰ ৰাজা বন্দো বিশ্বসিংহ নপৃবৰ৷ আঠচল্লিশ মহিষী বন্দো অঠৰ কোঁৱৰ’ বুলি উল্লেখ থকাৰ পৰা মহেশ্বৰ নেওগে মত পোষণ কৰে যে জল্পেশ্বৰ আৰু বিশ্বসিংহ একেজন ৰজা৷ বিশ্বসিংহৰ ৰাণীৰ (মহিষিৰ) সংখ্যা লৈ এওঁলোক দুজনৰ মাজত তথা বিভিন্ন বুৰঞ্জীকাৰৰ মাজত অমিল আছে যদিও কোঁৱৰৰ সংখ্যা যে ওঠৰ সেয়া সবৰ্জন স্বীকৃত৷ এই কথাৰ পৰাই অনুমান কৰা হয় যে মনকৰ বিশ্বসিংহৰ আমোলৰে কবি৷
মনকৰে ৰচনা কৰা পুথিখন হ’ল ‘পদ্মাপুৰাণ’ বা ‘মনসাপুৰাণ’ বা ‘মনসাকাব্য’ বা ‘মনকৰী’৷ অৱশ্যে কবিবৰে তেওঁৰ দ্বাৰা বিৰচিত মনসা কথা বৃত্তক ‘পদুমাইৰ গীত’, ‘পাঞ্চালী’ বা ‘শ্ৰাবনেৰ গীত’ বুলিহে আখ্যা দিছে৷ যথা-
• মনকৰে ৰচিলেক পদুমাইৰ গীত৷
• মনকৰে ৰচিলেক বিহাৰ পাঞ্চালি৷
• মনকৰে ৰচিলেক শ্ৰাৱনেৰ গীত৷
বৰ্তমানলৈকে মনসা কাব্য সম্পূৰ্ণৰূপে ছপা হৈ ওলোৱা নাই৷ সত্যেন্দ্ৰনাথ শৰ্মা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত (প্ৰথম প্ৰকাশ ১৯৫১) এটা খণ্ডহে ছপা হৈ ওলাইছে৷ অৱশ্যে কামাখ্যাধাম তথা বামুন্দি শুৱালকুছিৰ কেইবাটাও পৰিয়ালত এই পুথিখনৰ হাতেলিখা প্ৰতিলিপি এতিয়াও সংৰক্ষিত হৈ আছে৷ ছপা হোৱা পুথিখনৰ আধাৰত ক’ব পৰা যায় যে সৰস্বতীৰ বন্দনাৰে আৰম্ভ হোৱা এই পুথিখন তিনিটা খণ্ডত ভাগ কৰি ৰচনা কৰা হৈছে৷ যথা- (১) সৃষ্টি খণ্ড (২) হৰ-পাৰ্বতীৰ বিবাহ খণ্ড আৰু (৩) পদ্মাৰ জন্ম খণ্ড৷ প্ৰথম খণ্ডত ১৩টা, দ্বিতীয় খণ্ডত ৪৮টা আৰু তৃতীয় খণ্ডত ১৫টা গীত সন্নিৱিষ্ট হৈছে৷ সৃষ্টি খণ্ডটিত বিভিন্ন দেৱ-দেৱী জন্মৰ সহিতে মনসা পূজাৰ লগত জড়িত বিভিন্ন অনুষংগৰ জাগৰণ, সৃষ্টি পাতন, অনাদি ব্ৰহ্মৰ দ্বাৰা ব্ৰহ্মা বিষ্ণু আৰু শংকৰৰ পৰীক্ষা আৰু মহাদেৱৰ গৰ্ভত অনাদি ব্ৰহ্মৰ স্থিতি, পদ্মাৰ পূজাৰ সময় আৰু প্ৰয়োজনীয় সামগ্ৰীৰ আভাস, হেমন্ত ঋষিৰ তপস্যা আৰু দুৰ্গাৰ উৎপত্তি, দুৰ্গাৰ জন্ম বৃত্তান্ত, পদ্মাৰ জন্ম কথা আৰু স্বৰ্গৰ পৰা মৰ্ত্যলৈ অৱতৰণৰ কথা বৰ্ণনা কৰা হৈছে৷
হৰ-পাৰ্বতীৰ বিবাহ খণ্ডটিও দেৱ-দেৱী তথা কমতা ৰজাৰ বন্দনাৰে আৰম্ভ কৰি দুৰ্গাক লাভ কৰিবলৈ শিৱই কৰা বিভিন্ন যত্ন, ফুলনি নিৰ্মাণ, ফুলনিত শিৱ দুৰ্গাৰ মিলন, শিৱৰ বিবাহ যাত্ৰা আৰু শিৱ-পাৰ্বতীৰ বিবাহৰ প্ৰস্তুতি তথা ব্ৰহ্মাৰ দ্বাৰা হোম-যজ্ঞৰ সম্পাদনেৰে শেষ হৈছে৷ তৃতীয় খণ্ডটিত পুষ্প-বনলৈ শিৱৰ যাত্ৰা তাতে হংস-হংসীৰ কাম-ক্ৰীড়া দেখি শিৱৰ বীৰ্যস্খলন সেই বীৰ্য সৰোবৰৰ পদ্মপত্ৰত পৰাত পদ্মনলাৰে পাতাল প্ৰৱেশ আৰু বীৰ্যৰ পৰা পদ্মাৰ জন্ম, পদ্মাক দেখি শিৱৰ কাম-মোহ প্ৰাপ্তি আৰু পিতা-পুত্ৰীৰ পৰিচয়, মক্ষিকা ৰূপ ধাৰণ কৰি শিৱৰ কৰণ্ডিত পদ্মাৰ প্ৰৱেশ আৰু পিতৃগৃহলৈ যাত্ৰা, শিৱৰ দ্বাৰা ঘৰৰ চালত কৰণ্ডি স্থাপন৷ সন্দেহবশতঃ গংগা-দুৰ্গাৰ দ্বাৰা শিৱৰ কৰণ্ডি পৰীক্ষা কৰিবলৈ অনুমতি বিচাৰ বৰ্ণনাতেই ছপা পুথিখন সামৰণি পৰাত বৰ্ণনাটি অসম্পূৰ্ণ হৈ ৰ’ল৷ মনকৰৰ এই পুথিখনত চান্দো সদাগৰ আৰু বেউলা লখিন্দৰ সম্পৰ্কীয় কাহিনীভাগ বৰ্ণিত হোৱা নাই৷ অৱশ্যে কবিয়ে যে এইখিনি বৰ্ণনা কৰিবলৈ মনস্থ কৰিছিল তাৰ আভাস ছপা পুথিখন আছে-
মায়ক ডংকিয়া ভৈল মনসাই৷
কাঞ্চেৰ মেড়ত পশি ডংকিবো লখাই৷
এই অসম্পূৰ্ণ কাব্যখনৰ পৰাই মনকৰৰ ৰচনাৰীতি সম্পৰ্কে কিছু তথ্যৰ সম্ভেদ পোৱা যায়৷ মনকৰ যে স্বভাৱ কবি আছিল লৌকিকতাক অধিক গুৰুত্ব দিছিল সেই বিষয়ে গম পাব পাৰি৷ মনকৰৰ কাব্যখনৰ চৰিত্ৰসমূহ দেৱ সুলভ গাম্ভীৰ্য বা মহত্বৰে উদ্ভাসিত নহয় বৰং মানবীয় ঈৰ্ষা, দুৰ্বলতা, যৌন আবেগেৰেহে পৰিচালিত৷ নাৰদৰ চৰিত্ৰটিও আমাৰ লোকসমাজৰ টেটোন চৰিত্ৰৰ দৰে, পদ্মাৰ চৰিত্ৰটি ভালদৰে ফুটি নুঠিল৷ বহু সময়ত কাব্যখনৰ শৃংগাৰ ৰসৰ বৰ্ণনাই শ্লীলতাৰ সীমা চেৰাই যোৱা যেন অনুভৱ হয়৷ হাস্যৰসো প্ৰায়ে স্থূল ৰূপত চিত্ৰিত হৈছে৷ উপমা, অলংকাৰৰ দ্বাৰা মনকৰৰ ভাষা ভাৰাক্ৰান্ত নহয়, গীতবোৰৰ আৰম্ভণিতে ৰাগ-ৰাগিনীৰ উল্লেখ নাই যদিও দিহাৰ উল্লেখ আছে, লয়-তাল-মানযুক্ত সাংগীতিক গুণসম্পন্ন আৰু ভাষাও লোকজীৱনৰ পৰা আহৰিত৷
মনকৰৰ এই পুথিখনত লোকজীৱনৰ মনস্তত্ত্ব, ভাব-আবেগ, দ্বেষ-ঈৰ্ষা, অন্ধবিশ্বাস, আচাৰ-ব্যৱহাৰ সুন্দৰ ৰূপত ফুটি উঠিছে৷ তদানীন্তন সমাজ জীৱনৰ বিভিন্ন চিত্ৰ, যেনে— হৰ-পাৰ্বতীৰ বিয়া, কৃষিকাৰ্যৰ বৰ্ণনা, সাজ-পোচাক, অলংকাৰ, জোৰোণ দিয়া প্ৰথা, প্ৰসূতি গৃহৰ চিত্ৰ, হোম যজ্ঞৰ বিৱৰণ আদি সুন্দৰ ৰূপত বিশদভাৱে বৰ্ণিত হৈছে৷ লোককাব্যৰ শৈলী, বৈশিষ্ট্য অকৃত্ৰিমতা আৰু প্ৰবাহশীলতাই হ’ল মনকৰৰ ৰচনাৰ অন্যতম বৈশিষ্ট্য আৰু এওঁৰ কাব্যত পুৰাণ সদৃশ বিস্তৃতি নাই আছে কাব্য সদৃশ ঘটনাৰ সংহতি৷

৩.৪.৪ সুকবি নাৰায়ণদেৱ
মৌখিক পৰম্পৰাৰে প্ৰচলিত মনসা কথা বৃত্তক মহাকাব্যিক ৰূপ প্ৰদান কৰা সকলৰ ভিতৰত অন্যতম হ’ল সুকবি নাৰায়ণদেৱ৷ আন আন প্ৰাচীন কবিসকলৰ দৰেই এই জনা কবিৰো জন্মস্থান, সময়, জাত-কুল আদি লৈ বিতৰ্কৰ অন্ত নাই৷ কবিয়ে তেওঁৰ নাম সুকবি নাৰায়ণদেৱ বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ পিতাকৰ নাম যে নৰসিংহ আছিল সেই বিষয়েহে ৰচনাৰাজিৰ মাজেদি আমাক জানিবলৈ দিছে৷ এইজনা কবিৰ পদ্মাপুৰাণ বংগদেশত সমানে জনপ্ৰিয়৷ সেইবাবে বহু বঙলা সমীক্ষকে তেওঁক বঙলা ভাষীৰূপে সাব্যস্ত কৰিবলৈ বিচাৰে যদিও পুথিখনত ব্যৱহৃত ভাষা, পৰিচিত স্থানৰ উল্লেখ, বৰ্ণিত ৰীতি-নীতিৰ লগতে পদ্মাপুৰাণখনৰ জনপ্ৰিয়তা, আখ্যানভাগ সম্পৰ্কে প্ৰচলিত বিভিন্ন জনশ্ৰুতি আৰু অসমত প্ৰাপ্ত প্ৰতিলিপিৰ সংখ্যালৈ লক্ষ্য কৰি এওঁক অসমীয়া কবিৰূপে ঠাৱৰ কৰা হৈছে৷
এওঁৰ সময়সীমা সম্পৰ্কে ভিন্নমত পোষণ কৰে বিভিন্ন সমীক্ষকে৷ সুকুমাৰ সেনৰ মতে এওঁ ষোড়শ শতিকাৰ আৰু খেনোৰ মতে দ্বাদশ-ত্ৰয়োদশ শতিকাৰ আৰু খেনোৰ মতে সপ্তদশ শতিকাত৷ নাৰায়ণদেৱে দৰঙী ৰজা ধৰ্মনাৰায়ণৰ (১৬১৫-১৬৩৭)ৰ পৃষ্ঠপোষকতা কৰাৰ সপক্ষে বহু মত পোৱাৰ আধাৰত ড° সত্যেন্দ্ৰনাথ শৰ্মাই ‘.. তেওঁ সপ্তদশ শতিকাৰ আদিভাগৰ কবি আছিল বুলি মন্তব্য কৰিছে৷’ আনহাতে পাঁচালী সাহিত্যৰ সংগ্ৰাহক ভৰত চন্দ্ৰ দাসৰ মতে সুকবি নাৰায়ণদেৱ শুৱালকুছিৰ বাসত্তৰীয়া ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু উক্ত পৰিয়ালত এতিয়াও নাৰায়ণদেৱৰ পদ্মাপুৰাণ সংৰক্ষিত আছে৷
পদ্মাপুৰাণৰ ভণিতাত নাৰায়ণদেৱৰ বিভিন্ন নাম, যেনে— বিপ্ৰ জানকীনাথ, বিপ্ৰ ৰঘুনাথ আদিৰ উল্লেখেৰে ভণিতা আছে৷ বহুতে এয়া ওজা পৰম্পৰাৰ এক বৈশিষ্ট্য বুলিও চিহ্নিত কৰিব বিচাৰে৷ হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ মাজত নাৰায়ণদেৱৰ পুৰাণখন এসময়ত বৰ জনপ্ৰিয় আছিল৷ সেয়ে বিভিন্ন জন ওজাই নিজৰ ধৰণে বহু কথা সংযোগ কৰি এইদৰে ভণিতা পেলাব পাৰে বুলিও অনুমান কৰা হয়৷ এই পুৰাণখনৰ বহু বিৱৰণ প্ৰক্ষিপ্ত৷ সত্যেন্দ্ৰনাথ শৰ্মাই সেইবাবে মন্তব্য কৰিছে—‘অতি প্ৰাচীন কালত সূতবিলাকে পুৰাণ কথা ব্যাখ্যা কৰোঁতে নিজস্ব কথা কিছুমান সুমুৱাই দি যেনেকৈ মহাভাৰত, পুৰাণ আদিৰ কলেৱৰ বৃদ্ধিত সহায় কৰিলে তেনেকৈ ওজা পৰম্পৰাৰ হাতত সুকবি নৰায়ণৰ পদ্মাপুৰাণে বিস্তৃতি লাভ কৰে৷’
নাৰায়ণদেৱৰ নামত প্ৰাপ্ত একমাত্ৰ পুথি এই পদ্মাপুৰাণখনৰ কলেৱৰ বহু ডাঙৰ৷ জনসমাজত সুকনান্নী নামেৰে প্ৰচলিত এই কাব্যখনক কবিয়ে কিন্তু ‘পাঞ্চালী’ বুলিহে আখ্যা দিছে৷ সুকনান্নী পদটো ‘সুকবি নাৰায়ণদেৱ নিগদতি’ বাক্যটোৰ প্ৰতিটো পদৰ আদ্য অক্ষৰৰ সংযোগত সিদ্ধ হৈছে— সু(সু)+ক (কবি)+না(নাৰায়নদেৱ) +নি(নিগদতি) = সুকনানি৷ আৰু আদ্য শ্বাসাঘাটৰ হেতু মধ্যস্বৰ ‘অ’ লোপ পোৱা বাবে পদটো ‘সুকনান্নি’ বা ‘সুকনান্নী’ ৰূপে উচ্চাৰিত হৈছে৷ নাৰায়ণদেৱৰ পদ্মাপুৰাণৰ বিষয়বস্তুক সাধাৰণতে তলত দিয়া ধৰণে বিভাজন কৰি দেখুৱাব পাৰি বুলি নবীনচন্দ্ৰ শৰ্মাই মত পোষণ কৰে৷ (ক) উজনি খণ্ড (খ) ভাটীয়ালী খণ্ড
ইয়াৰে উজনি খণ্ডত সৃষ্টি পাতনৰ পৰা আৰম্ভ কৰি চন্দ্ৰধৰৰ কাহিনী, বেউলা লখিন্দৰৰ বিবাহ আৰু উভয়কে মেৰঘৰত থোৱালৈকে বিস্তৃত৷ আনহাতে ভাটীয়ালী খণ্ডত লখিন্দৰক বধ কৰিবলৈ উপায় বিচাৰি নাপাই পদ্মাৱতীয়ে নেতাৰ গলত ধৰি কন্দাৰ পৰা আৰম্ভ কৰি লখিন্দৰক দংশন, বেউলাৰ অনিৰ্দিষ্ট যাত্ৰা আৰু পদ্মাৱতীয়ে তেওঁক জীয়াই তোলা তথা চন্দ্ৰধৰে মনসাক আনুষ্ঠানিকভাৱে পূজা দিয়া এই সকলোখিনিক সামৰা হৈছে৷ পদ্মাপুৰাণখন মহাকাব্য বা পুৰাণৰ দৰে বিভিন্ন উপ-কাহিনীৰে ভৰপূৰ আৰু গোটেইখন গীতৰ সমষ্টি৷ কবিয়ে নিজেই উল্লেখ কৰিছে যে-
• মধুৰ কোমলগিত উদয় প্ৰকাস৷
• সুকবি নাৰায়ণদেৱৰ মধুৰ সংগতি৷ ইত্যাদি৷
পুৰাণখনত গীতবোৰত প্ৰায়বোৰ দিহাৰ লগত বিভিন্ন ৰাগ-ৰাগিনী বান্ধি দিয়া হৈছে৷ তদপুৰি সাংগীতিক লয় ৰক্ষা কৰিবৰ বাবে পদ আৰু দিহাত ‘আৰে-হে’, ‘ভালহে ন্যাৰ-ৰে’ আদি শব্দাংশৰ প্ৰয়োগ কৰা হৈছে৷ এই পুৰাণখনত ব্যৱহৃত হোৱা ৰাগ-ৰাগিনীবোৰৰ ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল— শ্ৰী, ঝুলুনা, মল্লাৰ, ভৈৰৱী, পটমঞ্জৰী, ধনশ্ৰী, ভাঠিয়ালী, নাট, শ্ৰীবসন্ত, কৰুণা, ভাটিয়ালী, কেদাৰ, পাহাৰী, কৰুণা, অহিৰ, বৰাৰি, ৰামাগিৰি, পাসজ চই (চয়) আদি৷ উল্লেখযোগ্য যে এইখন পুৰাণত সন্নিৱিষ্ট প্ৰতিটো গীতেই পাঞ্চালী সংগীতৰ ৰীতি-অনুসৰি দিহা সংযোজিত হৈছে৷ পদ্মাপুৰাণখন মূলতঃ দেৱী মাহাত্ম্য, অৰ্থাৎ মনসা দেৱীৰ মাহাত্ম্য প্ৰকাশৰ গ্ৰন্থ যদিও ইয়াত চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত কবিজনাই পিছে কেৱল মনসাকে গুৰুত্ব প্ৰদান কৰা নাই৷ মনসাৰ উপৰি আন আন চৰিত্ৰ, যেনে— শিৱ মহাদেৱ, নাৰদ, চান্দো সদাগৰ, নেতা, সোণেকা, বেউলা আদি প্ৰতিটো চৰিত্ৰই সমানে গুৰুত্ব পাইছে৷ অৱশ্যে ইয়াত চৰিত্ৰসমূহে বৈদিক বা পৌৰাণিক চৰিত্ৰৰ দৰে হৈ নাথাকি লৌকিক গ্ৰাম্য দেৱ-দেৱতাৰ ৰূপ পৰিগ্ৰহ কৰিছে৷ লোকজীৱনৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰত পল্লৱিত হৈছে প্ৰতিটো চৰিত্ৰ৷ চৰিত্ৰসমূহ সাধাৰণ মানৱীয় আচাৰ অনুভূতিৰে স্থানীয় মাটিৰ গোন্ধৰে সিক্ত৷ নাৰায়ণদেৱে দেৱী-মাহাত্ম্য প্ৰকাশকে মূল লক্ষ্য হিচাপে লৈছে যদিও কবিৰ আদৰ্শ বৈষ্ণৱ কবিসকলৰ দৰে আদৰ্শ প্ৰধান নহয়, অধিক গুৰুত্ব লৌকিকতাহে৷
গোটেই পুৰাণখনত বৰ্ণিত বিভিন্ন ঘটনা-উপঘটনাত অসমৰ সমাজ জীৱনৰ বিভিন্ন চিত্ৰই সবলভাৱে ভুমুকি মাৰিছে৷ প্ৰণিধানযোগ্য যে বিভিন্ন সমীক্ষকে তথা সাহিত্যৰ সমালোচকসকলে লোককাব্য তথা মৌখিক সাহিত্যত অতিৰঞ্জনৰ প্ৰকাশ ঘটাতো অপৰিহাৰ্য শৈলী বুলি অভিহিত কৰে৷ এইখন কাব্যটো কাহিনীৰ বিকাশ, চৰিত্ৰ-সৃষ্টি, পৰিৱেশ সৃষ্টি আদিত অতিৰঞ্জনৰ সমাৱেশ লক্ষ্য কৰা যায়৷ কবি নাৰায়ণদেৱৰ ৰচনাত শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ প্ৰয়োগো এক উল্লেখযোগ্য বৈশিষ্ট্য৷ উদাহৰণস্বৰূপে—
পত্ৰাৱলী কপালে ৰচিকা নানা ৰূপে৷
বিজুলী চটক যেন মেঘৰ সমুখে৷৷
মদন ধনুক জিনি দুয়ো ভুৰ ৰঙ্গ৷
সঞ্জন জিনিয়া যেন নয়ন সুৰঙ্গ৷৷
ৰস সৃষ্টি ক্ষেত্ৰটো নাৰায়ণদেৱে দক্ষতাৰ পৰিচয় দাঙি ধৰিছে৷ কবিৰ প্ৰিয় ৰস হ’ল কৰুণ৷ সেইবাবেই সমীক্ষকসকলে মন্তব্য কৰে নাৰায়ণদেৱৰ নিৰ্মিতি বিশেষৰ অংগীৰস কৰুণ৷ ই যেন কবি নাৰায়ণদেৱৰ কৰুণ ৰসৰ মূৰ্তিমান প্ৰকাশ৷ মধ্যযুগীয় অসমৰ বপোৰ-বাণিজ্য বিনিময়ৰ মাধ্যম, উৎপাদিত সামগ্ৰী প্ৰভৃতিৰ বিষয়ে, অসমত শক্তিধৰ্মৰ প্ৰচলনৰ প্ৰমাণ স্বৰূপে এইখন পুৰাণত বিভিন্ন তথ্য সন্নিৱিষ্ট হৈছে৷ নবীনচন্দ্ৰ শৰ্মা প্ৰমুখ্যে বিভিন্ন সমীক্ষকে পদ্মাপুৰাণৰ ‘ভাটিয়ালী’ বা ভাইঠেলী খণ্ডটোক আটাইতকৈ মনোৰম বুলি স্বীকৃতি দিছে আৰু এই খণ্ডটোতে নাৰায়ণদেৱৰ প্ৰতিভাই পূৰ্ণ বিকাশ লাভ কৰিছে বুলিও মন্তব্য কৰে৷ নাৰায়ণদেৱে পয়াৰ আৰু লাচাৰি ছন্দৰ নামোল্লেখ কৰি তেওঁৰ পুৰাণখনতো যে এইকেইটা ছন্দ সজ্জাৰে প্ৰয়োগ কৰিছে তাৰে ইংগিত দিছে৷

৩.৪.৫ ষষ্ঠীবৰ
বেণুধৰ ৰাজখোৱাৰ Notes on the Sylheti Dialect’ (1913) নামৰ ৰচনাখনত মনসা কথাবৃত্তক লিখিত ৰূপ প্ৰদান কৰা ষষ্ঠীবৰৰ ৰচনাৰ চানেকি পোৱা যায়৷ পোন প্ৰথমবাৰৰ বাবে এইখন ৰচনাতে ষষ্ঠীবৰ কবিৰ ৰচনা সম্পৰ্কে সম্ভেদ পোৱা যায়৷ বাংলা পণ্ডিতসকলে এওঁক শ্ৰীহট্টৰ লোক বুলি অভিহিত কৰি বাংলা কবিৰ পৰিধিত সামৰিছে৷ কিন্তু ১৯৪৭ চন পৰ্যন্ত শ্ৰীহট্ট অঞ্চল অসমৰ চাৰিসীমাৰ ভিতৰত আছিল৷ তদপুৰি ৰচনা কৰা মনসা কথাবৃত্তৰ ভাষা পুৰণি অসমীয়া ভাষাৰ লগত বেলেগ নহয়৷
ষষ্ঠীবৰৰ সময় সম্পৰ্কেও সঠিক তথ্য উপলব্ধ নহয়৷ প্ৰচলিত জনশ্ৰুতি আৰু নিৰ্মিতি বিশেষৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যৰ আধাৰত ঠাৱৰ কৰিব পাৰি যে এওঁ খ্ৰীঃ সপ্তদশ শতিকাৰ লোক আছিল আৰু নাৰায়ণদেৱৰ পৰৱৰ্তী কালৰ কবি আছিল৷ দ্বিতীয়তে অশ্বমেধ পৰ্বৰ ৰচয়িতা কবি গঙ্গাদাসৰ পিতৃৰ নাম ষষ্ঠীবৰ আছিল৷ হেমচন্দ্ৰ গোস্বামীয়েও গংগাদাসক ষষ্ঠীবৰৰ পুত্ৰ বুলি স্বীকাৰ কৰিছে, যদিও বঙলা লোক বুলিহে ঠাৱৰ কৰিছে৷ কিন্তু পৰৱৰ্তীকালৰ গৱেষকসকলে প্ৰমাণ কৰিছে যে এওঁ অসমৰে ব্যক্তি আছিল৷ গংগাদাসে তেওঁৰ কাব্যত লিখিছে এনেদৰে-
হেন সন্ত মহন্তৰ কৰি নমস্কাৰ৷
বিৰচিবো অশ্বমেধ পৰ্ব্ব কথা সাৰ৷৷
নিগদতি গঙ্গাদাস সষ্ঠিবৰ সুত৷
মোৰ সম নাহি মূঢ় অতি অদভূত৷৷
বেণুধৰ ৰাজখোৱাই যুক্তিসহ প্ৰতিপন্ন কৰিছে যে শ্ৰীহট্টৰ ভাষাৰ লগত পুৰণি অসমীয়া ভাষাৰ কোনো ধৰণৰ পাৰ্থক্য নাই৷ এইফালৰ পৰা ষষ্ঠীবৰৰ ‘মনসা পুৰাণ’ৰ ভাষা অসমীয়া বুলি নিশ্চিতভাৱে ক’ব পাৰি৷ তেওঁৰ ভাষাৰ চানেকি হিচাপে দাঙি ধৰা হ’ল—
ধনাই দানৱে বোলে মনাই না ৰে ভাই৷
তোৰ ঘৰে দুই স্ত্ৰী মোৰ ঘৰে নাই৷৷
গায়েৰ অলাৰ বস্ত্ৰ তুমি তাৰে নেও৷
সুদা মনুষ্য গোটা মোকে তুলি দেও৷৷
কহে ষষ্ঠীবৰ কবি সৰস পাঁচালী৷
দুই ভাইৰ মধ্যতে লাগিল চুলাচুলি৷৷
ষষ্ঠীবৰ কবিয়ে ৰচনা কৰা মনসা কাব্যখনত বেউলা-লখিন্দৰৰ কাহনীভাগে বিশেষভাৱে প্ৰাধান্য লভিছে আৰু কৰুণ ৰসৰ সাৰ্থক প্ৰকাশ ঘটিছে৷ এওঁৰ ৰচনাশৈলী মালিতা ধৰ্মী৷ লৌকিকতা এইখন কাব্যৰো প্ৰধান বৈশিষ্ট্য৷ এওঁৰ ৰচনাত পিছে দুই এঠাইত আন আন মনসা কবিসকলৰ মত বেলেগ ধৰণে উপস্থাপিত হৈছে৷ যেনে- এওঁৰ মতে বেউলাৰ মাতৃৰ নাম কমলা, নাৰায়ণদেৱৰ মতে সুমিত্ৰা৷
ষষ্ঠীবৰে মনকৰ দুৰ্গাবৰ, নাৰায়ণদেৱৰ দৰে মুখ পৰম্পৰাত প্ৰচলিত মনসা কথাবৃত্তৰ আধাৰত সুকীয়া এক লিখিত মনসা পুৰাণ পৰম্পৰাৰ সৃষ্টি কৰে৷ উল্লেখযোগ্য যে বৰ্তমানো বৰাক উপত্যকাৰ অঞ্চল বিশেষত ষষ্ঠীবৰৰ মনসা পুৰাণ আবৃত্তি কৰা হয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক