অসমীয়া সাহিত্যৰ বুৰঞ্জী (চতুৰ্থ অধ্যায়) – মৃণাল জ্যোতি গোস্বামী

৪.১    শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্য

          মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ অনুগামী প্ৰিয় শিষ্য মাধৱদেৱে ষোড়শ শতিকাত আৰম্ভ কৰা সাহিত্যৰ ধাৰাটো গুৰু দুজনাৰ তিৰোভাৱৰ পিছতো চলি থাকিল৷ শংকৰ-মাধৱদেৱ পাছৰ সময়ছোৱাৰ ভিতৰত ৰচিত এই সাহিত্যখনিকে কোৱা হয় শংকৰৰোত্তৰ যুগৰ অসমীয়া সাহিত্য৷ সেই সময়ত উজনি অসমত আহোম ৰজাসকলৰ আৰু নামনি অসমত দৰঙী, কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চাৰ পৰিৱেশ এটা গঢ় লৈ উঠিছিল৷ গুৰু দুজনাৰ দেহাৱসানৰ পিছত তেৰাসৱৰ শিষ্য-প্ৰশিষ্যসকলে সাহিত্য ৰচনাৰ এই পৰম্পৰাটো আগুৱাই নিয়ে৷ বিশেষকৈ মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ কেইখনে বৈষ্ণৱ সাহিত্যৰ পৰম্পৰাক আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ এই সময়ছোৱাতে ‘চৰিত সাহিত্য’, ‘বুৰঞ্জী সাহিত্য’ আৰু ‘ব্যৱহাৰিক সাহিত্য’ নামৰ তিনিপ্ৰকাৰৰ সুকীয়া সাহিত্যও সৃষ্টি হয়৷

          এই সত্ৰসমূহৰ অধিকাৰ-মহন্তসকলে গুৰু দুজনাৰ পদাংক অনুসৰণ কৰি গীত-নাট-পদ আদি ৰচনা কৰিছিল৷ শংকৰী যুগৰ শেষৰ ফালে মাধৱদেৱে গুৰু শংকৰদেৱৰ গুণানুকীৰ্তনেৰে ‘চৰিত তোলা প্ৰথা’আৰম্ভ কৰিছিল৷ পৰৱৰ্তী কালত মাধৱদেৱ আদি মহাপুৰুষসকলৰ মৃত্যুৰ পাছত তেওঁলোকৰ কৰ্ম আৰু গুণাৱলী কীৰ্তন কৰাটোও সত্ৰীয়া ভকতসকলৰ এটা প্ৰধান কৰ্তব্য হৈ পৰিছিল৷ এই জীৱন-কাহিনীসমূহ পোনতে লিপিৱদ্ধ হোৱা নাছিল; নাইবা শিষ্যসকলেও লিপিবদ্ধ কৰাৰ কথা ভবা নাছিল৷ কিন্তু কিছুকাল যোৱাৰ পাছতহে কিছুমান শিষ্যই গুৰু-পৰম্পৰা বাগৰি অহা কাহিনীবোৰ লিপিবদ্ধ কৰিলে৷ এই লিপিবদ্ধ কৰা গ্ৰন্থসমূহেই হ’ল ‘চৰিত পুথি’৷

          সমসাময়িক সময়ত আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত লিপিবদ্ধ হোৱা ‘বুৰঞ্জী সাহিত্য’সমূহ হ’ল অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ৷ ঠিক সেইদৰে এই সময়তে আহোম স্বৰ্গদেউসকলৰ লগতে¸ নামনি অসমত দৰঙী, কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চাৰ পৰিৱেশ এটা গঢ় লৈ উঠিছিল৷ তাৰফলত সৃষ্টি হ’ল ‘ব্যৱহাৰিক সাহিত্য’ নামৰ আন এক শ্ৰেণীৰ সাহিত্য৷ এই তিনি শ্ৰেণীৰ সাহিত্যৰ উপৰি কথ্য ভাষালৈ ‘ৰামায়ণ’খনো এই সময়তে অনুবাদ হয়৷ লগতে বিভিন্ন পুৰাণ, ‘ৰামায়ণ’, ‘মহাভাৰত’ৰ আধাৰত বিবিধ কাব্য ৰচিত হ’বলৈ ধৰে৷ এই সকলোখিনিক সামৰিয়েই শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ ভাণ্ডাৰ সমৃদ্ধ৷

৪.২    চৰিত সাহিত্য

          চৰিত সাহিত্যসমূহত মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আৰু আন আন বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলৰ জীৱনৰ বিভিন্ন ঘটনা, তথ্য আদি লিখিত আকাৰত সংগৃহীতহৈছে৷ সত্ৰীয়াপৰিৱেশত সত্ৰাধিকাৰ আৰু শিষ্যগণৰ মাজত ধৰ্মবিষয়ক চিন্তা-চৰ্চা আৰু আলাপ-আলোচনা কৰাৰ প্ৰসঙ্গত গুৰু দুজনাৰ কথাও স্মৰণ কৰিছিল৷ আধুনিক সমালোচনাৰ দৃষ্টিভংগীৰে বিচাৰ কৰিলে ‘চৰিত পুথি’ নামেৰে পৰিচিত এই ৰচনাসমূহক অৱেশ্য প্ৰকৃত জীৱনী গ্ৰন্থৰ শাৰীত স্থান দিব নোৱাৰি৷ ‘জীৱনী আৰু অসমীয়া জীৱনী’ গ্ৰন্থখনতগোবিন্দ প্ৰসাদ শৰ্মাই অসমীয়া চৰিত পুথিৰ প্ৰসংগ টানি আনি কৈছে যে —  মধ্যযুগীয় ইংৰাজী সাহিত্যত খ্ৰীষ্টিয়ান সন্তসকলৰ অলৌকিক, অতিৰঞ্জিত গুণগান সম্বলিত একধৰণৰ জীৱনীমূলক ৰচনাৰ কথা পোৱা যায়, এই ৰচনাসমূহক হেগিওগ্ৰাফী (Hagiography) বোলা হয়৷ অসমীয়া চৰিত পুথিসমূহতো প্ৰায় একে ধৰণৰ বৈশিষ্ট্য্য ৰক্ষিত হৈছে বাবে সেইবোৰক প্ৰকৃত জীৱনী নুবুলি হেগিওগ্ৰাফী বোলাই যুগুত৷ অৱশ্যে এটা কথা ঠিক যে, চৰিতপুথিসমূহৰ পাঠ আৰু বিভিন্ন বিৱৰণিৰ মাজেদি সমসাময়িক অসমীয়া সমাজখনেও ভূমুকি মাৰিছে৷

          চৰিত পুথিসমূহ হ’ল অসমীয়া বৈষ্ণৱ সাহিত্যৰ এটা প্ৰধান শাখা৷ এই পুথিসমূহৰ ৰচক হৈছে তেৰাসৱৰ শিষ্য-প্ৰশিষ্যসকল৷ তেওঁলোকে শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ লগত জড়িত বিভিন্ন প্ৰসংগৰ অৱতাৰণা কৰি ধৰ্ম বিষয়ক আলোচনা আগবঢ়াই নিছিল৷ প্ৰথম অৱস্থাত এই আলোচনা মৌখিকভাৱে চলি আছিল৷ কিছু কাল যোৱাৰ পাছত কেইজনমান শিষ্য-প্ৰশিষ্যই গুৰু দুজনাৰ জীৱনৰ সেই কথা-কাহিনীসমূহক লিখিত ৰূপ প্ৰদান কৰে৷ মন কৰিবলগীয়া যে এনে চৰিত পুথিত গুৰু দুজনাৰ উপৰি তেওঁলোকৰ সংস্পৰ্শলৈ অহা অন্যান্য বৈষ্ণৱ গুৰু বা ধৰ্ম প্ৰচাৰকৰ জীৱন চৰিতো সন্নিৱিষ্ট কৰা হৈছে৷ লগতে মহাপুৰুষসকলৰ জীৱনীৰ লগত চলি অহা পৰম্পৰাগত প্ৰবাদ আৰু জনশ্ৰুতিক স্থান দিয়া হৈছে৷ অৱশ্যে মন কৰিবলগীয়া যে, এনে এক শ্ৰেণী সাহিত্য বৌদ্ধ সাহিত্যতো বিদ্যমান৷ অসমৰ বৈষ্ণৱসকলৰ মাজত এনে প্ৰথা প্ৰচলন হোৱাৰ বহু আগৰে পৰাই বৌদ্ধ সাহিত্যত বুদ্ধদেৱৰ জীৱনক লৈ এক শ্ৰেণীৰ সাহিত্যৰ সৃষ্টি হৈছিল৷ এই বিষয়ে বিৰিঞ্চি কুমাৰ বৰুৱাই মত পোষণ কৰিছে যে‘‘চৰিত পুথিৰ উদ্ভৱ আৰু গঠন প্ৰণালীৰ লগত বুদ্ধদেৱ চৰিত্ৰাৱলীৰ সাদৃশ্য আছে৷’’ বৌদ্ধ সাহিত্যত বুদ্ধদেৱৰ পূৰ্বজন্মৰ মহিমাসূচক কাৰ্যকলাপক লৈ অসংখ্য ‘জাতক’ৰ গল্প আছে৷ এই প্ৰসংগত ‘মহাবস্তু’, ‘ললিত বিস্তাৰ’ আৰু অশ্বঘোষৰ ‘বুদ্ধ চৰিত’ উল্লেখযোগ্য৷

          সপ্তদশ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত সৰহ সংখ্যক চৰিত পুথি ৰচিত হৈছিল৷এইবোৰৰ কেইখনমান¸ গদ্যত আৰু সৰহভাগেই পদ্যত ৰচিত৷ সাধাৰণতে প্ৰথমে ৰচা চৰিত পুথিবোৰ ছন্দত আৰু পৰৱৰ্তীবোৰ গদ্যত ৰচিত৷ এতিয়ালৈকে পোহৰলৈ অহা পুথিৰ সংখ্যা ডেৰকুৰিখন মান হ’ব৷ ইয়াৰ ভিতৰত অকল শংকৰদেৱ-মাধৱদেৱৰ জীৱন চৰিতেই পাঁচ-ছয়খন মান৷ পোন প্ৰথমে মহাপুৰুষ মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে ‘শংকৰ চৰিত’ নামৰ চৰিত পুথি এখন প্ৰণয়ন কৰে বুলি কোনো কোনো পণ্ডিতে অভিমত দিয়ে৷ সেই হিচাপে পুথিখন খ্ৰীষ্টীয় ষোড়শ শতিকাৰ শেষ নাইবা সপ্তদশ শতিকাৰ আদি ভাগত ৰচিত বুলি অনুমান কৰা যায়৷ ৰামচৰণৰ পুত্ৰ দৈত্যাৰি ঠাকুৰেও ‘শংকৰদেৱ-মাধৱদেৱ চৰিত্ৰ’ নামৰ চৰিত পুথি এখন প্ৰণয়ন কৰে৷ ইয়াৰ উপৰি ভূষণদ্বিজৰ ‘শংকৰ চৰিত’, ৰমানন্দ দ্বিজৰ ‘গুৰুচৰিত’, কৃষ্ণ ভাৰতীৰ ‘সন্ত নিৰ্ণয়’, ৰামৰায় দ্বিজৰ ‘গুৰুলীলা’, ৰমানন্দৰ ‘বংশী গোপালদেৱৰ চৰিত’, ভৱানন্দ দ্বিজৰ ‘গোবিন্দ চৰিত’, ৰমাকান্তৰ ‘বনমালী দেৱৰ চৰিত’, বিদ্যানন্দ ওজাৰ ‘ঠাকুৰ চৰিত’ আদি উল্লেযোগ্য চৰিতপুথি৷ এই চৰিত পুথিসমূহ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগলৈ ৰচিত হয়৷ এইপ্ৰসংগতএটিকথাউল্লেখকৰিযোৱাউচিতহ’বযেগুৰুদুজনাআৰুসিদুজনাৰলগতসংশ্লিষ্টমহাভক্তসকলৰচৰিতসমূহকমহেশ্বৰনেওগেপূৰ্বপৰ্যায়আৰুউত্তৰপৰ্যায়এইদুইভাগতবিভাজনকৰিছে৷দৈতাৰি ঠাকুৰ, ভূষণ দ্বিজ, ৰামানন্দ দ্বিজ, বৈকুণ্ঠ দ্বিজ আৰু অনিৰুদ্ধ দাসে ৰচনা কৰা চৰিত কেইখনক পূৰ্ব পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে পৰৱৰ্তী সময়ত ৰচনা কৰা ৰামচৰণ ঠাকুৰৰ পৰা আৰম্ভ কৰি আন আন চৰিতকাৰৰ ৰচনাক উত্তৰ পৰ্যায়ত সামৰিছে৷ তেওঁৰ মতে পূৰ্ব পৰ্যায়ৰ চৰিত কেইখনি ‘বাস্তৱ আৰু গম্ভীৰ (Sober)৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে, বিভিন্ন ৰাজনৈতিক আৰু সামাজিক কাৰকৰ বাবে উত্তৰ পৰ্যায়ৰ চৰিত কেইখনত ‘‘অলৌকিক-পৌৰাণিক কথা-বস্তু চৰিত তোলাৰ সামগ্ৰীত পৰিণত হ’ল৷ চৰিত তোলা বুঢ়াভকতসকলে গুৰু-কথাক কৃষ্ণ-কথাৰ সমপৰ্যায়ৰ বুলি ধৰি কেতিয়াবা তাৰ মিশ্ৰণো অবাঞ্ছনীয় বুলি বিবেচনা নকৰিবলৈ ধৰে৷’’

          স্মৰণযোগ্য যে, অষ্টাদশ শতিকাত চৰিত সাহিত্যই বিশেষভাৱে বিকাশ লাভ কৰে৷ সপ্তদশ শতিকাৰ দৰে এইযুগতো সৰহভাগ চৰিত পুথি ছন্দত ৰচিত৷ কিন্তু গদ্যত ৰচা চৰিত পুথি কেইখনহে এইযুগৰ উল্লেখযোগ্য দান৷ সেই পুথিকেইখন অকল কলেৱৰতেই বৃহৎ নহয়, সেই যুগৰ গদ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন স্বৰূপেও তাৰ মূল্য অধিক৷ গদ্যত ৰচিত এনে দুখন উল্লেখযোগ্য চৰিত পুথি হ’ল– উপেন্দ্ৰচন্দ্ৰ লেখাৰুদেৱৰ সম্পাদিত ‘কথা-গুৰুচৰিত’ আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘বাঁহী’ত প্ৰকাশিত আৰু বৰ্তমান মহেশ্বৰ নেওগদেৱৰ সম্পাদনাত প্ৰকাশিত ‘বৰদোৱা গুৰু চৰিত’, মহেশ্বৰ নেওগৰ সম্পাদনাত প্ৰকাশিত ‘গুৰু-চৰিত কথা’৷ কথা-গুৰু চৰিত’খন ১৯৫২ চনত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰিছিল৷ পাছত ১৯৮৭ চনত মহেশ্বৰ নেওগে সেই একেখন সম্পাদিত গ্ৰন্থক ‘গুৰু-চৰিত-কথা’ নামেৰে পুনঃ সম্পাদনা কৰি উলিয়ায়৷ অৱশ্যে দুয়োখনি গ্ৰন্থৰ মাজত ‘পাঠৰ’ কিছু আমিল আছে৷ ইয়াৰ উপৰি বনমালীদেৱৰ সেৱক গোবিন্দদাসৰ ‘সপ্ত সম্প্ৰদায়’ আৰু ভট্টদেৱৰ নামত প্ৰচলিত ‘সৎ সম্প্ৰদায় কথা’ নামৰ গদ্যত ৰচিত চৰিত পুথি দুখনো এই শতিকাৰে ৰচনা৷ পদ্যত ৰচিত চৰিত পুথিসমূহৰ ভিতৰত নীলকণ্ঠ দাসৰ ‘দামোদৰ চৰিত’, কৃষ্ণ মিশ্ৰৰ ‘দামোদৰ চৰিত’, জয়নাৰায়ণৰ ‘লক্ষ্মীপতি চৰিত’ আৰু ‘ৰামগোপাল চৰিত’, পূৰ্ণনন্দৰ ‘গোপালদেৱৰ চৰিত’, দ্বিজভবানন্দ মিশ্ৰৰ ‘গোবিন্দ চৰিত’, ৰামনাথ মহন্তৰ ‘সন্ত-মুক্তাৱলী’, বিভূনাথৰ ‘এটকা মহন্তৰ ঝুনা’ আদি উল্লেখযোগ্য৷

          চৰিত পুথিসমূহত কেৱল যে ধৰ্মীয় প্ৰসংগইহে অগ্ৰাধিকাৰ লাভ কৰিছিল এনে নহয়, বৰঞ্চ তাৰ পাঠসমূহৰ মাজে মাজে সন্নিৱিষ্ট হোৱা টুকুৰা টুকুৰ চিত্ৰসমূহৰ মাজেদি সমসাময়িক সত্ৰীয়া সমাজ আৰু লগতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন প্ৰণালী আৰু চিন্তাৰ আভাস পোৱা যায়৷ সেই ফালৰ পৰা বিচাৰ কৰিলে চৰিত পুথিক বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰ লগতে সমসাময়িক অসমীয়া সমাজ জীৱনৰ দাপোণ বুলি ক’লেও ভুল কোৱা নহ’ব৷ অৱশ্যে এটা কথা ঠিক যে, চৰিতপুথিসমূহত মহাপুৰুষসকলৰ জীৱনৰ কাৰ্যাৱলী নাইবা দেশৰ বিভিন্ন অৱস্থাৰ কথা বৰ্ণিত হৈছে যদিও সম্পূৰ্ণ বাস্তৱতাৰ ভেঁটিত প্ৰতিষ্ঠিত বুলি ক’ব নোৱাৰি৷ চৰিত পুথিৰ ৰচকসকলে শংকৰদেৱ, মাধৱদেৱ আদি মহাপুৰুষক ঈশ্বৰৰ অৱতাৰ বুলি ধৰি লৈছিল৷ সেয়ে তেওঁলোকৰ কাৰ্যকলাপত ঐশ্বৰিক শক্তি, অলৌকিক মহিমা নিহিত হৈ থকা বুলি বৰ্ণনা কৰিছে৷ আনকি শংকৰদেৱৰ জন্ম-বৃত্তান্তত ভাগৱতত বৰ্ণিত শ্ৰীকৃষ্ণৰ অলৌকিক মহিমাৰ কথাকে আৰোপ কৰা হৈছে৷ উদাহৰণস্বৰূপে – ৰামচৰণ ঠাকুৰৰ ‘শংকৰ চৰিত’ উল্লেখ আছে –

                             দিব্য চতুৰ্ভুজ ৰূপ তেখনে ধৰিল৷ ৷

                             শংখ চক্ৰ গদা পদ্ম আছে তাৰ হাতে৷

                             চাৰিও বাহুৱে তাৰ শৃংগ কাণে ধৰি৷ ৷…

          চৰিত পুথিত সন্তসকলৰ গোটেই জীৱনৰ কাৰ্যাৱলীৰ উপৰি তেওঁলোকৰ পুৱাৰপৰা গধূলিলৈকে দৈনিক জীৱনৰ কাৰ্যৰ তালিকাও পোৱা যায়৷ সেই হিচাপে ই একপ্ৰকাৰ দিনলিপিৰেই কাম কৰিছে আৰু পৰোক্ষভাৱে শিষ্যসকলক সেইদৰে চলিবলৈ উদগনি দিছে৷ তদুপৰি, ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত মহাপুৰুষ আৰু সন্ত-মহন্তসকলৰ মাজত কেনে দৰে মিলন ঘটিছিল তাৰো মনোৰম বৰ্ণনা চৰিত পুথিত পোৱা যায়৷ সন্ত-মহন্তসকলৰ মিলন, ধৰ্ম সম্পৰ্কীয় বাদ-বিসংবাদ নাইবা ভ্ৰমণ-প্ৰসংগত দুই এটি আমোদজনক আখ্যানো ইয়াত পোৱা যায়৷ এই আখ্যানবোৰে এহাতে যেনেকৈ বৰ্ণনাৰ গতানুগতিকতা ভাঙি সজীৱতা প্ৰদান কৰিছে, আনহাতে তেনেকৈ চৰিত পুথিবোৰ বেছি আকৰ্ষণীয়ও কৰি তুলিছে৷ তেনেদৰে, ধৰ্ম-প্ৰচাৰৰ কাৰণে মহাপুৰুষসকলে দেশৰ বিভিন্ন ঠাইত সত্ৰ, নামঘৰ আদি স্থাপন কৰাৰ বৰ্ণনাও এই চৰিত পুথিবোৰত পোৱা যায়৷ ভক্তি ভাবত ৰচিত হ’লেও চৰিত পুথিসমূহতো বুৰঞ্জীৰ দৰেই সমসাময়িক সমাজৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধাৰ্মিক, সাংস্কৃতিক আদি বিভিন্ন অৱস্থাৰ চিত্ৰ পোৱা যায়৷ সেই ফালৰ পৰা চৰিত পুথিক অসম বুৰঞ্জীৰ পৰিপূৰক নাইবা ভক্তিৰ ৰহণসনা জীৱনী বুলিও আখ্যা দিব পাৰি৷

এইবোৰৰ উপৰি সাহিত্যিক গুণৰাজিৰ ফালৰ পৰাও চৰিত পুথিসমূহৰ মূল্য অপৰিসীম৷ পদ্যত ৰচিত চৰিত পুথিসমূহৰ বিভিন্ন ঠাইত পদ, দুলড়ী, ছবি, লেচাৰী, ঝুনা, ঝুমুৰী আদি বিভিন্ন ছন্দৰ প্ৰয়োগ ঘটিছে৷ তেনেদৰে, গদ্য-সাহিত্যৰ ফালৰপৰাও ‘কথা-গুৰু-চৰিত’, ‘বৰদোৱা গুৰু চৰিত’, ‘সন্ত-সম্প্ৰদায়’ আদিৰ মূল্য অধিক৷ এইবোৰ মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উৎকৃষ্টতম নিদৰ্শন৷ এই গদ্য সত্ৰীয়া ভকতসকলৰ কথিত ভাষাক ভেটি কৰি ৰচিত৷ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ হেতু শংকৰদেৱ আৰু অন্যান্য শিষ্য-প্ৰশিষ্যসকলৰ ভিতৰত হোৱা কথোপকথনত ব্যৱহৃচ এনে ধৰণৰ গদ্যৰীতি যথোপযুক্তভাৱে প্ৰয়োগ কৰা হৈছে৷ উদাহৰণস্বৰূপে– ‘‘এক দিন মাধৱ দেউ আহিব নোৱাইলে হৰি কথা সুনিবলৈ গা বিষমৰ হেতুঃ কৃষ্ণ কথা অবসানত গুৰুজনে বোলে বৰা পো নাহিল আজি…’’৷ ইয়াৰ উপৰি উপমা, ৰূপক, ফকৰা-যোজনা (‘‘আগে উপজিল চোট ভাই পাচে উপজিল কাকা, কেৰ্‌ মেৰ্‌ কৈ মাক উপজিল, তেহে উপজিল বাবা৷’’), খণ্ডবাক্য (‘‘কটাৰ পো কটাহঁত, মূৰ তুলি ফুৰিছে, পাৰো কি চাৰো৷’’), দৃষ্টান্ত, পদ-পুথিৰ উদ্ধৃতি, যুৰীয়া আৰু অনুৰূপ শব্দৰ (গীত-ৰাগ, বিবাদ-সংগ্ৰাম, মিত্ৰ-সখীত্ব) সুন্দৰ ব্যৱহাৰে পুথিকেইখন বেছি ৰসাল কৰি তুলিছে৷ চুটি চুটি বাক্য আৰু প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰে নাটকীয় গুণ বঢ়াইছে (‘‘সুনি সবে দেউ হৰ্ষ হলঃ পাছে মহেশ গাত নলইঃ তোম্ৰাক ঢাকি অমোচন ব্ৰহ্মহত্যা পাপ হব…’’)৷ চৰিত পুথিসমূহৰ আন দুটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—

  • চৰিত পুথিৰ গদ্যৰীতিৰ এটা বিশেষত্ব হৈছে সহজ সৰল আৰু পোনপটীয়া ভাষাৰ প্ৰয়োগ৷ উদাহৰণস্বৰূপে– ‘‘পাছে মহাপুৰুষ নিতে নিতে বাঢ়ি জৌবন হৈ আহিছে৷ ’’
  • চৰিত পুথিৰ গদ্যত প্ৰাচীন অসমীয়া গদ্যৰ ঠাঁচ, প্ৰচলিত কথ্যৰীতিৰ প্ৰয়োগ আৰু আধুনিক অসমীয়া গদ্যৰ উকমুকনি মন কৰিবলগীয়া দিশ৷ ইয়াৰ গদ্য ৰীতি কথ্য ভাষাৰ ওচৰ চপা হ’লেও সুৰুচিপূৰ্ণ আৰু গাম্ভীৰ্যপূৰ্ণ গদ্য ৰীতি ইয়াৰ প্ৰধান বিশেষত্ব৷ যেনে– ‘‘আৰু বাৰেভূঞা কামৰূপ আলিপুখুৰিতে ইদেশে উজাই অহাতঃ নৰনাৰায়ণে সুনি নিবলৈ যুদ্ধেৰে পঠালে চিলাৰাইকে গাভৰুখাকে৷ ’’
  • ভাষাৰ কোমলতা বা মৃদুতা চৰিত পুথিৰ গদ্যশৈলীৰ অন্য এটা উল্লেখযোগ্য দিশ৷ ভাষাৰ এই মৃদুতাই ইয়াৰ গদ্যক উৎকৃষ্ট গদ্য ৰূপে পৰিচিত কৰাইছে৷ পাচে, বোলে, পূৰ্বে আৰু আদি শব্দেৰে বাক্য আৰম্ভ কৰাৰ পদ্ধতি ইয়াৰ গদ্যৰ আন এটা বৈশিষ্ট্য৷

৪.২.১ কেইগৰাকীমান উল্লেখযোগ্য চৰিতকাৰ

ইতিমধ্যে আমি চৰিত পুথি ৰচনা কৰা চৰিতকাৰসকলৰ নাম পূৰ্বৱৰ্তী শাখাটোত উল্লেখ কৰি আহিছোঁ৷ এই শাখাটোত তাৰে কেইগৰাকীমানৰ জীৱন সম্পৰ্কে চমুকৈ আলোচনা দাঙি ধৰা হ’ব৷

  • ৰামচৰণ ঠাকুৰঃ মাধৱদেৱৰ ভনীয়েক উৰ্বশীৰ পুত্ৰ ৰামচৰণ ঠাকুৰৰ পিতৃ আছিল শংকৰদেৱৰ শিষ্য ৰামদাস৷ কালিৰাম মেধিয়ে ৰামচৰণৰ সময় ১৫২১-১৬০০ খ্ৰীষ্টাব্দ বুলি থিৰাং কৰিছে৷ ৰামচৰণ ঠাকুৰে তেওঁৰ মোমায়েক মাধৱদেৱৰ ছত্ৰছায়াত থাকি অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা ‘কীৰ্তন’ৰ খণ্ডবোৰ আনি সংকলিত ৰূপ প্ৰদান কৰিছিল৷ সেয়েহে অসমৰ বৈষ্ণৱ সাহিত্য পৰম্পৰাত ৰামচৰণ ঠাকুৰকে সৰ্বপ্ৰথম সংকলক হিচাপে আখ্যা দিয়া হয়৷ এওঁ পোন প্ৰথমে ‘শংকৰ চৰিত’ নামৰ চৰিত পুথি এখন প্ৰণয়ন কৰে বুলি কোনো কোনো পণ্ডিতে অভিমত দিয়ে আৰু তেওঁ সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ আছিল৷
  • দৈত্যাৰি ঠাকুৰঃ দৈত্যাৰি ঠাকুৰ পুত্ৰ ৰামচৰণ ঠাকুৰৰ জন্ম ১৪৮৬ শক (১৫৬৪ খ্ৰীঃ)ত হৈছিল বুলি মহেশ্বৰ নেওগে মত পোষণ কৰে৷ তেওঁ ৰামচৰণৰ পাছত সুন্দৰীদিয়া সত্ৰৰ অধিকাৰ হয়৷ তেওঁ ৰচনা কৰা চৰিত পুথিখন হৈছে ‘শংকৰদেৱ-মাধৱদেৱ চৰিত্ৰ’৷ এই পুথিখন কেতিয়া ৰচনা কৰিছিলে তাৰ কোনো উল্লেখ পুথিখনত নাই যদিও শেষত শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰ সেই সময়ত বিষ্ণুপুৰ সত্ৰত আছিল বুলি উল্লেখ আছে–

হৰিচৰণৰ                  ভৈলা পুত্ৰবৰ

চতুৰ্ভুজ নাম থৈলা৷

তেহো বিদ্যমানে  বিষ্ণুপুৰ থানে    

কৰিয়া সত্ৰ আছন্ত৷ (পদ ১৬৯৮-৯৯)

দৈত্যাৰি ঠাকুৰে বৌদ্ধিক সততাৰ পৰিচয় দাঙি ধৰি এই চৰিত পুথিখন ৰচনা কৰি উলিয়াইছে৷ এই পুথিখনত শংকৰদেৱৰ জীৱনৰ প্ৰাৰম্ভিক কালছোৱাৰ কথা চমুকৈ লিপিবদ্ধ কৰিমাধৱদেৱৰ জীৱনবৃত্ত বিস্তৃত পৰিসৰত আলোচনা কৰিছে৷ প্ৰকাশভংগীৰ ক্ষেত্ৰত দুই এটা ত্ৰুটীও বাদ দি সামগ্ৰিকভাৱে চৰিত পুথিখনত বৰ্ণনীয় বিষয়ৰ পৰিপাট্যতা আৰু সুগভীৰ দাৰ্শনিক তত্ত্বৰ প্ৰকাশ ঘটিছে৷ পদবোৰ লয়যুক্ত, শুৱলা আৰু স্বাচ্ছন্দ্যপূৰ্ণ৷

  • ভূষণ দ্বিজঃ শংকৰদেৱৰ শিষ্য ব্ৰাহ্মণ চক্ৰপানীৰ নাতিনীয়েক ভূষণ দ্বিজ হ’ল এজন উল্লেখযোগ্য চৰিতকাৰ৷ নাৰায়ণ দাস ঠাকুৰ আতাৰ উদ্যোগত চক্ৰপাণিয়ে শংকৰদেৱৰ ওচৰত শৰণ লৈছিল৷ নাৰায়ণ দাস ঠাকুৰ আতাৰ কনিষ্ঠ ৰামানন্দৰ উপদেশ মতে তেওঁ ‘শংকৰ চৰিত’ ৰচনা কৰিছিল বুলি কথিত আছে৷ কালিৰাম মেধিয়ে ভূষণ দ্বিজৰ সময় ১৫০৭ খ্ৰীঃৰ পৰা ১৫৭৭ খ্ৰীঃ বুলি কৈছে যদিও খ্ৰীঃ১৬৩০ চন মানতহে তেওঁ ‘শংকৰ ৰচিত’ সম্পূৰ্ণ কৰাৰ কথা পোৱা যায়৷ মহেশ্বৰ নেওগে এই চৰিতৰ ৰচনাকাল পুৰুষোত্তম ঠাকুৰৰ মৃত্যু ১৫৩৮ শক (১৬১৬ খ্ৰীঃ) আৰু চতুৰ্ভুজ ঠাকুৰৰ মৃত্যু ১৫৭১শক (১৬৪৯ খ্ৰীঃ)ৰ মাজ ভাগত বুলি অনুমান কৰিছে৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে পুৰুষোত্তম ঠাকুৰৰ মৃত্যুৰ পিছত চতুৰ্ভুজ আমৰাঙা বিলৰ পাৰত বিষ্ণুপুৰ সত্ৰ স্থাপন কৰা কালত দ্বিজ ভূষণে তেওঁৰ চৰিত পুথিখন ৰচনা কৰিছিল৷

মন কৰিবলগীয়া যে এই চৰিত পুথিখনত অলৌকিক প্ৰসংগৰ আধিক্য ঘটা নাই যদিও কিছুমান ক্ৰম গৃহীত ক্ৰমৰ লগত নিমিলে৷ অৱশ্যে সমসাময়িক অসমীয়া সমাজ, অসমৰ ধৰ্মীয় জীৱন, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ চিত্ৰ সঠিকভাৱে প্ৰতিভাত হৈছে৷ এই চৰিতখনত গুৰু দুজনাৰ লগত থকা নাৰায়ণ দাস ঠাকুৰ আতা সম্পৰ্কে বিস্তৃত বৰ্ণনা সন্নিবিষ্ট হৈছে৷ঠাকুৰ আতাৰ লগত হোৱা কথোপকথনৰ যোগেদি তেওঁ শংকৰদেৱৰ জীৱনৰ প্ৰথম চোৱাৰ ঘটনাৱলী লিপিবদ্ধ কৰিছে৷ পুথিখনৰ ভাষা প্ৰাঞ্জল, বাক্যৰীতি সুগঠিত আৰু সমগ্ৰ গ্ৰন্থখনিতে উপযুক্ত শব্দচয়ন আৰু ছন্দৰ ব্যৱহাৰৰ বাবে সাহিত্যিক সৌন্দৰ্য ফুটি উঠিছে৷

  • বৈকুণ্ঠ দ্বিজঃ ‘সন্তমালা কথাসাৰ’ নামৰ চৰিত পুথিখনৰ ৰচক বৈকুণ্ঠ দ্বিজৰ বিষয়ে সাহিত্যৰ ইতিহাসকাৰ মহেশ্বৰ নেওগে উল্লেখ কৰি গৈছে যে শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰে সংক্ষেপতে পদগুৰু চৰিত এখন ৰচনা কৰিবলৈ আদেশ কৰাত গুৰুৰ আজ্ঞা শিৰোধাৰ্য কৰি এই চৰিতখন ৰচনা কৰে৷ এই চৰিত পুথিত তেওঁ শংকৰদেৱৰ নাতি চতুৰ্ভুজৰ ভনীয়েক সুভদ্ৰাৰ পুত্ৰসকলে দীঘলী, চামগুৰি আৰু চৰাইখোৰোং– এই তিনিখন পুৰুষ সংহতিৰ সত্ৰ স্থাপনৰ কথা উল্লেখ কৰাৰ উপৰি চতুৰ্ভুজ ঠাকুৰে তামৰঙ্গা বিলৰ পাৰত সত্ৰ স্থাপন কৰাৰো বিৱৰণ আছে৷ উল্লেখ কৰি অহা এই কথাখিনিৰ পৰা এই চৰিত পুথিখন ১৬৪৮ খ্ৰীষ্টাব্দৰ পূৰ্বে অৰ্থাৎ চতুৰ্ভুজ ঠাকুৰৰ মহাপ্ৰয়াণৰ পূৰ্বে ৰচনা কৰাৰ ইঙ্গিত বহন কৰা বুলিব পাৰি৷

‘সন্তমালা কথাষাৰ’ বা ‘সন্তাৱলী চৰিত’ পুথিখনত শংকৰদেৱ-মাধৱদেৱ আৰু পুৰুষোত্তম চতুৰ্ভুজ ঠাকুৰৰ জীৱনবৃত্ত চমুকৈ বিস্তৃত হৈছে৷ চৰিত পুথিখন চমু যদিও ইয়াত কাল্পনিক প্ৰসংগৰ ‘ঠেলা-হেঁচা নাই’৷ অৱশ্যে চৰিতকাৰে ইয়াত চৈতন্য, হৰিব্যাস, ৰামানন্দৰ লগতে শংকৰদেৱকো একে লগ কৰি বিষ্ণুৰ চতুৰাৱতাৰৰ কথা উল্লেখ কৰিছে৷

  • অনিৰুদ্ধ দাসঃ এওঁ ৰচনা কৰা চৰিত পুথিখনৰ নাম ‘গুৰু বৰ্ণনা’৷ তেওঁক ৰমাকান্তৰ ভক্ত চৰিতকাৰ বুলি মহেশ্বৰ নেওগে আখ্যা দিছে৷ ৰমাকান্ত হৈছে শংকৰদেৱৰ নাতি চতুৰ্ভুজ ঠাকুৰৰ জ্যেষ্ঠা ভগ্নীৰ পুত্ৰ দামোদৰদেৱৰ পুত্ৰ৷ ৰমাকান্তৰ সময় ১৫৭৪-১৬৩৯ শক অৰ্থাৎ ১৬৫২-১৭১৭ খ্ৰীষ্টাব্দ বুলি নেওগে মত আগবঢ়াইছে৷ এই চৰিত পুথিত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনৰ আভাস মাত্ৰ আছে৷ চৰিতকাৰৰ প্ৰধান বিষয় পুৰুষোত্তম আৰু চতুৰ্ভুজ ঠাকুৰৰ চৰিত৷ চৰিতখনিত এটি নিৰাড়ম্বৰ সৌন্দৰ্য বৰ্তমান৷
  • অন্যান্য চৰিতকাৰসকলঃ এইসকল প্ৰধান চৰিতকাৰৰ উপৰি আৰু বহু চৰিতকাৰে চৰিত পুথি ৰচনা কৰিছিল৷ তেনে এজন চৰিতকাৰ হ’ল দামোদৰ দাস৷ তেওঁ ‘গুৰু চৰিত্ৰ’ নামৰে চৰিত পুথি এখন ৰচনা কৰিছিল৷ ৰামৰায় নামৰ চৰিতকাৰজনে ‘গুৰু-লীলা’ চৰিত পুথিৰ ৰচনা কৰিছিল৷ ইয়াত দামোদৰদেৱ আৰু ভট্টদেৱৰ জীৱনগাথা বৰ্ণিত হৈছে৷ নীলকণ্ঠ দাসে দামোদৰ দেৱৰ আজ্ঞাপৰ কায়স্থ মহন্ত মনোহৰৰ (বেতবাৰি, ফুলগুৰি সত্ৰ) পৰিনাতি গোলাপৰ দিনত ‘দেৱদামোদৰ-চৰিত্ৰ’ ৰচনা কৰে৷ মহেশ্বৰ নেওগে এইখনক এখন ভাল চৰিত ৰচনা বুলি মত দিছে৷ শ্ৰীকৃষ্ণ মিশ্ৰইও দামোদৰ বিষয়ে আন এখন চৰিত ‘দামোদৰ চৰিত’ ৰচনা কৰিছিল৷ বিদ্যানন্দ দ্বিজ ওজাই ‘ঠাকুৰ-চৰিত’ ৰচনা কৰে৷ ইয়াত তেওঁ শংকৰ-মাধৱ চৰিত্ৰৰ সামান্য আভাস দি পুৰষোত্তম আৰু চতুভুৰ্জ ঠাকুৰৰ জীৱনৰ এটি সম্যক আৰু সমসাময়িক চিত্ৰ দাঙি ধৰিছে৷ পূৰ্ণানন্দদেৱ হৈছে গোপাল আতাৰ আজ্ঞাপৰ খৌৰামোচৰৰ ৰামচন্দ্ৰ বাপৰ প্ৰশিষ্য আৰু তেওঁ ৰচনা কৰা ‘গোপালদেৱ-চৰিত’ এখন স্বয়ং-সম্পূৰ্ণ বিৱৰণ থকা চৰিত পুথি৷ জয়নাৰায়ণে ‘ৰামগোপাল-চৰিত’ ৰচনা কৰিছে৷ তাত তেওঁ শ্ৰীৰামদেৱ, ৰামানন্দ আৰু ৰামগোপালদেৱৰ চৰিত বহলকৈ ৰচনা কৰিছে৷ বৰযদুমণিদেৱৰ পৰিনাতি জগবন্দনদেৱে ‘যদুমণিদেৱৰ চৰিত্ৰ’ ৰচনা কৰিছে৷ চতুভুৰ্জ কায়স্থই‘যদুমণি-ৰামানন্দ-চৰিত্ৰ’ ৰচনা কৰে৷ লেংদী সত্ৰৰ উদিতৰামদেৱে তেওঁৰ পিতৃ ৰতিকান্তদেৱৰ জীৱন বৃত্তান্ত থকা ‘ৰতিকান্তদেৱ চৰিত্ৰ’ ৰচনা কৰিছিল৷ নমাটি সত্ৰৰ প্ৰেমাহাৰদেৱে (যদুমণিদেৱৰ পুত্ৰ শ্ৰীকান্তৰ পুত্ৰ) ‘বিনন্দশ্যাম দেৱৰ চৰিত্ৰ’ ৰচনা কৰে৷ শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ চাৰিপুত্ৰৰ কনিষ্ঠ মহাকৃষ্ণৰ পৰিনাতি ৰামনাথ শিঙৰিৰ ওচৰৰ বৰকলা সত্ৰৰ সংস্থাপক আৰু তেওঁ বৰ ভকতৰ বংশাৱলীৰে ‘সন্তমুক্তাৱলী’ ৰচনা কৰে৷ জয়নাৰায়ণে ‘লক্ষ্মীপতি-চৰিত্ৰ’ ৰচনা কৰে৷  বাণেশ্বৰ আৰু দিবাকৰ দ্বিজে ‘হৰিদেৱ চৰিত্ৰ’ এখন ৰচনা কৰে৷  মহেশ্বৰ নেওগে উল্লেখ কৰিছে যে ভৱানন্দ মিশ্ৰই দৰঙী ৰজা চন্দ্ৰনাৰায়ণৰ দিনত (১৬৪৩-৬০) লেচাকণা ‘গোৱিন্দ-চৰিত’ ৰচনা কৰে৷ ৰমাকান্ত দ্বিজৰ ‘বনমালীদেৱ-চৰিত’ত দক্ষিণপাট সত্ৰৰ আদি বুৰঞ্জী সন্নিৱিষ্ট হৈছে৷ সৰ্বানন্দ নামৰ এজন চৰিতকাৰৰ ৰচনা ‘গোপীনাথ ঠাকুৰদেৱৰ চৰিত’ত জৰাবাৰী সত্ৰৰ ইতিহাস লিপিবদ্ধ হৈছে৷ চিদানন্দ দেৱে ১৮০২ শকত ‘বংশাৱলী পুথি’ ৰচনা কৰিছিল৷ এই চৰিত পুথিখনত মোৱামৰীয়া বিদ্ৰোহৰ কথা লিপিবদ্ধ হৈছে৷

এইদৰে বিচাৰ কৰি চালে দেখা যায় যে, বিভিন্নজন চৰিতকাৰে শংকৰ-মাধৱৰ উপৰি বিভিন্নজন সন্তৰ জীৱন চৰিত ৰচনা কৰিছিল৷ চৰিত পুথিসমূহৰ জৰিয়তে শংকৰোত্তৰ যুগৰ সমাজ ব্যৱস্থা, ধৰ্মীয় চিন্তা, সমসাময়িক অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতিৰো কিছু আভাস পাব পাৰি৷ অৱশ্যে মধ্যযুগীয় অসমীয়া সাহিত্যৰ এটি বিশিষ্ট শাখা ৰূপে আলোচকসকলৰ দৃষ্টিত ধৰা দিয়া এই চৰিত পুথিসমূহ কেতবোৰ দোষ চকুত পৰে৷ মূলতঃ চৰিত পুথিসমূহত আলোচ্য ব্যক্তি (গুৰু গৰাকী) গৰাকীৰ ব্যক্তিত্বত তেওঁৰ অনুচৰ-অনুগামীসকলে ঐশ্বৰিকত্ব আৰোপ কৰি নানা অলৌকিক প্ৰসংগৰ অৱতাৰণা কৰিছে৷ কেতিয়াও আলোচ্য ব্যক্তিৰ চৰিত্ৰ আৰু কাৰ্যাৱলীৰ বিশ্লেষণাত্মক আলোচনা আৰু কোনো ক্ষেত্ৰত গঠনমূলক সমালোচনা সন্নিৱিষ্ট নহ’ল৷ আনহাতে চৰিত পুথিসমূহত ঘটনাৰ সমাৱেশ বিশৃংখলভাৱে সন্নিৱিষ্ট হৈছে৷ ইও এক প্ৰকাৰৰ ত্ৰুটী৷

৪.৩ বুৰঞ্জী সাহিত্য

          মধ্যযুগীয় অসমীয়া সাহিত্যৰ অন্য এটা উল্লেখযোগ্য শাখা হ’ল ‘বুৰঞ্জী’৷ ইয়াক আহোম স্বৰ্গদেউসকলৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা একচেটীয়া আৰু অভূতপূৰ্ব অৱদান বুলি বিবেচনা কৰা হয়৷ টাই-চীন ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা ‘বুৰঞ্জী’শব্দটোৰ বুৎপত্তিগত অৰ্থ বিচাৰ কৰি সূৰ্য্য কুমাৰ ভূঞাই ইয়াৰ অৰ্থ ‘মুৰ্খৰ শিক্ষাৰ ভঁৰাল’ বুলি উল্লেখ কৰিছে৷ ইংৰাজী ভাষাত বুৰঞ্জীৰ সম পৰ্যায়ৰ তিনিটা শব্দ পোৱা যায় Annals, Chronicle আৰু History৷ বুৰঞ্জী শব্দটি Historyৰ সমাৰ্থক হিচাপে ধৰা হয়৷ অৱশ্যে ‘বুৰঞ্জী সাহিত্য’ গ্ৰন্থখনত লীলা গগৈয়ে বুৰঞ্জী শব্দৰ ব্যাখ্যা প্ৰসঙ্গত কৈছে যে, – ‘‘বিশ্লেষণাত্মক বিচাৰত আমি আমাৰ পুৰণি বুৰঞ্জীসমূহক বুৰঞ্জী বা History নুবুলি Chronicle বোলাহে যুগুত৷’’

          অসমত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা আহোমসকলে সাম্ৰাজ্যত সংঘটিত হোৱা বিভিন্ন ঘটনা, প্ৰশাসনীয় কাম-কাজ, ওচৰ-চুবুৰীয়া অন্যান্য ৰাজ্যৰ ৰজাৰ লগত থকা তেওঁলোকৰ সম্পৰ্ক, যুদ্ধ-বিগ্ৰহ, নিৰ্মাণ-খনন ইত্যাদি বিভিন্ন বিষয়ৰ তথ্য লিপিবদ্ধ কৰাইছিল৷ ১২২৮ খ্ৰীঃ ত পাটকাইপৰ্বতেদি অসমত প্ৰৱেশ কৰা চুকাফাই আহোম পণ্ডিতক বুৰঞ্জী প্ৰণয়ন কৰিবলৈ আদেশ দিছিল এইদৰে– ‘‘যেতিয়া যি কথা কয়, যি কৰে, যাক পাওঁ সকল কথা পণ্ডিতে লেখি ৰাখিব৷’’ তাৰ ফল স্বৰূপেই এই শ্ৰেণীৰ সাহিত্যৰ সৃষ্টি হৈছিল বুলি অনুমান কৰিব পাৰি৷ মন কৰিবলগীয়া যে, শিশুৰ পৰা প্ৰাপ্তবয়স্ক প্ৰত্যেকজন আহোম ব্যক্তিৰ বাবে বুৰঞ্জীৰ জ্ঞান অপৰিহাৰ্য বুলি বিবেচনা কৰাৰ উপৰি আহোমৰ বিবাহ অনুষ্ঠানত বুৰঞ্জী পাঠ এটা অপৰিহাৰ্য অংগ হিচাপে পালন কৰা হয়৷ প্ৰায় প্ৰত্যেকটো আহোম পৰিয়ালত বুৰঞ্জী ৰচনাৰ পৰম্পৰা চলি আহিছিল৷ সেই বুৰঞ্জীসমূহত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ভাল-বেয়া সকলো কাৰ্যকলাপ লিপিবদ্ধ হৈছিল৷ পূৰ্বপুৰুষে কৰা কামৰ গুণাগুণৰ ভিত্তিত উত্তৰ পুৰুষসকলে নিজৰ কৰণীয় কৰ্তব্য স্থিৰ কৰিবলৈ সুযোগ লাভ কৰিছিল৷

          আহোমসকলে বুৰঞ্জীসমূহক পবিত্ৰ জ্ঞান কৰিছিল৷ গতিকে স্বাভাৱিকতে বুৰঞ্জীৰ পাঠ বা ব্যক্ত কৰাৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধো আৰোপিত হৈছিল৷ ‘তুংখুঙ্গীয়া বুৰঞ্জী’ত এই বিষয়ে লিখা আছে– ‘‘ইয়াক (বুৰঞ্জীক) ৰহস্যে ৰাখিব৷ মন নেপালে পুত্ৰকে নিদিব৷ অবৈৰ মিত্ৰ হলে তাক দেখাব৷ ৰজাৰ বিশ্বাস ভংগ পণ্ডিতৰ বাধা৷ আৰু বিশ্বাস ভাঙিলে মাতৃ পৰিহাস পাপে পায়৷ হেন জানি বিশ্বাস ৰাখিব৷ বিশেষতঃ অগাধ শাস্ত্ৰ৷ ইয়াক কোনে অন্তক পায়৷ ’’

          আহোমৰ ৰাজকীয় সংগ্ৰহালয়ত বুৰঞ্জীসমূহ সংৰক্ষিত হৈছিল৷ কোনো কোনো আহোম বিষয়াই ৰাজকীয় সংগ্ৰহালয়ৰ পৰা বুৰঞ্জীসমূহ খুজি নি নকলকাৰৰ হতুৱাই নকল কৰাইছিল৷ বুৰঞ্জীত বিষয়া বিশেষৰ বংশৰ কথা থাকিলে তাত নতুন তথ্য সংযোগ কৰিবলগীয়া থাকিলে সেয়া সংযোগ কৰিছিল৷ নতুবা মূল বুৰঞ্জীত থকা তথ্যৰ কিছু অংশ নকলকাৰক বাদ দিবলৈ কৈছিল৷ এই গ্ৰহণ-বৰ্জনৰ ফলত প্ৰকৃত বুৰঞ্জীখন বিকৃত হৈছিল যদিও, ভৱিষ্যৎপুৰুষসকল যথেষ্ট লাভবান হৈছিল৷ কাৰণ ৰাজকীয় সংগ্ৰহালয়ত থকা বুৰঞ্জীসমূহ আৰু নকলকাৰে নকল কৰা তেনে বুৰঞ্জীৰ নকলসমূহ– উভয়তে সন্নিৱিষ্ট হোৱা তথ্য ইতিসাহ নিৰ্মাণৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হয়৷

বুৰঞ্জীসমূহৰ সঠিক ৰচনাকাল নিৰ্ণয় কৰা টান যদিও বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে ষোল শতিকাৰ শেষ ভাগৰ পৰা ঊনবিংশ শতিকালৈ বুৰঞ্জী ৰচনাৰ ধাৰা অব্যাহত আছিল বুলি মত প্ৰকাশ কৰিছে৷ আহোম যুগত হাজাৰৰো অধিক বুৰঞ্জী ৰচিত হৈছিল বুলি অনুমান কৰা হয়৷ কিন্তু অসমৰ সেমেকা জলবায়ু, বানপানী, পোক-পৰুৱাৰ উৎপাত, মোগল আৰু মান-মৰাণৰ আক্ৰমণত অনেক বুৰঞ্জী চিৰদিনৰ বাবে লোপ পালে৷ তদুপৰি, কীৰ্তিচন্দ্ৰ বৰুৱাৰ বুৰঞ্জীদাহ এটি ইতিহাস প্ৰসিদ্ধ দুৰ্ঘটনা৷ এতিয়ালৈকে মাত্ৰ ডেৰশখমান বুৰঞ্জী উদ্ধাৰ হৈছে আৰু সেইবোৰ অসমৰ কেবাটাও বিদ্যায়তনিক অনুষ্ঠানত সংৰক্ষিত হৈছে৷ প্ৰসিদ্ধ বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাদেৱে বিষয়বস্তু আৰু সময়ৰ ফালৰ পৰা অসমৰ বুৰঞ্জীসমূহক তিনিটা শাখাত বিভক্ত কৰিছে –

  • ৰজা ভগদত্তৰ দিনৰে পৰা আহোম ৰাজত্বৰ আৰম্ভণিলৈ প্ৰাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ অসংলগ্ন ইতিহাস
  • আহোম ৰাজত্বৰ আৰম্ভণিৰে পৰা, অৰ্থাৎ ১২২৮ খ্ৰীঃৰ পৰা তেওঁলোকৰ ৰাজত্বৰ শেষ কাললৈকে বা ১৮৩৮ খ্ৰীঃ বা তাৰো পাছলৈকে থকা আহোম ৰাজ্যৰ বুৰঞ্জী, আৰু
  • অসমৰ বাহিৰে ওচৰ-চুবুৰীয়া অন্য দেশৰ বুৰঞ্জী৷

প্ৰথম শাখাৰ ঐতিহাসিক নিদৰ্শন সূৰ্য্যকুমাৰ ভূঞাদেৱৰ সম্পাদিত গ্ৰন্থ ‘কামৰূপৰ বুৰঞ্জী’, মহামহোপাধ্যায় পদ্মনাথভট্টাচাৰ্য প্ৰণীত ‘কামৰূপ শাসনাৱলী’ আৰু ইয়াৰ ভূমিকা ‘কামৰূপ ৰাজাৱলী’ আদিত পোৱা যায়৷ এই শাখাৰ বুৰঞ্জী বহু ৰজা-মহাৰজাৰ চৰিত্ৰৰ বা কাৰ্যাৱলী, পৌৰাণিক কাহিনী বা কিংবদন্তীৰ ওপৰত প্ৰতিষ্ঠিত৷ তেনেদৰে দ্বিতীয় শাখাৰ বুৰঞ্জীবোৰৰ ভিতৰত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা ‘পুৰণি অসম বুৰঞ্জী’, ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই প্ৰণীত ‘বাঁহগড়ীয়া বুৰঞ্জী’, স্বৰ্গদেও গদাধৰ সিংহৰ ৰাজত্ব কাললৈকে বৰ্ণিত ‘পুৰণি অসম বুৰঞ্জী’ আৰু সুকুমাৰ মহন্তৰ ঘৰত পোৱা ‘অসম বুৰঞ্জী’ সপ্তদশ শতিকাত ৰচিত৷ এই শাখাৰ অন্তৰ্গত ‘তুংখুঙীয়া বুৰঞ্জী’ শ্ৰীনাথ বৰুৱাই ১৮০৩ খ্ৰীঃত ৰচনা কৰে৷ এই বুৰঞ্জীত গদাধৰ সিংহৰ পৰা চন্দ্ৰকান্ত সিংহৰ দিনলৈকে আহোম ৰাজত্বৰ বিৱৰণ আছে৷ সেইদৰে কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাৰ দ্বাৰা ৰচিত ‘অসম বুৰঞ্জী’ পুথি আৰু হৰকান্ত বৰুৱা ‘সদৰামিনৰ অসম বুৰঞ্জী’ত প্ৰাচীন কালৰ পৰা আহোম ৰাজত্বৰ শেষলৈকে ৰাজ্যৰ বৰ্ণনা আছে৷ ‘দেওধাই অসম বুৰঞ্জী’ত আহোমসকলৰ পুৰণি ইতিহাস পোৱা যায়৷ দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাই ছন্দত ৰচনা কৰা ‘কলি ভাৰত’ আৰু বিশ্বেশ্বৰ বৈদ্যাধিপৰ‘বেলিমাৰৰ বুৰঞ্জী’ত আহোম ৰাজত্বৰ শেষ কালৰ কথা বৰ্ণনা কৰিছে৷ তৃতীয় শাখাৰ বুৰঞ্জীসমূহত আহোম স্বৰ্গদেৱসকলৰ সংস্পৰ্শলৈ অহা ওচৰ-চুবুৰীয়া ৰজা আৰু তেওঁলোকৰ ৰাজ্যৰ বিৱৰণ আছে৷ এনে বুৰঞ্জীৰ ভিতৰত ‘কছাৰী বুৰঞ্জী’ত প্ৰাচীন কালৰে পৰা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজা তাম্ৰধবজৰ দিনলৈকে কছাৰীৰ ৰাজ্যৰ বিৱৰণ পোৱা যায়৷ ‘জয়ন্তীয়া বুৰঞ্জী’ত পুৰণি কালৰে পৰা স্বৰ্গদেৱ শিৱসিংহৰ দিনলৈ জয়ন্তীয়া আৰু খৈৰাম (খাচি) ৰজাৰ বিৱৰণ আৰু আহোম ৰজাৰ লগত থকা সম্বন্ধৰ কথা সন্নিৱিষ্ট হৈছে৷ ‘ত্ৰিপুৰা বুৰঞ্জী’ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনৰ সমসাময়িক ত্ৰিপুৰা দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি অৱস্থা লৈ ৰচিত৷ ‘পাদশ্যাহ বুৰঞ্জী’ত টাইমুৰৰভাৰত আক্ৰমণ, মোগল বাদছাহ হুমায়ুন, ছাহজাহান, ঔৰংগজেৱ আদিৰ ৰাজত্ব সম্পৰ্কে নানা বিৱৰণ আছে৷ উল্লিখিত বুৰঞ্জীসমূহৰ উপৰি আহোম যুগৰ ৰজা বা ডা-ডাঙৰীয়াসকলৰ অনুপ্ৰেৰণা বা গাইগুটিয়া প্ৰচেষ্টাত আৰু অসংখ্য বুৰঞ্জী ৰচিত হয়৷ অৱশ্যে এতিয়াও বহুত বুৰঞ্জী অনাৱিষ্কৃত অৱস্থাত মানুহৰ ধোঁৱাচাঙত পৰি ৰৈছে৷

মধ্যযুগীয়া বুৰঞ্জী সাহিত্যৰ অধ্যয়নত দ্বিতীয় আৰু তৃতীয় বিধ বুৰঞ্জীয়ে প্ৰাধান্য লাভ কৰে৷ সেই বুৰঞ্জীসমূহ গদ্য আৰু পদ্য উভয়তে ৰচিত হৈছিল৷ পুৰণি বুৰঞ্জীসমূহৰ সবাতোকৈ মূল্যৱান কীৰ্ত্তি হ’ল তাৰ গদ্যৰীতি৷ থলুৱা জীৱনৰ মাত কথাই ইয়াৰ মূল ভেটি৷ অৰ্থাৎ বুৰঞ্জীৰ ভাষা প্ৰাঞ্জল, সৰল, পোনপটীয়া আৰু কথিত ভাষাৰ বেচি ওচৰ চপা৷ ঐতিহাসিক ব্যক্তিসকলৰ প্ৰত্যক্ষ উক্তি থকাত বুৰঞ্জীয়ে নাটকীয় গুণ লাভ কৰিছে৷ গদ্যত ৰচিত বুৰঞ্জীসমূহে মধ্য যুগীয়া অসমীয়া ভাষাৰ বিকাশশীল ৰূপটোৰ ওপৰত ভালদৰে পোহৰ পেলায়৷ সেই ফালৰ পৰা বিচাৰ কৰিলে গদ্যত ৰচিত হোৱা বুৰঞ্জীসমূহে আধুনিক অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ধাৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷বুৰঞ্জীসমূহত প্ৰতিফলিত হোৱা কেইটমান উল্লেখযোগ্য বৈশিষ্ট্য এনে ধৰণৰ—

  • আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জীসমূহৰ সৰহ ভাগ বুৰঞ্জী গদ্যত ৰচিত৷ ইয়াত কথিত ভাষাৰে বাস্তৱধৰ্মী বৰ্ণনাৰে বিষয়বস্তু উপস্থাপন কৰা হৈছে৷ কথ্য ভাষাৰ ব্যৱহাৰ কৰা হৈছে যদিও বুৰঞ্জীসমূহ ঐতিহাসিক ঘটনাৰ নীৰস ধাৰাবাহিক বিৱৰণৰ নহয়৷ সূৰ্য্য কুমাৰ ভূঞাৰ ভাষাৰে ক’ব পাৰি — ‘‘বুৰঞ্জীৰ কথা শুকান হাৰ-ছাল নহয়; তাত ভাৱৰ সমাৱেশ আৰু আৱেগৰ সৌৰভ লক্ষ্য কৰিব পাৰি৷ সেই দেখি এই বুৰঞ্জীসমূহক বুৰঞ্জীৰ শাৰীৰ পৰা আনি বিশুদ্ধ সাহিত্যৰ অংগীভূত কৰা হৈছে৷ বুৰঞ্জী আৰু সাহিত্যৰ এনে অপূৰ্ব সংগম বৃটিছৰ পূৰ্ব যুগৰ কোনো ভাৰতীয় সাহিত্যত দেখিবলৈ পোৱা নাযায় বুলি ক’লেও সত্যৰ অপলাপ নহয়৷’’
  • নিৰপেক্ষতা বুৰঞ্জীসমূহৰ এটা বিশেষত্ব৷ এই নিৰপেক্ষতা বুৰঞ্জী ৰচকৰ দৃষ্টিভংগী আৰু ৰচনা পদ্ধতি— দুয়োটাতে ফুটি উঠে৷ 
  • বুৰঞ্জীসমূহত কোনো ঘটনাৰ বিৱৰণ ক্ৰমানুসাৰে শৃঙ্খলাবদ্ধ ৰূপত উপস্থাপিত হৈছে বাবে ইয়াত চন-তাৰিখৰ বিভ্ৰান্তি সততে নঘটে৷ আনকি কোনো বিশেষ ঘটনাৰ শক, তাৰিখ, দণ্ড-পল পৰ্যন্ত সন্নিৱিষ্ট কৰা হৈছে৷ সেই ফালৰ পৰা বুৰঞ্জীসমূহৰ ৰচনা চৰিত পুথিতকৈ অধিক উন্নত বা বিজ্ঞানসন্মত৷
  • ৰাজনৈতিক ঘটনাৰ লগত সংশ্লিষ্ট ব্যক্তিসমূহৰ উক্তি-প্ৰত্যুক্তিবোৰো যথাযথভাৱে উদ্ধৃত কৰি বৰ্ণনীয় বিষয়ক নাটকীয় গুণবিশিষ্ট কৰি তোলা হৈছে৷ গৌণ বা পৰোক্ষ উক্তিৰ ব্যৱহাৰ নাছিল বুলিয়েই ক’ব পাৰি৷ কোনো ব্যক্তিয়ে কোৱা প্ৰত্যক্ষ উক্তিকে উদ্ধৃত কৰি দিয়া হয়৷ উদাহৰণস্বৰূপে– ‘‘চাস্তাখা বোলে, – ‘আচামে গড় কৰিছে৷ শুনিছো বৰ উদ্ধৃত কৰি কুমন্ত্ৰী৷ চলাচল চাই যুদ্ধ কৰিবা৷’ এইৰূপে দিয়া হয়৷ শিখাই পঠালে৷’’
  • বুৰঞ্জীসমূহত বৰ্ণনীয় বিষয়ৰ প্ৰকৃতি আৰু চৰিত্ৰৰ মানসিক অৱস্থাৰ বা অনুভূতিৰ তীব্ৰতাৰ মাত্ৰা অনুসৰি ভাষাক গঢ় দিয়া হৈছে৷ উদাহৰণস্বৰূপে– ‘‘মই মাটিৰ গড় বান্ধিম খহিব, কাঠৰ গড় বান্ধিম পছিব, মই কথাৰ গড় বান্ধি দিছো প্ৰাণ পৰি ভূগী হ’ব৷’’
  • ভাষাৰ অধ্যয়নত বাক্যৰ আলোচনাৰ দিশটো অতি আৱশ্যকীয় আৰু আকৰ্ষণীয়৷ সহজ-সৰল বাক্য ৰীতি, ঘৰুবা অসমীয়া ঠাঁচ আৰু শব্দ যোজনাই বুৰঞ্জীৰ ভাষাক এক সৰল অনাড়ম্বৰ ৰূপ দান কৰিছে৷ সহজ-সৰল চুটি বাক্য প্ৰয়োগে বৰ্ণনা স্পষ্ট কৰি তুলিছে, য’ত অতিৰঞ্জনৰ প্ৰচেষ্টা সমূলি নাই৷ উদাহৰস্বৰূপে–
    • ফকৰা-যোজনা– ‘‘একে হাবিতে দুটা মহা বাঘ, হাতী নাথাকে৷

একে বাটতে দুটা ৰজাও নাথাকে৷ ’’

  • প্ৰবাদ বাক্য–     ‘‘পুত্ৰ হলে পিতৃৰ বচন কৰিব লাগে৷ ’’
  • সেইদৰে বুৰঞ্জীৰ গদ্যত ধবনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব আৰু বাক্যতত্ত্বৰ ক্ষেত্ৰত কেতবোৰ বৈশিষ্ট্যপূৰ্ণ লক্ষণ পৰিলক্ষিত হয়৷
    • ধবনিতাত্ত্বিক দিশঃ বুৰঞ্জীৰ গদ্যত ‘অ’ৰ পৰিৱৰ্তে ‘আ’, ‘এ’, ‘ও’, ‘ই’ৰ প্ৰয়োগ আছে৷ যেনে — নাবাবৰ (নবাবৰ), বাৰেহাত (বাৰহাত), বৰিষনে (বৰষুণে) আদি৷ ‘ঐ’ৰ ঠাইত ‘এ’, ‘অ’ৰ প্ৰয়োগ৷ যেনে – সন্য (সৈন্য), উনেশ (ঊনৈশ)৷ ঠিক সেইদৰে ‘গ’ৰ ঠাইত ‘ঘ’ – ঘালিবচন (গালিবচন); ‘গ’ৰ ঠাইত ‘খ’ – খোটাচেৰেক (গোটাচেৰেক); ‘স’ৰ ঠাইত ‘হ’ – হিপাৰে (সিপাৰে), ইত্যাদি ব্যৱহৃত হোৱা পৰিলক্ষিত হয়৷
    • ৰূপতাত্ত্বিক দিশঃ মঞি, তঞি, কেমন, যতেক— আদি পুৰণি অসমীয়া সৰ্বনামৰ প্ৰয়োগ মন কৰিবলগীয়া৷ ‘অযুত বৎসৰ’, ‘মহা মহিমাৰ’ আদিৰ দৰে বিশেষণীয় বিশেষণ;‘ভাল-মন্দ’, ‘সত্যে-সত্যে’ আদিৰ দৰে পুৰণি অসমীয়া ক্ৰিয়া বিশেষণৰ প্ৰয়োগ হোৱা দেখা যায়৷
    • শব্দতত্ত্বিক দিশঃ বুৰঞ্জীৰ গদ্যত তৎসম (মনুষ্য, কায়স্থ, স্বৰ্গ, স্ত্ৰী), অৰ্ধ-তৎসম (মুকুতা, জনম, বৰিষন), তদ্ভৱ (মই, তুমি, কুকুৰা, ঘিঁউ, শিয়াল), অন্যান্য মধ্য ভাৰতীয় আৰ্য ভাষাৰ শব্দ, দেশী আৰু বিদেশী শব্দৰ পয়োভৰ ঘটিছে৷সেইদৰে সংযুক্ত শব্দ (সোণ-ৰূপ, বোল-বচন, নৃত্য-গীত), যুৰীয়া শব্দ, ধন্যাত্মক শব্দ (ঠন-ঠনাই, চিটা-চিট) আদিৰ প্ৰয়োগে বুৰঞ্জীৰ গদ্যক বিশেষ আকৰ্ষণীয় কৰি তুলিছে৷ আহোম ভাষাৰ শব্দৰ প্ৰয়োগ বুৰঞ্জীসমূহৰ অন্য এটা ভাষাতাত্ত্বিক দিশ, উদাহৰণ স্বৰূপে – চকলং, খেকলাই, পইজাৰ, নামটি, এনায়েক, লাক্‌নি ৰাইমিত আদি৷ ‘লেহেতীয়া’, ‘আগৰি’, ‘খাৰছাই’ আদি অধুনা অপ্ৰচলিত শব্দও বুৰঞ্জীৰ গদ্যত ব্যৱহৃত হৈছে৷
    • বাক্যতত্ত্বিক দিশঃ বুৰঞ্জীৰ গদ্যলৈ লক্ষ্য কৰিলে এইটো দেখা পোৱা যায় যে বৰ্ণনামূলক বাক্য, প্ৰশ্নসূচক বাক্য, উপদেশমূলক বাক্য, চুটি আৰু দীঘল বাক্য, সৰল, জটিল আৰু যৌগিক বাক্যই বুৰঞ্জীৰ বিষয়বস্তুক যথাৰ্থ ৰূপত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে৷ সেই লক্ষণ আৰু পৰিৱৰ্তনসমূহৰ প্ৰতি লক্ষ্য কৰিলে আমাৰ বোধগম্য হ’ব যে বুৰঞ্জীৰ গদ্যই ক্ৰমাৎ আধুনিক অসমীয়া গদ্যৰ ফালে গতি কৰাৰ প্ৰৱণতা এটাৰ ইংগিত দিছিল৷

এই আলোচনাৰ পৰা ক’ব পাৰি বুৰঞ্জীসমূহত ৰজা আৰু বিষয়াসকলৰ কাৰ্যকলাপৰ লগতে দেশৰ সামাজিক, অৰ্থনৈতিক, ধাৰ্মিক, সাংস্কৃতিক আদি অৱস্থাৰ কথা বৰ্ণিত হৈছে যদিও ভাষা আৰু গদ্যৰ ফালৰ পৰাও বুৰঞ্জীসমূহৰ মূল্য অসমীয়া সাহিত্যত চিৰ সমুজ্জ্বল৷

৪.৩.১ কেইখনমান উল্লেখযোগ্য বুৰঞ্জী

বিভিন্ন সময়ত ভিন ভিন গৱেষকে অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা বুৰঞ্জীসমূহ উদ্ধাৰ কৰি সম্পাদিত ৰূপত প্ৰকাশ কৰিছে৷ অসমৰ কেইবাটাও বিদ্যায়তনিক অনুষ্ঠানত সংৰক্ষিত হৈ থকা এনে বুৰঞ্জীসমূহৰ প্ৰকাশিত ৰূপ কেইখনমানৰ বিষয়ে তলত চমুকৈ আভাস দাঙি ধৰা হ’ল—

  • পুৰণি অসম বুৰঞ্জী আৰু অসম বুৰঞ্জী : সুকুমাৰ মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ কৰা এই বুৰঞ্জী দুখনৰ প্ৰথমখন বুৰঞ্জীত প্ৰাচীন যুগৰ পৰা গদাধৰ সিংহৰ দিনলৈকে ৰজা আৰু ৰাজনৈতিক ঘটনাৰ বহল বিৱৰণ পোৱা যায়৷ ঠিক সেইদৰে ২য় খন বুৰঞ্জীত আহোম ৰজা জয়ধবজ সিংহৰ দিনৰ পৰা গদাধৰ সিংহৰ ৰাজত্ব কালৰ বিৱৰণ সংকলিত হৈছে৷
  • অসম বুৰঞ্জী পুথিঃ এই বুৰঞ্জীখন ৰচনা কৰিছিল কাশীনাথ তামোলী ফুকন আৰু ৰাধানাথ বৰুৱাই৷ পোন প্ৰথমে অৰুণোদই কাকতত চোৱা চোৱাকৈ প্ৰকাশিত এইখন বুৰঞ্জীত প্ৰাচীন কালৰ পৰা ব্ৰিটিছৰ আগমনৰ সময়ছোৱাৰ কথা লিপিবদ্ধ আছে৷
  • কামৰূপ বুৰঞ্জীঃ এইখন বুৰঞ্জীত প্ৰাক্‌-আহোম যুগৰ অৰ্থাৎ প্ৰাচীন কামৰূপৰ ৰজাসকলৰো কিছু কিম্বদন্তিমূলক বিৱৰণৰ লগতে সপ্তদশ শতিকাৰ আহোম-মোগলৰ সংঘৰ্ষৰ বহল বিৱৰণ আছে৷
  • পুৰণি অসম বুৰঞ্জীঃ এইখন বুৰঞ্জীত আহোম ৰাজত্বৰ প্ৰাৰম্ভৰ পৰা গদাধৰ সিংহৰ মৃত্যুলৈকে বৰ্ণনা আছে৷ চুহুংমুং দিহিঙীয়া ৰজা, বুঢ়াৰজা প্ৰতাপসিংহ, চক্ৰধবজ সিংহৰ ৰাজত্ব আৰু শৰাইঘাটৰ যুদ্ধৰ বহল বিৱৰণ পোৱা যায়৷
  • তুংখুঙ্গীয়া বুৰঞ্জীঃ ১৮০০ (১৮০৩?) খ্ৰীষ্টাব্দত শ্ৰীনাথ দুৱৰা বৰবৰুৱাই ৰচনা কৰা এইখন বুৰঞ্জীত ১৬৮১ খ্ৰীষ্টাব্দ অৰ্থাৎ গদাধৰ সিংহৰ পৰা চন্দ্ৰকান্ত সিংহৰ ৰাজত্বলৈকে বিৰৱণ পোৱা যায়৷ এইখন বুৰঞ্জীত মোৱামৰীয়া বিদ্ৰোহৰ বহল বিৱৰণ পোৱা যায়৷
  • দেওধাই বুৰঞ্জীঃ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে দেওধাই বুৰঞ্জী, বাঁহগড়ীয়া বুৰঞ্জী, দাঁতিৱলীয়া বুৰঞ্জী আদি কেইবাখনো বুৰঞ্জী একেলগ কৰি  ‘দেওধাই বুৰঞ্জী’ নামত প্ৰকাশ কৰিছে৷ প্ৰথম আৰু দ্বিতীয়খনত আহোম ৰাজত্বৰ আগছোৱাৰ বিৱৰণ আৰু শেষখনত দাঁতিকাষৰীয়া ৰাজ্য আৰু ৰজা পোৱালিবিলাকৰ লগত ৰাজনৈতিক আদান-প্ৰদানৰ বিৱৰণ পোৱা যায়৷ আহোমৰ সীমামূৰীয়া ৰাজ্যৰ লগত সীমান্ত নীতিৰ (frontier policy) বহুতো সংবাদ এই গ্ৰন্থই প্ৰদান কৰে৷
  • সাতসৰী অসম বুৰঞ্জীঃ সূৰ্য্য কুমাৰ ভূঞাৰ সম্পাদনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগে ১৯৬০ চনত সাতখন বুৰঞ্জী একেলগ কৰি ‘সাতসৰী অসম বুৰঞ্জী’ নামেৰে প্ৰকাশ কৰে৷ পূৰ্বেপ্ৰকাশিতঅসমবুৰঞ্জীৰপৰাইসুকীয়া৷ইয়াৰঅন্তৰ্গতপ্ৰতিখনবুৰঞ্জীকবুজাবৰকাৰণেপ্ৰথমখনবুৰঞ্জী, দ্বিতীয়খনবুৰঞ্জী, ইত্যাদিঅনুক্ৰমেপ্ৰতিখনবুৰঞ্জীসজোৱাহৈছে৷ইয়াৰঅন্তৰ্গতপ্ৰতিখনবুৰঞ্জীৰবিস্তৃতিকালপৃথকপৃথকযদিওকেতিয়াবাএকেখিনিঘটনাইপ্ৰায়বোৰবুৰঞ্জীতবিবৃতহোৱাচকুতপৰে৷একেজনৰজাৰৰাজত্বৰঘটনাৱলীকেইবাখনোবুৰঞ্জীতপুনৰাবৃত্তিহৈছে৷সূচীপত্ৰতসন্নিৱিষ্টপ্ৰতিখনবুৰঞ্জীৰঘটনাৱলীৰআধাৰতকোনজনৰজাৰদিনতকিঘটনাঘটিছিল, সেইবিষয়েআভাসপোৱাযায়৷আনহাতেএকেটাঘটনাকেবেলেগবেলেগবুৰঞ্জীতপৃথকধৰণেবিবৃতহোৱাটোওবুৰঞ্জীসমূহৰআনএটামনকৰিবলগীয়াবৈশিষ্ট্য৷
  • হৰকান্ত শৰ্মা মজিন্দাৰ বৰুৱাৰ ‘আসাম বুৰঞ্জী’ : এই গৰাকী ব্যক্তিয়ে ৰচনা কৰা বুৰঞ্জীখনৰ কথা আলোচনা কৰোঁতে আলোচক সত্যেন্দ্ৰনাথ শৰ্মাই ‘সদৰামীনৰ বুৰঞ্জী’ বুলি উল্লেখ কৰিছে আৰু তেওঁ কাশীনাথ তামোলী ফুকনৰ বুৰঞ্জীখনৰ দ্বাৰা প্ৰভাৱিত৷ আনহাতে মহেশ্বৰ নেওগৰ দৃষ্টিত ‘‘হৰকান্তৰ বিবেচনা আৰু পৰিশ্ৰম, অভিজ্ঞতা আৰু অধ্যয়নৰ ফলস্বৰূপে বুৰঞ্জীখনিত বিৱৰণধাৰা সুস্থিৰ গতিত আগবাঢ়িছে আৰু সি লেখকৰ তীক্ষ্ণ ঐতিহাসিক জ্ঞানৰ পৰিচয় দিছে৷’’
  • অসমৰ বাহিৰে ওচৰ-চুবুৰীয়া অন্য দেশৰ বুৰঞ্জীঃ এই শাখাৰ অন্তৰ্গত চাৰিখন বুৰঞ্জী প্ৰকাশ হৈছে, ক্ৰমে— ‘ত্ৰিপুৰা বুৰঞ্জী’, ‘কছাৰী বুৰঞ্জী’, ‘জয়ন্তীয়া বুৰঞ্জী’ আৰু ‘পাদশাহ বুৰঞ্জী’৷ বুৰঞ্জী কেইখনৰ শিৰোনামেই আমাক তাৰ বিষয়বস্তুৰ আভাস দাঙি ধৰে৷১৭২৪ চনত ৰত্ন কন্দলি আৰু অৰ্জুন দাস বৈৰাগীয়ে ত্ৰিপুৰা বুৰঞ্জী প্ৰণয়ন কৰে৷ এওঁলোক ৰুদ্ৰসিংহৰ কটকী স্বৰূপে ত্ৰিপুৰালৈ গৈছিল আৰু তাত কি দেখিছিল সেয়া লিপিবদ্ধ কৰিছে৷ কছাৰী বুৰঞ্জীত প্ৰাচীন কালৰ পৰা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজা তাম্ৰধ্বজৰ সময়লৈকে কছাৰী ৰাজ্যৰ ইতিহাস লিপিবদ্ধ হৈছে৷ উল্লেখযোগ্য যে ইয়াত কছাৰী-আহোমৰ সংঘৰ্ষৰ বিৱৰণে যথেষ্ট ঠাই আগুৰি আছে৷ জয়ন্তীয়া বুৰঞ্জীত জয়ন্তীয়া আৰু খৈৰাম (খাচী) ৰাজ্যৰ ঐতিহাসিক বিৱৰণ পোৱা যায়৷ ইয়াত প্ৰাচীন কালৰ পৰা শিৱসিংহৰ সমসাময়িক জয়ন্তীয়া ৰজালক্ষণসিংহৰ দিনলৈকে জয়ন্তীয়া ৰাজ্যৰ ইতিহাস লিপিবদ্ধ হৈছে৷ পাদশাহ বুৰঞ্জীত ‘‘পৃথ্বিৰাজৰ (পিথুৰজা) পৰাজয়ৰ পৰা আউৰংজেৱ বাদছাহলৈকে মুছলমানৰ ৰাজত্বৰ বিৱৰণ পোৱা যায়৷টাইমূৰৰ আক্ৰমণ, শেৰশাহ-হুমায়ুনৰযুদ্ধ,শ্বাহজাহানৰ পুতেকৰ মাজত ভাতৃ-যুদ্ধ আৰু আউৰংজেৱৰ ৰাজ্যলাভ আদিৰ বহুতো বিৱৰণ পোৱা যায়৷ ফাৰ্চী-ইতিহাসৰ লগত বহুতো ক্ষেত্ৰতে এই বুৰঞ্জীৰ তথ্য আৰু বিৱৰণ একে নহ’লেও আৰু বহু কথা শ্ৰুতিভিত্তিক হ’লেও নিৰপেক্ষ দিশৰ পৰা ৰচনা কৰা এই বুৰঞ্জীত ফাৰ্চী বুৰঞ্জীয়ে সম্ভেদ নিদিয়া বহু কথা জানিব পাৰি৷’’ বুলি সতেন্দ্ৰনাথ শৰ্মাই মত পোষণ কৰিছে৷

ইয়াৰ বাদেও কেইবাখনো বুৰঞ্জী সংকলিত হৈ প্ৰকাশ হৈছে যদিও এই আলোচনাত থোৰতে এই কেইখনৰ বিষয়েহে উল্লেখ কৰি যোৱা হ’ল৷

৪.৪    ব্যৱহাৰিক সাহিত্য

          সম্পূৰ্ণৰূপে আভিধানিক অৰ্থতেই ‘ব্যৱহাৰিক’ শব্দটো ব্যৱহাৰ কৰি এক শ্ৰেণীৰ সাহিত্যক এই নামেৰে অভিহিত কৰা হৈছিল৷ বিশেষণবাচক ‘ব্যৱহাৰিক’ শব্দটোৰ অৰ্থ হ’ল — ব্যৱহাৰ-সম্বন্ধীয়; যিটো কাৰ্যত প্ৰয়োগ কৰা হয়, তেনে; প্ৰায়োগিক (ahplied)৷ অসমীয়া সাহিত্যৰ মধ্যযুগ বুলি বিবেচনা কৰা সময়চোৱাততেনে ধৰণৰ প্ৰায়োগিক জ্ঞান সম্বলিত এক শ্ৰেণীৰ সাহিত্য ৰচিত হৈছিল আৰু সেই সাহিত্যৰাজিকে ব্যৱহাৰিক সাহিত্য বুলি অভিহিত কৰা হৈছিল৷ মূলতঃ সেই সময়ৰ বিভিন্নজন ৰজাৰ পৃষ্ঠপোষকতাৰ এই সাহিত্যলানি জন্ম হৈছিল৷ গদ্য-পদ্য উভয়তে ৰচিত এইবিধ সাহিত্যৰ ভিতৰুৱা কেইবাখনিও সংস্কৃত গ্ৰন্থ অসমীয়ালৈ অনূদিত হৈছে৷ আয়ুৰ্বেদ শাস্ত্ৰ, নিদান, জ্যোতিষ, অংক-আৰ্যা, নৃত্য-গীত, গৃহ নিৰ্মাণ আদি বিষয়ৰ গ্ৰন্থৰাজি ব্যৱহাৰিক সাহিত্যৰ অন্তৰ্গত৷ অষ্টাদশ শতিকাত এই ব্যৱহাৰিক জ্ঞান শাস্ত্ৰৰ কেইবাখনো পুথি ৰচিত হয়৷ অসমীয়া ভাষা সাহিত্যৰ ক্ৰমোন্নতিত ইবিলাকৰ বিশেষ ভূমিকা আছে৷ এই শ্ৰেণীৰ সাহিত্য সম্পৰ্কে বিৰিঞ্চিকুমাৰ বৰুৱাই ‘অসমীয়া কথা সাহিত্য, পুৰণি ভাগ’ত আগবঢ়োৱা মন্তব্যটি এই ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ– ‘‘…বিজ্ঞানৰ বিষয়বস্তুৰ ব্যাখ্যাৰ নিমিত্তে উপযোগী পোনপটীয়া বাক্যৰীতিৰ ব্যৱহাৰ এই ৰচনাৱলীত আছে৷ সেই একে কাৰণেই অৰ্থৰ দুৰ্বোধ্যতা অথবা অৰ্থৰ অস্পষ্টতা দোষৰ পৰা এই গ্ৰন্থসমূহ ভালেখিনি মুক্ত৷ সাহিত্যিক সৌন্দৰ্য আৰু গদ্য ৰচনা কৌশলৰ কথা এৰিও অসমীয়া কথা সাহিত্যৰ বুৰঞ্জীত এই গ্ৰন্থৰাজিৰ বিশেষ স্থান আছে৷’’

ব্যৱহাৰিক সাহিত্যৰ সকলোখিনি গ্ৰন্থ পোহৰলৈ আহিছে বুলি এতিয়াও ক’ব নোৱাৰি৷ অনেক ৰচনা হয়তো এতিয়াও সাঁচিপাততে আৱদ্ধ হৈ আছে৷ বৰ্তমানলৈকে পোহৰলৈ অহা ব্যৱহাৰিক সাহিত্যৰাজিৰ ভাষাই সেইযুগৰ ভাষা ৰীতিৰ বৈশিষ্ট্য্য বহন কৰিছে৷ কেইখনমান উল্লেখযোগ্য ব্যৱহাৰিক সাহিত্যৰ গ্ৰন্থ হ’ল–সুকুমাৰ বৰকাথৰ ‘হস্তীবিদ্যাৰ্ণৱ’ আৰু ‘ঘোঁৰা নিদান’; কবিৰাজ চক্ৰৱৰ্তীৰ ‘ভাস্বতী’, শুভংকৰৰ‘শ্ৰীহস্তমুক্তাৱলী’, কাশিনাথৰ ‘অঙ্কৰ আৰ্যা’, বাগীশ দ্বিজৰ ‘হিতোপদেশ’, সুচান্দ ওজাৰ ‘কামৰত্ন তন্ত্ৰ’, মধুমিশ্ৰ বাগীশৰ ‘নীতি-লতাঙ্কুৰ’, চূড়ামণিৰ ‘জ্যোতিষ চূড়ামণি’, কবিৰত্ন দ্বিজৰ‘লীলাৱতী’ আৰু বকুল কায়স্থৰ ‘কিতাৱৎ মঞ্জৰী’ উল্লেখযোগ্য৷

          সুকুমাৰ বৰকাথৰ সচিত্ৰ হস্তীবিদ্যাৰ্ণৱ, ঘোঁৰানিদান আৰু কবিৰাজ চক্ৰৱৰ্তীৰ জ্যোতিষ সম্পৰ্কীয় কথা গ্ৰন্থ ভাস্বতী মহাৰাজ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালত অসমীয়া গদ্যত ৰচিত উল্লেখযোগ্য ব্যৱহাৰিক জ্ঞানৰ পুথি৷ইয়াৰে হস্তীবিদ্যাৰ্ণৱৰ ভাষাৰ লগত বুৰঞ্জীৰ ভাষা একে৷ উদাহৰণস্বৰূপে –‘‘পৰ্বতৰ পৰা ওলাই আহি সোণৰ শৰ পহুৱে পানীৰ মুখত কটালি খালেহি৷সেই পহুৰে পৰা কতো দিম থাকি দঁতাল-মাখুন্দীছটা হাতী হৈ হাবিৰ বন- পছলা খাই ফুৰে, সকল জুৰিএ গুজৰি ফুৰে৷ তাৰপৰা অনেক লাখ বিলাখ হাতী হ’ল৷’’          হস্তীবিদ্যাৰ্ণৱ গ্ৰন্থখন শম্ভুনাথ প্ৰণীতা গজেন্দ্ৰ-চিন্তামণি নামৰ সংস্কৃত গ্ৰন্থৰ ভিত্তিত প্ৰতিষ্ঠিত৷ এই গ্ৰন্থ ৰজা শিৱসিংহ আৰু ৰাণী অম্বিকাদেৱীৰ আদেশত সুকুমাৰ বৰকাথে ১৭৩৪ খ্ৰীষ্টাব্দত ৰচনা কৰে৷ হাতীৰ নানাবিধ শ্ৰেণীবিভাগ, হাতীৰ প্ৰকৃতি, ইয়াক বশ কৰাৰ কৌশল পদ্ধতি, হাতীৰ বেমাৰৰ চিকিৎসা পদ্ধতি আদি বিভিন্ন কথা এই গ্ৰন্থখনৰ মূল বিষয়বস্তু৷ এই পুথিখনৰ অন্তৰ্গত ছবিবোৰ দুজন মোগল শিল্পীয়ে আঁকিছিল৷ তেওঁলোকৰ নাম দিলবৰ আৰু দোচাই৷ এই ছবিবোৰ বিশেষ ধৰণৰ কলা নিপুণতাৰ পৰিচয়ক হোৱাৰ উপৰি ঐতিহাসিক দৃষ্টিকোণৰ পৰাও মূল্যৱান৷ একেদৰে অসমীয়া গদ্যত ৰচিত ব্যৱহাৰিক জ্ঞানৰ আন এখন উল্লেখনীয় পুথি হৈছে ‘ঘোঁৰা-নিদান’৷ ইয়াৰ ৰচনাৰ সময় সঠিকভাৱে জনা নাযায় যদিও ইয়াৰ ভাষাৰ পৰাই বুজা যায় যে ইও আহোম ৰাজত্বৰ শেষৰ ফালে– সম্ভৱতঃ ১৮ শ শতিকাৰ ভিতৰত ৰচিত৷ ঘোঁৰাৰ শ্ৰেণী, প্ৰকৃতি, বেমাৰ, চিকিৎসা আদি বৈষয়িক কথাবোৰ এই পুথিৰ বিষয়বস্তু৷ পুথিখনিৰ আৰম্ভণিতে আছে – ‘‘অথ গোঁৰাৰ লক্ষণ৷ টাঙ্গনৰ তিনি জাতি৷ টাটুকীৰ তিনি জাতি৷ টাটুকীৰ বুকু বহল, ডিঙ্গি ডাঙ্গঁৰ৷ তাজীৰ বুকু চেপ, ডিঙ্গি সৰু৷ কিয় ভাল আচোৱাৰি হ’লে বিচাৰি পাব৷’’এইবোৰ গ্ৰন্থ ৰজাঘৰীয়া অনুপ্ৰেৰণাত ৰচিত হৈছিল আৰু ব্যৱহাৰিক বিষয়ৰ পুথি কাৰণেই ব্যৱহাৰিক ভাষাৰ প্ৰয়োগ এইবোৰত লক্ষ্য কৰা যায়৷

          শতানন্দ ভট্টাচাৰ্যই সংস্কৃতত ৰচনা কৰা জ্যোতিষ শাস্ত্ৰ ভাস্বতীৰ অসমীয়া গদ্যানুবাদ হৈছে কবিৰাজ চক্ৰৱৰ্তীৰ ভাস্বতী৷ এই অনুদিত গ্ৰন্থখন মূল গ্ৰন্থতকৈ চুটি যদিও ইয়াৰ মাজত জ্যোতিষ শাস্ত্ৰৰ বিভিন্ন কথা সোমাই আছে৷কবিৰাজে আহোম ৰজা ৰুদ্ৰসিংহ, শিৱসিংহ আৰু ৰজা ফুলেস্বৰীৰ পৃষ্ঠপোষকতা লাভ কৰিছিল৷একেদৰে আন এখন উল্লেখযোগ্য ব্যৱহাৰিক জ্ঞান সম্বলিত গ্ৰন্থ হৈছে শ্ৰীহস্তমুক্তাৱলী৷ সংস্কৃত শ্লোকত ৰচিত শ্ৰীহস্তমুক্তাৱলীৰ প্ৰণেতা শুভংকৰ৷ অসমৰ উপৰি বংগদেশ আৰু মিথিলায়ো এইজনা কবিক নিজৰ বুলি দাবী কৰে৷ আউনীআটি সত্ৰত পূৰ্ণৰূপৰ শ্ৰীহস্তমুক্তাৱলীখন পোৱাৰ পৰা শুভংকৰক অসমৰ বুলি দাবী কৰাৰ অধিক থল আছে৷ পুথিখনৰ অসমীয়া অনুবাদটি খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ শেষ বা অষ্টাদশ শতিকাৰ প্ৰথমাৰ্ধৰ ভিতৰৰ সৃষ্টি৷ শ্ৰীহস্তমুক্তাৱলীৰ অসমীয়া অনুবাদে পুৰণি কালত অসমত সংগীত শাস্ত্ৰৰ প্ৰচলনৰ কথাটি সুন্দৰভাৱে প্ৰমাণ কৰে৷ এই গ্ৰন্থখন নৃত্য আৰু নৃত্যৰ মুদ্ৰা বিষয়ক এখনি প্ৰামাণিক গ্ৰন্থ৷ হস্তৰ অসংযুক্ত, সংযুক্ত আৰু নৃত্য-হস্ত — এই তিনিভাগৰ গোটেইবোৰ কথা ইয়াত বৰ্ণিত হৈছে৷ পুথিখনত মুঠতে ৯১৬টা শ্লোক আছে৷

          সেইদৰে কমলেশ্বৰ সিংহৰ দিনত মধুমিশ্ৰ বাগীশ বাবাগীশ দ্বিজে হিতোপদেশ অসমীয়া পদলৈ অনুবাদ কৰে৷ এওঁৰে সম্ভৱতঃ কামন্দকীয় নীতিশাস্ত্ৰৰ সংগ্ৰহ নীতি-লতাঙ্কুৰ৷ আউনিআটি সত্ৰৰ ষষ্ঠ অধিকাৰ প্ৰাণহৰিদেৱৰ দিনৰ মধুমিশ্ৰ বাগীশে দুৱৰা বংশৰ হৰনাথ ভিতৰুৱাল ফুকনৰ অনুপ্ৰেৰণাত নীতি-লতাঙ্কুৰ ৰচনা কৰে বুলি আউনিআটি সত্ৰৰ বুৰঞ্জীত খৰচি মাৰি আলোচনা কৰিছে৷ এই নীতি-লতাঙ্কুৰ গ্ৰন্থৰ মূল পাঠসমূহ সংস্কৃতত আছে; কিন্তু তাৰ ভাঙনিসমূহ অসমীয়া গদ্যৰ বিশুদ্ধ চানেকি৷ইয়াত আঠোটা বিষয়ৰ আলোচনা আছে৷ মন্ত্ৰণাৰ বিষয়, স্থান, কাল, পাত্ৰ আদি, নীতিবৃক্ষৰ বৰ্ণনা, সন্ধিৰ প্ৰকাৰ, বিগ্ৰহ, ত্ৰিবৰ্গ, ক্ষয়, সাধনা, বৃদ্ধি অষ্টবৰ্গ (কৃষি, বাণিজ্য, দুৰ্গ, সেতু, কুঞ্জৰ, বন্ধন, খন্যাকৰ, বলাদান, শূন্যনিৱেশন) চাৰি উপায় (সাম, দান, ভেদ, দণ্ড), যান ব্যৱস্থা, কোট ব্যৱস্থা, ব্যূহ ব্যৱস্থা, অক্ষৌহিণীগণনা আদি ৰাজনীতিৰ প্ৰয়োজনীয় জ্ঞান গ্ৰন্থখনত দিছে৷এই গ্ৰন্থৰ গদ্যও বুৰঞ্জীৰ গদ্যৰ সমপৰ্যায়ৰ৷

          কামৰত্ন তন্ত্ৰও হৈছে একে নামৰে সংস্কৃত শ্লোকৰ এখন গ্ৰন্থৰ অসমীয়া গদ্যানুবাদ৷ মূল গ্ৰন্থখনৰ ৰচক গোৰখ নাথ৷ ইয়াৰ অসমীয়া অনুবাদক জনৰ নাম সুচান্দ ওজা৷ শিৱ-পাবৰ্বতীৰ কথোপকথনৰ মাজেদি এই পুথিৰ বিষয়বস্তু প্ৰকাশিত হৈছে৷ বিশেষকৈ এই পুথিখনত স্তমভন, বশীকৰণ, মাৰণ, উৎচাটন আদি তান্ত্ৰিক কথাবোৰ আৰু সাধন প্ৰণালীৰ বিৱৰণ দিয়া হৈছে৷ পুথিখনিৰ আৰম্ভণিতে আছে – ‘‘শ্ৰীকৃষ্ণায় নমঃ৷ অথশিৱ-পাৰ্বতী সংবাদ৷ একদিনা পাৰ্বতীয়ে শঙ্কৰক সুধন্ত, প্ৰভু কাম ৰত্ন তন্ত্ৰ মোক কহা৷ শঙ্কৰে কহন্ত জানা পাৰ্বতী, বশ, আকৰ্ষণ, বিদ্বেষণ, স্তমভণ, মাৰণ, শান্তিপুষ্টি আদি কৰি এই কৰ্ম্মসকল যে কালত যে নিয়মে কৰিব তাহক কহো৷’’

          তদুপৰি কাশীনাথৰ অঙ্কৰ-আৰ্য্যা, চূড়ামণিৰ জ্যোতিষ চূড়ামণি, কবিৰত্ন দ্বিজৰ লীলাৱতী, বকুল কায়স্থৰ কিতাবৎ মঞ্জৰী আদি ব্যৱহাৰিক সাহিত্যৰ উল্লেখযোগ্য পুথি৷ এই পুথিবোৰ জ্যোতিষ, গণিত আদি বিষয়ক৷কাশীনাথৰ ‘অঙ্কৰ আৰ্য্যা’ গদ্যত লিখা গণনা বিষয়ক গ্ৰন্থ৷চূড়ামণি দ্বিজৰ জ্যোতিষ চূড়ামণটো জ্যোতিষৰ লগতে যোগ-বিয়োগ আৰু জোখ-মাখ সম্পৰ্কীয় কথা আছে৷ এই গ্ৰন্থখন কিতাবৎ মঞ্জৰীৰ পৰৱৰ্তী সময়ৰ ৰচনা, কাৰণ ইয়াত চূড়ামণিয়ে বকুল কায়স্থক গুৰু মানি লোৱাৰ কথা উল্লেখ আছে৷কবিৰত্ন দ্বিজৰ লীলাৱতী গ্ৰন্থত যোগ-বিয়োগ, পূৰণ-হৰণৰ উপৰিও বীজ গণিতীয় সমীকৰণৰ বৰ্গমূল, ঘনমূল আদি উলিওৱা নিয়ম সন্নিৱিষ্ট হৈছে৷ গদ্যত লিখা এই পুথিখনৰ ৰচনাকাল অজ্ঞাত৷ কোচ ৰাজ নৰনাৰায়ণৰ সভাপণ্ডিত বকুল কায়স্থই ভাস্কৰাচাৰ্য দ্বিতীয়ৰ সুবিখ্যাত গ্ৰন্থ ‘সিদ্ধান্ত শিৰোমণি’ৰ ‘লীলাৱতী’ অংশৰ ভিত্তিতকিতাবৎ মঞ্জুৰী ৰচনা কৰিছিলে৷ কামৰূপ অনুসন্ধান সমিতিত থকা বকুল কায়স্থৰ ‘কিতাবৎ মঞ্জৰী’ ১৩৫৬ শকত স্বৰ্গনাৰায়ণদেৱৰ ৰাজত্বত লিখা হয় বুলি উল্লেখ আছে৷ গ্ৰন্থখন পদ ছন্দত ৰচিত৷ ৰাজকীয় বস্তু-বাহিনীৰ হিচাপ কেনেদৰে ৰাখিব লাগে, যোগ-বিয়োগ হিচাপ কেনেদৰে ৰাখিব লাগে, মাটি-বাৰীৰ জোখ কেনেকৈ উলিয়াব লাগে– এনেবোৰ কথাৰ বিৱৰণ কিতাবৎ মঞ্জৰীত আছে৷ এই গ্ৰন্থখন অসমত গণিত চৰ্চাৰ প্ৰাচীনত্বৰ ইঙ্গিত বহনকাৰী গ্ৰন্থ৷

          এই ব্যৱহাৰিক সাহিত্য বিষয়ক গ্ৰন্থবোৰ প্ৰায় ষোড়শ শতিকাৰ পৰা অষ্টাদশ শতিকাৰ ভিতৰত ৰচিত আৰু এই ব্যৱহাৰিক সাহিত্যখিনিয়ে শংকৰোত্তৰ যুগৰ সাহিত্যৰ ধাৰা হিচাপে চিহ্নিত হোৱাৰ লগতে মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ সুন্দৰ চানেকী বহন কৰিছে৷ সামগ্ৰিকভাৱে এই সাহিত্যৰাজিত দেখা পোৱা কেইটিমান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল এনেধৰণৰ—

  • ধবনিগত বৈশিষ্ট্য :‘অ’ৰ ঠাইত ‘উ’ – নুৱৰিয়া (নৰিয়া), ‘ই’ৰ ঠাইত ‘ঞি’ – তাঞিকে (তাইকে), ‘শ’ৰ ঠাইত ‘স’ – সুকুলা (শুকুলা), ‘ন্দ’ৰ ঠাইত ‘দ’ – মাখুঁদি (মাখুন্দি) আদিৰ ব্যৱহাৰ৷
  • ৰূপতাত্ত্বিক বৈশিষ্ট্য :সাহিত্যৰ ইতিসাহকাৰসকলে উল্লেখ কৰি গৈছে যে বুৰঞ্জীৰ ভাষাৰ লগত ব্যৱহাৰিক সাহিত্যৰ ভাষা একে পৰম্পৰাতে ৰচিত হৈছে৷ গতিকে বুৰঞ্জীৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য্যৰ লগত এইবিধ সাহিত্যৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য্যৰ সাদৃশ্য মন কৰিবলগীয়া৷ তঞি, মোত, মই, আমি, আপুনি— আদি সৰ্বনামৰ ৰূপ; খন, টো, টা, গচ, মহা, জোৰ আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়; এতেকে, নিছিনা, কিন্তু, জদি, তথাপি আগি অব্যয়ৰ প্ৰয়োগ; কৃদন্তৰূপ কৰোঁতে ‘ওঁতে’ প্ৰত্যয়ৰ ঠাইত ‘ঞোতে’ৰ প্ৰয়োগ হয়, উদাহৰণ– জাঞোতে, খাঞোতে কৰা দেখা যায়৷
  • শব্দতত্ত্বিক বৈশিষ্ট্য : ব্যৱহাৰিক সাহিত্যত সংস্কৃত আৰু অনা সংস্কৃত শব্দ (যেনে– প্ৰভাত, তেন্তেলি, ঋতু), কামৰূপী উপভাষাৰ শব্দ (যেনে– বুলন, ৰাজা, ভিঠা), অন্যান্য দেশী (বাংলা ভাষাৰ – গৈছেন, নাকৰিলাম) আৰু বিদেশী ভাষাৰ শব্দৰ প্ৰয়োগ ঘটা দেখা যায়৷
  • বাক্যতত্ত্বিক বৈশিষ্ট্য : বাক্য গঠনৰ প্ৰণালীৰ ক্ষেত্ৰত অতি চুটি, সহজ-সৰল বাক্যৰ প্ৰয়োগ আছে৷ কেইটামান বাক্যৰ আৰ্হি উল্লেখ কৰা হ’ল–‘‘পাছে ৰাজাএ প্ৰভাতে পণ্ডিতৰ হতোৱাএ চোৱালে৷’’ (হস্তীবিদ্যাৰ্ণৱ),‘‘প্ৰভু কামৰূপতন্ত্ৰ মোত কহা৷’’(কামৰূপতন্ত্ৰ)৷

          এইদৰে বিচাৰ কৰিলে দেখা যায় যে, মধ্যযুগীয় অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰত ব্যৱহাৰিক সাহিত্যৰাজিৰ মূল্য কোনো গুণে হীন নহয়৷ সাহিত্যৰ বোঁৱতি সূতিয়ে সাহিত্যৰ ইতিহাসলৈ পৰিৱৰ্তন আৰু নতুনত্ব কঢ়িয়াই আনে৷ অসমীয়া সাহিত্যৰ ক্ষেত্ৰটো একে কথা প্ৰযোজ্য৷ এই কথাৰ খেও ধৰিয়েই ক’ব পাৰি শংকৰোত্তৰ যুগটোক সেই ঢৌৱে স্পৰ্শ কৰিলে আৰু সাহিত্যৰ ক্ষেত্ৰত ন ন বীজৰ অংকুৰণ ঘটিল৷ পৰৱৰ্তী সময়ছোৱাত অসমীয়া ভাষা-সাহিত্যই আধুনিকতাৰ অভিমুখে এখোজ-দুখোজ আগবঢ়োৱাত এই সমলসমূহে যথেষ্ট অৰিহণা আগবঢ়ালে৷

৪.৫ নাট্য সাহিত্য

          শংকৰোত্তৰ যুগৰ নাট বুলিলে সাধাৰণতে শংকৰদেৱ-মাধৱদেৱৰ পাছৰ যুগত তেওঁলোকৰ নাট ৰচনাৰ আৰ্হিকে সাৰোগত কৰি ৰচনা কৰা নাটসমূহকে বুজায়৷ এই নাটসমূহৰ ৰচনাকালৰ কথা বিচাৰি গ’লে ক’ব লাগিব যে মাধৱদেৱৰ মৃত্যুৰ পাছৰ পৰা, অৰ্থাৎ সপ্তদশ-অষ্টাদশ আৰু ঊনবিংশ শতিকা– এই তিনিশ বছৰ কালত অসমৰ বিভিন্ন স্থানত শংকৰদেৱ-মাধৱদেৱৰ আিৰ্হকে লৈ যিবোৰ নাট ৰচিত আৰু অভিনীত হৈছিল, সেইবোৰেই শংকৰোত্তৰ কালৰ নাট৷ এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত অসংখ্য সত্ৰ প্ৰতিষ্ঠা হয় আৰু গাঁওসমূহতো অসংখ্য নামঘৰ স্থাপন হয়৷ এই সত্ৰ আৰু নামঘৰসমূহেই নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশৰ কেন্দ্ৰ হৈ পৰিল৷ আনহাতে, জনসাধাৰণক সেই ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰকসকলে নাটৰ ৰচনা আৰু অভিনয়ক প্ৰধান উপায় স্বৰূপে গ্ৰহণ কৰিছিল৷ এইদৰে শংকৰোত্তৰ যুগৰ নাটসমূহ ৰচিত হৈছিল৷ আকৌ, সন্ত-মহন্তসকলৰ তিথি-মহোৎসৱ, জন্মাষ্টমী, দৌলাযাত্ৰা আিদ নানান ধৰ্মীয় অনুষ্ঠানতো অভিনয় কৰিবলৈ নাট ৰচনা কৰাৰ প্ৰয়োজন হৈ পৰে৷ তেনেদৰে কোনো সত্ৰাধিকাৰে আনুষ্ঠানিকভাৱে সত্ৰাধিকাৰ বাব পোৱাৰ লগে লগেও একোখন নাট ৰচনা আৰু সেই নাটৰ অভিনয় কৰি নিজৰ নাট্যাভিনয়ৰ পৰিচয় দিব লগাত পৰিছিল৷ এনেবোৰ কাৰণতে, শংকৰোত্তৰ যুগত যথেষ্ট পৰিমাণে নতুন নাটৰ ৰচনা হ’বলৈ ধৰে৷

          মাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা বাৰজন ধৰ্মাচাৰ্যৰ ভিতৰত গোপালদেৱ বা ভৱানীপুৰীয়া গোপাল আতা অন্যতম৷ এওঁৰ দ্বাৰা ৰচিত ‘জন্মযাত্ৰা’, ‘নন্দোৎসৱ’ আৰু ‘উদ্ধৱযান’– এই তিনিখন শংকৰোত্তৰ যুগৰ উল্লেখযোগ্য নাট৷ ‘জন্মযাত্ৰা’ আৰু ‘নন্দোৎসৱ’ক দুখন সুকীয়া নাটৰূপে গণ্য নকৰি একেখন নাটৰে দুটা খণ্ড বুলিও ধৰিব পাৰি৷ নাটদুখনৰ ৰচনাত নাট্যকাৰ শংকৰদেৱৰ দশমৰদ্বাৰা প্ৰভুতভাৱে প্ৰভাৱান্বিত হৈছে৷ ইয়াত নান্দী শ্লোক আৰু ভটিমা পৰিহৃত হৈছে৷ সেইদৰে, ‘উদ্ধৱযান’ নাটখনিতো শংকৰদেৱৰ ‘গোপীউদ্ধৱ সংবাদ’ৰ প্ৰভাৱ দেখা যায়৷ সেইদৰে, মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত ‘কংসবধ’ শংকৰোত্তৰ যুগৰ এখন উল্লেখযোগ্য নাট৷ ইয়াত নাট্যকাৰে অংকীয়া নাটৰ প্ৰায় আটাইবোৰ লক্ষণেই নিখঁুতভাৱে অনুকৰণ কৰিছে৷ এওঁৰেই পুত্ৰ দৈত্যাৰি ঠাকুৰ ৰচিত ‘নৃসিংহ যাত্ৰা’ আৰু ‘স্যমন্তক হৰণ’ নাটত নান্দী শ্লোক সন্নিবিষ্ট হৈছে৷ কাহিনীভাগ ভাগৱতৰ পৰা অনা হ’লেও কীৰ্ত্তনৰ ‘প্ৰহ্লাদ চৰিত’ আৰু ‘স্যমন্তক হৰণ’ পদৰ প্ৰভাৱ ইয়াত লক্ষ্য কৰা যায়৷ দৈত্যাৰি ঠাকুৰৰ সমসাময়িক দ্বিজ ভূষণৰ ‘অজামিল উপাখ্যান’ এখনি উল্লেখযোগ্য শংকৰোত্তৰ নাট৷ এই নাটখনৰ অন্যান্য গীতবোৰৰ লগতে আৰম্ভণিৰ ভটিমাটোও অসমীয়াত ৰচনা কৰা হৈছে আৰু মুক্তিমংগল ভটিমা পৰিহাৰ কৰা হৈছে৷

          শ্ৰীৰাম আতাৰ ‘সুভদ্ৰ হৰণ’ এখনি উল্লেখযোগ্য শংকৰোত্তৰ নাট৷ এই নাটখনি মহাপুৰুষ শংকৰদেৱৰ ‘ৰুক্মিণী-হৰণ’ নাটৰ আদৰ্শত ৰচনা কৰা৷ ইয়াত নান্দী শ্লোক, প্ৰাৰম্ভিক ভটিমা আৰু অন্যান্য সংস্কৃত শ্লোক আদিৰ প্ৰয়োগ আছে৷ সেইদৰে লক্ষ্মীনাথ দাসৰ ‘কুমৰ হৰণ’ এখনি উল্লেখযোগ্য নাট৷ শংকৰোত্তৰ যুগৰ এই নাটখনিৰ ৰচনা আৰু ভাওনা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ অৱদান আছিল বুলি নাটৰ শেষত থকা ভটিমাটিত পোৱা যায়৷

                             চন্দ্ৰকান্ত ৰাজা নৃপতি প্ৰধান৷

                             কৰাৱত শুহি নাট নিৰমান৷ ৷

          এই নাটখনিৰ গঠনৰীতিত দুই এটা নতুন বৈশিষ্ট্য প্ৰকাশ লাভ কৰিছে যদিও শংকৰদেৱৰ অংকীয়া নাটৰ আৰ্হিও ইয়াত ভালেখিনি সংৰক্ষিত হৈছে৷ পণ্ডিত মহেশ্বৰ নেওগে ব্যক্ত কৰা সম্ভাৱনা মতে ৰামানন্দ দ্বিজে ‘ৰুক্মিণী প্ৰেম-কলহ’ নাটখন ৰচনা কৰিছিলে৷ পুৰণি কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণকান্ত দেৱে ‘জৰাসন্ধ বধ’ নাট ৰচনা কৰিছিলে৷ গোপাল নামৰ ৰচক এগৰাকীৰ নামৰ ভণিতা থকা চাৰিখন নাটক ক্ৰমে ‘জৰসন্ধ বধ’, ‘সীতাহৰণ’, ‘বটদ্ৰবা থান’ আৰু ‘সীতাৰ পাতাল গমন’ পোৱা গৈছে৷ নাট্যকাৰ গৰাকীৰ প্ৰকৃত পৰিচয় লাভ কৰিব পৰা হোৱা নাই যদিও তেওঁৰ নাটক কেইখন উচ্ছমানৰ ৰচনা কৃতি৷ নৰোৱাৰ ৰমাকান্ত আতাই ‘শ্যমন্ত-হৰণ নাট’ ৰচনা কৰিছিল৷ ৰমাকান্তৰ নাতিয়েক বুলি ভবা লক্ষ্মীদেৱে ‘ৰাৱণ-বধ’ নাট ৰচনা কৰিছিল৷ কমলেশ্বৰ সিংহৰ সমসাময়িক ৰামচন্দ্ৰ আতাই (নৰোৱা) ‘কংস বধ’ নাট ৰচনা কৰিছিল৷ শম্ভূদাসৰ ‘গোৱৰ্ধন-যাত্ৰা’ আৰু ‘অমৃত-মথন, বিশ্বম্ভৰদেৱৰ ‘কালী বধ’, এলেঙি থূলৰ গোসাঁই ৰমাকান্তৰ ‘প্ৰলম্ব বধ’ বা ‘প্ৰলম্ব বিঘাট’, বৰএলেঙি সত্ৰৰ কামদেৱৰ ‘কুমৰ হৰণ’ নাট আৰু শ্ৰীৰামৰ ‘সুভদ্ৰা হৰণ’, ভৱকান্ত বিপ্ৰ মহন্তৰ ‘সম্বৰাসুৰ বধ’, পূৰ্ণকান্তৰ ‘হৰিচন্দ্ৰ-উপাখ্যান’, কমলৰ ‘কুলাচল বধ’, লক্ষ্মীদেৱ দাসৰ ‘নৃসিংহ যাত্ৰা’, লক্ষ্মীকান্ত দাসৰ ‘হৰমোহন’ নাট, জগজীৱনৰ ‘অজামিল’, চিৰঞ্জীৱ দাসৰ ‘সীতাৰ পাতাল-গমন’ নাট, পূৰ্ণকান্তৰ ‘সিন্ধু-যাত্ৰা’ নাট, ৰামনাৰায়ণ কিঙ্কৰ উত্তমৰামৰ ‘ঊষা হৰণ’, ইত্যাদি৷

          নাট্যকাৰৰ নামোল্লেখ নথকা কেইখনমান নাটো পোৱা গৈছে৷ সেইকেইখন হৈছে ক্ৰমে- ‘ঊষা হৰণ’, ‘প্ৰভাস যাত্ৰা’, ‘পাণ্ডৱ বিজয়’, ‘কুলাচল-বধ’, ‘জয়দ্ৰথ-বধ’, ‘অভিমন্যু-বধ’, ‘শতস্কন্ধ-ৰাৱণ-বধ’, ‘তাল-ভোজন’, ‘সীতা-বৰ্জন’ আৰু ‘লৱ-কুশৰ যুদ্ধ’, ইত্যাদি৷         

          শংকৰোত্তৰ যুগৰ নাটসমূহৰ গুণগত দিশত যথেষ্ট পৰিৱৰ্তন ঘটে৷ নাট্যকাৰসকলৰ প্ৰতিভাৰ অভাৱৰ কাৰণেই হওক বা অন্য কাৰণতেই হওক এই পৰিৱৰ্তন চকুত পৰা বিধৰ৷ নাটৰ বিষয়বস্তুৰ আধাৰ গ্ৰন্থ সলনি হোৱাৰ লগতে কলা-কৌশলগত দিশটো পূৰ্বৰ না না বৈশিষ্ট্য্য পৰিহাৰ কৰা হ’ল৷ সামগ্ৰিকভাৱে বিচাৰ কৰিলে শংকৰোত্তৰ যুগত ৰচিত হোৱা অংকীয়া নাটৰ বৈশিষ্ট্য্যসমূহ এনে ধৰণৰ–

  • নান্দী শ্লোক, মুক্তি মঙ্গল ভটিমা আৰু অন্যান্য সংস্কৃত শ্লোক আৰু ব্ৰজাৱলী ভাষাৰ শিথিল প্ৰয়োগ৷
  • ভাগৱত পুৰাণৰ উপৰিও অন্যান্য পুৰাণ আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনীয়ে নাট্যৰূপ লাভ কৰিছিল৷
  • বীৰ ৰসযুক্ত বধকাব্যৰ আধাৰত ৰচিত নাটৰ প্ৰতি নাট্যকাৰসকল আগ্ৰহী হৈছিল৷
  • ভাব আৰু আদৰ্শৰ ক্ষেত্ৰত এই যুগৰ নাট্যকাৰসকলে গুৰু গম্ভীৰ ধমীৰ্য় বিষয়ৰ তুলনাত সকলো শ্ৰেণীৰ দৰ্শকক আমোদ যোগাব পৰা মনোৰঞ্জনধৰ্মী দিশ সন্নিৱেশৰ প্ৰতি নাট্যকাৰসকল মনোযোগী হৈছিল৷
  • নাটসমূহত বিলাপ-বিননি সন্নিৱেশৰ মাত্ৰা বৃদ্ধি পাইছিল৷
  • আহোম ৰজাসকলৰ অনুপ্ৰেৰণাত অংকীয়া নাটৰ কৌশলত ৰচিত হোৱা সংস্কৃত নাটসমূহত নাটৰ সংলাপ আৰু সূত্ৰধাৰৰ কথাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু নাটৰ মাজে মাজে অসমীয়া গীতৰ প্ৰয়োগ হৈছিল৷ অসমীয়া গীতসমূহত দুলড়ী, ছবি, লেছাৰী, মুক্তাৱলী আদি ছন্দৰ প্ৰয়োগ ঘটিছিল৷ সংস্কৃতত ৰচিত ৰাগ-তালযুক্ত গীতসমূহত মাত্ৰাবৃত্ত ছন্দৰ প্ৰয়োগ হোৱাত গীতবোৰ সহজ আৰু শ্ৰুতিমধুৰ হৈছিল৷

          ৰাজ পৃষ্ঠপোষকতাত সৃষ্টি হোৱা নাট্যকৃতিসমূহত গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয় বিষয়ৰ সলনি মনোৰঞ্জনধৰ্মী কাব্য-কাহিনী আধাৰিত নাটসমূহে গুৰুত্ব লাভ কৰিবলৈ ধৰাত নাট্যকাৰসকলে সেই শ্ৰেণীৰ নাট ৰচনাত মনোনিবেশ কৰিছিল৷ আহোম ৰজাসকলৰ ৰাজত্বকালত নাট্যকাৰসকলে নিজৰ নাট্য সৃষ্টিত মনোনিবেশ কৰাৰ লগতে কিছুমান নাট্যকৃতিৰ পৰিবেশন কৰিবলৈ সুযোগ লাভ কৰিছিল৷ আহোম ৰাজসভাত ‘ভাৱনা’ অনুষ্ঠানে বিশেষ সমাদৰ লাভ কৰিছিল৷ অভিনীত হোৱা তেনে কেইখনমান কৃতি হৈছে ‘ৰাৱণ বধ’, ‘পদ্মাৱতী হৰণ’, ‘ৰুক্মিণী-হৰণ’ আৰু ‘অক্ৰুৰাগমন’ ভাৱনা৷ বিদ্যুৎসাহী আহোম ৰজা আৰু ৰাজ বিষয়াৰ অনুপ্ৰেৰণাত এই সময়ছোৱাত অংকীয়া নাটৰ কৌশলৰ এক শ্ৰেণীৰ সংস্কৃত নাটকো ৰচিত হৈছিল৷ তেনে কেইখনমান সংস্কৃত নাট হৈছে ধৰ্মদেৱ ভট্টৰ ‘ধৰ্মোদয়’, কবিচন্দ্ৰ দ্বিজৰ ‘কাম কুমাৰ হৰণ; কবি-সূৰ্যৰ ‘বিঘ্নেশ-জন্মোদয়’ আৰু দীন দ্বিজৰ ‘শঙ্খচূড় বধ’৷ ইয়াৰ প্ৰথমখন নাটক বাদ দি বাকী তিনিখন নাটৰ কাহিনী পুৰাণ আধাৰিত৷ ধৰ্মোদয় ৫টা অংকযুক্ত নাট৷ ইয়াত ৰূপকৰ আৰ্হিত মোৱামৰীয়া বিদ্ৰোহৰ কাহিনী অংকন কৰা হৈছে৷ ৰূপকধৰ্মী নাট হিচাপে অসমীয়া নাট্য সহিত্যত এইখন প্ৰথম নাট৷ জ্ঞান মিশ্ৰিত ভক্তি ইয়াৰ প্ৰতিপাদ্য বিষয়৷ ইয়াত প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ সংঘৰ্ষ দেখুৱাই নিবৃত্তি মাৰ্গৰ বিজয় ঘোষণা কৰিছে৷ অষ্টাদশ শতিকাৰ শেষৰ ফালে বাংলা যাত্ৰাৰ আৰ্হিত ‘ধুৰা নাট’ বুলি এবিধ নাট ৰচিত হৈছিল৷এই গীতপ্ৰধান নাটত সূত্ৰধাৰে গীতৰ যোগেদিয়েই গোটেই নাটখন গাই যায়৷ নাটৰ ভাষা অসমীয়া ব্ৰজাৱলী নহয়৷ আনহাতে এই সময়ছোৱতে মাজুলীৰ কমলাবাৰী সত্ৰত ‘ফৌজীয়া ভাওনা’ নামৰ আন এক শ্ৰেণীৰ নাটকেও জন্ম লাভ কৰিছিল৷ গুণগত দিশৰ পৰা উচ্ছ পৰ্যায়ৰ নহ’লেও শংকৰোত্তৰ যুগত যথেষ্ট সংখ্যক নাট ৰচিত হৈছে আৰু এই নাটসমূহে অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে৷

৪.৬    অন্যান্য সাহিত্য

          আলোচনা কৰি থকা সময়ছোৱাত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, ব্যৱহাৰিক সাহিত্য তথা নাট্য সাহিত্যৰ লগতে যে আন আন সাহিত্য ৰচনা হোৱা নাছিল তেনে নহয়৷ তদানীন্তন সময়ছোৱাত বৰাহী ৰজাসকল, কামৰূপ, কমতাৰ নৃপতিসকল, দৰঙী ৰজাসকল আৰু আহোম ৰজাসকলে বৈষ্ণৱ সত্ৰসমূহৰ সমান্তৰালকৈ অসমীয়া সাহিত্যৰ প্ৰসাৰতো আগভাগ লৈছিল৷ ৰামায়ণ, মহাভাৰত আৰু বিবিধ পুৰাণৰ আধাৰত নতুন নতুন সাহিত্য সৃষ্টি হৈছিল৷ এই বিষয়ে তলত আলোচনা কৰা হ’ল৷

৪.৬.১ ৰামায়ণী সাহিত্য

ৰামায়ণ মহাকাব্যক আধাৰ গ্ৰন্থ হিচাপে লৈ প্ৰাক্‌-শংকৰী যুগৰ পৰাই বিভিন্ন গীত, পদ, কাব্য আদি ৰচিত হৈ আহিছে৷ শংকৰোত্তৰ যুগৰ কবি-সাহিত্যিকসকলেও ৰামায়ণক ভিত্তি কৰি কাব্য, গীত, নাট, কথা-ৰচনা সৃষ্টিত মনোনিৱেশ কৰিছিল৷ বিশেষকৈ কছাৰী আৰু আহোমৰ ৰাজপৃষ্ঠপোষকতাত ৰামায়ণক ভিত্তি কৰি অনুবাদ গ্ৰন্থ, কাব্য, কথা ৰচনা, গীত-পদ আদি ৰচিত হৈছিল৷ হেড়ম্বেশ্বৰ জয়চন্দ নৰপতিৰ ৰাজত্বত ভৱানীনাথ দ্বিজবৰে ‘ব্যাস-সঙ্গীত চাইয়া’ পয়াৰ আৰু লাচাড়ি প্ৰবন্ধত ‘শ্ৰীৰামচন্দ্ৰ-অভিষেক’ ৰচনা কৰিছিল৷ মহেশ্বৰ নেওগৰ মতে ভৱানীনাথৰ পুথিখনৰ ভাষা ভুৱনেশ্বৰ বাচস্পতিৰ পুথিত প্ৰয়োগ কৰা ভাষাৰ দৰে মিশ্ৰিত ভাষা৷ সুকুমাৰ সেনে শ্ৰীৰামচন্দ্ৰ-অভিষেক পুথিখন অধ্যাত্ম ৰামায়ণৰ অৱলম্বনত ৰচিত বুলি কৈ গৈছে৷ আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত শ্ৰীকান্ত সূৰ্যবিপ্ৰই ‘পশ্চিমা ভাষা’ অৰ্থাৎ অৱধী ভাষাত ৰচিত হোৱা গোস্বামী তুলসীদাসৰ ‘ৰামচৰিত মানস’ৰ লংকাকাণ্ডৰ অসমীয়া অনুবাদ কৰে৷ হৃদয়ানন্দ বা অনন্ত কায়স্থই ‘শ্ৰীৰাম-কীৰ্তন’ ৰচনা কৰে৷ এই অনুবাদ কম কৰোঁতে তেওঁ কলাপচন্দ্ৰ দ্বিজৰ ‘ৰামায়ণ চন্দ্ৰিকা’ৰ সহায় লৈছিল৷ ৰামায়ণ বিষয়ক অন্যান্য ৰচনা হৈছে ধনঞ্জয় কবিৰ ‘মন্দোদৰীৰ মণিহৰণ’ কাব্য, গঙ্গাগতি দাসৰ ‘সীতাৰ পাতাল প্ৰবেশ’ বা ‘পাতালী কাণ্ড’ কাব্য, ভৱদেৱ বিপ্ৰৰ ‘নাগাক্ষ যুদ্ধ’ কাব্য, অদ্ভুত আচাৰ্যৰ ‘মহিৰাৱণবধ’, আৰু ‘শতস্কন্ধ ৰাৱণবধ’৷ ৰঘুনাথ মহন্তই ‘অদ্ভুত ৰামায়ণ’ আৰু ‘শত্ৰুঞ্জয়’ নামে ৰামায়ণ আধাৰিত দুখন কাব্য ৰচনা কৰে৷ ৰামায়ণ আধাৰিত কিছু সংখ্যক গীত সৃষ্টি হোৱাৰ কথা সাহিত্যৰ বুৰঞ্জীত পোৱা যায়৷ মহেশ্বৰ নেওগে তেওঁৰ গ্ৰন্থ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ত উল্লেখ কৰা মতে আউনীআটি সত্ৰকে আদি কৰি অন্য কেইঠাইমানত জয়ধবজ সিংহৰ ভণিতা থকা কেইটিমান গীত প্ৰচলিত আছে৷ গীত কেইটিৰ বিষয়বস্তু ৰামায়ণৰ পৰা গ্ৰহণ কৰা হৈছে আৰু সেই কেইটি বিলাপমূলক গীত৷ ৰামায়ণৰ আধাৰত বিভিন্ন নাটকো ৰচিত হৈছিল৷

শংকৰোত্তৰ যুগত ৰচিত হোৱা ৰামায়ণ আধাৰিত ৰচনাকৃতিৰ সৰহ সংখ্যকেই আছিল কাব্যধৰ্মী আৰু পদত ৰচিত৷ তাৰ মাজতে গদ্য বা কথাতো ৰামায়ণখন অনুবাদ হৈছিল৷ সেইখন হ’ল ৰঘুনাথ মহন্ত বিৰচিত ‘কথা-ৰামায়ণ’৷ ৰঘুনাথ মহন্ত গোলাঘাটৰ দৈয়াং সত্ৰৰ সত্ৰাধিকাৰ আছিল৷ তেওঁৰ পূৰ্বে কোনো ভাৰতীয় সাহিত্যত গদ্যত ৰামায়ণ ৰচিত হোৱা বুলি শুনা নাযায়৷ মাধৱ কন্দলিৰ ৰামায়ণখনক আধাৰ হিচাপে লৈ শক ১৭০৩ (ইং ১৭৮১)ত তেওঁ কথা-ৰামায়ণখন ৰচনা কৰিছিল৷ অৱশ্যে এই ৰামায়ণখনো অসম্পূৰ্ণ, কেৱল প্ৰথম চাৰিটা কাণ্ডহে আছে৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ দৃষ্টিত অসম্পূৰ্ণ হ’লেও বৰ্ণনাৰ সংযম আৰু গাম্ভীৰ্যই, ভক্তিভাবৰ গাঢ়তাই আৰু সৰস গদ্যভঙ্গীয়ে ৰঘুনাথ মহন্তৰ কথা-ৰামায়ণক অসমীয়া সাহ্যিত এক বিশেষ স্থান প্ৰদান কৰিছে৷ মাধৱ কন্দলিৰ ৰামায়ণৰ আধাৰত ৰচনা কৰা এই কথা ৰামায়ণত ৰঘুনাথ মহন্তই বহুত অংশত মাধৱ কন্দলিৰ বৰ্ণনাকে গদ্য ৰূপত উপস্থাপন কৰিছে৷ তেওঁৰ এই ৰচনা মহাপুৰুষ শংকৰদেৱৰ ‘ৰাম-বিজয়’ নাটৰ অংশবিশেষৰ দ্বাৰাও প্ৰভাৱিত৷ কথা-ৰামায়ণৰ প্ৰথম তিনিটা কাণ্ডৰ ভাষাত ব্ৰজাৱলী শব্দৰূপ আৰু ক্ৰিয়াৰূপৰ বহুল প্ৰয়োগ ঘটিছে৷ গদ্যৰ ঠাঁচ ভট্টদেৱৰ গদ্য ঠাঁচৰ অনুৰূপ, কিন্তু ভট্টদেৱতকৈ কিছু সৰল৷ নিদৰ্শন স্বৰূপে ‘‘জনকনন্দিনী স্বামী আসিবাৰ দেখি আগবাঢ়ি স্বামীক নমিলা৷৷ শ্ৰীৰামৰ ভাৱ দেখি বুলিল– হে প্ৰাণনাথ কেনে তোমাৰ মুখ পঙ্কজ ম্লান ভৈল, ৰাজচিহ্ন কেনে নাহি?শ্ৰীৰামে বোলন্ত– হে প্ৰিয়ে, হামাৰ ৰাজ্যপদ গুচি বনপদ ভৈল৷ চতুৰ্দশ-বৰ্ষ বনবাস কৰিতে হামু আজু যাত্ৰা কৰবো, এখানে ভৰত ৰাজা হৈব৷ এহিতো কাৰ্যে অনুশোচ কৰো, অযোধ্যাৰ নৰনাৰীসৱে মোৰ পদে তাপ লভিব৷ তুমি হেন প্ৰিয়াক সুমৰি শৰীৰ এখনো তাপ কৰে৷ ঈশ্বৰৰ ইচ্ছা বাধিতে নপাৰি৷’’ (অযোধ্যাকাণ্ড)

এইখন গ্ৰন্থ ৰঘুনাথ মহন্তৰ শেষ বয়সৰ ৰচনা৷ সাহিত্য আলোচকসকলে এইখনকে তেওঁৰ শ্ৰেষ্ঠ কৃতি ৰূপে আখ্যা দিয়ে৷ শংকৰদেৱ আৰু ৰঘুনাথ মহন্তৰ মাজত দুশ বছৰতকৈয়ো অধিক কালৰ ব্যৱধান৷ এই সময়ছোৱাত অসমীয়া গদ্যৰ যি ক্ৰমবিকাশ ঘটিছিল আৰু গদ্যই যি ৰূপ পৰিগ্ৰহ কৰিছিল সেয়া ৰঘুনাথ মহন্তৰ কথা-ৰামায়ণৰ গদ্যৰ মাজেদি প্ৰকাশ পাইছে৷ এই ফালৰ পৰা বিচাৰ কৰিলে অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ইতিহাসত ৰঘুনাথ মহন্তৰ কথা-ৰামায়ণৰ ঐতিহাসিক গুৰুত্ব কম নহয়৷

৪.৬.২মহাভাৰতীয় সাহিত্য

মহাকাব্য মহাভাৰতে অতীজৰে পৰা সাহিত্যিকসকলক তাৰ আধাৰত সাহিত্য ৰচনা কৰাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে৷ শংকৰোত্তৰ কালৰ অসমীয়া কবি-সাহিত্যিকসকলো মহাভাৰতৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হৈছিল৷ বিশেষকৈ,তদানীন্তন সময়ত ৰাজপৃষ্ঠপোষকতাত সৃষ্টি হোৱা সাহিত্যৰ বহুলাংশ মহাভাৰত আধাৰিত৷ এই প্ৰসঙ্গত কোচ ৰজাসকলৰ উদ্যোগ শলাগিবলগীয়া৷ ৰচনাৰ বিপুলতাৰ কথা বিচাৰ কৰি সাহিত্যৰ ইতিহাসকাৰসকলে অসমীয়া মহাভাৰতীয় সাহিত্যক–অনুবাদমূলক বা পদ, কাব্য, দাৰ্শনিক তত্ত্বমূলক —এই কেইটা শ্ৰেণীত ভাগ কৰি আলোচনা কৰিছে৷

  • অনুবাদমূলক বা পদঃপূৰ্ব দৰে শংকৰোত্তৰ কালতো মহাভাৰতৰ ভালেকেইটাও পৰ্ব অসমীয়া কবিয়ে অনুবাদ কৰিছে৷ সেই পৰ্ব কেইটা হৈছে ক্ৰমে— আদি পৰ্ব, সভাপৰ্ব, বনপৰ্ব, বিৰাট পৰ্ব, উদ্যোগপৰ্ব, ভীষ্মপৰ্ব, দ্ৰোণ পৰ্ব, কৰ্ণপৰ্ব, শল্যপৰ্ব, গদাপৰ্ব, ঐষিক পৰ্ব, স্ত্ৰীপৰ্ব, শান্তিপৰ্ব, অশ্বমেধপৰ্ব, আশ্ৰমিক পৰ্ব, মূষলপৰ্ব, মহাপ্ৰস্থানিক পৰ্ব আৰু স্বৰ্গাৰোহণ পৰ্ব৷ কোচ আৰু আহোম ৰজাৰ পৃষ্ঠপোষকতাত ভালে কেইগৰাকী কবিয়ে উল্লেখ কৰি অহা পৰ্বসমূহৰ পদানুবাদ কৰিছিল৷ কবীন্দ্ৰ পাত্ৰই দেশী ভাষালৈ মহাভাৰতৰ অষ্টাদশ পৰ্ব অনুবাদ কৰে৷ ঠিক সেইদৰে গোপীনাথ পাঠক, দামোদৰ দাস, দামোদৰ দ্বীজ, বিদ্যা পঞ্চানন, ৰামমিশ্ৰ, শ্ৰীনাথ দ্বিজ, কবিশেখৰ লক্ষ্মীনাথ দ্বিজ, পৃথুৰাম দ্বিজ, দ্বিজ বৈদনাথ, মহীনাথ, মাধৱচন্দ্ৰ, জয়দেৱ দ্বিজ, দ্বিজ লক্ষ্মীৰাম, দ্বিজ ৰঘুনাথ, দ্বিজ কবিৰাজ আদি অনুবাদকসকলে সপ্তদশ আৰু অষ্টাদশ শতিকাত বিভিন্ন ৰজাৰ পৃষ্ঠপোষকতাত এই অনুবাদসমূহ কৰিছিল৷এই অনূদিত কৃতিসমূহৰ মাজেদি ভগৱান বিষ্ণুৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ মাহাত্ম্য ভাস্বত হৈ উঠিছিল আৰু অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ জয় দেখুওৱা হৈছে৷ সৰহ সংখ্যক পদৰ মূলৰ সৈতে হুবহু মিল নাছিল৷ অনুবাদক কবিসকলে প্ৰয়োজনানুসাৰে কল্পিত কাহিনী সংযোগ কৰাৰ লগতে সততে লোকৰঞ্জনৰ দিশটোৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিছিল৷

কাব্যঃতদানীন্তন সময়ছোৱাত মহাভাৰতৰ আধাৰত কেইখনমান কাব্যও ৰচনা হৈছিল৷ সাগৰখৰি দৈৱজ্ঞই ‘কুৰ্মাৱলী-বধ’ ইয়াৰ ভিতৰত প্ৰণিধাণযোগ্য৷ ইয়াত ভীষ্মই ৰজা কুৰ্মাৱলীক বধ কৰি দুযোৰ্ধনৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰাটো উদ্ধাৰ কৰি অনাৰ কাহিনী বৰ্ণিত হৈছে৷ এই কাব্যখনত অহিংসা ধৰ্ম আৰু বৈষ্ণৱ মাৰ্গৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা হৈছে৷ শুভনাথ দ্বিজে মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা সমল গ্ৰহণ কৰি ‘ধৰ্ম সংবাদ’ ৰচনা কৰিছিল আৰু ইয়াত ধৰ্মই চণ্ডালৰ বেশত যুধিস্থিৰক অশ্বমেধ যজ্ঞ প্ৰসংগত ধৰ্ম সম্পৰ্কীয় প্ৰশ্ন কৰাৰ কথা বৰ্ণিত হৈছে৷ যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞত শিশুপালে শ্ৰীকৃষ্ণক তিৰস্কাৰ কৰাত শ্ৰীকৃষ্ণই তাৰ যি ব্যৱস্থা লৈছিল, সেই ঘটনাটোকে ঘৰুৱা, হাস্যোদ্দীপক আৰু গ্ৰাম্য ভাবত কবি শিষ্ট ভট্টাচাৰ্যই বৰ্ণনা কৰি‘শিশুপাল বধ’ নামেৰে সৰু কলেবৰৰ কাব্য ৰচনা কৰিছিল৷ৰাজেশ্বৰ সিংহৰ পুতেক চাৰুচন্দ্ৰ আৰু তেওঁৰ পত্নী প্ৰেমদাৰ উৎসাহ-অনুপ্ৰেৰণাত বিদ্যাচন্দ্ৰ কবিশেখৰে এই সময়ছোৱাতে, অৰ্থাৎ অষ্টাদশ শতিকাত ‘হৰিবংশ’ অনুবাদ কৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে হৰিবংশকে মহাভাৰতৰ ঊনবিংশ পৰ্ব বুলি বিবেচনা কৰা হয়৷ এই গ্ৰন্থখনত মূল হৰিবংশত নথকা ‘ৰাধা’ চৰিত্ৰটো অন্তভুৰ্ক্ত কৰা দেখা যায়৷মহাভাৰতৰ আদি পৰ্বৰ পৰা সমল গ্ৰহণ কৰি ৰাম নাৰায়ণ কবিৰাজ চক্ৰৱৰ্তীয়ে ‘শকুন্তলা কাব্য’ ৰচনা কৰে৷ শৃঙ্গাৰ ৰস প্ৰধান এই কাব্যখনত শকুন্তলা আৰু ৰজা দুষ্যন্তৰ মিলনৰ কাহিনী বৰ্ণিত হৈছে৷ তেওঁ পৃষ্ঠপোষকতা লাভ কৰিছিলআহোম ৰজা শিৱসিংহ আৰু তেওঁৰ পত্নী বৰৰজা ফুলেশ্বৰীৰ৷ অৱশ্যে এই কাব্যখনত কালিদাসৰ প্ৰভাৱ সুস্পষ্ট৷ঠিক সেইদৰে দ্বিজ ৰমানন্দইও শিৱসিংহ আৰু বৰৰজা প্ৰমথেশ্বৰী বা ফুলেশ্বৰীৰ অনুপ্ৰেৰণাত শৃঙ্গাৰ ৰস প্ৰধান ‘ঊষাগীত’ বা ‘বৃহদুষাহৰণ’ কাব্য ৰচনা কৰে৷

  • দাশিৰ্নক তত্ত্বমূলক ৰচনাঃএই সময়ছোৱাত মহাভাৰতৰ আধাৰত কেইবাখনো দাৰ্শনিক তত্ত্বমূলক ৰচনাও ৰচিত হৈছিল বুলি সাহিত্যৰ ইতিহাসকাৰসকলে উল্লেখ কৰি গৈছে৷ তাৰে ভিতৰত শ্ৰীৰামদেৱে ‘গীতা-ভাগৱত’ৰ আধাৰত‘ভক্তি-চন্দ্ৰ-মালা’ ৰচনা কৰে৷ মুঠ ৪৮টা পদৰ সন্নিৱিষ্টিৰে ৰচিত হোৱা এইখন এখন ভক্তিতত্ত্বমূলক পুথি৷ ঠিক সেইদৰে নাৰায়ণদাসে ‘অৰ্জুন-সংবাদ’ ৰচনা কৰিছিল৷ ইয়াত গীতা-ভাগৱতৰ সাৰ কৃষ্ণাৰ্জুন-সংবাদ ৰূপে ভক্তৰ লক্ষণ, গুৰুৰ মাহাত্ম্য, ৰূপৰ কুফল আদি বৰ্ণনা কৰা হৈছে৷

৪.৬.৩পুৰাণৰ অনুবাদ

পুৰাণৰ আভিধানিক অৰ্থ নীতি আৰু ধৰ্মমূলক পুৰণি উপাখ্যান থকা পুথি৷ সংস্কৃত সাহিত্যৰ বিশাল ক্ষেত্ৰত পুৰাণসমূহ বহুমূলীয়া মাণিক সদৃশ৷ পুৰাণসমূহক পুনৰ কেইবাটাও ভাগত ভাগ কৰা হয়– মহাপুৰাণ, উপপুৰাণ আৰু অন্যান্য পুৰাণ৷ মহাপুৰাণ আৰু উপপুৰাণৰ সংখ্যা ওঁঠৰখনকৈ৷ অন্যান্য পুৰাণৰ সংখ্যা অসংখ্য৷ ১৮খন মহাপুৰাণ হৈছে ক্ৰমে– ব্ৰহ্মপুৰাণ, বিষ্ণুপুৰাণ, শিৱ পুৰাণ, ভাগৱত পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, পদ্ম পুৰাণ, নাৰদ পুৰাণ, অগ্নি পুৰাণ, ভৱিষ্য পুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, লিঙ্গ পুৰাণ, বৰাহ পুৰাণ, স্কন্ধ পুৰাণ, বামন পুৰাণ, কুৰ্ম পুৰাণ, মৎস্য পুৰাণ, গৰুড় পুৰাণ আৰু ব্ৰহ্মাণ্ড পুৰাণ৷ ইয়াৰে ভাগৱত পুৰাণখনক পুৰাণ-সূৰ্য বুলিও কোৱা হয়৷ পুৰাণসমূহত বিভিন্নজন দেৱ-দেৱীৰ কথা আছে যদিও ঘাইকৈ তিনি গৰাকী দেৱতা ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ প্ৰাধান্য আছে৷ এই তিনি গৰাকী দেৱতাৰ প্ৰাধান্যৰ প্ৰতি লক্ষ্য ৰাখি অৱস্থিতি থকা ১৮খন মহাপুৰাণক ‘ৰাজস’, ‘সাত্ত্বিক’ আৰু ‘তামস’– এইদৰে ভাগ কৰি আলোচনা কৰা হয়৷ ৰাজস পুৰাণত ব্ৰহ্মাৰ প্ৰাধান্য স্বীকাৰ কৰা হয়৷ সাত্ত্বিক পুৰাণত বিষ্ণুৰ প্ৰাধান্য স্বীকাৰ কৰা হয় আৰু তামস পুৰাণত মহেশ্বৰ বা শিৱৰ প্ৰাধান্য স্বীকাৰ কৰা হয়৷

শংকৰোত্তৰ যুগৰ কবি-সাহিত্যিকসকলে তিনিও গৰাকী দেৱতাই প্ৰাধান্য লাভ কৰা পুৰাণৰ পৰাই সমল সংগ্ৰহ কৰি সাহিত্য সৃষ্টি কৰিছিল৷ ঘাইকৈ ব্ৰহ্মবৈৱৰ্ত পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, ভাগৱত পুৰাণ, পদ্ম পুৰাণ, নাৰদীয় পুৰাণ, স্কন্ধ পুৰাণ আৰু বিষ্ণু পুৰাণৰ বিষয়বস্তু গ্ৰহণ কৰি কবিসকলে তাৰ আধাৰত, কাব্য, নাট গীত, পদ আদি ৰচনা কৰিছিল৷ এই ক্ষেত্ৰত কোচ, কছাৰী আৰু আহোম ৰজাসকলে বিভিন্নজন কবিক অনুপ্ৰেৰণা যোগাইছিলে৷ এই সময়ছোৱাৰ অসমীয়া পুৰাণ সাহিত্যক এইদৰে শ্ৰেণী বিভাগ কৰি আলোচনা কৰিব পাৰি– অনুবাদমূলক, কাব্য, গীত ইত্যাদি৷ উল্লেখ্য যে পুৰাণৰ আধাৰত এই সময়ছোৱাত বিভিন্ন নাটকো ৰচিত হৈছিল৷

  • অনুবাদমূলকঃ বিভিন্ন পুৰাণৰ অংশ বাছি লৈ কবি-সাহিত্যিকসকলে সেই অংশসমূহৰ হুবহু অনুবাদ আৰু কোনো কোনো ক্ষেত্ৰত সেই অংশৰ আধাৰত পুথি ৰচনা কৰিছিল৷ বিশেষকৈ কোচ আৰু আহোম ৰজাসকলৰ ৰাজত্বত এইদৰে ভালে কেইখন পুৰাণৰ অনুবাদ কাৰ্য সমাধা হৈছিল৷কপালচন্দ্ৰ দ্বিজে নৰনাৰায়ণ ৰজাৰ অনুপ্ৰেৰণাত ভাগৱতৰ চতুৰ্থ স্কন্ধ অনুবাদ কৰিছিল, অনিৰুদ্ধ কায়স্থই পঞ্চম স্কন্ধ ভাগৱত, অনিৰুদ্ধদেৱে ভাগৱতৰ চতুৰ্থ আৰু পঞ্চম স্কন্ধ, গোপালচৰণ দ্বিজে ভাগৱতৰ তৃতীয়, সপ্তম আৰু অষ্টম স্কন্ধ, হৰিবংশৰ কিছু অংশ ভাঙণি কৰিছিল৷তেওঁ সৰস, মনোজ্ঞ ৰূপত তৃতীয় স্কন্ধৰ সংখ্যাদৰ্শন, সৃষ্টিতত্ত্ব, মৈত্ৰেয়-বিদুৰ সংবাদ, বিভিন্ন সৃষ্টি, বৰাহ-নৃসিংহ অৱতাৰৰ কথা, কৰ্দম- দেৱহুতিৰ সংবাদ আদি দাৰ্শনিক বিৱৰণসমূহ আগবঢ়াইছে৷কেশৱ কায়স্থই ভাগৱতৰ সপ্তম স্কন্ধ (প্ৰহ্লাদ চৰিত্ৰ) আৰু নৱম স্কন্ধ অনুবাদ কৰে৷ অষ্টাদশ শতিকাত আহোম ৰজা পৃষ্ঠপোষকতাত কবিৰাজ চক্ৰৱৰ্তীয়ে ‘ব্ৰহ্মবৈৱৰ্ত পুৰাণ’ৰ কৃষ্ণজন্মখণ্ড অনুবাদ কৰিছিল৷ দুৰ্গেশ্বৰ দ্বিজে ৰাজেশ্বৰ সিংহৰ দিনত ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ প্ৰকৃতিখণ্ড অনুবাদ কৰিছিল৷ ঠিক সেইদৰে ৰতিকান্ত দ্বিজ আৰু চাৰিগৰাকী দৰঙী ৰাজসভাৰ পণ্ডিতে ৰজা হৰিনাৰায়ণৰ আদেশত সমস্ত ব্ৰহ্মবৈৱৰ্ত পুৰাণখন অসমীয়ালৈ অনুবাদ কৰে৷ অষ্টাদশ শতিকাত অজ্ঞাত কবিয়ে পদ্মা-পুৰাণখনৰ অংশবিশেষ গদ্যত ৰচনা কৰাৰ লগতে কবিচন্দ্ৰ দ্বিজে সচিত্ৰ ‘ধৰ্ম-পুৰাণ’, ভৱনেশ্বৰ বাচস্পতিয়ে সম্পূৰ্ণ ‘বৃহন্নাৰদীয় পুৰাণ’, ৰামগোবিন্দই ‘ব্ৰহ্মাণ্ডপুৰাণ’ৰ অংশ বিশেষ তথা ‘বিষ্ণু পুৰাণ’ৰ অনুবাদ, পৰশুৰাম দ্বিজে সম্পূৰ্ণ ‘বিষ্ণু-পুৰাণ’, ঘনশ্যাম খাৰঘৰীয়া ফুকনে ‘কল্কি পুৰাণ’, দ্বিজ বৈদনাথে ‘শিৱ পুৰাণ’ৰ কিছু অংশ দেশী ভাষালৈ অনুবাদ কৰে৷ এই সময়ছোৱাতে মূল শিৱ-পুৰাণৰ প্ৰথম আঠটা শ্লোকৰ আধাৰত শিৱসিংহই ‘শিৱ পুৰাণ’ ৰচনা কৰে৷ কছাৰী ৰজা সুৰদৰ্পনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা কবি ভুৱনেশ্বৰ বাচস্পতিয়ে বৃহন্নাৰদীয় পুৰাণৰ ভক্তিতত্ত্বৰ আধাৰত ‘নাৰদীয়-কথামৃত’ৰ ৰচনা কৰে৷ৰাজ পৃষ্ঠপোষকতাত গঢ় লোৱা পুৰাণ সাহিত্যত আদি ৰসৰ প্ৰাধান্য মন কৰিবলগীয়া৷ এই ক্ষেত্ৰত লোক ৰঞ্জনৰ দিশটোৱে অধিক গুৰুত্ব লাভ কৰিছিল৷ তেওঁলোকে ৰচনাসমূহত নানা ঘৰুৱা চিত্ৰ, সৰস বৰ্ণনাৰে পুৰাণ বৰ্ণিত গহীন বিষয়বস্তুক সৰ্বসাধাৰণ লোকৰ মনোযোগ আকষৰ্ণ কৰিব পৰাকৈ সৰলভাৱে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা দেখা যায়৷
  • কাব্যঃ পুৰাণ আধাৰিত কাব্য ৰচনাৰ ক্ষেত্ৰত প্ৰাক্‌-শংকৰী আৰু শংকৰী যুগৰ কবি-সাহিত্যিকসকলে আগভাগ লৈছিল৷ শংকৰোত্তৰ যুগতো কবি-সাহিত্যিকসকলে বিভিন্ন পুৰাণক আধাৰ কৰি কাব্য ৰচনাত ব্ৰতী হৈছিল৷ বিষ্ণু ভাৰতীয়ে ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা সমল সংগ্ৰহ কৰি ‘ধ্ৰৱ চৰিত’ আৰু ‘ভাগৱত-ৰত্ন’ নামেৰে দুখন কাব্য ৰচনা কৰিছিল৷ ঠিক সেইদৰে কেশৱ কায়স্থই সপ্তদশ শতিকাৰ শেষাৰ্ধত ভাগৱতৰ অষ্টম স্কন্ধৰ আধাৰত ‘গ্ৰাহগজেন্দ্ৰৰ উপাখ্যান’ ৰচনা কৰিছিল৷ কবিৰাজ ৰাম নাৰায়ণ চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ প্ৰকৃতিখণ্ডৰ পৰা সমল আহৰণ কৰি ‘শংখচূড় বধ’ কাব্য ৰচনা কৰিছিল৷ ইয়াত শালগ্ৰাম শিলাৰ উৎপত্তি আৰু তুলসী গছ আৰু পাতৰ মাহাত্ম্য বৰ্ণিত হৈছে৷ কাব্যখনত ঠায়ে ঠায়ে মনোৰম আদি ৰসাত্মক বিৱৰণ পোৱা যায়৷ ঠিক সেইদৰে অজ্ঞাত লিখকৰ পদ্ম পুৰাণৰ অংশ বিশেষ আৰু দ্বিজ বিশ্বেশ্বৰে ‘শ্ৰীশ্ৰীসত্যনাৰায়ণ পাঁচালী’ ৰচনা কৰিছিল৷
  • গীতঃ শংকৰোত্তৰ যুগৰ কবি ৰামচৰণ ঠাকুৰ, দৈত্যাৰী ঠাকুৰ, গোপাল আতা, আঁহতগুৰীয়া শ্ৰীৰাম আতা আৰু ৰমানন্দ দ্বিজ, দিহিঙৰ বৰযদুমণি, তেওঁৰ পুত্ৰ সনাতনদেৱ, গুৰুনাতি চতুৰ্ভুজ ঠাকুৰ, পুৰুষোত্তম ঠাকুৰ, গোপাল আতাৰ দুহিতা পদ্মপ্ৰিয়া আদি কবিসকলৰ গীতসমূহত পুৰাণৰ প্ৰভাৱ লক্ষণীয়৷ গোপালদেৱ ভৱানীপুৰীয়া আতাৰ গীতসমূহত তেওঁৰ গুৰুগত প্ৰাণ আৰু কৃষ্ণ মহিমা দক্ষ ৰূপত প্ৰকাশিত হৈছে৷ তদুপৰি তেওঁৰ গীত ৰচনাত বিবিধ ছন্দ আৰু অলংকাৰ চিত্তাকৰ্ষক ৰূপত প্ৰকাশিত হৈছে৷ ঠিক সেইদৰে মায়ামৰীয়া পন্থৰ প্ৰৱৰ্তক, গোপাল আতাৰ অন্যতম প্ৰধান শিষ্য অনিৰুদ্ধদেৱে ন-কুৰি গীত ৰচনা কৰিছিল৷ ৰত্নাকৰ মিশ্ৰই স্কন্ধপুৰাণপৃৰ অন্তৰ্গত ব্ৰহ্মগীত ৰচনা কৰিছিল আৰু ‘গীতা-কীৰ্তন’ নামেৰে এখন পুথিও ৰচনা কৰিছিল৷ অষ্টাদশ শতিকাত কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰা ‘গীতগোবিন্দ’ এখন উল্লেখযোগ্য পুথি৷ এইখন জয়দেৱৰ গীতগোবিন্দৰ পদানুবাদ৷

৪.৬.৪ তান্ত্ৰিক আৰু শাক্ত সাহিত্য

আহোমৰ ৰাজত্বকালত বৈষ্ণৱ ধাৰাৰ সাহিত্য বৰ্তি আছিল যদিও সৰহ সংখ্যক আহোম ৰজাই শাক্ত ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ শাক্ত ধৰ্মক ৰাজধৰ্মৰ মান্যতা প্ৰদান কৰিছিল৷ দেৱী মাহাত্ম্য বিষয়ক গীত-পদ ৰচিত হ’বলৈ ধৰাত শাক্ত সাহিত্যৰ প্ৰসাৰৰ পথ সুগম হয়৷ তৎসত্ত্বেও শাক্ত সাহিত্যই সংখ্যাৰ ফালৰ পৰা আগৰ পৰা চলি থকা বৈষ্ণৱ ধাৰাৰ সাহিত্যিক অতিক্ৰম কৰিব পৰা নাছিল৷ এই প্ৰসঙ্গত আলোচক সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত লিখিছে– ‘‘অসম কামাখ্যা দেৱীৰ দেশ, তন্ত্ৰ-মন্ত্ৰৰ কাৰণে অসম প্ৰাচীন কালৰ পৰাই প্ৰসিদ্ধ৷ তথাপি প্ৰবল বৈষ্ণৱ আন্দোলনে আৰু শ শ বৈষ্ণৱ সত্ৰৰ প্ৰতিষ্ঠাই শাক্ত ধৰ্মৰ প্ৰভাৱ বহু পৰিমাণে হ্ৰাস কৰিবলৈ সমৰ্থ হয়৷ ৰজাঘৰীয়া পোষকতা নোপোৱাহেঁতেন হয়তো শাক্ত ধৰ্ম অসমত মৃতকল্প হ’লহেঁতেন৷ ’’

শিৱ সিংহ আৰু বৰৰাজা ফুলেশ্বৰী (প্ৰমথেশ্বৰী)ৰ পৃষ্ঠপোষকতাত শংকৰাচাৰ্যৰ প্ৰসিদ্ধ ‘সৌন্দৰ্যলহৰী’ স্তোত্ৰৰ আদৰ্শত অনন্ত আচাৰ্যই ‘আনন্দ লহৰী’ নামেৰে পুথি এখন ৰচনা কৰিছিল৷ সত্যেন্দ্ৰনাথ শৰ্মাই কৈ গৈছে যে ‘‘এই পুথিত দেৱী মাহাত্ম্য, স্তুতি-প্ৰাৰ্থনা, ষট-চক্ৰৰ বিৱৰণ, কুণ্ডলিনী শক্তিৰ জাগৰণ, ৰংপুৰ নগৰৰ বহল বৰ্ণনা আৰু শিৱ সিংহ প্ৰমথেশ্বৰীৰ প্ৰশস্তি পোৱা যায়৷’’ তদানীন্তন সময়তে ৰুচিনাথ কন্দলিয়ে ‘মাৰ্কণ্ডেয় চণ্ডী’ আৰু ‘কল্কী পুৰাণ’ৰ পদ ৰচনা কৰিছিল৷ ৰুচিনাথৰ মাৰ্কণ্ডেয় চণ্ডীৰ মূল আধাৰ হ’ল মাৰ্কণ্ডেয় পুৰাণ, কিন্তু মাৰ্কণ্ডেয় পুৰাণত নথকা চণ্ডী বৃত্তান্তখিনি কালিকা পুৰাণ, বামন পুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ পৰা সংগ্ৰহ কৰি সম্পূৰ্ণ কৰি দিছে৷ এই সময়ছোৱাতে ৰঙ্গনাথ চক্ৰৱৰ্তী আৰু মধুসূদন মিত্ৰইও মাৰ্কণ্ডেয় চণ্ডীৰ পৃথকে অনুবাদ কৰিছিল৷ ৰামচন্দ্ৰ বৰপাত্ৰই সপ্তদশ শতিকাৰ শেষ ভাগত‘যোগিনীতন্ত্ৰ’ ৰচনা কৰে৷এই ‘‘পুথিখনত হাজোৰ হয়গ্ৰীৱৰ মন্দিৰৰ উৎপত্তি আৰু বিগ্ৰহৰ পৌৰাণিক আখ্যান বৰ্ণনা কৰিছে আৰু সেই প্ৰসঙ্গত মাধৱ মন্দিৰৰ পূজা-অৰ্চনা, মাহাত্ম্য, দৰ্শন-পূজনৰ ফল আদিও বহলাই ব্যাখ্যা কৰিছে৷’’ সত্যেন্দ্ৰনাথ শৰ্মাই এইখনক সংস্কৃত ‘যোগিনীতন্ত্ৰ’ৰ সম্পূৰ্ণ আৰু যথাৰ্থ অনুবাদ নহয় যেন লাগে বুলি কৈছে৷ এই সময়ছোৱাত ৰচিত অন্যান্য শাক্ত আৰু তন্ত্ৰ পুথিৰ ভিতৰত অজ্ঞাত কবিৰ ‘কালিকা পুৰাণ’, ‘গুপ্তমণি’, ‘গুপ্তসাৰ’ আদিৰ নাম ল’ব পাৰি৷ ইয়াৰ পৰাই অনুধাৱন কৰিব পাৰি যে তদানীনন্তন সময়ছোৱাতো শাক্ত-সাহিত্যৰ ধাৰা এটি চলি আছিল৷

৪.৬.৫চুফী সাহিত্য

শংকৰোত্তৰ যুগত চুফীবাদৰো প্ৰভাৱপুষ্ট কিছুসংখ্যক সাহিত্য সৃষ্টি হৈছিল৷ সাহিত্যৰ বুৰঞ্জী প্ৰণেতা পণ্ডিত সত্যেন্দ্ৰনাথ শৰ্মাই উল্লেখ কৰি গৈছে যে জিকিৰ আৰু জাৰী গীতবোৰৰ উপৰি শংকৰোত্তৰ যুগৰ সাহিত্যৰ এনে কেইখনমান পুথিৰ সম্ভেদ পোৱা গৈছে যি কেইখনৰ মূল উৎস ষোড়শ শতিকাৰ চুফী কবি কুতবনৰ ‘মৃগাৱতী’ আৰু সেই শতিকাৰ কবি মঞ্চনৰ ‘মধুমালতী’৷ এই কেইখন হিন্দী ভাষাত ৰচিত চুফী কাব্যৰ আধাৰত ৰাম দ্বিজে ‘মৃগাৱতী চৰিত’ ৰচনা কৰিছিল৷ সেইদৰে পশুপতি দ্বিজে ‘চন্দ্ৰাৱলী’ আৰু কোনো এগৰাকী অজ্ঞাত লেখকে ‘মধুমালতী’ ৰচনা কৰিছিল৷ এই কেইখন কাব্যৰ আৰ্হিত ৰচিত হোৱা অসমীয়া কাব্য কেইখনৰ আলোচনাৰ প্ৰসঙ্গত আলোচক সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত কৈছে– ‘‘এই দুখন কাব্য বৈষ্ণব কাব্যৰ আৰ্হিত ৰচনা কৰিছে যদিও মানৱ প্ৰেমৰেই অভিব্যক্তি দেখুৱাইছে; মূল চুফীবাদৰ প্ৰেম-সাধনাক ৰূপকৰ ছলেৰে প্ৰকাশ কৰা নাই৷ কাব্য দুখনত চুফীকাব্যৰ আদৰ্শও ব্যক্ত হোৱা নাই, বৈষ্ণৱ কাব্যৰ হৰিভক্তিৰ আদৰ্শয়ো প্ৰাধান্য লাভ কৰা নাই৷ যদিও বৈষ্ণৱ কাব্যৰ আৰ্হিত অধ্যায়ৰ শেষত ৰামনাম বা হৰিনাম ল’বলৈ গতানুগতিক ৰীতিত কোৱা হৈছে৷ কাব্য কেইখনৰ ৰূপায়ণ বা উপস্থাপন ৰীতিত ভক্তিয়ে বিশেষ দৃষ্টি আকৰ্ষণ নকৰে; বৰং কাহিনীৰ চমৎকাৰিত্ব বা অদ্ভুতত্ত্বইহে পাঠকৰ মনত বিস্ময়কৰ ভাব সৃষ্টি কৰে৷ কাহিনীৰ বিকাশত ঠায়ে ঠায়ে আৰবীয় উপন্যাসৰ কৌশল অৱলম্বন কৰাও দেখা যায়৷ এই কৌশল অৱশ্যে অসমীয়া কবিয়ে সৃষ্টি কৰা নাই, মূল কাহিনীতে ই নিহিত আছে৷ কাব্যকেইখনত কাহিনীয়ে প্ৰাধান্য লভিছে, ভক্তিবাদ বা ধৰ্ম প্ৰাসঙ্গিক ৰূপেহে উপস্থাপিত হৈছে৷’’

৪.৬.৬বংশাৱলী আৰু অন্যান্য সাহিত্য

শংকৰোত্তৰ কালছোৱাত কোচ নৃপতিসকলৰ অনুপ্ৰেৰণাত তেওঁলোকৰ ৰাজ্যৰ উৎপত্তি আৰু বিকাশৰ বিৱৰণ সম্বলিত কিছু পুথিও ৰচিত হৈছিল৷ এই ঐতিহাসিক পুথিসমূহক ‘ৰাজবংশাৱলী’ বা ‘বংশাৱলী’ নামেৰে অভিহিত কৰা হয়৷ তাৰে ভিতৰত উল্লেখযোগ্য হ’ল সূৰ্যখড়ি দৈৱজ্ঞৰ ‘দৰংৰাজবংশাৱলী’ (১৭৯১), ৰতিকান্ত দ্বিজৰ ‘খড়্গনাৰায়ণৰ বংশাৱলী’ (১৮০২) আৰু সূৰ্যদেৱ সিদ্ধান্ত-বাগীশৰ ‘গন্ধৰ্বনাৰায়ণৰ বংশাৱলী’ (১৮৪০)৷ এই বংশাৱলী কেইখনত কোচৰাজ্যৰ ইতিহাসৰ লগতে বিজনী, দৰং, বেলতলা, কোচবেহাৰ, ৰাণী আদি শাখা ৰাজ্যৰ কথাও বৰ্ণিত হৈছে৷ এই বংশাৱলী কেইখনৰ ৰচনাৰীতি কাব্যধৰ্মী হোৱা বাবে কাব্যসুলভ কল্পনাই ভুমুকি মৰাৰ লগতে ৰজাঘৰীয়া গুণানুকীৰ্তনে ঠাই পাইছে৷ এয়াই হ’ল বুৰঞ্জী আৰু বংশাৱলী কেইখনৰ ৰচনাৰীতিৰ মূল পাৰ্থক্য৷

          তদানীন্তন সময়ত ৰাজবংশাৱলীৰ দৰে কিছুসংখ্যক সত্ৰৰো বংশাৱলী ৰচিত হৈছিল৷ তাৰে ভিতৰত মায়ামৰীয়া সত্ৰৰ বংশাৱলী, দিহিং সত্ৰৰ বংশাৱলী উল্লেখযোগ্য৷ এই সত্ৰ-বংশাৱলীসমূহত মধ্যযুগীয় শেহান্তৰৰ অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় দিশৰ কথাও লিপিবদ্ধ হৈছে৷

          শংকৰোত্তৰ কালত পৰশুৰামৰ ‘কথা ঘোষা’, পদ্ম পুৰাণৰ অংশ বিশেষৰ কথানুবাদ, সাত্ত্বততন্ত্ৰৰ অনুবাদৰ দৰে ধৰ্ম বিষয়ক গদ্যধৰ্মী পুথিৰো ৰচনা হৈছিল৷ ঠিক সেইদৰে কৃষ্ণানন্দ দ্বিজৰ ‘পূৰ্ণ ভাগৱত’, বালকান্তৰ ‘বৈষ্ণৱী গীতা’, বিষ্ণু দাসৰ ‘নাৰদ চৰিত’, নৰোত্তম ঠাকুৰৰ ‘ভক্তি প্ৰেমাৱলী’ আদিৰ দৰে ভক্তি-তত্ত্ব সম্পৰ্কীয় পুথি ৰচিত হৈছিল৷ কামদেৱ বিপ্ৰৰ ‘অশোক চৰিত’, জগন্নাথ দ্বিজৰ ‘লক্ষ্মী চৰিত’, আজ্ঞাত কবিৰ ‘খোৱা-খোবীৰ আখ্যান’, ৰামানন্দ দ্বিজৰ ‘মহামোহ কাব্য’ও ওই সময়ছোৱাত ৰচিত বুলি সাহিত্যৰ ইতিহাসকাৰ সকলে অনুমান কৰে৷

৪.৬.৭ পুৰণি সাহিত্যৰ অৱসান

          মানৰ আক্ৰমণে দেশ জুৰুলা কৰাৰ পাচত ১৮২৬ খ্ৰীষ্টাব্দত ‘ইয়াণ্ডাবু সন্ধি’ মৰ্মে অসম দেশ ইংৰাজৰ হাতলৈ যায়৷ মানৰ আক্ৰমণৰ বাবেই প্ৰায় ১৮০০ খ্ৰীষ্টাব্দ মানৰ পৰা উল্লেখযোগ্য অসমীয়া সাহিত্যৰ সৃষ্টি হোৱা নাছিল৷ অৱেশ্য তাৰ মাজতে কেইখনমান যে পুথি ৰচনা হোৱা নাছিল তেনে নহয়৷ পৰৱৰ্তী অধ্যায়টোত সেই বিষয়ে বহলাই আলোচনা কৰা যাব৷ দেশ ইংৰাজৰ হাতলৈ যোৱাৰ পাছতেই বিভিন্ন কাৰকৰ বাবে পুৰণি অসমীয়া সাহিত্যই ক্ৰমান্বয়ে নিজৰ স্থিতি হেৰুৱাই পেলালে আৰু পৰৱৰ্তী সময়ত আধুনিক অসমীয়া সাহিত্যৰ উন্মেষ ঘটিল৷ তথাপিতো আমি ক’ব পাৰো যে, শংকৰোত্তৰ কালৰ গ্ৰন্থসমূহৰ অন্তৰংগ বিষয়সমূহত ফুটি উঠা বৈশিষ্ট্যৰ মাজেদি সমসাময়িক অসমীয়া সাহিত্যৰ গতি-প্ৰকৃতিৰ পূৰ্ণাংগ চিত্ৰ প্ৰত্যক্ষ কৰিব পাৰি৷ এই দৃষ্টিভংগীৰ ফালৰ পৰা বিচাৰ কৰিলে অসমীয়া সাহিত্যৰ ক্ৰমবিকাশৰ বুৰঞ্জীত গৌৰৱময় ‘শংকৰী যুগ’ আৰু ‘অৰুণোদয় যুগ’ৰ মাজত অৱস্থান কৰা ‘শংকৰোত্তৰ যুগ’ৰ ঐতিহাসিক গুৰুত্ব কম নহয়৷

*** ***** ***


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক